Home Blog Page 716

দক্ষিণ কামৰূপৰ বানাক্ৰান্ত শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে মেজিক বাছে গ্ৰহণ কৰা পদক্ষেপক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা…

ৰাজ্যৰ আন বহু জিলাৰ লগতে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নহিৰা- গুইমাৰা অঞ্চলৰ এক বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰাত তাত প্ৰশাসনৰ ফালৰ পৰা বানাক্রান্ত লোকসকলৰ থকা-মেলাৰ সুবিধাৰ বাবে নহিৰা-গুইমাৰা আঞ্চলিক হাইস্কুলত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। আনহাতে দেওবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি ৰাইজৰ দুখ – দুৰ্দশাৰ বুজ লয়। মুখ্যমন্ত্ৰীক সংগ দিয়ে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্ত্তি জল্লীকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলে।

আনহাতে শিবিৰত বানাক্ৰান্ত শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংগঠন “মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনে” গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে। তেঁও শিশু সকলৰ সৈতে মত-বিনিময় কৰাৰ লগত মেজিক বাছৰ জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা চুমি কলিতা আৰু জীৱন কৌশল পৰামৰ্শদাতা উৎপল দাসৰ পৰা শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে লোৱা ব্যৱস্থাবলীৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বানপানীৰ সময়ত শিশুৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে মেজিক বাছৰ শলাগ লৈ ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে শিবিৰত থকা প্ৰায় ৪০ টা শিশুক বানপানীৰ দুখ-দুদৰ্শাৰ মাজতো তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে খেল-ধেমালিৰ মাধ্যমেৰে মেজিক বাছ নামৰ সংগঠনটোৱে ব্যস্ত কৰি ৰাখিছে। সমান্তৰালভাৱে শিশু সকলক মেজিক বাছৰ ফালৰ পৰা শিক্ষাদানো কৰি অহা হৈছে। যাৰ বাবে বানাক্ৰান্ত ৰাইজেও দুখৰ মাজতো মেজিক বাছৰ চুমি কলিতা আৰু উৎপল দাসৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে।

ধুবুৰী পৌৰসভাৰ উদ্যোগত ধুবুৰী চহৰৰ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লোৱা ১৬ টা ওৱাৰ্ডৰ ৪০ টা আশ্ৰয় শিবিৰত সাহায্য বিতৰণ…

ধুবুৰী পৌৰসভাৰ উদ্দোগত চহৰৰ ১৬ টা ওৱাৰ্ডৰ ৪০ টা আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ সাহায্যৰ বাবে যোৱা নিশাৰ পৰা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যালৰ নিৰ্দেশত পৌৰসভাৰ সকলো ওৱাৰ্ডৰ কমিছনাৰ, কৰ্মী সকলে সাহায্য বিতৰণ আৰম্ভ কৰিছে। ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাৰ নেতৃত্বত ধুবুৰী চহৰৰ ধুবুৰী গাৰ্লছ হাই চেকেন্ডাৰী, হৰিজন কলনি,ই,এন,ডি অফিচ, সন্তোষী মাতা মন্দিৰ, মিউনিচিপ্যাল হাইস্কুলসহ মুঠ ৪০ টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা প্ৰতি জন ৰাইজৰ বাবে ৬০০ গ্ৰাম চাউল, ১০০ ‌গ্ৰাম ডালি,৩০ গ্ৰাম কৈ নিমখ বিতৰণ কৰা হয়্।

পৌৰসভাৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাৰ লগতে বিভিন্ন ওৱাৰ্ডৰ কমিছনাৰ, সমাজ সেৱক, পৌৰ কৰ্মচাৰী উপস্থিত থাকে।
ধুবুৰী পৌৰসভাৰ এই কাৰ্যসূচী স্বয়ং জিলা আয়ুক্ত দিবাকৰ নাথে তদাৰক কৰে বুলি জানিবলৈ দিয়ে।

গোগামুখত বান পৰিস্থিতি সামান্য উন্নতিঃ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশত বিজেপি কৰ্মীয়ে এদিনতে সম্পূৰ্ণ কৰিলে কালভাৰ্ট নিৰ্মাণ…

ধেমাজি জিলাৰ গোগামুখত বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যাতায়াত তথা যোগাযোগ ব্যৱস্থা এতিয়াও উন্নতি ঘটা নাই৷ একাংশ গাঁৱৰ ৰাইজ এতিয়াও বানত আবদ্ধ হৈ থকাৰ লগতে শিশু খাদ্য আৰু পশুখাদ্যৰ অভাৱ এতিয়াও অব্যাহত আছে৷ ইপিনে শনিবাৰে নিশা ন-নদীৰ বানে সৰ্বেশ্বৰ বৰা(৬০) নামৰ এগৰাকী লোকক উটুৱাই নিয়ে আৰু কালি ৰাতিপুৱা স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি গোগামুখ ৰাজহ চক্ৰ বিষয়া আৰু গোগামুখ আৰক্ষীক খবৰ দিয়ে৷ গোগামুখ ৰাজহ চক্ৰ বিষয়া অনামিকা গগৈৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজিলৈ প্ৰেৰণ কৰে৷ ঘটনাৰ বিৱৰণি মতে গোগামুখ ৰাজহ চক্ৰ তথা গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰ্বেশ্বৰ বৰা নামৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকজনে অন্য দিনাৰ দৰে কালি নিশাও দিনা হাজিৰা কৰি লামা তিনিআলি হৈ এৰাসুঁতি পথেৰে  ঘৰলৈ উভতি গৈছিল৷  কিন্তু ঘৰলৈ উভতাৰ পথত পথটোৰ ওপৰত বাগৰি থকা তীব্ৰ ঢৌৱে সৰ্বেশ্বৰ বৰাক উটুৱাই নিয়ে৷ 

ইপিনে অসম চৰকাৰৰ  মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কঠোৰ নিৰ্দেশত বিজেপি কৰ্মীয়ে একেদিনাই এটা কালভাৰ্ট নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে৷ জানিব পৰা ৫ জুলাইত মন্ত্ৰী ডাঃ পেগুৱে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানী-গৰাখহনীয়াগ্ৰস্থ অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছিল৷ ডাঃ পেগুৱে উক্ত দিনাই গোগামুখ ৰাজহ চক্ৰৰ মিংমাং পঞ্চায়তৰ অন্তৰ্গত পাৰ্বতীপুৰৰ নাহৰজান সুঁতিৰ গৰাখহনীয়া পৰিদৰ্শন কৰিছিল৷ নাহৰজান দলঙৰ পৰা লাহনচুকলৈ অহা-যোৱা কৰা পথটোৰ ওপৰত থকা পকী কালভাৰ্টটো নিম্ন মানৰ নিৰ্মাণ কাৰ্যৰ বাবে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছিল৷ ডাঃ পেগুৱে উক্ত কালভাৰ্টটো এদিন বা দুদিনৰ ভিতৰতে হিউম পাইপেৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ তেওঁৰ লগত বান-গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ যোৱা বিজেপিা কৰ্মী-সদস্যসকলক কঠোৰ নিৰ্দেশ দিছিল আৰু এই কালভাৰ্ট নিৰ্মাণৰ বাবে চৰকাৰী আঁচনিলৈ বাট নাচাবলৈ সকীয়াই  দিছিল৷ ডাঃ পেগুৰ নিৰ্দেশ পাই বিজেপিৰ যুৱ মৰ্চাৰ ধেমাজি জিলা সমিতিৰ সভাপতি পুলক চুতীয়া নেতৃত্বত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ বৰদেউৰী আৰু বিজেপিৰ গোগামুখ মণ্ডলৰ সম্পাদক দুলেন পেগুৰ সহযোগত শনিবাৰে বিয়লি কালভাৰ্ট নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে ৷

প্রথম গুৱাহাটী স্মার্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডে ৰেটিং দবা টুর্ণামেণ্টৰ সামৰণি, পশ্চিম বংগৰ শ্রীজিত পাল চুড়ান্ত বিজয়ী…

অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহযোগত সদৌ অসম দবা সন্থাই আয়োজন কৰা প্ৰথম গুৱাহাটী স্মার্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডে বেটিং দবা টুর্ণামেন্টৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে পশ্চিম বংগৰ শ্ৰীজিত পালে। মুঠ ৯ পইন্ট লাভ কৰি শ্রীজিত পালে মুঠ ৫ লাখ টকাৰ প্রাইজমানি সম্বলিত প্রতিযোগিতা খনৰ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। আনহাতে মহাৰাষ্ট্ৰৰ শ্ৰেয়ান মজুমদাৰ আৰু পশ্চিম বংগৰ অর্পন দাসে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। মুঠ তিনিশৰো অধিক দেশী-বিদেশী খেলুৱৈয়ে অংশগ্ৰহন কৰা টুর্ণামেন্টখনত অসম শ্রেষ্ঠ খেলুৱৈ হিচাপে অভিৰুপ শইকীয়াই প্রথম, অবিনাশ পি গগৈয়ে দ্বিতীয় আৰু থং টেৰণে তৃতীয় স্থান লাভ কৰে। অনুর্ধ ৮ বছৰ শাখাত চৈয়দ মেন্দী, অনুর্ধ ১০ বছৰ শাখাত নৰেন্দ্ৰ আগৰৱাল, অনুর্ধ ১২ বছৰ শাখাত দেৱপ্রিয় দত্ত, অনুর্ধ ১৪ বছৰ শাখাত ৰুদ্রাশিষ সোম, অনুর্ধ ১৬ বছৰ শাখাত কর্ণভ পি ডেকাই শীর্ষ স্থান লাভ কৰে। শ্রেষ্ঠ ভেটাৰাণ খেলুৱৈ হিচাপে পৰিগণিত হয় বাজিথ ভি। মহিলাৰ শাখাত শ্রেষ্ঠ হয় ডাকচা ৰুদ্র।

সৰুসজাই ইন্দিৰা গান্ধী ইন্দৰ ষ্টেডিয়ামত যোৱা ২ জুলাইৰপৰা অনুষ্ঠিত হৈ থকা টুর্ণামেন্টখনৰ আজি সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে এ আই চি এফৰ সভাপতি নিতিন নাৰঙে।নিজৰ ভাষণত এ আই চি এফৰ সভাপতি গৰাকীয়ে দেশত দবাৰ উত্তৰণ আৰু বিকাশৰ বাবে ফেডাবেচনে লোৱা পৰিকল্পনা আৰু খেলুৱৈ তথা প্রশিক্ষক সকলৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বিষয়ে আলোকপাত কৰে। বঁটা-বিতৰণী অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্রহন কবে। নিজৰ ভাষণত সাংসদ গবাকীয়ে প্রতিযোগিতাত অংশগ্রহন কৰা সকলো খেলুৱৈ লগতে অভিভাৱক সকলকো এনে এখন গুরুত্বপূর্ণ টুর্ণামেন্টত অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতৰ দিনত চৰকাৰৰ ফালৰপৰা অধিক সহায়-সহযোগিতা কৰাৰ আশ্বাস দিয়ে। অনুষ্ঠানত এ আই চি এফৰ ট্রেজাৰাৰ ধৰ্মেন্দ্ৰ কুমাৰ, জি এম ডি এব উপাধ্যক্ষ মুকুতা ডেকা, সদৌ অসম দবা সন্থাৰ সভাপতি কন্দর্প কলিতাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানৰ আঁত ধৰে সন্থাৰ সম্পা৮ক ৰাজীৱ ধৰে।

বানাক্ৰান্তক খাদ্য বিতৰণ মন্ত্ৰী বিমল বৰা, বানাক্ৰান্তক সকলো ধৰণৰ সা-সুবিধা তথা সাহায্যৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ…

