তামুলপুৰৰ কুমাৰীকাটাত জিকিৰৰ কৰ্মশালা আৰম্ভ…

তামুলপুৰ জিলাৰ কুমাৰীকাটাত সাংস্কৃতিক মহাসভা অসমৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কুমাৰীকাটা আঞ্চলিক সমিতিৰ সহযোগত মংগলবাৰৰ পৰা ১৩ জুলাইলৈ এখনি জিকিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ কুমাৰীকাটা হাইস্কুল (হাইমাদ্ৰাছা) প্ৰাগংণত নিতৌ পুৱা ১০ :০০ বজাৰ পৰা দিনৰ ২:০০ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাখন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে কুমাৰীকাটাৰ বিশিষ্ট সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী মইনুল হক চৌধুৰীয়ে৷

জিকিৰ সম্ৰাট মঃ আজিমুদ্দিন আহমেদ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া জিকিৰ কৰ্মশালাখনিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলা অসম সাংস্কৃতিক মহাসভাৰ উপ সভাপতি প্ৰদীপ বায়ন, সাংস্কৃতিক মহাসভা অসমৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণজিৎ তালুকদাৰ, কুমাৰীকাটা সংগীত বিদ্যালয়ৰ অধ্যক দীপক মুদৈ ,বিশিষ্ট জিকিৰ শিল্পী আটাউৰ ৰহমান, বিটিআৰ গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হাছিম আলীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Related Articles