Home Blog Page 739

ওদালগুৰি জিলাৰ চাৱমহলীয়াপাৰাত মহিলা সন্ধানহীন

ওদালগুৰি জিলাৰ চাৱমহলীয়াপাৰাত মহিলা সন্ধানহীনঃ

 দৰং আৰু ওদালগুৰি জিলাৰ সিমান্তৱৰ্তী গাওঁ চাৱমহলীয়াপাৰাত সন্ধানহীন মহিলা  ৷ ৩২ বছৰীয়া মহিলা গৰাকী নমল ডেকাৰ পত্নী কবিতা শৰণীয়া। 

অম্বুবাচীৰ আগৰ দিনা বজাৰ কৰাৰ উদেশ্যে ঝাৰগাও স্থিত বেংকলৈ টকা উলিয়াব গৈ একমাত্র পুত্র সন্তানক এৰি সন্ধানহীন মহিলা গৰাকী।

৫ দিন ধৰি পৰিয়াল তথা গাৱৰ লোকে কোনো খৱৰ পোৱা নাই সন্ধানহীন কবিতা শৰণীয়াৰ।

ইতিমধ্যে পৰিয়ালৰ লোকে খৈৰাৱাৰী থানাত এখন এজাহাৰ দাখিল কৰি যিকোনো উপায়ে ব্যক্তি গৰাকীক বিচাৰি দিয়াৰ বাবে অনুৰোধ জনায় স্বামী নোমল শৰনীয়াই ৷

গাৱৰ আত্মীয় কুটুমে আশা কৰে যে সন্ধানহীন কবিতা শৰণীয়া ভালে কুশলে ঘৰলৈ ঘুৰি আহক ৷

উল্লেখ যে কোনো ব্যক্তিয়ে কবিতা শৰণীয়াৰ সম্ভেদ পালে 9678658389 নম্বৰ ফোন যোগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

পকী পথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

মুখ্য মন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ।

দলগাওঁ সমষ্টিৰ অন্তৰ্গত শিলবৰী গাওঁ পঞ্চায়তত ২০২২-২৩ বৰ্ষত অসম লোক নিৰ্মাণ বিভাগৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত বেছিমাৰী নলবাৰী সংযোগী ১কোটি ২৫লাখ ৭৭ হেজাৰ ৫ শ টকা ব্যায়েৰে ২.৩৯ কিলোমিটাৰ পথ অনুমোদন হৈছিল আৰু ঠিকা লাভ কৰিছিল ছৈয়দ পাজিৰ উদ্দিন আহমেদে।

কিন্তু পথটোৰ নিৰ্মাণ কাৰ্যক লৈ ৰাইজৰ মাজত উঠিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। স্থানীয় ৰাইজৰ অভিযোগ মতে পথ নিৰ্মাণ হোৱা নাই প্ৰাক-কলন অনুসৰি।অতি নিম্ন মানৰ পাথৰ,বালি ব্যৱহাৰ হৈছে লগতে পথ খনৰ নাই কাষৰ বাম।

পথ খনত দিয়া নাই কোনো নতুন মাটি। যোৱা কেই দিনমানৰ বৰষুণৰ ফলত পথছোৱাত ঠায়ে ঠায়ে ভাঙি-ছিঙি গৈছে। স্থানীয় ৰাইজৰ বিভাগীয় কতৃপক্ষ আৰু চৰকাৰ লৈ বিনম্ৰ আহ্বান উক্ত পথ নিৰ্মাণ কামত হোৱা দুৰ্নীতিৰ তদন্ত কৰি সুচাৰুৰূপে পথ খন নিৰ্মাণ কৰি দিয়াৰ

আমিনগাওঁৰ ঘোঁৰাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান

আমিনগাওঁৰ ঘোঁৰাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান।

উচ্ছেদ কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

২০২২ চনৰ ম্যাদী পট্টন হোৱা মজনুৰ আলি,তৌফিক আলি,প্যাৰ আলি, আৰু জাকিৰ আলিকে ধৰি পাঁচটা পৰিয়ালৰ ৪ বিঘা মাটিত উচ্ছেদ চলালে কামৰূপ জিলা প্ৰশাসনে।

অঞ্চলটোত আহাৰ মহীয়া বানত সৃষ্টি হৈছে কেইবাটাও পৰিয়ালৰ এতিয়া নাজল-নাথল অৱস্থা।

অঞ্চলটোত আবদ্ধ হৈ থকা পানীসমূহ নিস্কাশন কৰাৰ বাবে প্ৰশাসনে তৎপৰতাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা।
অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত জলাশয় কিম্বা চৰকাৰী ভুমি সমুহ অবৈধ ভাবে দখল কৰাৰ পৰিণতিত বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বহু অঞ্চল পানীত এতিয়া সৃষ্টি হৈছে কৃত্ৰিম বান পৰিস্থিতি।

ৰাইজৰ অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীৰ লগতে উঠি ৰজা বহি ৰজা হোৱা একাংশ দালালৰ প্ৰত্যক্ষ সহযোগত অঞ্চলটোত সংকুচিত হৈ আহিছে জলাশয় সমূহ ।

এই সকল ভুক্তভোগীৰ এতিয়া শেষ ভৰষা মুখ্যমন্ত্ৰী গৰাকী।

১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ ৰৌমাৰী পেট্ৰল পাম্পৰ সন্মুখত ১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্তৰন হেৰুৱাই বাগৰি পৰিল এখন ই-ৰিক্সা।

চাপৰত দিনে নিশায় ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে।
পুনৰ ৰৌমাৰী স্থিত ১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্তৰ হেৰুৱাই দখাওইত বাগৰি পৰিল ই-ৰিক্সা।

কোনো মতে ৰক্ষা পৰিল ই-ৰিক্সা চালক।
দুৰ্ঘটনা সংঘটিত হোৱা ই-ৰিক্সা খনৰ নম্বৰ As 17 E R4789 ।জানিব পৰা অনুশৰি বহলপুৰ অভিমুখে গৈ আছিল ই- ৰিক্সা খন ।


এই দুৰ্ঘটনাত গুৰুত ভাৱে আহত ই- ৰিক্সাৰ চালক ।

চালক জনৰ নাম নাছেৰ উদ্দিন বুলি জানিব পৰা গৈছে।
আহত চালক জনক চাপৰ চিকিস্যালয়ত লৈ যায়

ধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভূক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভূক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ আজি এবছুৰ বিষয়-ববীয়াৰ সতে দুধনৈৰ ভালাপাৰাৰ ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ দোষীক কঠোৰ শাস্তি দিয়া হব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

লোকসভা নিৰ্বাচনৰ পৰাই মিঞাৰ আক্ৰমণ চলিছে খিলঞ্জীয়াৰ ওপৰত ৷

খিলঞ্জীয়াৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ে আক্ৰমণ চলাই থকাৰ সময়তো কেৱল ভোট বেংকৰ স্বাৰ্থত আজি বিৰোধীয়ে এষাৰো মাত মতা নাই ৷

প্ৰায় দুমাহৰ পিছত দুধনৈৰ চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰন্ময় খাখলাৰীৰ ঘৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰকৰী তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ নিহত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া মাতৃ বাসন্তী খাখলাৰী আৰু পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় ৷

শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি এনে বৰ্বৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে জনজাতি যুৱক এগৰাকীক বিশেষ সম্প্ৰদায়ৰ মানুহে নিজৰ গাঁৱৰ সমীপতে বৰ্বৰভাবে হত্যা কৰা ঘটনাত আচৰ্য প্ৰকাশ কৰে আৰু গৰিহণা দিয়ে৷

মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তথা নিৰ্বাচনৰ সময়ৰ পৰাই সমগ্ৰ অসমত খিলঞ্জীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধাৰাবাহিক ভাবে আক্ৰমণ কৰি আহিছে ৷ এনে ধৰণৰ ঘটনা কেতিয়াও সহ্য কৰা নহ’ব ৷ ইয়াৰ বিৰুদ্ধে সদায় কঠোৰ চৰকাৰ ৷

