কি চৰ্তত জামিন পাইছিল কেজৰিৱালে, বিপদে লগ এৰা নাই কেজৰিৱালক!


উচ্চ ন্যায়ালয়ত ন্যায়াধীশ সুধীৰ জৈনৰ বিচাৰপীঠে এই গোচৰত শুনানি গ্ৰহণ কৰি আছে। গতিকে অৰবিন্দ কেজৰিৱালে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। উচ্চ ন্যায়ালয়ৰ জামিনৰ পাছতেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব কেজৰিৱাল।

বিপদে লগ এৰা নাই কেজৰিৱালৰ!

দুৰ্ভাগ্যই লগ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে কেজৰিৱালক জামিন প্ৰদান কৰাৰ লগে লগে আজি এই আদেশত স্থগিতাদেশ জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে জামিন লাভ কৰাৰ পাছতেই ইয়াৰ বিৰোধিতা কৰি ইডি কাষ চাপে উচ্চ ন্যায়ালয়ৰ । ইডিয়ে দাখিল কৰা আবেদনত শুনানি গ্ৰহণ কৰি নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। গতিকে পৰৱৰ্তী শুনানি পৰ্যন্ত জেলৰ পৰা বাহিৰত আহিব নোৱাৰিব অৰবিন্দ কেজৰিৱাল।

কি চৰ্তত জামিন পাইছিল কেজৰিৱালে-

1)আদালতৰ অনুমতি অবিহনে অৰবিন্দ কেজৰিৱালে দেশৰ পৰা বাহিৰত যাব নোৱাৰে।

2)১ লাখ টকা জামিন বণ্ড দিব লাগিব।

3)যেতিয়াই চমন জাৰি কৰে তেতিয়াই তদন্তৰ বাবে তদন্তকাৰী সংস্থাৰ ওচৰত হাজিৰ হব লাগিব।

4)প্ৰমাণৰ লগত খেলি- মেলি কৰিব নোৱাৰিব।

5)কোনো সাক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব।

6)গোচৰৰ লগত জড়িত কোনো ফাইলৰ খেলি- মেলি কৰিব নোৱাৰিব।

Related Articles