Home Blog Page 720

অযোধ্যাৰ ৰাম মন্দিৰত নাথাকিব VIP শাৰী…

অযোধ্যাৰ ৰাম মন্দিৰত নাথাকিব কোনো VIP শাৰী।কিছু নিয়মৰ পৰিৱৰ্তন কৰা হৈছে ৰাম মন্দিৰৰ।পূজাৰীক দক্ষিণা দিয়াৰ পৰিৱৰ্তে মন্দিৰত ৰখা দান পাত্ৰত হে আগবঢ়াব লাগিব দক্ষিণা।

এটা বিশেষ অভিযোগ ৰাম মন্দিৰ কতৃপক্ষলৈ,যে সকলো ভক্তক সমান ব্যৱহাৰ কৰা হোৱা নাই।একাংশ লোকে লাভ কৰিছে বিশেষ সুবিধা।আন একাংশই আকৌ লাভ কৰা নাই সেই সুবিধা।


সেইবাবে VIP শাৰী উঠাই দিয়া হৈছে ৰাম মন্দিৰৰ পৰা।এতিয়াৰ পৰা সকলো ভক্তই শাৰী পাতি মন্দিৰ দৰ্শন কৰিব লাগিব।

T20 বিশ্বকাপৰ SUPER-8ত আফগানিস্তানৰ হাতত পৰাজয় অষ্ট্ৰেলিয়া…

T20 বিশ্বকাপৰ SUPER-8ত বৃহৎ অঘটন৷

T20 বিশ্বকাপৰ SUPER-8ত আফগানিস্তানৰ হাতত পৰাজয় অষ্ট্ৰেলিয়া৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২১ ৰানত জয়লাভ আফগানিস্তানৰ৷

ডাৰ্ক স্পটঃ মুখত ক’লা দাগে দেখা দিছে নেকি? ৪টা অভ্যাস সলনি কৰক…

মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ আমি সদায় ব্যয়বহুল আৰু ৰাসায়নিক ভিত্তিত সৌন্দৰ্য্য সামগ্ৰী ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয়।ইয়াৰ বাবে আপুনি কিছুমান বেয়া অভ্যাসও এৰিব লাগে।ছালৰ এনে সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বহু বেয়া অভ্যাস আছে যিবোৰ এৰিলে আমাৰ মুখৰ পৰা ক’লা দাগ আৰু অন্যান্য প্ৰকাৰৰ দাগ নাইকিয়া হ’ব পাৰে –

আপুনি আপোনাৰ মুখৰ বাহ্যিক সৌন্দৰ্য্যৰ বাবে যিমানেই খৰচ নকৰক কিয়, যদি আপোনাৰ মানসিক স্বাস্থ্য ভাল নহয় তেন্তে ইয়াৰ বেয়া প্ৰভাৱ মুখমণ্ডলত স্পষ্টকৈ দেখা যাব। কাৰণ টেনচনৰ ফলত শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে যিবোৰ মুখত ক’লা দাগৰ দৰে দেখা দিয়ে।

ধূলি, মাটি আৰু মুখৰ প্ৰদূষণৰ বাবে তাৰ ওপৰত পিম্পল দেখা দিয়ে যদিও কিছুমান মানুহৰ সদায় মুখত চিকুটা মাৰি লোৱাৰ অভ্যাস থাকে। পিম্পল বা ক’লা দাগ ছিঙিলে মুখৰ ছালৰ ক্ষতি হয় আৰু তাত ক’লা দাগ গঠন হয়।

যদি আমি শৰীৰক আভ্যন্তৰীণ পুষ্টি প্ৰদান নকৰো তেন্তে ইয়াৰ প্ৰভাৱ আমাৰ ছালত দেখা দিবলৈ আৰম্ভ কৰিব। ভাৰতত মানুহৰ তেলীয়া আৰু টেঙা খাদ্য খোৱাৰ অভ্যাস আছে, যাৰ ফলত পেটত গৰম হয় আৰু তাৰ পিছত মুখত ফোহা ওলায়।

ভাগৰুৱা দিনটোৰ পিছত যেতিয়া আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰে তেতিয়া আপুনি লগে লগে শুই জিৰণি ল’ব বিচাৰে, কিন্তু এলাহৰ বাবে আপুনি মুখখন নুধোৱে।

