Home Blog Page 722

একেদিনাই দেশৰ ৪১টা বিমান বন্দৰ উৰুৱাই দিয়াৰ ভাবুকিঃ নিশা ১২.৪০বজাত ভাবুকিৰ মেইল প্ৰেৰণ…

বাৰাণসী, চেন্নাই, পাটনা, জয়পুৰকে ধৰি দেশৰ মুঠ ৪১ টা বিমান বন্দৰক ই-মেইল যোগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি৷মঙলবাৰে ভাবুকি লাভ কৰাৰ পাচতেই বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে আৰম্ভ কৰে ঘটনাৰ তদন্ত৷তদন্তৰ অন্তত এইসকলোবোৰ ভাবুকি ভুৱা বুলি প্ৰমাণিত হৈছে৷নিশা প্ৰায়১২.৪০বজাত exhumedyou888@gmail.com আইডিৰপৰা ই-মেইল পোৱাৰ পিচত তৎপৰ হৈ পৰে বিমান বন্দৰ কৰ্তৃপক্ষ৷টাৰ্মিনেল সমূহত অধিক শক্তিশালী কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা।বাৰাণসী, চেন্নাই, পাটনা, নাগপুৰ, জয়পুৰ, বদোদৰা, কইম্বাটুৰ আৰু জব্বলপুৰ বিমানবন্দৰ ভাবুকি লাভ কৰা বিমান বন্দৰ সমূহৰ ভিতৰত অন্যতম।৪জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰথমবাৰৰ বাবে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হৈছিল।সূত্ৰই জনোৱা মতে, এক মে’ত এই গোটটোৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ কেইবাখনো বিদ্যালয়লৈ একেধৰণৰ ই-মেইল প্ৰেৰণ কৰিছিল৷বিমান বন্দৰ সমূহে লাভ কৰা ই-মেইল সমূহত প্ৰায় একেধৰণৰ বাৰ্তা আছিল: “হেল্ল’, বিমান বন্দৰত বিস্ফোৰক লুকুৱাই থোৱা আছে। বোমাবোৰ অতি সোনকালে বিস্ফোৰণ হ’ব।

আপোনালোক সকলোৰে মৃত্যু হ’ব”৷সূত্ৰসমূহে জনোৱা মতে, ভাবুকিৰ ই-মেইল লাভ কৰাৰ পাচতেই বিমান বন্দৰ কৰ্তৃপক্ষই লগে লগে তদন্ত আৰম্ভ কৰি ভাবুকি সমূহ ভুৱা বুলি আশ্বস্ত হয়৷ইফালে চেন্নাই বিমানবন্দৰৰ পৰা ২৮৬জন যাত্ৰী লৈ ডুবাইলৈ উৰা মাৰিব লগীয়া বিমানখনৰ যাত্ৰা এই ভাবুকি ই-মেইলৰ ফলত বিলম্ব হয়।বিমানখনত বোমাবিস্ফোৰণৰ সতৰ্কবাণী ই-মেইলত পোৱাৰ কিছু সময়ৰ পাচতে নিৰাপত্তা সংস্থাই বিমান খনত পুংখানুপুংখভাৱে তালাচী অভিযান চলায়৷ কিন্তু বিমানখনৰ ভিতৰত কোনো সন্দেহজনক বস্তু লাভ নকৰাত বিমানখন গন্তব্য স্থানলৈ যাবলৈ দিয়া হয়।জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষইও বোমাবিস্ফোৰণৰ ই-মেইল পোৱাৰ পিচত আৰক্ষী আৰু চিআইএছএফৰ বিষয়াই তালাচী চলাই যদিও সন্দেহজনক একো নাপালে।মুম্বাই বিমানবন্দৰৰ সূত্ৰই জনোৱা মতে, এই ভাবুকি “অনিৰ্দিষ্ট” হোৱাৰ বাবে সেৱাৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই। নাগপুৰ আৰু পাটনা বিমানবন্দৰৰ কৰ্তৃপক্ষইও পুংখানুপুংখভাৱে তালাচী চলাই যদিও বোমাৰ ভাবুকি ভুৱা বুলিহে প্ৰমাণিত হয়।

