Home Blog Page 733

ৰঙিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

সোমবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়তো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। চিকিৎসক দিৱস উপলক্ষে পুৱাৰ ভাগত কেক কাটি কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে চিকিৎসালয় খনৰ উপ- অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই। ইয়াৰ পিছতে স্বাস্থ্যকৰ্মী অমূল্য বৈশ্যই আঁত ধৰা মুকলি সভাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ পদ্মেশ্বৰ কলিতা,চিকিৎসক ডাঃ পাপৰী দাসৰ লগতে ৰচিদা বেগম ,ননী কলিতা,ৰীণা পাঠক,ডিম্বেশ্বৰ ঠাকুৰীয়াই ভাষণ ৰাখে।

ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপনৰ প্ৰাসঙ্গিকতা তথা গুৰুত্ব সন্দৰ্ভত বক্তাসকলে আলোকপাত কৰে। ইফালে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ মুখ্য প্ৰৱন্ধক জি কে সিং আৰু উপ প্ৰৱন্ধক সাগৰ ৰয়েও অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় বাজেটত পুজি বৃদ্ধি চৰকাৰৰ! ভাৰতৰ প্ৰতিৰক্ষা খণ্ডলৈ ৬.২৪ লাখ কোটি টকা আৱন্টন…

কেন্দ্ৰীয় বাজেটৰ এটা খণ্ড আছে য’ত কোনো চৰকাৰে আপোচ কৰিবলৈ ইচ্ছুক নহয়। ই হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে কৰা আবণ্টন, অৰ্থাৎ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা অন্তৱৰ্তীকালীন বাজেট অনুসৰি দেশৰ প্ৰতিৰক্ষা বাজেটত আৱন্টিত ধনৰাশি ৬.২৪ লাখ কোটি টকাৰ অধিক হ’ব বুলি অনুমান কৰা হৈছে।প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথম কার্যকালত প্রতিৰক্ষা বিভাগৰ দায়িত্বত থকা সীতাৰমণে সংসদক আশ্বাস দিছে যে চৰকাৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সর্বোচ্চ গুৰুত্ব থকাৰ বাবে সশস্ত্ৰ বাহিনীৰ বাবে ধনৰ অভাৱ নহ’ব৷


চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা ব্যয় বছৰটোৰ চলিত মূল্য অনুসৰি জিডিপিৰ ১.৯ শতাংশ বুলি অনুমান কৰা হৈছে, যিটো ৩২৭ লাখ কোটি টকাৰো অধিক হ’ব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ মুঠ ব্যয়ৰ শতাংশ হিচাপে ই বছৰটোৰ মুঠ কেন্দ্ৰীয় বাজেটৰ ১৩ শতাংশ, যিটো ৪৭.৬৫ লাখ কোটি টকাৰ ওপৰত বুলি অনুমান কৰা হৈছে। এইবোৰ বহল সংখ্যা কিন্তু যদি কোনোবাই এই বিশাল পৰিমাণৰ ৬.২৪ লাখ কোটি টকাৰ প্ৰধান শ্ৰেণীসমূহ ভাঙি পেলায় তেন্তে ইয়াৰ পৰা দেখা যায় যে দেশৰ প্ৰতিৰক্ষা ব্যয়ক অনুদানৰ বাবে চাৰিটা নিৰ্দিষ্ট দাবীত ভাগ কৰা হৈছে, প্ৰত্যেকেই এক নিৰ্দিষ্ট ধৰণৰ প্ৰতিৰক্ষা ব্যয়ক প্ৰতিনিধিত্ব কৰে।এইবোৰ হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অসামৰিক ব্যয়, মন্ত্ৰালয়ৰ ৰাজহ আৰু মূলধনী ব্যয় আৰু প্ৰতিৰক্ষা পেঞ্চন বিল। মন্ত্ৰালয়ৰ অসামৰিক ব্যয়ৰ ভিতৰত সচিবালয় সেৱা, গৃহ নিৰ্মাণ, পথ আৰু দলঙৰ বাজেট, উত্তৰ-পূৰ্বাঞ্চলৰ বাজেট, ৰাজ্যসমূহক সাহায্য প্ৰদানৰ লগতে অন্যান্য বিষয়সমূহ অন্তৰ্ভুক্ত। এই একাউণ্টত ৫২ হাজাৰ কোটি টকা খৰচ কৰাৰ প্ৰস্তাৱ চৰকাৰৰ।


প্ৰতিৰক্ষা বাজেটৰ আটাইতকৈ ডাঙৰ উপাদান ৰাজহ ব্যয়ত যায় যাৰ অৰ্থ হ’ল দৰমহা আৰু মজুৰি পৰিশোধ কৰা, অন্যান্য কাৰ্যকৰী ব্যয় যাৰ ফলত সামৰিক বাহিনীৰ বাবে কোনো সম্পত্তিৰ সৃষ্টি নহয়। এই চাহিদাক প্ৰতিৰক্ষা সেৱা (ৰাজহ) বুলি কোৱা হয় আৰু ইয়াৰ বাবে চলিত বিত্তীয় বৰ্ষৰ বাবে ২.৯ লাখ কোটি ব্যয় কৰা হয়, যিটো মুঠ ৬.২৪ লাখ কোটি টকাৰ বাজেটৰ ৪৭ শতাংশ। ইয়াত ভাৰতীয় সেনাৰ সিংহভাগ আছে আৰু ইয়াৰ বাজেট আৱণ্টন ১.৯৭ লাখ কোটি টকাৰ ওপৰত, তাৰ পিচতে ভাৰতীয় বায়ুসেনা (৪৭,৫২৩ কোটি টকা), আৰু ভাৰতীয় নৌসেনা (৩৩,৫২৮ কোটি টকা)। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুদানৰ তৃতীয়টো দাবী মূলধনী ব্যয়ৰ সৈতে জড়িত, যিটো ধন মন্ত্ৰালয়ে অস্ত্ৰ ব্যৱস্থা ক্ৰয় বা প্ৰতিৰক্ষা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ব্যয় কৰিবলৈ ওলাইছে। বাজেটৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত এই মূৰত চৰকাৰে প্ৰায় ১.৭২ লাখ কোটি টকা ব্যয় কৰিবলৈ ওলাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰকৃত মূলধনী ব্যয় ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰায় ১.৪৩ লাখ কোটি টকা আছিল, আৰু যোৱা বিত্তীয় বৰ্ষৰ বাবে (২০২৩-২৪ বিত্তীয় বৰ্ষ) সংশোধিত হিচাপ অনুসৰি ইয়াৰ পৰিমাণ ১৫৭ লাখ কোটি টকাৰ ওপৰত৷ ২০২০ ৰ তুলনাত অনুমান কৰা হৈছে যে এয়া মাত্ৰ ১৪,০০০ কোটি টকা বা ১০ শতাংশ বৃদ্ধি।


এইবাৰ বিত্তমন্ত্ৰীয়ে ১.৭২ লাখ কোটি টকা আৱণ্টন দিছে, যিটো যোৱা বছৰৰ তুলনাত ১৫ হাজাৰ কোটি বা দহ শতাংশ বৃদ্ধি। চতুৰ্থটো দাবী প্ৰতিৰক্ষা পেঞ্চনৰ সৈতে জড়িত। ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা পেঞ্চন বিল বছৰি প্ৰায় ১.৫ লাখ কোটি টকা, যিটো নতুন অস্ত্ৰ ব্যৱস্থা ক্ৰয় আৰু অন্যান্য প্ৰতিৰক্ষা ব্যয় সৃষ্টিৰ বাবে কৰা মুঠ ব্যয়তকৈ কিছু কম। যদি কোনোবাই প্ৰতিৰক্ষা মূলধনী ব্যয়ৰ বিষয়টো চায়, তেন্তে দেশখনে মুঠ প্ৰতিৰক্ষা বাজেটৰ মাত্ৰ ২৭ শতাংশহে নতুন অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য মূলধনী ব্যয় ক্ৰয়ৰ বাবে ব্যয় কৰে।

মেধাৰ ভিত্তিত স্কুটী লাভ কৰা শিক্ষাৰ্থীকলৈ পৰিবহণৰ ব্যতিক্ৰমী পদক্ষেপ..

গুৱাহাটী,১ জুলাই ঃ উচ্চতৰ মাধ্যমিকত মেধাৰ ভিত্তিত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ পৰা স্কুটি লাভ কৰা ২,৯০৭গৰাকী শিক্ষাৰ্থীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়ে পৰিবহণ বিভাগে। কাইলৈ প্ৰথম দিনটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান নিশ্চিত কৰা বুলি উল্লেখ কৰি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে মেধাৱী শিক্ষাৰ্থীসকলৰ দ্বাৰা অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত বাহন চালনাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গঢ়ি তোলাটোৱে প্ৰশিক্ষণৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত ৰাতিপুৱা ১১বজাত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ উপস্থিতিত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰা হ’ব। শিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত অভিভাৱক সকলক পাৰ্যমানে সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে, প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধনৰ পিছতে আগন্তুক ৩১জুলাইলৈকে প্ৰতিটো খোলা দিনতে মহানগৰ জিলাখনৰ ১০০গৰাকীকৈ শিক্ষাৰ্থী, সৰ্বমুঠ ২,৯০৭ গৰাকীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ উলিয়াব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষণত জ্ঞান প্ৰদান কৰা হ’ব।

বাৰ্বাডোছত ঘূৰ্ণীবতাহৰ আশংকাত বন্ধ বিমানবন্দৰ, যাত্ৰীৰ হাহাকাৰ! আৱদ্ধ ভাৰতীয় ক্ৰিকেট দল…

টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিচতে ৱেষ্ট ইণ্ডিজত বতৰৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। বাৰ্বাডোছত ঘূৰ্ণীবতাহ বেৰিলৰ প্ৰভাৱ দেখা গৈছে। নেচনেল হাৰিকেন চেণ্টাৰে দেওবাৰে সন্ধিয়া আগজাননী দিছে যে দক্ষিণ-পূব কেৰিবিয়ানৰ ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ঘূৰ্ণীবতাহ বেৰিল বিপদজনক হোৱাৰ আশংকা আছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে আটলাণ্টিক ঋতুৰ প্ৰথমটো ধুমুহাই সোমবাৰে ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।ইফালে পৰৱৰ্তী জাননী নোপোৱালৈকে বিমানবন্দৰত সকলো বিমানৰ চলাচল বন্ধ ৰখা হৈছে। আনহাতে টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটো দ্বীপটোতে আছে। কিন্তু প্ৰতিকূল বতৰৰ বাবে দ্বীপটোৰ পৰা বিমানৰ চলাচল বন্ধ হৈ থকাত দলটো, অনুৰাগীসকল, বিচিচিআইৰ বিষয়া আৰু সংবাদ মাধ্যমৰ লোকসকল দ্বীপটোত আৱদ্ধ হৈ আছে। লক্ষণীয়ভাৱে প্ৰত্যাশিত জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে।


