Home Blog Page 73

Afghanistan Earthquake: আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধিঃ দেখা দিছে সাহায্যৰ সংকটে

Afghanistan Earthquake
Afghanistan Earthquake

আফগানিস্তানত ভূমিকম্পত (Afghanistan Earthquake) নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধি পাইছে। দেশ খনত ভূমিকম্পত ভাঙি পৰা ঘৰৰ ধ্বংসাৱশেষৰ পৰা বৃহস্পতিবাৰে উদ্ধাৰকাৰীয়ে মৃতদেহ টানি উলিয়ায়। মৃত্যু হোৱা লোকৰ সংখ্যা ২২০০ৰ ওপৰত উপনীত হোৱাৰ বিপৰীতে গৃহহীন লোকসকলে সাহায্যৰ বাবে হাহাকাৰ কৰিছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত পাহাৰীয়া পূব অঞ্চলত অনুসন্ধান অব্যাহত আছে বুলি তালিবান প্ৰশাসনে জনাইছে।

তালিবানে নতুনকৈ ২২০৫ জন লোকৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰিছে আৰু কমেও ৩৬৪০ জন লোক আহত হৈছে।আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কুনাৰ প্ৰদেশৰ ঘৰবোৰ মাটিৰ সৈতি মিলি গৈছে।শেহতীয়া বছৰবোৰত আফগানিস্তানৰ অন্যতম মাৰাত্মক ভূমিকম্পৰ ভিতৰত ৬ ৰিখটাৰ স্কেলৰ প্ৰথমটো ভূমিকম্পই দেওবাৰে কুনাৰ আৰু নাংগাৰহৰ প্ৰদেশত ব্যাপক ক্ষতিসাধন আৰু ধ্বংসলীলাৰ সৃষ্টি কৰে, য’ত ১০ কিলোমিটাৰ (৬ মাইল) অগভীৰ গভীৰতাত সংঘটিত হয়।

মঙলবাৰে ৫.৫ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পই আতংকৰ সৃষ্টি কৰে আৰু উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰে কাৰণ ইয়াৰ ফলত পাহাৰৰ পৰা শিল ছিটিকি পৰাৰ লগতে দুৰ্গম অঞ্চলৰ গাঁৱলৈ যোৱা পথো বিচ্ছিন্ন হৈ পৰে।

National Teacher Awards 2025: ২০২৫ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৯ গৰাকী শিক্ষক নিৰ্বাচিতঃ অসমৰ ডিব্ৰুগড়ৰ দেৱজিৎ ঘোষ নিৰ্বাচিত

National Teacher Awards 2025
National Teacher Awards 2025

এইবাৰ শিক্ষক দিৱসৰ দিনা সমগ্ৰ (National Teacher Awards 2025) দেশৰ মুঠ ৬৬ গৰাকী শিক্ষক, বিশেষকৈ ৪৫ গৰাকী বিদ্যালয়ৰ শিক্ষক আৰু ২১ গৰাকী উচ্চ শিক্ষাৰে জড়িত শিক্ষকক শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২৫ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হ’ব। ইয়াৰে দুগৰাকী উচ্চ শিক্ষা বিভাগৰ, আনহাতে বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ ৭ গৰাকী আৰু অসমৰ শ্ৰীযুত দেৱজিৎ ঘোষকে ধৰি উত্তৰ-পূব অঞ্চলক মুঠ নগৰাকী শিক্ষকে প্ৰতিনিধিত্ব কৰিব।অসম–অৰুণাচল সীমান্তৰ সুদূৰ নামছাং চাহ বাগিচাৰ পৰা শ্ৰী ঘোষে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। তেওঁ নামছাং টি ই মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক ইতিবাচক ৰূপত ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে । ২০২৩ চনৰ জুন মাহত ভিএছএছই এছএচি আৰু ইছৰোৰ সহযোগত এক উদ্ভাৱনীমূলক বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰি তেওঁ মানুহৰ মনত কৌতুহলৰ সৃষ্টি কৰিছিল আৰু এনেদৰে তেওঁ বিদ্যালয়ত অনুপস্থিতিৰ হাৰ হ্ৰাস কৰিছিল।

তেওঁ প্ৰমাণ কৰিছিল যে শিক্ষণৰ প্ৰতি থকা প্ৰেম অতি প্ৰত্যাহ্বানজনক পৰিৱেশতো জগাই তুলিব পাৰি । এনেদৰে লক্ষ্য নিৰ্ধাৰিত পথেৰে কাম কৰি তেওঁ পিএম-পোষণ কাৰ্যসূচীত সেউজীয়া শাক-পাচলি আৰু পৰিপূৰক প্ৰৱৰ্তন কৰিছিল, যিয়ে ১৬৫টা শিশুৰ হিম’গ্লবিনৰ মাত্ৰা সফলতাৰে উন্নত কৰাত সহায় কৰিছিল। চাহ বাগিচাৰ সমাজত, য’ত পুষ্টিহীনতাই শিশুক প্ৰায়ে স্কুলৰ পৰা বাহিৰ হৈ যাবলৈ বাধ্য কৰে, তাত সেয়া আছিল জীৱন সলনি কৰা পদক্ষেপ। তেওঁৰ এনে পদক্ষেপে শিক্ষাৰ ধাৰাবাহিকতা নিশ্চিত কৰিছিল।তেওঁৰ নেতৃত্বতে বিদ্যালয় খনৰ এইচ এছ এল চিৰ ফলাফল ৭৮%ৰ পৰা ৯০%লৈ উন্নত হৈছিল। তদুপৰি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া আত্মবিশ্বাসেৰে ক্ৰীড়া তথা সাংস্কৃতিক প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰি আহিব পাৰিছে। শৈক্ষিক উৎকৰ্ষতা, শাৰীৰিক সুস্থতা আৰু আৱেগিক সুস্থতাৰ বিষয়ত তেওঁৰ মনোনিৱেশে বিদ্যালয়খনক সামগ্ৰিক বিকাশৰ বাবে এক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।ৰাষ্ট্ৰীয় সন্মান লাভ কৰি ঘোষ ডাঙৰীয়াই ৰাষ্ট্ৰীয় উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে।

তেওঁ কয়- ‘অসম–অৰুণাচল সীমান্তৰ নামছাং চাহ বাগিচাৰ এখন বিদ্যালয়ৰ পৰা আৰম্ভ কৰি এই জাতীয় মঞ্চলৈকে যাব পৰাটো সঁচাকৈয়ে ই এক সৌভাগ্যৰ কথা।’ তেওঁ আৰ্হি বিদ্যালয়সমূহত শাৰীৰিক প্ৰশিক্ষকৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়তো আলোকপাত কৰে, ক্ৰীড়া আৰু শাৰীৰিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহৰ কথা উল্লেখ কৰে। এখন দূৰৈৰ চাহ বাগিচাৰ বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ দেৱজিত ঘোষৰ যাত্ৰা নিষ্ঠা তথা দূৰদৰ্শী শক্তিৰেই প্ৰমাণ হিচাবে বিবেচিত হৈছে। শ্ৰী ঘোষৰ উপৰি উত্তৰ-পূব ভাৰতৰ তলত উল্লেখ কৰা শিক্ষকসকলেও এইবাৰ বঁটা লাভ কৰিছে- শ্ৰীমতী নাং একথানি মৌংলাং, চৰকাৰী ছেকেণ্ডাৰী স্কুল পাচিন, পাপুম পাৰে, অৰুণাচল প্ৰদেশ, শ্ৰীমতী পেলেনো পেটেনিলহু, জন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় , বিশ্বেমা, কোহিমা, নাগালেণ্ড,শ্ৰীমতী কইজাম মাচাছানা, ঘাৰী উচ্চ প্ৰাথমিক বিদ্যালয়, ইম্ফল পশ্চিম, মণিপুৰ. শ্ৰী কৰ্ম টেম্পো এথেনপা, পি এম শ্ৰী মংগন এছ এছ এছ, মংগন, ছিকিম, হেইপৰ ইউনি বাং, কে.বি মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুল ৱাপুং, পূব জয়ন্তীয়া হিলছ, মেঘালয়,শ্ৰীমতী বিদিশা মজুমদাৰ, হৰিয়ানন্দ ইংৰাজী মাধ্যম উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোমাটি, ত্ৰিপুৰা,প্ৰশান্ত কুমাৰ সাহা, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, পাপুম পাৰে, অৰুণাচল প্ৰদেশ,জোৰামদিনথাৰা, মিজোৰাম বিশ্ববিদ্যালয়, মিজোৰ

Koliyabor News: কলিয়াবৰ প্ৰেছ ক্লাবৰ কলিয়াবৰীয়া ভূপেনদাক স্মৰণ অনুষ্ঠান

কলিয়াবৰ প্ৰেছ ক্লাবৰ কলিয়াবৰীয়া ভূপেনদাক স্মৰণ অনুষ্ঠানত
কলিয়াবৰ প্ৰেছ ক্লাবৰ কলিয়াবৰীয়া ভূপেনদাক স্মৰণ অনুষ্ঠানত

“সীমাৰ লুইত আৰু (Koliyabor News) ডিফলু আপোন, আপোন মৰমী কুঠৰী…” গীতাংশৰে কলিয়াবৰৰ আপোন কুঠৰীৰৰ কথা গাই গৈছে। আকৌ ভূপেনদাই কলিয়াবৰৰে থকা আন্তৰিক সম্বন্ধৰ কথা কৈ গৈছে এনেদৰে – “১৯২৮ চনীয়া ফ’ৰ্ড গাড়ীত উঠি ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি কলিয়াবৰত জলপান খাই উজনিলৈ যাওঁ।”


এইবাৰ ভাৰতৰত্ন, সঙ্গীতসূৰ্য ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ সমগ্ৰ অসমে আয়োজন কৰিব। কলিয়াবৰ প্ৰেছ ক্লাবে এইজন মহান ব্যক্তিৰ জন্মশতবৰ্ষৰ প্ৰাকক্ষণত ভূপেনদাক স্মৰণ কৰাৰ দিহা কৰিছে। কলিয়াবৰে সম্বন্ধ দৃঢ় কৰা সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত কুসুম বৰাই ৰচনা কৰা ভূপেনদাৰ কণ্ঠৰ সেই বিখ্যাত “এইখন কলিয়াবৰ” গীতটি গাই ভূপেনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

“এইখন কলিয়াবৰ” গীতটিৰ আখৰা মূল গীতটিৰ সুৰকাৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ যোগেন বৰদলৈৰ তত্বাৱধানত কলিয়াবৰ প্ৰেছ ক্লাবত কলিয়াবৰৰ জ্যেষ্ঠ-কনিষ্ঠ গায়ক-গায়িকাই আখৰা কৰি আছে। প্ৰায় শতাধিক গায়ক-গায়িকাই পৰিৱেশন কৰিবলগীয়া ‘এইখন কলিয়াবৰ’ শীৰ্ষক গীতটিৰ লগতে কলিয়াবৰ আৰু কলিয়াবৰীয়া ব্যক্তিৰ সংস্পৰ্শৰে সংপৃক্ত দুটি মান গীতো স্থানীয় গায়ক-গায়িকাই পৰিৱেশন কৰিব।

ত্ৰিবেণী কানন, কলিয়াবৰ প্ৰেছ ক্লাবৰ বাকৰি, হস্পিতালত চাৰিআলি, জখলাবন্ধাত অহি ৭ চেপ্তেম্বৰ, দেওবাৰে বিয়লি ৫.০০ বজাৰ পৰা কলিয়াবৰীয়া ভূপেনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। সঙ্গীতসূৰ্যৰ গুণমুগ্ধ আৰু কলিয়াবৰবাসীৰ সহযোগিতা আশা কৰিছে কলিয়াবৰ প্ৰেছ ক্লাবে।

Teacher’s Day: নলবাৰীৰ বৰক্ষেত্ৰীৰ জয়সাগৰৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰী ঘৰলৈ শিক্ষাৰ্থীৰ সোঁত

শিক্ষাৰ্থীৰ বিশেষ সম্বৰ্ধনা পিংকু মণি ৰায় চৌধুৰী নামৰ আদৰ্শ শিক্ষকগৰাকীক
শিক্ষাৰ্থীৰ বিশেষ সম্বৰ্ধনা পিংকু মণি ৰায় চৌধুৰী নামৰ আদৰ্শ শিক্ষকগৰাকীক

আজি শিক্ষক দিৱস। (Teacher’s Day)শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতেই স্থানীয় জয়সাগৰস্থিত শঙ্কৰ মাধৱ হাইস্কুলৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰীক অঞ্চলটোৰ জয়সাগৰ, কেকানকুছি, কুটনিকুছি চাউলখোৱা, আহটা, বাকৰিকুছি নাৰুৱা আদি অঞ্চলৰ শিক্ষাৰ্থীসকলে শিক্ষকগৰাকীৰ নিজ গৃহলৈ আহি শিক্ষকগৰাকীৰ চৰণ চুই আশীৰ্বাদ লোৱাৰ লগতে শিক্ষকগৰাকীক গামোচা, কলম, ফুল আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।


উল্লেখ্য যে আজিৰ পৰা প্ৰায় ১৬ বছৰ পূৰ্বে জয়সাগৰস্থিত শঙ্কৰ মাধৱ হাইস্কুলৰ শিক্ষক হিছাপে নিযুক্তি লাভ কৰাৰ পিছৰে পৰাই নিষ্ঠাৰে সেৱা আগবঢ়াই অহাৰ ওপৰিও শিক্ষকগৰাকীয়ে অঞ্চলটোৰ দুখীয়া শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ শিক্ষাদান কৰি আহিছে। অঞ্চলটোত ইংৰাজীৰ শিক্ষকৰূপে শিক্ষাৰ্থীৰ মাজত জনপ্ৰিয় শিক্ষকজন অঞ্চলটোৰ সৰ্বজন সমাদৃত ব্যক্তি হিচাপে পৰিচিত হৈ আহিছে।


১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো অৰ্থাৎ আজিৰ দিনটো বিশেষভাৱে পালন কৰাৰ অৰ্থে ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকলে প্ৰস্তাৱ আগবঢ়ায়। কিন্তু তেওঁ কয় যে তেওঁৰ জন্মদিনটো পৃথকে পৃথকে পালন কৰাৰ পৰিৱৰ্তে শিক্ষকসকলৰ অৱদানৰ সন্মানত পালন কৰিব লাগে। তেতিয়াৰ পৰাই ৫ ছেপ্টেম্বৰৰ আজিৰ দিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে।


উল্লেখ্য যে বিশ্ববৰেণ্য মহান ব্যক্তিত্বৰ অধিকাৰী ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন এগৰাকী ভাৰতীয় শিক্ষাবিদ, দাৰ্শনিক আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছি

Teacher’s Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক…

Teacher's Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক
Teacher's Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক

শিক্ষক দিৱসৰ এই পৱিত্ৰ (Teacher’s Day)দিনটোত আমি আপোনালোকক লৈ যাম এজন এনে শিক্ষকৰ কাহিনীৰ ওচৰলৈ, যি শিক্ষকতাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে। তেওঁ হৈছে বিজ্ঞানৰ শিক্ষক তথা পৰিৱেশৰ একনিষ্ঠ সৈনিক – মানস প্ৰতিম দত্ত। আজি আমি তেওঁৰ জীৱন, কৰ্ম, আৰু পৰিৱেশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা তুলি ধৰিম। তেনে চাওঁ আহক এই বিশেষ সংবাদ!

শিক্ষক দিৱসৰ দিনটোত আমি স্মৰণ কৰোঁ এনে শিক্ষকসকলক, যিসকলে জ্ঞানৰ পোহৰৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধতাৰ পথ দেখুৱাই। শিশুসকলৰ মাজত প্ৰকৃতি ছাৰ হিচাপে পৰিচিত মানস প্ৰতিম দত্ত এজন এনে শিক্ষক, যাৰ নাম শুনিলেই আমাৰ মনলৈ আহে এজন নিভাঁজ শিক্ষকৰ ছবি – যি শিক্ষাৰ্থীৰ মনত বিজ্ঞানৰ প্ৰতি কৌতূহল জগোৱাৰ লগতে পৰিৱেশৰ প্ৰতি সচেতনতাৰ বীজ সিঁচিছে।

তেওঁৰ কৰ্মৰ মূল লক্ষ্য হৈছে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পৰা। তেওঁৰ ৰচিত গ্ৰন্থসমূহে পৰিৱেশৰ সৌন্দৰ্যৰ লগতে ইয়াৰ সংকটৰ কথাও সহজ ভাষাত তুলি ধৰিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে:

  • সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি
  • কোলাহল আৰু নীৰৱতাৰ সিপাৰে
  • সেউজীয়া দিনৰ নৈসৰ্গিক খোজ
  • চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু
  • মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা

এই গ্ৰন্থসমূহে পাঠকৰ মনত পৰিৱেশৰ প্ৰতি গভীৰ চিন্তাৰ সৃষ্টি কৰিছে আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰিছে।

কবি হিচাপেও মানস প্ৰতিম দত্তৰ আছে সুকীয়া পৰিচয়। নিবিড় অনুৰাগ মানস নামেৰে কাব্যচৰ্চা কৰে মানসৰ কবিতা প্ৰান্তিক, সাদিন, জনমভূমি, দৈনিক অসমকে আদি কৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে।

  • মানস প্ৰতিম দত্তই কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নাথাকি, হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। তেওঁ ধ্ৰুৱজ্যোতি চেতিয়া, ৰণ্টু চেতিয়া আৰু বিমান সন্দিকৈৰ সৈতে মিলি পৰিৱেশ সংৰক্ষণ গোট পিয়’ৰ এনভাইৰণমেণ্ট ফ’ৰ ৱাইল্ডলাইফ’ (PuNFoWild) প্ৰতিষ্ঠা কৰিছে। এই সংগঠনৰ জৰিয়তে তেওঁলোকে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰি পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে।

WeNaturalistৰ কেম্পাছ চেম্পিয়ন হিচাপে সেৱা আগবঢ়োৱা মানসে অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও পালন কৰিছিল।
ইয়াৰ উপৰিও, তেওঁ পৰিৱেশৰ প্ৰতি সজাগতা জগাবলৈ পাৰিপাৰ্শ্বিক কবিতা ৰচনা কৰিছে, যিবোৰে পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়।
পৰিৱেশ বিষয়ক বিভিন্ন কাৰ্যসূচীসমূহৰ জৰিয়তে মানস প্ৰতিম দত্তই যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ পাঠ শিকাইছে, যি গুৰু পূৰ্ণিমাৰ দিনটোত আমাৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ।

মানস প্ৰতিম দত্তৰ কৰ্ম কেৱল পৰিৱেশৰ কাৰ্যসূচীতেই সীমাবদ্ধ নহয়। তেওঁ শিক্ষাৰ্থীৰ বাবে পৰিৱেশ আৰু বিজ্ঞান বিষয়ক গ্ৰন্থৰ অনুবাদ কৰি শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ অনুবাদিত গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য হৈছে কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে। কেওখন গ্ৰন্থ নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা প্ৰকাশিত।

