Home Blog Page 711

পাঞ্জাবাৰীত অসমীয়া পৰম্পৰাগত ৰন্ধনশৈলী বিষয়ক কৰ্মশালা আৰু আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী ,৯ জুলাই: পৰম্পৰাগত খাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চল আৰু অসমীয়া পৰম্পৰাগত ৰন্ধন শৈলীৰ এখন কৰ্মশালা আৰু তথ্য জ্ঞান ভিত্তিক আলোচনা চক্ৰ ৭ জুলাইত গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হৈ যায় । কৰ্মশালা আৰু আলোচনা চক্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক অংশগ্ৰহণকাৰিয়ে যোগদান কৰে ।

প্ৰশিক্ষক হিচাপে আছিল মিতালী কলিতা আৰু মৃদুস্মিতা দত্ত দুৱৰা । আলোচনাচক্ৰ খনত উপস্থিত আছিল সাহিত্যিক ইছমাইল হুছেইন , দৈনিক অসম কাকতৰ বাৰ্তা সম্পাদক ৰঞ্জিত হাজৰিকা , অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিষয়ক পৰামৰ্শদাতা ৰাতুল দাস আৰু প্রিয় বন্ধু অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰ । আনহাতে অনুষ্ঠানটোত চৈয়দা চমিনা আৰফিন চিষ্টি , কাবেৰী গগৈ ডেকা আৰু ৰুমী দেৱান উপ দে উপস্থিত আছিল ।

সুদীৰ্ঘ ১০ মাহৰ পিছত লাডাখত উদ্ধাৰ হ’ল অসমৰ সেনা জোৱান  গৌতম ৰাজবংশীৰ মৃতদেহ

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ ৯ জুলাইঃ সূদীৰ্ঘ ১০ মাহৰ মূৰত উদ্ধাৰ হৈছে ভাৰতীয়া সৈন্য বাহিনীৰ জোৱান তথা অসম সন্তান  গৌতম ৰাজবংশীৰ মৃতদেহ ৷ ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কাৰপুনপুলিৰ নিৱাসী গৌতম ৰাজবংশীয়ে ভাৰতীয় সৈন্য বাহিনীত চাকৰি লাভ কৰি কেন্দ্ৰীয় শাসিত ৰাজ্য লাডাখত প্ৰশিক্ষণ লৈ আছিল ৷

প্ৰশিক্ষণৰ সময়তে গৌতম ৰাজবংশী লাডাখৰ উচ্চ শৃংগৰ পাহাৰত আবদ্ধ হৈ পৰিছিল ৷ ভাৰতীয় সৈন্য বাহিনীয়ে লাডাখ আৰক্ষীৰ সহযোগত নিৰুদিৰ্ষ্ট গৌতমক উদ্ধাৰৰ বাবে অবিৰাম গতিত অভিযান চলাইছিল ৷ কেইবামাহো অভিযান চলোৱাৰ পাছতো ভাৰতীয় সৈন্যবাহিনীয়ে গৌতমক উদ্ধাৰ কৰিব পৰা নাছিল ৷  ভাৰতীয় সেনাবাহিনীয়ে গৌতমৰ উদ্ধাৰৰ আশা এক প্ৰকাৰ এৰি দিছিল ৷ কিন্তু কালি সোমবাৰে ভাৰতীয় সেনাবাহিনীৰ এটা দলে নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ লাডাখৰ পাহাৰত গৌতমৰ মৃতদেহ উদ্ধাৰ কৰে ৷

গৌতম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে সমগ্ৰ গোগামুখত গভীৰ শোকৰ ছাঁ পৰিছে ৷ ধেমাজি জিলা আছুৰ উপসভাপতি ঋতুপৰ্ণ কোঁছ, গোগামুখ আঞ্চলিকৰ সভাপতি প্ৰবাল চাংমাই, সম্পাদক নবীন বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি বলোৰাম টাইদ, সম্পাদক পাপুল দাস, সদৌ টাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সম্পাদক খগেন কোঁৱৰে গৌতম ৰাজবংশীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

মৰিগাঁও জিলা দবাত ৰিপন সৰকাৰৰ চেম্পিয়ন

মৰিগাঁও , ৯ জুলাই : মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৰিপুন সৰকাৰে । গত আৰু ৯ জুলাইত মৰিগাঁও মজলীয়া বিদ্যালয়ত মৰিগাঁও জিলা দবা সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত জিলা বাচনি দবা প্ৰতিযোখনৰ ৬ খেলত ৫ পইণ্ট লাভ কৰি চলিত বৰ্ষৰ চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

আনহাতে পূৰ্বৰ চেম্পিয়ন কমল ডেকা আৰু পীয়ূষ প্ৰিতম্ মচৰঙে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে সমসংখ্যক ৫ পইণ্টৰে । উল্লেখ্য যে তিনিও গৰাকী দবাৰুৱে সমানে ৫ পইণ্টকৈ অৰ্জন কৰে যদিও উন্নত টাইব্ৰেক পদ্ধতিয়ে প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান নিৰ্ধাৰণ কৰা হয় । আনহাতে ৪.৫ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ চতুৰ্থ স্থান লাভ কৰে উত্তম কুমাৰ বিশ্বাসে ।

বিজয়ী আৰু বিজিত খেলুৱাই সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় । মৰিগাঁও জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব কৰা পুৰস্কাৰ বিতৰণী সভাখনত উপস্হিত থাকে বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া , লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া বিকাশ ছেত্ৰী , যুটীয়া স্বাস্হ্য সঞ্চালক ড০ অৰুণ কুমাৰ নাথ , মৰিগাঁও দবা একাডেমি সঞ্চালিকা সংঘমিত্ৰা নাথ মজুমদাৰ , মৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপন ভূঞা , জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাকে ধৰি বহুকেইগৰাকী মান্য ব্যক্তি । প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল আন্ত:ৰাষ্ট্ৰীয় আৰ্বিটাৰ এম অৰুণ সিঙে । উল্লেখ্য যে প্ৰতিযোগিতা খনৰ প্ৰথম চাৰি নম্বৰ স্থান প্ৰাপ্ত খেলুৱৈ কেইগৰাকীয়ে ১৬ -২০ জুলাইত নগাঁৱত অনুষ্ঠিত হ’ব লগা ৪৭ সংখ্যক সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতাত মৰিগাঁও জিলা প্ৰতিনিধিত্ব কৰিব ।

ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি প্ৰাপ্ত সকলো ভাৰতীয়ক মুকলি কৰিব ৰাছিয়াই! নৰেন্দ্ৰ মোদী-পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত…

ৰাছিয়াৰ সেনা বাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক অব্যাহতি দিয়া হ’ব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ এয়া এক বৃহৎ সফলতা হিচাপেও চৰ্চিত হৈছে।জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বিষয়টো উত্থাপন কৰিছিল। ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত নিযুক্তিপ্ৰাপ্ত দুই ভাৰতীয়ৰ মৃত্যুৰ পিচতে এই বিষয়টো ভাৰতে শক্তিশালীভাৱে উত্থাপন কৰিব বুলি আশা কৰা হৈছিল । সেই অনুসৰি ভাৰতৰ বাবে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক বিচক্ষণ কূটনৈতিক কৌশলৰ পৰিণতি বুলিও বিশ্বাস কৰা হৈছে।

কিয়নো তেওঁ ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰিছিল। অৱশেষত ৰাছিয়াই ভাৰতীয় নাগৰিকসকলক সেনা বাহিনীৰ পৰা অব্যাহতি দিয়াত বাধ্য হোৱাত জয়শংকৰৰ ৰণনীতিক সকলোৱে প্ৰশংসা কৰিছে।ৰাছিয়াৰ যুদ্ধত ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনাত যোগদান কৰিবলৈ প্ৰতাৰিত কৰা হৈছিল। জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘৰ্ষত ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া দুগৰাকী ভাৰতীয় নাগৰিক নিহত হয় ।জয়শংকৰে সংবাদ মাধ্যমক কৈছিল যে কেইবাগৰাকী ভাৰতীয়ক ৰাছিয়াৰ সেনা বাহিনীত নিয়োগ কৰা হৈছিল।

সেই লোকসকল ভাৰতলৈ ঘূৰি আহিলে হে সকলো কথা স্পষ্ট হ’ব বুলি তেওঁ উল্লেখ কৰিছিল। কিন্তু পৰিস্থিতি যিয়েই নহওঁক ভাৰতীয় নাগৰিকে যুদ্ধক্ষেত্ৰত আন এখন দেশৰ সৈন্য বাহিনীত যোগদান কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ কৈছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে ভাৰতে বিষয়টোক লৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি আছে।বৈদেশিক মন্ত্ৰালয়ৰ মতে ৰাছিয়াৰ সেনা বাহিনীত সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি থকা ভাৰতীয় নাগৰিকসকলৰ ভিতৰত প্ৰায় ১০ গৰাকী ভাৰতলৈ উভতি আহিছে৷ আনহাতে আন ২০ গৰাকী লোক এতিয়াও লাভজনক চাকৰিৰ প্ৰলোভনৰ বাবে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাৰ হৈ যুঁজ দিয়াত নিয়োজিত হৈ আছে।ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা বৈঠকৰ পিচত সেনা বাহিনীত নিযুক্ত ভাৰতীয়সকলক অব্যাহতি দিয়াৰ সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।

গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আনন্দৰ খবৰঃ অধ্যক্ষ-অধ্যাপকলৈ আমেৰিকাৰ প্ৰখ্যাত মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ সোণৰ মেডেল… 

বৃহত্তৰ গোগামুখ আৰু গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আহিছে আনন্দৰ খবৰ৷ মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড° সুৰজিৎ দলে আৰু অংকশাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক সদানন্দ পেগুলৈ আমেৰিকাৰ প্ৰখ্যাত তথা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিৰ  ফালৰ পৰা  সোণৰ পদক প্ৰদান কৰিছে৷

উক্ত পদক  মূলতঃ মহাবিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা সেৱামূলক কৰ্ম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰা ত্যাগ স্বীকাৰৰ বাবে মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিব৷ সমাগত ১৪ জুলাই নতুন দিল্লীৰ  লডি পথস্থিত গুলমোহৰ ইণ্ডিয়ান হেবিটেত চেন্টাৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিৰ বিষয়-ববীয়াৰ উপস্থিতিত প্ৰদান কৰা হ’ব৷

আমেৰিকাৰ মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিয়ে ঝাৰখণ্ডস্থিত ইণ্ডিয়ান ৰিচাৰ্চ ফ’ৰামৰ সহযোগত সমগ্ৰ ভাৰত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ তথ্য সংগ্ৰহ কৰে আৰু উক্ত তথ্যৰ ভিত্তিত উক্ত বঁটাসমূহ প্ৰদান কৰে৷ উল্লেখনীয় যে, ধেমাজি জিলাৰ গোগামুখ লটাকস্থিত  এন চি ডি মহাবিদ্যালয়খন ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল৷ মহাবিদ্যালয়খনৰ চৌপাশ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আৰু শৃংখলাবদ্ধতাৰ ফালৰ পৰা মহাবিদ্যালয়খন অন্যন্য৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দলে আৰু সহযোগী অধ্যাপক সদানন্দ পেগুৰ সোণৰ পদক লাভে এন চি ডি মহাবিদ্যালয়ৰ লগতে সমগ্ৰ গোগামুখত এক আনন্দৰ লহৰ তুলিছে৷

কাহিলীপাৰাৰ নিবাসী সমাজকৰ্মী ভৱেশ দাসৰ বিয়োগ…

মহানগৰীৰ শিলপুখুৰীৰ আৰু বৰ্তমান কাহিলীপাৰাৰ নিবাসী সমাজকৰ্মী আৰু অতি সৰবৰহী ব্যক্তি ভৱেশ দাসৰ সোমবাৰে সন্ধিয়া ৫.৩০ বজাত নিজ বাসভৱনত হৃদ ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৯ বছৰ৷

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ভৱেশ দাসৰ মৃত্যু হোৱাৰ খৱৰে অঞ্চলটোত শোকৰ ছাঁ পেলায়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু অসংখ্য আত্মীয় স্বজনক এৰি থৈ যায়৷ পৰিয়ালৰ সদস্যসকলৰ লগতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ০৮ জুলাইত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

বৰ্তমানেও জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃণ অঞ্চল! উদ্যানখনৰ ৬৯ টা বন শিবিৰ জলমগ্ন…

বৰ্তমানেও জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃণ অঞ্চল। কাজিৰঙাত বানৰ ফলত বন্য জন্তুৰ আলৈ-আথানি। উদ্যানখনৰ মুঠ ২৩৩ টা বনশিবিৰৰ ৬৯ টা বন শিবিৰ জলমগ্ন।উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ১৪ টা বন শিবিৰ, কহঁৰা বনাঞ্চলৰ ২২ টা, বাগৰী বনাঞ্চলৰ ২০ টা, বোকাখাত বনাঞ্চলৰ ৪ টা, বুঢ়াপাহাৰ ৪ টা, বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ ১ টা বন শিবৰ জলমগ্ন। সোমবাৰৰ তথ্য অনুসৰি বৰ্তমানলৈ ১৩১ টা বন্যপ্ৰাণী বিভিন্ন কাৰণত নিহত হোৱাৰ বিপৰীতে ৯৭ টা বন্যজীৱ উদ্ধাৰ কৰা হৈছে। পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও কাজিৰঙাত অন্ত পৰা নাই বান-দুৰ্যোগৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো।

যিসমূহ ওলাই আহিব নোৱাৰা বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্রয় লৈ থাকিব লগিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যান খনৰ হাইলেণ্ড সমূহত। এতিয়াও আশ্রয়লৈ আছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গঁড়, হাতী, ম’হ, হৰিণ আদি বন্যপ্রানীয়ে। বান শুকাবলৈ আৰম্ভ কৰিলেও বান দুৰ্যোগৰ অন্ত পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙাৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো। হাইলেণ্ডৰ লগতে আন ওখস্থান সমূহতে আশ্রয় লৈ আছে বন্য জন্তু।

পু এন ফ’ ৱাইল্ডৰ আবাসিক প্ৰকৃতি শিবিৰ সম্পন্ন…

পৰিৱেশ বিষয়টো কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। পৰিৱেশ বিষয়টো জানিবলৈ, বুজিবলৈ হ’লে আমি ইয়াৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰিব লাগিব লগতে পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশ মাজত নিজেই থাকি সম‌য় অতিবাহিত কৰিলে অধ্যয়নৰ ফলাফল বেছি ফলপ্ৰসূ হয়। বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি সততে এটা প্ৰশ্নৰ সন্মুখীন হোৱা দেখা যায় বা অভিভাৱক সকলে কয় যে, আজিকালি ইন্টাৰনেট, ম’বাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ধুনীয়া পৰিৱেশৰ কথাবোৰ যেন অনুভৱ কৰিব পৰা নাই। পৰিৱেশ বিষয়ক কথাবোৰ ওচৰৰ পৰা অনুভৱ কৰিবলৈ আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলক আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়ি দিবৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো ২০২৪ চনৰ জুলাই মাহৰ ৪, ৫, ৬,৭ তাৰিখে পু এন ফ’ ৱাইল্ডৰ উদ্যোগত মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতি আৰু মহিলা কোষ ঢকুৱাখনা শাখাৰ সহযোগত ঢকুৱাখনাৰ ঐতিহ্যপূৰ্ণ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৱাসিক প্ৰকৃতি শিবিৰ আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৫ জন শিশুৰ পঞ্জীয়নৰ কৰে পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক ধ্ৰুৱ জ্যোতি চেতিয়াই।


অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখাৰ সম্পাদক তথা পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক শ্ৰী বিমান সন্দিকৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি ড° অমল চন্দ্ৰ দত্তদেৱে। প্ৰকৃতি, পৰিৱেশ অন্ধবিশ্বাস আৰু বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ড° দত্তদেৱে উপস্থিত শিশুসকলক শিবিৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানতেই প্ৰকৃতি শিবিৰৰ লগত সংগতি ৰাখি পু এন ফ’ ৱাইল্ডৰ তিনিওজন প্ৰতিস্থাপক ক্ৰমে মানস প্ৰতিম দত্ত , বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াৰ সম্পাদনাত প্ৰকাশিত পুস্তিকা সেউজবুলীয়াৰ প্ৰকৃতি শিবিৰ বিশেষ সংখ্যা উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰীযুত ইন্দিবৰ বুঢ়াগোহাঁঞিদেৱে । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ সভাপতি শ্ৰীযুত দিগেন্দ্ৰনাথ হাজৰিকা , অসম চৰকাৰৰ পৰিৱশমিত্ৰ সন্মান লাভ কৰা দেৱজিত ফুকন, অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শ্ৰীযুক্তা পদ্মা বৰা, অসম বিজ্ঞান সমিতি মহিলা কোষ , ঢকুৱাখনা শাখাৰ সম্পাদিকা স্বৰ্ণলতা গগৈ চমুৱা, আজীৱন সদস্য শ্ৰীযুত হেমন্ত বৰুৱা আদি ভালেকেইজন প্ৰকৃতি আৰু বিজ্ঞান কৰ্মী। অসম বিজ্ঞান সমিতি, মহিলা আৰু বিজ্ঞান উপ-সমিতিৰ আহ্বায়িকা শ্ৰীযুক্তা সান্ত্বনা বৰুৱাৰ পৰিচালনাত শিবিৰত উপস্থিত থকা আবাসী সকলৰ চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। বিহু গীতত পৰিৱেশ আৰু বিজ্ঞান বিষয়ক প্ৰথমটো বিষয়ৰ উপৰত আলোচনা কৰে সমল ব্যক্তি শ্ৰীযুক্তা স্বৰ্ণলতা গগৈ চমুৱাই। ৰাতিলৈ লতাশিল বিহু সম্ৰাজ্ঞী শ্ৰীযুক্তা ঋতুপৰ্না সন্দিকৈ , লোকশিল্পী প্ৰাঞ্জল ফুকন আৰু মুন্না চমুৱাই গীত-নৃত্যৰে সকলোৰে মন পুলকিত কৰে। ১০.৩০ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে। প্ৰথম দিনাৰ ৰাতিৰ আহাৰ সাঁজ প্ৰদান কৰিছিল ফৰকাটিং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° অজন্তা ৰাজখোৱাই।


৫ জুলাই , ২০২৪ তাৰিখৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ পিছতেই পোৱা ৭ বজাৰ পৰা Ray Foundation and Sanitation Health Empowerment ৰ প্ৰতিস্থাপক তথা প্ৰকৃতি শিবিৰৰ সমল ব্যক্তি শ্ৰীমতী শিখা বৰুৱাই নাৰীৰ মাহেকীয়া স্বাস্থ্য , অন্ধবিশ্বাস আৰু বিজ্ঞান বিষয়ক আলোচনা আগবঢ়ায় । বিৰতিৰ পিছতেই পৰিৱেশ , প্ৰকৃতি আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই পৰিৱেশমিত্ৰ শ্ৰীযুত দেৱজিত ফুকন দেৱে । দুপৰীয়া নদী আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই নদী বিশেষজ্ঞ , লেখক সাংবাদিক শ্ৰীযুত শৈলেন বৰুৱাদেৱে । চাহ বিৰতিৰ অন্তত চিলাপথাৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড° শ্ৰীময়ী ফুকনে যাদু , বিজ্ঞান আৰু অন্ধবিশ্বাস বিষয়ত ৰসায়নৰ বিভিন্ন ক্ৰিয়াকলাপৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ উপযোগী মন্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুক্তা ইন্দিৰা গগৈয়ে লোকসংস্কৃতি আৰু বিজ্ঞান বিষয়ক আলোচনা আগবঢ়াই । সমল ব্যক্তি ত্ৰিবেণী ৰঞ্জন গগৈয়ে দুঃসাহসিক ক্ৰীড়া আৰু অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ শ্যামল শইকীয়াই থলুৱা চৰাই সংৰক্ষণ আৰু প্ৰকৃতিৰ অৱদান বিষয়ক আলোচনা আগবঢ়ায়। ৰাতিলৈ শিল্পী সুনীল চেতিয়াৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।
তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় থলুৱা পক্ষী নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ কৰে ছাত্ৰ ছাত্ৰী সকলে সমল ব্যক্তি পৰিৱেশ মিত্ৰ দেৱজিত ফুকন আৰু শ্যামল শইকীয়াৰৰ সহযোগত । দিনৰ ১১ বজাৰ পৰা জৰুৰীকালীন সময়ত লবা লগা সাৱধানতা আৰু চিকিৎসা আদিৰ বিষয়ে আলোচনা কৰে সমল ব্যক্তি SDRF , অসমৰ সৈনিক মানস প্ৰতিম শইকীয়াই । আবেলি বন্যপ্ৰাণী সুৰক্ষা আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ বড়ো আৰু ঢকুৱাখনা পশু চিকিৎসালয়ৰ চিকিৎসক ডঃ ৰূপম গগৈ দেৱে । ৰাতিলৈ আবাসিক শিবিৰৰ শিশু সকলে প্ৰকৃতি বিষয়ক বিভিন্ন গীতেৰে দিনটো সামৰণি পৰে।
৭ জুলাই , ২০২৪ তাৰিখে পু এন ফ’ ৱাইল্ডৰ কৰ্মী সকলে ছাত্ৰ ছাত্ৰী সকলক পৰিৱেশ আৰু প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে আলোচনা আৰু পৰিৱেশ নিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত প্ৰতিজন সমল ব্যক্তিক একোখনকৈ মানপত্ৰ , এটা কাপোৰৰ বেগ , সেউজবুলীয়া পুস্তিকা, গ্ৰন্থ আদি প্ৰদান কৰা হয় লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । সভাৰ শেষত শ্ৰেষ্ঠ আবাসিক ছাত্ৰ মনোজ্জ্বল পেগু , (মাজুলী) আৰু শ্ৰেষ্ঠ আবাসিক ছাত্ৰী বিভাৰাণী শইকীয়া (ঢকুৱাখনা)ক বঁটা প্ৰদান কৰা হয় ।

সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰি খেল-পথাৰখনক খেলপথাৰ হিচাপে সংৰক্ষণ কৰাৰ দাবীত মূখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ…

গুৱাহাটীত ভৰলুমুখস্থিত শিক্ষা প্ৰতিষ্ঠান সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত শিক্ষা বিভাগে শেহতীয়াকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি খবৰ বিয়পি পৰাৰ পাছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি খেলপথাৰ এখন ধ্বংস কৰি তাত ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলন তথা এলুমণি এচোছি়েয়েশ্যনেও। ইয়াৰ মাজতে খেলপথাৰ ধ্বংস কৰি তাত যাতে কোনো ধৰণৰ ভৱন নিৰ্মাণ কৰা নহয় তাৰ বাবে দাবী জনায় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৮ জুলাইত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰত বিধায়ক গৰাকীয়ে সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে।

মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰখনত বিধায়ক গৰাকীয়ে উল্লেখ কৰা অনুসৰি ভৰলুমুখৰ পৰা মালিগাঁওলৈ এই বৃহৎ অঞ্চলত এখনেই খেলপথাৰ আছে। সেই খেলপথাৰখন হ’ল- সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। উক্ত খেল পথাৰত খেল-ধেমালীৰ অনুশীলন, বিভিন্ন সভা-সমিতি, প্রদর্শনী আদি গোটেই বছৰটোতেই অনুষ্ঠিত হৈ থাকে। বর্তমান শিক্ষা বিভাগে উক্ত খেলপথাৰ খনতেই সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। উক্ত সিদ্ধান্তৰ প্রতি উক্ত বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু এলুমিনি গোটৰো সম্পূর্ণ বিৰোধীতা আছে। বিধায়ক হিচাবে মইও এই সিদ্ধান্তৰ বিৰোধীতা কৰিছো। মই ভাবো-বর্তমানৰ বিদ্যালয়ৰ কাষতেই নতুন ভৱনটো নিৰ্মাণ কৰিব পৰা যাব। গতিকে মই আপোনাৰ হস্তক্ষেপ বিচাৰিছো আৰু শিক্ষা বিভাগে লোৱা সিদ্ধান্তটো বাতিল কৰি আপুনি এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত দিব বুলি আশা কৰিলো। উল্লেখ্য যে বৰ্তমান বিদ্যালয়ত গ্ৰীষ্ম বন্ধ চলি আছে। বন্ধ খোলাৰ পাছত ছাত্ৰ সমাজেও খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো নিশ্চিত।

সাৱধান! কাকপথাৰত জাপানীজ এনকেফেলাইটিছৰ আতংক, এগৰাকী ছাত্ৰী নিহত…

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কাকপথাৰৰ ছাত্ৰীৰ মৃত্যু৷

কাকপথাৰ কাছিজান গাঁৱৰ জিব্দ মৰাণৰ কন্যা ভায়লীনা মৰাণে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱতিবলগীয়া হয়৷

আজি পুৱাৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধিন হৈ থকা অৱস্থাত মৃত্যু বৰণ হয় ছাত্ৰীগৰাকী।