Home Blog Page 735

আমাৰ তুলনাত বিশ্ব কাপৰ বেছি যোগ্য দ্ৰাবিড়ঃ ৰোহিত শৰ্মা…

বিশ্ব কাপ জয় কৰি ৰোহিত শৰ্মাৰ মুখত ৰাহুল দ্ৰাবিড়ৰ নাম৷ বিৰাট কোহলীয়ে খেলপথাৰত প্ৰশিক্ষকক টি-২০ বিশ্বকাপ ট্ৰফী প্ৰদান কৰিছিল। খেলৰ পিছত ৰোহিতে সংবাদ মাধ্যমক কয় যে দ্ৰাবিড় দলৰ খেলুৱৈসকলৰ তুলনাত এই ট্ৰফীৰ অধিক যোগ্য। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত ভাৰতীয় দলে যোৱা ১২ মাহত তিনিখন বিশ্ব কাপ ফাইনেল খেলিছে। টেষ্ট আৰু এদিনীয়া বিশ্ব কাপ জিকিব নোৱাৰা স্বত্বেও ভাৰতে টি-২০ বিশ্ব কাপ জিকিছে। ৱেষ্ট ইণ্ডিজত এই সফলতা দ্ৰাবিড়ৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। খেলৰ কেৰিয়াৰত অধিনায়ক হিচাপে দ্ৰাবিড়ে ২০০৭ চনৰ এদিনীয়া বিশ্ব কাপত ৱেষ্ট ইণ্ডিজৰ পৰা খালী হাতেৰে উভতি আহিব লগা হৈছিল। দ্ৰাবিড়ে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে তেওঁৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ পৰা বিশ্ব কাপৰ সৈতে স্বদেশলৈ উভতি আহিব। তেওঁৰ সময়ত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হোৱা স্বত্বেও দ্ৰাবিড়ে বিশ্ব কাপৰ সোৱাদ লাভ কৰা নাছিল। তেওঁ এইটো প্ৰশিক্ষক হিচাপে পাইছিল। সেইটোও একেবাৰে শেষত। তেওঁ ভাৰতীয় দলৰ অধিনায়কৰ বিষয়ে নিশ্চিত আছিল। ‘দ্ৰাবিড় আমাৰ সকলোতকৈ এই বিশ্ব কাপৰ অধিক যোগ্য আছিল। যোৱা ২০-২৫ বছৰ ধৰি ভাৰতীয় ক্ৰিকেটৰ বাবে কি কৰা নাই? মই ভাবো প্ৰশিক্ষকজনৰ মাত্ৰ এটা বিশ্ব কাপ নাছিল। আমি সকলোৱে তেওঁৰ বাবে বহুত সুখী।

আমি এই ট্ৰফীটো গোটেই দলৰ প্ৰশিক্ষকক দিব বিচাৰিছিলো। সকলোৱে দেখিলে যে দ্ৰাবিড়ে খেলখনৰ চোৱাচিতা কৰিবলৈ কিমান গৌৰৱান্বিত আছিল। তেওঁ কিমান উত্তেজিত আছিল।’ দলটোৰ সফলতাৰ বিষয়ে উল্লেখ কৰি ৰোহিতে কয়, ‘এই সফলতা আমাৰ দলৰ যথেষ্ট বুজাবুজি আৰু কিছুমান প্ৰক্ৰিয়া অনুসৰণ কৰাৰ ফল। এই মুহূৰ্তটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। আকৌ আমি যি অৰ্জন কৰিছো তাৰ বাবে মই অধিক উৎসাহিত। এই মানুহজনে আমাৰ ভাৰতীয় ক্ৰিকেটত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ বহুতো, বহুতো বস্তু দিছিল।’ শনিবাৰে দ্ৰাবিড়ক কোহলীয়ে ট্ৰফী তুলি দিয়াৰ পিছত, ভাৰতীয় দলৰ প্ৰশিক্ষকে উল্লাস কৰে। তেওঁক কেতিয়াও এনে উত্তেজনা প্ৰকাশ কৰা দেখা নাছিল। কেৱল এজন প্ৰশিক্ষক হিচাপেই নহয়, দ্ৰাবিড়ে কেতিয়াও তেওঁৰ খেলজীৱনত এনে উত্তেজনা প্ৰকাশ কৰা নাই। এইটো প্ৰথমবাৰৰ বাবে যে ভাৰতীয় ক্ৰিকেটৰ ‘দ্য ৱাল’য়ে বিশ্ব কাপ জিকাৰ সোৱাদ পাইছিল। লগতে অন্তিম দিনবোৰত। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলেও বিশ্ব জয়ৰ উত্তেজনাত প্ৰিয় প্ৰশিক্ষকক বতাহত দলিয়াই দিছিল।

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

অচিনাকি স্থানলৈ যাত্ৰাৰ সময়ত বা কোনো অচিনাকি লক্ষ্যস্থান বিচৰাৰ সময়ত সাম্প্ৰতিক সময়ত প্ৰায় সকলোৰে সহযাত্ৰী হৈ পৰিছে গুগল মেপ। পিছে কেতিয়াবা এই প্ৰযুক্তিৰ সহায়ো উপকাৰতকৈ বিপদৰ আহিলাহে হৈ পৰিব পাৰে। তেনে এক কাৰ্যই ঘটিল দুগৰাকী যুৱকৰ সৈতে।

চিকিৎসালয়ৰ সন্ধান চলাই থকা এই যুৱক দুজনে চিকিৎসালয়ৰ পৰিৱৰ্তে সোমালে ভৰা নদীতহে।

অৱশ্যে সৌভাগ্যৱশতঃ সম্ভাৱ্য মৃত্যুৰ পৰা কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় যুৱক দুজন। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

যুৱক দুজনে জানিবলৈ দিয়া মতে, তেওঁলোকে পুৱাৰ ভাগত চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ এখন চিকিৎসালয় অভিমুখে যাত্ৰা কৰিছিল আৰু লক্ষ্যস্থান বিচাৰি পোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে তেওঁলোকে গুগল মেপ ব্যৱহাৰ কৰি আগবাঢ়িছি।

গুগল মেপত তেওঁলোকক যাত্ৰাৰ বাবে এটা সৰু পথ দেখুওৱা হয় আৰু এই পথেৰেই তেওঁলোকে বাহনখন আগুৱাই নিয়ে।

কিন্তু অলপ দূৰ যোৱাৰ পিছতে তেওঁলোকে উমান পায় বিপদৰ। এই সন্দৰ্ভত দুই যুৱকৰে এগৰাকী আব্দুল ৰছিদ নামৰ যুৱকজনে জানিবলৈ দিয়া মতে বাহনখনৰ হেডলাইট ব্যৱহাৰ কৰি তেওঁলোকে সন্মুখত কিছু পানী থকা বুলি জানিব পাৰে। কিন্তু সন্মুখত যে এয়া এখন নদীহে আৰু বাহনৰ দুয়োকাষে যে নদীখন বৈ আছে, সেই বিষয়ে তেওঁলোকে অনুমান কৰিব পৰা নাছিল।

নদীখনৰ মাজত এখন দলং আছিল যদিও দলংখনত দুইকাষত কোনো বেৰা নাছিল। এই দলঙেৰেই আগবাঢ়িছিল তেওঁলোকৰ বাহন। হঠাতে বাহনখন এই দলংখনৰ পৰা নদীত পৰে আৰু নদীৰ সোঁতে উটুৱাই নিয়ে বাহনখন।

সৌভাগ্যৱশতঃ বাহনখন এজোপা গছত লাগি ধৰে। এই সুযোগতে দুয়ো যুৱক বাহনখনৰ পৰা নামি আহিবলৈ সক্ষম হয়।

MGNREGA কাম মানুহে নহয়, কাম কৰিছে কুকুৰে

মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত দেশৰ দৰিদ্ৰ লোকসকলে ১০০ দিনৰ কৰ্মসংস্থাপন লাভ কৰি আহিছে । এই আঁচনিৰ অধীনতে দৈনন্দিন কামৰ ভিত্তিত পাৰিশ্ৰমিক লাভ কৰে শ্ৰমিকসকলে ।

মনকৰিবলগীয়া যে, এই আঁচনীৰ অধীনত হৈ কামৰ প্ৰমাণ হিচাপে MGNREGA পৰ্টেলত কাম কৰি থকা শ্ৰমিকৰ ফটো আপলোড কৰিব লাগে । কিন্তু ইয়াৰ বিপৰীতে এইখন দেশতে এক আজৱ ঘটনা সংঘটিত হৈছে । ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত এতিয়া মানুহে নহয়, কাম কৰিছে কুকুৰে !

আপুনি আচৰিত হ’ব, এইবাৰ MGNREGA পৰ্টেলত ১০০ দিনৰ কামত শ্ৰমিকৰ সলনি দেখা গ’ল কুকুৰৰ ছবি ! ৰাজস্থানৰ পালি জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত জিলাখনৰ ছেদিয়া গাঁৱৰ এটা পথ নিৰ্মাণৰ কাম চলি আছিল ।

কামৰ প্ৰমাণ হিচাপে শ্ৰমিকৰ ফটো আপলোড কৰাৰ দায়িত্ব আছিল বিভাগীয় কৰ্তৃপক্ষৰ । কিন্তু দেখা গৈছে যে ৯ জন শ্ৰমিকৰ পৰিৱৰ্তে পৰ্টেলত ৰাস্তাৰ কুকুৰৰ ছবি আপলোড কৰা হৈছে। ইয়াৰ পাছতে ছবিখন ভাইৰেল হৈ পৰে।

এই ঘটনাই সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । খবৰ অনুসৰি, এই আজৱ ঘটনাৰ বাবে সেই অঞ্চলৰ বিডিঅ’ গৰাকীক লোকপালৰ নিৰ্দেশত এবছৰৰ বাবে ব্লেকলিষ্ট কৰা হয়

শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি আজি ৩০ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়

অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী-সাহিত্যসেৱক, কুইজ মাষ্টাৰ হিচাপে খ্যাত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি আজি ৩০ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সহযোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মধ্য মাজুলীৰ শতাধিক শিশু-ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰে ‘শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান’ শীৰ্ষক বৰ্ণিল অনুষ্ঠান সম্পন্ন হয়।

সভাৰ আৰম্ভণিতে প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেশ চন্দ্ৰ বৰাই আৰু বন্তি প্ৰজ্বলন কৰে খৰিচাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অমৰেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী অনুপ্ৰভা দেৱীয়ে।

একুৰি শিশুশিল্পীৰ দিহানামেৰে শুভাৰম্ভণি হোৱা স্মৃতিচাৰণ সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, ধনভৰালী প্ৰণৱজিত মিশ্ৰ, সহকাৰী সম্পাদক সোণজ্যোতি পামেগাম, কুঁহি আহ্বায়ক গোলাপ চন্দ্ৰ নাথ, গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগন, সুৰেশ চন্দ্ৰ বৰা, জোনালী নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অমৰেন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গীতে-মাতে বিস্তৃত বক্তৃতা-আলোচনা আগবঢ়ায়।

অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম বিষয়ববীয়া তথা ১ নং মৰিটুনী গাঁও উন্নয়ণ সমিতিৰ সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত ইয়াৰ পিছতে শিশু-ছাত্ৰ-ছাত্ৰীসকলে ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত-নৃত্য, কবিতা পৰিৱেশনৰে সকলোকে আকৃষ্ট কৰে। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্য তথা অমৰেন্দ্ৰ বৰুৱাৰ জেষ্ঠ্য পুত্ৰ সংগঠক শংকুসিদ্ধ নাথে পৰিচালনা কৰা কুইজ অনুষ্ঠানে স্মৃতি দিৱসটিক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সকলো অংশগ্ৰহণকাৰীকে মান পত্ৰ, লেখন সামগ্ৰী আৰু মিষ্ট প্ৰসাদ বিতৰণ কৰা হয়।

