Home Blog Page 738

কেৱল কবিৰ ভাজিয়ে নহয়, ইয়াৰ ৰসও উপকাৰী! কিয় খাব লাগে জানেনে…

কবি খাই ভাল পাইনে? কেতিয়াবা কবিৰ ৰস খাইছেনে? কবিৰ ৰস বহুতো উপকাৰী স্বাস্থ্যৰ বাবে। কবিত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টি অক্সিডেন্ট থাকে।কবিৰ ৰস কিয় খাব লাগে জানো আহক…

কবিৰ ৰস কম কেলৰি আৰু উচ্চ আঁহযুক্ত খাদ্য, কবিৰ ৰসে ওজন হ্ৰাস বা ওজন নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ইয়াৰ দ্বাৰা ভোক নিয়ন্ত্ৰণ কৰিব পৰা যায়।

কবিৰ ৰসত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে নিয়মীয়াকৈ মলত্যাগ কৰি হজম শক্তিত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। আঁহে ভাল আন্ত্ৰিক বেক্টেৰিয়া বৃদ্ধিতো অৰিহণা যোগায়।কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ দৰে সমস্যা হ্ৰাস কৰে।

কবিৰ ৰসত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও কবিত থকা এন্টিঅক্সিডেন্টে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু এল ডি এল কলেষ্টেৰলৰ অক্সিডেচন ৰোধ কৰিব পাৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

কবিৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অতি প্ৰয়োজনীয়।

কবিৰ ৰস আমাৰ ছালৰ বাবেও উপকাৰী।

চুলাই মদৰ বিৰুদ্ধে গোলকগঞ্জৰ শৌলমাৰীত আক্ৰাছুৰ অভিযান…

গোলকগঞ্জৰ শৌলমাৰীত চুলাই মদৰ বিৰুদ্ধে আক্ৰাছুৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে আক্ৰাছুৱে। শৌলমাৰী আৰক্ষীৰ সহযোগত এক হাজাৰ লিটাৰ চুলাই মদ বিনষ্ট কৰে আক্ৰাছুৱে। দীৰ্ঘদিনৰ পৰা টম ৰায়ৰ ঘৰত চলি আছিল চুলাই মদৰ ৰমৰমীয়া বেহা। টম ৰায়ৰ ঘৰৰ কাষতে আছে দুখনকৈ স্কুল (প্ৰাথমিক আৰু এম ই)।

নতুন প্ৰজন্মক ধ্বংস কৰা আৰু পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ আক্ৰাছুৰ। আৰক্ষী সৈতে সু-সম্পৰ্ক টম ৰায়ৰ বুলিও অভিযোগ তুলিছে আক্ৰছুৱে। টম ৰায়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও গোলকগঞ্জ আৰক্ষীক দাবী জনায় আক্ৰাছুৱে।

আৱেগিক হাৰ্দিক পাণ্ডিয়া! পত্নীৰ নাই কোনো প্ৰতিক্ৰিয়া! অনুৰাগীৰ চকু নাটাছাৰ ছ’চিয়েল মিডিয়া একাউণ্টলৈ! নাটাছাৰ একাউণ্টত মানুহে কি চাব বিচাৰে…

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ছাৰ্বিয়ান মডেল-অভিনেত্ৰী তথা হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছা ষ্টেনকভিচ। কিন্তু ভাৰতৰ টি-২০ বিশ্বকাপ জয় আৰু ইয়াত হাৰ্দিকৰ উজ্জ্বল প্ৰদৰ্শনক লৈ এতিয়ালৈকে নাটাছাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিম অভাৰত হাৰ্দিক পাণ্ডিয়াৰ জয়ী বলিঙে ক্ৰিকেটাৰগৰাকীক প্ৰশংসা কৰিবলৈ বাধ্য কৰাইছে। কিন্তু এই সকলোবোৰৰ মাজতে মানুহৰ দৃষ্টি নিবদ্ধ হৈ আছে হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছা ষ্টেনকভিচৰ ছ’চিয়েল মিডিয়া একাউণ্টত। নাটাছাৰ ছ’চিয়েল মিডিয়াত মানুহে কি চাব বিচাৰে…


ছাৰ্বিয়াৰ মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচ আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ মাজত বিচ্ছেদৰ উৰাবাতৰি দীৰ্ঘদিন ধৰি ইণ্টাৰনেটত প্ৰচাৰ হৈ আহিছে, যাৰ ওপৰত দম্পতীহালে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উৰাবাতৰিৰ মাজতে নাটাছা ষ্টেনকভিচে ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ পৰিছে, আৰু প্ৰায় প্ৰতিদিনে তেওঁৰ নতুন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। কিন্তু টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখনৰ সময়ছোৱাত নাটাছাই হাৰ্দিক পাণ্ড্যাৰ বাবে কোনো পোষ্ট বা মন্তব্য কৰা নাই। বিশ্বকাপ টি-২০ জয় কৰাৰ পিছতো নাটাছাই হাৰ্দিক পাণ্ডিয়া বা টিম ইণ্ডিয়াৰ হৈ কোনো পোষ্ট দিয়া নাই। বিশ্বকাপ জয়ৰ পিছত গোটেই দিনটো ছ’চিয়েল মিডিয়াত পোষ্টৰ মাজতে নাটাছাৰ অন্তৰ্ধানে হাৰ্দিকৰ অনুৰাগীক অতিশয় বিচলিত কৰি তুলিছে।

টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছত অতি আৱেগিক হৈ পৰিছিল হাৰ্দিক পাণ্ডিয়া। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে হাৰ্দিক আৱেগিক হৈ পৰা বহু ছবি।

১১ বছৰীয়া অপেক্ষাৰ অন্ত! T20 বিশ্বকাপ জিকি কিমান টকা লাভ কৰিলে ভাৰতে…

T20 বিশ্বকাপ জিকি কিমান টকা লাভ কৰিলে ভাৰতে

বিশ্বব্যাপী খিতাপৰ বাবে ভাৰতৰ ১১ বছৰীয়া যন্ত্ৰণাদায়ক অপেক্ষাৰ অন্ত পৰিল, বিৰাট কোহলীৰ কৌশল আৰু ৰোহিত শৰ্মাৰ প্ৰেৰণাদায়ক অধিনায়কত্বই, তাৰকাৰে ভৰা দলটোৱে ফাইনেলত দক্ষিণ আফ্রিকাক ৭ ৰাণেৰে পৰাস্ত কৰি দ্বিতীয়খন টি-২০ বিশ্বকাপ জয় কৰে৷


সকলোৱে মনত প্ৰশ্ন টি-২০ বিশ্বকাপ জয়ৰ পিছত ভাৰতে কিমান টকা পুৰস্কাৰৰ পালে? ২০২৪ চনৰ টি-২০ বিশ্বকাপ চেম্পিয়ন টিম ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ২৪.৫ মিলিয়ন ডলাৰ (প্ৰায় ২০.৪২ কোটি টকা) লাভ কৰে। আনহতে টি-২০ বিশ্বকাপৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্ৰিকাই ১২.৮ মিলিয়ন ডলাৰ (প্ৰায় ১০.৬৭ কোটি টকা) টকা লাভ কৰে।

দেৰগাঁৱৰ যুৱ সাংবাদিক বিদ্বান বৰদলৈ লৈ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ Excellence In Journalism Award 2024…

অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত ২৯জুন শনিবাৰে ডিব্ৰুগড়ৰ হাতখোলাত ৰঙ্গমঞ্চত অনুষ্ঠিত সভাত দেৰগাঁৱৰ যুৱ সংবাদদাতা বিদ্বান বৰদলৈক Excellence In Journalism Award 2024 প্ৰদান কৰে। দেৰগাঁৱৰ দাধৰাৰ বাৰেঘৰীয়া গাঁৱৰ নিবাসী বঁটা প্ৰাপক বৰদলৈয়ে ছাত্ৰ জীৱনৰ পৰাই লিখামেলাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতপ্ৰোত ভাবে জড়িত হৈ আছে।

বৰদলৈ দেৰগাঁও সাহিত্য সভা,গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট জিলা প্ৰেছ ক্লাবৰ সদস্য হিচাপে লগতে অল ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়নৰ গোলাঘাট জিলাৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছে।

টিম ইণ্ডিয়াক অভিনন্দন, স্বামী বিৰাট কোহলীৰ বাবে বিশেষ বাৰ্তা পত্নী অনুষ্কা শৰ্মাৰ!

২৯ জুনত বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল ফাইনেল। য’ত ভাৰতে আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ট্ৰফী লাভ কৰে।বলীউডৰ উত্তেজনা স্তব্ধ হোৱা নাই টিম ইণ্ডিয়াৰ জয়ত, য’ত এফালে সকলো চেলিব্ৰিটিয়ে অভিনন্দন জনাইছে। আনহাতে, অভিনেত্ৰী অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীৰ বাবে লিখিছে বিশেষ টোকা। আহকচোন, অনুষ্কাই বিৰাটৰ বাবে কি লিখিছে চাওঁ…

টি-২০ত ভাৰতৰ জয়ৰ পাছত অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত দুটাকৈ পোষ্ট কৰিছে। ইয়াৰে এটাত অভিনেত্ৰীগৰাকীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাইছে। গতিকে দ্বিতীয়টোত অভিনেত্ৰীগৰাকীয়ে স্বামী বিৰাটৰ বাবে এটা বিশেষ টোকা লিখিছে। অনুষ্কাই দ্বিতীয়টো পোষ্টত বিৰাটৰ বাবে লিখিছে – AND ….. I love this man ❤️ VIRAT KOHLI . So grateful to call you my home ❤️ – now go have a glass of sparkling water for me to celebrate this ! বিৰাট কোহলীৰ বাবে অনুষ্কা শৰ্মাৰ এই মৰমলগা আৰু বিশেষ পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

সাৱধান! চাহৰ সৈতে আটাৰ বিস্কুট খায় নেকি? স্বাস্থ্যৰ ক্ষতিৰ আশংকা বৃদ্ধি…

আটা হৈছে উচ্চ গ্লাইচেমিক ইনডেক্স থকা খাদ্য, অৰ্থাৎ আটা খালে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে আটা ক্ষতিকাৰক বুলি কোৱা হয়। আনহাতে বহুতে চাহ আৰু আটাৰ বিস্কুট খাই ভাল পায়। কিন্তু এই খাদ্যৰ সংমিশ্ৰণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল বুলি গণ্য কৰা নহয়। চাহৰ সৈতে বিস্কুট খোৱাটো এটা সাধাৰণ প্ৰথা, বিশেষকৈ ভাৰতত। মানুহে চাহৰ সৈতে বিভিন্ন ধৰণৰ বস্তু খাই। আটাৰ বিস্কুটৰ খোৱাৰ ফলত স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে-

আটাৰ বিস্কুটত সাধাৰণতে অধিক পৰিমাণৰ কেলৰি থাকে, এই বিস্কুট খালে ওজন বৃদ্ধিত সহায়ক হ’ব পাৰে। ইয়েই ওজন বৃদ্ধিৰ এটা প্ৰধান কাৰণ।

আটাৰ পুষ্টিকৰ গুণ অতি কম। ইয়াত প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহৰ অভাৱ।

আটাৰ বিস্কুটত ট্ৰেন্স ফেট আৰু চেচুৰেটেড ফেট থাকিব পাৰে, যিবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

আটা পাচনতন্ত্ৰৰ বাবে বেয়া আৰু ইয়াৰ সেৱনে কোষ্ঠকাঠিন্য, এচিডিটি আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

১৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত ভাৰতে আঁজুৰিলে ২৪ৰ বিশ্বকাপ! দ্বিতীয়বাৰ ভাৰতৰ হাতলৈ আহিল T-20 বিশ্বকাপৰ ট্ৰফী…

T20 বিশ্বকাপৰ ফাইনেল মেচত টীম ইণ্ডিয়াৰ অনবদ্য প্ৰদৰ্শন।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেচত ৭ ৰানত জয়ী টীম ইণ্ডিয়া।বাৰ্বাডোছৰ পিটচৰ পৰা টি-২০ বিশ্বকাপ খিতাপ জয় কৰিলে ভাৰতে।টি-২০ বিশ্বকাপৰ ফাইনেল ইতিহাসৰ সাক্ষী হ’ল ভাৰত। ১৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত ভাৰতে আঁজুৰিলে ‘২৪ৰ বিশ্বকাপ’।

বিশ্বজয়ৰ পিছতে টীম ইণ্ডিয়া খেলুৱৈৰ মাজত আনন্দ-উল্লাহ। আৱেগিক হোৱাও দেখা গ’ল হিটমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক।

আনহাতে T20 ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়নৰ পিছতে T20ৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ।

আনহাতে কালি খেলখনত সূৰ্যকুমাৰ যাদৱৰ বিশেষ কেচটোৱেও ৰচিলে ইতিহাস৷

ৰাজ অভিষেক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত

ঐতিহাসিক সাতোৰজা- পাঁচোৰজাৰ স্মৃতি বিজড়িত পাঁচোৰজাৰ ভিতৰৰে সৰা ৰজা হিচাপে নতুনকৈ আজি অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী সমৰ সিংহ ডেকাক স্বীকৃতি প্ৰদান কৰা হয়। এই উপলক্ষে আজি ৰহাৰ সৰাগাৱঁত ৰাজকীয় পৰম্পৰাৰে নতুন সৰা ৰজাগৰাকীৰ ৰাজ অভিষেক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়।

ৰাজ অভিষেক উপলক্ষে আজি পুৱা নতুন ৰজাগৰাকীক ৰাজকীয় নীতি নিয়মৰে গা পা ধুৱাই ৰজাৰ সাজপাৰ পৰিধান কৰোৱাৰ পিছত পাঁচোৰজা সকলৰ আন চাৰিগৰাকী ৰজাৰ সৈতে সৰাগাৱঁৰ ৰজাগাওঁ হৰিমন্দিৰ প্ৰাংগণলৈ লৈ অহা হয়। হৰিমন্দিৰত প্ৰবেশ কৰাৰ আগেয়ে ঢোল খোল তাল আদি বাদ্যধ্বনিৰে ৰজাসকলক আদৰণি জনোৱাৰ পিছতে হৰিমন্দিৰ প্ৰবেশ পথত পৰম্পৰা অনুযায়ী নতুন সৰা ৰজাগৰাকীয়ে পাঁচটা কলগছ পুলি প্ৰতীকী ৰূপত তৰোৱালেৰে কাটি ৰাইজৰ আগত ৰজাৰ শক্তি প্ৰদৰ্শন কৰে।

ইয়াৰ পিছতে হৰিমন্দিৰ প্ৰাংগণত ৰজাসকলক ৰজাৰ আসনত উপবিষ্ট কৰাৰ লগে লগে ৰাজ অভিষেক অনুষ্ঠিত হয়। অনুষ্ঠানত অঞ্চলৰ ৰাইজৰ উপস্থিতিত আৰু ৰজাৰ মন্ত্ৰী পাৰিষদসকলৰ সন্মুখত নতুন ৰজা সমৰ সিংহ ডেকাক কপালত তিলক দি উৰুলি বাদ্যধ্বনি আৰু হৰ্ষোল্লাসৰ মাজত ৰাজকীয় নিয়মৰে সৰা ৰজা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।ৰাজ অভিষেক উপলক্ষে হোম যজ্ঞ আদিও কৰা হয়।

ৰাজ অভিষেক উপলক্ষে শিক্ষাবিদ গোলাপ চন্দ্ৰ নাথৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয়। যুৱ সমাজকৰ্মী লক্ষীপ্ৰসাদ ডেকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত পাঁচোৰজাসকলৰ জেষ্ঠ ৰজা টোপাকুছিয়া ৰজা অজিত সিংহ ডেকা, বাৰপূজীয়া ৰজা প্ৰজয় ৰজা, মিকিৰগাওঁ ৰজা পুতুল ডেকা আৰু খাইগড়ৰ ৰজা কুমুদ ৰাজকুমাৰ উপস্থিত থাকি ঐতিহাসিক পাঁচোৰজাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি পাঁচোৰজাৰ ভিতৰৰ সৰা ৰজা হিচাপে নতুনকৈ স্বীকৃতি পোৱা বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী সমৰ সিংহ ডেকা ৰজাৰ নেতৃত্বত অঞ্চলৰ ৰাইজে সকলো ক্ষেত্ৰতে এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

বৃহত্তৰ অঞ্চলৰ পুৰুষ মহিলাসহ বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থকা এই ৰাজ অভিষেকৰ অনুষ্ঠানত ঐতিহাসিক পাচোৰজাৰ স্মৃতি বহন কৰি অহা এই ৰজা আৰু পাৰিষদ,মন্ত্ৰী সকলৰ বিভিন্ন সমস্যাৰ ওপৰতো বক্তব্য আগবঢ়ায় ৰজাসকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে।। সভাৰ অন্তত নৱাগত সৰা ৰজা সমৰ সিংহ ডেকাই তেওঁক দিয়া এই স্বীকৃতিৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনবোৰত নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰাৰ লগতে সৰা ৰাজ্যৰ প্ৰজাৰ সৰ্বাংগীন উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি কয়।

এই ৰাজ অভিষেক উপলক্ষে আজি ৰহাৰ সৰাগাৱঁত পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে পাচোৰজাৰ ভিতৰৰে সৰা ৰজা বিগত বহু দিন ধৰি নথকাৰ পিছত আজি পূৰ্বৰ সৰা ৰজাৰ বংশধৰ সমৰ সিংহ ডেকাক নতুন ৰজা হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়। আজি ৰাজ অভিষেকৰ সমগ্র অনুষ্ঠানটোৰ আত ধৰে লক্ষীপ্ৰসাদ ডেকাই।

নতুন সংসদ ভৱনতো বৰষুণ পানীয়ে লিক কৰে গৌৰৱ গগৈ

যোৰহাট জিলা কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত যোৰহাট জিলা পুথিভৰাল পেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক শতাধিক দল- সংগঠন তথা ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে।


আনহাতে আজি সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি তেওঁ কয়


মই ৰাইজৰ দিহা- পৰামৰ্শৰে যোৰহাট তথা অসমত আগবাঢ়ি যাম,অসম এজন মানুহৰ নহয় এইয়া সকলোৰ ৰাইজৰ অসম ,যোৰহাটবাসী আগত দম্ভ অংহকাৰ আৰু টকা আদি কথাক গুৰত্ব নিদি ৰাইজে মোক জয়ী কৰালে আৰু উক্ত বাৰ্তা লৈ ৰাইজক লগত অসম গঢ়িম বুলি উল্লেখ কৰে।লগতে তেওঁ কয় ৰ্যে চাহ অধ্যুষিত অঞ্চলৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে চাহ শ্ৰমিকসকলৰ কথা গুৰুত্ব নিদি মোক গালি পাৰিছে,মই চাহ শ্ৰমিক সমাজ ৰাইজৰ ওচৰলৈ গৈ তেওঁ লোক সমস্যা বুজ ল’ম।

অসমতে নহয় দেশৰ প্ৰধানমন্ত্ৰীয়ে যতে হাত দিছে তাতেই অথন্তৰ ঘটিছে। ৰামমন্দিৰ চত পৰা পানী পৰিছে , নতুন সাংসদ ভৱনতো পানী পৰে আৰু বিমান দেৱাল খহি পৰে ,সেয়ে দেশত তথা অসমতো বিজেপিয়ে তৰ্কবিহীন আৰু অযুক্তিকৰ কথা কবলৈ অৰম্ভ কৰিছে।

মহাত্মা গান্ধীৰ উক্তি লৈ তেওঁ কয় ছব কো শানমতি দে ভগৱান । সেয়েহে বিজেপি দললৈ ভগবান পৰা আশীৰ্বাদ বিছাৰিলে গৌৰৱ গগৈয়ে।যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং লৈকে ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ উৰণীয়া সেতু বনোৱা স্বাৰ্থ জড়িত হৈ আছে ঠিকাদাৰক উন্নতি কৰা আৰু এইখন চৰকাৰ ৰাইজৰ মতে নহয় লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ মতে চলা চৰকাৰ বুলি উল্লেখ কৰে যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈয়ে।

আন এক প্ৰসংগত কয় যে আগতে যোৰহাট কংগ্ৰেছৰ অনুষ্ঠানত বিসংগতি থাকে কিন্তু আজিৰ অনুষ্ঠান প্ৰসংশনীয়। দহৰ ভিতৰত দহ নম্বৰ পাইছে।।