মুছলমান আৰু যাদৱৰ বাবে মই কাম নকৰো! জেডিইউৰ সাংসদৰ মন্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্যৰ…

লোকসভা নিৰ্বাচন অন্ত পৰিল৷বিজেপিৰ নেতৃত্বত এনডিএই গঠন কৰিলে চৰকাৰে৷ তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী৷ এনডিএৰ অন্যতম অংশীদাৰ দল হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)৷ নীতিশৰ সহায় অবিহনে বিজেপিৰ বাবে চৰকাৰ গঠন কৰাটো সম্ভৱ নহ’লহেতেন৷ কিন্তু এইবাৰ এনডিএৰ অংশীদাৰ দল জেডিইউৰ এগৰাকী সাংসদৰ মন্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ দুটা সম্প্ৰদায়ৰ লোকৰ হৈ কাম নকৰো বুলি ক’লে সাংসদগৰাকীয়ে৷

বিহাৰৰ সীতামাৰী সংসদীয় সমষ্টিৰ পৰা জেডিইউৰ প্ৰাৰ্থী দেৱেশচন্দ্ৰ ঠাকুৰে 515719 টা ভোট লাভ কৰি সংসদলৈ নিৰ্বাচিত হয়৷ অৱশ্যে তেওঁৰ জয়ৰ ব্যৱধান আছিল 51356৷বিজয়ৰ ব্যৱধান কম হোৱাৰ বাবে সাংসদগৰাকীয়ে দোষাৰোপ কৰিছে দুটা বিশেষ সম্প্ৰদায়ক৷ সেই দুয়োটা সম্প্ৰদায়ৰ ভোট নোপোৱাৰ বাবেই বিজয়ৰ ক্ষেত্ৰত ভোটৰ ব্যৱধান কম হোৱা বুলি দেৱেশচন্দ্ৰ ঠাকুৰে মন্তব্য কৰিছে৷ঠাকুৰে দোষাৰোপ কৰা সম্প্ৰদায় দুটা হৈছে যাদৱ আৰু মুছলমান৷যাৰ বাবে এতিয়া এই দুয়োটা সম্প্ৰদায়ৰ বাবে ‘‘কামনকৰো’’ বুলি ঘোষণা কৰিছে সাংসদ ঠাকুৰে৷সাংসদ দেৱেশচন্দ্ৰ ঠাকুৰে কয়, ‘‘মইযোৱা 22 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত আছে৷এই সময়ছোৱাত মই মুছলমান আৰু যাদৱ সকলৰ বাবে সৰ্বাধিক কাম কৰিছিলো৷ কিন্তু এতিয়া মই স্পষ্টকৈ কওঁ যে এওঁলোকৰ বাবে মই কাম নকৰো৷যদি এই সমাজৰ লোকে মোৰ ওচৰলৈ নিজৰ কামৰ বাবে আবেদন লৈ আহিব খোজে, তেন্তে আহিব পাৰে৷মই তেওঁলোকক চাহ-জলপান খুৱাম৷কিন্তু চাহ-জলপান খাই তেওঁলোক গুচি যাব লাগিব৷ মই তেওঁলোকৰ কাম নকৰো৷’’ ‘‘মোৰ ওচৰলৈ এগৰাকী মুছলমান লোকে নিজৰ কামৰ আবেদন লৈ আহিছিল৷ভালমানুহ আছিল তেওঁ৷মই তেওঁক সুধিলো এই যে নিৰ্বাচনটো হৈ গ’ল, আপুনিতো নিশ্চয় লালটেন (লেম্প) চিহ্নতে ভোট দিলে৷মানুহজনে ক’লে হয় লালটেনৰ ছবিতে ভোট দিছো৷মই ক’লো যে তথাপিও আপুনি সাহস কৰি মোৰ ওচৰলৈ আহিছে৷ মই তেওঁক সুধিলোঁ যে কি ভাবি আহিছে ? মই আপোনালৈ চাহ-মিঠাই আনিবলৈ কৈছো৷তাৰপিচত আপোনাক দোৱা-চালাম জনাই বিদায় দিম৷কিন্তু মই আপোনাৰ কাম নকৰো৷’’- দেৱেশচন্দ্ৰ ঠাকুৰে কয়৷দেৱেশচন্দ্ৰ ঠাকুৰে আৰু কয়, ‘‘যেতিয়া যাদৱ আৰু মুছলমান ভোট দিয়াৰ সময়ত যদি জেডিইউৰ চিহ্ন কাঁড়ত টিপা মাৰে, তেন্তে নৰেন্দ্ৰ মোদীৰ ছবি দেখা পায়, সেয়ে তেওঁলোকে লালটেনত টিপা মাৰিলে৷তেন্তে কাম কৰাৰ সময়ত মই আপোনাৰ মুখত লালুজী আৰু লালটেনৰ ছবি কিয় নেদেখিম ? মই তেওঁলোকৰ কাম কেনেকৈ কৰিম? মই নোৱাৰো৷ মই প্ৰথমবাৰ এনেকুৱা কৰিছো৷ 70 বছৰ বয়সত প্ৰথমবাৰ মই এই কাম কৰিছো আৰু আগলৈও কৰিম৷

