Home Blog Page 722

দৰঙৰ কলাইগাওঁ সমষ্টিত দুটাকৈ পানী যোগান আঁচনি উদ্বোধন বিধায়ক দুৰ্গা দাস বড়োৰ

দৰঙৰ কলাইগাওঁ সমষ্টিত দুটাকৈ পানী যোগান আঁচনি উদ্বোধন বিধায়ক দুৰ্গা দাস বড়োৰ।


কলাইগাওঁ বিধান সভা সমষ্টিৰ নামখলা পঞ্চায়তৰ পূৱ আঠিয়াবাৰী পানী যোগান আঁচনি‌ আৰু লক্ষীমপুৰ পঞ্চায়তৰ হাপামাৰা দক্ষিণ পানী যোগান আঁচনিৰ কাৰ্যক্ষম বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগৰ সামূহিক ভাবে উদ্বোধন কৰা হয়।উদ্বোধন কৰে কলাইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োই।



কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত দৰং জিলা পানী আৰু অনাময় মিছনৰ উদ্যোগত নামখলা আৰু লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সহযোগত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, মঙলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ময় হুছেইন, কনিষ্ঠ অভিযন্তা নিপ জ্যোতি কুমাৰ , নামখলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আক্ৰাম হুছেইন, সচিব ৰবিৰাম বড়ো, লক্ষীমপুৰ গাঁও পঞ্চায়তৰ সচিব বিনাৰাম দৈমাৰীয়ে।

সাংসদ ৰকিবুল হুছেইনক পহু খেদা

সাংসদ হোৱাৰ এমাহো নহওতে এইবাৰ বানপিড়ীত ৰাইজৰ ৰোষত ৰকিবুল হুছেইন।

ৰকিবুলৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বানপিড়ীত ৰাইজে।

এফালে বানপানীত ককবকাইছে ৰাইজ, আনফালে খাদ্যৰ অভাৱত আৰ্তনাদত কান্দি আছে নৈপৰীয়া ৰাইজ ৷

কিন্ত নাওত উঠি নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে খালি হাতে ঘুৰিছে।

লাইফ জেকেট পিন্ধি ছেলফি মাৰিছে

খং উঠিছে সাধাৰণ ভোটাৰৰ।

ঠায়ে ঠায়ে পহু খেদা দিলে নৱ নিৰ্বাচিত সাংসদ গৰাকীক।

বাহকজনিত ৰোগ প্ৰতিৰোধ সন্দৰ্ভত কামৰূপ(ম)জিলা টাস্ক ফ’ৰ্চৰ বৈঠক…

ৰাষ্ট্ৰীয় স্বাস্হ্য অভিযানৰ উদ্যোগত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্হ্য )ত্ৰিদিব কোঁৱৰৰ অধ্যক্ষতাত বাহকজনিত ৰোগৰ টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক অনুস্থিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে নলা-নৰ্দমাসমূহ অপৰিস্কাৰৰ ফলত মহৰ উপদ্ৰব বাঢ়ে। ইয়াৰ ফলত ডেংগু,মেলেৰিয়া ,জাপানীজ এনকেফেলাইটিছ তথা অন্যান্য বাহকজনিত ৰোগৰ প্ৰাৰ্দুভাৱ হয়।

বাহকজনিত ৰোগৰ প্ৰতিৰোধৰ বাবে সজাগতামূলক প্ৰচাৰৰ লগতে সংক্ৰমিত হ’ব পৰা ঠাইসমূহত নিয়মিত ধোৱা দিয়া (ফগিং) ব্যবস্হাত গুৰুত্ব আৰোপ কৰে। তদুপৰি আগন্তুক দিনত যাতে বাহকজনিত ৰোগ হ’ব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। আজিৰ এই বৈঠকত জিলা স্বাস্হ্য সেৱাৰ যুটীয়া সঞ্চালক, মহিলা আৰু শিশু উন্নয়ন , মেলেৰিয়া,পশুপালন আৰু পশু চিকিৎসা,জিলা তথ্য আৰু জনসংযোগ,কৃষি বিভাগৰ প্ৰতিনিধিসহ অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