এনে ধৰণৰ ঘটনাৰ ওপৰত চৰকাৰে দৃষ্টি ৰাখিছে৷ ইয়াৰ বিহিত ব্যবস্থাও চৰকাৰে গ্ৰহণ কৰিব৷

এনে ধৰণৰ ঘটনা ৰোধৰ বাবে খিলঞ্জীয়া ৰাইজে সচেতন হ’ব লাগিব ৷

মন্ত্ৰী গৰাকীয়ে প্ৰয়াত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে ধৰ্ষিতা যুৱতী দুগৰাকীৰ পৰিয়ালৰ ক্ষতিপুৰণ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত কোৱাৰ লগতে অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষী অধিক্ষকক নিৰ্দেশ প্ৰদান কৰে ৷

প্ৰেমৰ ছলনাৰে বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতীক শ্লীলতা সানিৰ চেষ্টা এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ৷

শনিবাৰে ঢেকীয়াজুলিৰ শ্বহীদ পাৰ্কত প্ৰেমৰ ছলনাৰে বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতীক শ্লীলতা সানিৰ চেষ্টা এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ৷

ইতিমধ্যে বিভিন্ন সংগঠনৰ সহযোগত নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে যুৱকক কৰায়ত্ত কৰি ঢেকীয়াজুলি আৰক্ষীক গতাই দিয়ে৷

উল্লেখ্য যে চপাই ৰৌমাৰী পথাৰৰ বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতী এগৰাকীক নাইছ আলী নামৰ মুছলমান যুৱক এজনে নিজৰ পৰিচয় লুকুৱাই প্ৰেমৰ জালত পেলায়৷ইমানতে সীমাবদ্ধ নাথাকি আজি ঢেকীয়াজুলিৰ শ্বহীদ পাৰ্কত যুৱতীগৰাকীৰ শ্লীলতা সানিৰ চেষ্টা কৰে যুৱকজনে৷

ইয়াকেলৈ আজি ক্ষোভিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও হিন্দু সংগঠন৷

ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক

আজি ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক সভাপতি শ্ৰী বাবুলাল মাৰাণ্ডী দেৱৰ অধ্যক্ষতাত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত বিভিন্ন নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আগন্তুক ঝাৰখণ্ডৰ নিৰ্বাচনত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ সকলো প্ৰকাৰৰ পদক্ষেপ লোৱাৰ কথা অৱগত কৰে আৰু মুখ্যমন্ত্ৰী দেৱে প্ৰতিজন বিজেপি কাৰ্যকৰ্তাক জনতাৰ মাজলৈ গৈ জনসম্পৰ্ক কৰিবলৈ মতপোষণ কৰে৷৷

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে ইউ জি চি নেট পৰীক্ষাৰ সময়সূচী..

বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্রীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুনৰ পৰীক্ষা ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। নেট পৰীক্ষা বাতিল হোৱা আৰু পিছুৱাই দিয়াৰ পিছতে বিভিন্ন পৰীক্ষাৰ নতুন সূচী শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে । সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত চি এছ আই আৰ- ইউ জি চি নেট পৰীক্ষা ২৫ৰ পৰা ২৭ জুলাই আৰু ৪ বছৰীয়া সংহত শিক্ষক শিক্ষা কার্যসূচী আই টি ই পিত নামভর্তিৰ বাবে ৰাষ্ট্ৰীয় উমৈহতীয়া প্রৱেশ পৰীক্ষা এন চি ই টি ১০ জুলাইত অনুষ্ঠিত হ’ব।

,সৰ্বভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা পূর্ব নির্ধাৰিত সূচী অনুযায়ী ৬ জুলাইত অনুষ্ঠিত হ’ব। অধিক তথ্যৰ বাবে শিক্ষার্থীসকলক www.nta.ac.in ৱেবছাইট চাবলৈ সংস্থাটোৱে পৰামর্শ দিছে । ১৮ জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্র্যালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগৰ পাছত বাতিল হৈছিল।

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ, ইডি, চিবিআইক ব্যৱহাৰ কৰিছে বিজেপিয়ে – ডা: ভবেন চৌধুৰী

সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো আজি আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অনিয়ম সংঘটিত কৰাৰ অভিযোগ আৰু অবৈধভাৱে ধনৰ সৰবৰাহ কৰাৰ ভুৱা গোচৰত ইডি আৰু চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনৰ সন্মুখত আপৰ বহুসংখ্যক নেতা তথা স্বেচ্ছাসেৱকে বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে কয়- ” কোনো তথ্য প্ৰমাণ অবিহনে এটা ভুৱা গোচৰত আমাৰ দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰীক কাৰাবন্দী কৰি ৰাখিছে।

বিজেপিয়ে দলৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ইডি আৰু চিবিআইক ব্যৱহাৰ কৰিছে। শাসক দলে ইডি চিবিআইৰ জৰিয়তে বিৰোধী শক্তিৰ কণ্ঠ ৰোধ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। আমি ইয়াৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ” বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা দিয়াৰ মাজতে বহুসংখ্যক আপৰ কৰ্মীয়ে ‘কেজৰিৱালক মুক্তি দিয়ক’, মোদী চৰকাৰৰ স্বৈৰতন্ত্ৰ নিপাত যাওক’,’ তানাছাহী নেহী চলেগা’ আদি শ্লোগান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, ” বিগত তিনি মাহ ধৰি আমাৰ দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে। দিল্লীৰ ৰাউছ এভেনিউ আদালতে অবৈধ ভাৱে ধন সৰবৰাহৰ কোনো তথ্য প্ৰমাণ নোপোৱাৰ বাবে কেজৰিৱালৰ জামিনৰ নিৰ্দেশ দিছিল। কিন্তু ইডিয়ে উচ্চ ন্যায়ালয়ৰ কাষ চপাত আদালতে কেজৰিৱালৰ জামিনৰ ক্ষেত্ৰত স্থগিতাদেশ দিয়ে।

তাৰ পাছতে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে জে’লৰ ভিতৰতে চিবিআয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। দুৰ্নীতিৰ কোনো প্ৰমাণ নথকা স্বত্বেও এনেদৰে দেশৰ জনপ্ৰিয় নেতা তথা এগৰাকী নিৰপৰাধী ব্যক্তিক বিজেপিৰ নিৰ্দেশত ইডি, চিবিআয়ে নিৰ্যাতন চলাইছে। দেশত বিজেপিৰ মন্ত্ৰীসকলে শ শ টকাৰ কেলেংকাৰী কৰিছে। কিন্তু ষড়যন্ত্ৰৰ বলি হৈছে অৰবিন্দ কেজৰিৱাল। আমি কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু আশা কৰিছোঁ যে শীঘ্ৰেই প্ৰিয় নেতাগৰাকী জে’লৰ পৰা মুকলি হৈ আহিব।”

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই । সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হয় কেজৰিৱাল ।

ইয়াৰ পাছতে শুনানি আৰম্ভ হয় আৰু কেজৰিৱালক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে,ইয়াৰ পূৰ্বে চিবিআইয়ে ন্যায়িক জিম্মাত বিচৰা আবেদনৰ সন্দৰ্ভত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল আদালতে।

আজি কেজৰিৱালৰ চিবিআই ৰিমাণ্ডৰ অন্ত পৰিল। ২৬ জুনত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত আদালতে তেওঁক তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে।

চিবিআইয়ে ৰাউছ এভিনিউ আদালতৰ পৰা মুখ্যমন্ত্ৰী কেজৰিৱালক ৫ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতৰ পৰা মাত্ৰ ৩ দিনৰ ৰিমাণ্ড লাভ কৰে। সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত যোৱা ২০ জুনত বিচাৰ আদালতে কেজৰিৱালক জামিন প্ৰদান কৰিছিল।

নিম্ন ন্যায়ালয়ৰ এই সিদ্ধান্তক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় বলবৎকাৰী সঞ্চালকালয়ে। উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ এই সিদ্ধান্তত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে ।