Home Blog Page 709

অবিনাশৰ মৃত্যুয়েই শেষ মৃত্যু হওঁক- ৰিপুণ বৰা

গুৱাহাটী, ১০ জুলাই, ২০২৪:- গুৱাহাটীৰ কৃত্ৰিম বানপানীত অবিনাশ চৰকাৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অসমকে ম্ৰিয়মান কৰি তুলিছে । পিতৃ-মাতৃৰ বাবে নিজ পুত্ৰক হেৰুৱাৰ বেদনা অতি যন্ত্ৰণাদায়ক । আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সহিতে অসম তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত হয় আৰু মৃত অবিনাশৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে দুৰ্ভগীয়া পিতৃ-মাতৃক সমবেদনা জ্ঞাপন কৰে।


সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি ৰিপুণ বৰাই কয় যে, “এই মৃত্যুয়েই হওক শেষ মৃত্যু। অবিনাশৰ দৰে এটি নিস্পাপ শিশুৰ এনে মৃত্যু সঁচাই অসহনীয়। গুৱাহাটীত এনে ধৰণৰ ঘটনা পূৰ্বতেও সংঘটিত হৈছিল। কিন্তু পূৰ্বৰ ঘটনাৰ পৰা চৰকাৰ বা প্ৰশাসনে কোনো শিক্ষা নললে। ৰাইজৰ সেৱা তথা ৰাইজৰ সমস্যাসমূহ সমাধান কৰা তেওঁলোকৰ দায়িত্ব। কিন্তু অবিনাশৰ মৃত্যুৰ ঘটনাই চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ দ্বায়িত্বহীন আৰু অকৰ্মণ্য চৰিত্ৰক উদঙাই দিলে।


চৰকাৰ তথা গুৱাহাটী পৌৰ নিগম আৰু বিভাগীয় কৰ্তৃপক্ষই এই ঘটনাৰ পৰা শিক্ষা লোৱা উচিত অন্যথা এনেধৰনৰ ঘটনা ভবিষ্যতেও সংঘটিত হৈয়েই থাকিব। আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ মহানগৰৰ মৰণফাণ্ড সদৃশ মুকলি নলা-নৰ্দমা, কৃত্ৰিম বান, ৰাস্তা-ঘাট আদিৰ সমস্যাসমূহৰ শীঘ্ৰেই সমাধান কৰক আৰু মহানগৰবাসীক বিপদমুক্ত কৰক। “

মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

দিছপুৰ, ১০ জুলাই: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে তিনিখনকৈ বৈঠকত অংশগ্ৰহণ কৰে ।

প্ৰথমে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকল আৰু জনগোষ্ঠীটোৰ প্ৰায়কেইটা জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা বৈঠকখনত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰে । পৰিষদৰ সমষ্টি নিৰ্দ্ধাৰণ আৰু নিৰ্বাচন বিষয়ত মন্ত্ৰীগৰাকীয়ে সংগঠনসমূহৰ দিহা পৰামৰ্শ গ্ৰহণ কৰে । আনহাতে মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনসমূহৰ পৰাও সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰীগৰাকীয়ে মটক স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন বিষয়ত পৰামৰ্শ গ্ৰহণ কৰে । তেওঁলোকৰ সৈতে আলাপ আলোচনাৰ জড়িয়তে পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

পাছত মন্ত্ৰীগৰাকীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰো বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰে আন এক বৈঠকত মিলিত হয় । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থকা এই বৈঠকত জনগোষ্ঠীটোয়ে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সামগ্ৰিক দিশৰ বিষয়ে আলোকপাত কৰা হয় । দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰ পৰা মন্ত্ৰী দুগৰাকীয়ে স্বায়ত্বশাসিত পৰিষদখনৰ পাৰিষদীয় সমষ্টি নিৰ্দ্ধাৰণ আৰু নিৰ্বাচনৰ বিষয়েও দিহা পৰামৰ্শ গ্ৰহণ কৰে ।

নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে গড়কাপ্তানী পথ

ব্ৰহ্মপুত্ৰৰ পানী হুৰাহুৰে বৈ আহিছে কলঙৰ বুকুৱেদি, নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে গড়কাপ্তানী পথ ।বাঢ়নী পানীয়ে ভগা পথ পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ বিধায়ক ৰূপক শৰ্মাৰ ।

কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ চিঙাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ বুকুৱেদি হুৰাহুৰে বৈ অহা পৰিলক্ষিত হৈছে। নগাঁও চহৰৰ মাজমজিয়াৰে বৈ যোৱা কলঙৰ বুকু ইতিমধ্যে উফন্দি উঠিছে।আজি বিয়লি নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ৬৩ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে।কলঙৰ বাঢ়নি পানীয়ে ইতিমধ্যে নগাঁও চহৰৰ পানীগাঁও আদৰ্শ গাঁও,শিৱ নগৰ,তেলীয়া গাঁও,ভূঞাপট্টি,ল কলেজ ৰোড,চকীটোপ, ছোট হয়বৰগাঁও,আজাদ নগৰ, নাজিৰা জান,কুমাৰটোপ ,বৈদ্যটুপ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বিস্তীৰ্ণ এলেকা প্লাৱিত কৰিছে। তাৰোপৰি শেহতীয়াকৈ চহৰ খনৰ পাৰ্শ্বৱৰ্তী মাজৰাআটি আৰু লাওগাওঁ সংযোগী গড়কাপ্তানী পথটো ভাঙি নিয়ে কলঙৰ বাঢ়নী পানীয়ে ।পথটো চিঙাৰ ফলত কেইবাখনো পথাৰ জলমগ্ন হৈ পৰিছে।


বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰে পাঁচখনকৈ পথাৰৰ ধান খেতি আৰু পুখুৰীৰ মাছৰ। ইপিনে ভগ্ন পথটোৰ পৰিস্থিতি বুজ লবলৈ মাজৰআটিত উপস্থিত হয় নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। বিধায়ক গৰাকীয়ে ভগ্ন পথটো শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

৩ বছৰত ৩৩০ মিলিয়ন ডাউনলোডেৰে নিজৰ সপোন আৰু সমাজখন শক্তিশালী কৰিছে শ্বপচিয়ে…

ধুমুহাৰ গতিৰে মাত্ৰ ৩ বছৰত ৩৩০ মিলিয়ন লোকে শ্বপচিৰ এপ ডাউনলোডৰ আঁৰত নিহিত হৈ আছে সবলীকৰণ আৰু সমাজখন ৰূপান্তৰৰ এক জীৱন্ত গাঁথা। ভাৰতৰ অগ্ৰণী হাইপাৰ- ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম হিচাপে শ্বপচিয়ে অনলাইন শ্বপিঙক নতুন ৰূপ দিয়াই নহয়, লগতে সমগ্ৰ ভাৰততৰ অগণন লোকৰ জীৱন উন্নীত কৰিবলৈ সক্ষম হৈছে। মুঠ ১,৩০০ শিতানত সুলভ মূল্যৰ সামগ্ৰী প্ৰদান কৰি শ্বপচিয়ে ১৯,০০০তকৈ অধিক পিন কোড অঞ্চলত সেৱা আগবঢ়াই আছে আৰু ফ্লিপকাৰ্টৰ বিক্ৰেতাকে ধৰি ১৪  লাখ বিক্ৰেতাৰ এক সমৃদ্ধিশালী সম্প্ৰদায়ক সমৰ্থন জনাই আহিছে, যাৰ বহুজনে ইতিমধ্যে নিজৰ ব্যৱসায়ৰ উত্তৰণ কৰিবলৈ সক্ষম হৈছে।শ্বপচিৰ ব্যৱসায়িক মুৰব্বী প্ৰত্যুষা আগৰৱালে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, শ্বপচিৰ সফলতা আমাৰ গ্ৰাহকসকলৰ আস্থা আৰু বিক্ৰেতাসকলৰ নিষ্ঠাৰে গভীৰভাৱে প্ৰোথিত হৈ আছে। আমি প্ৰতিজন ভাৰতীয়ৰ ঘৰৰ প্ৰয়োজন অনুসৰি মূল্য-আধাৰিত সমাধান প্ৰদান কৰি সকলোৰে জীৱনৰ মান উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্বপচিৰ প্ৰভাৱ কেৱল ব্যৱসায়তে সীমাবদ্ধ হয়, আজিৰ তাৰিখত ভাগলপুৰ, বাঁকুৰা, কুৰ্নুল, নগাঁও আৰু ধুলেৰ দৰে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰলৈ নিজৰ বাণিজ্য-সেৱা সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে, য’ত সুলভ মূল্যত মানসম্পন্ন সামগ্ৰী বিচৰা লাখ লাখ লোকৰ বাবে জীৱনৰেখালৈ পৰিণত হৈছে শ্বপচি।

গুৱাহাটীত শ্বপচিয়ে স্থানীয় বিক্ৰেতাসকলৰ বাবে প্ৰতিযোগিতামূলক বজাৰৰ পৰিৱেশত উজলি উঠাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে।গ্ৰেণ্ড শ্বপচি মেলা আৰু এণ্ড অৱ ছিজন চেলৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে শ্বপচিয়ে কেৱল গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাই নহয়, লগতে বিক্ৰেতাৰ সমৃদ্ধিৰ বাবেও অবিৰতভাৱে সমৰ্থন কৰি আহিছে, ইয়াৰ লগতে নিজৰ প্ৰতিগৰাকী অংশীদাৰৰ মাজত সম্প্ৰদায়ৰ অনুভূতি আৰু সফলতাৰ ক্ষণসমূহো ভাগ-বতৰা কৰে।গুৱাহাটীত মূল্য-আধাৰিত সামগ্ৰী বিচৰা, স্থানীয় বিক্ৰেতাসকলক সৱলীকৰণ কৰিৰ লগতে আৱাসীসকলৰ বাবে বজাৰ অভিজ্ঞতা সমৃদ্ধ কৰা ব্যৱসায়ীসকলৰ বাবে শ্বপচি এক পছন্দৰ বিকল্প হিচাপে অন্তৰ্ভুক্ত হৈছে।

মোদী-পুটিনৰ আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি…

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক বন্ধুত্বৰ আলিংগন কৰাৰ পিচতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ৰোষত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক ‘শান্তি প্ৰতিষ্ঠাত মোক্ষম আঘাত’ বুলি অভিহিত কৰিছে ভলোডিমিৰ জেলেনস্কিয়ে৷উল্লেখ্য যে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোৰ এটা ঘৰত সাক্ষাৎ কৰ৷ উক্ত সাক্ষাতত দুয়োগৰাকী নেতাই আলিংগন কৰা দেখা গৈছিল৷ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যম এক্স-ত এই সন্দৰ্ভত এটা পোষ্ট কৰে৷ তেওঁ কয় যে সেইটো দিনতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰে, যিটো দিনত ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভস্থিত এখন শিশু চিকিৎসালয়ত ৰাছিয়াই মিছাইল আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ফলত তিনিটা শিশুসহ ৩৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ গৰাকী লোক আহত হয়৷ ইউক্ৰেইনৰ নেতাগৰাকীয়ে কয়, ‘‘ ৰাছিয়াৰ নিৰ্মম মিছাইল আক্ৰমণৰ ফলত আজি ইউক্ৰেইনত ৩৭ জন লোক নিহত হয়৷ যাৰ ভিতৰত তিনিটা শিশুও আছে৷ ১৭০ গৰাকী লোক আহত হয়, যাৰ ভিতৰত ১৩ টা শিশু আছে৷ ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ শিশু চিকিৎসালয়খনত থকা কৰ্কট ৰোগীসকলক লক্ষ্য কৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰে৷ ফলত সকলো ধ্বংসস্তূপত পৰিণত হয়৷

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নেতাজনে এই দিনটোতে মস্কোত বিশ্বৰ আটাইতকৈ ডাঙৰ অপৰাধীক আলিংগন কৰাটো এক ডাঙৰ হতাশা আৰু শান্তি প্ৰচেষ্টাৰ ক্ষেত্ৰত বিধ্বংসী আঘাত৷’’আনহাতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও মোদীৰ ৰাছিয়া ভ্ৰমণক সমালোচনা কৰে৷ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ চলাই থকা সময়তে পুটিনক সাক্ষাৎ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰা দেখা যায় কংগ্ৰেছ নেতাগৰাকীয়ে৷এক্সৰ জৰিয়তে জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক স্বঘোষিত বিশ্বগুৰু আখ্যা দিয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিশ্ববন্ধু উপাধিও দিছিল বুলি উল্লেখ কৰি জয়ৰাম ৰমেশে কয় যে ইউক্ৰেইনৰ এখন শিশু চিকিৎসালয়ত বোমা বিস্ফোৰণ হোৱাৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী মস্কোত আছে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ কথা কোৱাটো এতিয়া কি হ’ল বুলি প্ৰশ্ন কৰে জয়ৰাম ৰমেশে৷উল্লেখ্য যে ২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ কৰে সোমবাৰে৷ ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষৰ সমাধানৰ বাবে আলোচনা কৰি শান্তি ঘূৰাই অনাৰ পোষকতা কৰি আহিছে৷

নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সদৰ কাৰ্যালয় উত্তাল কৰিলে এন এফ ৰে’লৱে এমম্পইজ ইউনিয়নৰ পাঁচ শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে…

কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে। ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। আনহাতে এই দাবীৰ সমৰ্থনত ইউনিয়নে আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁৱস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ ডেৰ ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। কাৰ্যসূচীত ভাগ লোৱা পাঁচ শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, নতুন পেন্সন নীতি বাতিল কৰক, পুৰণি পেন্সন নীতি বাহাল ৰাখক, এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়ন জিন্দাবাদ, পেন্সন আমাৰ প্ৰাপ্য, ৰেলৱেক ব্যক্তিগতকৰণ কৰা নচলিব আদি ধ্বনি দি সদৰ কাৰ্যালয়ৰ বাকৰি উত্তাল কৰি তোলে।

কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাগ লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিক চোকা সমালোচনা কৰি কয়-বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলক যিসকলে ১ জানুৱাৰী ২০০৪ চনৰ পিছত চাকৰিত মকৰল হৈছে তেওঁলোকক নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ আধাৰত পেঞ্চন দিয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। ৰে’লৱেৰ কৰ্মচাৰী সকলে যি ধৰণে দিনে-নিশাই সেনা বাহিনীৰ দৰে তেওঁলোকৰ কৰ্মত নিয়োজিত হৈ দেশৰ প্ৰতি সেৱা আগবঢ়ায় তাৰ বিনিময়ত তেওঁলোকে পুৰণি পেঞ্চন বাহাল ৰাখিবলৈ দাবী জনায়। পেঞ্চন কৰ্মচাৰীৰ প্ৰাপ্য, ইয়াক বাতিল কৰা কাৰ্য কোনোপধ্যে মানি লোৱা নহ’ব। দৰকাৰ হলে অনাগত দিনত গণতান্ত্ৰিকভাবে ইয়াতকৈ আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হব বুলি ঘোষণা কৰে মুনীন্দ্ৰ শইকীয়াই।

আনহাতে কাৰ্যসূচীত ইউনিয়নৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, কাৰ্যকৰী সভাপতি মধুসূদন দাস, উপ সভাপতি ত্ৰিদীপ মজুমদাৰ, যুটীয়া সাধাৰণ সম্পাদক দেবাশীস মুখাৰ্জী, প্ৰকাশ বৰ্মন আৰু ৰুবুল বৰুৱা, সাংগঠনিক সম্পাদক প্ৰণীতা মজুমদাৰ উপস্থিত থাকি নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল নকৰা পৰ্যন্ত ইউনিয়নে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে। কাৰ্যসূচীত ইউনিয়নৰ গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতা, নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধক কাৰ্যালয়ৰ শাখা সম্পাদক টংকেশ্বৰ বৈশ্যৰ উপৰি মহিলা শাখা আদিৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখ্য যে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে আজি একে সময়তে ইউনিয়নৰ পাঁচটা সংমণ্ডল আৰু পাচঁটা উপ সংমণ্ডলৰ উদ্যোগত পুৰণি পেন্সন নীতি বাহাল আৰু নতুন পেন্সন নীতি বাতিল কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

তামুলপুৰৰ কুমাৰীকাটাত জিকিৰৰ কৰ্মশালা আৰম্ভ…

তামুলপুৰ জিলাৰ কুমাৰীকাটাত সাংস্কৃতিক মহাসভা অসমৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কুমাৰীকাটা আঞ্চলিক সমিতিৰ সহযোগত মংগলবাৰৰ পৰা ১৩ জুলাইলৈ এখনি জিকিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ কুমাৰীকাটা হাইস্কুল (হাইমাদ্ৰাছা) প্ৰাগংণত নিতৌ পুৱা ১০ :০০ বজাৰ পৰা দিনৰ ২:০০ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাখন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে কুমাৰীকাটাৰ বিশিষ্ট সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী মইনুল হক চৌধুৰীয়ে৷