ম্যানমাৰৰ অস্থিৰতাই বৃদ্ধি কৰিছে অপৰাধীৰ কাৰ্যকলাপ! ভাৰতীয় ৰাষ্ট্ৰদূত নাগেশ সিঙৰ উদ্বেগ প্ৰকাশ…

ম্যানমাৰৰ অস্থিৰ পৰিস্থিতিয়ে ভাৰত আৰু থাইলেণ্ডৰ লগতে ইয়াৰ চুবুৰীয়া দেশসমূহৰ ওপৰত প্ৰভাৱ পেলাইছে। ম্যানমাৰত সামৰিক জুণ্টাৰ বিৰুদ্ধে বিদ্ৰোহী সংগঠনৰ আক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে দেশখনৰ কিছু অংশত এতিয়া কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ হেৰুৱাইছে বুলি কোৱা হৈছে। ম্যানমাৰৰ দুটা অংশ বিশ্বৰ বাবে বিশেষ উদ্বেগৰ বিষয় হৈ পৰিছে। এটা হ’ল মায়াৱাড্ডি অঞ্চল, য’ত এই বছৰৰ এপ্ৰিলত বিদ্ৰোহীসকলৰ কাৰ্যকলাপ আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা ইয়াত সংঘৰ্ষ অব্যাহত আছে। আন্তৰ্জাতিক অপৰাধী গোটবোৰে কিছুমান স্থানীয় গোটৰ সমৰ্থনত চাইবাৰ প্ৰৱঞ্চনা, ফিছিং আৰু অবৈধ জুৱা আৰু বেটিঙত জড়িত অপৰাধমূলক কাৰ্যকলাপ বিকশিত কৰিবলৈ অঞ্চলটো ব্যৱহাৰ কৰিছে। থাইলেণ্ডত ভাৰতীয় ৰাষ্ট্ৰদূত নাগেশ সিঙে ম্যানমাৰৰ হিংসাজৰ্জৰ অঞ্চলসমূহত বাঢ়ি অহা সংকটৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে, য’ত জাতিগত সশস্ত্ৰ গোটবোৰে নিয়ন্ত্ৰণ নিজৰ দখললৈ লৈ গৈছে। সিঙে চীনা মাফিয়াৰ ব্যাপক অভিযান, অনলাইন কেলেংকাৰী, অবৈধ কেছিনো আৰু ম্যানমাৰৰ কিছুমান অঞ্চলত মানৱ সৰবৰাহ নেটৱৰ্কৰ দ্বাৰা উদ্ভৱ হোৱা গুৰুতৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে।


ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰত, ব্ৰাজিল, আফ্ৰিকা, মালয়েছিয়া, টাইৱান আৰু ফিলিপাইনছকে ধৰি বিভিন্ন দেশৰ ব্যক্তিসকলৰ কৰুণ দুৰ্দশাৰ কথা উল্লেখ কৰে, যিসকলে লাভজনক নিযুক্তিৰ মিছা প্ৰতিশ্ৰুতিৰ চিকাৰ হৈছে। সিঙে দুখ প্ৰকাশ কৰি কয় যে এই দেশৰ লোকসকল ম্যানমাৰলৈ আহে আৰু এবাৰ তেওঁলোকে সীমান্ত পাৰ হৈ যোৱাৰ পিচত তেওঁলোকক বন্দী কৰি ৰখা হয়। থাইলেণ্ডৰ ভাৰতীয় দূতাবাসৰ বাবে শেহতীয়াকৈ অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি হোৱাটো এক ডাঙৰ সমস্যা হৈ পৰিছে। থাইলেণ্ডে ভাৰতীয় নাগৰিকসকলৰ বাবে ভিছা-মুক্ত ভ্ৰমণ আগবঢ়ায় আৰু প্ৰায়ে যুৱক-যুৱতীসকলক তথ্য প্ৰযুক্তি খণ্ডত নিযুক্তিৰ অজুহাতত এজেণ্টৰ দ্বাৰা নিয়োগ কৰা হয়। অহাৰ পিচত তেওঁলোকক প্ৰায়ে এই চিণ্ডিকেট চক্ৰবোৰৰ বাবে কাম কৰিবলৈ সীমান্ত পাৰ হৈ ম্যানমাৰলৈ লৈ যোৱা হয়। সিঙে অধিকাৰ ক্ষেত্ৰৰ সীমাবদ্ধতা স্বত্বেও নাগৰিকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ সক্ৰিয় প্ৰচেষ্টাৰ কথা প্ৰকাশ কৰে। ম্যানমাৰৰ বিপদজনক অঞ্চলত এতিয়াও আৱদ্ধ হৈ থকা ভুক্তভোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰত্যাহ্বানৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে যোৱা দুবছৰত প্ৰায় ৩২০ গৰাকী ভাৰতীয়ক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে। তেওঁ এই আন্তঃৰাষ্ট্ৰীয় ভাবুকিৰ মোকাবিলাত সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু ইয়াক বিশ্ব নিৰাপত্তাৰ বাবে এক গুৰুত্বপূৰ্ণ উদ্বেগ হিচাপে স্বীকৃতি দিয়ে। এই ভয়ংকৰ পৰিস্থিতিৰ মাজত সিঙে থাইলেণ্ড আৰু ম্যানমাৰত ভাৰতীয় কূটনৈতিক মিছনসমূহৰ পৰা নিৰন্তৰ সতৰ্কতা আৰু দ্ৰুত সঁহাৰিৰ আশ্বাস দিয়ে। সম্ভাৱ্য ভ্ৰমণকাৰীসকলৰ মাজত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে কঠোৰ সীমান্ত নিয়ন্ত্ৰণৰ আহ্বানো জনায়। উদ্বেগৰ সৃষ্টি কৰা আন এটা অঞ্চল হৈছে থাইলেণ্ড, ম্যানমাৰ আৰু লাওছৰ সীমাত থকা গোল্ডেন ট্ৰাইএংগল। সঠিক আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ অনুপস্থিতিত এই অঞ্চলৰ ম্যানমাৰৰ অংশত অপৰাধী গোটবোৰে বিনা সংকোচে কাম কৰা দেখা গৈছে।


জুনত ইউএছ ইনষ্টিটিউট অফ পিচৰ এক প্ৰতিবেদন অনুসৰি অঞ্চলটোত কাম কৰি থকা দুষ্টচক্ৰৰ লুণ্ঠনৰ পুঁজিত প্ৰায় ৩৯ বিলিয়ন আমেৰিকান ডলাৰ আছিল। এই অঞ্চলত উপস্থিত হোৱাৰ পিচত নিযুক্তিপ্ৰাপ্তসকলক এক নিৰ্দিষ্ট পৰিমাণৰ নগদ ধন দিয়া হয় আৰু কেলেংকাৰীৰ কামত নিয়োজিত কৰোৱা হয়। যদি এই নিযুক্তিপ্ৰাপ্তসকলে তেওঁলোকৰ কথা মতে কাম নকৰে তেন্তে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ উৎপীড়ন চলোৱা হয়। পিচত তেওঁলোকক বন্দী কৰি ৰখা হয় আৰু মুক্তিৰ বাবদ ধন পৰিশোধ কৰিবলৈ বাধ্য কৰোৱা হয়। এই বছৰৰ মাৰ্চ মাহত উক্ত অঞ্চলটোৰ পৰা ১৯ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।

আজি বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ ওপজা দিন…

আজি বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ জন্মদিন।

২৯ বছৰীয়া হ’ল ভাৰতৰ বিখ্যাত বেডমিণ্টন তাৰকা পি ভি সিন্ধু।

অলিম্পিকজয়ী খেলুৱৈগৰাকীৰ কেইমান বিশেষ ফটো আপোনালোকলৈ আগবঢ়ালোঁ।

ডিব্ৰুগড়ৰ টেঙাখাতৰ ঘুমতাল অঞ্চলত বুঢ়ীদিহিং নৈৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ ঘুমতাল অঞ্চলত বুঢ়ীদিহিং নৈৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। এখন নাৱত উঠি গৈ পৰিস্থিতি নিৰীক্ষণ কৰে আৰু বানাক্ৰান্তসকলক জৰুৰীকালীন সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা।

মথাউৰিৰ ছিগা অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ বেগ ব্যৱহাৰ কৰি মেৰামতি কৰিবলৈ যুদ্ধকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰশাসনে বানাক্ৰান্তৰ ক্ষতিগ্ৰস্ত ঘৰসমূহ মেৰামতি, পুনৰ্নিৰ্মাণ কৰিব বুলি ৰাইজক পৰিদর্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।লগতে টেঙাখাত মহাবিদ্যালয়ত বানাক্ৰান্তৰ বাবে স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰ পৰিদৰ্শন কৰি সা-সুবিধাবোৰৰ বিষয়ে বুজ লয়।

সত্ৰীয়া নৃত্যত আৰাধ্যা বি উমালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ বৃত্তি…

গুৱাহাটী, ৫জুলাইঃ মহানগৰীৰ বেলতলাৰ মনি কাঞ্চন কলা মঞ্জুৰীৰ ছাত্রী আৰাধ্যা বি উমাই সত্ৰীয়া নৃত্যৰ শিতানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনত চলিত বৰ্ষৰ চি চি আৰ টি সাংস্কৃতিক প্রতিভা সন্ধানী বৃত্তি লাভ কৰিছে।

উল্লেখ্য যে ওস্তাদ বিসমিল্লাহ খাঁ বটা লাভ কৰা সত্ৰীয়া নৃত্যৰ সাধক, গুৰু দীপজোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ তত্ত্বাৱধানত আৰাধ্যাই বিগত ৮ বছৰে সত্ৰীয়া নৃত্যৰ শিক্ষা গ্রহণ কৰি আহিছে। বেলতলাৰ মিলনপুৰ পথ নিবাসী আৰাধ্যাৰ এই কৃতিত্বৰ বাবে পিতৃ উমাকান্ত লস্কৰ আৰু মাতৃ দীপ্তি বৰা লস্কৰে দুয়োজনা গুৰুকে কৃতজ্ঞতা জ্ঞাপন কৰে।

২০২৩-২৪ চনত প্ৰতিৰক্ষা উৎপাদনে প্ৰায় ১.২৭ লাখ কোটি টকাৰ অভিলেখ সৃষ্টি..

২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়ছোৱাত দেশখনত মূল্যৰ হিচাপত থলুৱা প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক বৃদ্ধি পাইছে বুলি শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰে|

প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ সকলো উদ্যোগ (ডিপিএছইউ), প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰা অন্যান্য পিএছইউ আৰু ব্যক্তিগত কোম্পানীসমূহৰ পৰা লাভ কৰা তথ্য অনুসৰি দেশত প্ৰতিৰক্ষা উৎপাদনৰ মূল্য অভিলেখসংখ্যক ১,২৬,৮৮৭ কোটি লৈ বৃদ্ধি পাইছে, যিয়ে বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে মন্ত্ৰালয়ে এক বিবৃতিত কয় যে পূৰ্বৰ বিত্তীয় বৰ্ষৰ প্ৰতিৰক্ষা উৎপাদনতকৈ ১৬.৭%।

নানা ফলৰ নানা গুণ! কোনবোৰ ফল খাবও পাৰে ঘঁহিবও পাৰে…

উজ্বল ছালৰ বাবে ফলমূল খোৱাটো যিমানে গুৰুত্বপূৰ্ণ সিমানেই ছালৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। আপুনি খোৱা ফল খাইও ছালৰ যত্ন ল’ব পাৰে। শৰীৰ সুস্থ কৰি ৰখাৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ ফল-মূল অতি প্ৰয়োজনীয়। শৰীৰ ভাল হ’লে ছালখনো ভাল হ’ব। খোৱাৰ উপৰিও সেই ফলৰ টুকুৰাবোৰ মুখ আৰু হাত-ভৰি ঘঁহিব পাৰে। তাৰফলত ছালখন ধুনীয়া হ’ব…

আঁহযুক্ত অমিতাত ভিটামিন এ, বি, চি থাকে। অমিতাই খাদ্য হজম কৰাত সহায় কৰে।পেট পৰিষ্কাৰ কৰে।অমিতা যদি আপুনি আপোনাৰ মুখমণ্ডল আৰু শৰীৰত ঘঁহে তেন্তে ১০ মিনিটৰ ভিতৰতে ছালখন জিলিকি উঠিব। আনহাতে তৰমুজত বহুত পানী থাকে। বিভিন্ন খনিজ পদাৰ্থ আৰু ভিটামিনো থাকে তৰমুজত। এই ফলটোৱে শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। খোৱাৰ লগতে মুখত তৰমুজৰ পেষ্টও লগাব পাৰে। তৰমুজৰ ৰস চেকি বটলত ভৰাই ফ্ৰীজত ৰাখি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আনাৰসত ভিটামিন এ, চি, কে আৰু অন্যান্য খনিজ পদাৰ্থ থাকে। আনাৰস স্বাস্থ্যৰ বাবে অতি উত্তম। এই ফলত ভিটামিন এ, চি আৰু এন্টি অক্সিডেন্ট থাকে। আনহাতে দিনটোত যদি এটা আপেল খাই তেন্তে স্বাস্থ্য ভাল হৈ থাকিব। আপেলে ছালখনো সুস্থ কৰিব পাৰে। আপেলৰ পেষ্ট বনাই লগত কেইটোপালমান মৌ মিহলাই মুখতো লগাব পাৰে। ফলৰ ৰজা আমৰ নাম শুনিলেই জিভা পানী পৰে। আমক সোৱাদৰ বাবে ফলৰ ৰজা বুলি কোৱা হয়। এই আম প্ৰসাধন সামগ্ৰীও হ’ব পাৰে। আমৰ খাদ্যৰ কাষত হালধি আৰু আলমণ্ড অইল মিহলাই মুখত লগাব পাৰে।

ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগে ডেলিভাৰী কৰিছে ৰাষ্ট্ৰসংঘলৈ ৩৫ হাজাৰ এ কে-২০৩ এছাল্ট ৰাইফল…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাছিয়া ভ্ৰমণৰ ঠিক পূৰ্বে দুয়োখন দেশৰ যৌথ উদ্যোগ ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডে (আই আৰ আৰ পি এল) ৩৫ হাজাৰ কালাছনিকোভ এ কে ২০৩ এছাল্ট ৰাইফল উৎপাদন কৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰষ্টেক ৰাজ্যলৈ হস্তান্তৰ কৰিছে ৰাছিয়াৰ নিগমে ৫ জুলাইত ঘোষণা কৰে। “ৰাছিয়াৰ পক্ষৰ ৰব’ৰ’নেক্সপ’ৰ্টৰ সহযোগত প্ৰতিষ্ঠা কৰা আই আৰ আৰ পি এলৰ যৌথ উদ্যোগটোৱে ভাৰতত এ কে-২০৩ কালাছনিক’ভ এছাল্ট ৰাইফল উৎপাদনৰ প্ৰকল্পৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰিছে।

স্থানীয়কৰণৰ মাত্ৰা বৃদ্ধি কৰিবলৈ উত্তৰ প্ৰদেশ ৰাজ্যৰ আমেথিৰ কোৰৱা অৰ্ডানেন্স ফেক্টৰীলৈ সকলো প্ৰয়োজনীয় সঁজুলি প্ৰেৰণ কৰা হৈছে আৰু উৎপাদনৰ সুবিধাসমূহ এতিয়া সম্পূৰ্ণৰূপে সজ্জিত কৰা হৈছে।’-ৰ’ব’ৰ’নেক্সপ’ৰ্টৰ সঞ্চালক প্ৰধান আলেকজেণ্ডাৰ মিখেভে এক বিবৃতিত কয়।

“ইয়াৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে চুক্তিবদ্ধ হোৱা সময়সীমাৰ ভিতৰত ৩৫ হাজাৰ কালাছনিক’ভ এছাল্ট ৰাইফলৰ এটা বেচ ভাৰতীয় সেনাবাহিনীলৈ উৎপাদন আৰু ডেলিভাৰী কৰাটো সম্ভৱ হৈ উঠিছিল।”