ডিমৰীয়াৰ ভৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই ভয়ংকৰ দুৰ্ঘটনা

ডিমৰীয়াৰ ভৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ’ল এজনৰ।

উজনিৰ দিশৰ পৰা গুৱাহাটী অভিমুখী UP 21DT9555 নম্বৰৰ তীব্ৰবেগী কণ্টেইনাৰ বাহনখনে একে দিশতে গৈ থকা AS01 R C 2231 নম্বৰৰ ট্ৰাক এখনত খুন্দা মৰাৰ ফলত ট্ৰাকখন উফৰি ডিভাইডাৰ পাৰ হৈ খুন্দিয়াই বিপৰীত দিশেৰে আহি থকা এখন ছুইফট ডিজায়াৰ বাহনত।

ফলত ট্ৰাকখনত থকা এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈ কণ্টেইনাৰ খনত আৱদ্ধ হৈ পৰে চালকজন।

আনহাতে কিছু পৰিমাণে আহত হয় ছুইফট ডিজায়াৰ খনৰ এজন লোক।

ঘটনাস্থলীত ক্ষেত্ৰী যানবাহন আৰক্ষী উপস্থিত হৈ আহত-নিহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই পৰ্যন্ত নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

Related Articles