সাম্প্ৰতিক বানে সৃষ্টি কৰা অৱৰ্ণনীয় পৰিস্থিতিৰ সময়ত এগৰাকী প্ৰকৃত জনদৰদী নেতাৰ দৰে বানাক্ৰান্ত লোকৰ কাষত থিয় দিছে মন্ত্ৰী বিমল বৰা। আজি যোৰহাট জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ আৰু মথাউৰিৰ পৰিদৰ্শন কৰে নেতাগৰীকায়ে। কেৱল বানাক্ৰান্ত লোকসকলৰ অৱৰ্ণনীয় পৰিস্থিতি বুজ লোৱাই নহয়, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি সা-সুবিধা, সাহায্যৰো খবৰ লৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষক গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মন্ত্ৰী শ্ৰী বৰাই শেহতীয়া বানত প্লাবিত যোৰহাট আৰু শিৱসাগৰ জিলাৰ কিছু তথ্য প্ৰদান কৰে। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ অসমৰ বানৰ চৰিত্ৰ অলপ ব্যতিক্ৰমধৰ্মী। এইবাৰ বানে জলসম্পদ বিভাগৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিছে, কিয়নো এইবাৰ নতুন ঠাইয়ো প্লাবিত হৈছে। কিন্তু সুভাগ্যৰ কথা যে এইবাৰ পূৰ্বৰ তুলনাত ক্ষয়ক্ষতিৰ পৰিমান কৰিছে। ২০১৭ চনত মাজুলিত মই নিজেই কাম চোৱাচিতা কৰিছিলোঁ, কিন্তু এইবাৰ মন্ত্ৰী পীযূষ হাজৰিকাক ধন্যবাদ জনাইছো তেওঁ নিৰন্তৰভাৱে মথাউৰিসমূহ পৰ্যবেক্ষণ কৰিছে। যাৰবাবে পূৰ্বৰ দৰে বেছি অঞ্চল প্লাবিত হোৱাৰ পৰা ৰক্ষা পৰিছে।

ইপিনে মন্ত্ৰীগৰাকীয়ে অসমৰ পুনৰ কয় যে আগতে মথাউৰি পৰ্যবেক্ষণৰ বাবে পেট্ৰলিঙৰ ব্যৱস্থা আছিল, অসম চৰকাৰে এইবাৰ বানৰ পূৰ্বে সেই মাথাউৰিসমূহ চিনাক্ত কৰি অধিক ক্ষয়ক্ষতি ৰুধ কৰিলে। কিন্তু প্ৰকৃতিক মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত এইবাৰ পূৰ্বৰ তালনাত ক্ষয়ক্ষতিৰ পৰিমান হ্ৰাস পালে। এই মূহুৰ্তত বানাক্ৰান্ত লোকসকলৰ কোনো ধৰণৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ যাতে অসুবিধা নহয় লগতে পশুধনসমূহৰো পৰ্যাপ্ত খাদ্য যোগান ধৰাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে। বিগত এসপ্তাহ ধৰি মন্ত্ৰীগৰাকী বানাক্ৰান্ত অঞ্চলত পৰিদৰ্শনৰ লগতে বানাক্ৰন্তৰ দুখ-দৰ্দশাৰ খবৰ ৰখাৰ কথা উল্লেখ কৰি কয় যে বিশেষকৈ নদী কাষৰীয়া লোকসকলহে এইবাৰ বানত বেছিকৈ আক্ৰান্ত হৈছে, যিটো দুৰ্ভাগ্যক্ৰমে প্ৰতি বছৰেই তেওঁলোক সেই অঞ্চলসমূহত বাস কৰাৰ কাৰণে ক্ষতিগ্ৰস্ত হয়। কিন্তু নৈপৰীয়া ৰাইজৰ ঘৰসমূহ বিজ্ঞানসন্মতভাৱে ওখকৈ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিলে সেই লোকসকলক দুৰ্যোগৰ সংশয় ক্ৰমাৎ কমিব। এইক্ষেত্ৰত আমাৰ চৰকাৰে শীঘ্ৰে কাম কৰিব বুলিও মন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। বিগত ৭,৮ বছৰৰ পৰা বান আৰু গড়াখহনীয়া সন্দৰ্ভত চৰকাৰে নিৰন্তৰভাৱে কাম কৰি থকাৰ কথা কৈ মন্ত্ৰী বৰাই কয় যে পুৰণি মাথাউৰিসমূহ নিৰ্মাণ ক্ষীপ্ৰতৰভাৱে কৰিবলৈ আমি প্ৰতিশ্ৰতিবদ্ধ। আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে।

পুৰুষ শক্তিৰ ৰহস্য লুকাই আছে ডাৰ্ক চকলেটত! পুৰুষে লাভ কৰিব ৫টা উপকাৰ…

প্ৰতি বছৰে ৭ জুলাইত ‘বিশ্ব চকলেট দিৱস’ পালন কৰা হয়। চকলেট প্ৰেমীৰ বাবে এটা সুখৰ দিন, কিন্তু আপুনি জানেনে যে ডাৰ্ক চকলেট কেৱল সুস্বাদু নহয় পুৰুষৰ স্বাস্থ্যৰ বাবেও উপকাৰী। ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্ট, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদানে পুৰুষৰ বাবে বহু স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে।


ডাৰ্ক চকলেটত ক’ক’ ফ্লেভন’ইড থাকে, যিয়ে সিৰাবোৰ প্ৰসাৰিত কৰাত সহায় কৰে আৰু তেজৰ সোঁত উন্নত কৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ডাৰ্ক চকলেটে টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধিত সহায় কৰিব পাৰে। টেষ্টষ্টেৰন হৈছে পুৰুষৰ হৰম’ন যিয়ে যৌন ইচ্ছা, পেশীৰ বৃদ্ধি আৰু উৰ্বৰতাকে ধৰি বহু গুৰুত্বপূৰ্ণ কামত ভূমিকা পালন কৰে।ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ডাৰ্ক চকলেটে মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে। ডাৰ্ক চকলেট হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী। ই ৰক্তচাপ কমোৱাত সহায় কৰে, তেজ জমা হোৱা ৰোধ কৰে আৰু শিৰাবোৰ সুস্থ কৰি ৰাখে। পুৰুষৰ যৌন স্বাস্থ্যৰ বাবেও হৃদযন্ত্ৰৰ সুস্বাস্থ্য গুৰুত্বপূৰ্ণ।

ঘৰলৈ উভতিও পাহৰিব পৰা নাই আম্বানী পৰিয়ালৰ মৰম! অনন্ত, ৰাধিকা আৰু অৰীৰ সৈতে বেক টু বেক ফটো শ্বেয়াৰ জাষ্টিন বিবাৰৰ…

আন্তঃৰাষ্ট্ৰীয় পপ গায়ক জাষ্টিন বিবাৰে তেওঁৰ শক্তিশালী অভিনয় আৰু গীত পৰিৱেশনেৰে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠানত উপস্থিত থকা ৰাইজক মোহিত কৰে। সংগীত অনুষ্ঠানৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। একে সময়তে এতিয়া গায়ক গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত ভাৰত ভ্ৰমণৰ ফটো, ভিডিঅ’ আপলোড কৰিছে।

গায়কজন ৫ জুলাইত ভাৰতলৈ আহিছিল। জাষ্টিনে তাত উপস্থিত থকা লোকসকলক তেওঁৰ অভিনয় আৰু গীতেৰে নাচিবলৈ বাধ্য কৰাইছিল। শনিবাৰে বিবাৰে ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ’কে ধৰি মুঠ ১০টা পোষ্ট শ্বেয়াৰ কৰে, য’ত তেওঁৰ অভিনয় আৰু দৰ্শকৰ মাজত থকা উৎসাহ স্পষ্টকৈ দেখা যায়।সংগীত অনুষ্ঠানৰ সময়ত জাষ্টিন বিবাৰে আম্বানী পৰিয়াল বিশেষকৈ অনন্ত আম্বানীৰ সৈতে কিছু বিশেষ মুহূৰ্ত কটায় আৰু লগতে অনন্ত-ৰাধিকাৰ সৈতে বহু ফটো ক্লিক কৰে। এই ফটোসমূহ শ্বেয়াৰ কৰাৰ সময়ত জাষ্টিনে লিখিছে, ‘সপোনটো বাস্তৱায়িত হৈছে’।

দুদিনীয়াকৈ আৰম্ভ হ’ল পুৰীৰ বিখ্যাত ৰথযাত্ৰা, উপস্থিত থাকিল ৰাষ্ট্ৰপতি মুৰ্মু…

দেওবাৰে পুৱা আৰম্ভ হয় পুৰীৰ জগন্নাথ মন্দিৰৰ বিখ্যাত ৰথযাত্ৰা।এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰেই ওড়িশাত উপস্থিত হৈছিল  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই ৪ দিনীয়া ওড়িশা ভ্ৰমণত দেওবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে পুৰীত থাকিব। ৰথযাত্ৰাত   ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে। বিশেষকৈ হাছৰাছৰ পদপিষ্টৰ ঘটনাৰ পিঠত অধিক সতৰ্ক হৈছে  নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকল। ওড়িশা আৰক্ষীৰ এডিজি (আইন শৃংখলা) সঞ্জয় কুমাৰ  ​​পুৰীৰ ৰথ যাত্ৰাৰ সামগ্ৰিক নিৰাপত্তাৰ দায়িত্বত আছে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় , “ৰথযাত্ৰাৰ সময়ত ৰাষ্ট্ৰপতি উপস্থিত থাকিব। তেওঁৰ লগতে আনসকলো ভক্তৰে  নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” সঞ্জীৱ কুমাৰে কয়, এইবাৰ প্ৰথমবাৰৰ বাবে  সুৰক্ষা ব্যৱস্থাত এআই প্ৰযুক্তিৰ কেমেৰা আৰু ড্ৰ’ন  ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ভক্তসকলৰ ওপৰত  তীক্ষ্ণ নিৰীক্ষণ, ট্ৰেফিক নিয়ন্ত্ৰণ আৰু সঠিক সময়ত সঠিক তথ্য লাভ কৰিব পৰা যাব।

নিৰাপত্তাৰ বাবে  চিআৰপিএফ আৰু এছঅ’জি গ্ৰুপ  আদিও নিয়োগ কৰা হৈছে। পুৰীৰ জগন্নাথ, বলৰাম, সুভদ্ৰাৰ ৰথৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ডি তোলা হৈছে।যাতে কোনেও ৰথ স্পৰ্শ কৰিব নোৱাৰে সেই বিষয়ত অধিক সতৰ্কতা অৱসম্বন কৰা হৈছে।  জৰুৰীকালীন পৰিস্থিতিত এম্বুলেন্সৰ চলাচলৰ বাবে ‘সেউজ কৰিড’ৰ’ৰ ব্যৱস্থা কৰা হৈছে। মন কৰিবলগীয়া যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এসময়ত ওড়িশাৰ ৰায়ৰাংপুৰৰ বিজেপি বিধায়িকা  আছিল। বিজেডি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰতো তেওঁ  মন্ত্ৰী আছিল। সেই সময়ত তেওঁ প্ৰায়ে জগন্নাথ মন্দিৰলৈ গৈছিল। ২০২২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছতো দ্ৰৌপদী মুৰ্মুৱে পুৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। এইবাৰ ৰাষ্ট্ৰপতিয়ে পুৰীৰ ৰথ যাত্ৰাত যোগদান কৰিবলৈ আহিছে। উল্লেখ্য  পুৰীৰ বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্নভাণ্ডাৰকলৈ কৌতূহলৰ অন্ত নাই। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত  নিৰ্বাচনী প্ৰচাৰৰ সময়ত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ শুনা গৈছিল।  জগন্নাথ মন্দিৰৰ  গোপন ৰত্ন ভাণ্ডাৰত সাতটা কোঠা আছে। সেই কোঠাবোৰ ঠাহ খাই আছে মূল্যৱান ৰত্ন আৰু  গহনাৰে। সেই ৰত্ন আৰু গহণা দ্বাদশ শতিকাৰ বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ধনভাণ্ডাৰ শেষবাৰৰ বাবে ১৯৭৮ চনত মুকলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা  শপতনামাত মন্দিৰ কৰ্তৃপক্ষই কৈছিল যে মন্দিৰটোত ১৫০ কিলোগ্ৰাম সোণ আৰু ১৮৪ কিলোগ্ৰাম ৰূপ আছে। 

১৯৭০ ৰ দশকৰ শেষৰ ফালে সকলো অলংকাৰ গণনা কৰা হৈছিল। পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ  ১৯৭৮ চনত এবাৰ  খোলা হৈছিল। ১৯৮৪  চনত জগন্নাথৰ মূৰত থকা গহনা  ভাঙি যোৱাৰ পিছত  অন্তিমবাৰৰ বাবে ৰত্ন ভাণ্ডাৰ খোলা হৈছিল। সেই সময়ত ৰত্ন ভাণ্ডাৰৰ পৰা  পৰা জগন্নাথৰ মুকুটৰ বাবে  কিছু  সোণ লোৱা হৈছিল। তাৰ পিছত ৰত্ন ভাণ্ডাৰটো খোলাৰ কোনো প্ৰয়োজন হোৱা নাছিল। ৰত্ন ভাণ্ডাৰত প্ৰায় ১৫০ বিধ  সোণৰ অলংকাৰ আছে, যাৰ ভিতৰত আছে জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ সোণৰ মুকুট। ৰত্ন ভাণ্ডাৰত থকা সম্পদৰ  তালিকা তৈয়াৰ হোৱাৰ প্ৰায় ১০০ বছৰ পাৰ হৈ গৈছে। অৱশ্যে ইয়াৰ মাজতে অলংকাৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। অলংকাৰৰ সঠিক পৰিমাণ এতিয়া অস্পষ্ট,  কিয়নো বহু বছৰ ধৰি ৰত্ন ভাণ্ডাৰত কোনেও প্ৰৱেশ কৰিব পৰা নাই। ৰত্ন ভাণ্ডাৰৰ মাত্ৰ ১০ শতাংশ  গহনাহে ভগৱান জগন্নাথক পৰিধান কৰোৱা হৈছে। ২০১৮  চনত ওড়িশা উচ্চ ন্যায়ালয়ে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)বিভাগক ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খুলি ৰত্ন ভাণ্ডাৰৰ মজিয়া, চাল আৰু দেৱালৰ অৱস্থা পৰীক্ষা কৰিবলৈ  অনুমতি দিছিল। অৱশ্যে  ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ, ওড়িশা চৰকাৰ আৰু জগন্নাথ মন্দিৰৰ প্ৰতিনিধিসকলে ৰত্ন ভাণ্ডাৰত উপস্থিত হ’ব নোৱাৰিলে।

এইবাৰ হিচাবতকৈ বেছি বৰষুণ হৈছেঃ জয়ন্ত মল্ল বৰুৱা…

এইবাৰ অসমত হিচাবতকৈ বেছি বৰষুণ হৈছে, এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। কাজিৰঙাৰ ৰাজপথত ড্ৰাইভ শ্ল’ প্লেকাৰ্ড লৈ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। যান বাহনৰ গতিবেগ ৰোধ কৰিবলৈ চালকক আহ্বান মন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে এইবাৰ বন বিভাগে অত্যন্ত দক্ষতাৰে কাম কৰাৰ ফলত কেৱল এটা বন্যজীৱ বাহনৰ খুন্দাত মৃত্যু মুখত পৰিছে। আনহাতে সাম্প্ৰতিক কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ লবলৈ বন শিবিৰত উপস্থিত হল মন্ত্ৰীগৰাকী।

দৰঙত নিৰ্মাণ কৰিব ২৬ কিলোমিটাৰ মথাউৰি! মঙলদৈত বান পৰিস্থিতি পৰ্যৱেক্ষণ মন্ত্ৰী পীয়ূষ হাজৰিকা…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মঙলদৈত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিটো বিভাগৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী৷ ৰাজ্যত এই বৰ্ষত ২২০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিব জলসম্পদ বিভাগে৷ দৰঙতে নিৰ্মাণ কৰিব ২৬ কিলোমিটাৰ মথাউৰি৷ মঙলদৈ সমষ্টিৰ চেৰেঙৰ পৰা ৰঙামাটিলৈ ৬ কিলোমিটাৰ আৰু ছিপাঝাৰ সমষ্টিৰ দিমীলা নদীত নিৰ্মাণ কৰিব ৩০ কিলোমিটাৰ৷


দ্বিতীয় পৰ্যায়ত কালপানী নদীৰ মথাউৰি নিৰ্মাণ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ বান সাহাৰ্য নোপোৱা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে – যিহেতুকে মঙলদৈত দ্বিতীয় পৰ্যায়ৰ বানপানীত এটাও মথাউৰি চিঙা নাই তথাপি বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক চিনাক্ত কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হব বুলি আশ্বাস প্ৰদান কৰে৷ ইফালে মঙলদৈৰ গেৰিমাৰিত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা লোক নিৰ্মাণ বিভাগৰ পথ আৰু বন্যাৰ্তৰ ক্ষতিগ্ৰস্ত সা-সামগ্ৰীৰ বুজ লয় মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে৷