Home Blog Page 715

মহিলা বেংক মেনেজাৰক ভিডিঅ’ কল! চাইবাৰ অপৰাধীয়ে লুটিলে ১৭ লাখ টকা…

জয়পুৰত এগৰাকী মহিলা বেংক মেনেজাৰক পাঁচঘণ্টা ধৰি ভিডিঅ’ কলত ব্যস্ত ৰাখি ১৭ লাখ টকা প্ৰতাৰণা কৰা বুলি দেওবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।ফোন কৰোতাই মহিলাগৰাকীক ভাবুকি দিয়ে যে তেওঁৰ আধাৰকাৰ্ডৰ পৰা তেওঁৰ নামত জাৰি কৰা এখন ছিমকাৰ্ড অবৈধ কাৰ্যকলাপ চলাবলৈ ব্যৱহাৰ কৰা হৈছে।ইয়াৰ পিচত মুম্বাই আৰক্ষীৰ বিষয়া হিচাপে নিজকে পৰিচয় দি আন এজন দুৰ্বৃত্তই তেওঁৰ সৈতে ভিডিঅ’ কলত কথা পাতে।এই সন্দৰ্ভত বৰ্তমান জয়পুৰ আৰক্ষী আয়ুক্তালয়ৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

চাইবাৰ অপৰাধ কেন্দ্ৰৰ বিষয়া চন্দ্ৰ প্ৰকাশে জনোৱা মতে, ভুক্তভোগী মহিলা বেংক মেনেজাৰগৰাকীয়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে।তেওঁ গোচৰত উল্লেখ কৰে যে ২০ জুনৰ পুৱা তেওঁৰ মোবাইললৈ এটা ফোন আহে।ফোন কৰোতা জনে নিজকে ভাৰতীয় টেলিকমনিয়ামক কৰ্তৃপক্ষৰ এগৰাকী প্ৰতিনিধি হিচাপে পৰিচয় দিকয় যে মহাৰাষ্ট্ৰত তেওঁৰ আধাৰকাৰ্ডৰ পৰা জাৰি কৰা এখন ছিমকাৰ্ড অবৈধ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে।কিন্তু এই সন্দৰ্ভত ভুক্তভোগীৰ ওচৰত কোনো তথ্য নাই বুলি বিষয়টো অস্বীকাৰ কৰাত ফোন কৰোতা জনে মুম্বাই আৰক্ষী বিষয়াৰ সৈতে তেওঁক কথা পতাই দিব বুলি কৈ কলটো বিচ্ছিন্ন কৰে।ইয়াৰপিচত ভুক্তভোগীয়ে আন এটা কল লাভ কৰে।কলটোত ফোন কৰোতা জনে নিজকে বিনয় খান্না বুলি পৰিচয় দিয়ে।কিন্তু তেওঁ কলটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়াত লগে লগে পুনৰ আন এটা নম্বৰৰ পৰা ফোন কল লাভ কৰে আৰু স্কাইপছফ্টৱেৰ ইনষ্টল কৰাই ভিডিঅ’ কলত কথা পাতে।

তাৰ পিচত কল কৰোতাই ৰিজাৰ্ভ বেংকৰ ভেৰিফিকেচনৰ নামত ভুক্তভোগীক তেওঁৰ একাউণ্টলৈ ২০ লাখ টকা ট্ৰেন্সফাৰ কৰিবল কয়।কিন্তু কল কৰা দুষ্ট চাইবাৰ প্ৰৱঞ্চকৰ কথাত পতিয়ন গৈ ভুক্তভোগীয়ে তেওঁৰ স্থায়ী জমা ভাঙি তেওঁৰ বেংক একাউণ্টলৈ ১৭ লাখ টকা ট্ৰেন্সফাৰ কৰে।

প্ৰসংগ কংগণা কাণ্ডঃ পূৰ্ণহতীয়া ‘চৰ’টোৱেই হওক শেষ সকীয়নি অহংকাৰী নেতাৰ…

সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচন সফলতাৰে অনুষ্ঠিত হৈ গ’ল। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। বিগত দুটা কাৰ্যকালত বিজেপিয়ে সংসদত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈ চৰকাৰ গঠন কৰিছিল। এইবাৰ কিন্তু জনাদেশ বিজেপিৰ পক্ষত সম্পূৰ্ণ নাথাকিল। যদিও এইবাৰ বিজেপিয়ে ৪০০ আসন পাৰ কৰিম বুলি নিৰ্বাচনী সভাসমূহত কৈ ফুৰিছিল। ফলাফলৰ অন্তত তেওঁলোকে লাভ কৰিলে মাত্ৰ ২৪০খন আসন। সেয়ে এইবাৰ বিজেপিয়ে আন দলৰ সহায়ত অৰ্থাৎ টিডিপি আৰু জে ডি ইউক লগত  লৈহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। ইয়াৰ মূল কাৰণ নিশ্চয় তেওঁলোকৰ আত্মভৰিতা, অহংকাৰ আৰু স্বেচ্ছাচাৰিতাই কাৰণ। তেওঁলোকৰ নিৰ্বাচনী সভাবোৰত একাংশ নেতাই দিয়া ভাষণবোৰত বিৰোধীক নস্যাৎ কৰি দিয়া যেনেই অনুভৱ হৈছিল। নিৰ্বাচনী ভাষণবোৰত একাংশ নেতাৰ যি তুচ্ছ-তাচ্ছিল্য, অহংকাৰী দেহভংগী আচৰণ, অসংযত ভাষণ এইবোৰে ৰাইজক বাৰুকৈয়ে আমুৱাইছে। সভাবোৰত একেখিনি মানুহ, একেখিনি ভাষণ। জনসাধাৰণে শালীনতা বিচাৰে আৰু সঁচা অৰ্থত ৰাইজৰ হকে কেৱল কামহে বিচাৰে।  অসমতে এইবাৰৰ নিৰ্বাচনত  ইয়াৰ প্ৰমাণ স্পষ্টভাৱে ৰাইজে দেখুৱাই দিছে। একাংশ নেতাৰ ক্ষমতাই মূৰত ধৰিলে তেওঁলোকে শিপাই পাহৰি যায়।  ধন আৰু ক্ষমতাৰ অহংকাৰত মত্ত হৈ যদি তেওঁ গঙাটোপ হৈ পৰে তেতিয়া তেওঁ কেনেকৈ ৰাইজৰ নেতা হ’ব পাৰে। কেনেকৈ প্ৰিয়ভাজন হ’ব সকলোৰে বাবে। অকল দলৰ শীৰ্ষ নেতাৰ তৈলমৰ্দন কৰি তোষামোদৰ ৰাজনীতি কৰিলেই  প্ৰকৃত ৰাজনীতিক অথবা নেতা হ’ব নোৱাৰি। তেওঁক সকলোৱে কেতিয়াওঁ গ্ৰহণো নকৰে। আৰু এই কাৰণটোৰ বাবে এইবাৰৰ লোকসভাৰ নিৰ্বাচনত বহুকেইগৰাকী অহংকাৰী নেতাৰ পতন ঘটিল। বহু ক্ষেত্ৰত দেখা যায় একাংশই কেৱল দলৰ শীৰ্ষ নেতাক তৈলমৰ্দন কৰি কৰিয়েই নেতা হ’ব বিচাৰে। তেওঁলোকে হয়তো নেতাৰ অৰ্থ বুজিবলৈ চেষ্টাই কৰা নাই অথবা বুজাই নাই।