জিকিৰ সম্ৰাট মঃ আজিমুদ্দিন আহমেদ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া জিকিৰ কৰ্মশালাখনিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলা অসম সাংস্কৃতিক মহাসভাৰ উপ সভাপতি প্ৰদীপ বায়ন, সাংস্কৃতিক মহাসভা অসমৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণজিৎ তালুকদাৰ, কুমাৰীকাটা সংগীত বিদ্যালয়ৰ অধ্যক দীপক মুদৈ ,বিশিষ্ট জিকিৰ শিল্পী আটাউৰ ৰহমান, বিটিআৰ গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হাছিম আলীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সুধাকন্ঠ সঙ্গীত সাধনালয়ৰ বৰগীতৰ কৰ্মশালাৰ সামৰণি…

শুৱালকুছিৰ সুধাকন্ঠ সঙ্গীত সাধনালয়ৰ উদ্যোগত অনুস্থিত বৰগীতৰ কৰ্মশালাৰ সামৰণি পৰে। যোৱা তিনি জুলাইৰ পৰা অনুস্থিত কৰ্মশালাত ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ ৰাগ-তাল-লয়ৰ আদিৰ তপৰত প্ৰশিক্ষণ দিয়ে।স্হানীয় শ্ৰীশ্ৰীশঙ্কৰদেৱ ধামত অনুস্থিত কৰ্মশালাত সমল ব্যক্তি হিচাপ অংশগ্ৰহণ কৰে শশধৰ ডেকা আৰু মনোজ কলিতাই।

সামৰণি অনুস্হানত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল মালাকৰে বৰগীত অসমীয়াৰ প্ৰাণৰ গীত তথা জাতিৰ আদি গীত বুলি কয়।বৰগীত অনুশীলনে মানুহৰ জীৱন শৈলীৰ পৰিবৰ্তন আনে বুলিও কয়। সঙ্গীত শিল্পী ৰুণুমী কলিতাৰ তত্বাৱধানত চলা কৰ্মশালাৰ সামৰণি অনুস্হানত শুৱালকুছি মহাত্মা গান্ধী  চিকিৎসালয়ৰ চিকিৎসক ডা:শ্যামন্ত কলিতা,শুৱালকুছি ১৩ নং জিলা পৰিষদৰ সদস্যা নন্দিতা কলিতা, আল্পনা ডেকা পলি ডেকা, মহিম নাথ। 

প্ৰযুক্তি শক্তিকেন্দ্ৰ হোৱাৰ পথত অন্ধ্ৰপ্ৰদেশ…

১৯০০-ৰ দশকৰ শেষৰ ফালে আৰু ২০০০ দশকৰ আৰম্ভণিতে অন্ধ্ৰপ্ৰদেশত এক প্ৰযুক্তিগত নৱজাগৰণ অনুভৱ হৈছিল।হায়দৰাবাদৰ হাইটেক চহৰৰ দ্বাৰা ইন্ধন যোগোৱা তথ্য-প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে ৰাজ্যখন এক ব্যস্ততম অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছিল।আন্তঃগাঁথনিৰ
ক্ষেত্ৰত কৌশলগত বিনিয়োগ, এক সহায়ক ব্যৱসায়িক পৰিৱেশ আৰু অসংখ্য অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বাৰা সমৰ্থিত তথ্য-প্ৰযুক্তি দক্ষতাৰ ওপৰত শক্তিশালী গুৰুত্ব দিয়াৰ ফলত অন্ধ্ৰপ্ৰদেশ তথ্য-প্ৰযুক্তি খণ্ডৰ এক মুখ্য কেন্দ্ৰলৈ পৰিণত হয়।দ্ৰুতগতিত আগবঢ়া বৰ্তমান আৰু কৃত্ৰিম বুদ্ধিমত্তা (এ আই) বিপ্লৱে অন্ধ্ৰপ্ৰদেশৰ বাবে একে ধৰণৰ সুযোগ প্ৰদান কৰিছে আৰু ৰাজ্যখনে বিভাজনৰ পিচত পুনৰ সেই গতি লাভ কৰিবলৈ চেষ্টা কৰি আছে। ৰাজ্যখনে এ আই ঢৌত উটিবলৈ আৰু অৰ্থনৈতিক সমৃদ্ধি অৰ্জন কৰিবলৈ ইয়াৰ তথ্য-প্ৰযুক্তিৰ বিকাশৰ পৰা অৰ্জন কৰা শিক্ষাবোৰ ব্যৱহাৰ কৰিব পাৰে।এ আই গৱেষণা, আন্তঃগাঁথনি আৰু দক্ষতাত 4পি (4P) কৌশলৰ
(ৰাজহুৱা, ব্যক্তিগত, জন-অংশীদাৰিত্ব) জৰিয়তে কৌশলগত বিনিয়োগ কৰি অন্ধ্ৰপ্ৰদেশে ইয়াৰ অতীতৰ সফলতাৰ পুনৰাবৃত্তি কৰিব পাৰে আৰু এ আই উদ্ভাৱনৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।

ৰাজহুৱা তথ্য আৰু সমস্যা, ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগ, শিক্ষা আৰু জনসাধাৰণক সংযোগ কৰি অন্ধ্ৰপ্ৰদেশে স্থানীয় প্ৰতিভাক নিৰ্দিষ্ট প্ৰয়োজনীয়তা অনুসৰি এ আই সমাধান বিকশিত কৰিবলৈ উৎসাহিত কৰিব পাৰে।এই সহযোগিতাই উদ্ভাৱনী ধাৰণাবোৰ বাস্তৱলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু ৰপ্তানি কৰিব পৰা এ আই সামগ্ৰী সৃষ্টি কৰিব পাৰে, নতুন ৰাজহ শাখা সৃষ্টি কৰিব পাৰে আৰু ৰাজ্যখনক এ আই প্ৰযুক্তিত এগৰাকী দিকদৰ্শী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে ।কাৰ্যত 4পি কৌশলৰ এক উৎকৃষ্ট উদাহৰণ হৈছে ‘প্লাণ্টেক্ট’ (Plantect)। ই হৈছে এক এ আই সামগ্ৰী, যিয়ে গ্ৰীণহাউছত কীট- পতংগৰ পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰে, যাৰ ফলত জাপানৰ কৃষকসকল উপকৃত হয়। এবছৰৰ ভিতৰত এই ধাৰণাটো বাস্তৱলৈ ৰূপান্তৰিত হয় আৰু একাধিক দেশলৈ ৰপ্তানি কৰা হয় । এই গতি এই কাৰণেই সম্ভৱ হৈছিল, কিয়নো ৰাজহুৱা বিশ্ববিদ্যালয় আৰু চৰকাৰী কৃষি বিশেষজ্ঞসকলে উদ্ভাৱনৰ বাবে তথ্য যোগান
ধৰিছিল। আনহাতে, কৃষি গৱেষণাত জাপান চৰকাৰৰ অনুদানৰ সমৰ্থন লাভ কৰি ব্যক্তিগত খণ্ডই দ্ৰুততাৰে সামগ্ৰী মুকলিৰ বাবে এক কাৰ্যসূচী বিকশিত কৰিছিল। কৃষকসকলে প্ৰথম ব্যৱহাৰকাৰী হিচাপে লাভান্বিত হৈছিল, জড়িত সকলোৰে বাবে এক লাভজনক কৌশল সৃষ্টি কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ এ আই যুগত ইয়াৰ এ পি আই অৰ্থনীতি উন্মোচন কৰাৰ সম্ভাৱনা আছে । বিকাশকসকলৰ বাবে এ পি আইৰ জৰিয়তে ৰাজহুৱা তথ্য মুকলি কৰি, গোপনীয়তা সুৰক্ষা আৰু সন্মতি ব্যৱস্থাৰ সৈতে ৰাজ্যখনে উদ্ভাৱনক উৎসাহিত কৰিব পাৰে আৰু নতুন ব্যৱসায়ৰ সুযোগ সৃষ্টি কৰিব পাৰে।উদাহৰণ স্বৰূপে, এ পি আইৰ জৰিয়তে চি চি টি এন এছ (CCTNS) তথ্যৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰি বিকাশকসকলে কৰ্মচাৰীৰ পটভূমি প্ৰমাণীকৰণ, বিশ্বস্ত বৈবাহিক সেৱা আৰু বহু ক্ষেত্ৰত এপ্লিকেচন সৃষ্টি কৰিব পাৰে। প্ৰতিটো এ পি আই কলৰ ফলত চৰকাৰৰ বাবে ৰাজহ সৃষ্টি হ’ব পাৰে, যাৰ ফলত ৰাজহুৱা তথ্য এক মূল্যৱান অৰ্থনৈতিক সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে।ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ বিস্তৃত নেটৱৰ্কে ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা আগবঢ়োৱাৰ বাবে এ আইক ব্যৱহাৰ কৰিব পাৰে। শিক্ষাৰ্থীসকলে এ আইচালিত শিক্ষণ ব্যৱস্থাপনা প্ৰণালীৰ পৰা লাভান্বিত হ’ব পাৰে, যি তেওঁলোকৰ গতি আৰু শৈলীৰ সৈতে খাপ খায়, অনুকূলিত সমল আৰু মূল্যাংকন প্ৰদান কৰে। ই ড্ৰপআউটৰ হাৰ হ্ৰাস কৰাত আৰু শৈক্ষিক ফলাফল উন্নত কৰাত সহায় কৰিব পাৰে, এ আই উদ্ভাৱন চলাবলৈ সাজু এক দক্ষ কৰ্মচাৰী প্ৰস্তুত কৰাত সহায় কৰিব পাৰে ।ৰাজহুৱা খণ্ডৰ অনন্য প্ৰত্যাহ্বানবোৰে এ আইচালিত সমাধানৰ বাবে প্ৰজনন ক্ষেত্ৰ হিচাপে কাম কৰিব পাৰে, যিয়ে ৰাজ্যৰ উৎপাদনশীলতা উন্নত কৰাৰ লগতে অৰ্থনীতি বৃদ্ধি কৰে। উদাহৰণ স্বৰূপে অমৰাৱতীৰ কথা লওক। এই নতুন ৰাজধানী চহৰখন কেৱল চৰকাৰৰআসন নহয়, কিন্তু উদ্ভাৱনৰ বাবে এক উকা কেনভাচ।কল্পনা কৰক, এ আই ব্যৱস্থাই যান-বাহনৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰে, ভিৰ হ্ৰাস কৰে আৰু বাস্তৱ-সময়ৰ তথ্য বিশ্লেষণৰ জৰিয়তে ৰাজহুৱা পৰিবহণ দক্ষতা উন্নত কৰে। আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালীৰ কথা ভাবক, যিয়ে আৱৰ্জনা সংগ্ৰহ পথবোৰ সৰল কৰিবলৈ এ আই ব্যৱহাৰ কৰে, ব্যয় হ্ৰাস কৰে আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰে ।কল্পনা
কৰক, ভইচ ভিত্তিক নাগৰিক অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ কথা- ইয়াত এ আয়ে জটিল নথিপত্ৰ আৰু প্ৰ পত্ৰৰ সলনি ডিজিটেল কৰ্ম প্ৰবাহৰ নেতৃত্ব দিয়ে। এইবোৰ কেৱল ভৱিষ্যতৰ ধাৰণা নহয়, কিন্তু এক কাৰ্যকৰী পৰিকল্পনা; যিয়ে অমৰাৱতীক এ আইচালিত নগৰ উন্নয়নৰ এক আলোকচিত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে।ৰাজহুৱাখণ্ডৰ সমস্যা সমাধানৰ দ্বাৰা স্বাস্থ্য সেৱাতো বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰি।

