Home Blog Page 74

Teacher’s Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক…

Teacher's Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক
Teacher's Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক

শিক্ষক দিৱসৰ এই পৱিত্ৰ (Teacher’s Day)দিনটোত আমি আপোনালোকক লৈ যাম এজন এনে শিক্ষকৰ কাহিনীৰ ওচৰলৈ, যি শিক্ষকতাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে। তেওঁ হৈছে বিজ্ঞানৰ শিক্ষক তথা পৰিৱেশৰ একনিষ্ঠ সৈনিক – মানস প্ৰতিম দত্ত। আজি আমি তেওঁৰ জীৱন, কৰ্ম, আৰু পৰিৱেশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা তুলি ধৰিম। তেনে চাওঁ আহক এই বিশেষ সংবাদ!

শিক্ষক দিৱসৰ দিনটোত আমি স্মৰণ কৰোঁ এনে শিক্ষকসকলক, যিসকলে জ্ঞানৰ পোহৰৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধতাৰ পথ দেখুৱাই। শিশুসকলৰ মাজত প্ৰকৃতি ছাৰ হিচাপে পৰিচিত মানস প্ৰতিম দত্ত এজন এনে শিক্ষক, যাৰ নাম শুনিলেই আমাৰ মনলৈ আহে এজন নিভাঁজ শিক্ষকৰ ছবি – যি শিক্ষাৰ্থীৰ মনত বিজ্ঞানৰ প্ৰতি কৌতূহল জগোৱাৰ লগতে পৰিৱেশৰ প্ৰতি সচেতনতাৰ বীজ সিঁচিছে।

তেওঁৰ কৰ্মৰ মূল লক্ষ্য হৈছে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পৰা। তেওঁৰ ৰচিত গ্ৰন্থসমূহে পৰিৱেশৰ সৌন্দৰ্যৰ লগতে ইয়াৰ সংকটৰ কথাও সহজ ভাষাত তুলি ধৰিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে:

  • সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি
  • কোলাহল আৰু নীৰৱতাৰ সিপাৰে
  • সেউজীয়া দিনৰ নৈসৰ্গিক খোজ
  • চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু
  • মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা

এই গ্ৰন্থসমূহে পাঠকৰ মনত পৰিৱেশৰ প্ৰতি গভীৰ চিন্তাৰ সৃষ্টি কৰিছে আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰিছে।

কবি হিচাপেও মানস প্ৰতিম দত্তৰ আছে সুকীয়া পৰিচয়। নিবিড় অনুৰাগ মানস নামেৰে কাব্যচৰ্চা কৰে মানসৰ কবিতা প্ৰান্তিক, সাদিন, জনমভূমি, দৈনিক অসমকে আদি কৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে।

  • মানস প্ৰতিম দত্তই কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নাথাকি, হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। তেওঁ ধ্ৰুৱজ্যোতি চেতিয়া, ৰণ্টু চেতিয়া আৰু বিমান সন্দিকৈৰ সৈতে মিলি পৰিৱেশ সংৰক্ষণ গোট পিয়’ৰ এনভাইৰণমেণ্ট ফ’ৰ ৱাইল্ডলাইফ’ (PuNFoWild) প্ৰতিষ্ঠা কৰিছে। এই সংগঠনৰ জৰিয়তে তেওঁলোকে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰি পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে।

WeNaturalistৰ কেম্পাছ চেম্পিয়ন হিচাপে সেৱা আগবঢ়োৱা মানসে অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও পালন কৰিছিল।
ইয়াৰ উপৰিও, তেওঁ পৰিৱেশৰ প্ৰতি সজাগতা জগাবলৈ পাৰিপাৰ্শ্বিক কবিতা ৰচনা কৰিছে, যিবোৰে পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়।
পৰিৱেশ বিষয়ক বিভিন্ন কাৰ্যসূচীসমূহৰ জৰিয়তে মানস প্ৰতিম দত্তই যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ পাঠ শিকাইছে, যি গুৰু পূৰ্ণিমাৰ দিনটোত আমাৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ।

মানস প্ৰতিম দত্তৰ কৰ্ম কেৱল পৰিৱেশৰ কাৰ্যসূচীতেই সীমাবদ্ধ নহয়। তেওঁ শিক্ষাৰ্থীৰ বাবে পৰিৱেশ আৰু বিজ্ঞান বিষয়ক গ্ৰন্থৰ অনুবাদ কৰি শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ অনুবাদিত গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য হৈছে কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে। কেওখন গ্ৰন্থ নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা প্ৰকাশিত।

ইয়াৰ উপৰিও, তেওঁ বিদ্যাঃ দ্য লিভিং স্কুলৰ বাবে “সুখী জীৱনৰ বাবে পৰিৱেশ শিক্ষা” বিষয়ক এক বিশেষ পাঠ্যসূচী প্ৰস্তুত কৰিছে। এই পাঠ্যসূচীয়ে শিক্ষাৰ্থীসকলক পৰিৱেশৰ প্ৰতি সচেতন হোৱাৰ লগতে সুখী আৰু সুস্থ জীৱনৰ গুৰুত্ব শিকাইছে।
মানস প্ৰতিম দত্তই নিয়মীয়াকৈ নিয়মীয়া বাৰ্তাৰ অকণি আৰু বিশ্ব বিচিত্ৰাত পৰিৱেশ বিষয়ক লেখাৰ জৰিয়তে পৰিৱেশ চৰ্চা অব্যাহত ৰাখিছে। তদুপৰি, সাদিন, দৈনিক অসম, দৈনিক জনমভূমি, অন্যযুগ, আলোকপ্ৰভঞ্জন, আৰু দৈনন্দিন বাৰ্তাৰ দৰে বিভিন্ন কাকত-আলোচনীত তেওঁৰ লেখাই পৰিৱেশৰ প্ৰতি সজাগতা বিয়পোৱাত সহায় কৰিছে।
মানস প্ৰতিম দত্তৰ দৰে শিক্ষকৰ কৰ্মই আমাক শিকাইছে যে শিক্ষা কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নহয়, ই সমাজ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ এক মহান পথ। গুৰু পূৰ্ণিমাৰ এই দিনটোত আমি তেওঁৰ দৰে শিক্ষকসকলক সশ্ৰদ্ধ ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ ভৱিষ্যত প্ৰজন্মক পৰিৱেশৰ প্ৰতি সচেতন আৰু দায়বদ্ধ কৰি তুলিছে।
মানসে ৰচনা কৰিছে পৰিৱেশ সজাগতামূলক গীত মাতো।


আপোনালোককো আমি শিক্ষক দিৱসৰ দিনটোত পৰিৱেশৰ প্ৰতি সৰু সৰু পদক্ষেপ ল’বলৈ আহ্বান জনাইছোঁ – এটা গছ ৰোপণ কৰক, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰক, বা আপোনাৰ অঞ্চলত পৰিৱেশ আৰু বিজ্ঞান সজাগতা ক্ষেত্ৰত নিজকে নিয়োজিত কৰক।

Foreigners involved in anti-national acts: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঘোষণাঃ ৰাষ্ট্ৰ বিৰোধী কাম-কাজত জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব

ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব
ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব

ৰাষ্ট্ৰ বিৰোধী কাম-কাজত (Foreigners involved in anti-national acts) জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব। চৰকাৰী আদেশ অনুসৰি বিদেশীক ৰাষ্ট্ৰবিৰোধী কার্যকলাপ, চোৰাংচোৱাগিৰি, ধর্ষণ আৰু হত্যা, সন্ত্ৰাসবাদী কার্যকলাপ, শিশু সৰবৰাহৰ অথবা নিষিদ্ধ সংগঠনৰ সদস্য হোৱাৰ দোষী সাব্যস্ত হ’লে ভাৰতত প্রৱেশ বা থকাৰ পৰা বঞ্চিত হ’ব পাৰে।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে সদ্য প্ৰণয়ন কৰা অনুপ্ৰৱেশ আৰু বিদেশী আইন ২০২৫ৰ অধীনত প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে বিদেশী বিতাড়ন পৰ্যন্ত বিদেশী লোকৰ চলাচলত বাধা আৰোপ কৰাৰ উদ্দেশ্যে নিবেদিত ডিটেনচন চেণ্টাৰ বা ডিটেনচন কেম্প স্থাপন কৰিব।

গৃহ মন্ত্ৰালয়ে কয় যে ভাৰতীয় বহিঃৰাজ্যৰ নাগৰিক কাৰ্ডধাৰী হিচাপে পঞ্জীয়নকে ধৰি যিকোনো শ্ৰেণীৰ ভিছাৰ বাবে আবেদন কৰা প্ৰতিজন বিদেশীয়ে এনে ভিছা প্ৰদান বা অ’ চি আই কাৰ্ডধাৰী হিচাপে পঞ্জীয়ন প্ৰদান কৰাৰ পূৰ্বে ভিছা প্ৰদানকাৰী কৰ্তৃপক্ষ বা অ’ চি আই কাৰ্ডধাৰী হিচাপে পঞ্জীয়ন প্ৰদান কৰা কৰ্তৃপক্ষই তেওঁৰ বায়’মেট্ৰিক তথ্য ধৰি ৰাখিবলৈ অনুমতি দিব লাগিব।

ইয়াৰ উপৰিও ভাৰতৰ ভিতৰত অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিতাড়ন পৰ্যন্ত ডিটেনচন চেণ্টাৰ বা শিবিৰত চলাচলৰ ওপৰত বাধা আৰোপ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।

নিৰ্দিষ্ট সীমান্তৰক্ষী বাহিনী বা উপকূলৰক্ষী বাহিনীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা অবৈধ অনুপ্ৰৱেশকাৰীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট পৰ্টেলত তেওঁলোকৰ বায়’মেট্ৰিক তথ্য আৰু উপলব্ধ জনগাঁথনিগত তথ্য লাভ কৰাৰ পাছত তেওঁলোকক বিতাড়ন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত কোৱা হৈছে যে, “এজন বিদেশীক ভাৰতত প্ৰৱেশ বা থকাৰ পৰা বঞ্চিত হ’ব পাৰে তলত উল্লেখ কৰা ভিত্তিত, অৰ্থাৎ-যদিহে তেওঁক ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ, চোৰাংচোৱাগিৰি, ধৰ্ষণ আৰু হত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ, সন্ত্ৰাসবাদী আৰু বিধ্বংসী কাৰ্যকলাপৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়, তেনে কামৰ বাবে আৰ্থিক সাহায্য বা ধন সৰবৰাহৰ বা হাৱালাৰ ব্যৱস্থাকে ধৰি ।”

ভাৰতত কৰ্মসংস্থাপন গ্ৰহণৰ বাবে বৈধ ভিছা থকা কোনো বিদেশীয়ে অসামৰিক কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিদ্যুৎ বা পানী যোগান বা পেট্ৰ’লিয়াম খণ্ডত নিয়োজিত ব্যক্তিগত খণ্ডৰ কোনো উদ্যোগত কৰ্মসংস্থাপন গ্ৰহণ কৰিব নোৱাৰিব বুলিও কোৱা হৈছে ।

আদেশত কোৱা হৈছে, “কোনো বিদেশীয়ে বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ, তথ্যচিত্ৰ, ৰিয়েলিটি টেলিভিছন আৰু ৱেব শ্ব’ বা ধাৰাবাহিক, বাণিজ্যিক টেলিভিছন ধাৰাবাহিক বা শ্ব’ আৰু ৱেব শ্ব’ বা ধাৰাবাহিক বা আন যিকোনো ধৰণ বা মাধ্যম যিটো কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নিৰ্দিষ্ট কৰিব পাৰে, ৰাজহুৱা প্ৰদৰ্শনৰ বাবে উদ্দেশ্য কৰি, কেৱল লিখিত অনুমতিৰ সৈতে, আৰু নিৰ্দিষ্ট চৰ্ত সাপেক্ষে ।”

পৰ্বতাৰোহণ অভিযানত নিষেধাজ্ঞা আৰোপ কৰি গৃহ মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লিখিত অনুমতি নোলোৱাকৈ কোনো বিদেশী বা বিদেশী দলে ভাৰতৰ কোনো পৰ্বতৰ শিখৰত আৰোহণ বা বগাবলৈ চেষ্টা কৰিব নোৱাৰিব, পথ নিৰ্দিষ্ট কৰি, যোগাযোগ বিষয়া নিযুক্তি আৰু ফটোগ্ৰাফিক আৰু বেতাঁৰ যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব ।

তদুপৰি, প্ৰতিজন বিদেশীয়ে যিকোনো সংৰক্ষিত বা নিষিদ্ধ অঞ্চলত প্ৰৱেশ বা থকাৰ অনুমতি লাভ কৰিব লাগিব । অৱশ্যে আফগানিস্তান, চীন বা পাকিস্তান মূলৰ কোনো ব্যক্তিক এনে নিষিদ্ধ অঞ্চল ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব । ভাৰতৰ নিষিদ্ধ এলেকাসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিম, জম্মু-কাশ্মীৰৰ কিছু অংশ, উত্তৰাখণ্ড, লাডাখ, হিমাচল প্ৰদেশ আৰু ৰাজস্থান আদি ৰাজ্যসমূহ অন্তৰ্ভুক্ত ।