         কংগণা ৰাণাৱট। এগৰাকী বহুবিতৰ্কিত অভিনেত্ৰী। তেওঁ অভিনয় জগতত প্ৰৱেশ কৰা দুটা দশকেই হোৱা নাই। বৰ্তমান তেওঁ এগৰাকী সফল অভিনেত্ৰীয়েই নহয়, এগৰাকী সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী হিচাপেও পৰিচিত।আনহাতে, এইগৰাকী কংগণা ৰাণাৱট বিজেপি দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো অন্ধ ভক্ত। ইয়াৰ সুবাদতে ২০২১ চনত কংগণা ৰাণাৱটলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী সন্মান। আনহাতে, যদিও তেওঁ খুব সোনকালেই চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে উত্থান ঘটিছে তথাপি এইগৰাকী অভিনেত্ৰীৰ চলচ্চিত্ৰ জগতখনৰ বহুতৰে সৈতে মনোমালিন্যও আছে। আনহাতে, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বহু নেতাৰো অপ্ৰিয় এইগৰাকী অভিনেত্ৰী। ইয়াৰ কাৰণেই হয়তো তেওঁৰ আত্ম-অহংকাৰ। মুঠৰ ওপৰত তেওঁ এগৰাকী বিতৰ্কৰ আৱৰ্তত থকা ব্যক্তি। এবাৰ ঘৃণা আৰু হিংসা বিয়পোৱাৰ অভিযোগত এবছৰৰ বাবে তেওঁৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিবলগীয়াও হৈছিল। ধন আৰু ক্ষমতাৰ নিচাই যেতিয়া কাৰোবাৰ মূৰত ধৰে তেওঁ তেতিয়া ওভত গোৰে নাচিবলৈ আৰম্ভ কৰে। নিজৰ শিপা হেৰুৱাবলৈ ধৰে। আৰু কংগণাৰ ক্ষেত্ৰতো সেয়াই হ’ল। যেতিয়া বৃহৎ কৃষক আন্দোলন চলি আছিল সেই সময়ত কংগণা ৰাণাৱটে চৰকাৰক সমৰ্থন দিবলৈ গৈয়ে কৃষক আন্দোলনৰ বিৰুদ্ধে যি কথা কৈছিল বা যি ভূমিকা লৈছিল সেই কথাই কৃষকসকলক মৰ্মান্তিক আঘাত দিছিল। হয়তো ক্ষমতাৰ ৰাগিত তেওঁ পাহৰি গৈছিল কৃষকসকলৰ মনৰ কথা কি ? পিছে পৰৱৰ্তী সময়ত সেই কথা তেওঁ পাহৰিলেও  শুকাই নোযোৱা ঘাৰ দৰে লাগি থকা কুলবিন্দৰ কৌৰ নামৰ সেই সাহসী ছোৱালীজনীয়ে কিন্তু কেতিয়াও পাহৰা নাছিল কংগণাই কৃষকৰ প্ৰতি কৰা চৰম আঘাতৰ কথা। আৰু তেওঁ ইয়াৰ প্ৰতিশোধৰ জুইকুৰা বুকুত জ্বলাই ৰাখিছিল সময় আৰু সুযোগৰ অপেক্ষাত। এদিন আহিল এই সুযোগ। সেই সুযোগ তেওঁ হাতৰ পৰা সাৰি যাবলৈ নিদিলে। আৰু সেই সুযোগ ক্ষণিকতে লৈ পেলালে কুলবিন্দৰে। প্ৰথমবাৰৰ বাবে হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱা কংগণা ৰাণাৱটক চণ্ডীগড় বিমান বন্দৰত সুবিধা পায় কুলবিন্দৰে শোধালে পূূৰ্ণহতীয়া চৰ। কোনোবাই বাধা দিয়াৰ আগতেই ঘটি গ’ল এই সমগ্ৰ ঘটনা। আৰু কৃষকক কৰা অপমানৰ প্ৰতিশোধ ল’লে কুলবিন্দৰ কৌৰ নামৰ সেই বিমান বন্দৰৰ সুৰক্ষা কৰ্মীগৰাকীয়ে। কৃষকৰ প্ৰতি কংগণা ৰাণাৱটে লোৱা বিৰোধী ভূমিকাৰ বাবেই যে কুলবিন্দৰে এই কাণ্ড সংঘটিত কৰিলে বিমান বন্দৰতে চিঞৰি চিঞৰি ক’লে।  যিটো ঘটনাই আজি সমগ্ৰ দেশ জোকাৰি গৈছে। দেশত নোহোৱা নোপজা ঘটনা এটি ঘটি গ’ল নিমিষতে। কোনেও হয়তো কল্পনাই কৰা নাছিল এনে ঘটনা সংঘটিত হ’ব বুলি। কিন্তু কোনেও নভবা কামকে কৰি পেলালে কুলবিন্দৰে।