বহি:ৰাজ্যত কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কাকপথাৰ,৩০ জুন: যোৱা ২০ জুন তাৰিখে তামিলনাডুত কৰ্মৰত কাকপথাৰৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ ছমাহ ধৰি তামিলনাডুৰ এটা ব্যক্তিগত ক’ম্পেনীত কৰ্মৰত কাকপথাৰ ২ নং চেলেংগুৰিৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুত শোকস্তব্ধ হৈ পৰে পৰিয়াল ৷

৺তুলসী হাজৰিকা আৰু অনু হাজৰিকাৰ পুত্ৰ মানৱ হাজৰিকাৰ পৰিয়ালত বৰ্তমানেও হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন ৷ যুৱক জনক কোনো দূৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে সহকৰ্মীয়ে ৷ অতি দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ অভাৱত যুৱক জনৰ মৃতদেহ কাকপথাৰ স্থিত নিজ গৃহলৈ উভতাই আনিব নোৱাৰাত সহকৰ্মীয়ে তামিলনাডুতে সৎকাৰ কৰে ৷

মৃত মানৱ হাজৰিকাৰ পত্নীয়ে এতিয়া দুই কনমানি সন্তানক কোলাত লৈ ন্যায় বিচাৰিছে ৷ স্থানীয় ৰাইজ, পৰিয়ালৰ লগতে সদৌ অসম নিৰ্যাতন বিৰুধী ঐক্য মঞ্চৰ বিষয়ববীয়াই মানৱ হাজৰিকাই কৰ্মৰত কোম্পানীটোক পৰিয়ালৰ লগতে দুই সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ সমান্তৰালকৈ স্থানীয় বিধায়ক, জিলা প্ৰশাসন, ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ উক্ত ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে দূৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে।

ইফালে মৃতকৰ আদ্যশ্ৰাদ্ধত নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ লক্ষ্মীনাথ ফুকন ,ৰহেন্দ্ৰ মৰাণ,ধৰ্মকান্ত হাজৰিকাৰ লগতে স্থানীঁয় বিষয়ববীয়া উপস্থিত হৈ বহি:ৰাজ্যত কৰ্মৰত লোকসকলক কৰি অহা নিৰ্যাতন বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনোৱাৰ লগতে অসমতে কাম কৰি খাব পৰাকৈ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰক আহ্বান জনায় ৷ মৃত মানৱ হাজৰিকাৰ পত্নীক এটা চাকৰি আৰু দৰিদ্ৰ পৰিয়ালটোক এককালীন ১০ লাখ টকা সাহাৰ্য আগবঢ়াবলৈও চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

গৌৰীপুৰত ক্ৰিকেটৰ নামত অবৈধ জুৱা খেল

গৌৰীপুৰত ক্ৰিকেটৰ নামত অবৈধ জুৱা খেল ।
ক্ৰিকেটৰ নামত জুৱাৰুৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান। অভিযানত আটক এগৰাকী জুৱাৰী ।

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত গৌৰীপুৰ মধুশলমাৰী বৰুৱাভিটা অঞ্চলৰ পৰা সহিদুৰ ৰহমান নামৰ এগৰাকী ক্ৰিকেট জুৱাৰীক আটক কৰাৰ লগতে নগত আৰৈলাখ টকা সহ তিনিটাকৈ মোবাইলফোন জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে জুৱাৰি গৰাকীক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে সোধ পোচ অব্যাহত ৰাখিছে।

বিশিষ্টা লেখিকা গিৰিজাবালা দাসক, লেখিকা সংস্থা অসমৰ , ষষ্ঠদশ বাৰ্ষিক””লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা ” প্ৰদান

আদৰ্শ মাতৃ বঁটা ” প্ৰদান

সমাজৰ যিকোনো আদৰ্শ বান গুণী ব্যক্তিক বঁটা ৰে সন্মান জনোৱা ৰ প্ৰথা নতুন নহয়,ই অতীজৰে পৰা চলি অহা এটা ৰাজকীয় তথা সামাজিক প্ৰথা।এই প্ৰথাৰ জৰিয়তে ই একো একোজন ব্যক্তি ক, ব্যক্তি জনে আগবঢ়োৱা অৱদানৰ অৰিহণা স্বৰূপে সামাজিক স্বীকৃতি প্ৰদান কৰা হয়।

এনে আদৰ্শ আগত ৰাখিয়ে লেখিকা সংস্হা অসমে ২০০৯ চনৰ পৰা প্ৰতি বছৰে সামাজিক জীৱনত সুপ্ৰভাৱম্বিত ব্যক্তি ত্বৰে প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী আদৰ্শ মান সুমাতৃক সন্মান জনোৱা ৰ উদ্দেশ্যেৰে ডিব্ৰুগড় নিৱাসী লাৱণ্য হাজৰিকা ৰ প্ৰৱিত্ৰ স্মৃতিত আদৰ্শ মাতৃ বঁটা নামেৰে এটি বঁটা প্ৰদান কৰি অহা হৈছে।২০২৪ বৰ্ষ ৰ বাবে এই বঁটা প্ৰদান কৰা হয় গুৱাহাটী ৰ লাচিত নগৰ নিৱাসী বিশিষ্ট লেখিকা, আদৰ্শ ময়ী মাতৃ তথা বৈষ্ণৱ সংস্কৃতি আদৰ্শেৰে অনু প্ৰাণিত সমাজ সেৱিকা গিৰিজাবালা দাসক। বঁটা প্ৰদান কৰে মুখ্য অতিথি অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড: সূৰ্য্য কান্ত হাজৰিকাই। এই বঁটা ত আছে নগদ ধন ৰাশি,জাপি ,চেলেং চাদৰ,মানপত্ৰ, ফুলৰ থোৰা, গামোচা।

এই বঁটা প্ৰদান অনুষ্ঠানটি যোৱা ২৯জুন শনিবাৰে দিনৰ ২বজাত সাহিত্য সভাৰ প্ৰংগণত সংগীতাচায্য লক্ষ্মী ৰাম বৰুৱা সদনত আড়ম্বৰ পূৰ্ণ ভাৱে অনুষ্ঠানটি সম্পন্ন কৰা হয়। অনুষ্ঠান টিৰ আৰম্ভ ণীতে প্ৰয়াত লাৱণ্য হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞলী আগবঢ়ায় লেখিকা সংস্থা,অসমৰ সভাপতি মৃদুলা শৰ্মা প্ৰমুখ্যে,লাৱণ্য হাজৰিকাৰ পুত্ৰ পদ্মশ্ৰী ড: সূৰ্য কান্ত হাজৰিকা আৰু পৰিয়াল বৰ্গ ই, সংস্থা ৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি প্ৰমুখ্যে গিৰিজাবালা দাস আৰু আন আন অথিতিবৃন্দই।

অনুষ্ঠান ৰ আৰম্ভণি তে আদৰণী ভাষণ প্ৰদান কৰে লেখিকা সংস্থা,অসমৰ প্ৰধান সম্পাদক বিজয়া দেৱদাসে। এটি ভক্তি মূলক গীতেৰে অনুষ্ঠান টি শুভাৰম্ভ কৰে হাতী গাওঁ শাখাৰ সদস্যা পূবালী শৰ্মা ই। সভাখন উদ্ধোধন কৰে লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভাপতি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি য়ে ভাষণ প্ৰসংগত, সংস্থা ৰ এক চমু ইতিহাস দাঙি ধৰে লগতে গিৰিজাবালা দাসৰ লগত পৰিচয় সম্বন্ধে ব্যক্ত কৰে। আদৰ্শ মাতৃ প্ৰয়াত লাৱণ্য হাজৰিকাৰ জীৱন পঞ্জী বৰ্ণনা কৰে এছ,কে হাজৰিকা কলেজৰ অধ্যক্ষ ড:ইভা হাজৰিকাই।

অনুষ্ঠান ত বঁটা প্ৰাপক গিৰিজাবালা দাসৰ বিষয়ে দুআষাৰ প্ৰদান কৰে একমাত্ৰ জোঁৱাই,আহমেদাবাদৰ,অ,এন,জি,চি ৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক চত্ৰধৰ ভৰালী আৰু জীয়ৰী ডা: কৃষ্ণা দাস ভড়ালীয়ে। অনুষ্ঠান ত মুখ্য অতিথি ৰূপে উপস্হিত থাকি সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড: সূৰ্য্য কান্ত হাজৰিকা ই ভাষণ প্ৰসংগত””আদৰ্শ মাতৃ বটাৰ ” সম্বন্ধে কিছু বক্তব্য ৰাখে। বঁটা প্ৰাপক গিৰিজাবালা দাসে বটা টি গ্ৰ্হণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে।

অনুষ্ঠান ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লেখিকা সংস্থা,অসমৰ প্ৰাক্তন সভাপতি ৰতিপ্ৰভা গগৈ,সুচিত্ৰা কাকতি, ড: নমিতা ডেকা,অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱা, আদিকে কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্হিত থাকে। অনুষ্ঠান ত সমবেত সংগীত পৰিবেশন কৰে সংস্হাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী শাখাৰ সদস্যা সকলে, সত্ৰীয়া নৃত্য পৰিবেশন কৰে বেবী বৰদলৈ য়ে। অনুষ্ঠান ৰ অন্তিম কাৰ্যসূচী ত সংস্হাৰ সভাপতি মৃদুলা শৰ্মাই ভাষণ প্ৰসংগত বঁটা প্ৰদান অনুষ্ঠান ৰ দীৰ্ঘদিনীয়া প্ৰস্তূতিৰ বিষয়ে উল্লেখ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই, সংস্হাৰ মধ্য অসমৰ কাৰ্যকৰী সভাপতি মামণি গগৈ বৰুৱা ই।

গোগামুখত ৪ টা ডকাইত আটকঃ ৪৫ গ্ৰাম সোণ উদ্ধাৰ

ধেমাজি জিলাৰ গোগামুখ আৰক্ষীয়ে বিভিন্ন অপৰাধী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে যদিও সমগ্ৰ গোগামুখ ডকাইত আৰু চোৰৰ উপদ্ৰৱ অন্ত হোৱা নাই ৷

আজি পুনৰ বৰদলনি আৰক্ষী চকীৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া বসন্ত শইকীয়াৰ নেতৃত্বত আৰু গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলেৰ সহযোগত চাৰিটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়।

  ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰদলনি দিহিঙ্গীয়া গাঁৱৰ এটা ঘৰৰ পৰা চাৰিদিনৰ আগতে এটা ডকাইতৰ দলে বুজন পৰিমাণৰ সোণৰ চেইন, কাণফুলি, আঙুটি চোৰ কৰি নিছিল ৷ ভুক্তভোগী পৰিয়ালে বিষয়টিৰ সন্দৰ্ভত বৰদলনি আৰক্ষী চকীত এটি গোচৰ দিছিল ৷

গোগামুখ আৰক্ষীয়ে বিষয়টি গুৰুত্বসহকাৰে ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে অভিযান চলাই মাজুলীৰ জেংৰাইমুখৰ দিব্যজ্যোতি নাথ, গড়মূৰ মাজুলীৰ  বিকি শইকীয়া,  ঢকুৱাখনা বালি জানৰ হৃদয়জ্যোতি বৰা,  ঢকুৱাখনা মানিকপুৰৰ ফজুল হকক সুকীয়া সুকীয়াকৈ কালি আটক কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে আটাইকেইটা অপৰাধীয়ে মাৰপিট, চোৰ, ডকাইত আৰু অন্য বিভিন্ন অপৰাধত জৰিত হৈ আহিছে ৷ ডকাইতৰ দলটোৰ পৰা গোগামুখ আৰক্ষীয়ে এতিয়ালৈকে প্ৰায় ৪৫ গ্ৰাম সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

মিছ ইউনিভাৰ্ছ অসম খিতাপ বিজয় অনামিকাৰ

গুৱাহাটী, ৩০ জুনঃ বিগত ২০২৩ বৰ্ষৰ মিছ আসাম অনামিকা বৰাই চলিত বৰ্ষৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ দখল কৰিছে৷ যোৱা ২৯ জুনত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ অসম অডিছনত অনামিকাই শ্ৰেষ্ঠ প্ৰতিযোগিৰ সন্মান অৰ্জন কৰে৷

মিছ ইউনিভাৰ্ছ অসমৰ বিউটী পাৰ্টনাৰ এট’মী ইণ্ডিয়াৰ সহযোগত প্ৰতিযোগিতাখন যোৱাকালি মহানগৰীৰ হোটেল ন’ভোটেলত সফলতাৰে অনুষ্ঠিত হয়৷ সৌন্দৰ্য্য প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷

এই সন্মানজনক প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ অপাৰেচন আৰু মাৰ্কেটিং সঞ্চালক আমজাদ খান, মিছ ট্যুৰিজিম ২০২৩ অস্মিতা চক্ৰৱৰ্তী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে৷

প্ৰতিযোগিতাখনত তিনিটা ৰাউণ্ডৰ অন্তত শ্ৰেষ্ঠত্বৰ সন্মান আজুৰি অনামিকাই অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰিব৷

লোকসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হ’ব পাৰে ফৈজাবাদৰ সাংসদ অৱদেশ! মমতাই দিলে প্ৰস্তাৱ

লোকসভাত বিৰোধী এইবাৰ শক্তিশালী । সেয়ে ইণ্ডিয়া মিত্ৰজোঁটে লোকসভাৰ উপাধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰি শাসক শিবিৰ আৰু বিজেপিলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। এই পদৰ বাবে সেয়ে বিৰোধী মিত্ৰজোঁটে এনে কোনোবা এজনক মনোনীত কৰিব বিচাৰিছে যিয়ে বিজেপিক অস্বস্তিত পেলাব পাৰে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতেইণ্ডিয়া এলায়েন্সে উত্তৰ প্ৰদেশৰ ফৈজাবাদ সমষ্টিৰ পৰা জয় লাভ কৰা সমাজবাদী পাৰ্টিৰ সাংসদ অৱধেশ প্ৰসাদক লোকসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰাৰ কথা চিন্তা কৰিছে। ধাৰণাটো তৃণমূলৰ মগজু কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ বুলি বহুতে কৈছে। মমতাৰ এনে প্ৰস্তাৱৰ পিছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সমাজবাদী পাৰ্টীৰ লোকসভাৰ নেতা অখিলেশ যাদৱৰ মাজত ব্যাপক আলোচনা হোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।

সেই আলোচনাতেই মমতাই পৰামৰ্শ দিয়াৰ দৰে অভিষেকে প্ৰথমে পৰামৰ্শ দিছিল যে বিজেপিৰ চিন্তাধাৰাৰ বাহিৰত থকা আৰু যাৰ নামে বিজেপিক অস্বস্তিত পেলাব, এনে এজন প্ৰাৰ্থীক মনোনীত কৰিব লাগে। উপাধ্যক্ষ পদৰ বাবে তৃণমূল কংগ্ৰেছৰ কোনো সাংসদ প্ৰতিদ্বন্দ্বিতাত নাথাকিব বুলিও তেওঁ কয়।

ভাৰতীয় গণতন্ত্ৰৰ অলিখিত পৰম্পৰা অনুসৰি উপাধ্যক্ষৰ পদ বিৰোধীক দিয়া হয়। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে বিগত পাঁচ বছৰে উপাধ্যক্ষৰ পদ খালী কৰি ৰাখিছিল। দৰাচলতে বিৰোধীয়ে অনুভৱ কৰিছে যে উপাধ্যক্ষৰ পদ নিদিয়াৰ বাবে বিগত পাঁচ বছৰে তেওঁলোকক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এইবাৰ অন্ততঃ চৰকাৰে উপাধ্যক্ষৰ পদ বিৰোধীক দিব লাগে বুলি তেওঁলোকে দাবী কৰি আহিছে।