Home Blog Page 723

নীটৰ লগতে ইউজিচি নেটৰো প্ৰশ্নকাকত ফাদিল হৈছিল, প্ৰশ্নকাকত বিক্ৰী হৈছিল ৬ লাখ টকাত! চিবিআইয়ে জনালে এই তথ্য…

মূৰৰ পৰাই গেলিছে দেশৰ শিক্ষা ব্যৱস্থাঃ নীট ইউজি ২০২৪ৰ প্ৰশ্ন কাকতেই কেৱল ফাদিল হোৱা নাছিল।গৱেষণাৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত কৰা নেটৰো প্ৰশ্নকাকত পৰীক্ষাৰ দুদিন পূৰ্বে ফাদিল হৈছিল। ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কিছু সময়ৰ পিছতে ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী কৰা হৈছিল সেই প্ৰশ্নকাকত। চিবিআইৰ সূত্রই এই কথা প্রকাশ কৰিছে৷ অৱশ্যে প্ৰশ্নকাকত ক’ৰ পৰা ফাদিল হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰই জনোৱা মতে এই ক্ষেত্ৰত মেটৰ প্ৰস্তুতি চলোৱা কোচিং চেণ্টাৰৰ ভূমিকা সম্পৰ্কে তদন্ত কৰা হৈছে। যোৱা মঙলবাৰে (১৮ জুন) প্ৰায় ৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে নেট পৰীক্ষা দিছিল। কিন্তু প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোবৰলৈ অহাৰ পিছতে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰা হৈছিল। অনুমান কৰা হৈছে যে পৰীক্ষাৰ আগদিনা অৰ্থাৎ সোমবাৰে ডাৰ্ক ৱেবত নেটৰ প্ৰশ্নকাকত ফাদিল হৈছিল।

কিন্তু প্ৰাৰম্ভিক তদন্তৰ অন্তত চিবিআইৰ সূত্ৰই জনোৱা মতে সোমবাৰে নহয়, পৰীক্ষাৰ প্ৰশ্নকাকতখন প্ৰকৃততে দেওবাৰে ফাদিল হৈছিল আৰু ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰালয়ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে চিবিআইয়ে নেট গোচৰত এফআইআৰ দাখিল কৰিছে।যোৱা মঙলবাৰে ৮৮টা বিষয়ত নেট পৰীক্ষা অনুষ্ঠিত হৈছিল।কিন্তু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰৰ নেশ্যনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিটৰ কিছু তথ্যৰ ভিত্তিত পৰীক্ষাৰ অনিয়মৰ বিষয়টো চৰ্চালৈ আহিছিল।ইয়াৰ পিছতে আয়োজক সংস্থা ‘ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা’ চমুকৈ এন টি এয়ে বুধবাৰে পৰীক্ষা বাতিল কৰিবলৈ মন্ত্ৰালয়লৈ বাৰ্তা প্ৰেৰণ কৰে।শিক্ষা মন্ত্ৰালয়ে এই অনিয়মৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে। ইতিমধ্যে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তি বিজেপিৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক, কংগ্ৰেছৰ অসন্তুষ্টি প্ৰকাশ…

মোদী মমন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকাল আৰম্ভ হৈছে। ২৪ জুনৰ পৰা হ’লগীয়া লোকসভাৰ প্ৰথম অধিৱেশনতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰা হ’ব। লোকসভাৰ এগৰাকী নতুন অধ্যক্ষ নিযুক্তি নিদিয়ালৈকে কটকৰ সাতটা কাৰ্যকালৰ সাংসদ ভৰত্ৰুহাৰী মাহতাবক লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ হিচাবে নিযুক্তি দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। কিন্তু লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তিকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধী কংগ্ৰেছে। কংগ্ৰেছে অভিযোগ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰে কংগ্ৰেছৰ জ্যেষ্ঠ সদস্য তথা আঠটা কাৰ্যকালৰ সাংসদ কোডিকুন্নিল সুৰেশক সন্মান প্ৰদান কৰিব লাগিছিল। কাৰণ লোকসভাৰ প্ৰ’টেম অধ্যক্ষ সাধাৰণতে লোকসভাৰ সৰ্বাধিক কালৰ সাংসদগৰাকীক প্ৰদান কৰাটো এক পৰম্পৰা। ইপিনে লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তি সন্দৰ্ভত ৰিজিজুৱে কয় “অধ্যক্ষৰ দায়িত্ব পালন কৰিবলৈ সংবিধানৰ ৯৫(১) অনুচ্ছেদৰ অধীনত লোকসভাৰ সদস্য ভাৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দি ৰাষ্ট্ৰপতি আনন্দিত হৈছে।

লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে প্ৰ’টেম অধ্যক্ষৰ সন্মুখত শপত গ্ৰহণ কৰিব।’’ৰিজিজুৱে লগতে কয় যে মাহতাবক সহায় কৰিব ডি এম কে নেতা সুৰেশ, টি.আৰ. বালু, তৃণমূল কংগ্ৰেছ নেতা সুদীপ বন্দ্যোপাধ্যায় আৰু বিজেপি নেতা ৰাধা মোহন সিং তথা ফাগন সিং কুলাষ্টে। কটক লোকসভাৰ আসনৰ পৰা বিজেপিয়ে ভাৰত্ৰুহৰী মাহতাবক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল।এক্সৰ এটা পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে নিয়ম অনুসৰি সৰ্বাধিক কাৰ্যকাল সম্পন্ন কৰা সাংসদগৰাকীক সাংসদসকলে শপত গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম দুদিনৰ বাবে প্ৰ’ টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ১৮ সংখ্যক লোকসভাৰ জ্যেষ্ঠ সাংসদ হৈছে কোডিকুন্নিল সুৰেশ (কংগ্ৰেছ) আৰু বীৰেন্দ্ৰ কুমাৰ (বিজেপি), দুয়োগৰাকীয়ে এতিয়া তেওঁলোকৰ অষ্টম কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে। পিছৰগৰাকী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, সেয়েহে আশা কৰা হৈছিল যে কোডিকুন্নিল সুৰেশক প্ৰ’টেম অধ্যক্ষ হিচাবে নিযুক্তি দিয়া হ’ব। ইয়াৰ পৰিৱৰ্তে ৭টা কাৰ্যকালৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

৬টা কাৰ্যকাল বিজু জনতা দলৰ সাংসদ আছিল আৰু এতিয়া বিজেপিৰ সাংসদ।’ ৰমেশ ডাঙৰীয়াই কয়।কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. ভেনুগোপালেও চৰকাৰৰ এে সিদ্ধান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য ২৪ জুনত ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ’ব, ২৫ জুনলৈকে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ/দৃঢ়তা গ্ৰহণ কৰিব।২৬ জুনত অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

চুলিৰ বাবে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধি কৰিবলৈ কেনেধৰণৰ খাদ্য খাব…

শৰীৰত কলাজেনৰ লগতে অন্যান্য মৌলৰ অভাৱ হ’ব পাৰে।কাৰণ হৈছে অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। যিয়ে কলাজেন উৎপাদনৰ হাৰ হ্ৰাস কৰে।এই কলাজেনে চুলিৰ ঘনত্ব বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কলাজেনে চুলি সৰাতো ৰোধ কৰাত সহায় কৰে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে শৰীৰত কলাজেনৰ লগতে অন্যান্য পদাৰ্থৰ অভাৱ হ’ব পাৰে। কিছুমান বিশেষ খাদ্য আছে যিবোৰ নিয়মিতভাৱে খালে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধি হয়-


১) ভিটামিন চি

এই ভিটামিন কলাজেন উৎপাদনত অতি উপযোগী। এই এন্টিঅক্সিডেন্ট চুলিৰ যত্নৰ বাবে মিল আছে। গতিকে চুলি আৰু মূৰৰ ছালৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ টেঙা ফল, নেমু, ষ্ট্ৰবেৰী, আনাৰস, লিচি আদি ফলমূল আৰু অমিতা, বিলাহী খাদ্যত ৰাখিব লাগে।

২) এলোভেৰা

এই বনৌষধিবিধত কেইবাটাও এন্টি-ইনফ্লেমেটৰী গুণ আছে। যিয়ে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। এই বনৌষধিবিধে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধিতো উল্লেখযোগ্য ভূমিকা পালন কৰে।

৩)প্ৰটিন সমৃদ্ধ খাদ্য

শৰীৰত কলাজেন উৎপাদনত এমিনো এচিডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰটিনযুক্ত খাদ্য, যেনে- মাংস, কণী, বাদাম, পনিৰ, মাছ, গাখীৰ আদিয়ে শৰীৰত এমিনো এচিডৰ মাত্ৰা বৃদ্ধি কৰে। ফলত কলাজেন উৎপাদনৰ হাৰো বৃদ্ধি পায়।

৪) জিংক

শৰীৰত কলাজেন উৎপন্ন কৰিবলৈও জিংকৰ প্ৰয়োজন হয়।আপোনাৰ খাদ্যত কাজু বাদাম, দুগ্ধজাত খাদ্য ৰাখিব পাৰে। জিংকৰ প্ৰাকৃতিক উৎস।

আজিৰে পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ, আহিছে দেশ-বিদেশৰ বহু ভক্ত…

আজিৰে পৰা কামাখ্যা ধামত মহা অম্বুবাচী মেলা।

কামাখ্যা ধামলৈ আহিছে দেশ-বিদেশৰ বহু ভক্ত।

উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু।

আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি।

বেইজিঙৰ আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অসমৰ শিল্পীৰ চিত্ৰ…

চীনৰ ৰাজধানী বেইজিং চহৰৰ গোৱছোৱাং আৰ্ট মিউজিয়ামৰ উদ্যোগত যোৱা ৭জুনৰ পৰা ২৬জুলাইলৈ অনুষ্ঠিত দুমাহজোৰা আন্তঃৰাষ্টীয়  শিল্পকলা প্ৰদৰ্শনীলৈ আমন্ত্ৰিত  অসমৰ তিনি চিত্ৰশিল্পীৰ চিত্ৰই চিত্ৰৰসিকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ চিত্ৰ শিল্পী মিন্তু ডেকা, যোৰহাটৰ পৰেশ শইকীয়া আৰু লক্ষীমপুৰৰ পৰেশ ভূঞাৰ কেনভাচত অঁকা এক্ৰিলিক আৰু পানী ৰঙৰ বিমূৰ্ত চিত্ৰসমূহে চীনা দৰ্শকৰ উচ্চ প্ৰশংসা লাভ কৰিছে। বেইজিংস্হিত ভাৰতীয় উপমূখ্য ৰাষ্ট্ৰদূত অভিষেক শুক্লাই এগচি বন্তি প্ৰজ্বলনেৰে প্ৰদৰ্শনীখনি আনুষ্ঠানিকভাৱে দৰ্শকৰ বাবে মূকলি কৰি দিয়ে। প্ৰদৰ্শনী উদ্বোধনত সহযোগ কৰে চীনৰ প্ৰখ্যাত চিত্ৰশিল্পী ৱংঝং আৰু প্ৰখ্যাত ভাষ্কৰ প্ৰফেচৰ শ্বেন হংবিয়াৱয়ে।

প্ৰদৰ্শনীখনীৰ উদ্যোক্তা গোৱছোৱাং আৰ্ট মিউজিয়ামৰ প্ৰতিস্থাপক ড০ গুৰজিন্দাৰ কৌৰ আৰু ভৰত সিংহই চিত্ৰ প্ৰদৰ্শনীখনিৰ  আদৰণি ভাষণ প্ৰদান কৰে। প্ৰদৰ্শনীখনিৰ উদ্বোধনী অনুষ্ঠানত এছ এম ডি ফাউণ্ডেচনৰ আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক  মিন্তু ডেকাই ভাৰতীয় দূতাবাস, গোৱছোৱাং মিউজিয়াম কতৃপক্ষ, উপস্থিত শিল্লী তথা দৰ্শক,  সাংবাদিকক উদ্দ্যেশি শলাগনি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শিল্পীসকলে নিজ নিজ শিল্পকৰ্মসমূহৰ সন্দৰ্ভত  ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে প্ৰদৰ্শনী অনুষ্ঠিত মিউজিয়ামটোৱে অংশগ্ৰহণকাৰী সকলো শিল্পীৰে একোখনকৈ চিত্ৰ সংগ্ৰহ কৰে।

অসম অলিম্পিক সন্থাৰ অধীনৰ অসম মল্লযুঁজ সন্থাৰ কাৰ্যনিৰ্বাহক সভা…

অসম অলিম্পিক সন্থাৰ অধীনৰ অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা শুক্ৰবাৰে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম মল্লযুঁজ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাপতি ৰাতুল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সন্থাৰ যুটীয়া সম্পাদক নাৰায়ন বসুমতাৰীয়ে। সন্থাৰ সভাপতি ৰাতুল শৰ্মাই জনোৱা অনুসৰি প্ৰবীণ মল্লযুঁজ খেলুৱৈ তথা সন্থাৰ সম্পাদক গৌৰাঙ্গ ৰায়ৰ নেতৃত্বত এখন ১৩জনীয়া টেকনিকেল সমিতি গঠন কৰা হয়।

টেকনিকেল সমিতিৰ সদস্যসকল ক্ৰমে অনুস্তুপ নৰহ, বিশ্বজিৎ নাথ, হৃদয় নাথ, পাপু চাওতাল, উৎপল দাস, জোনমণি দাস, এলবাৰ্ট বসুমতাৰী, অবিনাষ দাস, ফাইজুৰ আহমেদ, পম্পী দাস, কংকন নাথ, দিপাংকৰ মজুমদাৰ আৰু ধনেশ্বৰ বসুমতাৰী। এই সমিতিখনে খেলুৱৈ বাছনিৰ ক্ষেত্ৰত সকলো দিশ চোৱা চিতাৰ দায়িত্বত থাকিব। আনহাতে নতুনকৈ তিনিগৰাকী সহযোগী যুটীয়া সম্পাদক ক্ৰমে জোনমণি দাস, মনজিৎ হাজৰিকা, সঞ্জীৱ পাল আৰু দুগৰাকী সহযোগী কাৰ্যকৰী সদস্য ক্ৰমে ত্ৰিনয়ন বৰ্মন, কমল তামুলীক নিযুক্তি দিয়া হয়। আজিৰ কাৰ্যনিৰ্বাহক সভাত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই।

গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাৰ আলোচনীৰ ৭১ তম প্ৰকাশৰ উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসত্তৰসংখ্যক স্নাতকোত্তৰ মহলাৰ আলোচনীখন আজি বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত উন্মোচিত হৈ যায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাহিত্য আৰু শিল্পচৰ্চাৰ অন্যতম থলী এই আলোচনীখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক এম. কামালুদ্দীন আহমেদ।

অনুষ্ঠানটোত লগতে উপস্থিত আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব অধ্যাপক জগদীশ শৰ্মা, ছাত্ৰ-কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি, স্নাতকোত্তৰ ছাত্ৰ-সন্থা ২০২১-২২ বৰ্ষৰ সভাপতি হেমেন কলিতা, সম্পাদক বিকি শৰ্মা প্ৰমূখ্যে আন সদস্যসকল তথা বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকল। জ্ঞানপ্ৰতীম দেৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ৩৮৪ পৃষ্ঠাৰ আলোচনীখনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰৱন্ধ তথা আন সৃষ্টিশীল ৰচনাৰ লগতে, কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু সমাজকৰ্মী ৰিতুপৰ্ণা নেওগৰ সাক্ষাৎকাৰ প্ৰকাশ পায়। আলোচনীখনত বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী আৰু জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে গুৱাহাটী বিশ্ববিদ্যালয় তথা ছাত্ৰ-সমাজলৈ প্ৰেৰণ কৰা বাৰ্তা প্ৰকাশ পায়। সম্পাদকে জনোৱা মতে আলোচনীখনৰ ইলেকট্ৰনিক সংস্কৰণ এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব।

লখিমপুৰত দশম যোগ দিৱসৰ অনুস্থানত মন্ত্ৰী পীযুষ হাজৰীকা…

মন্ত্ৰী পীযুষ হাজৰীকাই আজি লখিমপুৰ অৱস্থিত উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় । নিজৰ ছাত্ৰ জীৱনৰ বিভিন্ন কথা সোঁৱৰি মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে দেশৰ সুনাগৰিক হোৱাৰ উদ্দেশ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিশেষকৈ বৃত্তিমূলক শিক্ষাৰে শিক্ষিত হৈ দেশ সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়।

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বাধাকৰা নামৰ স্থানত উপস্থিত হৈ সোৱণশিৰি নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলৰ বুজ লয় । বাধাকৰা অঞ্চলত ইতিমধ্যেই জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে কিছু কাম কৰাৰ বিপৰীতে NHPC য়েও খহনীয়া ৰোধৰ কাম সোনকালেই হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে বিভাগে এই বৰ্ষত প্ৰায় ১২০০ মিটাৰ দৈৰ্ঘ্য অংশত খহনীয়া ৰোধৰ স্থায়ী কাম হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । একে সময়তে বাৰিষাৰ সময়খিনিত স্পৰ্শকাতৰ অংশসমূহ বাচনি কৰি প্ৰয়োজন সাপেক্ষে জৰুৰী কাম হাতত ল’বলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশনা দিয়ে ।

মন্ত্ৰী পীযুষ হাজৰীকাই সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ সৈতে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বান আৰু খহনীয়া বিষয়ত এখন বিভাগীয় পৰ্যালোচনা বৈঠক সম্বোধন কৰে । মন্ত্ৰীগৰাকীয়ে বাৰিষাৰ সময়খিনিত বিভাগীয় অভিযন্তাসকলক সজাগ হৈ থাকি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায় । লগতে বাৰিষাৰ সময়ত জৰুৰীকালীন বান আৰু খহনীয়া ৰোধৰ কামৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী পৰ্যাপ্ত পৰিমাণে জিলাখনত মজুত ৰখাৰ ব্যৱস্থা ল’বলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে ।

হলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান ঘটিছে…

হলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে আমেৰিকাৰ মিয়ামীত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।


মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৮৮ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ অসুখত ভুগি আছিল। ছাদাৰলেণ্ডে দ্য হাংগাৰ গেমছ আৰু ডোন্ট লুক নাও ছবিত অভিনয় কৰি সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল।

ড’নাল্ড ছাদাৰলেণ্ডৰ পুত্ৰ তথা অভিনেতা কিফাৰ ছাদাৰলেণ্ডে এক বিবৃতিত তেওঁৰ পিতৃৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

ফুকন নগৰ মহিলা সমিতিৰ ৰাজহুৱা সভা সম্পন্ন…

ফুকন নগৰ মহিলা সমিতিৰ ৰাজহুৱা সভা সম্পন্ন।১৬ জুন তাৰিখে পিয়লি ফুকন নগৰ মহিলা সমিতিৰ প্ৰাঙ্গনত এখন মহিলাৰ সভা অনুষ্ঠিত হয় নৱ নিৰ্বাচিত সভাপতি কানন শৰ্মাৰ সভাপতিত্বত। উপস্থিত থাকে অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী গীতা শৰ্মা উপ-সভাপতি লীনা বৰুৱা, সম্পাদিকা সুচিত্ৰা কেওঁটসহ সম্পাদিকা হিমাদ্ৰী দাসৰ উপৰিও জিলাৰ সভানেত্ৰী, সম্পাদিকা উপস্থিত থকা সভাৰখনৰ উদেশ্য বাখ্যা কৰে সম্পাদিকা জোনমণি ভট্টাচাৰ্য্যই।


সভাৰ আৰম্ভণিতে পাৰিষদ শ্ৰীযুতা গীতা ঠাকুৰীয়া কলিতাই কয় মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত মহিলা সমিতিৰ অবদান যঠেষ্ট। সভানেত্ৰী গীতা শৰ্মাই মহিলা সমিতিৰ দ্বাৰা সমাজখনক কেনেকৈ আগবঢ়াই নিব পাৰি তাকেই সুন্দৰ বৰ্ণনাৰে প্ৰকাশ কৰে। সুচিত্ৰা কেওঁট বাইদেউই কয় নাৰী প্ৰগতিৰ অন্যতম বাটকটীয়া। চন্দ্ৰ প্ৰভা শইকীয়ানীয়ে গাঁৱে গাঁৱে সভা সমিতি পাতি উদাত্ত কণ্ঠে ভাষণ দি জীলাই জীলাই মহিলা সমিতি প্ৰতিষ্ঠা কৰি নাৰী সকলৰ মনত এক জাগৰণৰ সৃষ্টি কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় সংস্কৃতি বৰ ভেটি অসম কামৰূপ মহানগৰ সভাপতি গীতিকা দেবীয়ে ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে যে মহিলা হ’ল সমাজৰ চালিকা শক্তি। মহিলা সকলে ঘৰৰপৰা বাহিৰত বিভিন্ন পৰিস্থিতিৰ পৰিবৰ্তন কৰিব পাৰে। আধ্যাত্মিক ভাৱত সেৱাৰ মনোভাৱেৰে পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি সমাজ সংস্কাৰৰ কামত নিজকে নিয়োজিত কৰিবলৈ প্ৰয়াস কৰিবপাৰে। ভূমিকা শৰ্মা চাহাই বৰগীত পৰিবেশন কৰা অনুস্থানত লীনা বৰুৱাই মহিলা সমিতিৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰে।