Home Blog Page 726

মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল!

আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল।

সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন।

১ লাখ টকা বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ।

কঁকালৰ বিষত ভুগিছে নেকি? এই তিনিটা যোগ আসন কৰক…

কঁকালৰ বিষ আজি এক সাধাৰণ সমস্যাত পৰিণত হৈছে। অফিচত ঘণ্টাৰ পিছত ঘণ্টা বহি থকা বা গোটেই দিনটো ঘৰৰ কামত ব্যস্ত থাকিলেও কঁকালৰ বিষ যিকোনো সময়তে হ’ব পাৰে। এই বিষে আপোনাৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলোৱাই নহয়, আপোনাৰ টোপনি আৰু স্মৃতি শক্তিও নষ্ট কৰিব পাৰে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। ঔষধৰ বাহিৰেও কঁকালৰ বিষৰ পৰা উপশম পাবলৈ যোগাসনে যথেষ্ট।যোগাসন কেৱল আপোনাৰ মানসিক স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, কঁকালৰ বিষ কমোৱাতো অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

কিছুমান সহজ যোগাসনৰ আসনে পিঠিৰ পেশীবোৰ শক্তিশালী কৰে। ইয়াৰ ফলত কঁকালৰ বিষ কম হোৱাই নহয়, পুনৰ বিষ হোৱাৰ সম্ভাৱনাও কমি যায়। কঁকাল বিষৰ বাবে মাৰ্জাৰিয়াসন, বালাসন, তললৈ মুখ কৰি উশাহ লোৱাৰ ভংগীমা এই তিনিটা যোগ আসন কৰিব পাৰে।

এই আসনবোৰৰ বাহিৰেও আৰু বহুতো যোগ আসন আছে যিবোৰে কঁকালৰ বিষৰ পৰা সকাহ দিয়াত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। অৱশ্যে যোগাসন আৰম্ভ কৰাৰ আগতে যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লোৱাটো জৰুৰী। আপোনাৰ শাৰীৰিক অৱস্থা বিবেচনা কৰি তেওঁ আপোনাৰ বাবে উপযুক্ত আসনৰ পৰামৰ্শ দিব পাৰে।

তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।

তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখে, ফিট ইণ্ডিয়াৰ বাবে যোগ, সকলোৰে বাবে যোগ! তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক উদযাপনত অংশগ্ৰহণ।যোগ দিৱসত ভাৰতে ফিট আৰু সুস্থ হৈ থাকিবলৈ বিশ্ববাসীক দিয়া অনন্য উপহাৰৰ উদযাপন।’

তিতাবৰত মহিয়সী নাৰী সতী ৰাধিকাৰ আৱক্ষ মূৰ্তি উন্মোচন…

তিতাবৰৰ চাপৰি গাঁও বৰনামঘৰ প্ৰাঙ্গনত গাঁওখনৰ মহিলা সমাজৰ উদ্যোগত শিল্পী অপূৰ্ব দাসৰ দ্বাৰা নিৰ্মিত সতী ৰাধিকাৰ আৱক্ষ মূৰ্তি বৃহস্পতিবাৰে শুভ উন্মোচন কৰে তিতাবৰ মহকুমা অনুসূচিত জাতি পৰিষদৰ অধ্যক্ষ নিতুল দাসে।তদুপলক্ষে পুৱা ধৰ্মধ্বজা উত্তোলন, নাম-প্ৰসঙ্গ, কীৰ্তন পাঠৰ লগতে সমাজসেৱিকা দিপ্তী হাজৰিকাৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা মুকলি সভাত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ ইন্দ্ৰেশ্বৰ দাস আৰু তিতাবৰ জিলা সতী ৰাধিকা আই মাতৃ সমাজৰ সভানেত্ৰী তৰুণী দাসে নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে। আই মাতৃ সমাজৰ দ্বাৰা সতী ৰাধিকা গীতেৰে শুভাৰম্ভ হোৱা সভাত অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত শিক্ষক দেৱেশ্বৰ হাজৰিকা, নৰেন বৰা, ডঃ নিৰ্মল বৰা আদিয়ে অতিথিৰূপে আসন অলংকৃত কৰা সভাত সতী ৰাধিকাৰ আৱক্ষ মূৰ্তি স্থাপনৰ নেতৃত্ব প্ৰদান কৰা ধৰ্মপ্ৰাণা মাকন দাস, আৱক্ষ মূৰ্ত্তি নিৰ্মাতা শিল্পী অপূৰ্ব দাস, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ নিবেদিতা বৰাক সম্বৰ্ধনা জ্ঞাপনৰ উপৰিও স্থানীয় কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়।ৰাতিলৈ প্ৰাক্তন শিক্ষয়ত্ৰী, অভিনেত্ৰী অদিতি দাসে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰে।

কৃষকৰ প্ৰতি সংবেদনশীল এনডিএ চৰকাৰ : ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি বিজেপি অসম প্ৰদেশৰ আদৰণি

গুৱাহাটী ২০ জুন ২০২৪ : কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি কৰি দেশৰ লগতে অসমৰ লাখ লাখ কৃষকৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে ।

এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই কয় , শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধিৰ দ্বাৰা উপকৃত হোৱা কৃষক সকলে এই আচঁনিৰ সহায় লাভ কৰি অৰ্থনৈতিক ভাৱে লাভাম্বিত হোৱাৰ লগতে দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিত অধিক অৰিহনা আগ বঢ়াবলৈ সক্ষম হব ।

দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাত এই আচঁনিৰ প্ৰত্যক্ষ অৰিহনা সৰ্বসমাদিত বুলি উল্লেখ কৰি মুখপাত্ৰজনে কয় ,অসমৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষিজাত সামগ্ৰীৰ ৰপ্তানী বৃদ্ধিৰ যোগেদি অসমৰ কৃষকে বিগত সময়খিনিত অভিলেখ গঢ়িবলৈ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ কৃষিখণ্ডৰ আশানুৰূপ বিকাশ অসমৰ ভৱিষ্যত শক্তিশালী বুনিয়াদৰ ৰূপৰেখা বুলি উল্লেখ কৰি মুখপাত্ৰ সুভাষ দত্তই কয় , দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীদেৱে কেবিনেটত ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি কৰি কৃষক সমাজখনক যি সন্মান আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছে সেয়া আদৰণীয় ।ধানৰ নুন্যতম সমৰ্থন মুল্য ১১৭ টকা বৃদ্ধিৰ ফলত অসমৰ কৃষক সকল বিশেষভাৱে উপকৃত হব ।


আন এক সিদ্ধান্তৰ যোগেদি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ কেবিনেটে মহাৰাষ্ট্ৰত ৭৬২০০ কোটি টকা ব্যয়েৰে এটা নতুন বন্দৰ নিৰ্মানৰ লগতে বন্দৰ আৰু জলপৰিবহন বিকাশৰ বাবে গ্ৰহন কৰা পদক্ষেপকো আদৰনি জনাই মুখপাত্ৰজনে কয় দেশৰ বন্দৰ জাহাজ আৰু জলপৰিবহন মন্ত্ৰী অসমৰ সুসন্তান সৰ্বানন্দ সোনোৱাল দেৱৰ নেতৃত্বত দেশৰ কেইবাটাও বন্দৰ বিশ্ব মানদণ্ডৰ আন্ত:গাঠনি সম্পন্ন হোৱাৰ লগতে জলপৰিবহন খণ্ডত দহ লাখ কোটি টকাৰ বিনিয়োগৰ দৰে বলিষ্ঠ সিদ্ধান্ত গ্ৰহন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি বিবৃতিখনত মুখপাত্ৰজনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিছে ।

কৃষকৰ প্ৰতি সংবেদনশীল এনডিএ চৰকাৰ : ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি বিজেপি অসম প্ৰদেশৰ আদৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস পালন আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ পোষ্টাৰ মুকলি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ‍্যোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ ছাত্র কল‍্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানটিত ড০ কাকতিয়ে কয় যে- অসমীয়া জাতীয় জীৱনলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অতুলনীয়। নৱপ্ৰজন্ম‌ই তেওঁৰ কৰ্মৰাজি আৰু আদৰ্শৰ চৰ্চা আৰু অনুধাৱন কৰিলেহে প্ৰকৃততে বিষ্ণু ৰাভা দিৱস পালন কৰাৰ মূল্য থাকিব।
অনুষ্ঠানটিত উপস্থিত থাকি অধ‍্যাপক ড০ দেৱাশীষ শ‌ইকীয়া, ড০ বাহাৰুল আলি, ড০ কুলদ্বীপ পাটগিৰি আদিয়ে বক্তব্য ৰাখে।


অনুষ্ঠানটিতে বিষ্ণু ৰাভা দিৱস উপলক্ষে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাহিত্য বিভাগৰ উদ‍্যোগত আয়োজিত প্ৰবন্ধ প্ৰতিযোগিতাৰ পোষ্টাৰ মুকলি কৰা হয়। ‘বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী চেতনা আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা’ বিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ‍্যয়নৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব।


প্ৰতিযোগিতাখনৰ পুৰস্কাৰসমূহ হৈছে- প্ৰথম– ৩০০১ টকা, মানপত্ৰ, ট্ৰফী আৰু কিতাপৰ টোপোলা; দ্বিতীয়― ২০০১ টকা, মানপত্ৰ, ট্ৰফী আৰু কিতাপৰ টোপোলা; তৃতীয় ― ১০০১ টকা, মানপত্ৰ, ট্ৰফী আৰু কিতাপৰ টোপোলা।
অতি কমেও (Minimum) ১৫০০ শব্দৰ ভিতৰত প্ৰবন্ধবোৰ হাতেলিখি বা ডিটিপি কৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা ‘সাহিত্যৰ বাকচ’ত জমা দিব লাগিব। বা guliterarysec2024@gmail.com লৈ PDF আকাৰত প্ৰেৰণ কৰিব লাগিব। প্ৰবন্ধ প্ৰেৰণ কৰাৰ অন্তিম সময়সীমা ৫ জুলাই, ২০২৪। প্ৰতিযোগিতা সম্পৰ্কীয় অন‍্য যিকোনো তথ‍্যৰ বাবে ৬০০১১০৭৬৩৯ নম্বৰত স্নাতকোত্তৰ ছাত্র সন্থাৰ সাহিত্য সম্পাদক নৱকান্ত বৰুৱাক যোগাযোগ কৰিবলৈ এক বিজ্ঞপ্তি যোগে সম্পাদকগৰাকীয়ে জনাইছে।

অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশেষ অনুষ্ঠান

অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশেষ অনুষ্ঠান

অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বৰ্ণাধ্য কাৰ্যসূচীৰে ৰাজ্যৰ কলা-সংস্কৃতি, সাহিত্য তথা সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অলপতে ঘোষণা কৰা বঁ‌টাসমূহ আজি সসন্মানে প্ৰাপকসকলক প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱ৷৷

উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী দেৱে গায়ক, গীতিকাৰ, সুৰকাৰ, বাদ্যবাদক, অভিনেতা, নৃত্যবিদ, চিত্ৰকৰ, খনিকৰ, ক্রীড়াবিদ, কবি, ঔপন্যাসিক, গল্পকাৰ, ভাস্কৰ, স্থপতিবিদ, গৱেষক, সংগ্ৰামী শিল্পী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া কেইগৰাকীৰ অন্যতম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অৱদান চিৰযুগমীয়া-চিৰস্মৰণীয় হৈ চিৰপ্ৰবাহমান ৰূপত প্ৰতিজন অসমীয়াৰ সিৰাই সিৰাই চিৰকাল বৈ থাকিব বুলি মতপোষণ কৰে

আমিনগাওঁৰ কৃটিম বানত ক্ষতিগ্ৰস্থ হোৱা প্ৰায় এশ ঘৰ পৰিয়ালক সাহাৰ্য বিতৰণ।

আমিনগাওঁৰ কৃটিম বানত ক্ষতিগ্ৰস্থ হোৱা প্ৰায় এশ ঘৰ পৰিয়ালক সাহাৰ্য বিতৰণ।

ধাৰাবাহিক ভাৱে হোৱা বৰষুনৰ ফলত বৃহত্তৰ উত্তৰ গুৱাহাটী আমিনগাওঁৰ বহু ঠাইত হৈছে কৃটিম বানপানী।

ঘৰৰ সকলো সামগ্ৰী বানপানীত ডুবি যোৱাৰ ফলত আমিনগাওঁৰ প্ৰায় ১০০ পৰিয়ালক প্ৰশাসনে আমিনগাওঁ হাইস্কুলত শিবিৰ
নিৰ্মাণ কৰি দিয়ে।

মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বানাক্ৰান্ত পৰিয়ালক মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে সকলো ফালৰ পৰা বানাক্ৰান্তক সহায় কৰিছে।

প্ৰশাসনৰ তৰফৰ পৰাও বানাক্ৰান্ত সকলৰ চোৱা চিতা কৰা হৈছে।

সমান্তৰাল ভাৱে আশ্ৰয় শিবিৰত বিজেপি নেতা কেশৱ কলিতায়ো আজি বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ কৰে।

শিশু সকলক খাদ্যৰ বিতৰণ কৰাৰ লগতে শিশু মাতৃৰ বাবে সুকীয়া আশ্ৰয় শিবিৰ বনোৱা হৈছে।

জোনাইত ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মিত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দৈনন্দিন বাৰ্তা, ২০ জুন: জোনাই সমষ্টিত এইবাৰো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ২০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰীৰ । ধেমাজি জিলাৰ বান নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰাথমিকতা প্ৰদানেৰে কাম কৰি আছে: মন্ত্ৰী হাজৰীকা। অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ধেমাজি জিলা ভ্ৰমণ কৰি জোনাই সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে ।

২০২২-২৩ বৰ্ষৰ SoPD ৰ অধীনত প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে জোনাই সমষ্টিৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰ নামৰ স্থানলৈকে প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে । আজি এই মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰীকাই কয় যে ধেমাজি জিলাক বানমুক্ত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰাথমিকতা প্ৰদানেৰে কাম কৰি আছে ।

জোনাই বিধানসভা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উন্মুক্ত হৈ থকা প্ৰায় ৪০ কিল’মিটাৰ অংশৰ ১১ কিল’মিটাৰ দৈৰ্ঘ্যত বিগত প্ৰায় তিনিবছৰত মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য দি মন্ত্ৰী হাজৰীকাই স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ এই উন্মুক্ত অংশৰ প্ৰায় ২০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ’ব । পৰ্যায়ক্ৰমে সকলো উন্মুক্ত অংশতে মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য প্ৰদান কৰে

২৪ ঘন্টাৰ ভিতৰত ৰাজ্যত পুনৰ আহিব পাৰে ধাৰাসাৰ বৰষুণ

2৪ ঘন্টাৰ ভিতৰত ৰাজ্যত পুনৰ আহিব পাৰে ধাৰাসাৰ বৰষুণ
সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ পৰিছে। অসম, মেঘালয়ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভবনা


ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত প্ৰায় এক সপ্তাহ ধৰি আহি আছে নেৰানেপেৰা বৰষুণ।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কিছু কিছু বানৰ কৱলত আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান কৃত্ৰিম বানত বুৰ গৈছে।


এই সময়ছোৱাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্বাণী । আগন্তুক ২৩ জুনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আহিব বৰষুণ।

সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ । ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে


অহা ২৩ জুনলৈ অসম মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ যথেষ্ট সম্ভৱনা আছে।