কল্পনা কৰক-এ আইচালিত টেলি-মেডিচিন সেৱাবোৰে দূৰৱৰ্তী পৰামৰ্শ আৰু ৰোগ নিৰ্ণয় প্ৰদান কৰে, বিশেষকৈ কম সেৱা লাভ কৰা এলেকাবোৰত। ৰোগীৰ তথ্য বিশ্লেষণ কৰা এ আই এলগৰিথমে ৰোগৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বানুমান কৰিব পাৰে, যাৰ ফলত সময়মতে আৰু লক্ষ্য নিৰ্ধাৰিত হস্তক্ষেপ প্ৰদান কৰা হ’ব পাৰে।ই নগৰ আৰু গ্ৰাম্য স্বাস্থ্য সেৱা সুবিধাৰ মাজৰ ব্যৱধান দূৰ কৰিব পাৰে, সকলোৰে বাবে উপলব্ধতা আৰু ফলাফল উন্নত কৰিব পাৰে।এ আইচালিত সমাধান বিকশিত কৰি অন্ধ্ৰপ্ৰদেশে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে, বিশেষকৈ প্ৰযুক্তি আৰু সেৱা খণ্ডত। বৰ্তমানৰ কৰ্মচাৰীসকলক এ আইৰে সজ্জিত কৰিলে অতি কম বিনিয়োগেৰে তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে। কল্পনা কৰক, এজন কেব ড্ৰাইভাৰ/ট্যুৰ গাইডে এ আইৰ সহায়ত বিদেশী ভাষাত নিৰৱচ্ছিন্নভাৱে যোগাযোগ কৰি আছে আৰু পৰ্যটন উদ্যোগৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এনে এ আই নেতৃত্বাধীন অৰ্থনীতিয়ে নতুন ভূমিকাৰ চাহিদা বৃদ্ধি কৰিব পাৰে, যিটো আমি এই পৰ্যায়ত কল্পনা কৰিব নোৱাৰোঁ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব পাৰো ।এ আই ঢৌত উটি যোৱাটো এটা বিকল্প নহয়, কিন্তু এটা প্ৰয়োজনীয়তাও। ইয়াৰ দ্ৰুত উন্নতিৰ দ্বাৰা উদ্ভৱ হোৱা বিপদাশংকাবোৰ হ্ৰাস কৰিবলৈ এ আইক আঁকোৱালি লোৱাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছে। যিহেতু এ আই সহায়কসকল ক্ৰমান্বয়ে অত্যাধুনিক হৈ পৰিছে, পৰম্পৰাগত চাকৰি যেনে বি পি অ’ কল চেণ্টাৰ আৰু ল’-এণ্ড প্ৰ’গ্ৰামিং স্থিতি স্বয়ংক্ৰিয় হোৱাৰো আশংকা আছে। যদি কৰ্মশক্তি আৰু অৰ্থনীতি পৰিৱৰ্তনৰ বাবে প্ৰস্তুত নহয়, তেন্তে এই পৰিৱৰ্তনৰ ফলত গুৰুত্বপূৰ্ণ চাকৰিও হেৰুৱাব পাৰে ।এ আই দক্ষতা
কাৰ্যসূচীত বিনিয়োগ কৰি অন্ধ্ৰপ্ৰদেশে ইয়াৰ কৰ্মশক্তিক এ আইচালিত অৰ্থনীতিত বিকাশৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰিব পাৰে। কৰ্মচাৰীসকলে এ আইৰ দ্বাৰা সৃষ্টি কৰা নতুন ভূমিকা আৰু সুযোগৰ সৈতে খাপ খাব পৰাটো নিশ্চিত কৰাৰ বাবে নিৰন্তৰ শিক্ষণ আৰু পুনৰ নিৰ্ধাৰিত পদক্ষেপ গুৰুত্বপূৰ্ণ হ’ব।এ আই-প্ৰথম কৌশলৰ দ্বাৰা অন্ধ্ৰপ্ৰদেশে বিভাজনৰ পিচৰ প্ৰত্যাহ্বানবোৰ
অতিক্ৰম কৰিব পাৰে, ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিব পাৰে আৰু বহনক্ষম বিকাশ লাভ কৰিব পাৰে। অন্ধ্ৰপ্ৰদেশৰ বাবে ভৱিষ্যত উজ্জ্বল।

এক স্পষ্ট দৃষ্টিভংগী আৰু এ আই গ্ৰহণৰ বাবে এক কৌশলগত দৃষ্টিভংগীৰ সৈতে ৰাজ্যখন উদ্ভাৱনৰ কেন্দ্ৰ হৈ পৰিব পাৰে, অৰ্থনৈতিক বিকাশ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে। এ আই বিপ্লৱ ইয়াত আছে আৰু অন্ধ্ৰপ্ৰদেশ ইয়াৰ দ্বাৰা আগবাঢ়ি যাবলৈ সাজু ।ইনকিউবেটিং, পৰীক্ষা-নিৰীক্ষা, অনুশীলন আৰু এ আই সমাধান ৰপ্তানিৰ ওপৰত গুৰুত্ব দি অন্ধ্ৰপ্ৰদেশ এ আইৰ ক্ষেত্ৰত এক বিশ্বজনীন নেতালৈ ৰূপান্তৰিত হ’ব পাৰে। আগন্তুক যাত্ৰা প্ৰত্যাহ্বানজনক, কিন্তু কৌশলগত বিনিয়োগ আৰু এক প্ৰতিশ্ৰুতিবদ্ধ দৃষ্টিভংগীৰ সৈতে ৰাজ্যখনে এই প্ৰত্যাহ্বানবোৰক সুযোগলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু আনৰ বাবে
অনুসৰণীয় এক দৃষ্টান্ত স্থাপন কৰিব পাৰে।এ আই বিপ্লৱ কেৱল এটা বিকল্প নহয়, কিন্তু অন্ধ্ৰপ্ৰদেশৰ ভৱিষ্যতে উন্নতি হোৱাৰ বাবে প্ৰয়োজনীয়তা।অন্ধ্ৰপ্ৰদেশৰ প্ৰখৰ মনবোৰক প্ৰায়ে ‘অন্ধ্ৰপ্ৰেনিয়াৰ’ বুলি কোৱা হয়। কিন্তু এতিয়াৰে পৰা ৰাজ্যখনৰ অৰ্থনীতিক ‘এআইপ্ৰেনিয়াৰ’ হিচাপেও নেতৃত্ব দিব!

১৪ জুলাইত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশন, মুখপত্ৰ ‘খাগৰিজান’ৰ উন্মোচন কৰিব ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াই…

১৯৮৭ চনত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম কবি সন্মিলনৰ অন্যতম জিলা নগাঁও জিলা কবি সন্মিলনে ১৪ জুলাই তাৰিখে তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰিছে। সেই উপলক্ষে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক কবি সন্মিলনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ৰাজু সমীৰণ, ধিং শাখা কবি সন্মিলনৰ সম্পাদক পল্লৱী শৰ্মা আৰু সভাপতি কৰৱী শইকীয়াই জানিবলৈ দিয়া কাৰ্যসূচী অনুসৰি ১৪ জুলাইৰ পুৱা ৮ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া আৰু প্ৰাক্তন সভাপতি নিৰলা শইকীয়াই। ইয়াৰ পাছতে পতাকা উত্তোলন কৰিব নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই।

পৰৱৰ্তী কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ পিতৃ পুৰুষ স্বৰূপ ৰাম গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰাই। পৰৱৰ্তী কবি শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টাদ্বয় মোলান লস্কৰ আৰু কেশৱ বৰাই। ইয়াৰ পাছতেই নগাঁও জিলা কবি সন্মিলনৰ জ্যেষ্ঠ কবি তথা বিষয়ববীয়া সকলৰ নেতৃত্বত এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পন্ন হ’ব। অনুষ্ঠান স্থলীতে আয়োজিত ক্ষুদ্ৰ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিব ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক খগেন্দ্ৰ নাথ দেৱ শৰ্মাই। ১০ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাৰ উদ্বোধন কৰিব শিশু-সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। অন্যহাতে প্ৰতিনিধি সভাৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া আমন্ত্ৰিত কবিৰ কবি সন্মিলনৰ উদ্বোধন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক মদাৰজ্যোতিয়ে। উল্লেখযোগ্য যে অনুষ্ঠানত আমন্ত্ৰিত কবিৰূপে মনোজ কুমাৰ দেওৰজা, জয়ন্ত কুমাৰ মান্তা, মাধৱ চন্দ্ৰ ডেকা, মৌচুম বুঢ়াগোহাঁই, প্রজ্ঞা পাৰমিতা বৰুৱা, কৌস্তুভ খাউণ্ড, মিনতি দেৱী কাকতি, ড° ৰূপা ডেকা পাটৰ, দীপ হেষ্টিংচ বড়ি, সত্যজিত গগৈ, ফটিক নন্দন ৰাভা, ৰাজীৱ ৰাভা, জিতুমণি বৰদলৈ, ড° নিৰ্মালি বৰা মালাকাৰ, মিন্টু দাস, ময়ুৰ কুমাৰ বৰা, গোবিন্দ মালাকাৰ, কুমাৰ বিভূতি উপস্থিত থকাৰ লগতে সত্ৰ পৰিচালক হিচাপে গুণ কাকতী, ৰাজেন বৰা, অশোক ৰাম ভট্টাচার্য, কৰবী লিগিৰা, পুতুল চন্দ্র ডেকা, অতুল চন্দ্ৰ কাকতি, সঞ্জীৱ সাগৰ চৌধুৰী, কৰবী শইকীয়া, শশী কেওট, কল্পনা মহন্ত ডেকা, বিনু লস্কৰ ঠাকুৰীয়া, এল. প্রদীপ কুমাৰ সিংহ, পুতুলী মুদৈ উপস্থিত থাকিব।

বিয়লি দুই বজাৰ মুকলি সভা দ্বিজেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্ব কৰাৰ বিপৰীতে আদৰণি ভাষণ আগবঢ়াব ৰাজু সমীৰণে। সভাত মূখ্য অতিথি ৰূপে উপস্থিত থাকিব সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা, প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন। নিৰ্দিষ্ট বক্তাৰূপে কবি উজ্জ্বল পাওগাম, বিশিষ্ট অতিথি ৰূপে সন্মিলনৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰদীপ শইকীয়া, ড° মাণিক শইকীয়া, নীলকান্ত শইকীয়া, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, নিত্যানন্দ বৰা,ড ° জোনাৰাম নাথ, ড° ৰূপাঞ্জলি দেৱী, অজিত শৰ্মা, দীনেশ নাথ, মমতা নায়ক, প্ৰিয়ংকা নায়ক, কুশ মহন্ত, দিলীপ কুমাৰ নাথ, অমল বৰা,পৱন শৰ্মা, মৃদুল কুমাৰ চহৰীয়াৰ লগতে সন্মানীয় আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট কবি ড° লখিমী গগৈ, পলিমা চেতিয়া বসুমতাৰী, হেমন্ত ভাৰতী, প্ৰচাৰ সম্পাদক, সদৌ অসম কবি সম্মিলন ভবেন চন্দ্র নাথ, কৃষ্ণ দৈমাৰী, অনিৰুদ্ধ ডেকা, ছাৰ এৎ হান্সে, অশোক কুমাৰ ডেকা, শ্বপন মৈত্র,সংগীতা ৰাজখোৱা, বিদ্যাৰাম ছিংনাৰ,প্রভাত চন্দ্ৰ বৰদলৈ,ৰাজীৱ চহৰীয়া, মহেন্দ্রনাথ হাজৰিকাকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকিব। অন্যহাতে মুকলি সভাৰ আৰম্ভণি ঘটিব ধিং আঞ্চলিক কবি সন্মিলনৰ শিল্পী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশনেৰে, পৰৱৰ্তী আদৰণি ভাষণ, মূখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পিছতেই নগাঁও জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘খাগৰিজান’ৰ উন্মোচন কৰিব দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা কবি, নিবন্ধকাৰ ডিম্পুল কুমাৰ চুতীয়াই। ইয়াৰ পিছতেই ধিং শাখাৰ পত্ৰিকা ‘আকাশ’ উন্মোচন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথে। এই মুকলি সভাতে নগাঁও জিলা কবি সন্মিলনৰ দ্বাৰা কেইবাটিও বঁটা, সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰা হ’ব । বঁটা প্ৰদান অনুষ্ঠানত ‘প্রমোদৰাম ভট্টাচাৰ্য্য আৰু সৌজন্যময়ী ভট্টাচার্য্য সোঁৱৰণী শ্রেষ্ঠ সাহিত্য সম্মান’ প্রয়াগ শইকীয়ালৈ, ‘কঁপয়া কোচ সোঁৱৰণী সাহিত্যপ্রাণ সম্মান’ গুণ কাকতীলৈ, ‘স্বভাৱ কবি নৱদ্বীপ দাস সোঁৱৰণী বঁটা’ লক্ষী মেধিলৈ, ‘নৰপ্ৰসাদ শৰ্মা সোঁৱৰণী সমাজহিতৈষী সম্মান’ উৎপল বণিয়ালৈ, ‘নগঞা শিল্পী বঁটা’ ধ্ৰুৱ কুমাৰ ৰাজালৈ আগবঢ়োৱাৰ লগতে ‘গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্য-অৰুণ বঁটা’ ক্রমে তুলিকা দেবী আৰু আশা বৰা মনলৈ আগবঢ়োৱাৰ হ’ব। একেদৰে ‘গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্যপ্রভাত সম্মান’ ক্রমে বিনয় দাস, শিখা শইকীয়া আৰু তৃষ্ণা বৰা দাসলৈ আগবঢ়োৱাৰ লগতে বিশিষ্ট কবি প্রয়াত ‘ধীৰেন চন্দ্ৰ কাকতী সোঁৱৰণী কবিতা প্রতিযোগিতা’ৰ প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ বঁটাপ্রাপক ক্রমে ইলামণি শইকীয়া, কৃষ্ণ দৈমাৰী, অংকুৰিতা ফুকন, বিচাৰকৰ বিশেষ সম্মানপ্রাপক ৰশ্মিতা শইকীয়াকো বঁটা প্ৰদান কৰা হ’ব। নগাঁও জিলা কবি সন্মিলনৰ ‘শ্রেষ্ঠ সংগঠক’ৰ বঁটা ক্রমে প্রদ্যুম্ম বৰা আৰু কবিতা বৰালৈ আগবঢ়োৱাৰ লগতে ‘প্ৰচাৰকৰ সম্মান’ লক্ষ্যজ্যোতি বৰা, দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক ৰূপম নাথ আৰু ডিবি নিউজৰ নৱ কাশ্যপলৈ আগবঢ়োৱা হ’ব। শ্রেষ্ঠ ‘নৱাগত সংগঠকৰ সন্মান’ ক্রমে আৰতি মেধি আৰু পল্লৱী শর্মালৈ আগবঢ়োৱাৰ লগতে বিশেষ সম্বর্দ্ধনা আগবঢ়োৱা হ’ব জ্যেষ্ঠ সাংবাদিক তথা দৈনন্দিন বাৰ্তাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ, নীলকমল শইকীয়া, দীপক কুমাৰ শৰ্মা, দেৱজিত হাজৰিকা, বন্দনা নাথ ঠাকুৰীয়া আৰু কনক হাজৰিকাক।

তাৰোপৰি ‘প্রথম শ্রেষ্ঠ শাখাৰ সম্মান’ কামপুৰ আঞ্চলিক কবি সম্মিলনলৈ, ‘দ্বিতীয় শ্রেষ্ঠ শাখা’ৰ সম্মান ফুলগুৰি আঞ্চলিক কবি সম্মিলনলৈ, ‘তৃতীয় শ্রেষ্ঠ শাখা’ৰ সন্মান ৰঙাজিঞা সদৰ শাখালৈ আগবঢ়োৱাৰ লগতে কলিয়াবৰ শাখালৈ ‘অভিনন্দন সন্মান’ আৰু ধিং আঞ্চলিক কবি সন্মিলনলৈ ‘কৰ্মপ্ৰাণ’ সন্মান আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে সভাৰ শেষত পল্লৱী শৰ্মা শলাগৰ শৰাইৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰ সামগ্ৰিক অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত সকলো ৰাইজ তথা কাব্যপ্ৰাণৰ উপস্থিতি কামনা কৰিছে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ বিষয়ববীয়াসকলে।