পৰাপক্ষত এইসমূহ নিয়ম চলিলে মুখত থকা ক’লা দাগ আঁতৰিব পাৰে।

ISROৰ সফলতাঃ সফলতাৰে অৱতৰণ কৰিলে RLV-LEX3 পুষ্পকে…

ISROৰ আন এক সফলতা৷

সফলতাৰে অৱতৰণ কৰিলে RLV-LEX3 পুষ্পকে৷

বাংগালুৰুৰ চিত্ৰদুৰ্গ জিলাৰ চল্লাকেৰেত সফলতাৰে অৱতৰণ৷

অম্বুবাচীৰ বাবে মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা…

আজি মহা অম্বুবাচীৰ দ্বিতীয় দিন।কামাখ্যা ধামলৈ নিব নোৱাৰিব কোনো ধৰণৰ বাহন।মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা।কেৱল জিলা প্ৰশাসনৰ অনুমতিপ্ৰাপ্ত বাহন হে যাব পাৰিব মন্দিৰলৈ।

অৱশ্যে অগ্ননিৰ্বাপক বাহিনী, এম্বুলেন্স, স্কুল বাছ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম।জালুকবাৰী দিশৰ পৰা অহা যাত্ৰীসকল ৩ নম্বৰ গেটৰ সন্মুখত নামিব লাগিব।ভৰলুমুখৰ দিশৰ পৰা অহা যাত্ৰীসকল স্বাগত হাস্পতালৰ বিপৰীত দিশত থকা নিৰ্ধাৰিত স্থানত বাহন সমূহ ৰাখিব লাগিব।আদাবাৰী তিনিয়ালীৰ পৰা পাণ্ডু লৈকে পথৰ কাষত পাৰ্কিং কৰিব নোৱাৰিব।

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ গহপুৰৰ এজন যুৱক…

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰে’ল ষ্টেচনৰ পৰাই নিৰুদ্দেশ হ’ল গহপুৰৰ বাগৰ পথাৰৰ এজন যুৱক। যাদৱ দাস নামৰ যুৱক গৰাকী একে গাঁৱৰে কেইজনমান যুৱকৰ লগত বাংগালুৰুলৈ গৈছিল।পিছে যাদৱ দাস বিশাখাপট্টনম ষ্টেচনত ট্ৰেইনৰ পৰা অকনমান সময়ৰ বাবে নামি গৈছিল, তাৰ পিছৰে পৰা যুৱকজন নিৰুদ্দেশ হৈ পৰে।

যোৱা ১৭ জুনৰ পৰা সন্ধানহীন যুৱকজন। পৰিয়ালৰ লোক এতিয়া চিন্তিত। আৰক্ষীক বিষয়টো অৱগত কৰিছে যদিও আজিলৈকে যুৱকজনৰ কোনো সন্ধান নাই।

NEET পৰীক্ষা সন্দৰ্ভত তদন্ত কৰিব CBIয়ে…

বিৰ্তকৰ আৱৰ্তত NEET পৰীক্ষা। NTAৰ মুৰব্বীক অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।জানিব পৰা মতে সমগ্ৰ ঘটনাটো তদন্ত কৰিবৰ বাবে হাতত লৈছে CBIয়ে।ইতিমধ্যে বিজেপিৰ নেতা অমিত মালব্য়ই ছ’চিয়েল মিডিয়া যোগে জানিবলৈ দিছে।


NEET-UGCৰ তদন্ত CBIয়ে কৰিব।কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্ববৃহৎ পৰীক্ষাত স্বচ্ছতা বজাই ৰাখিবলৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে।

অনিল কাপুৰ অবাক! দুই পত্নীৰ সৈতে বিগ বছত এণ্ট্ৰি ইউটিউবাৰ আৰমান মালিক…

আৰম্ভ হৈছে বিগ বছ অটিটি ছিজন ৩।বিগ বছ অ’টিটি ছিজন ৩ৰ গ্ৰেণ্ড উন্মোচনৰ লগে লগে প্ৰতিযোগীসকলৰ মাজত যুঁজ আৰম্ভ হৈছে। বিগ বছৰ ঘৰত এটা ৰাতি পাৰ হোৱাৰ লগে লগে প্ৰতিযোগীসকলৰ যুঁজ সামাজিক মাধ্যমত ভাইৰেল। এইবাৰ বিগ বছ অটিটি ছিজন ৩ অতি মনোৰঞ্জনমূলক হ’ব কিয়নো দুই পত্নী পায়েল মালিক আৰু কৃতিকা মালিকৰ সাতে বিগ বছত এণ্ট্ৰি আৰমান মালিকৰ।

১৬ গৰাকী প্ৰতিযোগীৰ একেলগে ‘বিগ বছ অ’টিটি ছিজন ৩’ৰ ঘৰত যুঁজ। ইউটিউবাৰ আৰমান মালিক আৰু তেওঁৰ দুই পত্নীও আছে। এই দৰ্শকে চাই অতি ভাল পাব বিগ বছ অ’টিটি ছিজন ৩।

T20 বিশ্বকাপৰ দ্বিতীয়খন SUPER-8ত বাংলাদেশক পৰাস্ত টীম ইণ্ডিয়াৰ…

T20 বিশ্বকাপত টীম ইণ্ডিয়াৰ জয়যাত্ৰা অব্যাহত।

দ্বিতীয়খন SUPER 8ত টীম ইণ্ডিয়াৰ জয়লাভ।

বাংলাদেশৰ বিৰুদ্ধে ৫০ ৰানত জয়ী ভাৰত।

বাংলাদেশক ১৯৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।

বাংলাদেশে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৬ ৰান।

গোসাঁইগাঁৱৰ শিমলটাপুত ড্ৰাগছ সহ এজন যুৱক আটক

গোসাইগাঁও, ২২ জুনঃ শ্রীৰামপুৰত শিবিৰ পাতি থকা চি আৰ পি এফৰ ১২৯ নম্বৰ ডেল্টা বাহিনীৰ চোৰাংচোৱাই গোপন সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত আজি সন্ধিয়া সময়ত অসম বংগ সীমান্তৰ শিমুলটাপুৰ পৰা ড্ৰাগছ সহ এজন ড্ৰাগ আসক্ত যুৱকক আটক কৰে।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কৰিমবজাৰ (অক্সিগুৰি)ৰ বাসিন্দা আব্দুল মোতায়েন শ্বেখৰ পুত্ৰ মফিজুৰ আলী (২৫) নামৰ যুৱক এজনক আটক কৰি শিমুলটাপু আৰক্ষী চকীত খবৰ দিয়ে। পাছত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী আৰু গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ পাছত যুৱকজনক শিমুলটাপু আৰক্ষী চকী লৈ আনি জেৰা অব্যাহত ৰাখিছে।আটকাধীন যুৱক জনৰ পৰা ১৫ টা কণ্টেনাৰ ভৰ্ত্তি ড্ৰাগছ জব্দ কৰা হয়।

কণ্টেনাৰত ব্ৰাউন ছুগাৰ থকা বুলি ধৃত যুৱক জনে প্ৰকাশ কৰে। উক্ত ড্ৰাগছ খিনি ড্ৰাগছ আসক্ত যুৱকজনে শিমুলটাপুৰ এজন ড্ৰাগছ বিক্ৰেতাৰ পৰা কিনি আনিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে। ৰাজমিস্ত্ৰীৰ কাম কৰা যুৱকজনে নিজে খোৱাৰ কাৰনে ৫০০০ টকাৰে উক্ত ড্ৰাগছখিনি সংগ্ৰহ কৰি ঘৰমুৱা হোৱা সময়ত চি আৰ পি এফৰ চোৰাংচোৱাৰ হাতত আটক হয়। তেওঁ যোৱা তিনিমাহৰ পৰা এই নিচাত আসক্ত হৈছে আৰু শিমুলটাপুৰ পৰা এই ড্ৰাগছ ক্ৰয় কৰে। আৰক্ষীয়ে সকলো তথ্য সংগ্ৰহ কৰি ড্ৰাগছৰ বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে তৎপৰ হৈছে আৰু শীঘ্ৰেই এই চক্ৰটোৰ লগত জড়িত সকল আৰক্ষীৰ জালত পৰিব বুলি কয় মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকাই।