Home Blog Page 721

এইড-এট-একচন NGOৰ গ্ৰীষ্মকালীন শিবিৰ…

বিশ্বনাথ জিলাৰ বালিচাং মধ্য ইংৰাজী বিদ্যাল়য়ত এইড-এট-একচন নামৰ বেচৰকাৰী সংস্থায়ে ৪ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন শৈক্ষিক শিবিৰৰ আয়োজন কৰিছে ৷ বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক ভৱেন কটকীয়ে শৈক্ষিক শিবিৰৰ শুভাৰম্ভ কৰে ৷ উক্ত কাৰ্যসুচীৰ মুকলি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক আৰু নৈতিক উৎকৰ্ষ সাধনৰ বাবে সময়োপযোগী পদক্ষেপ বুলি বিদ্যালয় পৰিছালনা সমিতিৰ বিষয়ববীয়া তথা পাভৈ আছুৰ বিষয়ববীয়া সকলে মতপোষণ কৰে ৷

শৈক্ষিক শিবিৰত বিশেষকৈ শিশু সুৰক্ষাৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, পষ্টাৰ বনোৱা, শ্ল’গান লিখাৰ উপৰিও অংক আৰু বিজ্ঞান বিষয়ক কিছুমান কাৰ্যকলাপৰ ভিত্তিত ক্লাছ কৰা, কেৰিয়াৰ কাউচেলিং, প্ৰাচীৰ পত্ৰিকা বনোৱা, কাগজেৰে কিছুমান হাতৰ কাম, নানান খেল ধেমালিৰ লগতে ছাত্ৰ ছাত্ৰী সকলে টি-এল-এম বনোৱা আৰু ইয়াৰ ব্যবহাৰিক দিশ সমুহ শিকোৱা হ’ব বুলি জানিব দিয়ে সংস্থাৰ বিষয়ববীয়া অমৰ বেয়ে৷

পাণ্ডুৰ বান পৰিস্থিতিৰ সামান্য উন্নতি; তিনিদিনে আশ্ৰয় শিবিৰত আছে দুই শতাধিক লোক…

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ পাণ্ডু অঞ্চলৰ ঠাই বিশেষে বিগত তিনিদিন ধৰি বানপানীয়ে জনজীৱন ব্যাহত কৰিছিল। আনকি ব্ৰহ্মপুত্ৰৰ পানী সোমবাৰে গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বৃহত্তৰ পাণ্ডুৰ পাঁচটা অঞ্চল ক্ৰমে – ৭ নম্বৰ ৱাৰ্ডৰ টেম্পলঘাট, ৮ নম্বৰ ৱাৰ্ডৰ শিৱ মন্দিৰ, পাণ্ডু কেবিন তিনিপুখুৰী , পাণ্ডু কেবিন আৰু পুৰাণ বজাৰৰ অৰ্দ্ধ শতাধিক পৰিয়াল বানৰ কৱলত পৰে। তাৰ পাছতে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বানাক্রান্ত অঞ্চলত এটাকৈ মুঠ পাঁচটা আশ্ৰয় শিবিৰ স্থাপন কৰে। তাৰ পাছত বুধবাৰে পুৱাৰে পৰা পাচঁটা আশ্ৰয় শিবিৰত শিশু, মহিলাকে ধৰি প্ৰায় ২৫০ জন লোকে আশ্ৰয় গ্ৰহণ কৰে।

আনহাতে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে জিলা প্ৰশাসনৰ বিষয়া – কৰ্মচাৰীৰ সহযোগত বিগত তিনিদিন ধৰি আশ্ৰয় শিবিৰত থকা লোক সকলক দিনে – নিশাই চাউল, দাইল, মিঠাতেল, নিমখ, চয়াবিন , বিস্কুটকে ধৰি খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে। এই কাৰ্যত মূখ্যমন্ত্ৰীৰ নিৰ্দেশত সহযোগিতা আগবঢ়াই আহিছে বিজেপি দলৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন ডেপুটী মেয়ৰ কমল দে, ৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদ অজয় চক্ৰৱৰ্তী, ৮ নম্বৰ ৱাৰ্ডৰ পাৰিষদ সুধান্য মালাকাৰ , জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ সভাপতি দ্বিজেন লহকৰ , ভাৰতীয় জনতা যুৱ মৰ্চাৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি শ্যামল চক্ৰৱৰ্তী , সম্পাদক ৰক্তিম লহকৰকে ধৰি বিজেপিৰ স্থানীয় কাৰ্যকৰ্তা সকলে।

ইফালে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ সামান্য তললৈ নমাত শুক্ৰবাৰে দুপৰীয়াৰ পৰা পাণ্ডুৰ বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে। যদি নতুনকৈ পুনৰ ধাৰাষাৰ বৰষুণ নহয় আৰু ব্ৰহ্মপুত্ৰৰ পানী আৰু অলপ কমি যায় তেন্তে কাইলৈ আশ্ৰয় শিবিৰত থকা লোকসকল নিজ গৃহলৈ ঘূৰি যাব পাৰিব বুলি আশা কৰা হৈছে। ইফালে আশ্ৰয় শিবিৰত নাথাকি বানৰ লগত সহাবস্থান কৰি নিজ ঘৰত থকা কেবাটাও পৰিয়ালক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ নেতৃত্বত বিজেপিৰ কাৰ্যকৰ্তা সকলে খাদ্য সামগ্ৰীৰ যোগান ধৰা বুলি জানিব পৰা গৈছে। কালি মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাণ্ডুৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত আশ্ৰয় শিবিৰত থকা কোনো লোকে যাতে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ প্ৰশাসনৰ বিষয়াবৰ্গৰ লগতে বিজেপিৰ কাৰ্যকৰ্তা সকলক নিৰ্দেশনা দিছে।

কি কৰে নীতা আম্বানীৰ ভনীয়েক মমতা দলালে? চাওক মুকেশ আম্বানীৰ শাহু আৰু খুলশালীৰ ফটো…

শুক্ৰবাৰে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ সংগীত অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে চেলিব্ৰিটি আৰু আত্মীয়ই জিঅ’ ৱৰ্ল্ড চেণ্টাৰত উপস্থিত হয়। অনন্ত আম্বানীৰ মাহীয়েক মমতা দলাল আৰু আইতাক পূৰ্ণিমা দলালৰ ছবি প্ৰকাশ পাইছে। ছবি সমূহ দেখাৰ পিছত আপুনিও কব যে ভগ্নী নীতাৰ কাৰ্বন কপি। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া ১২ জুলাই। শুভ বিয়াৰ ৮ দিন পূৰ্বে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত আম্বানী পৰিয়ালৰ সংগীত অনুষ্ঠান।

মাতৃ পূৰ্ণিমা দলালৰ সৈতে অনুষ্ঠানত উপস্থিত হয় মমতা দলাল। মমতা দলাল নীতা আম্বানীৰ কনিষ্ঠ ভগ্নী। তেওঁৰ বয়স ৫৭ বছৰ। গুজৰাটী পৰিয়ালৰ মমতা দলাল পেছাত এগৰাকী শিক্ষয়িত্ৰী। নীতা আম্বানীও বিয়াৰ আগতে শিক্ষয়িত্ৰী আছিল। নীতাৰ সৰু ভনীয়েকে ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত ল’ৰা-ছোৱালীক পঢ়োৱাৰ লগতে পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাম কৰে।

শুকান কাহৰ ফলত ডিঙিৰ সমস্যা হৈছে নেকি? এই ৩টা উপায় গ্ৰহণ কৰক…

কাহ হ’লে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাত যথেষ্ট অসুবিধা হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কিছুমান ঘৰুৱা ঔষধৰ সহায় ল’ব পাৰে । এইবোৰ এনে প্ৰতিকাৰ যিবোৰ অতীজৰে পৰা চলি আহিছে-

শুকান কাহৰ পৰা সকাহ পাবলৈ এই ঘৰুৱা উপায়বোৰ গ্ৰহণ কৰকঃ

১) গৰম পানী আৰু মৌ

পৰিৱৰ্তিত বতৰত ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু গৰম পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। এগিলাচ কুহুমীয়া পানীত ৪ চামুচ মৌ মিহলাই খালে শুকান কাহৰ পৰা সকাহ পাব।

২) আদা আৰু নিমখ

আদা ঠাণ্ডাৰ প্ৰতিৰোধী ঔষধতকৈ কম নহয়। ইচ্ছা কৰিলে কেঁচাকৈ চোবাই খাব পাৰে বা ইয়াৰ ৰস পান কৰিব পাৰে, কিন্তু আদা যিহেতু তিতা, তাৰ তিতা কমাবলৈ আদা আৰু নিমখ মিহলাই খাব পাৰে। ইয়াৰ লগে লগে শুকান কাহ গুচি যাব।

৩) জালুক আৰু মৌ

জালুক আৰু মৌৰ সংমিশ্ৰণক চৰ্দি আৰু কাহৰ শত্ৰু বুলি গণ্য কৰা হয়, ইয়াৰ বাবে আপুনি ৪-৫ টা জালুক গুড়ি কৰি পিহি লওক। এতিয়া মৌৰ লগত মিহলাই খাব। দিনটোত ২ৰ পৰা ৩ বাৰ খালে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব।

আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব অসম সন্তান ৰিয়ান পৰাগে…

আজি প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব অসম সন্তান ৰিয়ান পৰাগে।

আজিৰে পৰা জিম্বাবৱেৰ বিৰুদ্ধে T20 শৃংখলা আৰম্ভ কৰিব ভাৰতে৷

মেচখন জিম্বাবৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ভাৰত আৰু জিম্বাবৱেৰ মাজত পাঁচখনীয়া শৃংখলাৰ আজি প্ৰথমখন মেচ।

ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৪.৩০ বজাত অনুষ্ঠিত হ’ব মেচখন।

1st Bn Sonapur organised Closing Ceremony of mushroom cultivation training under Civic Action programme

With the completion of the Mushroom Cultivation training course, 1ST Bn SSB Sonapur (Assam) organised a closing ceremony of the training which was conducted for 10 days under Civic Action Programme in coordination with AGVB-RSETI, Chandmari under the guidance of Sh. Sunil Kaushik, Commandant, 1st Bn SSB Sonapur. This training programme aimed to alleviate poverty and generate employment opportunities for the underprivileged local populace. Thus, it has benefitted 35 unemployed and underprivileged women.

Certificates were distributed to facilitate the trainees and note the success of their important achievements. Sh. Rahul Mahanta, Director, AGVB-RSETI, Chandmari in his speech appreciated the Commandant of 1st Bn SSB Sonapur for initiating such programmes and further assured to help the women trainees for loans to set up their farm. The programme ended with the Commandant motivating the women to start small, to stay firm and expand their business slowly in the future. Mushroom spawns were also distributed as promised to encourage the trainees to aim to set up their mushroom farms and to enhance their livelihoods by making the most of such training programmes. Sh. Santosh Sharma, Lead District Manager also took part in the event to grace the ceremony.

গুৱাহাটীত আছাম ষ্টেট মনচুন ফ’ৰামৰ কাৰ্যসূচী…

গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুক্ৰবাৰে “আছাম ষ্টেট মনচুন ফ’ৰাম”ৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জলবায়ু সম্পৰ্কীয় তথ্যৰ ব্যৱহাৰ অধিক ফলপ্ৰসূ কৰি তুলি সুপৰিকল্পিত ব্যৱস্থা সৃষ্টিৰ সন্দৰ্ভত এই কাৰ্যসূচীত বিশেষভাৱে গুৰুত্ব দিয়া হয়।

কৃষি বিভাগ, ভাৰতৰ বতৰ বিজ্ঞান বিভাগ (আই এম ডি) আৰু ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ডব্লিউ এফ পি)ৰ সহযোগিতামূলক পদক্ষেপৰ অংশ হিচাপে অনুষ্ঠিত কৰা এই কাৰ্যসূচীত কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু, কৃষি বিভাগৰ সচিব তথা উদ্যানশস্য সঞ্চালক তেজপ্ৰসাদ ভূষাল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, আই এম ডি (বতৰ বিজ্ঞান)ৰ সঞ্চালক প্ৰধান ড° মৃত্যুঞ্জয় মহাপাত্ৰৰ লগতে এএছডিএমএ(ASDMA), এনডিআৰএফ(NDRF), স্বাস্থ্য বিভাগ, এএছআৰএলএম(ASRLM), এপিজিচিএল(APGCL), খাদ্য আৰু অসামৰিক যোগান বিভাগ, নাবাৰ্ড আদিকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

প্ৰতি নিশাই এটা এটাকৈ সপোনৰ ঘৰ নোহোৱা হৈছে…

মুহূৰ্ততে গংগা নদীত ডুবি গল সপোনৰ ঘৰ খন। গোলকগঞ্জ সমষ্টিত প্ৰতিটো নিশাই এটা এটাকৈ সপোনৰ ঘৰ নোহোৱা হৈছে। ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে গংগাধৰ নদীৰ গৰাখহনীয়াই। ইতিমধ্যে বহুত গাঁও জিলা খনৰ মানচিত্ৰৰ পৰা নোহোৱা হৈছে।

কৈমাৰী, লোহাজানি, মৰাগদাধৰ, গোলকগঞ্জ, আগমণি, শিঙিমাৰী, টোকৰেৰছৰা ইত্যাদি গাঁৱত গংগাধৰ নদীয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। অন কেমাৰাত মূহুৰ্ততে গংগাধৰ নৈৰ সৈতে মিলি গল গজেন সেনৰ ঘৰ । এই দৃশ্য ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা প্ৰথম খণ্ডৰ। দিনক দিনে কালৰূপ ধাৰণ কৰিছে গংগাধৰ নৈয়ে। চপৰা চপৰে খহিছে মানুহৰ ভেটি মাটি। গৰাখহনীয়াৰ ফলত শ শ বিঘা কৃষি ভূমি নদীত জাহ যোৱাৰ লগতে গৃহহাৰা হৈছে বহু পৰিয়াল। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈ পৰীয়া ৰাইজৰ মাজত। সময়ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু বহু পৰিয়াল এনেকৈ গৃহহৰা হোৱাৰ লগতে গোটেই টোকৰেৰছৰা গংগাধৰ নৈৰ সৈতে মিলি যোৱাৰ শংকা নৈপৰীয়া পৰিয়ালৰ।

কোকৰাঝাৰত ৪০ গৰাকী জিইএম অংশগ্ৰহণকাৰীৰ সৈতে বাৰ্তালাপ বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ

কোকৰাঝাৰত এনটিপিচিৰ ছোৱালী সশক্তিকৰণ মিছন (জিইএম)ত অংশগ্ৰহণ কৰা যুৱতীসকলক তেওঁলোকৰ সপোনবোৰ আঁকোৱালি ল’বলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায় বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে ।

শুকুৰবাৰে বিটিচি সচিবালয়ত কাৰ্যসূচীৰ অধীনত তেওঁলোকৰ শৈক্ষিক ভ্ৰমণৰ অংশ হিচাপে কোকৰাঝাৰলৈ অহা ৪০ গৰাকী যুৱতীৰ সৈতে বাৰ্তালাপ কৰি বিটিচিৰ মুৰব্বী গৰাকীয়ে উন্নত ভৱিষ্যতৰ বাবে জ্ঞানৰ কাৰ্যকৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে বিটিচিৰ মুৰব্বী বড়োৱে প্ৰেৰণাদায়ক ভাষণত ছোৱালীসকলক দৃঢ়তা আৰু স্থিতিস্থাপকতাৰে তেওঁলোকৰ উচ্চাকাংক্ষা অনুসৰণ কৰিবলৈ উৎসাহিত কৰে। ব্যক্তিগত আৰু সামাজিক বিকাশৰ বাবে এক মৌলিক সঁজুলি হিচাপে শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, “জ্ঞানৰ শক্তিক ব্যৱহাৰ কৰি আমি নিজৰ আৰু আগন্তুক প্ৰজন্মৰ বাবে এক উজ্জ্বল, অধিক ন্যায়সঙ্গত ভৱিষ্যত সৃষ্টি কৰিব পাৰোঁ।

” লগতে ছোৱালীসকলক তেওঁলোকৰ সম্প্ৰদায়লৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ আৰু আত্মবিশ্বাস অনাৰ বাবে আদৰ্শ হ’বলৈ তেওঁলোকৰ শিক্ষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় বিটিচিৰ মুৰব্বী গৰাকীয়ে।

প্ৰদুৎ বৰদলৈৰ কু-কীৰ্তিৰ বাবে অসম চৰকাৰে ভৰিবলগীয়া হ’ল ১০০ কোটি টকা


বৰদিকৰাই হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ বাবে চৰকাৰে ভৰিবলগীয়া হ’ল ১০০ কোটি টকা, ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ নিৰ্মাণ কৰা প্ৰকল্পৰ বাবে চৰকাৰে ক্ষতিপূৰণ দিবলগীয়া হ’ল বৃহৎ পৰিমাণৰ ধন, তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ দিনত চলিছিল প্ৰকল্প নিৰ্মাণৰ কাম ,কাৰ স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈয়ে ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ অনুমোদন দিছিল প্ৰকল্প নিৰ্মাণৰ? সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইক অৰ্পণ কৰা হৈছে বৰদিকৰাই হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ বাবে চৰকাৰে নিৰ্মাণ কোম্পানীক ক্ষতিপূৰণ দিবলগীয়া হ’ল ১০০ কোটি টকা।

২০০৯ চনত কংগ্ৰেছ চৰকাৰে হাতত লোৱা এটা কামৰ বাবে অসম চৰকাৰে ভৰিবলগীয়া হ’ল এই বৃহৎ পৰিমাণৰ ধন। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা এক সিদ্ধান্তই সকলোৰে চকু কপালত তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ এক সিদ্ধান্ত সদৰী কৰাৰ পিছত পোহৰলৈ আহিছে তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ কেতবোৰ ন্যস্ত স্বাৰ্থ জড়িত কাণ্ড। বৰদিকৰাইত ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ নিৰ্মাণ কৰা প্ৰকল্পৰ বাবে চৰকাৰে ভৰিবলগীয়া হ’ল বৃহৎ পৰিমাণৰ ধন। উল্লেখ্য যে তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ দিনত ২০০৯ চনত চলিছিল হাইড্ৰ পাৱাৰ প্ৰকল্প প্ৰকল্প নিৰ্মাণৰ কাম। প্ৰশ্ন হয় প্ৰদ্যুৎ বৰদলৈয়ে কাৰ স্বাৰ্থত ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ প্ৰকল্প নিৰ্মাণৰ অনুমোদন দিছিল? সেই সময়ৰ শক্তি মন্ত্ৰী তথা উদ্যোগ বিভগৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ অবিবেচক কাণ্ডৰ বাবে আজি চৰকাৰে এটা কোম্পানীক ক্ষতিপূৰণ হিচাপে দিবলগীয়া হ’ল প্ৰায় ১০০ কোটি টকা। উল্লেখ্য যে অসম চৰকাৰে ২০০৯ চনত বৰডিকৰাইত এটা হাড্ৰপাৱাৰ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছিল।

নিক্কন পাৱাৰ এণ্ড ইফট্ৰাকচাৰ প্ৰাঃ লিঃ নামৰ এটা সংস্থাক এই কাম কৰাৰ নিৰ্দেশ দিছিল। তিনি বছৰ পিছত ২০১৫ চনত তেওঁলোকে গম পালে যে ইয়াত ইনভাৰ্মেণ্টেল ক্লীয়াৰেন্স নাই। সেয়ে তেওঁলোকে প্ৰকল্পটো বন্ধ কৰি দিয়ে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰে নিক্কন পাৱাৰছক ১০০ কোটি টকা ক্ষতিপূৰণ দিবলগীয়া হ’ল। কিন্তু ইনভাৰ্মেণ্টেল ক্লীয়াৰেন্স নথকাকৈয়ে প্ৰথমতে এই প্ৰকল্পটো হাতত লোৱাটো এটা ডাঙৰ ভুল আছিল বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰে। ইয়াৰ পিছতো প্ৰকল্পটো ক্লীয়াৰেন্স ন’লৈ ২০১৫ চনত অসম চৰকাৰে হঠাতে প্ৰকল্পটো বন্ধ কৰি দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ ঘটনটো কি প্ৰেক্ষাপটত আগবাঢ়িছিল, কি প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰে ১০০ কোটি টকা নিক্কন কোম্পানীটোক ক্ষতিপূৰণ দিব লগা হ’ল- এই গোটেই কেচটো তদন্ত কৰাৰ কাৰণে ৰাজ্যিক কেবিনেটে চিবি আইক অৰ্পণ কৰাৰ কথা সংবাদমেল যোগে সদৰী কৰে।


উল্লেখ্য যে বৰদিকৰাইখন সংৰক্ষিত বনাঞ্চল। কি কাৰণে ৰিজাৰ্ভ ফৰেষ্টত কোম্পানীটোৱে কাম কৰিলে এই বিষয়টো সন্দৰ্ভতো চিবিআয়ে তদন্ত কৰিব। কামটো আগবাঢ়ি যোৱাৰ পিছত কেতিয়াবা ফৰেষ্ট ক্লীয়াৰেন্স নল’লেও পিছত ক্লীয়াৰেন্সটো লৈ কামখিনি চলাই যাব পাৰিলেহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি ২০১৫ চনত চৰকাৰে এইটো ভায়েবল নহয় বুলি প্ৰকল্পটো বন্ধ কৰি দিয়াৰ কথা সংবাদেমেলত উল্লেখ কৰে। এই সমগ্ৰ ঘটনাটো তদন্ত কৰাৰ বাবে ৩ জুলাইত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত চিবিআইক ৰেফাৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ মতে চৰকাৰে বেক ডেটত হ’লেও ভাৰত চৰকাৰৰ লগত কথা পাতি ফৰেষ্ট ক্লীয়াৰেন্সেটো আনিব লাগিছিল। তেওঁলোকে ফৰেষ্ট ক্লীয়াৰেন্সটো নানি, ২০১৫ চনত কোম্পানীটোৱে যি কাম কৰিলে তাৰ পৰাই কামটো বন্ধ কৰি দি কোম্পানীটোক কম্পেনছেচন দিয়াৰ সিদ্ধান্ত লয়। ফলত প্ৰায় ১০০ কোটি টকা, ৯৮ কোটি টকা চৰকাৰৰ ক্ষতি হ’ল বুলি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।