WHOৰ নিৰ্দেশনাঃ বয়স অনুযায়ী কোনে কিমান সময় ব্যায়াম কৰিব লাগে…

সুস্থ হৈ থাকিবলৈ নিয়মিত শাৰীৰিক ক্ৰিয়া-কলাপ অতি প্ৰয়োজনীয়। কিন্তু আপুনি জানে বয়স অনুসৰি ইয়াৰ প্ৰয়োজনীয়তা সকলোৰে বাবে বেলেগ বেলেগ। বহু গৱেষণাত দাবী কৰা হৈছে যে নিয়মীয়াকৈ ব্যায়াম কৰা লোকৰ ডায়েবেটিছ, হৃদৰোগ, হতাশা, উদ্বেগ, ষ্ট্ৰোক, অনিদ্ৰা আদি গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা অতি কম। WHOৰ তথ্য অনুসৰি ব্যায়াম নকৰা লোকৰ অকাল মৃত্যুৰ সম্ভাৱনা ২০-৩০ শতাংশ বেছি। কিমান দিন কোনটো ব্যায়াম কৰিব লাগে সেয়া বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ WHO এ শাৰীৰিক কাৰ্যকলাপৰ ওপৰত নিৰ্দেশনাসমূহ শ্বেয়াৰ কৰিছে, যাৰ সহায়ত আপুনি আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তাসমূহ সহজেই বুজিব পাৰিব-

শিশু আৰু কিশোৰ-কিশোৰী (৫-১৭ বছৰ)

দিনটোত কমেও ৬০ মিনিট মধ্যমীয়াৰ পৰা কঠিন শাৰীৰিক কাৰ্য্যকলাপ। সপ্তাহত কমেও ৩ দিনত দ্ৰুত এৰোবিক ব্যায়াম আৰু শক্তিশালী পেশী আৰু হাড় গঠন কৰা কাৰ্য্যকলাপ থাকিব লাগে।

প্ৰাপ্তবয়স্ক (বয়স ১৮-৬৪)

সপ্তাহত কমেও ১৫০ৰ পৰা ৩০০ মিনিট মধ্যমীয়া (বা ৭৫ৰ পৰা ১৫০ মিনিট কঠিন) কাৰ্য্যকলাপ। সপ্তাহত দুবাৰকৈ পেশী শক্তিশালী কৰা ব্যায়াম।

বয়সস্থ প্ৰাপ্তবয়স্ক (৬৫ বছৰৰ ওপৰৰ)

বয়সস্থ প্ৰাপ্তবয়স্কসকলেও কম বয়সীয়া প্ৰাপ্তবয়স্কসকলৰ দৰে একে নিৰ্দেশনা মানি চলিব পাৰে।

গৰ্ভৱতী আৰু প্ৰসৱৰ পিছৰ মহিলা

পেশী শক্তিশালী কৰা কাৰ্য্যকলাপকে ধৰি প্ৰতি সপ্তাহত ১৫০ মিনিট মধ্যমীয়া তীব্ৰতাসম্পন্ন এৰ’বিক কাৰ্য্যকলাপ।

স্বাস্থ্যজনিত অৱস্থা থকা লোকসকল

এই লোকসকলে চিকিৎসকৰ লগত আলোচনা কৰি সুস্থ প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে দিয়া পৰামৰ্শ মানি চলিব পাৰে।

Related Articles