Home Blog Page 724

ফুকন নগৰ মহিলা সমিতিৰ ৰাজহুৱা সভা সম্পন্ন…

ফুকন নগৰ মহিলা সমিতিৰ ৰাজহুৱা সভা সম্পন্ন।১৬ জুন তাৰিখে পিয়লি ফুকন নগৰ মহিলা সমিতিৰ প্ৰাঙ্গনত এখন মহিলাৰ সভা অনুষ্ঠিত হয় নৱ নিৰ্বাচিত সভাপতি কানন শৰ্মাৰ সভাপতিত্বত। উপস্থিত থাকে অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী গীতা শৰ্মা উপ-সভাপতি লীনা বৰুৱা, সম্পাদিকা সুচিত্ৰা কেওঁটসহ সম্পাদিকা হিমাদ্ৰী দাসৰ উপৰিও জিলাৰ সভানেত্ৰী, সম্পাদিকা উপস্থিত থকা সভাৰখনৰ উদেশ্য বাখ্যা কৰে সম্পাদিকা জোনমণি ভট্টাচাৰ্য্যই।


সভাৰ আৰম্ভণিতে পাৰিষদ শ্ৰীযুতা গীতা ঠাকুৰীয়া কলিতাই কয় মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত মহিলা সমিতিৰ অবদান যঠেষ্ট। সভানেত্ৰী গীতা শৰ্মাই মহিলা সমিতিৰ দ্বাৰা সমাজখনক কেনেকৈ আগবঢ়াই নিব পাৰি তাকেই সুন্দৰ বৰ্ণনাৰে প্ৰকাশ কৰে। সুচিত্ৰা কেওঁট বাইদেউই কয় নাৰী প্ৰগতিৰ অন্যতম বাটকটীয়া। চন্দ্ৰ প্ৰভা শইকীয়ানীয়ে গাঁৱে গাঁৱে সভা সমিতি পাতি উদাত্ত কণ্ঠে ভাষণ দি জীলাই জীলাই মহিলা সমিতি প্ৰতিষ্ঠা কৰি নাৰী সকলৰ মনত এক জাগৰণৰ সৃষ্টি কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় সংস্কৃতি বৰ ভেটি অসম কামৰূপ মহানগৰ সভাপতি গীতিকা দেবীয়ে ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে যে মহিলা হ’ল সমাজৰ চালিকা শক্তি। মহিলা সকলে ঘৰৰপৰা বাহিৰত বিভিন্ন পৰিস্থিতিৰ পৰিবৰ্তন কৰিব পাৰে। আধ্যাত্মিক ভাৱত সেৱাৰ মনোভাৱেৰে পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি সমাজ সংস্কাৰৰ কামত নিজকে নিয়োজিত কৰিবলৈ প্ৰয়াস কৰিবপাৰে। ভূমিকা শৰ্মা চাহাই বৰগীত পৰিবেশন কৰা অনুস্থানত লীনা বৰুৱাই মহিলা সমিতিৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰে।

জাগীৰোডৰ বৰভেটীত সুন্দৰৰ পূজাৰী অনুষ্ঠানত পাঁচ গৰাকী সাংস্কৃতিক কৰ্মীক শিল্পী সাধনা বঁটা প্ৰদান…

জাগীৰোডত অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ, জাগী ভকতগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত বৰভেটি শাখা সমিতি আৰু বৰভেটি নৱজ্যোতি যুবক সংঘৰ আতিথ্যত বিষ্ণু ৰাভা দিৱস উপলক্ষে ‘সুন্দৰৰ পূজাৰী’ অনুষ্ঠান অনুষ্ঠিত কৰে৷ জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হীৰেন শৰ্মাই অনুষ্ঠানটি উদ্বোধন কৰে। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ললিত পাঁচনি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী, জাগী ভকতগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বৰদলৈ, জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক জয়ন্ত সাগৰ শইকীয়া, মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজীৱ চহৰীয়া, উত্তৰণ সন্মিলীত মহিলা গোষ্ঠীৰ সভানেত্ৰী পৰিণীতা হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে সাংবাদিক হিমু বৰাই আঁত ধৰা অনুষ্ঠানটিত সৈনিক শিল্পীগৰাকীক সুঁৱৰি শিশুসকলে নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰে। উল্লেখযোগ্য যে, ৰাভা দিৱসৰ এই অনুষ্ঠানতে সাংস্কৃতিক জগতত অৱদান আগবঢ়াই অহা অঞ্চলৰ পাঁচ গৰাকীকৈ সাধক ক্ৰমে বাদ্যশিল্পী সত্য প্ৰসাদ ডেকা, শিল্পী তথা কৃষক লাচিত ডেকা, সাংস্কৃতিক কৰ্মী প্ৰদীপ দেউৰী, শিল্পী ৰাতুল চৌধুৰী আৰু সাংস্কৃতিক কৰ্মী তুলসী মান্তাক শিল্পী সাধনা বঁটা প্ৰদান কৰে।

