১ ফেব্ৰুৱাৰী দেওবাৰ: কেন্দ্ৰীয় বাজেটৰ তাৰিখ সলনি হ’ব নেকি?
দেশবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থকা কেন্দ্ৰীয় বাজেটক লৈ এইবাৰ তাৰিখ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কেলেণ্ডাৰৰ মতে, এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ পৰিছে। সাধাৰণতে দেওবাৰে চৰকাৰী কাৰ্যালয় বন্ধ থাকে যদিও প্ৰশ্ন উঠিছে—এইবাৰো কি চৰকাৰে বন্ধৰ দিনতে বাজেট দাখিল কৰিব?
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আগন্তুক ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিবলৈ সাজু হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, দেওবাৰ পৰিলেও ১ ফেব্ৰুৱাৰীতেই বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।
এই বিষয়ত বুধবাৰে সংসদীয় পৰিক্ৰমা কেবিনেট কমিটী (CCPA)-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত সংসদৰ বাজেট অধিবেশনৰ তাৰিখ আৰু বাজেট দাখিলৰ দিন চূড়ান্ত কৰা হ’ব। যদি কমিটীয়ে ১ ফেব্ৰুৱাৰী দেওবাৰতে বাজেট দাখিলৰ অনুমোদন দিয়ে, তেন্তে এয়া দেশৰ ইতিহাসৰ এক বিৰল ঘটনা হিচাপে চিহ্নিত হ’ব। উল্লেখযোগ্য যে, পূৰ্বেও বিশেষ পৰিস্থিতিত দেওবাৰে বাজেট দাখিল কৰা উদাহৰণ আছে, সেয়েহে এয়া অসম্ভৱ নহয়।
সাম্প্ৰতিক সময়ছোৱাত বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ মাজতেই যোৱা ২৪ ঘণ্টাৰ ভিতৰত দুজনকৈ হিন্দু লোক নৃশংস হত্যাৰ বলি হোৱা ঘটনাই দেশখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা অধিক বৃদ্ধি পাইছে। মাত্ৰ যোৱা ১৮ দিনৰ ভিতৰতে দেশখনত ছয়জন হিন্দু লোকক হত্যা কৰা হৈছে বুলি খবৰ পোহৰলৈ আহিছে।
সোমবাৰে (৫ জানুৱাৰী) নিশা নাৰ্চিংদি জিলাত গেলামালৰ দোকানৰ মালিক ৪০ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। স্থানীয় লোকৰ মতে, দোকানত থকাৰ সময়তেই দুৰ্বৃত্তই মণিৰ ওপৰত আক্ৰমণ চলায়। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও পথতেই তেওঁৰ মৃত্যু হয়।
শৰৎ চক্ৰৱৰ্তীৰ পত্নী এগৰাকী গৃহিনী আৰু তেওঁলোকৰ এটি ১২ বছৰীয়া পুত্ৰ সন্তান আছে। জানিব পৰা মতে, পূৰ্বে তেওঁ দক্ষিণ কোৰিয়াত কৰ্মৰত আছিল যদিও কিছু বছৰ পূৰ্বে বাংলাদেশলৈ ঘূৰি আহি গেলামালৰ এখন দোকান চলাই আহিছিল। পৰিয়ালৰ লোকৰ ভাষ্য অনুসাৰে, মণিৰ কাৰো সৈতে কোনো শত্রুতা বা ব্যক্তিগত বিবাদ নাছিল আৰু তেওঁ সকলোৰে সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল। তথাপিও তেওঁ এই নৃশংস হত্যাকাণ্ডৰ বলি হ’বলগা হয়।
উল্লেখযোগ্য যে, যোৱা ২৪ ঘণ্টাৰ ভিতৰতে বাংলাদেশত সংঘটিত এইটো দ্বিতীয়টো হিন্দু হত্যাকাণ্ড। ইয়াৰ কিছু সময় পূৰ্বে মণিৰামপুৰত হিন্দু সাংবাদিক তথা ‘বি ডি খবৰ’ৰ কাৰ্যবাহী সম্পাদক ৪৫ বছৰীয়া ৰানা প্ৰতাপ বৈৰাগীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আৰক্ষীৰ মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এই আক্ৰমণ সংঘটিত হয়। প্ৰথমে ৰানাৰ মূৰত তিনিটাকৈ গুলী মৰা হয় আৰু তাৰ পাছত ডিঙি কাটি নৃশংসভাৱে হত্যা কৰা হয়।
নিৰ্বাচনী তৎপৰতাৰ মাজতে চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, এককালীন ৫ হাজাৰ টকা সাহায্য ।
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থাকোঁতেই ৰাজ্যত তীব্ৰ হৈছে নিৰ্বাচনী তৎপৰতা। এনে পৰিস্থিতিৰ মাজতে চাহ শ্ৰমিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অসম চাহ উদ্যোগৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰৰ উদ্যোগত ‘এটি কলি দুটি পাত’ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ অধীনত চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকললৈ এককালীন ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্য সংৰক্ষণ আৰু চাহ জনগোষ্ঠীৰ অৱদানক স্বীকৃতি জনোৱাৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰচেষ্টাক আৰু এখোজ আগুৱাই নিবলৈ এইবাৰ চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।
মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান যাচি আমাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰয়াসৰ অংশ হিচাপে ‘এটি কলি দুটি পাত’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।”
এই ঘোষণাৰ ফলত সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ চাহ বাগিচাৰ শ্ৰমিক উপকৃত হ’ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, এই আঁচনিৰ জৰিয়তে ৬ লাখৰো অধিক চাহ শ্ৰমিক লাভান্বিত হ’ব। ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ অৰ্থনৈতিক সকাহৰ লগতে অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়লৈ তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানকো স্বীকৃতি দিয়া হ’ব।
শীঘ্ৰেই এই সন্দৰ্ভত চাহ জনগোষ্ঠীৰ ৰাইজক বিতং তথ্য জনোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।