Home Blog Page 732

চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন…

চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৰৱীন্দ্ৰ নাথ দাস সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু আনুসাংগিক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশু চিকিৎসা বিভাগৰ গৱেষণা সঞ্চালক শিক্ষাবিদ ড° প্ৰবোধ বৰা আৰু বিশিষ্ট অতিথি হিচাপে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ ৰামৰচন ভৰালী উপস্থিত থাকে৷ দুয়োগৰাকী শিক্ষাবিদে কৃতি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ভৱিষ্যতে যাতে এজন সফল ব্যক্তি হিচাপে সমাজত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ছাত্ৰ-ছাত্ৰীসকলক মোহাচ্ছন্ন কৰি তুলে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা অলিস্মিতা মজুমদাৰ, অভিলাষা বৰ্মন, দিব্যান জ্যোতি বৰা, ভাৰ্গৱ শৰ্মা, নয়নমণি হালৈ, ঋষভ বৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা শতাব্দী টেৰণপি, কৃষ্টি কংকনা তালুকদাৰ, ৰীধিকা ভৰদ্বাজ, অংশুমান কাকতি, হীৰকজ্যোতি কাকতি, জুমন চন্দ্ৰ বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰা কৰ্ষিকা মহন্ত, এচিয়াই ইনষ্টিটিউটত অৱ টেকনলজিৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা উদ্বীপ্ত হাজৰিকা, চেইন্ট জেভিয়াৰ্ছ বিশ্ববিদ্যালয় ভুৱনেশ্বৰৰ পৰা সোণৰ পদকেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা খ্যাতি কাশ্যপ আৰু নেপালত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ কৃতি খেলুৱৈ কণমানি নিৰ্ভয় ভৰদ্বাজক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়৷

বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰী যথাক্ৰমে ঋষভ বৰা আৰু কৃষ্টি কংকনা তালুকদাৰৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে। শাখা সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, শাখা সভাৰ প্ৰাক্তন সভাপতি লোহিত হাজৰিকা আৰু প্ৰাক্তন উপায়ুক্ত ভুপেন্দ্ৰ চন্দ্ৰ দাসৰ লগতে শাখা সভাৰ কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সহিতে শতাধিক ব্যক্তি উপস্থিত থাকে বুলি শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে৷

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ বন মহোৎসৱ আৰম্ভণি…

গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষ আৰু গোটৰ অধীনত সোমবাৰৰ পৰা বন মহোৎসৱৰ শুভাৰম্ভ হয়।অসম চৰকাৰৰ বন বিভাগৰ নিৰ্দেশ অনুসৰি ১ ৰ পৰা ৭ এপ্ৰিল লৈকে প্ৰত্যেক বছৰে বন মহোৎসৱৰ আয়োজন হয়।এটি জামুকৰ পুলি ৰোপন কৰি অনুষ্ঠান শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে।

ডঃ কাকতি য়ে বৃক্ষ ৰূপনৰ উপকাৰীতা আৰু গোলকীয় উষ্ণতাত ইয়াৰ প্ৰভাৱৰ ওপৰত বাখ্যা ডাঙি ধৰে।এসপ্তাহ জোৰা কাৰ্যসূচীত বিভিন্ন ঠাইত ৩০০ জোপা গছ পুলি ৰূপনৰ পৰিকল্পনা লোৱা হৈছে । গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ দ্বাৰা “পাহাৰ বোৰ সেউজ কৰো আহক” এক বৃহৎ কৰ্য্যসূচী যোৱা চাৰি বছৰ ধৰি পালন কৰি অহা হৈছে আৰু এই বছৰো পাহাৰৰ খালি ঠাইত বৃক্ষ ৰোপন কৰা হ’ব। গু বি ৰ এন এছ এছ কাৰ্যসূচী বিষয়া ডঃ ৰিটোপৰ্ণ বৰা আৰু এন এছ এছ ৰ স্বেচ্ছা সেৱক সকলেও আজি বৃক্ষ ৰোপন কৰে।

অসমৰ জ্যেষ্ঠ প্ৰতিনিধি দলৰ সাক্ষাৎ কেন্দ্ৰীয় কৃষি মন্ত্ৰীক

কৃষি বিভাগৰ এটা জ্যেষ্ঠ প্ৰতিনিধি দল, চৰকাৰী নেতৃত্বাধীন কৃষি মন্ত্ৰী শ্ৰী অতুল বৰাৰ নেতৃত্বত ২০২৪ চনৰ ১ জুলাইত কৃষি ভৱন নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত আছিল কৃষি আৰু কৃষি উৎপাদন আয়ুক্তৰ আয়ুক্ত আৰু সম্পাদক, অসম শ্ৰীমতী অৰুণা ৰাজোৰিয়া, আই এ এছ। প্ৰতিনিধি দলটোৰ আন সদস্যসকল আছিল-


১/ শ্ৰী ভাস্কৰ পেগু, আই এ এছ, কৃষি সঞ্চালক, অসম
২) শ্ৰী বিপুল দাস, এ চি এছ, পৰিচালন সঞ্চালক, অসম বীজ নিগম লিমিটেড আৰু যুটীয়া সম্পাদক, কৃষি, অসম
৩/ শ্ৰী এছ এইচ ভৰভূঞা, কাৰ্যবাহী অভিযন্তা, কৃষি, অসম
৪/ শ্ৰী নিপেন দাস, সহকাৰী সঞ্চালক, কৃষি, অসম
৫) শ্ৰী বলজীত সিং, বজাৰ বিশ্লেষক আৰু পৰিচালনা বিশেষজ্ঞ, অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প

প্ৰতিনিধি দলটোৰ এই ভ্ৰমণৰ উদ্দেশ্য আছিল কৃষি খণ্ডত ৰাজ্যখনৰ অগ্ৰগতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মূল্যায়ন কৰা, বিষয় আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা কৰা আৰু লগতে চৰকাৰী গৰাকীৰ সমৰ্থন বিচৰা। ভাৰতৰ অসমৰ কৃষি খণ্ডৰ উন্নতিৰ বাবে।


অসমৰ মন্ত্ৰী- কৃষি মন্ত্ৰী শ্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীক অসমৰ পৰা প্ৰতিনিধি দলটোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কৃষি খণ্ডত অসম ৰাজ্যৰ মূল কৃতিত্ব, ৰাজ্যই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু চৰকাৰৰ পৰা বিচৰা সমৰ্থনৰ ওপৰত এক উপস্থাপন কৰা হয়। ভাৰতৰ।


শ্ৰী অতুল বৰাই, মন্ত্ৰী- কৃষি, অসমে আলোকপাত কৰে যে অসমে কেইবাজনো শিক্ষিত যুৱক-যুৱতীক কৃষি খণ্ডলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যিয়ে বৈজ্ঞানিক কৃষিৰ দিশত মনোযোগ স্থানান্তৰিত কৰিছে & সেয়েহে খণ্ডটোৰ উৎপাদনশীলতা বৃদ্ধি কৰিছে। মূল্য সংযোজনৰ ওপৰত পুনৰ গুৰুত্ব দিয়া হৈছে।


তেওঁ ধন্যবাদ জ্ঞাপন কৰে মাননীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীয়ে কৃষি খণ্ডকে ধৰি উত্তৰ-পূব আৰু অসমৰ ওপৰত কেন্দ্ৰীভূত প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছো।
শ্ৰীমতী অৰুণা ৰাজোৰিয়া, আই এ এছে জোৰ দি কয় যে অসমে শেহতীয়া বছৰবোৰত কৃষি খণ্ডত বিশেষকৈ মানসিক চাপ সহনশীল ধানৰ জাত (STRV)- বান, খৰাং আৰু দুয়োটা সহনশীল- প্ৰৱৰ্তন আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। লগতে কয় যে পৰিৱৰ্তিত সময়ৰ লগে লগে ৰাজ্যখনে অসম বাজৰা মিছন (এ এম এম), অসম ফুলৰ খেতি অভিযান (এ এফ এম), ৰাজ্যিক ফুলৰ খেতি অভিযান (এছ এফ এম) আদি নতুন অভিলাষী পদক্ষেপত আগবাঢ়িছে। কৃষক উৎপাদক কোম্পানী (এফপিচি)ৰ দ্বাৰা প্ৰমাণীকৰণ বীজ উৎপাদন ৰাজ্যখনক বীজৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ দিশত আন এক আদৰণীয় পদক্ষেপ। ৰোপণ সামগ্ৰীৰ ক্ষেত্ৰতো একেধৰণৰ পদক্ষেপৰ প্ৰয়োজন।


অসমৰ প্ৰতিনিধি দলে কেন্দ্ৰীয় কৃষি মন্ত্ৰীলৈ আগবঢ়োৱা মূল প্ৰস্তাৱসমূহৰ ভিতৰত তলত উল্লেখ কৰা প্ৰস্তাৱসমূহ আছিল।
১/ ধানৰ পথাৰত এলেকা সম্প্ৰসাৰণৰ বাবে সমৰ্থন
২) অসম বীজ নিগমৰ পাম আৰু নাৰ্চাৰীকে ধৰি শক্তিশালী কৰা
৩) ৰাজ্যত কৃষি যান্ত্ৰিকীকৰণ বৃদ্ধিৰ বাবে সহায়
৪/ বৈজ্ঞানিক মজুতকৰণৰ সুবিধা
৫) শস্য চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰা আৰু কৃষি হৰ্টি উৎপাদিত সামগ্ৰীৰ চপোৱাৰ পিছৰ উন্নত ব্যৱস্থাপনা
৬) ক্ষুদ্ৰ জলসিঞ্চনকে ধৰি জলসিঞ্চনৰ সুবিধা/ আন্তঃগাঁথনিৰ বাবে সহায়

  1. ঘৰুৱা বজাৰ আৰু ৰপ্তানি দুয়োটাৰে বাবে Agmark & ​​অন্যান্য প্ৰমাণপত্ৰৰ বাবে সমৰ্থন
    শ্ৰী বৰাই উল্লেখ কৰে যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা জীৰ সক্ষম নিৰ্দেশনাত অসমে কৃষি খণ্ডত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
    অসমৰ কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাই ভাৰত চৰকাৰক তেওঁলোকৰ অবিৰত সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে & ভৱিষ্যতেও এনে সমৰ্থন লাভ কৰাৰ আন্তৰিক আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰীকো অসমলৈ আমন্ত্ৰণ জনায়।

তিনি দিনৰ ভিতৰত জিঅ’ টিউবেৰে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নুমলীগড়ৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

তিনি দিনৰ ভিতৰত জিঅ’ টিউবেৰে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব: জলসম্পদ মন্ত্ৰী

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৰ মহুৰামুখ বংকোৱালত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগি যোৱা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ।

আজি পুৱা এই মথাউৰি ছিগি কাষৰীয়া অঞ্চলটো প্লাৱিত কৰি তুলিছে । চৰকাৰী কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণত থকা জলসম্পদ মন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ মথাউৰি ছিগাৰ খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ এই স্থানত উপস্থিত হৈ লাইফবোটৰ সহায়ত মথাউৰিৰ ছিগা অংশৰ সমীপলৈ যায় আৰু জলসম্পদ বিভাগৰ অভিযন্তাক ৩ দিনৰ ভিতৰত নতুন প্ৰযুক্তিৰ সহায়ত জিঅ’ টিউবেৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰি ছিগা মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ।

এই অঞ্চলত আৰু যাতে মথাউৰি নিছিগে, পথসমূহ সুৰক্ষিত অৱস্থাত থাকে, তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।

আনহাতে, ক্ষতিগ্ৰস্ত এলেকাসমূহত জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে প্ৰয়োজনীয় সাহায্য বিতৰণৰ ব্যৱস্থা কৰা হৈছে । এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াক পৰ্যাপ্ত সকলো সামগ্ৰী, সুবিধা তৎকালীনভাৱে বানাক্ৰান্ত ৰাইজে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে

হাতত শিৱৰ ফটোলৈ লোকসভাত মোদীৰ চৰকাৰক তীক্ষ্ণ আক্ৰমণ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ

লোকসভাৰ মজিয়াত আজি নতুন ৰূপত দেখা গ’ল বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক। বিশেষকৈ হিন্দুত্বৰ প্ৰশ্নক লৈ সংসদত ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ মোদীৰ চৰকাৰক আক্ৰমণ কৰে। হাতত শিৱৰ ফটো লৈ ৰাহুলে লোকশবাত ভাষণ আৰম্ভ কৰাৰ লগে লগে শাসকীয় পক্ষৰ হাত হাহাকাৰ লাগে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলে সংসদত শিৱৰ ফটো প্ৰদৰ্শন কৰাৰ বিৰোধিতা কৰি কয় যে সংসদত কোনো প্লেকাৰ্ড প্ৰদৰ্শন কৰিব নালাগে।

ৰাহুলে কয় যে একাংশই এতিয়া দেশতেই ধৰ্মৰ নামত বিভাজন আনিবলৈ চেষ্টা কৰি আছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে হিন্দুসকলে কেতিয়াও হিংসা বিয়পাই নিদিয়ে। কিন্তু বিজেপিয়ে সমগ্ৰ দেশতে হিংসা আৰু ঘৃণা বিয়পাইছে। কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুলৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে সমগ্ৰ হিন্দু সমাজক এনেদৰে দোষ দিব নোৱাৰি।

ৰাহুলে হিন্দুসকলক অপমান কৰিছে। মোদীৰ মন্তব্যৰ প্ৰত্যুত্তৰত ৰাহুলে কয়- আমি মনত ৰাখিব লাগিব যে বিজেপি আৰু আৰএছএছেৰেই সমগ্ৰ হিন্দু সম্প্ৰদায় গঠিত নহয়। ৰাহুলে NEETৰ প্ৰশ্ন ফাদিল কেলেংকাৰী আৰু কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰক লৈ সংসদত প্ৰস্তাৱ আগবঢ়ায়। কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে যে চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিলে প্ৰতিশোধৰ সন্মুখীন হ’ব লাগে। তেনে কৰাৰ বাবেই কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে বহু বিৰোধী দলৰ নেতাক। মোকো আক্ৰমণ কৰা হৈছিল। মোৰ ঘৰটো কাঢ়ি লৈ গৈছিল। ৫৫ ঘণ্টা ধৰি জেৰা কৰিছিল ইডিয়ে। এনেবোৰ বক্তব্যৰ জড়িয়তে লোকসভাৰ অধিৱেশনত আজি ৰাহুলে বুজাই দিলে যে তেওঁ বিৰোধীৰ এজন শক্তিশালী নেতা। আনহাতে ইটোৰ পিছত সিটোকৈ অভিযোগেৰে ৰাহুলে কৰা বক্তব্যত অস্বস্তিত পৰে চৰকাৰ।


শিৱৰ ছবিৰে সংসদত ভাষণ দিবলৈ আৰম্ভ কৰি ৰাহুলে হিন্দুকলৈ এচামে ভণ্ডামী কৰি থকা বুলি কয়। ৰাহুলৰ এনে মন্তব্যৰ বাবেই সংসদত হুলস্থুল আৰম্ভ হয় । বিৰোধী নেতাৰ ভাষণৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুলৰ হিন্দু মন্তব্যৰ বিৰোধিতা কৰে। বিজেপিৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়াৰ অভিযোগৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে। এনেদৰে কোনো দলক দোষাৰোপ কৰিব নোৱাৰি বুলিও তেওঁ কয়। মন কৰিবলগীয়া যে আজিৰ দিনটোতে ৰাহুলে অযোধ্যাত বিজেপিৰ পৰাজয়কো উপহাস কৰে। তেওঁ অভিযোগ কৰে যে ৰাম জন্মভূমিৰ পৰা দৰিদ্ৰ লোকক উচ্ছেদ কৰি বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। সাধাৰণ মানুহক তাৰ বিনিময়ত তেওঁলোকৰ প্ৰাপ্যখিনি দিয়া হোৱা নাই। ইয়াৰ পিছত মোদীয়ে থিয় হয় । বিৰোধী দলৰ নেতা ৰাহুলে আজিও পুনৰ মাইক বন্ধ কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সংৱাদমেল সম্বোধন ৰাজ্যৰ বান, শিক্ষাসেতু এপ, নতুন ফৌজদাৰী আইন , বাল্যবিৱাহ, চিকিৎসাৰ ওপৰত আলোচনা চিকিৎসাৰ ওপৰত আলোচনা…..