ইয়াৰ উপৰিও, তেওঁ বিদ্যাঃ দ্য লিভিং স্কুলৰ বাবে “সুখী জীৱনৰ বাবে পৰিৱেশ শিক্ষা” বিষয়ক এক বিশেষ পাঠ্যসূচী প্ৰস্তুত কৰিছে। এই পাঠ্যসূচীয়ে শিক্ষাৰ্থীসকলক পৰিৱেশৰ প্ৰতি সচেতন হোৱাৰ লগতে সুখী আৰু সুস্থ জীৱনৰ গুৰুত্ব শিকাইছে।
মানস প্ৰতিম দত্তই নিয়মীয়াকৈ নিয়মীয়া বাৰ্তাৰ অকণি আৰু বিশ্ব বিচিত্ৰাত পৰিৱেশ বিষয়ক লেখাৰ জৰিয়তে পৰিৱেশ চৰ্চা অব্যাহত ৰাখিছে। তদুপৰি, সাদিন, দৈনিক অসম, দৈনিক জনমভূমি, অন্যযুগ, আলোকপ্ৰভঞ্জন, আৰু দৈনন্দিন বাৰ্তাৰ দৰে বিভিন্ন কাকত-আলোচনীত তেওঁৰ লেখাই পৰিৱেশৰ প্ৰতি সজাগতা বিয়পোৱাত সহায় কৰিছে।
মানস প্ৰতিম দত্তৰ দৰে শিক্ষকৰ কৰ্মই আমাক শিকাইছে যে শিক্ষা কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নহয়, ই সমাজ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ এক মহান পথ। গুৰু পূৰ্ণিমাৰ এই দিনটোত আমি তেওঁৰ দৰে শিক্ষকসকলক সশ্ৰদ্ধ ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ ভৱিষ্যত প্ৰজন্মক পৰিৱেশৰ প্ৰতি সচেতন আৰু দায়বদ্ধ কৰি তুলিছে।
মানসে ৰচনা কৰিছে পৰিৱেশ সজাগতামূলক গীত মাতো।


আপোনালোককো আমি শিক্ষক দিৱসৰ দিনটোত পৰিৱেশৰ প্ৰতি সৰু সৰু পদক্ষেপ ল’বলৈ আহ্বান জনাইছোঁ – এটা গছ ৰোপণ কৰক, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰক, বা আপোনাৰ অঞ্চলত পৰিৱেশ আৰু বিজ্ঞান সজাগতা ক্ষেত্ৰত নিজকে নিয়োজিত কৰক।

Foreigners involved in anti-national acts: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঘোষণাঃ ৰাষ্ট্ৰ বিৰোধী কাম-কাজত জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব

ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব
ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব

ৰাষ্ট্ৰ বিৰোধী কাম-কাজত (Foreigners involved in anti-national acts) জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব। চৰকাৰী আদেশ অনুসৰি বিদেশীক ৰাষ্ট্ৰবিৰোধী কার্যকলাপ, চোৰাংচোৱাগিৰি, ধর্ষণ আৰু হত্যা, সন্ত্ৰাসবাদী কার্যকলাপ, শিশু সৰবৰাহৰ অথবা নিষিদ্ধ সংগঠনৰ সদস্য হোৱাৰ দোষী সাব্যস্ত হ’লে ভাৰতত প্রৱেশ বা থকাৰ পৰা বঞ্চিত হ’ব পাৰে।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে সদ্য প্ৰণয়ন কৰা অনুপ্ৰৱেশ আৰু বিদেশী আইন ২০২৫ৰ অধীনত প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে বিদেশী বিতাড়ন পৰ্যন্ত বিদেশী লোকৰ চলাচলত বাধা আৰোপ কৰাৰ উদ্দেশ্যে নিবেদিত ডিটেনচন চেণ্টাৰ বা ডিটেনচন কেম্প স্থাপন কৰিব।

গৃহ মন্ত্ৰালয়ে কয় যে ভাৰতীয় বহিঃৰাজ্যৰ নাগৰিক কাৰ্ডধাৰী হিচাপে পঞ্জীয়নকে ধৰি যিকোনো শ্ৰেণীৰ ভিছাৰ বাবে আবেদন কৰা প্ৰতিজন বিদেশীয়ে এনে ভিছা প্ৰদান বা অ’ চি আই কাৰ্ডধাৰী হিচাপে পঞ্জীয়ন প্ৰদান কৰাৰ পূৰ্বে ভিছা প্ৰদানকাৰী কৰ্তৃপক্ষ বা অ’ চি আই কাৰ্ডধাৰী হিচাপে পঞ্জীয়ন প্ৰদান কৰা কৰ্তৃপক্ষই তেওঁৰ বায়’মেট্ৰিক তথ্য ধৰি ৰাখিবলৈ অনুমতি দিব লাগিব।

ইয়াৰ উপৰিও ভাৰতৰ ভিতৰত অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিতাড়ন পৰ্যন্ত ডিটেনচন চেণ্টাৰ বা শিবিৰত চলাচলৰ ওপৰত বাধা আৰোপ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।

নিৰ্দিষ্ট সীমান্তৰক্ষী বাহিনী বা উপকূলৰক্ষী বাহিনীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা অবৈধ অনুপ্ৰৱেশকাৰীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট পৰ্টেলত তেওঁলোকৰ বায়’মেট্ৰিক তথ্য আৰু উপলব্ধ জনগাঁথনিগত তথ্য লাভ কৰাৰ পাছত তেওঁলোকক বিতাড়ন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত কোৱা হৈছে যে, “এজন বিদেশীক ভাৰতত প্ৰৱেশ বা থকাৰ পৰা বঞ্চিত হ’ব পাৰে তলত উল্লেখ কৰা ভিত্তিত, অৰ্থাৎ-যদিহে তেওঁক ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ, চোৰাংচোৱাগিৰি, ধৰ্ষণ আৰু হত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ, সন্ত্ৰাসবাদী আৰু বিধ্বংসী কাৰ্যকলাপৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়, তেনে কামৰ বাবে আৰ্থিক সাহায্য বা ধন সৰবৰাহৰ বা হাৱালাৰ ব্যৱস্থাকে ধৰি ।”

ভাৰতত কৰ্মসংস্থাপন গ্ৰহণৰ বাবে বৈধ ভিছা থকা কোনো বিদেশীয়ে অসামৰিক কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিদ্যুৎ বা পানী যোগান বা পেট্ৰ’লিয়াম খণ্ডত নিয়োজিত ব্যক্তিগত খণ্ডৰ কোনো উদ্যোগত কৰ্মসংস্থাপন গ্ৰহণ কৰিব নোৱাৰিব বুলিও কোৱা হৈছে ।

আদেশত কোৱা হৈছে, “কোনো বিদেশীয়ে বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ, তথ্যচিত্ৰ, ৰিয়েলিটি টেলিভিছন আৰু ৱেব শ্ব’ বা ধাৰাবাহিক, বাণিজ্যিক টেলিভিছন ধাৰাবাহিক বা শ্ব’ আৰু ৱেব শ্ব’ বা ধাৰাবাহিক বা আন যিকোনো ধৰণ বা মাধ্যম যিটো কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নিৰ্দিষ্ট কৰিব পাৰে, ৰাজহুৱা প্ৰদৰ্শনৰ বাবে উদ্দেশ্য কৰি, কেৱল লিখিত অনুমতিৰ সৈতে, আৰু নিৰ্দিষ্ট চৰ্ত সাপেক্ষে ।”

