Home Blog Page 713

কেনিয়াত জ্বলাই দিলে সংসদ ভৱনৰ এটা অংশ

কেনিয়াত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে আক্ৰমণ কৰিলে সংসদ ভৱনত । অকল
সেয়াই নহয় সংসদ ভৱনৰ এটা অংশ জ্বলাই দিলে । উল্লেখ্য যে দেশখনৰ অত্যাধিক মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগৰ দৰে সমস্যাত বিধ্বস্ত দেশৰ নাগৰিকৰ ওপৰত আকৌ চৰকাৰে নতুন নতুন কৰ জাপিছে । ইয়াকে লৈ চৰকাৰৰ এনে জনবিৰোধী স্থিতিত ক্ষোভিত হৈ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে সংসদ ভৱনত আক্ৰমণ কৰি সংসদ ভৱনৰ এটা অংশ জ্বলাই দিয়ে।

নানান সমস্যাৰে ভাৰাক্ৰান্ত জনতাৰ ওপৰত আনকি জীয়াই থাকিবলৈ খোৱা ৰুটিৰ ওপৰতো ১৬ শতাংশ দেশখনৰ শাসকীয় চৰকাৰে জাপি দিছিল কৰৰ বোজা। ক্ষোভত আক্ৰমণ কৰা সংসদ ভৱনত আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৱাটাৰ কেননৰ সৈতে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে যদিও তাৰ পিছতো প্ৰতিবাদকাৰীসকল ছত্ৰভংগ নিদিয়াত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। গুলী চালনাত ৫ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে । আহতৰ কোনো সীমা, সংখ্যা নাই।ইপিনে কেনিয়াৰ সকলো ভাৰতীয়কে সৰ্বোচ্চ সতৰ্কতা অবলম্বন কৰাৰ, অপ্ৰয়োজনীয় যাতায়ত নকৰাৰ লগতে
পৰিস্থিতি ঠিক নোহোৱালৈ বিক্ষোভৰ কেন্দ্ৰস্থলীসমূহ এৰি চলিবলৈ পৰামৰ্শ আগবঢ়ায় বুলি ভাৰতীয় দূতাবাসে এক্সত প্ৰকাশ কৰে ।

দ্বাদশটো সন্তানৰ পিতৃ হ’ল আমেৰিকান ধনকুবেৰ এলন মাস্ক

শেহতীয়াকৈ বিশ্বৰ প্ৰথম স্থানত থকা আমেৰিকান ধনকুবেৰ এলন মাস্কে দ্বাদশটি সন্তানৰ পিতৃ হোৱা খবৰে খলকনি তুলিলে । উল্লেখ্য যে ব্লুমবাৰ্গত প্ৰকাশ পোৱা এলন মাস্কৰ শিশু সন্দৰ্ভত “এলন ৱান্টছ ইউ টু হেভ মোৰ ৱেবীছ” নামৰ এক নিবন্ধ প্ৰকাশ হৈছিল । ইফালে এই সন্দৰ্ভত পেস্ক ছিস্ক’ত প্ৰকাশিত এক বিবৃতিত দ্বাদশ সন্তানৰ পিতৃ হোৱাৰ বিষয়টো তেওঁ সকলোকে জনোৱা নাছিল যদিও পৰিয়ালৰ লোক আৰু সহবন্ধুসকলেহে গম পাইছিল বুলি উল্লেখ কৰে ।

আনহাতে মাস্কৰ দ্বাদশ সন্তানৰ পিতৃত্ব লাভৰ কথা পোহৰলৈ অহাৰ লগে লগে সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে ২০২১ চনত যমজ সন্তানৰ পিতৃ হোৱা ধনকুবেৰ গৰাকীয়ে এই বিষয় আন্তৰ্জাতিক সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চিত হয়

জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত মন্ত্ৰী পীয়ূষ হাজৰিকা…

আজি জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা।

মৰাণ স্বায়ত্তশাসিত পৰিষদ সম্পৰ্কীয় সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু অন্যান্য আনুষংগিক বিষয় সন্দর্ভত বৈঠকত আলোচনা কৰা হয়। সীমা নিৰ্ধাৰণৰ বাবে সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসহ প্ৰশাসনৰ সহায়ত খচৰা প্ৰস্তুত কৰি জুলাই মাহৰ ১০ তাৰিখে দাখিল কৰিবলৈ প্ৰতিনিধিবৰ্গক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে আৰু চৰকাৰী নিয়ম অনুসৰি পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

আজিৰ বৈঠকত সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ক্ৰমে মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ, উপাধ্যক্ষ, প্ৰধান সচিব, অসম মৰাণ সভাৰ সভাপতি-সাধাৰণ সম্পাদক, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি-সম্পাদকসহ বহুকেইজন ব্যক্তি উপস্থিত থাকে।

কোনো বে-আইনী কাম কৰা নাইঃ সোণাক্ষী-জাহিৰৰ বিবাহ বিতৰ্কৰ সন্দৰ্ভত শত্ৰুঘ্ন সিনহাৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ সৃষ্টি হৈছে বিতৰ্ক। বিবাহৰ এই বিতৰ্কৰ সন্দৰ্ভত সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

‘তাই কোনো বেআইনী কাম কৰা নাই। বিবাহ দুজন ব্যক্তিৰ ব্যক্তিগত সিদ্ধান্ত, তাত অন্য লোকৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই’। সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ এইদৰে মন্তব্য কৰে সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাই।

তেওঁৰ কন্যাৰ বিবাহ কাৰো চিন্তাৰ বিষয় নহয় বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকী পিতৃয়ে। ২৪ জুনত সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ সম্পন্ন হৈছিল।

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে

অম্বুবাচীৰ নিবৃত্তিৰ পাছতে খুলি দিয়া হ’ল কামাখ্যাৰ মুখ্য দুৱাৰ। মা কামাখ্যাৰ আশীষ ল’বলৈ লাখ লাখ ভক্তৰ ভিৰ নীলাচলত। পুৱতি নিশাৰ পৰাই দেৱীৰ দৰ্শনাৰ্থে লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম । লোকে লোকাৰণ্য মা কামাখ্যা ধাম। নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত ঘটে অম্বুবাচীৰ নিবৃত্তি। ইয়াৰ পাছতে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ
মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত ঘটে অম্বুবাচীৰ নিবৃত্তি। ইয়াৰ পাছতে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ

২২ জুন, শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। তাৰ পাছতে ৪ দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ।


২২ জুন, শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। তাৰ পাছতে ৪ দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ।

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ৰে পৰা লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত হৈছিল কামাখ্যা ধাম। মন্দিৰলৈ যোৱাৰ বাবে নাছিল কোনো VIP, VVIP পাছৰ ব্যৱস্থা।


অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ৰে পৰা লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত হৈছিল কামাখ্যা ধাম। মন্দিৰলৈ যোৱাৰ বাবে নাছিল কোনো VIP, VVIP পাছৰ ব্যৱস্থা।

৩ দিনৰ পাছত আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে কামাখ্যা মন্দিৰৰ দুৱাৰ। মাৰ আশীষ ল’বলৈ নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।


৩ দিনৰ পাছত আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে কামাখ্যা মন্দিৰৰ দুৱাৰ। মাৰ আশীষ ল’বলৈ নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

দুৱাৰ খোলাৰ পাছত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে


দুৱাৰ খোলাৰ পাছত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে

বৰপেটাত বিজ্ঞান আৰু গণিত বিষয়ৰ ওপৰত পাঁচদিনীয়াকৈ প্ৰশিক্ষণ…

বৰপেটা চহৰত অৱস্থিত দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পাঁচদিনীয়াকৈ খণ্ডভিত্তিক প্ৰশিক্ষণ কালিৰে পৰা আৰম্ভ হৈছে। বৰপেটা শিক্ষাখণ্ডৰ ৩৬ টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞান শিক্ষকসকল উপস্থিত থকা এই প্ৰশিক্ষণটো এগছি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰাই। উদ্বোধনী ভাষণত জয়ন্ত বৰাই বিজ্ঞান আৰু গণিত শিক্ষণ আনন্দদায়ক আৰু ক্ৰীয়াকলাপ ভিত্তিক হোৱাৰ ওপৰত গুৰুত্ব দি শিক্ষক প্ৰশিক্ষাৰ্থীসকলক এই দিশত জোৰ দিবলৈ কয়।

এই অনুষ্ঠানতে উপস্থিত থাকি সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকাই বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই প্ৰশিক্ষণ বৰপেটা জিলাৰ সাতোটা শিক্ষা খণ্ডতে অনুষ্ঠিত হোৱাৰ বিষয়ে শিক্ষক প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰায়। আনহাতে বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই শিক্ষকসকলক প্ৰশিক্ষণত লাভ কৰা জ্ঞানৰ উপৰিও সৃজনীমূলক কৰ্মৰাজিৰে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। আজিৰ এই উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে সমগ্ৰ শিক্ষা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে।

সভাত বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ক্ৰমে দ্বিজেন্দ্ৰ কৃষ্ণ মিশ্ৰ, প্ৰসেনজিৎ শৰ্মা আৰু দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাৰু চক্ৰৱৰ্তীও উপস্থিত থাকে। প্ৰশিক্ষণটোত সমল ব্যক্তি হিচাপে শিক্ষক হিৰণ্য কুমাৰ চৌধুৰী, জ্যোতিৰ্ময় দাস, মুকুন্দ দাস, চন্দন কুমাৰ দাস আৰু শিক্ষয়িত্ৰী অপৰ্ণা দাস উপস্থিত থাকে। আনহাতে প্ৰশিক্ষণ শিবিৰৰ পৰিচালনাৰ দায়িত্বত থাকে বৰপেটা শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক ক্ৰমে কণজিৎ দাস, নবজিৎ দাস, হৰ্ষজিৎ দাস, তৰু দাস আৰু অঞ্জুমণি ডেকা।

সফল মানুহে আনক নকয় এইবোৰ কথা! জীৱনত প্ৰগতি আৰু ধন লাভ কৰিবলৈ মনত ৰাখক এইসমূহ কথা…

আচাৰ্য চাণক্যৰ মতে যদি কোনো ব্যক্তিয়ে সফলতা লাভ কৰিব বিচাৰে তেন্তে কিছুমান কথা আছে যিবোৰ তেওঁ কেতিয়াও আনক ক’ব নালাগে। জীৱনত বহু সময়ত এনেকুৱা হয় যে বাৰে বাৰে চেষ্টা কৰিও এজন ব্যক্তিয়ে সফলতা লাভ নকৰে। তেওঁ বাৰে বাৰে বিফলতাৰ সন্মুখীন হয়। ইয়াৰ কাৰণ হ’ব পাৰে ব্যক্তিজনৰ নিজৰে কিছুমান ভুল। আনহাতে কোনবোৰ কথা আনক ক’ব নালাগে জানো আহকঃ

আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে সফলতা লাভ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। আনহাতে নিজৰ লক্ষ্যৰ বিষয়ে আন কাৰোবাক কোৱাটোৱে আপোনাক বিফলতাৰ পথত আগুৱাই লৈ যাব পাৰে। জীৱনত সফলতা লাভ কৰিবলৈ নিজৰ লক্ষ্যৰ কথা কাকো নকব, আনকি বন্ধু বা ঘনিষ্ঠকো নকব। মাত্ৰ লক্ষ্যত উপনীত হ’বলৈ মনে মনে চেষ্টা কৰি থাকিব।

আচাৰ্য চাণক্যৰ মতে যদি এজন ব্যক্তিয়ে সফলতা বিচাৰে তেন্তে তেওঁ কেতিয়াও নিজৰ দুৰ্বলতা কাকো কোৱা উচিত নহয়। যদি কোনো ব্যক্তিয়ে নিজৰ দুৰ্বলতাবোৰ আন কাৰোবাক কয়, তেন্তে কোনোবাই সেইবোৰ ব্যৱহাৰ কৰি আপোনাক সফল হোৱাত বাধা দিব পাৰে।

আচাৰ্য চাণক্যৰ মতে সফল হ’বলৈ এজন ব্যক্তিয়ে কেতিয়াও নিজৰ দক্ষতা কাকো ক’ব নালাগে আৰু কেনেকৈ সেই দক্ষতা আহৰণ কৰিলে সেই বিষয়েও ক’ব নালাগে। আপুনি সদায় নিজৰ দক্ষতা যোগ্য ব্যক্তিকহে ক’ব লাগে।

দ্বিতীয়বাৰৰ বাবে পুনৰ লোকসভাৰ অধ্যক্ষ আসনত ওম বিৰলা

আজি দ্বিতীয়বাৰৰ বাবে পুনৰ লোকসভাৰ অধ্যক্ষ আসনত ওম বিৰলা জয়ী হয় । উল্লেখ্য যে ধ্বনি ভোটত সদনত অধিস্থিত হোৱা এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থী ওম বিৰলাক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ নিৰপেক্ষতা বজাই ৰাখিব বুলি বিশ্বাস কৰা বুলি ভাষণ প্ৰদান কৰে ।

এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থী ওম বিৰলাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

উল্লেখ্য যে সদনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন আৰু ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ওম বিৰলাই হৈছে প্ৰথমগৰাকী অধ্যক্ষ। ইফালে এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই ৮বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক প্ৰতিদ্বন্দ্বী হিচাপে আগবঢ়াইছিল আৰু সেইবাবেই এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে ইণ্ডিয়া মৰ্চাই নাম ঘোষণা কৰিছিল ।

সদনত এইদৰে দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীক…

অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সদনত এইদৰে দেখা গ’ল প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীক।

লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে ওম বিৰলাক অধ্যক্ষৰ আসনলৈ লৈ যায়।

সংসদৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন

সংসদৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন

অনুষ্ঠিত হব সংসদৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন । ইয়াকে লৈ আজি লোকসভা অধ্যক্ষ পদৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হব । উল্লেখ্য যে নিৰ্বাচনত জয়ী কৰাৰ বাবে এনডিএৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ৮ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞতা থকা এগৰাকী সাংসদ কে সুৰেশক ইণ্ডিয়া মৰ্চাই থিয় কৰাইছে । ইফালে নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীৰ সংখ্যা ২৯২ গৰাকী, বিপৰীতে ইণ্ডিয়া মৰ্চা গোটৰ প্ৰাৰ্থীৰ সংখ্যা ২৩৪ গৰাকী আৰু নিৰ্দলীয় ১৬ গৰাকী ।

সংসদৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন

সেই অনুসৰি এনডিএৰ প্ৰাৰ্থী ওম বিৰলাৰ ভোটৰ ব্যৱধানত বেছি হ’লে জয়লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰা পৰিলক্ষিত হয় । তদুপৰি ওম বিৰলা প্ৰাক্তন লোকসভাৰ অধ্যক্ষ হয় যদিও ১৯৮৯, ১৯৯১, ১৯৯৬, ১৯৯৯, ২০০৯, ২০১৪, ২০১৯ আৰু ২০২৪ত ৮বাৰকৈ প্ৰাক্তন সাংসদ হিচাপে কে সুৰেশ আছিল ।