বানত প্লাৱিত

ৰাজ্যৰ ১৪খন জিলাৰ ৬৯৮খন গাঁও বানত প্লাৱিত হৈছে। বানত ক্ষতিগ্ৰস্ত হৈছে ২ লাখ ৭০ হাজাৰ জনতা। সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ প্ৰতিজন জিলা উপায়ুক্তক সষ্টম হৈ থকাৰ উপৰিও নিজ নিজ অঞ্চলত বান পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । তাৰোপৰি অসম চৰকাৰ প্ৰতিজন অভিভাৱক মন্ত্ৰী, বিধায়কক নিজ নিজ অঞ্চলত বান পৰিদৰ্শন কৰি বান বিধ্বস্ত ৰাইজৰ ওচৰলৈ গৈ সকলো সমস্যাৰ সমাধানৰকল্পে কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷ তাৰোপৰি কাজিৰঙাৰ মাজেদি বন্ধ কৰা হৈছে ট্ৰাকৰ চলাচল। কাজিৰঙাৰ মাজেদি প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পাৰ কৰা হ’ব নাইট ছুপাৰ বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷কোনো মথাউৰি ভঙা নাই ৰাজ্যত অৰুণাচল প্ৰদেশত হোৱা বানপানীৰ ফলত উজনি অসমৰ জিলা সমূহ বান পৰিস্থিতি জটিল হৈছে৷ কেন্দ্ৰীয় চৰকাৰ তথা দেশৰ প্ৰধান মন্ত্ৰীৰ আশ্বাস প্ৰদান কৰে ৷ভাৰতীয় সেনা, NDRF য়েও প্ৰয়োজন অনুসৰি সহায় কৰিৱ বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

শিক্ষাসেতু এপ

‘শিক্ষকৰ অভিযোগ শুনা, শুদ্ধ কৰাটো আমাৰ দায়িত্ব। শিক্ষাসেতু এপৰ গুণগত মানত খেলিমেলি থাকিলে অভিযোগ দিয়ক। ৩১ জুলাইৰ ভিতৰত দিব পাৰিব অভিযোগ’। শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত তদন্ত কমিটী গঠন। ছেপ্টেম্বৰত ৰাজহুৱা কৰিব কমিটীয়ে দাখিল কৰা প্ৰতিবেদন। IITৰ বিশেষজ্ঞ, বিশিষ্ট শিক্ষাবিদক লৈ কমিটী গঠন। কমিটীত আছে IITৰ ডীন পৰমেশ্বৰ আয়াৰ, শৰৎ কুমাৰ পাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক হিতেন চৌধুৰী।

৩ খন নতুন ফৌজদাৰী আইন


দেশত বলৱৎ ৩ খনকৈ নতুন ফৌজদাৰী আইন। ইতিহাস হ’ল IPC, CrPC, IEA ACT। বলৱৎ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম। নতুন আইনক লৈ মাননীয় মুখ্যমন্ত্ৰী দেৱে ভাৰতীয় আইন ব্যৱস্থাক আদৰণি জনাই ৷

বাল্যবিৱাহ


ৰজ্যখনত বাল্যবিৱাহ মষিমূৰ কৰাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী দেৱে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আৰু বাল্যবিৱাহ ৰোধ কৰাত সফল হৈছে ৰাজ্যচৰকাৰ ৷ তাৰোপৰি এতিয়াৰে পৰা যদি কোনো লোকে বাল্য বিবাহ বা ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰিব, যদি ৰাখে এতিয়াৰে পৰা সেইলোকক ধৰ্ষণ ৰ গোচৰত অভিযুক্ত হ’ব বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰীয়ে

চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা


অসমৰ কোনো চিকিৎসকে কতব্যৰত সময়ত ব্যক্তিগত চিকিৎসালয়ত কাম কৰিলে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা আৰু ব্যক্তিগত চিকিৎসালয় খনৰ লাই’চেন্স বাতিল হ’ব বুলি মুখ্যমন্ত্ৰীয়ে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা ৷ তাৰোপৰি অসমৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰি ২০১৯ চনৰ জুন মাহত নলবাৰীত কিদনী ফ্ৰী ড্ৰাইলেছিচ চেন্তাৰ মুকলি কৰা হৈছিল ৷ যোৱা ২৩-২৪ চনত ২ লাখ ২১ হাজাৰ লোকে ফ্ৰী কিদনী ড্ৰাইলেছি ত অংশ গ্ৰহণ কৰিছে৷ সেই উদ্দেশ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিত কিডনী ফ্ৰী ড্ৰাইলেছিচ চেন্টাৰ খোলাৰ পোষকতা ৰাজ্যচৰকাৰে কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে৷

অন্ত পৰিল ব্ৰিটিছৰ দিনৰে ১৮৭০ চনৰ দেশদ্ৰোহিতা আইন

অন্ত পৰিল ব্ৰিটিছৰ দিনৰে ১৮৭০ চনৰ দেশদ্ৰোহিতা আইন, এতিয়া আহিছে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ ধাৰাএই আইনত গোচৰ ৰুজু হোৱাজনে কৰিব পৰা নাছিল চৰকাৰী চাকৰিৰ বাবে আবেদন , ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ল তিনিখনকৈ নতুন ফৌজদাৰী আইন। তিনিখন নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ পৰা দেশত প্ৰযোজ্য হৈছে। ইতিমধ্যে ৰুজু হৈছে প্ৰথমটো গোচৰ।কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰিছিল যে ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হ’ব।এই আইনসমূহ ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে। বিজেপি সাংসদ ব্ৰিজলালৰ নেতৃত্বত গঠিত সংসদীয় সমিতিয়ে কৈছিল যে গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা তিনিখন নতুন আইনৰ নাম হিন্দীত দিয়া হ’ব । কিন্তু সেই নাম ইংৰাজী লিপিত লিখা হ’ব। ইয়াৰ মাজতে এখন বিশেষ আইনৰ কথা এতিয়া চৰ্চালৈ আহিছে।


যি খন আইনকলৈ অব্যাহত আছিল নানান বিতৰ্ক। ব্ৰিটিছৰ দিনৰে সেই আইন খন বাতিলৰ বাবে বহুতে দাবী জনোৱাৰ লগতে দেশৰ আইন আয়োগে আইন খনৰ কিছু ধাৰা সংশোধন কৰি বাহাল ৰখাৰ যুক্তি দিছিল। আইন আয়োগে ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ অধীনত দেশদ্ৰোহিতা আইনৰ ব্যৱস্থাসমূহ পৰীক্ষা কৰিছিল।আয়োগে কৈছিল যে এই ব্ৰিটিছ যুগৰ আইনখন কাৰ্যকৰী কৰি ৰাখিব লাগে। অৱশ্যে আইন খনৰ একাধিক ধাৰা সংশোধন কৰিব লাগিব বুলিও আইন আয়োগে মত প্ৰকাশ কৰিছিল। লগতে ভাৰতীয় দণ্ডবিধিৰ অন্যান্য ধাৰাৰ সৈতে সংগতি ৰাখি অপৰাধীক ৰাজদ্ৰোহ আইনৰ অধীনত শাস্তি দিয়া উচিত বুলিও আইন আয়োগে মন্তব্য কৰিছিল। ইপিনে বহুতে অভিযোগ কৰিছিল যে দেশদ্ৰোহিতা আইনৰ অপব্যৱহাৰ কৰা হৈছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিষয়ে বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিব লাগে বুলিও দাবী উত্থাপন হৈছিল ।

আয়োগৰ প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে যদি দেশদ্ৰোহিতা আইনৰ অধীনত যদি কাৰোবাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়, অভিযুক্তজনক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগো দিয়া উচিত। উল্লেখ্য ব্ৰিটিছৰ দিনৰে পৰাই দেশত চলি অহা দেশদ্ৰোহিতা আইনৰ কিছু নিয়ম সলনি কৰিব বিচাৰিছিল কেন্দ্ৰৰ মোদী চৰকাৰে৷ ব্ৰিটিছ যুগৰ ৰাজদ্ৰোহ আইনৰ সলনি ঘটাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছতে কেন্দ্ৰই তেনে সিদ্ধান্ত লৈছিল৷ কেন্দ্ৰই শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ক জনাইছিল যে তেওঁলোকে ঔপনিৱেশিক যুগৰ দেশদ্ৰোহ আইনৰ ব্যৱস্থা আৰু শাস্তিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে।

উল্লেখ্য ১৮৭০ চনতে ব্ৰিটিছ শাসনকালত দেশদ্ৰোহিতা আইন কাৰ্যকৰী হৈছিল। সেই সময়ত ইয়াক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল৷ যিসকলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত মোকৰ্দমা তৰা হৈছিল। যদি এজন ব্যক্তিৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়, তেন্তে তেওঁ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ৰাজদ্ৰোহ হৈছে এক জামিন অযোগ্য অপৰাধ। অপৰাধটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছিল। লক্ষ্যণীয় কথাটো হ’ল ২০১৫ আৰু ২০২০ চনৰ ভিতৰত দেশদ্ৰোহৰ ধাৰাৰ অধীনত ৩৫৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু ৫৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

তেওঁলোক মাজৰে মাত্ৰ ১২ জনকহে দোষী সাব্যস্ত কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে বিভিন্ন আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক আইনখন পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু যেতিয়ালৈকে আইনখন পুনৰীক্ষণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে দেশদ্ৰোহ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু কৰিব নালাগে বুলিও কৈছিল৷ ইয়াৰ মাজতে ১ জুলাইৰ পৰা তিনিখনকৈ নতুন ফৌজদাৰী আইন দেশত কাৰ্যকৰী কৰা হয়। কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহে তিনিখন ফৌজদাৰী আইনৰ বিষয়ে চমু বাখ্যা কৰি কয় যে এতিয়া আৰু দেশদ্ৰোহিতাৰ কোনো ধাৰা নাথাকিব। শ্বাহে কয়-আমি দেশদ্ৰোহৰ ধাৰাটো সম্পূৰ্ণৰূপে আঁতৰাই ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ এক নতুন ধাৰা আনিছো। ইয়াৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাটো অপৰাধ আছিল। এতিয়া ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ ক্ষতিৰ চেষ্টা কৰিলে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ ধাৰাৰ অধীনত আইনে ব্যৱস্থা গ্ৰহণ ব্যৱস্থা কৰিব। শ্বাহৰ কথাৰ পৰা এয়া স্পষ্ট হৈ পৰিল যে দেশত আৰু এতিয়া ব্ৰিটিছৰ দিনৰ দেশদ্ৰোহিতা আইন কাৰ্যকৰী হৈ নাই।

অসম চৰকাৰৰ এক ধ্বজাবাহী আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী৷

অসম চৰকাৰৰ এক ধ্বজাবাহী আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী৷

নাৰী সবলীকৰণৰ বাবে এই আঁচনিয়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা বিভিন্ন উন্নয়নী যাত্ৰা অব্যাহত ৰাখিছে৷

এই আঁচনিৰ অধীনত হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আজিৰ পৰা আৰম্ভ হৈছে৷

গোগামুখত বানৰ ভয়ানক ৰূপঃ ওফন্দি উঠিছে ন-নদী-কুমটীয়া-জীয়াধল

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১ জুলাইঃ অৰুণাচল প্ৰদেশ আৰু অসমৰ লখিমপুৰ ধেমাজিত হৈ থকা মুষলধাৰ বৰষুণ হৈ থকাত ধেমাজি জিলাত বানে ভয়ংকৰ ৰূপ লৈছে। জিলাখনৰ ন-নদী, কুমটীয়া আৰু জীয়াধল প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠিছে আৰু বানৰ প্ৰকোপ তীব্ৰ গতিত বৃদ্ধি কৰিছে ৷ বিশেষকৈ জিলাখনৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ছখন ৰাজহ গাঁও সম্পূৰ্ণৰূপে বানপানীত বিপৰ্যস্ত হোৱাৰ বিপৰীতে ১৫ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বানত বিপৰ্যস্ত হোৱা ৰাজহ গাঁৱৰ ভিতৰত আছে মাজৰবাৰী ৰাজহ গাঁৱৰ মাজৰ বাৰী দেউৰী, মাজৰবাৰী বড়ো, মাজগাঁও দেউৰী, কৌপাতনি ৰাজহ গাঁৱৰ অন্তৰ্গত কৌপাতনি, কৌপাতনি বড়ো, বান্তৌগুৰি, হিলৈমাৰীখাট ৰাজহ গাঁৱৰ অন্তৰ্গত হিলৈমাৰী, মুকুলবাৰী, বামুনপুৰ,  ন-গাঁও চাউতালপুৰ অন্তৰ্গত চেনিয়া দেউৰী, বামচেনীয়া দেউৰী আৰু চাউতাল পুৰ গাঁও আদি গাঁও। গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটি সুত্ৰই সদৰী কৰা মতে,গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈৰ নেতৃত্বত এটি দলে বিগত তিনিদিন ধৰি বানাক্ৰান্ত অঞ্চলত পৰিদৰ্শন কৰি আছে আৰু বানত বিধ্বস্ত উল্লিখিত গাঁওসমূহৰ জনসাধাৰণক বান সাহায্য দিয়াৰ কাম আজিৰ পৰা আৰম্ভ কৰিছে আৰু কাইলৈ বানাক্ৰান্ত অঞ্চললৈ অধিক বান সাহায্য বিতৰণৰ সম্ভাৱনা আছে বুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিছে ৷ একেদৰে জীয়াধল, কুমটীয়া আৰু ন-নদীৰ বানে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেকেলী, গেৰমে, মিংমাং সৰিয়নি, ওপৰ চেনিয়া, উত্তৰ মাজদেউৰী, কাজিয়ামাটি, কাকৈয়াল,পদুমনি, বৰুৱাপথাৰ, চৌখাম,বাহৰকটিকা, মাজগাঁও, ৰতুৱা, বেৰভঙা, ফুলবাৰী, বৰদৈ চুতীয়াকাৰী, বেতনিহুলা, বৰদৈবাগান, ভেবেলী আদি কুৰিখনৰো অধিক গাঁও ক্ৰমান্বয়ে বানৰ প্ৰকোপ বৃদ্ধি পাইছে৷ গাঁওসমূহৰ ঘৰ-বাৰী জলমগ্ন হোৱাৰ সমান্তৰালভাৱে শ শ বিঘা খেতি উছন যোৱাৰ লগত কৃষিভূমিও সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে ৷ 

ৰঙিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

সোমবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়তো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। চিকিৎসক দিৱস উপলক্ষে পুৱাৰ ভাগত কেক কাটি কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে চিকিৎসালয় খনৰ উপ- অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই। ইয়াৰ পিছতে স্বাস্থ্যকৰ্মী অমূল্য বৈশ্যই আঁত ধৰা মুকলি সভাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ পদ্মেশ্বৰ কলিতা,চিকিৎসক ডাঃ পাপৰী দাসৰ লগতে ৰচিদা বেগম ,ননী কলিতা,ৰীণা পাঠক,ডিম্বেশ্বৰ ঠাকুৰীয়াই ভাষণ ৰাখে।

ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপনৰ প্ৰাসঙ্গিকতা তথা গুৰুত্ব সন্দৰ্ভত বক্তাসকলে আলোকপাত কৰে। ইফালে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ মুখ্য প্ৰৱন্ধক জি কে সিং আৰু উপ প্ৰৱন্ধক সাগৰ ৰয়েও অংশগ্ৰহণ কৰে।