ডায়েবেটিছ হ’লে খেজুৰ নাখাব! ডায়েবেটিছ ৰোগীয়ে খাব পাৰে খেজুৰৰ গুটি! কেনেকৈ খাব…

খেজুৰত চেনিৰ পৰিমাণ বেছি।ডায়েবেটিছ ৰোগীয়ে খেজুৰ খাব নালাগে।কিন্তু খেজুৰৰ গুটিত কিছুমান উপাদান থাকে, যিয়ে তেজত থকা গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে! ইয়াৰ উপৰিও খেজুৰৰ গুটিত আঁহ থাকে, যিয়ে পাচনতন্ত্ৰৰ বিকাৰ নিৰাময়তো সহায় কৰে। খেজুৰৰ গুটিত থকা এন্টিঅক্সিডেন্টে শৰীৰত থকা ফ্ৰী ৰেডিকেলৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ফলত কোষবোৰ সহজে ধ্বংস নহয়। কিন্তু খেজুৰৰ গুটি কেনেকৈ খাব জানেন-

খেজুৰ খোৱাৰ পিছত গুটিবোৰ ভালদৰে ধুব লাগে। খেজুৰৰ কোনো অংশ গুটিৰ ওপৰত নাৰাখিব। গুটিবোৰ কেইদিনমান ৰ’দত থৈ শুকুৱাব লাগে। কেৰাহীত গুটিখিনি দি অলপ সময় লৰাই থাকিব। কেৰাহীখন লৰাই লোৱাৰ পিছত স্বাভাৱিক উষ্ণতালৈ অহালৈকে অপেক্ষা কৰক। তাৰ পিছত খেজুৰ গুটিখিনি মিক্সাৰত পিহি লওক। খেজুৰৰ গুটি থেতেলিয়াই বায়ু সোমাব নোৱাৰা কাঁচৰ পাত্ৰত ৰাখিব। এইবাৰ তাৰ আধা চামুচ লৈ কুহুমীয়া পানীত মিহলাই খাব। প্ৰতিদিনে এই অভ্যাস বজাই ৰাখিলে ইয়াৰ সুফল লাভ কৰিব।

আজি T20 বিশ্বকাপৰ SUPER-8ত বাংলাদেশৰ মুখামুখি হ’ব ভাৰত…

আজি T20 বিশ্বকাপৰ SUPER-8ত বাংলাদেশৰ মুখামুখি হ’ব ভাৰত৷

ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷

মেচৰ বাবে অণ্টিগুৱালৈ বিমানেৰে যাত্ৰা টীম ইণ্ডিয়াৰ।

আশাভংগ! জামিন লাভৰ এদিন পিছতে কেজৰিৱালৰ জামিনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ…

২৪ ঘণ্টাৰ ভিতৰতে আশাভংগ হ’ল আপৰ। সেয়ে কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কালি কেজৰিৱালক দিল্লীৰ এখন আদালতে চৰ্ত সাপেক্ষ জামিন প্ৰদান কৰিছিল যদিও আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইডিৰ আবেদনৰ ভিত্ততে আজি দিল্লী উচ্চ ন্যায়ালয়ে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক দিয়া জামিন স্থগিত ৰাখে।

উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে আদালতে এই বিষয়ত পৰৱৰ্তী শুনানি গ্ৰহণ নকৰালৈকে জামিন আদেশ অকাৰ্যকৰী হৈ থাকিব। আদালতে কয় “আমি এতিয়াও চূড়ান্ত সিদ্ধান্ত জাৰি কৰা নাই , সেয়ে জামিনৰ আদেশ অকাৰ্যকৰী হৈ থাকিব। ইডিয়ে তেওঁলোকৰ যুক্তি সম্পূৰ্ণৰূপে দাখিল কৰিব পাৰে,”। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ এদিন পিছত শুকুৰবাৰে প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে (ইডি) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি কেজৰিৱালৰ জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।

শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীৰ মুক্তিৰ কথা আছিল যদিও জামিনৰ নিৰ্দেশ স্থগিত ৰখাত তেওঁ কাৰাগাৰতে থাকিব লাগিব। ২০ জুনত হোৱা শুনানিৰ সময়ত কেজৰিৱালৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ বিৰুদ্ধে ইডিৰ গোচৰটো কেৱল কেতবোৰ ব্যক্তিৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে।দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ সৈতে জড়িত থকাৰ অভিযোগত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে তেওঁক ১ লাখ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰিছিল।কিন্ত সেই জামিন আজি স্থগিত ৰখা হয়।

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা,দৰ্শনাৰ্থীৰ বাবে কি নীতি-নিৰ্দেশনা প্ৰশাসনৰ?

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় হৈছে – ২২জুন (৭ আহাৰ) শনিবাৰে পুৱা ৮:৪৩ মিনিট।

সেই অনুসৰি নিবৃত্তিৰ সময়- ২৫জুন (১০ আহাৰ) মঙ্গলবাৰে নিশা ৯:০৭ মিনিটত নিবৃত্তি অৰ্থাৎ এইবছৰৰ মহা অম্বুবাচী মেলাৰ সামৰণি পৰিব।

ইপিনে, অম্বুবাচী মেলাক লৈ মহানগৰীৰ আৰক্ষী-প্ৰশাসন সাজু হৈছে। অম্বুবাচী মেলাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি, শনিবাৰে নিশাৰে পৰা ২৭ জুনলৈ কোনো VIP দৰ্শন নাথাকিব। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ দৰে মন্দিৰ পৰিভ্ৰমণ কৰিব লাগিব।

আনহাতে, কামাখ্যা মন্দিৰলৈ যোৱা মূল পথেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন কোনো ধৰণৰ বাহন ওপৰলৈ যাব নোৱাৰিব। কেৱল পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে বাহন যাব পাৰিব। অৱশ্যে পাণ্ডুৰ ফালৰ পথটোৰেও বিশেষ বাহনৰ ক্ষেত্ৰতহে অনুমতি থাকিব।

কোনো ব্যক্তি কামাখ্যাৰ মূল তোৰণ থকা পথেৰে আৰু পাণ্ডুৰ পিনে থকা বিকল্প পথেৰে নিশা ৯ বজাৰ পাছত কোনো ব্যক্তি ওপৰলৈ উঠি যাব নোৱাৰিব। কেৱল নামিবহে পাৰিব।

পুনৰ বিতৰ্কত এয়াৰ ইণ্ডিয়া, খাদ্যৰ মাজত ওলাল ব্লেড…

এয়াৰ ইণ্ডিয়া পুনৰ বাতৰিৰ শিৰোনামত। এয়াৰ ইণ্ডিয়াৰ এখন বিমানত যাত্ৰীৰ খাদ্যত উদ্ধাৰ চোকা ব্লেড। যাত্ৰীজনে সেই অভিজ্ঞতা তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে। অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই অৱগত কৰিছে।

যোৱা ৯ জুনত বাংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কো অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছিল এই ঘটনা। জনা যায় যে সাংবাদিক মেথুৰেছ পল নামৰ ব্যক্তি গৰাকী সেই বিমানত গৈ আছিল।

এয়াৰ ইণ্ডিয়াৰ বিমানত থকা আলু আৰু ডুমুৰৰ ট্ৰেত ব্লেড পোৱা বুলি অভিযোগ কৰি তেওঁৰ এক্স হেণ্ডেলত খাদ্য আৰু খাদ্যৰ ভিতৰত পোৱা ব্লেডৰ ছবি পোষ্ট কৰে।

তেওঁ লিখিছে, “দুই-তিনি চেকেণ্ড খাদ্য খোৱাৰ পিছত মই কথাটো উপলব্ধি কৰিলোঁ। মই গম পালোঁ যে বস্তুটো কি। সৌভাগ্যক্ৰমে মোৰ কোনো ক্ষতি হোৱা নাছিল।”

মেথুৰেছ পলে এইটোও লিখিছে, “যিকোনো বিমানত ব্লেড থকাটো বিপদজনক। দ্বিতীয়তে, ই মোৰ জিভা কাটিব পাৰিলেহেঁতেন। তৃতীয়তে, যদি কোনো শিশুৱে এই খাদ্য খায় তেন্তে কি হ’ব?”

তেওঁ দাবী কৰে যে এই ঘটনাৰ কিছুদিনৰ ভিতৰতে এয়াৰ ইণ্ডিয়াই তেওঁক ক্ষতিপূৰণ হিচাপে বিশ্বৰ যিকোনো ঠাইলৈ বিনামূলীয়া বিজনেছ ক্লাছ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল। অৱশ্যে তেওঁ সেই সুবিধা অস্বীকাৰ কৰে।

মুম্বাইত মোদীয়ে ছমাহ পূৰ্বে উদ্বোধন কৰা ১৮ হাজাৰ কোটিটকীয়া অটল সেতুত মেলিলে বৃহৎ ফাঁট !

মুম্বাইত অটল সেতুত ফাঁট মেলিছে। ছমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা মুম্বাইৰ অটল বিহাৰী বাজপেয়ী সেৱাৰী-নব সেৱা অটল সেতুত বৃহৎ ফাট মেলাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছে। দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং হিচাপে জানুৱাৰী মাহত উদ্বোধন কৰা হৈছিল এই সেতু খন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই দলংখন উদ্বোধন কৰিছিল। জানুৱাৰী মাহত অটল বিহাৰী বাজপেয়ী সেৱৰী-নব সেৱা অটল সেতু অৰ্থাৎ মহাৰাষ্ট্ৰ ট্ৰেন্স হাৰ্বাৰ লিংক সেতু ধুমধামেৰে উদ্বোধন কৰা হৈছিল যদিও ১৮ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা সেতু খনত যে নিৰ্মাণৰ সময়তে বিজুতি আছিল সেই কথা এতিয়া প্ৰমাণ হৈছে।
উদ্বোধনৰ প্ৰায় ছমাহ পাছতে সেই সেতুখনত দীঘলীয়া ফাট এটা দেখা গ’ল! মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলেই কয় যে সমগ্ৰ ৰাজ্যতে এনেধৰণৰ বহু দুৰ্নীতি হৈছে।দুৰ্নীতিৰ বহু উদাহৰণ আমি সংসদত দেখুৱাম।

তেওঁ আৰু অভিযোগ কৰে যে চৰকাৰে দেখুৱাইছে যে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে, কিন্তু আপুনি ইয়াত কেৱত দুৰ্নীতিহে দেখা পাব। এনেকৈ দুৰ্বল দলং নিৰ্মাণ কৰি মানুহৰ জীৱন বিপন্ন কৰাৰ অধিকাৰ কোনে দিলে? এই দুৰ্নীতিগ্ৰস্ত চৰকাৰখন কেনেকৈ আঁতৰাব পাৰি ৰাইজে পৰিকল্পনা কৰা উচিত। তথ্য অনুসৰি আনুমানিক ১৭,৮৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই সেতু খন । সেতু খনত নবি মুম্বাইৰ দিশে ফাট এটা দেখা গৈছে। প্ৰায় ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনৰ ৬টা লেন আছে। সেতু খনৰ সাগৰত নিৰ্মিত হৈছে ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্ৰায় ৫.৫ কিলোমিটাৰ । দেশৰ ভিতৰতে আটাইতকৈ দীঘল সেতু এয়া । ই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নভি মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে সংযোগ স্থাপন কৰিছে। এই সেতু খনে মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাতায়তৰ সময়ো হ্ৰাস কৰিছে।

আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন…

ইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল কৰি আগবাঢ়ি যোৱাৰ পিছতো ইউক্ৰেইনৰ হাতত পৰাস্ত হয়।


ইপিনে, প্ৰথমখন খেলত ৰোমানিয়াৰ হাতত পৰাস্ত হয় ইউক্ৰেইন। সেই আঘাত চম্ভালি প্ৰত্যাৱৰ্তনেৰে যুঁজলৈ উভতি আহিল যুদ্ধবিধ্বস্ত দেশখন। ০-১ গ’লত পিছ পৰি থকাৰ পাছতো ইউক্ৰেইনে ২-১ গ’লত জয়ী হৈ সন্তুষ্টিৰে খেলপথাৰ এৰিলে।

জাৰ্মানীৰ ডাচেলডৰ্ফ ষ্টেডিয়ামত ফেভাৰিট হিচাপে খেলপথাৰত প্ৰৱেশ কৰে শ্লোভাকিয়াই। আৰু ইউক্ৰেইনক পৰাস্ত কৰিলেই শেষৰ ষোল্লটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিলেহেঁতেন। কিন্তু ভৱা কথা নহ’ল সিদ্ধি। আনহাতে, ইউক্ৰেইনৰ বাবে এই মেচখন আছিল বৰ্তি থকাৰ যুঁজ। এই মেচখনত পৰাজয়ে তেওঁলোকক ইউৰোৰ পৰা কাৰ্যতঃ বাহিৰ কৰি দিলেহেঁতেন।

২০২৪ চনৰ বাজেটঃ ৩০% কৰৰ হাৰৰ পৰা ৰক্ষা পৰিবনে মধ্যবিত্ত শ্ৰেণী? বিত্তমন্ত্ৰী সীতাৰমণেৰে মত বিনিময় পিএইচডি চেম্বাৰ অৱ কমাৰ্চৰ…

মোদীৰ তৃতীয় কাৰ্যকালৰ চৰকাৰৰ বাজেট এইবেলি সোনকালে উত্থাপন কৰাৰ সম্ভাৱনা আছে। এনে সময়তে পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে ২০২৪-২৫ চনৰ বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মত বিনিময় কৰিছে, য’ত উদ্যোগ সংস্থাটোৱে সাধাৰণ মানুহৰ বাবে ব্যক্তিগত কৰ কেনে হ’ব পাৰে সেই বিষয়ে উমান লোৱাৰ চেষ্টা কৰিছে।

৩০% কৰ হাৰৰ পৰা মধ্যবিত্ত শ্ৰেণী ৰক্ষা পৰিবনে?

কেইবাটাও পৰামৰ্শৰ ভিতৰত পি এইচ ডি চি চি আইয়ে এফ এমক ৩০ শতাংশ কৰ হাৰৰ পৰা মধ্যবিত্ত শ্ৰেণীক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

পি এইচ ডি চি চি আইৰ সভাপতি সঞ্জীৱ আগৰৱালাই কয় যে মধ্যবিত্ত শ্ৰেণীক ৩০ শতাংশ কৰ হাৰৰ পৰা ৰক্ষা কৰিব লাগিব আৰু এই হাৰ কেৱল ৪০ লাখ টকাৰ ওপৰত কৰ যোগ্য আয় থকাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব লাগিব।

তেওঁ লগতে কয় যে জিডিপিত উৎপাদনৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে বৰ্তমানৰ কোম্পানীসমূহৰ বাবে কৰ্পৰেট কৰ হাৰ ২২ শতাংশ আৰু ২০১৯ চনৰ ১ অক্টোবৰৰ পিছত নিগমিত নতুন উৎপাদন কোম্পানীসমূহৰ বাবে ১৫ শতাংশ কৰ্পৰেট কৰ হাৰত যথাৰ্থ অৱস্থা বজাই ৰাখিব লাগে। নতুন কৰ ব্যৱস্থা অনুসৰি ব্যক্তিগত কৰদাতাৰ বাবে আয়কৰ হাৰ এনেধৰণৰ হৈ আছে-নতুন কৰ -৩ লাখ টকা পৰ্যন্ত কৰ দিব নালাগে, ৩ লাখ টকা- ৬ লাখ টকা ৫%,৬ লাখ টকা- ৯ লাখ টকা ১০%,৯ লাখ টকা- ১২ লাখ টকা ১৫%,১২ লাখ টকা- ১৫ লাখ টকা ২০%,১৫ লাখ টকাৰ ওপৰত ৩০%। চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। সীতাৰমণে সেই সময়ত আয় কৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নকৰাৰ কথা ঘোষণা কৰিছিল।

উদ্যোগ সংস্থাটোৱে সীতাৰমণক কেইবাটাও সংস্কাৰ সাধনৰ পৰামৰ্শ আগবঢ়াইছে-

১) ২০৩০ চনৰ ভিতৰত জিডিপিত উৎপাদনৰ অংশীদাৰিত্ব ২৫% লৈ বৃদ্ধিৰ বাবে অধিক সংস্কাৰ।

২) অধিক শ্ৰম জড়িত খণ্ড সংযোজন কৰি ১৪টা খণ্ডৰ বাহিৰলৈ পিএলআই আঁচনি সম্প্ৰসাৰণ কৰা।

৩) এনপিএৰ বাবে এমএছএমইৰ শ্ৰেণী বিভাজনৰ নীতিৰ পৰিৱৰ্তন ৯০ দিনৰ সীমাৰ পৰা ১৮০ দিনলৈ বৃদ্ধি কৰা।

৪) মধ্যবিত্ত শ্ৰেণীৰ বাবে প্ৰত্যক্ষ কৰ যুক্তিসংগত কৰি তোলা।


৫) অত্যাধুনিক আন্তঃগাঁথনি থকা টায়াৰ ২ আৰু ৩ চহৰ আৰু ৰাজহুৱা উপযোগিতাৰ পৰ্যাপ্ত সুবিধা থকা স্মাৰ্ট গাঁৱত অধিক গুৰুত্ব দিয়া।

৬) মুদ্ৰাস্ফীতিৰ চাপ কমোৱাৰ বাবে যোগান শৃংখল শক্তিশালী কৰা আদি।