পৰ্বতাৰোহণ অভিযানত নিষেধাজ্ঞা আৰোপ কৰি গৃহ মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লিখিত অনুমতি নোলোৱাকৈ কোনো বিদেশী বা বিদেশী দলে ভাৰতৰ কোনো পৰ্বতৰ শিখৰত আৰোহণ বা বগাবলৈ চেষ্টা কৰিব নোৱাৰিব, পথ নিৰ্দিষ্ট কৰি, যোগাযোগ বিষয়া নিযুক্তি আৰু ফটোগ্ৰাফিক আৰু বেতাঁৰ যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব ।

তদুপৰি, প্ৰতিজন বিদেশীয়ে যিকোনো সংৰক্ষিত বা নিষিদ্ধ অঞ্চলত প্ৰৱেশ বা থকাৰ অনুমতি লাভ কৰিব লাগিব । অৱশ্যে আফগানিস্তান, চীন বা পাকিস্তান মূলৰ কোনো ব্যক্তিক এনে নিষিদ্ধ অঞ্চল ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব । ভাৰতৰ নিষিদ্ধ এলেকাসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিম, জম্মু-কাশ্মীৰৰ কিছু অংশ, উত্তৰাখণ্ড, লাডাখ, হিমাচল প্ৰদেশ আৰু ৰাজস্থান আদি ৰাজ্যসমূহ অন্তৰ্ভুক্ত ।

ব্যুৰো অৱ ইমিগ্ৰেচনে ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰা বিদেশীসকলৰ এখন আপডেট কৰা তালিকা বজাই ৰাখিব । নাৱিক আৰু বিমানৰ ক্ৰু আগমনৰ সময়ত নাৱিক বা বিমানখনৰ ক্ৰুৰ যদি কোনো বিদেশী নাগৰিকৰ বৈধ ভাৰতীয় ভিছা নাথাকে তেন্তে ভাৰতত প্ৰৱেশৰ বাবে লেণ্ডিং পাৰ্মিট বা শ্ব’ৰ লিভ পাছ ল’ব লাগিব বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

গৃহ মন্ত্ৰালয়ে কয় যে যদিহে এনে ব্যক্তিক ভাৰতত উপস্থিতি কোনো আদালতৰ নিৰ্দেশ দিয়া হয়, যদিহে তেওঁলোক জনস্বাস্থ্য বা সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰোগত আক্ৰান্ত হয়, যদিহে তেওঁলোকৰ প্ৰস্থানে কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে বা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশ বা কোনো আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষ বা অন্য নিৰ্দিষ্ট চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা আদেশৰ অধীনত ভাৰত এৰি যাব বা এৰি যাবলৈ অনুমতি দিব নোৱাৰিলে দেশ এৰি যাবলৈ অনুমতি দিয়া নহ’বও পাৰে । ব্যুৰো অৱ ইমিগ্ৰেচনে ভাৰতৰ পৰা যাবলৈ অনুমতি নোপোৱা ব্যক্তিৰ এখন আপডেট কৰা তালিকা বজাই ৰাখিব ।

Immigration and Foreigners Order 2025: অসম অসম হৈ ৰবনে! ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

অসম অসম হৈ ৰবনে!
অসম অসম হৈ ৰবনে!

২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি (Immigration and Foreigners (Exemption) Order, 2025) ৩ খন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন ।

অসম অসম হৈ ৰবনে! ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমত কা গৃহীত কৰাৰ পিছত আন এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আইন ২০২৫ৰ আদেশৰ যোগেদি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত আফগানিস্তান, বাংলাদেশ, পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকক বসবাসৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনে ।

আছুৰ প্ৰতিক্ৰিয়া

এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । ২০২৪ চন পৰ্যন্ত অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দিব বিচৰাৰ ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই কয়, “ভাৰত চৰকাৰে জাৰি কৰা আইনৰ বিৰোধিতা কৰিছোঁ । এই নিৰ্দেশ কা’তকৈও বেছি ভয়াৱহ । ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট দাবী-কা’ৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক ।”
তেওঁ লগতে কয়, “ই এক অদ্ভূত সিদ্ধান্ত । অসমে ইয়াৰ বোজা নলয় । অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় । বিদেশীৰ বোজা জাপি দিয়াটো কোনো কাৰণতে সহ্য নকৰো । কা’ৰ সময়ত আমি যি শংকা কৰিছিলো সেয়া সঁচা প্ৰমাণ হৈছে । অসমৰ জনগাঁথনি সলনি হৈছে, খিলঞ্জীয়া ভাষিক সংখ্যালঘু হ’বলৈ গৈছে । তাৰ পিছতো এনে সিদ্ধান্ত গ্ৰহণ কৰাসকল জাতিদ্ৰোহী । এই আদেশ অসমীয়া জাতি বিৰোধী, খিলঞ্জীয়া বিৰোধী আৰু সাম্প্ৰদায়িক নিৰ্দেশনা ।”
ইফালে কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈ ।
এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি ডিব্ৰুগড়ৰ খোৱাঙত লুৰীণজ্যোতি গগৈয়ে কয়, “অসমৰ ৰাইজে যিটো সন্দেহ আৰু শংকা কৰিছিল সেইটোৱেই হ’বলৈ গৈ আছে । কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈছিল ৪৩ বছৰে বিদেশীৰ বোজা অসমৰ ৰাইজে লৈছে আৰু নাগৰিকত্ব সংশোধনী আইনে বিদেশী অহাৰ বাট মুকলি কৰি দিব । অসমত বিদেশীৰ বোজা জাপি দি অসমৰ ভৱিষ্যৎ নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে দিল্লীয়ে । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদক ভেঙুচালি কৰি কা জাপি দিলে সেই সময়ত । ইয়াৰ পাছত আকৌ ১০ বছৰৰ বোজা অসমৰ ৰাইজক জাপি দিব বিচাৰিছে । দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে । অসমৰ জাতীয় জীৱনক বিপন্ন কৰিবলৈ দিল্লীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ৰাইজে দিল্লীৰ এনে সিদ্ধান্ত আৰু চিন্তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে । অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, আজিও‌ মানি লোৱা নাই । দিল্লীৰ এনেকুৱা ষড়যন্ত্ৰত মাত মাতিব লাগিব আৰু ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব ।”
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, “অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনৰ সময়ত শিৰ ফুলাই কৈছিল ২০১৪ চনলৈ চীল মোহৰ মাৰি দিয়া হ’ল আৰু বিদেশীৰ বোজা অসমে ল’ব নালাগে । আমি তেতিয়াই কৈছিলো এই আইনৰ জৰিয়তে বিদেশী অহাৰ বাট মুকলি হৈ আছে । এই আইন অসমত প্ৰৱৰ্তন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো । অসম জাতীয় পৰিষদে কা মনা নাছিলোঁ, আজিও মনা নাই আৰু ভৱিষ্যতেও নামানো । কা’ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব । এই বিষয়ে কাইলৈৰ পৰাই প্ৰতিবাদ আৰম্ভ হ’ব । মুখ্যমন্ত্ৰীৰ কথাৰ অৰ্থ নাই । মুখ্যমন্ত্ৰীৰ কথা মতে কাম নহয় ।”
পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়ে । তেওঁ কয়, “মই যেতিয়া কৈছিলোঁ মানুহে মোক হাঁহিছিল ৷ বহুত মানুহে মোক উপহাস কৰিছিল ৷ কৈছিল যে এই অখিল গগৈয়ে সদায় বেছি বেছি কয় ৷ মই কৈছিলো আজি ২০১৪ ত যদি আইন সংশোধন হৈ যায় কালিলৈ ‘ডেট’ বদলাই দিব ৷ ২০১৪ ৰ ৩১ ডিচেম্বৰ আছিল আৰু এতিয়া ৩১ ডিচেম্বৰ ২০২৪ কৰি দিলে ৷ কাইলৈ সেইটো ২০৩৪ হ’ব, পাছত ২০৪৫ হ’ব আৰু তাৰ পাছত অনিৰ্দিষ্ট কাললৈ হ’ব ৷”
বাংলাদেশত আজিৰ তাৰিখত ১ কোটি ১০ লাখ হিন্দু মানুহ আছে আৰু অসমত ইতিমধ্যে ২০ লাখ হিন্দু বাংলাদেশী মানুহ আছেহি ৷ এতিয়া মুঠ এই ১ কোটি ৩০ লাখ মানুহৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ এই কা’খনে আনি দিলেনে নাই বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে । তেওঁৰ মতে এনে ক্ষেত্ৰত বাংলাদেশত থকা হিন্দু মানুহ হয় অসম নহ’লে পশ্চিমবংগলৈয়ে আহিব লাগিব ।
গগৈয়ে লগতে কয়, “বাংলাদেশৰ মানুহ এটাই আৰ এছ এছ কৰি আহিব ৷ আৰ এছ এছ কৰি আহি ২০২৪ চনৰ ৩১ ডিচেম্বৰত আহিলে ৷ পাছপ’ৰ্ট নালাগে, আৰ এছ এছ কৰি নিৰ্বাচন খেলাৰ অধিকাৰ লাভ কৰিব, চাকৰি কৰাৰ অধিকাৰ লাভ কৰিব, ব্যৱসায় কৰাৰ অধিকাৰ লাভ কৰিব, নাগৰিকত্ব লাভ কৰিব ৷ নিৰ্বাচন খেলি আৰ এছ এছৰ সুবাদত তেওঁ নিজে এক মিনিটতে মুখ্যমন্ত্ৰী হৈ যাব পাৰিব ৷” সেই কাৰণে বিজেপি আৰ এছ এছয়ে যদি সঁচাকৈ অসমীয়া খিলঞ্জীয়াৰ হাতত অধিকাৰ থকাটো বিচাৰে তেন্তে কেনেকৈ এই কামটো কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷
তেওঁ লগতে চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰি কয়, “আমি ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে যদি ৰাজনৈতিক অধিকাৰ লাগে তেন্তে অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু অসমক ভাৰতৰ সংবিধান ৩৭১(ক)ৰ অধীনত আনক । তেতিয়া মাটি আৰু সম্পদৰ ওপৰত অসমৰ অধিকাৰ থাকিব ৷ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব ৷ তেতিয়াহে জনজাতীয় লোক মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা পাব ।”

অখিল গগৈয়ে বিজেপি আৰু আৰ এছ এছক নিন্দা কৰাই নহয় তেওঁলোকক অসমৰ মাটিত নিষিদ্ধ কৰিব লাগে বুলিও দাবী জনায় ৷ অসমীয়া মানুহে এই কেইটা দলক খেদিব লাগিব নহ’লে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা নহয় বুলিও গগৈয়ে স্পষ্ট কৰে ৷

তেওঁ আহ্বান জনাই, “প্ৰতিজন অসমীয়া মানুহ যাৰ মূৰ আছে, মগজু আছে, হৃদয় আছে, বিবেচনা আছে, যি অসমীয়াত্ব বুজি পায়, নিজকে অসমীয়া বুলি পৰিচয় দিয়ে সেই সকলোৱে ওলাই আহক । আমি আৰ এছ এছ, বিজেপিক অসমৰ পৰা খেদো; নহ’লে ইহঁতে আমাৰ কণ-কঠীয়া মাৰিব ৷”

Bhogeswar Baruah National Sports Award: অসম অলিম্পিক সন্থাৰ দ্বাৰা ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান

Bhogeswar Baruah National Sports Award
Bhogeswar Baruah National Sports Award

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, (Bhogeswar Baruah National Sports Award) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ যশস্বী ক্ৰীড়াবিদসকলক ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰে।

মনু ভাকেৰ, সুনীল ছেত্ৰী, লাভলীনা বৰগোহাঁই, বেদব্ৰত ভৰালী, দীপাংকৰ ভট্টাচাৰ্য, প্ৰিয়ানুজ ভট্টাচাৰ্যক বিভিন্ন শিতানৰ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হয়

গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২৫: অসম অলিম্পিক সন্থাই আজি এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ শুভাৰম্ভ কৰে। এই প্ৰথম বঁটা সমাৰোহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি এই বঁটাসমূহ প্ৰদান কৰে।

অৰ্জুন বঁটা সন্মানেৰে বিভূষিত প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ সন্মানত এই বঁটা প্ৰতি বছৰে ছয়টা শিতানত প্ৰদান কৰা হ’ব- ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, ভাৰতৰ উদীয়মান খেলুৱৈ আৰু জীৱনজোৰা সাফল্যৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু উক্ত তিনি শিতানৰ অসম পৰ্যায়ৰ বঁটা।

“ভোগেশ্বৰ বৰুৱাৰ দৰে এগৰাকী কিংবদন্তি খেলুৱৈৰ সন্মানাৰ্থে এই বঁটা প্ৰতিষ্ঠাৰ জৰিয়তে আমি অতীতক সন্মান জনোৱাৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাক উৎসাহিত কৰিছোঁ।”, কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি এইদৰে কয়।

ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰি অসমৰ প্ৰথম অৰ্জুন বঁটা সন্মানেৰে বিভূষিত ক্ৰীড়াবিদ হিচাপে পৰিচিতি লাভ কৰে। তেখেতে নিজৰ কেৰিয়াৰত ভাৰতীয় সেনাতো সেৱা আগবঢ়াইছিল।

২০২৫ চনৰ প্ৰথম ভোগেশ্বৰ বৰুৱা বঁটা বিজয়ীসকল:

  • শ্ৰেষ্ঠ ক্ৰীড়াবিদ (ৰাষ্ট্ৰীয় পৰ্যায়ত): মনু ভাকেৰ, অলিম্পিক পদক বিজয়ী (শ্বুটিং)
  • জীৱনজোৰা সাধনা বঁটা (ৰাষ্ট্ৰীয় পৰ্যায়ত): সুনীল ছেত্ৰী, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক
  • উদীয়মান খেলুৱৈ (ৰাষ্ট্ৰীয় পৰ্যায়ত): বেদব্ৰত ভৰালী, এথলেটিক্স
  • শ্ৰেষ্ঠ ক্ৰীড়াবিদ (অসম পৰ্যায়ত): লাভলীনা বৰগোহাঁই, অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী (বক্সিং)
  • জীৱনজোৰা সাধনা বঁটা (অসম পৰ্যায়ত): দীপাংকৰ ভট্টাচাৰ্য, বেডমিণ্টন, প্ৰাক্তন অলিম্পিয়ান
  • উদীয়মান খেলুৱৈ (অসম পৰ্যায়ত): প্ৰিয়ানুজ ভট্টাচাৰ্য, সাঁতোৰ

ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ অংশ হিচাপে বিশেষ স্বীকৃতি বঁটা প্ৰেমধৰ শৰ্মা, স্বাধীন ডেকা ৰজা, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, জুৱেল বে’, জয়দীপ দাস, প্ৰদীপ ব্ৰহ্ম, ৰিম্পী বুঢ়াগোহাঁই, ছৈয়দ এছকে আলম, প্ৰয়াত বাবুল ফুকন আৰু ৰাকেশ বণিকক প্ৰদান কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয়, “এই বঁটাৰ শুভাৰম্ভ অসমৰ ক্ৰীড়া জগতৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। ভোগেশ্বৰ বৰুৱা অসমৰ খেল জগতৰ এগৰাকী পথ-প্ৰদৰ্শক আছিল, যিয়ে প্ৰমাণ কৰিছিল যে দৃঢ়তা আৰু শৃংখলাৰ দ্বাৰা অসমৰ প্ৰতিভাই বিশ্ব মঞ্চত স্থান লাভ কৰিব পাৰে। আজি লাভলীনা, হিমা, অংকুশিতা আৰু বহুতে সেই উত্তৰাধিকাৰক আগুৱাই নিছে। ৰাজ্য চৰকাৰ হিচাপে আমি ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ, ক্ৰীড়া অনুষ্ঠানৰ আয়োজন আৰু প্ৰতিটো স্তৰত যুৱ প্ৰতিভাক সমৰ্থনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম যুৱ অলিম্পিক, বিভিন্ন শাখাত ক্ৰীড়া একাডেমীৰ প্ৰতিষ্ঠা আৰু যুৱ ক্ৰীড়াবিদসকলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। “আমাৰ চৰকাৰৰ দৃঢ় বিশ্বাস যে ক্ৰীড়াই জীৱন সলনি কৰিব পাৰে। সেইবাবে আমি জিলাসমূহত গ্ৰাম্য আন্তঃগাঁথনি গঢ়ি তুলিছোঁ, গাঁৱৰ আৰু নগৰৰ যুৱক-যুৱতীৰ বাবে সুযোগ সৃষ্টি কৰিছোঁ। এই প্ৰচেষ্টাৰ জৰিয়তে আমি অসমক ভাৰতৰ ক্ৰীড়াৰ সাফল্যৰ মানচিত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰোঁ,” তেখেতে কয়।

পূৰ্বৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমক দেশৰ অন্যতম ক্ৰীড়া প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰি ইয়াৰ প্ৰগতিৰ কথা উল্লেখ কৰে।

“আহক, আমি আটায়ে ভূপেনদাৰ কালজয়ী গীত ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ’ৰ দ্বাৰা উদ্বুদ্ধ হৈ ক্ৰীড়াক্ষেত্ৰত ন উদ্যমেৰে আগবঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ। ক্ৰীড়াক্ষেত্ৰই এগৰাকী ব্যক্তিক সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ লগতে সুস্থ মানসিকতাৰো গঢ় দিয়ে আৰু এটি সুন্দৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। আমাৰ ক্ৰীড়াক্ষেত্ৰতো প্ৰচুৰ সম্ভাৱনা আৰু সম্পদ লুকাই আছে। আমি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা এই সম্পদ, সম্ভাৱনাসমূহ আৱিষ্কাৰ কৰি আগবঢ়াৰ প্ৰয়াস কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ক্ৰীড়াক্ষেত্ৰক গতিশীল কৰাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। তাৰ ভিতৰত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি উল্লেখযোগ্য। এই আঁচনিৰ জৰিয়তে খেলুৱৈসকলক আৰ্থিক সহায়ৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা হৈছে। ফলত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে কৈছে, ‘খেলোগে তো খিলোগে।’ অৰ্থাৎ খেলজগতত নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিলে আমি সফলতাৰ পথত আগবাঢ়িব পাৰিম। খেলে আমাৰ জীৱনত আনন্দৰ সৃষ্টি কৰে। জীৱনক প্ৰেৰণাময় কৰি তোলে।”, সোণোৱালে উল্লেখ কৰে।

সোণোৱালে লগতে কয়, “আজি ৰাজ্যিক ক্ৰীড়া দিৱসৰ দিনা আমি অসমক দেশৰ ক্ৰীড়াক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। ছাফ গেমছৰ সময়ত গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰ ফলত হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে বিশ্বমানৰ খেলুৱৈ আমি পাইছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অসমৰ আগশাৰীৰ খেলুৱৈসকলে ইতিমধ্যে অসমৰ নাম বিশ্বত জনপ্ৰিয় কৰিছে। তেখেতসকলৰ সুস্বাস্থ্য আমাৰ সদায় কাম্য। আজি ইয়াত ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছে। তোমালোকক অনুৰোধ কৰি কৈছোঁ, তোমালোকে অধ্যয়নৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো মনোযোগ দিয়া। আমাৰ জীৱনৰ তিনিখন পথাৰত যদি আমি একাগ্ৰতা, শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা দেখুৱাবলৈ সক্ষম হওঁ, তেন্তে আমাৰ সমাজখন বিশ্বৰ শ্ৰেষ্ঠ সমাজত পৰিণত হোৱাত কোনেও বাধা দিব নোৱাৰে। এই তিনিখন পথাৰ হৈছে শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া।”

“ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ প্ৰতিগৰাকী অসমীয়া আৰু প্ৰতিগৰাকী ভাৰতীয় ক্ৰীড়াবিদৰ বাবে প্ৰেৰণাৰ উৎস হওক। তেওঁলোকে যাতে ডাঙৰ সপোন দেখে, কঠোৰ পৰিশ্ৰম কৰে আৰু আমাৰ ৰাষ্ট্ৰক গৌৰৱান্বিত কৰে, তাৰেই কামনা কৰিলোঁ”, সোণোৱালে কয়।

অনুষ্ঠানত অসমৰ খেল মন্ত্ৰী নন্দিতা গাৰ্লোছা, অৰ্জুন মনালিছা বৰুৱা মেহতা, হিমা দাস, কমলেশ মেহতা, তৈয়বুন্নিছা, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়া, বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

CAA cut-off date extended: ২০২৪ৰ ৩১ ডিচেম্বৰলৈকে অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্বঃ অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

CAA cut-off date extended
CAA cut-off date extended

২০২৪ৰ ৩১ ডিচেম্বৰলৈ (CAA cut-off date extended) অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্ব। হিন্দু লোককে ধৰি ৬টা ধৰ্মৰ ধৰ্ম বা ধৰ্মীয় বিভাজনৰ বলি হৈ ভাৰতত আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্ব দিয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ৷ ২০১৪ চন নহয়, এতিয়া ২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি তিনিখন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব।

ধৰ্মীয় বিভাজনৰ বলি ৩ দেশৰ ৬টা ধৰ্মৰ আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্বৰ আবেদনৰ ভিত্তিবৰ্ষৰ সীমা ১০ বছৰ বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই অধিসূচনা অনুসৰি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়েও পাব ভাৰতৰ নাগৰিকত্ব । বাংলাদেশৰ লগতে পাকিস্তান,আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান— ৬টা ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন ৷ এই অধিসূচনা জাৰিৰ পূৰ্বে যোৱা বছৰ বলবৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ভিত্তি বৰ্ষ আছিল ৷

CAA cut off date extended
ৰাজপত্ৰিত অধিসূচনা (ETV Bharat Assam)
যোৱা ১ ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ কুমাৰ ব্যাসে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে। এই ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ (Immigration and foreigners (Exemption) order 2025) অধিসূচনাৰ ৪নং পৃষ্ঠাৰ অন্তৰ্গত এক সূচীত (ঙ)ত স্পষ্টভাৱে এই সংশোধনৰ কথা উল্লেখ কৰা হৈছে ৷ এই অধিসূচনাত ধৰ্মৰ ভিত্তিত চুবুৰীয়া ৩ খন দেশৰ পৰা ভাৰতলৈ অহা হিন্দু ধৰ্মকে ধৰি ৬টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ ভিত্তি বৰ্ষৰূপে ২০২৪ৰ ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ।

CAA cut off date extended
ৰাজপত্ৰিত অধিসূচনা (ETV Bharat Assam)
ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ৰ ধাৰা ৩ৰ উপ-ধাৰা (১), (২) আৰু (৩) আৰু ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ ৰুলছ, ২০২৫ৰ অধিনিয়ম ৭, ৮ আৰু ৯ অনুসৰি, এই তিনিখন দেশৰ পৰা অহা সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে পাছপোৰ্ট বা অন্য ভ্ৰমণাদিৰ নথি-পত্ৰৰ প্ৰয়োজন নহ’ব ।

অধিসূচনাখনৰ ৪ নং পৃষ্ঠাত লিখা নিৰ্দেশনাখিনি অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াত স্পষ্টভাৱে লিখা হৈছে, — অসমৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ । গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এখন অধিসূচনাখনত কোৱা হৈছে, “আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তি—হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান—যি ধৰ্মীয় নিৰ্যাতন বা ধৰ্মীয় নিৰ্যাতনৰ ভয়ৰ বাবে ভাৰতত আশ্ৰয় লাভ কৰিবলৈ বাধ্য হৈছিল আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে বৈধ নথি-পত্ৰ, যেনে- পাছপোৰ্ট বা অন্য ভ্ৰমণ নথি-পত্ৰ অবিহনে, বা বৈধ নথি-পত্ৰ, যেনে- পাছপোৰ্ট বা অন্য ভ্ৰমণ নথি-পত্ৰৰ সৈতে দেশত প্ৰৱেশ কৰিছিল, আৰু এনে নথি-পত্ৰৰ বৈধতাৰ ম্যাদ উকলি গৈছে, তেওঁলোকে বৈধ পাছপোৰ্ট আৰু ভিছা থাকিবলগীয়া নিয়মৰ পৰা ৰেহাই পাব ।”

আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই এই প্ৰসংগত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি আশংকা কৰাৰ বিপৰীতে ইমান কম সংখ্যক আবেদনৰ পটভূমিত ‘কা’ সন্দৰ্ভত আলোচনা কৰাটো অসাৰ ।

তেওঁ কয়, “অসমত চি এ এৰ অধীনত এতিয়ালৈকে মাত্ৰ তিনিজন লোকেহে নাগৰিকত্ব লাভ কৰিছে । এই পৰ্যন্ত আমি মাত্ৰ ১২ খন আবেদনহে পাইছোঁ । বাকী ৯ খন আবেদন বিবেচনাধীন হৈ আছে ।”

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতাত অসম অগ্নিগৰ্ভ হোৱাৰ প্ৰসংগত উত্থাপন কৰি মুখ্যমন্ত্ৰীজনে কয়, “অসমত ২০-২৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব বুলি চিঞৰ-বাখৰ লগাই আছিল । এতিয়া আপুনি নিজেই বিবেচনা কৰক যে যেতিয়া আমি মাত্ৰ ১২ খন আবেদনহে পাইছোঁ, তেনেক্ষেত্ৰত ‘কা’ সম্পৰ্কে আলোচনা কৰাটো প্ৰাসংগিক নেকি?”

ইফালে ভাৰতত ধৰ্মৰ ভিত্তিত ২০২৪ৰ ৩১ ডিচেম্বৰলৈ হিন্দুকে ধৰি ৬ টা ধৰ্মৰ ভগনীয়াক আশ্ৰয় দি ভাৰতীয় নাগৰিকত্ব দিয়াটো নিৰ্ধাৰণ কৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল সংগঠনে ধৰ্মীয় ভগনীয়াসকলক নাগৰিকত্ব দিয়াৰ ভিত্তিবৰ্ষ ১০ বছৰ বঢ়াই ২০১৪ৰ ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে এতিয়া ২০২৪ চনৰ ৩১ কৰা কাৰ্যৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। শীঘ্ৰেই এই অধিসূচনা বাতিলৰ দাবী জনাইছে দল-সংগঠনসমূহে।উল্লেখ্য যে ২০১৯ৰ নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ সময়ত সমগ্ৰ অসমজুৰি বিদ্ৰোহৰ অগনি জ্বলিছিল। য’ত মুঠ পাঁচজনকৈ লোকৰ সেই গণবিদ্ৰোহত মৃত্যু ঘটিছিল।