             এই ঘটনাক লৈ এতিয়া দুটা শিবিৰত বিভক্ত হৈ পৰিছে ভাৰতৰ জনসাধাৰণ। কুলবিন্দক বহুতেই সমৰ্থন আগবঢ়াইছে, কোনোবাই চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিছে। কুলবিন্দৰৰ পিতৃ-মাতৃক সম্বৰ্ধনা জনাইছে, কুলবিন্দৰৰ সমৰ্থনত শোভাযাত্ৰা উলিয়াছে ৰাজপথত। কিন্তু এনেবোৰ ঘটনা আচলতে কিহৰ লক্ষণ। ইমানখিনি কোৱাৰ অৰ্থ এইটো নহয় যে আমি কুলবিন্দৰৰ পক্ষ লৈছো বা কুলবিন্দৰক সমৰ্থন জনাইছোঁ। আমি এনে ঘটনাৰ কেতিয়াওঁ সমৰ্থন নকৰো।  আইন আছে। আইনে কুলবিন্দৰৰ বিচাৰ কৰিব। কিন্তু সেয়াই শেষ জানো। আজি এই পৰ্যায়লৈ কুলবিন্দৰক কোনে আগবঢ়াই দিলে ? ইয়ো এতিয়া সৰ্বত্ৰ চৰ্চিত বিষয় হৈ পৰিছে। যি নেতাই ৰাইজৰ দুখ-বেদনা, খং-ক্ষোভ, অভাৱ-অভিযোগবোৰৰ উমান ল’ব নোৱাৰে, কেৱল নেতাগিৰিৰে সকলো কৰিব খোজে তেনে লোক নেতা হ’ব খুজিলেই কেতিয়াওঁ নেতা হ’ব নোৱাৰে। নেতা ৰাইজেহে বনায়, নিজে নিজে নেতা হ’ব নোৱাৰে। যিয়ে ৰাইজৰ খং-ক্ষোভৰ উমান ল’ব নোৱাৰে তেনেসকল কিহৰ নেতা ? কাৰ নেতা ? দল বা দলৰ মুৰব্বীক তোষামোদ কৰি অথবা অন্ধ আনুগত্য দেখুৱাই ক্ষমতাৰ ৰাজনীতিত সুবিধা কৰিব পাৰি কিন্তু নেতা হোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰি। এনে ৰাজনীতিকৰ উত্থান যিমান সহজ পতনো হয় সিমান সহজতে। নেতাই সদায়ে সাধাৰণ জনতাৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিব লাগিব। নহ’লে জনতাই নেতাৰ আসনৰ পৰাও নমাবলৈ অকণো কুণ্ঠাবোধ নকৰে। যিয়ে পীড়িত-দুৰ্দশাগ্ৰস্ত, সমস্যাজৰ্জৰ মানুহৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে তেওঁ কেতিয়াও নেতা হ’ব নোৱাৰে।  এই কথা আমাৰ অহংকাৰী নেতাসকলে মনত ৰখাটো ভাল।

ক্ষমতাৰ ৰাগিত নিৰাপদ দূৰত্বত থাকি নেতাই জনতাৰ মনত দুখ দিয়া কাম কৰিলে কিন্তু জনতাই সেই কথা কেতিয়াও নাপাহৰে। কুলবিন্দৰেই ইয়াৰ প্ৰমাণ। ক্ষোভৰ উদ্‌গিৰণ ঘটাই কুলবিন্দৰে যিটো চৰ কংগণা ৰাণাৱটৰ গালত শোধালে সেই চৰটো আচলতে অভিনেত্ৰীৰ গালত নে সাংসদৰ গালত নে ক্ষমতালোভী অহংকাৰী নেতাৰ গালত নে স্বৈৰতন্ত্ৰ-স্বৈৰতান্ত্ৰিক ব্যৱস্থাপনাৰ গালত শোধালে এয়াও জুকিয়াই চোৱাৰ সময় এয়া। ইয়াৰ পিছতো কওঁ– কংগণাক মৰা চৰটোৱে এশিকনি দিবনে অহংকাৰী নেতাক ? আশা কৰো এই পূৰ্ণহতীয়া চৰটোৱেই শেষ সকীয়নি হওক অহংকাৰী নেতাৰ বাবে। আমি পাহৰিলে নহ’ব যে গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে ৰজা পাতিবও জানে আৰু ভাঙিবও জানে।

লেখকঃ ভূপেন মহন্ত

ভাৰতীয় সেনাবাহিনীত ‘ৰব’-ডগ’! ‘ৰব’-ডগ’এ চিনাক্ত কৰিব শত্ৰুক…

অতি সোনকালে, ৰবটিক MULES অৰ্থাৎ কুকুৰৰ ৰূপত বহু সঁজুলি ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে প্ৰয়োজন হ’লে গুলীও চলাব পাৰি। সেনাই প্ৰথমটো বেচৰ ৰব’ কুকুৰক অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে। এই কুকুৰকেইটা চোৱাচিতাৰ বাবে আৰু লঘু বোজা কঢ়িয়াই নিয়াৰ বাবে নিয়োগ কৰা হ’ব। সূত্ৰ অনুসৰি যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সেনাই ১০০টা ৰব’ কুকুৰৰ অৰ্ডাৰ দিছিল আৰু এতিয়া জানিব পৰা গৈছে যে এনে ২৫টা MULESৰ প্ৰি-ডিস্পেচ পৰিদৰ্শন সম্পূৰ্ণ হৈছে। শীঘ্ৰে তেওঁলোকক সেনাবাহিনীত যোগ দিয়াৰ সম্ভাৱনা আছে।


এই ‘ৰবটিক ডগ’বোৰত থাৰ্মেল কেমেৰা আৰু অন্যান্য চেন্সৰ লগোৱা হৈছে, যিবোৰে সহজেই সীমান্ত নিৰীক্ষণ কৰিব পাৰে। এই কুকুৰবোৰক দূৰৈৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু পাহাৰ বগাবও পাৰে। ইয়াৰ লগতে এই ৰবো কুকুৰবোৰ সৰু সৰু অস্ত্ৰৰে সজ্জিত হ’ব আৰু প্ৰয়োজন হ’লে শত্ৰুকো আক্ৰমণ কৰিব পাৰিব।

ঘৰৰলৈ অহা অতিথিক প্ৰথমে পানী খাবলৈ কিয় দিয়া হয়? ইয়াৰ ফলত আমাৰ জীৱনত কেনে প্ৰভাৱ পৰে…

আমাৰ দেশত অতিথিক ভগৱানৰ দৰে গণ্য কৰা হয়। সেয়ে যেতিয়াই ঘৰলৈ আলহী আহে তেতিয়া শুভ লক্ষণ বুলি গণ্য কৰা হয়। আলহী আহি পোৱাৰ লগে লগে আমি প্ৰথমে তেওঁক পানী আগবঢ়াই দিওঁ, কিন্তু আপুনি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে যে তেনে কৰিলে আমাৰ জীৱনত কি প্ৰভাৱ পৰিব পাৰে। ঘৰলৈ আলহী আহিলে আমি পানী আগবঢ়াব লাগে নে নাই আৰু ঘৰৰ সদস্যসকলৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে জানো আহক-

বাস্তু শাস্ত্ৰৰ মতে যদি অতিথিজন পানী নোখোৱাকৈ গুচি যায় তেন্তে আপোনাৰ ৰাশিফলৰ নটা গ্ৰহৰ অৱস্থানত বেয়া প্ৰভাৱ পৰিব পাৰে। আচলতে যদি আলহীয়ে পানী নোখোৱাকৈ ঘৰৰ পৰা ওলাই যায়, তেন্তে পৰিয়ালৰ সদস্যৰ ৰাশিফলত নৱগ্ৰহৰ স্থান দুৰ্বল হৈ পৰে। কওঁ যে আপুনিও ৰাহু গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

যদি ৰাহু গ্ৰহ দুৰ্বল হৈ পৰে তেন্তে ব্যক্তিজনে মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ বাহিৰেও আপোনাৰ প্ৰেমৰ সংগী, বন্ধু-বান্ধৱী আৰু পিতৃ-মাতৃক লৈ আপোনাৰ মনত সন্দেহৰ সৃষ্টি হ’ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ সন্দৰ্ভতো নেতিবাচক পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

আমি আলহীক দিয়া পানীৰ কিছু অংশ থাকিলে ভুলতে কেতিয়াও সেৱন কৰা উচিত নহয়। বৈদিক জ্যোতিষৰ মতে সেই অৱশিষ্ট পানীত ঋণাত্মক শক্তিও থাকিব পাৰে। আপোনালোকক কওঁ যে কেৱল ধনাত্মক শক্তি থকা মানুহেই নহয় ঋণাত্মক শক্তি থকা লোকো প্ৰৱেশ কৰিব পাৰে। এনে পৰিস্থিতিত যদি আলহীয়ে খোৱা পানী গিলাচত থৈ দিয়া হয়, তেন্তে সেই পানী গছত ঢালি দিব।

মাহেকীয়াৰ সময়ত বিষত টোপনি নাহে নেকি? ভাল টোপনিৰ বাবে এই ৫টা সহজ টিপছ…

পিৰিয়ডৰ সময়ত ভাল টোপনি প্ৰায় লোকৰে নাহে। বহু মহিলাই মাহেকীয়াৰ সময়ত টোপনি অহাত অসুবিধা পায়। ইয়াৰ কাৰণ হ’ল ক্ৰেম্প, অস্থিৰতা, হৰম’নৰ উঠা-নমা আৰু কঁকালৰ বিষৰ দৰে সমস্যা। এনে পৰিস্থিতিত ৰাতি ভালদৰে শুব নোৱাৰাৰ বাবে ৰাতিপুৱা উঠিবও নোৱাৰে। যদি আপুনিও প্ৰতিমাহে এই সমস্যাৰ সন্মুখীন হয়, তেন্তে এই লেখাটোৱে আপোনাৰ বাবেঃ

পিৰিয়ডৰ সময়ত ভাল টোপনি যাবলৈ এই ৫ টা কাম কৰক-

১- ভাল বিচনা আৰু আঠুৱা ব্যৱহাৰ কৰিব লাগে। শোৱাৰ আগতে কোঠাৰ উষ্ণতা আৰামদায়ক কৰি ৰাখিব লাগে। অতি গৰম বা অতি ঠাণ্ডা কোঠা এটাই টোপনিৰ ব্যাঘাত জন্মাব পাৰে।

২- শুবলৈ ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধিব লাগে। টান কাপোৰ পিন্ধিলে শৰীৰটো আৰামদায়ক নহয়, যাৰ বাবে শুবলৈ অসুবিধা হয়। লগতে সদায় পোনে পোনে শুই থাকিব লাগে, ইয়াৰ ফলত পেটৰ ওপৰত বোজা কমি যায় আৰু ক্ৰেম্প কম হয়।

৩- মাহেকীয়াৰ সময়ত ক্ৰেম্প আৰু বিষৰ পৰা সকাহ পাবলৈ গৰম পানীৰ বেগ এটা পেটৰ তলৰ অংশ বা কঁকালৰ তলৰ অংশত ৰাখিব লাগে।

৪- শোৱাৰ আগতে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। পাতল আৰু পুষ্টিকৰ খাদ্য খাব লাগে। কেফেইন খোৱা কমাব লাগে।

কাশীত আনন্দৰে চাট উপভোগ কৰিলে নীতা আম্বানীয়ে! আনকি দোকানীক ৰেচিপিও বিচাৰিলে…

দেশৰ বৃহৎ উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে অতি সোনকালে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। অহা মাহত ১২ জুলাইত দুয়োৰে বিবাহ হ’ব, যাৰ বাবে বিয়াৰ প্ৰস্তুতিত ব্যস্ত আম্বানী পৰিয়াল। ইফালে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ লৈ কাশী বিশ্বনাথলৈ গৈছিল। কাশী বিশ্বনাথত তেওঁক এখন সৰু ৰেষ্টুৰেণ্টত বহি কাশী চাট উপভোগ কৰা দেখা পোৱা গ’ল।

আনহাতে কাশীত বাবাৰ চৰণত বিয়াৰ নিমন্ত্ৰণী পত্ৰ ৰাখি পৰিয়ালৰ বাবে আশীৰ্বাদ ল’লে নীতা আম্বানীয়ে। ইফালে তেওঁৰ আন এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিয়ে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আচলতে কাশী বিশ্বনাথ ভ্ৰমণৰ পিছত নীতা আম্বানীক কাশীৰ এখন সৰু ৰেষ্টুৰেণ্টত বহি কাশী চাট উপভোগ কৰা দেখা যায়। ভিডিঅ’টোত তেওঁৰ লগত আন কিছু লোককো দেখা গৈছে। আনহাতে, ভিডিঅ’টোত নীতা আম্বানীয়ে বিভিন্ন ধৰণৰ চাট উপভোগ কৰা দেখা গৈছে, যিটো তেওঁৰ ইমানেই ভাল লাগিল যে দোকানীক ইয়াৰ ৰেচিপিও সুধিলে নীতা আম্বানীয়ে।

প্ৰথমবাৰৰ বাবে T20 ‍বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান…

প্ৰথমবাৰৰ বাবে T20 ‍বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ আফগানিস্তান।


ইতিহাস ৰচনা কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰথমবাৰৰ বাবে আফগানিস্তান।

বাংলাদেশক পৰাস্ত কৰি ছেমিত স্থান নিশ্চিত আফগানিস্তানৰ।


শ্বাসৰুদ্ধকৰ মেচত শেষ হাঁহি মাৰিলে ৰছিদ খানৰ দলে।

দীপিকা পাডুকনৰ সন্তানক লৈ ভৱিষ্যদ্বাণী কমল হাছানৰ, ক’লেঃ দীপিকাৰ সন্তান নাগ অশ্বিনৰ দৰে হ’ব…

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰিব।গৰ্ভাৱস্থাতো দীপিকাই কাম কৰি গৈছিল আৰু বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘কল্কী ২৮৯৮ খ্ৰীষ্টাব্দ’ৰ প্ৰচাৰত ব্যস্ত। শেহতীয়াকৈ ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টত দীপিকাৰ সহ অভিনেতা কমল হাছানে অভিনেত্ৰীগৰাকীৰ আগন্তুক কেঁচুৱাক লৈ এক ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল। কমল হাছানে কয় যে দীপিকা পাডুকনৰ কেঁচুৱা নাগ অশ্বিনৰ দৰে ছবি নিৰ্মাতা হ’ব। অনুষ্ঠানৰ সময়ত দীপিকা পাডুকনে স্মৰণ কৰে যে কেনেকৈ নাগ অশ্বিনে তেওঁক কমল হাছানৰ প্ৰথম শ্বটৰ কথা ক’বলৈ শিশুসদৃশ মাতেৰে তেওঁক ফোন কৰিছিল।


দীপিকা পাডুকনে কয়, “মই বম্বেত আছিলো।” আমি বেলেগ বেলেগ সূচীত শ্বুটিং কৰি আছিলো বাবে দীঘলীয়া বিৰতি আছিল। নাগৰ এই মিছ কলটো দেখি মই ভাবিলোঁ কি হ’ল। তেওঁ ক’লে, ‘মই মাত্ৰ আপোনাক ফোন কৰি ক’লোঁ যে আমি কমল ছাৰৰ সৈতে আমাৰ প্ৰথম দিনটোৰ শ্বুটিং কৰিছিলো।’ দীপিকা পাডুকনে আৰু কয় যে তেওঁ শিশুৰ দৰেই উত্তেজিত আছিল।

ইয়াৰ পিছত কমল হাছানে ক’লে, “এই ছবিখন এনেদৰে নিৰ্মাণ কৰা হৈছিল।” আমি আশা কৰোঁ এই শিশুটিয়ে এদিন দীপিকা পাডুকনৰ ভৱিষ্যত সন্তান হ’ব, এদিন এখন ছবিও নিৰ্মাণ কৰিব।” কমল হাছানৰ পৰা এই কথা শুনি দীপিকা পাডুকনে হাঁহিবলৈ আৰম্ভ কৰে।

আপোনালোকক জনাওঁ যে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ২৯ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। এই পোষ্টটোত দীপিকা আৰু ৰণবীৰে কৈছিল যে তেওঁলোকে ছেপ্টেম্বৰ মাহত তেওঁলোকৰ কেঁচুৱাক আদৰণি জনাব।

ৰাম মন্দিৰ নিৰ্মাণত বিসংগতি…

ৰাম মন্দিৰ নিৰ্মাণত বিসংগতি। বছৰৰ প্ৰথমজাক বৰষুণতে মন্দিৰৰ ছাদৰ পৰা নিগৰিল পানী।
উদঘাটন কৰা ৬মাহৰ পিছতেই ৰামলালাৰ মন্দিৰত বিসংগতিয়ে দেখা দিলে।

ৰাম মন্দিৰৰ ছাদত বৃহৎ ফাট মেলাৰ কথা প্ৰকাশ কৰিছে মন্দিৰৰ পূজাৰীয়ে। কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰাম মন্দিৰত কিয় এনেধৰণৰ বিসংগতিয়ে দেখা দিলে বুলি প্ৰশ্ন উৎত্থাপন কৰিছে সকলোৱে। গৰ্ভগৃহৰ সন্মুখৰ মণ্ডপত ৪-৫ ইঞ্চি পৰ্যন্ত পানী।

ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলড’জাৰ! চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছিল কেন্দ্ৰীয় কাৰ্যালয়…

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ তাদেপল্লী মণ্ডলৰ সীতানগৰত থকা ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ৰ বাবে অবৈধভাৱে নিৰ্মাণ কৰি থকা অট্টালিকাটো ভাঙি পেলায় বিষয়াসকলে। জল আৰু নিষ্কাশন বিভাগৰ মাটিত নির্মাণ কৰি আছিল দলীয় কার্যালয়৷ এই ঠাইখন আগতে চৰকাৰে নাও চলাচলৰ বাবে ব্যৱহাৰ কৰিছিল। এই অবৈধ নিৰ্মাণৰ বাবে চি আৰ ডি এয়ে ৱাই এছ আৰ চি পিলৈ জাননী জাৰি কৰিছিল। জাননীৰ সঠিক সঁহাৰি নিদিয়াৰ বাবে বিষয়াসকলে ভৱনটো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। জলসিঞ্চনৰ ভূমিত দলীয় কাৰ্যালয়ৰ বাবে অবৈধ নিৰ্মাণৰ কাম ভাঙিলে এম টি এম চিৰ বিষয়াসকলে। প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনে তাদেপল্লীত ২ একৰ জলসিঞ্চনৰ ভূমি দলীয় কাৰ্যালয়ৰ বাবে আবণ্টন দিছিল। ৱাই এছ আৰ চি পিৰ নেতাসকলে ২ একৰ মাটিত দলীয় কাৰ্যালয় ভৱন নিৰ্মাণ কৰি বাকী ১৫ একৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। কিন্তু জলসিঞ্চন বিভাগে মাটিৰ দখল ৱাই এছ আৰ চি পিক গতাই দিবলৈ সন্মত নহ’ল। চি আৰ ডি এ, এম টি এম ই আৰু ৰাজহ বিভাগে এই মাটি ৱাই এছ আৰ চি পিক গতাই দিয়া নাছিল।


আনকি কাৰ্যালয় নিৰ্মাণৰ বাবেও আবেদন কৰা নাছিল ৱাই এছ আৰ চি পিয়ে। ৱাই এছ আৰ চি পিয়ে জলসিঞ্চনৰ ভূমি বেদখল কৰি কোনো অনুমতি অবিহনে কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰে। টিডিপি গুণ্টুৰ জিলাৰ সাধাৰণ সম্পাদক পোথিনেনী শ্ৰীনিবাস ৰাৱে ৱাই এছ আৰ চি পিৰ বেদখলৰ অভিযোগ উত্থাপন কৰে। তেওঁ চি আৰ ডি এ আৰু এম টি এম চিৰ আয়ুক্তসকলক বেদখল আৰু অবৈধ নির্মাণৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়৷ এই অভিযোগৰ ওপৰত এমটিএমচিয়ে অবৈধ কাঠামো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰেl