Home Blog Page 710

১৪ জুলাইত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশন, মুখপত্ৰ ‘খাগৰিজান’ৰ উন্মোচন কৰিব ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াই…

১৯৮৭ চনত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম কবি সন্মিলনৰ অন্যতম জিলা নগাঁও জিলা কবি সন্মিলনে ১৪ জুলাই তাৰিখে তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰিছে। সেই উপলক্ষে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক কবি সন্মিলনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ৰাজু সমীৰণ, ধিং শাখা কবি সন্মিলনৰ সম্পাদক পল্লৱী শৰ্মা আৰু সভাপতি কৰৱী শইকীয়াই জানিবলৈ দিয়া কাৰ্যসূচী অনুসৰি ১৪ জুলাইৰ পুৱা ৮ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া আৰু প্ৰাক্তন সভাপতি নিৰলা শইকীয়াই। ইয়াৰ পাছতে পতাকা উত্তোলন কৰিব নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই।

পৰৱৰ্তী কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ পিতৃ পুৰুষ স্বৰূপ ৰাম গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰাই। পৰৱৰ্তী কবি শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টাদ্বয় মোলান লস্কৰ আৰু কেশৱ বৰাই। ইয়াৰ পাছতেই নগাঁও জিলা কবি সন্মিলনৰ জ্যেষ্ঠ কবি তথা বিষয়ববীয়া সকলৰ নেতৃত্বত এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পন্ন হ’ব। অনুষ্ঠান স্থলীতে আয়োজিত ক্ষুদ্ৰ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিব ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক খগেন্দ্ৰ নাথ দেৱ শৰ্মাই। ১০ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাৰ উদ্বোধন কৰিব শিশু-সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। অন্যহাতে প্ৰতিনিধি সভাৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া আমন্ত্ৰিত কবিৰ কবি সন্মিলনৰ উদ্বোধন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক মদাৰজ্যোতিয়ে। উল্লেখযোগ্য যে অনুষ্ঠানত আমন্ত্ৰিত কবিৰূপে মনোজ কুমাৰ দেওৰজা, জয়ন্ত কুমাৰ মান্তা, মাধৱ চন্দ্ৰ ডেকা, মৌচুম বুঢ়াগোহাঁই, প্রজ্ঞা পাৰমিতা বৰুৱা, কৌস্তুভ খাউণ্ড, মিনতি দেৱী কাকতি, ড° ৰূপা ডেকা পাটৰ, দীপ হেষ্টিংচ বড়ি, সত্যজিত গগৈ, ফটিক নন্দন ৰাভা, ৰাজীৱ ৰাভা, জিতুমণি বৰদলৈ, ড° নিৰ্মালি বৰা মালাকাৰ, মিন্টু দাস, ময়ুৰ কুমাৰ বৰা, গোবিন্দ মালাকাৰ, কুমাৰ বিভূতি উপস্থিত থকাৰ লগতে সত্ৰ পৰিচালক হিচাপে গুণ কাকতী, ৰাজেন বৰা, অশোক ৰাম ভট্টাচার্য, কৰবী লিগিৰা, পুতুল চন্দ্র ডেকা, অতুল চন্দ্ৰ কাকতি, সঞ্জীৱ সাগৰ চৌধুৰী, কৰবী শইকীয়া, শশী কেওট, কল্পনা মহন্ত ডেকা, বিনু লস্কৰ ঠাকুৰীয়া, এল. প্রদীপ কুমাৰ সিংহ, পুতুলী মুদৈ উপস্থিত থাকিব।

বিয়লি দুই বজাৰ মুকলি সভা দ্বিজেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্ব কৰাৰ বিপৰীতে আদৰণি ভাষণ আগবঢ়াব ৰাজু সমীৰণে। সভাত মূখ্য অতিথি ৰূপে উপস্থিত থাকিব সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা, প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন। নিৰ্দিষ্ট বক্তাৰূপে কবি উজ্জ্বল পাওগাম, বিশিষ্ট অতিথি ৰূপে সন্মিলনৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰদীপ শইকীয়া, ড° মাণিক শইকীয়া, নীলকান্ত শইকীয়া, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, নিত্যানন্দ বৰা,ড ° জোনাৰাম নাথ, ড° ৰূপাঞ্জলি দেৱী, অজিত শৰ্মা, দীনেশ নাথ, মমতা নায়ক, প্ৰিয়ংকা নায়ক, কুশ মহন্ত, দিলীপ কুমাৰ নাথ, অমল বৰা,পৱন শৰ্মা, মৃদুল কুমাৰ চহৰীয়াৰ লগতে সন্মানীয় আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট কবি ড° লখিমী গগৈ, পলিমা চেতিয়া বসুমতাৰী, হেমন্ত ভাৰতী, প্ৰচাৰ সম্পাদক, সদৌ অসম কবি সম্মিলন ভবেন চন্দ্র নাথ, কৃষ্ণ দৈমাৰী, অনিৰুদ্ধ ডেকা, ছাৰ এৎ হান্সে, অশোক কুমাৰ ডেকা, শ্বপন মৈত্র,সংগীতা ৰাজখোৱা, বিদ্যাৰাম ছিংনাৰ,প্রভাত চন্দ্ৰ বৰদলৈ,ৰাজীৱ চহৰীয়া, মহেন্দ্রনাথ হাজৰিকাকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকিব। অন্যহাতে মুকলি সভাৰ আৰম্ভণি ঘটিব ধিং আঞ্চলিক কবি সন্মিলনৰ শিল্পী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশনেৰে, পৰৱৰ্তী আদৰণি ভাষণ, মূখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পিছতেই নগাঁও জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘খাগৰিজান’ৰ উন্মোচন কৰিব দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা কবি, নিবন্ধকাৰ ডিম্পুল কুমাৰ চুতীয়াই। ইয়াৰ পিছতেই ধিং শাখাৰ পত্ৰিকা ‘আকাশ’ উন্মোচন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথে। এই মুকলি সভাতে নগাঁও জিলা কবি সন্মিলনৰ দ্বাৰা কেইবাটিও বঁটা, সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰা হ’ব । বঁটা প্ৰদান অনুষ্ঠানত ‘প্রমোদৰাম ভট্টাচাৰ্য্য আৰু সৌজন্যময়ী ভট্টাচার্য্য সোঁৱৰণী শ্রেষ্ঠ সাহিত্য সম্মান’ প্রয়াগ শইকীয়ালৈ, ‘কঁপয়া কোচ সোঁৱৰণী সাহিত্যপ্রাণ সম্মান’ গুণ কাকতীলৈ, ‘স্বভাৱ কবি নৱদ্বীপ দাস সোঁৱৰণী বঁটা’ লক্ষী মেধিলৈ, ‘নৰপ্ৰসাদ শৰ্মা সোঁৱৰণী সমাজহিতৈষী সম্মান’ উৎপল বণিয়ালৈ, ‘নগঞা শিল্পী বঁটা’ ধ্ৰুৱ কুমাৰ ৰাজালৈ আগবঢ়োৱাৰ লগতে ‘গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্য-অৰুণ বঁটা’ ক্রমে তুলিকা দেবী আৰু আশা বৰা মনলৈ আগবঢ়োৱাৰ হ’ব। একেদৰে ‘গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্যপ্রভাত সম্মান’ ক্রমে বিনয় দাস, শিখা শইকীয়া আৰু তৃষ্ণা বৰা দাসলৈ আগবঢ়োৱাৰ লগতে বিশিষ্ট কবি প্রয়াত ‘ধীৰেন চন্দ্ৰ কাকতী সোঁৱৰণী কবিতা প্রতিযোগিতা’ৰ প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ বঁটাপ্রাপক ক্রমে ইলামণি শইকীয়া, কৃষ্ণ দৈমাৰী, অংকুৰিতা ফুকন, বিচাৰকৰ বিশেষ সম্মানপ্রাপক ৰশ্মিতা শইকীয়াকো বঁটা প্ৰদান কৰা হ’ব। নগাঁও জিলা কবি সন্মিলনৰ ‘শ্রেষ্ঠ সংগঠক’ৰ বঁটা ক্রমে প্রদ্যুম্ম বৰা আৰু কবিতা বৰালৈ আগবঢ়োৱাৰ লগতে ‘প্ৰচাৰকৰ সম্মান’ লক্ষ্যজ্যোতি বৰা, দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক ৰূপম নাথ আৰু ডিবি নিউজৰ নৱ কাশ্যপলৈ আগবঢ়োৱা হ’ব। শ্রেষ্ঠ ‘নৱাগত সংগঠকৰ সন্মান’ ক্রমে আৰতি মেধি আৰু পল্লৱী শর্মালৈ আগবঢ়োৱাৰ লগতে বিশেষ সম্বর্দ্ধনা আগবঢ়োৱা হ’ব জ্যেষ্ঠ সাংবাদিক তথা দৈনন্দিন বাৰ্তাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ, নীলকমল শইকীয়া, দীপক কুমাৰ শৰ্মা, দেৱজিত হাজৰিকা, বন্দনা নাথ ঠাকুৰীয়া আৰু কনক হাজৰিকাক।

তাৰোপৰি ‘প্রথম শ্রেষ্ঠ শাখাৰ সম্মান’ কামপুৰ আঞ্চলিক কবি সম্মিলনলৈ, ‘দ্বিতীয় শ্রেষ্ঠ শাখা’ৰ সম্মান ফুলগুৰি আঞ্চলিক কবি সম্মিলনলৈ, ‘তৃতীয় শ্রেষ্ঠ শাখা’ৰ সন্মান ৰঙাজিঞা সদৰ শাখালৈ আগবঢ়োৱাৰ লগতে কলিয়াবৰ শাখালৈ ‘অভিনন্দন সন্মান’ আৰু ধিং আঞ্চলিক কবি সন্মিলনলৈ ‘কৰ্মপ্ৰাণ’ সন্মান আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে সভাৰ শেষত পল্লৱী শৰ্মা শলাগৰ শৰাইৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰ সামগ্ৰিক অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত সকলো ৰাইজ তথা কাব্যপ্ৰাণৰ উপস্থিতি কামনা কৰিছে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ বিষয়ববীয়াসকলে।

পিৰিয়ডছৰ সময়ত অভিনেত্ৰীসকলে কেনেকৈ শ্বুটিং কৰে? ক’লে জয়া, কৰীনা; আলিয়াই…

পিৰিয়ডছৰ সময়ত প্ৰতিগৰাকী মহিলাই বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে শ্বুটিং কৰাৰ সময়ত অভিনেত্ৰীসকলেও বহু সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত হিনা খান, জয়া বচ্চন, কৰীনা কাপুৰ আৰু আলিয়াই প্ৰকাশ কৰিছিল মহিলাসকলে মাহেকীয়াৰ সময়ত অসহ্যকৰ যন্ত্ৰণা ভোগ কৰাৰ কথা।

কৰীনা কাপুৰ খানে এবাৰ পিৰিয়ডৰ কথা কওঁতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে পিৰিয়ডৰ সময়ত নিশ্চিতভাৱে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। তীব্ৰ বিষ আৰু ক্ৰেম্পৰ বাবে অৱস্থা অতি বেয়া হৈ পৰে। কৰীণাই এইটোও কৈছিল যে পিৰিয়ড কোনো ৰোগ নহয়, সেয়েহে ইয়াক উপভোগ কৰি কাম কৰা উচিত।

একে সময়তে আলিয়া ভাটে পিৰিয়ডৰ সময়ত হোৱা সমস্যাৰ বাবে পিৰিয়ড ছুটিৰ সমৰ্থন কৰে। আলিয়াৰ উপৰিও তাপসী পান্নুৱেও কৈছিল- ‘পিৰিয়ডছত ছুটী লোৱাটো সহজ হ’লে ভাল আছিল। মোৰ পিৰিয়ড হৈছে আৰু ছুটীৰ প্ৰয়োজন বুলি ক’ব পৰা হ’লে ভাল আছিল।

হিনা খান বৰ্তমান স্তন কেন্সাৰৰ সৈতে যুঁজি আছে। এবাৰ পিৰিয়ডৰ সময়ত শ্বুটিঙৰ বিষয়ে পোষ্ট কৰিছিল হিনাই। লিখিছিল, ‘পিৰিয়ডৰ সময়ত দুদিন শ্বুটিং নকৰাৰ বিকল্প থাকিলে ভাল আছিল। কিমান ভাল লাগিলহেঁতেন।

আহাতে বলীউডৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে নাতিনীয়েক নব্য নভেলীৰ প’ডকাষ্টত পিৰিয়ডৰ সময়ত শ্বুটিঙৰ কথা কৈছিল। তাৰ পিছত তেওঁ কছিল যে আজিৰ সময়ত চেটবোৰত ডাঙৰ ডাঙৰ পৰিষ্কাৰ ৱাশ্বৰুম আছে, এচি আছে। কিন্তু তেওঁৰ সময়ত আউটড’ৰ শ্বুটিং বেছি হৈছিল আৰু বহু অভিনেত্ৰীয়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ ওপৰত পিৰিয়ড হ’লে জোপোহাৰ পিছফালে পেড সলনি কৰাৰ প্ৰয়োজন হৈছিল।

কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শৈক্ষিক উপাধ্যক্ষ, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ স্তম্ভ লেখক তথা বিশিষ্ট কবি ড° অনিল কুমাৰ শইকীয়াৰ মৃত্যুত বোকাখাত মহকুমা কবি সন্মিলনৰ শোক প্ৰকাশ

কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শৈক্ষিক উপাধ্যক্ষ, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ স্তম্ভ লেখক তথা বিশিষ্ট লেখক, অৰ্থনীতিবিদ, কবি, সমালোচক তথা সদৌ অসম কবি সন্মিলনৰ অন্যতম শুভাকাংক্ষী ড° অনিল কুমাৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তিত বোকাখাত মহকুমা কবি সন্মিলনৰ শোক প্ৰকাশ।

তেখেতৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ অভাৱনীয়, অপূৰণীয় ক্ষতি। আমি তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ মৰ্মান্তিক দুখৰ সমভাগী হ’লোঁ আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

গছৰ প্ৰেম মাতৃৰ প্ৰেমৰ দৰেই নিস্বাৰ্থঃ ঘৰৰ চোতালত গছ ৰোপণ কংগনা ৰানাৱটৰ…

ঘৰৰ চোতালত গছ পুলি ৰোপণ কৰা দেখা গ’ল অভিনেত্ৰী তথা নৱ-নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটক।

গছ পুলি ৰোপণ কৰি অভিনেত্ৰী তথা নৱ-নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিলে ‘বাৰু গছ ৰোপণ কৰাটো মোৰ প্ৰিয় কাম কাৰণ পৃথিৱীত গছৰ বাহিৰে আন কোনো নাই যিয়ে আপোনাক কেৱল দিয়ে আৰু বিনিময়ত আপোনাৰ পৰা একো নিবিচাৰে, মৃত্যুৰ পিছত আপোনাৰ বাবে ফুল, ফল, ছাঁ, উশাহ, বৰষুণ আৰু ইন্ধন হৈ পৰে। গছৰ প্ৰেম মাতৃৰ প্ৰেমৰ দৰেই নিস্বাৰ্থ। গতিকে মাৰ বাবেও এজোপা গছ।এই কেনাৰ গছজোপা বসন্ত কালত গোলাপী ফুল ভৰাই তোলে, মাৰ দৰে ধুনীয়া আৰু আদৰণীয় দেখা যায়। মা আশা কানেৰৰ নামেৰে নামকৰণ কৰা হৈছে।’

ৰাতি কিয় চুলি মেলি শুব লাগে! চুলিৰ সঠিক পদ্ধতি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক…

চুলিক সুস্থ কৰি ৰাখিবলৈ ৰাতি শোৱাৰ সময়ত চুলি শুব লাগে নে বান্ধি শুব লাগে জানেনে। এই প্ৰশ্নৰ উত্তৰ বেছিভাগ মানুহেই নাজানে আৰু ইয়াৰ বাবেই ৰাতিপুৱা চুলি বহুত সৰে আৰু মানুহ চিন্তিত হৈ পৰে। সাধাৰণতে মানুহে চুলি মেলি শোৱাটো অধিক স্বাভাৱিক আৰু আৰামদায়ক বুলি বিবেচনা কৰে। টুলি মেলা নে চুলি বন্ধা কোনটো পদ্ধতি আপোনাৰ বাবে অধিক উপকাৰী জানি লওক।

মেলা চুলিৰে শুই থকাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল চুলিত কোনো ধৰণৰ চাপ নাথাকে। ইয়াৰ ফলত চুলি সৰাৰ সম্ভাৱনা কম হয়। আনহাতে গোটেই ৰাতি চুলি বান্ধি শুলে চুলিবোৰ জটিল হৈ পৰিব পাৰে। ৰাতিপুৱা চুলিৰ জঁট বৃদ্ধি হ’ব পাৰে। চুলি বেছি টানকৈ বান্ধিলে মূৰৰ ছাল টান পৰিব পাৰে, যাৰ ফলত চুলি দুৰ্বল হ’ব পাৰে। লগতে ৰবৰ বেণ্ড ব্যৱহাৰ কৰিলে চুলি চিঙিব পাৰে। যদি আপোনাৰ চুলি দীঘল আৰু ডাঠ হয় তেন্তে শোৱাৰ আগত ঢিলা ৰবৰে বান্ধিলে উপকাৰী হ’ব পাৰে। একে সময়তে যদি আপোনাৰ চুলিখিনি চুটি বা পাতল হয় তেন্তে মেলি লৈয়ে শুব পাৰে। আনহাতে কেতিয়াও তিতা চুলিৰে শুব নালাগে। শুবলৈ ৰেচম বা চেটিনৰ আঠুৱা ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত চুলি চিঙিব নোৱাৰে। ইয়াৰ লগতে ৰাতি শোৱাৰ আগতে চুলিত অলপ চুলিৰ ছিৰাম লগাব পাৰে। ই চুলিত আৰ্দ্ৰতা প্ৰদান কৰে আৰু চুলিৰ জটিলতা ৰোধ কৰে।

‘দৈনন্দিন বাৰ্তা’ৰ স্তম্ভ লেখক ড° অনিল কুমাৰ শইকীয়াৰ বিয়োগ…

কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সাহিত্যিক, নিবন্ধকাৰ, বিশিষ্ট অৰ্থনীতিবিদ তথা ‘দৈনন্দিন বাৰ্তা’ৰ স্তম্ভ লেখক ড° অনিল কুমাৰ শইকীয়াৰ বিয়োগৰ খবৰটোত সকলো মৰ্মাহত৷

তেওঁৰ মৃত্যু ৰাজ্যবাসীৰ লগতে চুতীয়া জনগোষ্ঠীৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ পূণ্য আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন ‘দৈনন্দিন বাৰ্তা গোষ্ঠীৰ।

কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ…

কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ। কানাডাক ২-০ গ’লত পৰাস্ত আৰ্জেণ্টিনাৰ।

মঙলবাৰে নিউ জাৰ্ছিৰ ইষ্ট ৰাদাৰফোৰ্ডৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোপা আমেৰিকা ২০২৪ৰ ছেমিফাইনেলত আৰ্জেণ্টিনাই কানাডাক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত বেক টু বেক ফাইনেলত প্ৰৱেশ কৰে।

বৈদ্যুতিক বাহনত মোদীক এপাক ফুৰালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে; ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিচত মোদীয়ে অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব…

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। মস্কোৰ সমীপৰ নভো-ওগাৰিয়েভ’ত থকা ৰাষ্ট্ৰপতিৰ বাসভৱনত দুয়োগৰাকী নেতা এক অনানুষ্ঠানিক বৈঠকত মিলিত হয় ।ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত প্ৰধানমন্ত্ৰী মোদী আৰু ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ মুহূৰ্ত দেখুওৱা হৈছে। সোমবাৰে পোষ্ট কৰা এই ক্লিপটোত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিৰ বাসভৱনত উপস্থিত হোৱাৰ লগে লগে দুয়োগৰাকী নেতাই ইজনে সিজনক আলিংগন কৰা দেখা গৈছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত কয় যে এই আলোচনাত পৰম্পৰাগতভাৱে বন্ধুত্বপূৰ্ণ ৰাছিয়া-ভাৰত সম্পৰ্কৰ অধিক বিকাশৰ সম্ভাৱনাৰ লগতে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহো সামৰি লোৱা হ’ব৷

একেদৰে প্ৰধানমন্ত্ৰী মোদীয়েও এক্সৰ এটা পোষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক তেওঁক আতিথ্য দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে কয় যে তেওঁ তেওঁলোকৰ আলোচনাৰ বাবে অপেক্ষা কৰি আছে। যাৰ ফলত ভাৰত-ৰাছিয়াৰ বন্ধুত্ব শক্তিশালী হ’ব।ইফালে পুটিনে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বাসগৃহ নভো-ওগাৰিয়েভ’ৰ চাৰিওফালে বৈদ্যুতিক বাহনেৰে যাত্ৰা কৰিবলৈ লৈ গৈছিল। ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে দুয়োগৰাকী নেতাৰ এই যাত্ৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভে ভিনুক’ভ’-২ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। লক্ষণীয়ভাৱে, প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনে যোৱা ১০ বছৰত ১৬ বাৰ সাক্ষাৎ কৰিছে। ২০২২ চনত উজবেকিস্তানৰ সমৰকান্দত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) সন্মিলনৰ সময়তদুয়োগৰাকী নেতাৰ মাজত অন্তিমখন ব্যক্তিগত বৈঠক অনুষ্ঠিত হৈছিল। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘অৰ্ডাৰ অফ দ্য হ’লী এপ’ছল এণ্ড্ৰিউ দ্য ফাৰ্ষ্ট’ প্ৰদান কৰে।২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ৷ ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে
অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব৷

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক…

কামৰূপ(ম ) জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয়। মহকুমা দণ্ডাধীশ কংকন শৰ্মা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুৱ বৰা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা,স্বাস্হ্য সেৱাৰ যুটীয়া সঞ্চালক,আবকাৰী পৰিদৰ্শক, ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, বশিষ্ঠ মন্দিৰৰ সভাপতি-সম্পাদক, শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আদি উপস্থিত থাকে। বৈঠকত শাওণ মেলা সুচাৰুৰূপে পালন কৰাৰ বিষয়ে মহকুমা দণ্ডাধীশ কংকন শৰ্মাই অৱগত কৰে।

তদুপৰি মন্দিৰত স্বেচ্ছাসেৱক নিয়োগ, এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া ঠাইসমূহত স্ট্ৰীট লাইটৰ উপযুক্ত ব্যৱহাৰ, পাৰ্কিংৰ যথাযথ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পামহীৰ ভীমশংকৰ মন্দিৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে ভক্তসকলৰ অসুবিধা নহ’বৰ বাবে স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকে দিছপুৰ সচিবালয়,কমাৰ্চ কলেজ আৰু এছ বি দেওৰা কলেজৰ তিনিওটা স্থানত মেডিকেল কেম্পৰ ব্যৱস্থা কৰিব। জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে পৱিত্ৰ শাওণ মেলা শান্তিপূৰ্ণ আৰু সুশৃ্ংখলিতভাৱে পালন কৰাৰ বাবে সকলোৰে পৰা সহযোগিতা কামনা কৰ। বৈঠকত মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলে তেওঁলোকৰ সমস্যাসমুহৰ বিষয়েও অৱগত কৰে।

সেউজ শাখা সাহিত্য সভা গোটানগৰৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন…

৭ জুলাই দেওবাৰে গোটানগৰস্থিত বনস্থলী একাডেমী প্ৰাঙ্গণত অসম সাহিত্য সভাৰ অন্তৰ্গত সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অধিৱেশনস্থলীত ৰাতিপুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সেউজ শাখা সাহিত্য সভাৰ সভাপতি অধীৰ চন্দ্ৰ দাস দেৱে আৰু শাখাৰ সকলো সদস্যৰ কণ্ঠেৰে নিগৰিত অসমৰ জাতীয় সংগীতৰ লহৰত অঞ্চলটো মুখৰিত হৈ পৰে। স্মৃতি তৰ্পণ কৰে চাৰু লতা পাটোৱাৰীয়ে আৰু মুকলি সভাত বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ জিলা উপ সভাপতি হৰেশ্বৰ ডেকাই। অসম সাহিত্য সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰে শুভাৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰা শাখা সভাপতি অধীৰ চন্দ্ৰ দাসে আদৰণি ভাষণ ৰাখি সাহিত্যানুৰাগী ৰাইজক আপ্লুত কৰে।

এই অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বিশিষ্ট সাহিত্যিক ড° জগদীশ পাটগিৰি আৰু কামৰূপ মহানগৰ জিলা সভাপতি শ্ৰীযুতা সবিতা দেৱীয়ে। ড° জগদীশ পাটগিৰিয়ে শাখা খনৰ উন্নতিৰ হকে কৰিব লগা বহু মূল্যবান পৰামৰ্শ দাঙি ধৰাৰ লগতে শাখাৰ উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰে। আনহাতে মুকলি সভাত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে শাখাৰ সম্পাদক বৰ্ণালী ডেকা বৰঠাকুৰে। উল্লেখ্য যে অসম তথা ভাৰতবৰ্ষৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আচাৰ্য ড° দেৱেন চন্দ্ৰ দাসে সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক মুখপত্ৰ ‘সেউজ দৰ্পণ’ উন্মোচন কৰি ৰসাল ভাষণেৰে শাখাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ আৰু অসম বাৰ্তা কাকতৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ লীলাধৰ হাজৰিকাৰ উপৰিও বিশিষ্ট সাহিত্যিক হৰেশ্বৰ ডেকা, অভিনেতা সৈত্যেন শৰ্মা, অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি মদন মেধি, হেমন্ত কুমাৰ দাস, দিলীপ কুমাৰ পাটগিৰি, মহেশ ৰাজবংশী, আৰু কল্পনা কুমাৰী দাসে আদি বহুজনে অংশগ্ৰহণ কৰে।

আনহাতে বাৰ্ষিক অধিবেশন খনিত উপ-সভাপতি কুশল কুমাৰ, সাংগঠনিক সম্পাদক নৱৰূপ মজুমদাৰ, কোষাধ্যক্ষ নগেন্দ্ৰ নাথ বৰ্মন, সহ-সম্পাদকদ্বয় ৰিংকু মনি দাস, টুটু মনি নাথ, পত্ৰিকা সম্পাদক মৌচুমী ভৰালী শৰ্মা, সাংস্কৃতিক সম্পাদক চাৰ্য্য ঠাকুৰীয়াৰ উপৰিও শতাধিক শুভাকাংশী সহযোগিতা আৰু বদান্যতা আছিল অপৰিসীম। কুশল কুমাৰৰ পৰিচালনাত সভাত কেইবাগৰাকীও স্থানীয় উদীয়মান শিল্পী গীত -মাত পৰিবেশন কৰাৰ লগতে আৰু বহু কেইজন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। সভাৰ শেষত সকলোকে শলাগৰ শৰাই আগবঢ়াই নৱৰূপ মজুমদাৰে। শেষত জাতীয় সংগীত পৰিবেশনেৰে সভা ভঙ্গ হয়।