Home Blog Page 730

উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫২ ত্বম দ্বি-বাৰ্ষিক অধিৱেশনত বিধায়ক ড°অমিয় কুমাৰ ভূঞা

হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ জুনত অনুষ্ঠিত হোৱা উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫২ ত্বম দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থাকে বিধায়ক ড°অমিয় কুমাৰ ভূঞা।আড়ম্বৰপূৰ্ণভাৱে আয়োজন অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই নিজকে সুখী অনুভৱ ব্যক্ত কৰে। বিধায়ক গৰাকীয়ে কয় যে-অসম চৰকাৰে শিক্ষা খণ্ডৰ সামগ্রিক উন্নয়ন তথা আন্তগাঁঠনিৰ লগতে শিক্ষক সকলৰ প্ৰতি সন্মান তথা যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে।


গুণগত শিক্ষাৰে ছাত্ৰ ছাত্ৰীক মানৱ সম্পদলৈ ৰূপান্তৰ কৰিব পৰাকৈ গঢ়ি প্ৰস্তুত কৰা আৰু অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰি বিশিষ্ট বৰঙণি আগবঢ়োৱা সকলো গুৰুকে বিধায়ক গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ভোগৰাম দাস, অনুষ্ঠানৰ পতাকা উত্তোলক ডিম্বেশ্বৰ দত্ত, উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষা সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভানেত্রী বন্তি বৰা সমন্বিতে বহুজন বিশিষ্ট গণ্যমান্য ব্যক্তি ,শিক্ষা গুৰু উপস্থিত থাকে।

ধলাই উপ-নিৰ্বাচনত সাংসদ পুত্ৰ উৎপলকপ্ৰাৰ্থী বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত দাবীউত্থাপন

শিলচৰ লোকসভাৰ আসনত বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। বৰ্তমান তেওঁ শিলচৰৰ সাংসদ। তেওঁ সাংসদ নিৰ্বাচিত হোৱাৰ বাবে ধলাই বিধানসভা সমষ্টিত‌ উপ-নিৰ্বাচনত প্ৰাৰ্থীত্বৰ দৌৰ আৰম্ভ হৈছে। অৱশ্যে কাছাৰ জিলা‌ বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই । কিন্তু অনুসূচিত জাতি সংৰক্ষিত ধলাই আসনত দলৰ প্ৰাৰ্থী হ’বলগীয়া কেইবাজনে জোৰদাৰ তৎপৰতা চলাইছে। বৰ্তমান নতুন প্ৰাৰ্থী হিচাপে সংযোজন হৈছে সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্য। জানিব পৰা মতে, সাংসদ পৰিমল শুক্লবৈদ্যৰ সমৰ্থকসকলে ইতিমধ্যে তেওঁৰ সমৰ্থনত প্ৰচাৰ চলাইছে ।

উৎপল শুক্লবৈদ্য বৰ্তমান অসম বিশ্ববিদ্যালয়ৰ গণ বিজ্ঞান বিভাগৰ গৱেষণা সহায়ক আৰু পিএইচডিৰ ছাত্ৰ ।‌ উৎপল শুক্লবৈদ্য এজন উদীয়মান যুৱক আৰু তেওঁৰ ৰাজনৈতিক পৰিপক্কতা যথেষ্ট। কাৰণ তেওঁৰ পিতৃ পৰিমল শুক্লবৈদ্য বহু বছৰ ধৰি বিধায়ক-মন্ত্ৰী হৈ আহিছে। ইয়াৰ বাবে ক’ব পাৰি যে তেওঁ ৰাজনীতিৰ প্ৰতিও সচেতন হৈ পৰিছে। বিগত লোকসভা নিৰ্বাচনত উৎপল শুক্লবৈদ্যই ঘৰৰ আৰু বাহিৰৰ সকলো কাম-কাজ পিতৃৰ বাবে চম্ভালি লৈছিল।

শেহতীয়াকৈ সাংসদ পৰিমল শুক্লবৈদ্য দিল্লীৰ পৰা আইৰংমাৰাত থকা নিজ গৃহত উপস্থিত হোৱাৰ পাছৰে পৰা ধলাই বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ধলাই উপ-নিৰ্বাচনক লৈ সক্ৰিয় হৈ পৰিছে। ধলাই উপ-নিৰ্বাচনত সাংসদ পুত্ৰ উৎপলক প্ৰাৰ্থী হিচাপে দাবী উত্থাপন কৰিছে। ধলাই বিজেপিৰ একাংশ নেতা-কৰ্মীৰ মতে উৎপল শুক্লবৈদ্যৰ উচ্চ শিক্ষা, ৰাজনৈতিক জ্ঞান আৰু সুদূৰপ্ৰসাৰী চিন্তাৰে বিধায়ক হ’ব পৰাকৈ সামাজিক চেতনা আছে। আৰু সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰ হিচাপে তেওঁ ৰাজনৈতিক ভাৱে সচেতন । সেইবাবেই ধলাইবাসীয়ে উৎপল শুক্লবৈদ্যক বিচাৰিছে। ইয়াৰ উপৰিও ধলাই বিজেপিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ধলাই উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে উৎপল শুক্লবৈদ্যক বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে। অবশ্য ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত অমিয় কান্তি দাস, সঞ্জন কুমাৰ পুৰকায়স্থ আদিয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দাবী উত্থাপন কৰিছে ।

মুখ্যমন্ত্ৰীৰ হাতলৈ গ’ল স্বাস্থ্য বিভাগ! কেশৱ মহন্তক পৰিবহণ, আবকাৰীৰ আৰু মীন বিভাগৰ দায়িত্ব প্ৰদান…

অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সালসলনি।


কেশৱ মহন্তৰ পৰা কৰ্তন স্বাস্থ্য বিভাগ।


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত।


স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ,আবকাৰীৰ দায়িত্ব।


লগতে মীন বিভাগৰ দায়িত্ব প্ৰদান কেশৱ মহন্তক।


ইয়াৰ উপৰিও তথ্য আৰু কাৰিকৰী বিভাগৰ দায়িত্ব কেশৱ মহন্তক।

বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ গ’ল গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস, সংস্কৃতিৰ বিভাগসমূহ।

হেডফোনেই কাল হ’ল নেকি কণ্ঠশিল্পী অলকা য়াগনিকৰ…

স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিক৷

কণ্ঠশিল্পীগৰাকীয়ে হেৰুৱাইছে শ্ৰৱণ শক্তি৷

হেডফোনে আৰু উচ্চ স্বৰত গান শুনাৰ বাবেই অলকা য়াগনিকে শ্ৰৱণ শক্তি হেৰুৱাইছে বুলি সন্দেহ।

আনহাতে সামাজিক মাধ্যমত উচ্চস্বৰত সংগীত আৰু হেডফোনৰ সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ সকলোকে আহ্বান জনায় কণ্ঠশিল্পীগৰাকীয়ে।

সোমবাৰে নিশা অনুৰাগীৰ সৈতে তেওঁ এই খবৰটো শ্বেয়াৰ কৰে তেওঁ। লগতে কণ্ঠশ্ল্পীগৰাকীয়ে সকলোকে সকীয়াই দিলে যে হঠাতে শ্ৰৱণ ক্ষমতা হেৰুৱালে জীৱনটো কিমান দুৰ্বিষহ হ’ব পাৰে। সকলো সময়তে হেডফোন লৈ উচ্চস্বৰত গান নুশুনাই ভাল। ইয়াৰ ফলত শ্ৰৱণ ক্ষমতাও হেৰাই যাব পাৰে।

ৰাজ্যজুৰি অব্যাহত মুষলধাৰ বৰষুণ! জিলাই জিলাই জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট…

ৰাজ্যজুৰি অব্যাহত মুষলধাৰ বৰষুণ।


জিলাই জিলাই ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।


আগন্তক দুটা দিনত ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ।


বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট।


আজি কোন কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।


কোকৰাঝাৰ,চিৰাং,বঙাইগাওঁ,গোৱালপাৰা,তামুলপুৰ।


ডিমা হাছাও, বজালী,বাক্সাত ৰেড এলাৰ্ট জাৰি।


নলবাৰী, দৰং, ওডালগুৰি, মৰিগাওঁ, দক্ষিণ কাৰ্বি আংলং।


শিলচৰ, কৰিমগঞ্জ, নগাঁও, কাছাৰ গোলাঘাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

WHOৰ নিৰ্দেশনাঃ বয়স অনুযায়ী কোনে কিমান সময় ব্যায়াম কৰিব লাগে…

সুস্থ হৈ থাকিবলৈ নিয়মিত শাৰীৰিক ক্ৰিয়া-কলাপ অতি প্ৰয়োজনীয়। কিন্তু আপুনি জানে বয়স অনুসৰি ইয়াৰ প্ৰয়োজনীয়তা সকলোৰে বাবে বেলেগ বেলেগ। বহু গৱেষণাত দাবী কৰা হৈছে যে নিয়মীয়াকৈ ব্যায়াম কৰা লোকৰ ডায়েবেটিছ, হৃদৰোগ, হতাশা, উদ্বেগ, ষ্ট্ৰোক, অনিদ্ৰা আদি গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা অতি কম। WHOৰ তথ্য অনুসৰি ব্যায়াম নকৰা লোকৰ অকাল মৃত্যুৰ সম্ভাৱনা ২০-৩০ শতাংশ বেছি। কিমান দিন কোনটো ব্যায়াম কৰিব লাগে সেয়া বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ WHO এ শাৰীৰিক কাৰ্যকলাপৰ ওপৰত নিৰ্দেশনাসমূহ শ্বেয়াৰ কৰিছে, যাৰ সহায়ত আপুনি আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তাসমূহ সহজেই বুজিব পাৰিব-

শিশু আৰু কিশোৰ-কিশোৰী (৫-১৭ বছৰ)

দিনটোত কমেও ৬০ মিনিট মধ্যমীয়াৰ পৰা কঠিন শাৰীৰিক কাৰ্য্যকলাপ। সপ্তাহত কমেও ৩ দিনত দ্ৰুত এৰোবিক ব্যায়াম আৰু শক্তিশালী পেশী আৰু হাড় গঠন কৰা কাৰ্য্যকলাপ থাকিব লাগে।

প্ৰাপ্তবয়স্ক (বয়স ১৮-৬৪)

সপ্তাহত কমেও ১৫০ৰ পৰা ৩০০ মিনিট মধ্যমীয়া (বা ৭৫ৰ পৰা ১৫০ মিনিট কঠিন) কাৰ্য্যকলাপ। সপ্তাহত দুবাৰকৈ পেশী শক্তিশালী কৰা ব্যায়াম।

বয়সস্থ প্ৰাপ্তবয়স্ক (৬৫ বছৰৰ ওপৰৰ)

বয়সস্থ প্ৰাপ্তবয়স্কসকলেও কম বয়সীয়া প্ৰাপ্তবয়স্কসকলৰ দৰে একে নিৰ্দেশনা মানি চলিব পাৰে।

গৰ্ভৱতী আৰু প্ৰসৱৰ পিছৰ মহিলা

পেশী শক্তিশালী কৰা কাৰ্য্যকলাপকে ধৰি প্ৰতি সপ্তাহত ১৫০ মিনিট মধ্যমীয়া তীব্ৰতাসম্পন্ন এৰ’বিক কাৰ্য্যকলাপ।

স্বাস্থ্যজনিত অৱস্থা থকা লোকসকল

এই লোকসকলে চিকিৎসকৰ লগত আলোচনা কৰি সুস্থ প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে দিয়া পৰামৰ্শ মানি চলিব পাৰে।

৩টা কৌশলঃ ৰন্ধা সময়খিনিত মনত ৰাখিলে অতি সাধাৰণ খাদ্যও অতি সোৱাদযুক্ত হৈ পৰিব…

মছলা ব্যৱহাৰৰ পিছতো কেতিয়াবা খাদ্যৰ সোৱাদ বিশেষ একো নহয়। কিন্তু কেইটামান কৌশল মনত ৰাখিলে সাধাৰণ খাদ্যও হ’ব পাৰে সোৱাদ। ৰন্ধা-বঢ়া কৰাটো ক’বলৈহে সহজ কৰুবলৈ নহয়। গৃহিণীয়ে হওক বা কলেজীয়া ছাত্ৰীয়ে হওক, ৰন্ধা-বঢ়াৰ কথা আহিলে সদায় সৰু সৰু ভুল হয়। কেতিয়াবা নিমখ অলপ বেছি হয়, কেতিয়াবা হালধি কম হয়। নিমখ, হালধি আৰু মছলাৰ জোখ সঠিক হ’লেহে ৰন্ধা-বঢ়া সোৱাদযুক্ত হয়। কিন্তু মনোযোগ মছলা, ৰন্ধা-বঢ়াত ভাল হ’লেও, প্ৰায়ে বিশেষ একো সোৱাদ নহয় কেতিয়াবা। কিন্তু কেইটামান কৌশল মনত ৰাখিলে সাধাৰণ খাদ্যৰ সোৱাদ হ’ব পাৰে-

খাদ্যৰ সোৱাদ নিৰ্ভৰ কৰে ৰন্ধা-বঢ়াত ব্যৱহৃত উপাদানৰ মানদণ্ডৰ ওপৰত। গতিকে সামগ্ৰী নিৰ্বাচনত ভাল হ’ব লাগিব। নহ’লে প্ৰচেষ্টা অপচয় হ’ব। গতিকে সামগ্ৰী কিনাৰ আগতে গুণগত মান পৰীক্ষা কৰাটো ভাল।

কিছুমান ক্ষেত্ৰত মেৰিনেচনৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত মেৰিনেচন সঠিকভাৱে কৰাটো নিশ্চিত কৰিবলৈ সাৱধান হ’ব লাগে। মেৰিনেটিঙত উপাদানৰ পৰিমাণ সঠিক হ’ব লাগে।ইয়াৰ ফলত সোৱাদতো প্ৰভাৱ পৰিব।

যদি আপুনি খাদ্যত সোৱাদ আনিব বিচাৰে তেন্তে সময়ৰ লগে লগে ৰন্ধা-বঢ়া কৰাটো গুৰুত্বপূৰ্ণ। ৰন্ধা-বঢ়া কৰাটো এটা সময়সাপেক্ষ কাম। খৰখেদাকৈ ৰন্ধা-বঢ়া কৰি সুস্বাদু বনোৱা সম্ভৱ নহয়। গতিকে সময় উলিয়াই ৰন্ধা-বঢ়া আৰম্ভ কৰক।তেতিয়া অতি কম সামগ্ৰীৰে সাধাৰণ ৰন্ধা-বঢ়া অতি সোৱাদযুক্ত হৈ পৰিব।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ১৬ গৰাকী শিক্ষাৰ্থীলৈ গান্ধী ফেল’শ্বিপ…

২০২৪ বৰ্ষৰ গান্ধী ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ১৬গৰাকীকৈ শিক্ষাৰ্থী। ইয়াৰে ১৫ গৰাকী সমাজকৰ্ম বিভাগৰ আৰু ১ গৰাকী সমাজতত্ব বিভাগৰ৷ সমাজকৰ্ম বিভাগৰ পৰা এই ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে ক্ৰমে প্ৰবাল শৰ্মা, পৰশমণি বুজৰবৰুৱা, চাফ্ৰিণ হাজৰিকা, ধৰিত্ৰী চেতিয়া, ৰাজশ্ৰী গগৈ, মুনমি দত্ত, বৈশালী বৰা, বিভা দাস, গাৰ্গী কাকতি, প্ৰস্তুতি দত্ত, কৃষ্ণা চেত্ৰী, জিতৰাজ চাংমাই, চিমি বৰ্মন, সুপ্ৰীয়া চাংমাই আৰু চৈয়দা আনজুবা  চায়েস্তা৷

আনহাতে সমাজতত্ব বিভাগৰ পৰা সুকন্যা শইকীয়া চলিত বৰ্ষৰ গান্ধী ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে৷ উল্লেখযোগ্য, ভাৰতৰ যুৱ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ২০০৮ চনৰে পৰা এই ফেল’শ্বিপ প্ৰদান কৰি অহা হৈছে৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক (ভা:) ড° নয়নমনি শইকীয়া, সহকাৰী পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠকৰ লগতে বিশ্ববিদ্যালয়ৰ দুয়োটা বিভাগৰ মুৰব্বী ক্ৰমে ড° দীপশিখা কাৰ্পেন্টাৰ, ড° কৰবী কোঁচৰ উপৰিও প্ৰতিটো বিভাগৰ মুৰব্বী তথা বিশ্ববিদ্যালয় পৰিয়ালে শিক্ষাৰ্থীসকলৰ এই বিশেষ সফলতাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে৷

আজি ৯.২৬ কোটিৰো অধিক কৃষকে লাভ কৰিব ২০,০০০ কোটি টকাৰো অধিক ধন…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব। ইয়াৰ জৰিয়তে ৯.২৬ কোটিকৃষকে ২০,০০০ কোটি টকাৰো অধিক ধন লাভ কৰিব। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি সখী হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক (SHG) পেৰা এক্সটেনচন কৰ্মী হিচাপে কাম কৰিবলৈ প্ৰমাণ-পত্ৰ বিতৰণ কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াত ২.৫ কোটিৰো অধিক কৃষকে সমগ্ৰ দেশৰ ৭৩২টা কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), ১ লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতি আৰু ৫ লাখ কমন চাৰ্ভিচ চেন্টাৰৰ জৰিয়তে যোগদান কৰিব। এই উপলক্ষে নিৰ্বাচিত ৫০টা কৃষি বিকাশ কেন্দ্ৰ (KVK)ত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে য’ত ভাল সংখ্যক কৃষক-ৰাইজে যোগদান কৰিব। এই কেন্দ্ৰসমূহলৈ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী গৈ কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ জৰিয়তে কৃষকসকলক উত্তম কৃষি পদ্ধতি, কৃষি ক্ষেত্ৰৰ উদীয়মান প্ৰযুক্তি, জলবায়ু স্থিতিস্থাপক কৃষি পন্থা ইত্যাদি সম্পৰ্কেসজাগ কৰি তোলা হ’ব।তেওঁলোকক পি এম-কিষাণৰ হিতাধিকাৰীস্থিতি কেনেকৈ চাব পাৰি, পেমেন্টৰ তথ্য, কিষাণ- ইমিত্ৰচাটবটৰ ব্যৱহাৰ আদি সম্পৰ্কে এক আভাস দাঙি ধৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীসকলে অঞ্চলসমূহৰ প্ৰশিক্ষণপ্ৰাপ্ত কৃষি সখীসকলক প্ৰমাণ-পত্ৰও বিতৰণ কৰিব।


কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে গত ১৫ জুনত এখনি সংবাদমেলৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু কৃষকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে কৃষি সদায়েইএক অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।২০১৯ত শুভাৰম্ভ কৰা পিএম-কিষাণ আঁচনিখনৰ জৰিয়তে কৃষকসকলক তেওঁলোকৰ বেংক একাউন্টত পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদানেৰে যথেষ্ট উপকাৰ সাধন কৰা হৈছে। কৃষি ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড বুলি উল্লেখেৰে তেওঁক গুৰুত্বপূৰ্ণ কৃষি দপ্তৰৰ দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে আজিও বেছিভাগ নিয়োগৰ সুযোগ কৃষিৰ জৰিয়তে সৃষ্টি হয়আৰু দেশৰ খাদ্য ভাণ্ডাৰঅক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত কৃষকসকলে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কৃষি আৰু কৃষকৰ সেৱা কৰাটো ঈশ্বৰ সেৱাৰ দৰে বুলি অভিহিত কৰে। আগন্তুক ১০০-দিনীয়া পৰিকল্পনাকে প্ৰমুখ্য কৰি চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কৌশলগত পৰিকল্পনাই কৃষি খণ্ডৰবিকাশৰ বাবে চৰকাৰৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে।

উল্লেখযোগ্য যে কিষাণ সন্মান নিধি হৈছে সকলো ধৰণৰ মাটি-ধাৰী কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি। পিএম-কিষাণৰ অধীনত প্ৰতি চাৰি মাহৰ মূৰে-মূৰে তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬,০০০/- টকাৰ আৰ্থিক সুবিধা আগবঢ়োৱা হয়। সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) মাধ্যমেৰে ধনৰাশি প্ৰেৰণ কৰা হয়।ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ৩.০৪ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে আৰু আগন্তুক মুকলিৰ জৰিয়তে হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণে ৩.২৪ লাখ কোটি টকা অতিক্ৰম কৰিব। কৃষি সখীসকলক কৃষি পেৰা-এক্সটেনচন কৰ্মী হিচাপে বাছনি কৰা হৈছে কিয়নো তেওঁলোক বিশ্বাসযোগ্য সামাজিক-সমল ব্যক্তি আৰু অভিজ্ঞ কৃষক। ইতিমধ্যে কৃষি সখীসকলে ভিন্ন কৃষি পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ লাভেৰে সহ-কৃষকসকলক ফলপ্ৰসূভাৱে সহায় আৰু পথ-প্ৰদৰ্শন কৰিবলৈ সমৃদ্ধ হৈ উঠিছে।আজিলৈকে ৭০,০০০ ৰ ভিতৰত ৩৪,০০০ ৰো অধিক কৃষি সখীয়ে পেৰা-এক্সটেনচন ৱৰ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।

২৯ জুনৰ পৰা যাত্ৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰাঃ উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

২৯ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা।এইবেসি যাত্ৰা সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে বিশদ ব্যৱস্থা লৈছে জম্মু-কাশ্মীৰ প্ৰশাসনে।অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ দৰ্শন কৰিব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় নালাগে, সেয়া নিশ্চিত কৰাটো মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অমৰনাথ যাত্ৰাৰ নিৰাপত্তা আৰু যাৱতীয় ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সভাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, সেনা মুৰব্বী (ডেজিগনেট) লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি জ্যেষ্ঠ সেনা বিষয়া, চিএপিএফৰ সঞ্চালক প্ৰধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আৰু ডিজিপি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰাপত্তা সংস্থাসমূহক সজাগ হ’বলৈ আৰু অমৰনাথযাত্ৰাৰ বাবে নিৰাপত্তাৰক্ষীৰ পৰ্যাপ্ত নিয়োগ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত মানক পৰিচালন সঁহাৰি ব্যৱস্থাপনাকে ধৰি ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থাৰ বাবে নিখুঁত আন্তঃসংস্থা সমন্বয় স্থাপন কৰাৰ নিৰ্দেশ দিয়ে। অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভক্তসকলৰ বাবে সুবিধাজনক আৰু চাপমুক্ত অভিজ্ঞতা নিশ্চিত কৰাৰ লগতে অমৰনাথ যাত্ৰা পৰিচালনাত পৰিৱেশ অনুকূল ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে শ্ৰী অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ কৰিব পাব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই ক্ষেত্ৰত মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে।

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰে অমৰনাথ যাত্ৰাক ভক্তসকলৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক কৰি তোলাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বছৰ ৪.৫ লাখৰো অধিক ভক্তই পবিত্ৰ দৰ্শনৰ বাবে আহিছিল। এইবাৰ ২৯ জুনত যাত্ৰা আৰম্ভ হ’ব। নিৰৱচ্ছিন্ন পঞ্জীয়ন, কনভয় চলাচল, কেম্পিং সুবিধা, চিকিৎসাৰ সুবিধা, পথ উন্নীতকৰণ, বিদ্যুৎ আৰু পানী যোগান আৰু মোবাইল ফোন সংযোগৰ ব্যৱস্থাকে ধৰি যাত্ৰা সুকলমে পৰিচালনাৰ বাবে বিশদ ব্যৱস্থা গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে।