মৎস্য সম্পদৰ ক্ষেত্রত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়। যেনে- মাছখোৱা, শিঙিমাৰী, শলমৰা, শালমাৰী, খলিহামাৰী আদি। আমাৰ দেশত থলুৱা প্ৰজাতিৰ মাছবোৰৰ চাহিদা আন মাছৰ তুলনাত যথেষ্ট বেছি। আমি সৰুতে ককা-আইতা বা পৰিয়ালৰ জ্যেষ্ঠ জনে কোৱা বহুতো মাছৰ নাম শুনাৰ বাদে সেই মাছ কেনেকুৱা আছিল সেয়া পৰ্যৱেক্ষণ কৰাটো আমাৰ বাবে অসম্ভৱপ্ৰায় হৈ পৰিছে। অথচ কিছু বছৰৰ আগলৈকে অসম আছিলে মাছৰ উভৈনদীস্বৰূপ। ককা-আইতাহঁতে দেখা এই মাছবোৰ তেনেহ’লে ক’লৈ গ’ল বাৰু?
আচলতে আমি খাদ্য সম্পদৰ সুৰক্ষাৰ ক্ষেত্রত প্রায় কাণসাৰ নিদো। আমাৰ চিন্তা-চেতনাত এই যে খাদ্যসম্পদ, মাছ আদি সংৰক্ষণ কৰাৰ প্রয়োজন আছে সেই কথা বুজিব পৰাকৈ বোধশক্তিৰ যেন অভাৱ ঘটিছে। যিদৰে উৎকট গৰমত আজি গছ-গছনিৰ প্রয়োজনীয়তা অণুভৱ কৰিছোঁ, ঠিক এনেকৈয়ে এদিন মহৰ প্রকোপ বৃদ্ধি পালে, বিভিন্ন বেমাৰ-আজাৰে ভয়ংকৰ ৰূপ ল’লেহে হয়তো মাছৰ গুৰুত্বৰ কথা উপলব্ধি কৰিব পাৰিম।
চ’ত মাহৰ মাজৰ পৰা আহাৰ মাহৰ মাজৰ সময়ছোৱাত মাছে পোৱালি জগোৱা কাম সম্পন্ন কৰে। এই সময়ছোৱাত বৰষুণৱ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাছে কণী পাৰিবলৈ উপযুক্ত পৰিৱেশ লাভ কৰে। কিছুমান মাছৰ কণীবোৰ পানীত ওপঙি থকাৰ পৰিৱর্তে কিছুমান মাছৰ কণীবোৰ পানীৰ তলৰ জলজ উদ্ভিদৰ দেহত লাগি থাকে। এজনী মাছে পাঁচৰ পৰা বিছ হাজাৰ পর্যন্ত কণী পাৰে। কণীবোৰৰ পৰা ইহঁতৰ পোৱালি জগে, যাক আমি পোনামাছ বুলি কওঁ। এই পোনামাছবোৰো বহুত মানুহে ধৰি ধৰি খায় ফলত মাছৰ পোৱালী অণুপাতে ডাঙৰ হোৱা মাছৰ সংখ্যা কম হয়। আপোনালোকে ভাবি চাওকচোন, এই সময়ছোৱাত কণী লগা মাছ খোৱা মানে আমি কিমান ডাঙৰ অপৰাধ কৰা। মাকৰ লগতে পোৱালি হ’ব পৰা মাছবোৰ খায় আমি মাক আৰু সম্ভাৱ্য পোৱালিক হত্যা কৰা নাইনে? কেনেবাকৈ যদিহে কণীবোৰ ৰক্ষা পৰে তাতো আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে পোনাবোৰ খায় আমি কিমান ভয়াৱহ কাম কৰি আছো নিজেই কল্পনা কৰিব পৰা নাই। আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়, খাল বিল, জান আদিত থলুৱা প্ৰজাতিৰ মাছবোৰেৰে উপচি পৰিছিল যদিও জলাশয় পুতি পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলত বহুতো জলাশয় আজি খেতিপথাৰলৈ পৰিৱর্তিত হৈছে। ফলত মাছৰ প্রাকৃতিক আবাসভূমিও সাংঘাটিককৈ কমি আহিছে।
দেওবাৰে কেদাৰনাথৰ গান্ধী সৰোবৰৰ ওপৰত ব্যাপক হিমস্খলন সংঘটিত হয়।ঢালৰ পৰা হুৰহুৰাই তললৈ নামি অহা হিমস্খলনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। দেওবাৰে পুৱা প্ৰায় ৫ বজাত কেদাৰনাথ ধামৰ পিছফালে অৱস্থিত বৰফৰ পাহাৰত হিমস্খলন সংঘটিত হয়।পাহাৰৰ পৰা বৰফ যথেষ্ট নামি আহিল আৰু পাহাৰৰ পৰা বৰফৰ ধূলি উঠিবলৈ আৰম্ভ কৰে।ইয়াৰ ফলত কেদাৰনাথত আলোড়নৰ সৃষ্টি হয়। যথেষ্ট সময় ধৰি হিমস্খলন চলি থাকিল।কিন্তু এই পাহাৰত হিমস্খলন হোৱাটো অস্বাভাৱিক নহয়।
দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে জনোৱা মতে, কেদাৰনাথৰ ছেক্টৰ বিষয়াই দেওবাৰে পুৱা গান্ধী সৰোৱৰৰ ওপৰত অৱস্থিত পাহাৰত হিমস্খলন সংঘটিত হোৱাৰ খবৰ দিয়ে।কিন্তু এই হিমস্খলনৰ ফলত কোনো ধৰণৰ ক্ষতি হোৱা নাছিল।এই পাহাৰত সময়ে সময়ে এনে হিমস্খলন ঘটে বুলি তেওঁ উল্লেখ কৰে। “যথেষ্ট বৰফ পৰিলে এনে ঘটনা সংঘটিত হয়।ইয়াৰ কোনো ক্ষতি নহয়।”