অসম আৰক্ষীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন…

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।

অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ যোগাভ্যাস।

দামী ছানস্ক্ৰীণ নহয়! তিয়হৰ ৰসে ৰ’দত পোৰা দাগ আঁতৰাই পেলাব! কেনেকৈ ব্যৱহাৰ কৰিব…

গ্ৰীষ্মকালত তিয়হে ৰ’দৰ পৰা হোৱা ছালৰ বিষ কমোৱাত সহায় কৰে। অৱশ্যে কেৱল বাহ্যিকভাৱে ঘঁহিলেই নহয়, তিয়হ খোৱাতো বহু উপকাৰ পোৱা যায়। তিয়হত থকা খনিজ পদাৰ্থ, এমিনো এচিডে ছালক ধুনীয়া কৰে। কিন্তু বহুতে হয়তো নাজানে, তিয়হৰ ৰসে প্ৰাকৃতিক ছানস্ক্ৰীণ হিচাপে কাম কৰে।ৰ’দৰ পৰা ছালৰ ক্ষতি ৰোধ কৰিবলৈ তিয়হৰ ৰস কেনেকৈ ব্যৱহাৰ কৰিব-

১)ছাল তেলীয়া হ’লে তিয়হৰ টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে তিয়হ খিনি ধুই বাকলি গুচাই লওক। তাৰ পিছত সৰু সৰুকৈ কাটি লওক। ইচ্ছা কৰিলে গৰম পানীত ভাপত দিব পাৰে। এইবাৰ ব্লেণ্ডাৰত থৈ মিহি পেষ্ট বনাওক। তিয়হৰ ৰসখিনি পৰিষ্কাৰ ষ্ট্ৰেইনাৰৰ জৰিয়তে চেকি লওক। স্পষ্ট স্প্ৰে বটলত ভৰাই ফ্ৰীজত ৰাখিব পাৰি। বাহিৰৰ পৰা উভতি অহাৰ পিছত ফেচ ৱাশ্বেৰে মুখখন ধুই তিয়হৰ ৰস স্প্ৰে কৰিব।

২)ছাল বেছি তেলীয়াও নহয় আৰু বেছি শুকানও নহয়। এই ক্ষেত্ৰত এলোভেৰাৰ জেল তিয়হৰ সৈতে মিহলাই মুখত লগাব। এইবাৰ ৰ’দত পোৰা অংশত ১০ৰ পৰা ১৫ মিনিট লগাব লাগে। ইয়াৰ পিছত পানীৰে ধুব। নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ৰ’দত পোৰা দাগ আঁতৰি যাব।

৩) যদি আপোনাৰ ছাল শুকান হয় তেন্তে তিয়হৰ ৰসৰ লগত কিছু মৌ মিহলাই লব পাৰে। সকলো উপাদান একেলগে মিহলাই পোন্ধৰ মিনিটৰ বাবে মুখ, হাত, ডিঙিত লগাব। ইয়াৰ পিছত মৃদু ফেচ ৱাশ্বেৰে মুখখন ধুব। ৰ’দত পোৰা নাইকিয়া হৈ যাব। মুখখন ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ লগাব লাগে।

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ…

গুৱাহাটী লোকসভা নিৰ্বাচনৰ পূৰ্বেই মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত চৰকাৰী কৰ্মচাৰীসকল যথেষ্ট সুখী।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪৬ শতাংশ হাৰত ডি এ লাভ কৰিছিল। কিন্তু চাৰি শতাংশ বৃদ্ধি পাই ই ৫০ শতাংশত উপনীত হয়। নিয়ম অনুসৰি যেতিয়া ডিয়াৰনেছ এলাৱেন্সৰ হাৰ পঞ্চাশ শতাংশ হয় তেতিয়াহে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিব লগা হয়।

কেন্দ্ৰীয় বাজেট ১ মাহৰ পিছত দাখিল কৰিব পাৰে। কিন্তু তাৰ আগতে নেচনেল কাউন্সিল (ষ্টাফ চাইড, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে যুটীয়া পৰামৰ্শদাতা সমিতি)ৰ সম্পাদক শিৱ গোপাল মিশ্ৰই অষ্টম দৰমহা আয়োগৰ গঠন সন্দৰ্ভত কেবিনেট সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। তাতেই চৰকাৰক অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ দিছে।

ধিঙত দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধিঙতো আজি দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । আৰোগ্য যোগ কেন্দ্ৰ ধিঙৰ উদ্যোগত আৰু ধিং মহাবিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় এই দিৱস।

এই যোগ দিৱসত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে ধিং পৌৰসভা , ধিং প্ৰেছ ক্লাৱ, ধিং আৰক্ষী থানাৰ ওপৰিও ধিঙৰ বহুকেইটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেও অংশ গ্ৰহণ কৰে । আজিৰ এই আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত আৰোগ্য যোগ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলে সুন্দৰ যোগৰ কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হয় ।

ভাগ্যৱান কোন, কৰণ নে বিপাশা? বিপাশাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দুই অভিনেত্ৰীৰ সৈতে বিবাহ বিচ্ছেদৰ কাৰণ ব্যক্ত কৰণ সিং গ্ৰ’ভাৰৰ…

বিপাশাক বিয়া কৰাৰ পূৰ্বে অভিনেতা কৰণ সিং গ্ৰ’ভাৰ দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। দুয়োবাৰে তেওঁ বিবাহ বিচ্ছেদ হ’ল। বৰ্তমান ২০২১ চনত কৰণ-বিপাশাৰ কন্যা দেৱীৰ জন্ম হয়। তিনিজনীয়া এটা সুখী পৰিয়াল। অৱশ্যে বিপাশা-কৰণৰ বিবাহ বৰ সহজ নাছিল। প্ৰথমতে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে নিজৰ মতামত দিব বিচৰা নাছিল। কাৰণ আছিল কৰণৰ পূৰ্বৰ বৈবাহিক ইতিহাস। বিপাশাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে অভিনেতাগৰাকীয়ে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। দুবাৰকৈ বিবাহ বিচ্ছেদ হৈছে কৰণৰ। কৰণ সেই সময়ত টেলিভিছনত জনপ্ৰিয় আছিল।

২০০৮ চনত অভিনন্তী শ্ৰদ্ধা নিগমৰ সৈতে কৰণ বিবাহপাশত আবদ্ধ হয়। ১০ মাহৰ পিছত বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কৰণ সিং গ্ৰ’ভাৰ। কিন্তু সেই বিয়াও দুবছৰৰ পাছত ভাঙি গ’ল। অৱশেষত ‘এল’ন’ ছবিখনত বিপাশাৰ সৈতে লগ হ’ল কৰণ। ইয়াৰ পিছতে প্ৰেম। ২০১৬ চনত কৰণ-বিপাশাৰ বিয়া হয়।

বিপাশাক বিয়া কৰাওঁতে কৰণে কটুক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাৰণ আছিল তেওঁৰ অতীত। অৱশ্যে পূৰ্বৰ দুই ভাঙি যোৱা বিবাহৰ অভিজ্ঞতাৰ বিষয়ে অভিনেতাগৰাকীয়ে কেতিয়াও মুকলিকৈ কোৱা নাই।অৱশ্যে কৰণে স্বীকাৰ কৰে যে বিপাশা জীৱনলৈ অহাৰ পিছত তেওঁৰ বহু পৰিৱৰ্তন হৈছে। বিপাশা তেওঁৰ জীৱনলৈ অহাৰ পিছত তেওঁৰ জীৱনশৈলীৰ আমূল পৰিৱৰ্তন ঘটিছে বুলি অভিনেতা গৰাকীয়ে কয়। তেওঁ এতিয়া সূৰ্য্য উদয়ৰ লগতে সূৰ্যাস্তও দেখিছে। কৰণৰ জীৱন এতিয়া অনুশাসনত বান্ধ খাইছে।

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ…

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ।

বিয়লি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব দুয়োৰে অন্ত্যেষ্টিক্ৰিয়া।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত IPS বিষয়াগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

ৰিলায়েঞ্চ জিঅ’ৰ আন এক সাফল্য…

ৰিলায়েঞ্চ জিঅ’ৰ আন এক সাফল্য। অসমত ৰিলায়েঞ্চ জিঅ’ৰ ব্ৰড বেণ্ড ছাবস্ক্ৰাইবাৰৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিলে। ৰাজ্যত ২ লক্ষাধিক লোকে সুন্দৰভাৱে উপভোগ কৰিছে Jio Broad band আৰু Entertainment সেৱা। এপ্ৰিল ২০২৪ৰ বাবে এই তথ্য সদৰি কৰিছে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই। জিঅ’ৰ প্ৰতি গ্ৰাহকৰ বাঢ়ি অহা সমাদৰে অসম টেলিকম বজাৰত জিঅ’ক প্ৰভাৱশালী কৰি তুলিছে। এপ্ৰিল ২০২৪লৈ অসমত জিঅ’ৰ এই সেৱাৰ গ্ৰাহক হৈছে ২০৩,৪৭৬। ইয়াৰ জৰিয়তে জিঅ’ই অসমত ঘৰুৱা ব্ৰড বেণ্ড বজাৰত ৬১.৩ শতাংশ মাৰ্কেট শ্বেয়াৰ দখল কৰি বিশেষ আধিপত্য বিস্তাৰ কৰিছে।


অসমত ৰিলায়েঞ্চ জিঅ’ৰ বৃহৎ সাফল্য, জিঅ’ৰ ব্ৰডবেণ্ড ছাবস্ক্ৰাইবাৰৰ সংখ্যা ২ লাখ অতিক্ৰম
জিঅ’ই সমগ্ৰ দেশজুৰি নিজৰ সেৱা শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০২৪ চনৰ এপ্ৰিল মাহতে ৩৫৫,৯১৫ জন নতুন গ্ৰাহক সংযোজন কৰিছে জিঅ’ই।

কি চৰ্তত জামিন পাইছিল কেজৰিৱালে, বিপদে লগ এৰা নাই কেজৰিৱালক!


উচ্চ ন্যায়ালয়ত ন্যায়াধীশ সুধীৰ জৈনৰ বিচাৰপীঠে এই গোচৰত শুনানি গ্ৰহণ কৰি আছে। গতিকে অৰবিন্দ কেজৰিৱালে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। উচ্চ ন্যায়ালয়ৰ জামিনৰ পাছতেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব কেজৰিৱাল।

বিপদে লগ এৰা নাই কেজৰিৱালৰ!

দুৰ্ভাগ্যই লগ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে কেজৰিৱালক জামিন প্ৰদান কৰাৰ লগে লগে আজি এই আদেশত স্থগিতাদেশ জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে জামিন লাভ কৰাৰ পাছতেই ইয়াৰ বিৰোধিতা কৰি ইডি কাষ চাপে উচ্চ ন্যায়ালয়ৰ । ইডিয়ে দাখিল কৰা আবেদনত শুনানি গ্ৰহণ কৰি নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। গতিকে পৰৱৰ্তী শুনানি পৰ্যন্ত জেলৰ পৰা বাহিৰত আহিব নোৱাৰিব অৰবিন্দ কেজৰিৱাল।

কি চৰ্তত জামিন পাইছিল কেজৰিৱালে-

1)আদালতৰ অনুমতি অবিহনে অৰবিন্দ কেজৰিৱালে দেশৰ পৰা বাহিৰত যাব নোৱাৰে।

2)১ লাখ টকা জামিন বণ্ড দিব লাগিব।

3)যেতিয়াই চমন জাৰি কৰে তেতিয়াই তদন্তৰ বাবে তদন্তকাৰী সংস্থাৰ ওচৰত হাজিৰ হব লাগিব।

4)প্ৰমাণৰ লগত খেলি- মেলি কৰিব নোৱাৰিব।

5)কোনো সাক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব।

6)গোচৰৰ লগত জড়িত কোনো ফাইলৰ খেলি- মেলি কৰিব নোৱাৰিব।