সূত্ৰৰ মতে, বিচিচিআইয়ে দিল্লীলৈ পোনপটীয়া বিমানৰ ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা চলাই আছে। দ্বীপটোলৈ এখন চাৰ্টাৰ বিমানৰ বাবে বিচিচিআইয়ে চেষ্টা চলাই আছে যাতে দলটোক সুৰক্ষিতভাৱে স্বদেশলৈ আনিব পৰা যায়। কিন্তু বিমানবন্দৰটো বন্ধ থকাৰ বাবে কোনো বিমানে ২৪ ঘণ্টা বা তাতকৈ অধিক সময়ৰ বাবে অৱতৰণ কৰিব নোৱাৰিব। অৱশ্যে এখন চাৰ্টাৰ বিমান আমেৰিকাৰ পৰা উৰা মাৰিব লাগিব যি হৈছে প্ৰায় ৫ ঘণ্টাৰ দূৰত্ব । অৱশ্যে সাগৰীয় ঘূৰ্ণীবতাহৰ সৈতে ঘণ্টাত ১০০ মাইললৈকে বতাহৰ গতি আৰু পৰৱৰ্তী ১৫ ঘণ্টাৰ বাবে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বাবে কোনো বিমানে কেৰিবিয়ান দ্বীপটোলৈ যাব নোৱাৰে । ইয়াৰ অৰ্থ হৈছে যদি বতৰে সহায় কৰে তেনেহ’লে বিজয়ী ভাৰতীয় দলটোৱে ১ জুলাইৰ নিশালৈ দ্বীপটো এৰিব পাৰিব। বিচিচিআইৰ সচিব জয় শ্বাহকে ধৰি বিচিচিআইৰ শীৰ্ষ বিষয়াসকলো সুৰক্ষিত ভ্ৰমণৰ অপেক্ষাত দ্বীপটোতে আছে। দক্ষিণ আফ্ৰিকাৰ দলটোৱে অৱশ্যে বিমানবন্দৰ বন্ধ কৰাৰ পূৰ্বে পুৱাই স্বদেশলৈ উৰা মাৰিছে। ইফালে, ক্ৰিকেট অনুৰাগীসকলো উদ্বিগ্ন হৈ পৰিছে । তেওঁলোকৰ বিমান বাতিল কৰা আৰু ৫ জুলাইলৈকে বিমান সংস্থাসমূহৰ কোনো আসন নোহোৱাৰ বাবে বিচলিত হৈছে।


আনহাতে হোটেলবোৰ উপকূলত থকাৰ বাবে প্ৰতিকূল বতৰৰ ভয়ত কোঠা সংৰক্ষণৰ ব্যৱস্থা কৰা নাই। এয়াৰ কানাডা, আমেৰিকান এয়াৰলাইনছ, কেৰিবিয়ান এয়াৰলাইনছ, ভাৰ্জিন আটলাণ্টিক আৰু জেটব্লুৰ অন্তিম খন বিমানে স্থানীয় সময় অনুসৰি আবেলি ৩.৩০ বজাত দ্বীপটো এৰিছে। বাকী বিমানবোৰ ঘূৰ্ণীবতাহৰ আশংকাত যাত্ৰা কৰিব পৰা নাই।

মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল বৃদ্ধিৰ বিৰুদ্ধে সৰৱ আপ

গুৱাহাটী, ১জুলাই : “বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ,অত্যাচাৰ,বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। বিগত আঠ মাহত প্ৰায় ছয়শ নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে। বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। কিছুদিন পূৰ্বে কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতী গৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। কেইদিনমান পূৰ্বেও ৰাজ্যখনত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱা বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে নিষ্পত্তি কৰি দোষীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাওঁ।”

আনহাতে ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানপানীৰ কবলত পৰিছে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এককালীন সাহায্য আৰু বিধ্বংসী বানত ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলৰ আবাসনৰ ব্যৱস্থাৰ বাবে আপৰ নেত্ৰী গৰাকীয়ে দাবী উত্থাপন কৰে। ইপিনে চৰকাৰে মহাবিদ্যালয় সমূহত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে আম আদমী পাৰ্টিয়ে। হঠাতে শিক্ষা বিভাগে অত্যাধিক মাচুলৰ বোজা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, “চৰকাৰে ছাত্ৰ – ছাত্ৰী বা অভিভাৱক সকলৰ সক্ষমতাৰ কথা চিন্তা নকৰি কলা, বাণিজ্য শাখাৰ নামভৰ্তিৰ মাচুল ৪,০৬০ টকাৰ পৰা ৭,১৮০ টকালৈ বৃদ্ধি কৰিছে। বিজ্ঞান শাখাৰ মাচুলো ৪,৯৬০ টকাৰ পৰা ৭,৪৮০ টকালৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনাইছোঁ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ মণিপুৰ যাত্ৰা..

গুৱাহাটী ,১জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা ছাত্র ছাত্রীৰ এটা 20 জনীয় দল আজি মণিপুৰলৈ ৰাওনা হৈছে। ‘উত্তৰ পূৱ ৰাষ্ট্ৰীয় সেৱা আঁচনি উৎসৱ ‘ ত যোগদান কৰিবলৈ যোৱা পাঁচখন কলেজৰ মুঠ বিশ গৰাকী ছাত্র ছাত্রীৰ এই দলটিক নেতৃত্ব দিছে লক্ষীপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰগাম অফিচাৰ ইমৰান মজিদে। ৰাষ্ট্ৰীয় সেৱা আঁচনি ৰ উত্তৰ পূৱ মাণ্ডলিক সঞ্চালকালয়ে মণিপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠানটিৰ আয়োজন কৰিছে । সুৰেন দাস মহাবিদ্যালয় , হাজো ,শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি,শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, ধিং মহাবিদ্যালয় আৰু লক্ষীপূৰ মহাবিদ্যালয়, গোৱালপাৰাৰ ছাত্র ছাত্রী সকলে মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। অংশগ্রহণ কাৰী ছাত্র ছাত্রী সকল হ’ল: নিপু কলিতা, চাজিদ আলী,অংকিতা ডেকা, বন্দনা কলিতা, জিন্টু শৰ্মা, ৰাকেশ আলী, অনামিকা দাস, নিহা নাথ,অবিনাশ দেৱান, মৃগাংক কলিতা, সুস্মিতা দাস, ময়ূৰাক্ষী মহন্ত, সুসন শীল, পম্পি হাজং, সৰিতা হাজং, প্ৰণৱ বড়ো, বিশাল চক্ৰৱৰ্তী ,সুমিত শইকীয়া, ৰুঞ্জুমণি বড়ো আৰু দিক্ষীতা ডেকা ।


ছাত্র ছাত্রী সকলে বিভিন্ন প্ৰতিযোগিতাতো ভাগ লব। দলটিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক (ডঃ)
প্ৰতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে অন্তৰভৰা শুভেচ্ছা জ্ঞাপন কৰিছে।

তিনিবছৰ ধৰি নিৰামিষ খাদ্য গ্ৰহণ কৰি আহিছে বিৰাট কোহলীয়ে! চিকেন-মাটন ত্যাগ কৰাৰ ৫টা অনন্য উপকাৰ…

নিজকে ফিট কৰি ৰাখিবলৈ বিৰাট কোহলীয়ে চিকেন-মাটন নহয় নিৰামিষ খাদ্য গ্ৰহণ কৰে। ক্ৰিকেটাৰগৰাকীয়ে প্ৰায় ৩ বছৰে নন-ভেজ খোৱা নাই। এজন খেলুৱৈয়ে নিজৰ খেলত ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰচণ্ড ষ্টেমিনা আৰু ফিটনেছৰ প্ৰয়োজন। যাৰ বাবে তেওঁলোকৰ বাবে প্ৰটিনৰ বাবে পৰিপূৰক খাদ্যৰ লগতে কুকুৰা আৰু ছাগলী মাংস খোৱাটো প্ৰয়োজনীয় হৈ পৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ২০২৪ চনৰ টি-২০ত বিস্ফোৰক প্ৰদৰ্শনৰ পিছত অৱসৰ লোৱা বিৰাট কোহলীয়ে ৩ বছৰ ধৰি সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰি আহিছে।যদি আপুনি অনুভৱ কৰে যে আপুনি ফিট হৈ থাকিবলৈ নন-ভেজ খাদ্যৰ প্ৰয়োজন, তেন্তে ইয়াত আপুনি নিৰামিষ খাদ্যৰ উপকাৰিতাৰ বিষয়ে জানিব লাগিব-

নিৰামিষ খাদ্যত সাধাৰণতে সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল কম থাকে, যিবোৰ হৃদৰোগৰ প্ৰধান বিপদজনক কাৰক। বৰঞ্চ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে। এই পুষ্টিকৰ উপাদানসমূহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কলেষ্টেৰল হ্ৰাস কৰে আৰু ধমনীত প্লেক জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

আমিষ খাদ্যৰ তুলনাত নিৰামিষ খাদ্যত সাধাৰণতে কম কেলৰি আৰু কম চৰ্বি থাকে। ফল-মূল, শাক-পাচলি, দাইল আৰু গোটা শস্যৰে সমৃদ্ধ নিৰামিষ খাদ্যই আপোনাক অধিক সময়ৰ বাবে তৃপ্ত কৰি ৰাখে আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি লোভ কমায়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয় আৰু মেদবহুলতাৰ সম্ভাৱনা হ্ৰাস পায়।

নিৰামিষ খাদ্য গ্ৰহণ কৰিলে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে, যেনে কলৰেক্টাল কেন্সাৰ।

ভগৱানৰ বাঁহী চুৰ কৰিলে টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা…

টীয়কত সংঘটিত এক ঘটনাই ভাবিবলৈ বাধ্য কৰাইছে কোন দিশে গতি কৰিছে মানৱ সমাজ! দেওবাৰে নিশা টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰ বাৰীৰ মূল মূৰ্তি ৰাধাকৃষ্ণ মূৰ্তি কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহীটোৰ লগতে দানপাত্ৰৰ পৰা নগদ ধন চুৰি হোৱা ঘটনাই সমগ্ৰ মানৱ সমাজৰ উশৃংখলতাক প্ৰকাশ কৰিছে, লজ্জিত কৰিছে সকলোকে। জানিব পৰা মতে পুৱা মন্দিৰৰ পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি সকলোকে খবৰ দিয়ে।

ৰাইজ গোট খাই সমগ্ৰ পৰিবেশ অধ্যয়ন কৰি পাছফালৰ দৰ্জা ভাঙি মন্দিৰত প্ৰৱেশ কৰি এই চুৰি কাৰ্য সংঘটিত কৰিছে বুলি অনুমান কৰিছে। ইপিনে মন্দিৰৰ ষ্ট’ৰ ৰোমৰ তলা ভঙাৰ লগতে নিচেই কাষতে মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে ৰাইজে।ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস সংঘটিত কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰিছে ৰাইজে।উল্লেখ্যযোগ্য যে স্বয়ং কৃষ্ণৰ মূৰ্তিৰ পৰা বাঁহী চোৰ হোৱা কাৰ্যত এতিয়া সমগ্ৰ টীয়কবাসী মৰ্মাহত হোৱাৰ লগতে এয়া মানৱ জাতিৰ বাবে অতি লজ্জাজনক ঘটনা বুলি অভিহিত কৰি উচিত ব্যৱস্থা বিচাৰি টীয়ক আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি।

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ…

আজি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই কথা সামাজিক মাধ্যমযোগে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই ভয়াৱহ সংকটত সকলো প্ৰকাৰে ৰাজ্যবাসীক সহায় কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ৷

দেৰগাঁৱত অঘটন! টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন বিশ্ব ভূঞা…

দেৰগাঁৱৰ গঁড়মৰা চকীয়ালত অঘটন। টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন বিশ্ব ভূঞা নামৰ এজন যুৱক।

ঘটনাস্থলীত বৰ্তমানেও উপস্থিত হোৱা নাই SDRF বাহিনীৰ দল। যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। চাৰি যুৱকে টুলুঙা নাৱেৰে যাত্ৰা কৰোঁতেই এই অঘটন।