ব্যুৰো অৱ ইমিগ্ৰেচনে ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰা বিদেশীসকলৰ এখন আপডেট কৰা তালিকা বজাই ৰাখিব । নাৱিক আৰু বিমানৰ ক্ৰু আগমনৰ সময়ত নাৱিক বা বিমানখনৰ ক্ৰুৰ যদি কোনো বিদেশী নাগৰিকৰ বৈধ ভাৰতীয় ভিছা নাথাকে তেন্তে ভাৰতত প্ৰৱেশৰ বাবে লেণ্ডিং পাৰ্মিট বা শ্ব’ৰ লিভ পাছ ল’ব লাগিব বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

গৃহ মন্ত্ৰালয়ে কয় যে যদিহে এনে ব্যক্তিক ভাৰতত উপস্থিতি কোনো আদালতৰ নিৰ্দেশ দিয়া হয়, যদিহে তেওঁলোক জনস্বাস্থ্য বা সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰোগত আক্ৰান্ত হয়, যদিহে তেওঁলোকৰ প্ৰস্থানে কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে বা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশ বা কোনো আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষ বা অন্য নিৰ্দিষ্ট চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা আদেশৰ অধীনত ভাৰত এৰি যাব বা এৰি যাবলৈ অনুমতি দিব নোৱাৰিলে দেশ এৰি যাবলৈ অনুমতি দিয়া নহ’বও পাৰে । ব্যুৰো অৱ ইমিগ্ৰেচনে ভাৰতৰ পৰা যাবলৈ অনুমতি নোপোৱা ব্যক্তিৰ এখন আপডেট কৰা তালিকা বজাই ৰাখিব ।

Immigration and Foreigners Order 2025: অসম অসম হৈ ৰবনে! ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

অসম অসম হৈ ৰবনে!
অসম অসম হৈ ৰবনে!

২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি (Immigration and Foreigners (Exemption) Order, 2025) ৩ খন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন ।

অসম অসম হৈ ৰবনে! ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমত কা গৃহীত কৰাৰ পিছত আন এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আইন ২০২৫ৰ আদেশৰ যোগেদি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত আফগানিস্তান, বাংলাদেশ, পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকক বসবাসৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনে ।

আছুৰ প্ৰতিক্ৰিয়া

এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । ২০২৪ চন পৰ্যন্ত অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দিব বিচৰাৰ ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই কয়, “ভাৰত চৰকাৰে জাৰি কৰা আইনৰ বিৰোধিতা কৰিছোঁ । এই নিৰ্দেশ কা’তকৈও বেছি ভয়াৱহ । ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট দাবী-কা’ৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক ।”
তেওঁ লগতে কয়, “ই এক অদ্ভূত সিদ্ধান্ত । অসমে ইয়াৰ বোজা নলয় । অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় । বিদেশীৰ বোজা জাপি দিয়াটো কোনো কাৰণতে সহ্য নকৰো । কা’ৰ সময়ত আমি যি শংকা কৰিছিলো সেয়া সঁচা প্ৰমাণ হৈছে । অসমৰ জনগাঁথনি সলনি হৈছে, খিলঞ্জীয়া ভাষিক সংখ্যালঘু হ’বলৈ গৈছে । তাৰ পিছতো এনে সিদ্ধান্ত গ্ৰহণ কৰাসকল জাতিদ্ৰোহী । এই আদেশ অসমীয়া জাতি বিৰোধী, খিলঞ্জীয়া বিৰোধী আৰু সাম্প্ৰদায়িক নিৰ্দেশনা ।”
ইফালে কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈ ।
এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি ডিব্ৰুগড়ৰ খোৱাঙত লুৰীণজ্যোতি গগৈয়ে কয়, “অসমৰ ৰাইজে যিটো সন্দেহ আৰু শংকা কৰিছিল সেইটোৱেই হ’বলৈ গৈ আছে । কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈছিল ৪৩ বছৰে বিদেশীৰ বোজা অসমৰ ৰাইজে লৈছে আৰু নাগৰিকত্ব সংশোধনী আইনে বিদেশী অহাৰ বাট মুকলি কৰি দিব । অসমত বিদেশীৰ বোজা জাপি দি অসমৰ ভৱিষ্যৎ নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে দিল্লীয়ে । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদক ভেঙুচালি কৰি কা জাপি দিলে সেই সময়ত । ইয়াৰ পাছত আকৌ ১০ বছৰৰ বোজা অসমৰ ৰাইজক জাপি দিব বিচাৰিছে । দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে । অসমৰ জাতীয় জীৱনক বিপন্ন কৰিবলৈ দিল্লীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ৰাইজে দিল্লীৰ এনে সিদ্ধান্ত আৰু চিন্তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে । অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, আজিও‌ মানি লোৱা নাই । দিল্লীৰ এনেকুৱা ষড়যন্ত্ৰত মাত মাতিব লাগিব আৰু ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব ।”
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, “অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনৰ সময়ত শিৰ ফুলাই কৈছিল ২০১৪ চনলৈ চীল মোহৰ মাৰি দিয়া হ’ল আৰু বিদেশীৰ বোজা অসমে ল’ব নালাগে । আমি তেতিয়াই কৈছিলো এই আইনৰ জৰিয়তে বিদেশী অহাৰ বাট মুকলি হৈ আছে । এই আইন অসমত প্ৰৱৰ্তন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো । অসম জাতীয় পৰিষদে কা মনা নাছিলোঁ, আজিও মনা নাই আৰু ভৱিষ্যতেও নামানো । কা’ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব । এই বিষয়ে কাইলৈৰ পৰাই প্ৰতিবাদ আৰম্ভ হ’ব । মুখ্যমন্ত্ৰীৰ কথাৰ অৰ্থ নাই । মুখ্যমন্ত্ৰীৰ কথা মতে কাম নহয় ।”
পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়ে । তেওঁ কয়, “মই যেতিয়া কৈছিলোঁ মানুহে মোক হাঁহিছিল ৷ বহুত মানুহে মোক উপহাস কৰিছিল ৷ কৈছিল যে এই অখিল গগৈয়ে সদায় বেছি বেছি কয় ৷ মই কৈছিলো আজি ২০১৪ ত যদি আইন সংশোধন হৈ যায় কালিলৈ ‘ডেট’ বদলাই দিব ৷ ২০১৪ ৰ ৩১ ডিচেম্বৰ আছিল আৰু এতিয়া ৩১ ডিচেম্বৰ ২০২৪ কৰি দিলে ৷ কাইলৈ সেইটো ২০৩৪ হ’ব, পাছত ২০৪৫ হ’ব আৰু তাৰ পাছত অনিৰ্দিষ্ট কাললৈ হ’ব ৷”
বাংলাদেশত আজিৰ তাৰিখত ১ কোটি ১০ লাখ হিন্দু মানুহ আছে আৰু অসমত ইতিমধ্যে ২০ লাখ হিন্দু বাংলাদেশী মানুহ আছেহি ৷ এতিয়া মুঠ এই ১ কোটি ৩০ লাখ মানুহৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ এই কা’খনে আনি দিলেনে নাই বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে । তেওঁৰ মতে এনে ক্ষেত্ৰত বাংলাদেশত থকা হিন্দু মানুহ হয় অসম নহ’লে পশ্চিমবংগলৈয়ে আহিব লাগিব ।
গগৈয়ে লগতে কয়, “বাংলাদেশৰ মানুহ এটাই আৰ এছ এছ কৰি আহিব ৷ আৰ এছ এছ কৰি আহি ২০২৪ চনৰ ৩১ ডিচেম্বৰত আহিলে ৷ পাছপ’ৰ্ট নালাগে, আৰ এছ এছ কৰি নিৰ্বাচন খেলাৰ অধিকাৰ লাভ কৰিব, চাকৰি কৰাৰ অধিকাৰ লাভ কৰিব, ব্যৱসায় কৰাৰ অধিকাৰ লাভ কৰিব, নাগৰিকত্ব লাভ কৰিব ৷ নিৰ্বাচন খেলি আৰ এছ এছৰ সুবাদত তেওঁ নিজে এক মিনিটতে মুখ্যমন্ত্ৰী হৈ যাব পাৰিব ৷” সেই কাৰণে বিজেপি আৰ এছ এছয়ে যদি সঁচাকৈ অসমীয়া খিলঞ্জীয়াৰ হাতত অধিকাৰ থকাটো বিচাৰে তেন্তে কেনেকৈ এই কামটো কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷
তেওঁ লগতে চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰি কয়, “আমি ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে যদি ৰাজনৈতিক অধিকাৰ লাগে তেন্তে অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু অসমক ভাৰতৰ সংবিধান ৩৭১(ক)ৰ অধীনত আনক । তেতিয়া মাটি আৰু সম্পদৰ ওপৰত অসমৰ অধিকাৰ থাকিব ৷ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব ৷ তেতিয়াহে জনজাতীয় লোক মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা পাব ।”

অখিল গগৈয়ে বিজেপি আৰু আৰ এছ এছক নিন্দা কৰাই নহয় তেওঁলোকক অসমৰ মাটিত নিষিদ্ধ কৰিব লাগে বুলিও দাবী জনায় ৷ অসমীয়া মানুহে এই কেইটা দলক খেদিব লাগিব নহ’লে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা নহয় বুলিও গগৈয়ে স্পষ্ট কৰে ৷

তেওঁ আহ্বান জনাই, “প্ৰতিজন অসমীয়া মানুহ যাৰ মূৰ আছে, মগজু আছে, হৃদয় আছে, বিবেচনা আছে, যি অসমীয়াত্ব বুজি পায়, নিজকে অসমীয়া বুলি পৰিচয় দিয়ে সেই সকলোৱে ওলাই আহক । আমি আৰ এছ এছ, বিজেপিক অসমৰ পৰা খেদো; নহ’লে ইহঁতে আমাৰ কণ-কঠীয়া মাৰিব ৷”

Bhogeswar Baruah National Sports Award: অসম অলিম্পিক সন্থাৰ দ্বাৰা ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান

Bhogeswar Baruah National Sports Award
Bhogeswar Baruah National Sports Award

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, (Bhogeswar Baruah National Sports Award) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ যশস্বী ক্ৰীড়াবিদসকলক ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰে।

মনু ভাকেৰ, সুনীল ছেত্ৰী, লাভলীনা বৰগোহাঁই, বেদব্ৰত ভৰালী, দীপাংকৰ ভট্টাচাৰ্য, প্ৰিয়ানুজ ভট্টাচাৰ্যক বিভিন্ন শিতানৰ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হয়

গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২৫: অসম অলিম্পিক সন্থাই আজি এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ শুভাৰম্ভ কৰে। এই প্ৰথম বঁটা সমাৰোহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি এই বঁটাসমূহ প্ৰদান কৰে।

অৰ্জুন বঁটা সন্মানেৰে বিভূষিত প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ সন্মানত এই বঁটা প্ৰতি বছৰে ছয়টা শিতানত প্ৰদান কৰা হ’ব- ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, ভাৰতৰ উদীয়মান খেলুৱৈ আৰু জীৱনজোৰা সাফল্যৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু উক্ত তিনি শিতানৰ অসম পৰ্যায়ৰ বঁটা।

“ভোগেশ্বৰ বৰুৱাৰ দৰে এগৰাকী কিংবদন্তি খেলুৱৈৰ সন্মানাৰ্থে এই বঁটা প্ৰতিষ্ঠাৰ জৰিয়তে আমি অতীতক সন্মান জনোৱাৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাক উৎসাহিত কৰিছোঁ।”, কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি এইদৰে কয়।

ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰি অসমৰ প্ৰথম অৰ্জুন বঁটা সন্মানেৰে বিভূষিত ক্ৰীড়াবিদ হিচাপে পৰিচিতি লাভ কৰে। তেখেতে নিজৰ কেৰিয়াৰত ভাৰতীয় সেনাতো সেৱা আগবঢ়াইছিল।

২০২৫ চনৰ প্ৰথম ভোগেশ্বৰ বৰুৱা বঁটা বিজয়ীসকল:

  • শ্ৰেষ্ঠ ক্ৰীড়াবিদ (ৰাষ্ট্ৰীয় পৰ্যায়ত): মনু ভাকেৰ, অলিম্পিক পদক বিজয়ী (শ্বুটিং)
  • জীৱনজোৰা সাধনা বঁটা (ৰাষ্ট্ৰীয় পৰ্যায়ত): সুনীল ছেত্ৰী, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক
  • উদীয়মান খেলুৱৈ (ৰাষ্ট্ৰীয় পৰ্যায়ত): বেদব্ৰত ভৰালী, এথলেটিক্স
  • শ্ৰেষ্ঠ ক্ৰীড়াবিদ (অসম পৰ্যায়ত): লাভলীনা বৰগোহাঁই, অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী (বক্সিং)
  • জীৱনজোৰা সাধনা বঁটা (অসম পৰ্যায়ত): দীপাংকৰ ভট্টাচাৰ্য, বেডমিণ্টন, প্ৰাক্তন অলিম্পিয়ান
  • উদীয়মান খেলুৱৈ (অসম পৰ্যায়ত): প্ৰিয়ানুজ ভট্টাচাৰ্য, সাঁতোৰ

ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ অংশ হিচাপে বিশেষ স্বীকৃতি বঁটা প্ৰেমধৰ শৰ্মা, স্বাধীন ডেকা ৰজা, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, জুৱেল বে’, জয়দীপ দাস, প্ৰদীপ ব্ৰহ্ম, ৰিম্পী বুঢ়াগোহাঁই, ছৈয়দ এছকে আলম, প্ৰয়াত বাবুল ফুকন আৰু ৰাকেশ বণিকক প্ৰদান কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয়, “এই বঁটাৰ শুভাৰম্ভ অসমৰ ক্ৰীড়া জগতৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। ভোগেশ্বৰ বৰুৱা অসমৰ খেল জগতৰ এগৰাকী পথ-প্ৰদৰ্শক আছিল, যিয়ে প্ৰমাণ কৰিছিল যে দৃঢ়তা আৰু শৃংখলাৰ দ্বাৰা অসমৰ প্ৰতিভাই বিশ্ব মঞ্চত স্থান লাভ কৰিব পাৰে। আজি লাভলীনা, হিমা, অংকুশিতা আৰু বহুতে সেই উত্তৰাধিকাৰক আগুৱাই নিছে। ৰাজ্য চৰকাৰ হিচাপে আমি ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ, ক্ৰীড়া অনুষ্ঠানৰ আয়োজন আৰু প্ৰতিটো স্তৰত যুৱ প্ৰতিভাক সমৰ্থনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম যুৱ অলিম্পিক, বিভিন্ন শাখাত ক্ৰীড়া একাডেমীৰ প্ৰতিষ্ঠা আৰু যুৱ ক্ৰীড়াবিদসকলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। “আমাৰ চৰকাৰৰ দৃঢ় বিশ্বাস যে ক্ৰীড়াই জীৱন সলনি কৰিব পাৰে। সেইবাবে আমি জিলাসমূহত গ্ৰাম্য আন্তঃগাঁথনি গঢ়ি তুলিছোঁ, গাঁৱৰ আৰু নগৰৰ যুৱক-যুৱতীৰ বাবে সুযোগ সৃষ্টি কৰিছোঁ। এই প্ৰচেষ্টাৰ জৰিয়তে আমি অসমক ভাৰতৰ ক্ৰীড়াৰ সাফল্যৰ মানচিত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰোঁ,” তেখেতে কয়।

পূৰ্বৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমক দেশৰ অন্যতম ক্ৰীড়া প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰি ইয়াৰ প্ৰগতিৰ কথা উল্লেখ কৰে।

“আহক, আমি আটায়ে ভূপেনদাৰ কালজয়ী গীত ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ’ৰ দ্বাৰা উদ্বুদ্ধ হৈ ক্ৰীড়াক্ষেত্ৰত ন উদ্যমেৰে আগবঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ। ক্ৰীড়াক্ষেত্ৰই এগৰাকী ব্যক্তিক সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ লগতে সুস্থ মানসিকতাৰো গঢ় দিয়ে আৰু এটি সুন্দৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। আমাৰ ক্ৰীড়াক্ষেত্ৰতো প্ৰচুৰ সম্ভাৱনা আৰু সম্পদ লুকাই আছে। আমি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা এই সম্পদ, সম্ভাৱনাসমূহ আৱিষ্কাৰ কৰি আগবঢ়াৰ প্ৰয়াস কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ক্ৰীড়াক্ষেত্ৰক গতিশীল কৰাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। তাৰ ভিতৰত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি উল্লেখযোগ্য। এই আঁচনিৰ জৰিয়তে খেলুৱৈসকলক আৰ্থিক সহায়ৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা হৈছে। ফলত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে কৈছে, ‘খেলোগে তো খিলোগে।’ অৰ্থাৎ খেলজগতত নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিলে আমি সফলতাৰ পথত আগবাঢ়িব পাৰিম। খেলে আমাৰ জীৱনত আনন্দৰ সৃষ্টি কৰে। জীৱনক প্ৰেৰণাময় কৰি তোলে।”, সোণোৱালে উল্লেখ কৰে।

সোণোৱালে লগতে কয়, “আজি ৰাজ্যিক ক্ৰীড়া দিৱসৰ দিনা আমি অসমক দেশৰ ক্ৰীড়াক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। ছাফ গেমছৰ সময়ত গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰ ফলত হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে বিশ্বমানৰ খেলুৱৈ আমি পাইছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অসমৰ আগশাৰীৰ খেলুৱৈসকলে ইতিমধ্যে অসমৰ নাম বিশ্বত জনপ্ৰিয় কৰিছে। তেখেতসকলৰ সুস্বাস্থ্য আমাৰ সদায় কাম্য। আজি ইয়াত ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছে। তোমালোকক অনুৰোধ কৰি কৈছোঁ, তোমালোকে অধ্যয়নৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো মনোযোগ দিয়া। আমাৰ জীৱনৰ তিনিখন পথাৰত যদি আমি একাগ্ৰতা, শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা দেখুৱাবলৈ সক্ষম হওঁ, তেন্তে আমাৰ সমাজখন বিশ্বৰ শ্ৰেষ্ঠ সমাজত পৰিণত হোৱাত কোনেও বাধা দিব নোৱাৰে। এই তিনিখন পথাৰ হৈছে শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া।”

“ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ প্ৰতিগৰাকী অসমীয়া আৰু প্ৰতিগৰাকী ভাৰতীয় ক্ৰীড়াবিদৰ বাবে প্ৰেৰণাৰ উৎস হওক। তেওঁলোকে যাতে ডাঙৰ সপোন দেখে, কঠোৰ পৰিশ্ৰম কৰে আৰু আমাৰ ৰাষ্ট্ৰক গৌৰৱান্বিত কৰে, তাৰেই কামনা কৰিলোঁ”, সোণোৱালে কয়।

অনুষ্ঠানত অসমৰ খেল মন্ত্ৰী নন্দিতা গাৰ্লোছা, অৰ্জুন মনালিছা বৰুৱা মেহতা, হিমা দাস, কমলেশ মেহতা, তৈয়বুন্নিছা, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়া, বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

CAA cut-off date extended: ২০২৪ৰ ৩১ ডিচেম্বৰলৈকে অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্বঃ অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

CAA cut-off date extended
CAA cut-off date extended

২০২৪ৰ ৩১ ডিচেম্বৰলৈ (CAA cut-off date extended) অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্ব। হিন্দু লোককে ধৰি ৬টা ধৰ্মৰ ধৰ্ম বা ধৰ্মীয় বিভাজনৰ বলি হৈ ভাৰতত আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্ব দিয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ৷ ২০১৪ চন নহয়, এতিয়া ২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি তিনিখন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব।

ধৰ্মীয় বিভাজনৰ বলি ৩ দেশৰ ৬টা ধৰ্মৰ আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্বৰ আবেদনৰ ভিত্তিবৰ্ষৰ সীমা ১০ বছৰ বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই অধিসূচনা অনুসৰি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়েও পাব ভাৰতৰ নাগৰিকত্ব । বাংলাদেশৰ লগতে পাকিস্তান,আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান— ৬টা ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন ৷ এই অধিসূচনা জাৰিৰ পূৰ্বে যোৱা বছৰ বলবৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ভিত্তি বৰ্ষ আছিল ৷

CAA cut off date extended
ৰাজপত্ৰিত অধিসূচনা (ETV Bharat Assam)
যোৱা ১ ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ কুমাৰ ব্যাসে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে। এই ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ (Immigration and foreigners (Exemption) order 2025) অধিসূচনাৰ ৪নং পৃষ্ঠাৰ অন্তৰ্গত এক সূচীত (ঙ)ত স্পষ্টভাৱে এই সংশোধনৰ কথা উল্লেখ কৰা হৈছে ৷ এই অধিসূচনাত ধৰ্মৰ ভিত্তিত চুবুৰীয়া ৩ খন দেশৰ পৰা ভাৰতলৈ অহা হিন্দু ধৰ্মকে ধৰি ৬টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ ভিত্তি বৰ্ষৰূপে ২০২৪ৰ ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ।

CAA cut off date extended
ৰাজপত্ৰিত অধিসূচনা (ETV Bharat Assam)
ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ৰ ধাৰা ৩ৰ উপ-ধাৰা (১), (২) আৰু (৩) আৰু ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ ৰুলছ, ২০২৫ৰ অধিনিয়ম ৭, ৮ আৰু ৯ অনুসৰি, এই তিনিখন দেশৰ পৰা অহা সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে পাছপোৰ্ট বা অন্য ভ্ৰমণাদিৰ নথি-পত্ৰৰ প্ৰয়োজন নহ’ব ।

অধিসূচনাখনৰ ৪ নং পৃষ্ঠাত লিখা নিৰ্দেশনাখিনি অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াত স্পষ্টভাৱে লিখা হৈছে, — অসমৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ । গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এখন অধিসূচনাখনত কোৱা হৈছে, “আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তি—হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান—যি ধৰ্মীয় নিৰ্যাতন বা ধৰ্মীয় নিৰ্যাতনৰ ভয়ৰ বাবে ভাৰতত আশ্ৰয় লাভ কৰিবলৈ বাধ্য হৈছিল আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে বৈধ নথি-পত্ৰ, যেনে- পাছপোৰ্ট বা অন্য ভ্ৰমণ নথি-পত্ৰ অবিহনে, বা বৈধ নথি-পত্ৰ, যেনে- পাছপোৰ্ট বা অন্য ভ্ৰমণ নথি-পত্ৰৰ সৈতে দেশত প্ৰৱেশ কৰিছিল, আৰু এনে নথি-পত্ৰৰ বৈধতাৰ ম্যাদ উকলি গৈছে, তেওঁলোকে বৈধ পাছপোৰ্ট আৰু ভিছা থাকিবলগীয়া নিয়মৰ পৰা ৰেহাই পাব ।”

আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই এই প্ৰসংগত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি আশংকা কৰাৰ বিপৰীতে ইমান কম সংখ্যক আবেদনৰ পটভূমিত ‘কা’ সন্দৰ্ভত আলোচনা কৰাটো অসাৰ ।

তেওঁ কয়, “অসমত চি এ এৰ অধীনত এতিয়ালৈকে মাত্ৰ তিনিজন লোকেহে নাগৰিকত্ব লাভ কৰিছে । এই পৰ্যন্ত আমি মাত্ৰ ১২ খন আবেদনহে পাইছোঁ । বাকী ৯ খন আবেদন বিবেচনাধীন হৈ আছে ।”

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতাত অসম অগ্নিগৰ্ভ হোৱাৰ প্ৰসংগত উত্থাপন কৰি মুখ্যমন্ত্ৰীজনে কয়, “অসমত ২০-২৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব বুলি চিঞৰ-বাখৰ লগাই আছিল । এতিয়া আপুনি নিজেই বিবেচনা কৰক যে যেতিয়া আমি মাত্ৰ ১২ খন আবেদনহে পাইছোঁ, তেনেক্ষেত্ৰত ‘কা’ সম্পৰ্কে আলোচনা কৰাটো প্ৰাসংগিক নেকি?”

ইফালে ভাৰতত ধৰ্মৰ ভিত্তিত ২০২৪ৰ ৩১ ডিচেম্বৰলৈ হিন্দুকে ধৰি ৬ টা ধৰ্মৰ ভগনীয়াক আশ্ৰয় দি ভাৰতীয় নাগৰিকত্ব দিয়াটো নিৰ্ধাৰণ কৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল সংগঠনে ধৰ্মীয় ভগনীয়াসকলক নাগৰিকত্ব দিয়াৰ ভিত্তিবৰ্ষ ১০ বছৰ বঢ়াই ২০১৪ৰ ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে এতিয়া ২০২৪ চনৰ ৩১ কৰা কাৰ্যৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। শীঘ্ৰেই এই অধিসূচনা বাতিলৰ দাবী জনাইছে দল-সংগঠনসমূহে।উল্লেখ্য যে ২০১৯ৰ নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ সময়ত সমগ্ৰ অসমজুৰি বিদ্ৰোহৰ অগনি জ্বলিছিল। য’ত মুঠ পাঁচজনকৈ লোকৰ সেই গণবিদ্ৰোহত মৃত্যু ঘটিছিল।

Teachers Day: ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত শিক্ষক দিৱসৰ আয়োজন, শিক্ষক-শিক্ষয়ত্রীলৈ বঁটা প্রদান অনুষ্ঠান-২০২৫

Teachers Day: ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত শিক্ষক দিৱসৰ আয়োজন, শিক্ষক-শিক্ষয়ত্রীলৈ বঁটা প্রদান অনুষ্ঠান-২০২৫
Teachers Day: ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত শিক্ষক দিৱসৰ আয়োজন, শিক্ষক-শিক্ষয়ত্রীলৈ বঁটা প্রদান অনুষ্ঠান-২০২৫

ভাৰতীয় দলিত সাহিত্য (Teachers Day) একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত অহা ৫ ছেপ্টেম্বৰ তাৰিখ শুক্রবাৰে গুৱাহাটীৰ আমবাৰীস্থিত প্রেছ ক্লাৱত দিনৰ ১১ বজাৰ পৰা ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীত ৬৪ সংখ্যক “শিক্ষক দিৱস” উদযাপনৰ আয়োজন কৰা হৈছে । শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকীও নমস্য শিক্ষক-শিক্ষয়ত্রীক সম্বর্ধনা জনাবলৈ প্রয়াস কৰাৰ লগতে বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি অশ্বিনী কুমাৰ নাথ, উপসভাপতি শংকুসিদ্ধ নাথ আৰু সম্পাদক ৰঞ্জন বড়োৱে জানিবলৈ দিছে।

সেইমতে কার্য্যক্রমণিকা অনুসৰি পুৱা ১১ বজাত বন্তি প্রজ্বলন কৰিব ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ সদস্য জন্মেজয়ী দাসে। ১১.১০ বজাত ড° সর্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্রতিকৃতিত মাল্যার্পণ কৰিব ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰঞ্জন বড়োৱে। ইয়াৰ পিছতে ১১.২০ বজাত ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ উপদেষ্টা অজিত কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগা সভাখনত অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, দৈনিক অসম কাকতৰ সম্পাদক দিলীপ চন্দন, আকাশবাণী গুৱাহাটী কেন্দ্রৰ কাৰ্যকৰ্তা ঋতুপর্ন দাস, গণ সংবাদৰ ষ্টাফ ৰিপ’ৰ্টাৰ খগেন ভূঞা, ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ উপদেষ্টা হেমচন্দ্র কলিতা, নগাঁওৰ কৃতী শিক্ষক ভৈৰৱ মহন্ত, ধুবুৰীৰ ৰাজ্যিক কৃতী শিক্ষক ২০২১ বঁটা প্রাপক জয়াৰাণী ৰায় আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি অশ্বিনী কুমাৰ নাথে আদৰণী ভাষণ আগবঢ়াব লগা সভাখনত তামুলপুৰৰ ৰাষ্ট্ৰীয় বঁটা প্রাপ্তক কৃতী শিক্ষক বিনন্দ স্বর্গীয়াৰীক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে সৰুপেটাৰ ড০ নমিতা দাস গুৰুঙ, ডিব্ৰুগড়ৰ আনন্দ কলিতা, বজালীৰ দীপক ৰয়, ধুবুৰীৰ সোনালী গুহৰায়, বাক্সাৰ ৰণজিৎ কুমাৰ দাস, শোণিতপুৰৰ ভূৱন ছেত্ৰী, খনামুখৰ অনিল গৌতম, বাঁহবেৰাৰ দীপচান্দ সৎনামী প্ৰমুখ্যে সমগ্ৰ অসমৰ পৰা প্ৰায় ৩০ গৰাকী নিৰ্বাচিত কৃতী শিক্ষকক বঁটা প্ৰদান কৰা হ’ব। সেয়েহে, উক্ত দিৱসৰ সমূহ কার্য্যসূচীতে সাহিত্যপ্ৰমী ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক তথা ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিয়ে।।

New GST:  GSTক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহু সামগ্ৰীৰ দাম কমিছে!

GSTক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
GSTক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

GSTক লৈ কেন্দ্ৰীয় (New GST) চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এতিয়াৰ পৰা স্বাস্থ্য আৰু জীৱন বীমাত নাথাকিব কোনো GST, বিলাসী সামগ্ৰীক ৪০%ৰ GST শ্লেবত অন্তৰ্ভুক্ত, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।২২ ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ’ব GSTৰ এই নতুন নিৰিখ। কি কি সামগ্ৰীত দাম কমিব-

টুথপেষ্টৰ ক্ষেত্ৰত GSTৰ হাৰ ১৮%ৰ পৰা ১২%লৈ হ্রাস পোৱাৰ সম্ভাৱনা

চাবোন, চেম্পু, তেলৰ ক্ষেত্ৰত GSTৰ হাৰ ১৮%ৰ পৰা ৫%লৈ হ্ৰাসৰ সম্ভাৱনা

হোটেল আৰু চিনেমা টিকটৰ ক্ষেত্ৰত কৰ হ্রাস পাব ১২%ৰ পৰা ৫%লৈ

বিভিন্ন বস্ত্র সামগ্ৰীৰ ক্ষেত্ৰত GST ৫%ৰ পৰা ১২%লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

ছ’লাৰ কুকাৰৰ ক্ষেত্ৰত GST হ্রাস পাব ১২%ৰ পৰা ৫% লৈ

কৃষি আৰু সাৰৰ ক্ষেত্ৰতো হ্রাস পাব GSTৰ হাৰ

৩৩বিধ ঔষধৰ GST ১২%ৰ পৰা শূন্যলৈ হ্ৰাস

চিমেণ্টৰ ওপৰত কৰ ২৮%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে

আনহাতে GST শূন্য হৈছে পাউদাৰ গাখীৰ, পিজ্জাত

গুটখা, পান মচলা, চিগাৰেটত প্ৰযোজ্য হ’ব ৪০ শতাংশ GST

১০০-১৫০ CC বাইকত ২০ হাজাৰ টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা

হ্ৰাস পাব মবাইলৰ ফোনৰ দাম

Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ; গৱেষণাত প্ৰকাশ পাইছে এই তথ্য!

Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ
Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ

বেছিভাগ ভাৰতীয় (Black Tea) মানুহেই দিনটোত বহুত কেই কাপ চাহ খাই। চেনিযুক্ত চাহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয় কিন্তু আপুনি জানেনে যে চেনিবিহীন চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

শেহতীয়াকৈ এক গৱেষণাৰ পৰা দেখা গৈছে যে চাহ, বিশেষকৈ গ্ৰীণ টি আৰু ক’লা চাহে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাই নহয়, হৃদযন্ত্ৰ, ডায়েবেটিছ, বাতবিষ আৰু মগজুৰ লগত জড়িত ৰোগতো উপকৃত হ’ব পাৰে।

চাহ শৰীৰৰ বাবে উপকাৰী-

আমেৰিকান নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি চাহপাতত বিশেষকৈ ইজিচিডি নামৰ মৌল এটাত পোৱা পলিফিনলে শৰীৰৰ প্ৰদাহ কমায়, কোষবোৰ ভাঙি যোৱাত বাধা দিয়ে আৰু বিপজ্জনক উপাদানৰ বিৰুদ্ধে যুঁজ দিয়ে।

ক’লা চাহ খোৱাৰ উপকাৰিতা-
গৱেষণাৰ দাবী যে দৈনিক ৩ৰ পৰা ৫ কাপ গ্ৰীণ টি বা ক’লা চাহ খোৱা লোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা কম। ছালৰ কৰ্কট ৰোগ, প্ৰষ্টেট কেন্সাৰ, হাওঁফাওঁৰ কৰ্কট ৰোগ আনকি স্তন কেন্সাৰতো চাহ ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। কিন্তু, অতি গৰম চাহ খালে উপকাৰতকৈ ক্ষতি বেছি হয়। কেৱল কেন্সাৰেই নহয়, চাহ হৃদৰোগতো উপকাৰী। গ্ৰীণ টিয়ে শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰে, চৰ্বি ফ্লাছ আউট কৰাত সহায় কৰে, হৃদযন্ত্ৰৰ নলী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও গ্ৰীণ টি ভাল বিকল্প হ’ব পাৰে, কিয়নো ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

চেনিৰ সৈতে চাহ খোৱাটো ক্ষতিকাৰক-

খালী পেটত বা অতিৰিক্ত চেনিৰ সৈতে বেছিকৈ চাহ খোৱাতো শৰীৰৰ ক্ষতি হ’ব পাৰে। যদি সঠিকভাৱে, ভাৰসাম্য ৰক্ষা কৰি খোৱা হয়, তেন্তে চাহে কেৱল দিনটো আৰম্ভ কৰাই নহয়, আপোনাৰ জীৱনটোও ভাল কৰি তুলিব পাৰে।

Punakonor Hopun: প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন পোনাকণৰ সপোনঃ শিশু মনত পৰিৱেশ সচেতনতা জগাই তুলিবলৈ এখন অনন্য গ্ৰন্থ

প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন পোনাকণৰ সপোনঃ
প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন পোনাকণৰ সপোনঃ

পাঞ্চজন্য বুকছে (Punakonor Hopun) গ্ৰন্থমেলাৰ বতৰতে মানস প্ৰতিম দত্তৰ এখন মনোমোহা পাৰিপাৰ্শ্বিক গল্প সংকলন ‘পোনাকণৰ সপোন’ প্ৰকাশৰ যো-জা চলাইছে। শিশু আৰু চেমনীয়াসকলক আকৰ্ষণ কৰিবৰ পৰা মনোৰম গল্পৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনী আৰু জীপাল ছবিয়ে যুৱ মনত সেউজীয়া ভৱিষ্যত গঢ়ি তোলাৰ দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব।


ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতি নিষ্ঠাবান সমৰ্থক মানস প্ৰতিম দত্তই তেওঁৰ শিশু গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে। অসমৰ বিভিন্ন স্থানত সম্প্ৰদায়-চালিত পৰিৱেশ সংৰক্ষণৰ লগতে সক্ৰিয়ভাৱে পৰিৱেশ সুৰক্ষা, জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত হৈ আছে। এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।


হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকততো প্ৰকাশ পাইছে। শিশুসকল স্বাভাৱিকতে কাহিনীৰ প্ৰতি আকৰ্ষিত হয়, আৰু তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘পোনাকণৰ সপোন’ৰ জৰিয়তে লেখকে পৰিৱেশ সুৰক্ষাক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো কাহিনীৰ সৈতে আকৰ্ষণীয়কৈ বিভিন্ন ছবি সংযোজন কৰা হৈছে। শিশুসকলক গল্পৰ জৰিতে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি লেখক দত্তই জনাইছে।


পাঞ্চজন্য বুকছৰ দ্বাৰা প্ৰকাশ পাবলগীয়া এই গ্ৰন্থখনৰ কল্পনাপ্ৰসূত কাহিনীৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তাক যুৱ পাঠক আৰু শিক্ষকসকলৰ মাজলৈ সুপৰিকল্পিতভাৱে লৈ যাব বুলি আশা কৰিব পাৰি। সম্ভ্ৰান্ত প্ৰকাশনগোষ্ঠী পাঞ্চজন্য বুকছে প্ৰকাশ কৰিবলগীয়া গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব।

GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ’ল চিকিৎসক, নাৰ্ছসহ কেইবাজনো

GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ'ল চিকিৎসক নাৰ্ছসহ কেইবাজনো
GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ'ল চিকিৎসক নাৰ্ছসহ কেইবাজনো

অৱশেষত GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ’ল চিকিৎসক নাৰ্ছসহ কেইবাজনো। GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত দুই চিকিৎসকক বহিষ্কাৰ কৰা হৈছে। ডাঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। দুই চিকিৎসকে তদন্ত কমিটীক বিপথে পৰিচালিত কৰাৰ লগতে হেৰফেৰ কৰিছিল চিকিৎসালয়ৰ তথ্য।

GMCHৰ নৱজাতকৰ মৃত্যুৰ তদন্তৰ পাছত ব্যৱস্থা গ্রহণ কৰা হৈছিল। তিনিজনীয়া তদন্ত কমিটীৰ অন্তত ডাঃ অনুপমা ডেকা, ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বন। ডাঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক ছমাহৰ বাবে বহিষ্কাৰ। দুই চিকিৎসকে বিপথে পৰিচালিত কৰিছিল তদন্ত কমিটীক লগতে হেৰফেৰ কৰিছিল। চিকিৎসালয়ৰ তথ্যও ডাঃ ঋষিকেশ ঠাকুৰীয়া PG দ্বিতীয় বৰ্ষৰ শিক্ষার্থী ডাঃ পূজা PG প্ৰথম বৰ্ষৰ শিক্ষার্থী। চিকিৎসা মহাবিদ্যালয়খনৰ অনুশাসন ভংগৰ বাবে ২ চিকিৎসকক শাস্তি। ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰক নিলম্বন কৰা হৈছে লগতে নাৰ্ছ ইনচার্জ গোমতী দেৱী, চন্দনা নাথক নিলম্বন কৰা হৈছে।

১৭ আগষ্টত সংঘটিত হৈছিল GMCHত নৱজাতকৰ মৃত্যুৰ সেই চাঞ্চল্যকৰ কাণ্ড।