Home Blog Page 740

লাডাখত সেনাৰ দুৰ্ঘটনাৰ কাৰণ কি! ঘটনাক লৈ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ…

লাডাখত সেনাৰ অনুশীলনৰ সময়ত শ্বহীদ ৫।

সামৰিক অনুশীলনৰ সময়ত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা।

পুৱতি নিশা এল এ চি ৰ সমীপত নদী পাৰ কৰি থকাৰ সময়ত এই দুৰ্ঘটনা।

নদীখন পাৰ হৈ যোৱাৰ সময়ত হঠাতে পানীৰ স্তৰ বাঢ়ি যায়, যাৰ বাবে এই পাঁচজন জোৱান উটি যায়।

এতিয়াও আটাইকেইজন জোৱানত উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ডাৱৰ বিস্ফোৰণৰ ফলতেই পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পায় আৰু জোৱান কেইজন উটি যায়।

দুৰ্ঘটনাত নিহত হোৱা জোৱান কেইজন হ’লঃ আৰআইএছ এম আৰ কে ৰেড্ডী, ডিএফআৰ ভূপেন্দ্প নেগী, এলডি অকদুম তৈয়বম,

কনিষ্ঠবল কে খান, চিএফএন নাগৰাজ পি ( এল আৰ ডি ডব্লুউ )।

ঘটনাৰ ওপৰত শোক ব্যক্ত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

দীপৰ বিলৰ সমীপত শতাধিক সন্দেহযুক্ত নাগৰিকৰ মাটি কিনি ঘৰ নিৰ্মাণ :মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

জালুকবাৰী ,২৯ জুন : জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ জালুকবাৰী মৌজাৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ দীপৰ বিলৰ সমীপত শতাধিক সন্দেহযুক্ত নাগৰিকে প্ৰায় ৮০ বিঘাৰো অধিক মাটি ক্ৰয় কৰি সেই মাটিত ঘৰ – দুৱাৰ নিৰ্মাণ কৰি বসতি আৰম্ভ কৰা কাৰ্যই স্থানীয় লোকসকলক শংকিত কৰি তুলিছে। বৃহত্তৰ খনামুখ অঞ্চলৰ লোকসকলে জানিবলৈ দিয়া মতে বাংলাদেশী মূলৰ সন্দেহযুক্ত লোকসকলক মাটি বিক্ৰী কৰা কাৰ্যত বদনৰূপী একাংশ মাটিৰ দালাল জড়িত হৈ আছে। সেই দালাল চক্ৰই ২০১৬ চনৰ পাছৰে পৰা খিলঞ্জীয়া লোকসকলে অঞ্চলটোত পাম হিচাপে সেই অঞ্চলত পৰিচিত স্থানত খেতি- বাতি কৰি চলি থকা সহজ – সৰল লোকসকলক নানান প্ৰলোভন দি প্ৰথমতে বিঘাই বিঘাই মাটি ক্ৰয় কৰে। তাৰ পাছত চকুৰ পচাৰতে স্থানীয় লোকসকলে তৰ্কিব পৰাৰ আগতেই সেই মাটি শতাধিক লোকক বিক্ৰী কৰে। এই সন্দৰ্ভত ২০২২ চনত অঞ্চলটোৰ লোকসকলে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক সন্দেহযুক্ত নাগৰিকে দীপৰ বিলৰ সমীপত মিনি বাংলাদেশ, মিনি পাকিস্তান গঢ়ি তোলাৰ বিষয়ে অভিযোগ দিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত বিধায়ক কলিতাই তৎকালে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিষয়টো তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশ দিয়াৰ কিছুদিন পাছতেই চক্ৰ বিষয়া , লাট মণ্ডল আদি অইন ঠাইলৈ বদলি হৈ যোৱাত সেই তদন্ত ধোঁৱাচাঙত উঠি বৰ্ত্তমান পাহৰণিৰ গৰ্ভলৈ গতি কৰিছে।

ইফালে পৰৱৰ্তী সময়ত জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা খানামুখৰ সন্দেহযুক্ত নাগৰিকৰ বসতি প্ৰধান অঞ্চলটোত যদি বাসিন্দা সকলৰ বিষয়ে যদি উচ্চ পৰ্যায়ৰ তদন্ত কৰি মাটি ক্ৰয় কৰা ধনৰ উৎস , তেঁওলোকৰ নাগৰিকত্ব পৰীক্ষা কৰা নহয় তেন্তে অনাগত দিনত গোজেই গছ হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে সচেতন লোকসকলে। ইফালে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক সকলক বাংলাদেশী মূলৰ লোকৰ আগ্ৰাসনৰ পৰা সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে শেহতীয়াভাবে প্ৰৱৰ্তন কৰা অইন ধৰ্মৰ লোকৰ মাজত মাটি কিনা – বেচা বন্ধ কৰা আইনখন স্থায়ীভাৱে প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও সচেতন লোকসকলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

প্ৰকৃত খবৰ জানি লওকঃ বিয়াৰ ৭ দিনৰ পিছতে চিকিৎসালয়ত উপস্থিত সোনাক্ষী-জাহীৰ! অনুৰাগীৰ প্ৰশ্ন ‘গৰ্ভৱতী নেকি’?

বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা আকৌ এবাৰ বাতৰিৰ শিৰোনাম। মাত্ৰ ৭ দিন পূৰ্বে প্ৰেমিক তথা অভিনেতা জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ‘দাবাং’ অভিনেত্ৰীগৰাকী। দুয়োৰে বান্দ্ৰাত আদালতৰ বিবাহ হৈছিল। য’ত শত্ৰুঘ্ন সিনহাৰ কন্যাও ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া সোনাক্ষী সিনহাক লৈ নতুনকৈ আৰম্ভ হৈছে চৰ্চা। আচলতে শুকুৰবাৰে সোণাক্ষী সিনহাক স্বামীৰ সৈতে চিকিৎসালয়ৰ বাহিৰত দেখা গৈছিল। গৰ্ভধাৰণৰ উৰাবাতৰি ওলাইছে।

২৮ জুনত মুম্বাইৰ কোকিলাবেন হাস্পতালৰ বাহিৰত স্বামী জহীৰ ইকবালৰ সৈতে সোনাক্ষী সিনহাক দেখা গৈছিল। এখন বগা ৰঙৰ মাৰ্চিডিজ গাড়ীত দেখা গৈছিল দম্পতীহালক। কিন্তু এই সময়ছোৱাত দুয়োজনে পাপাৰাজীক আওকাণ কৰিলে। ভিডিঅ’টোৰ কমেণ্ট বক্সত মানুহে সোণাক্ষী সিনহাৰ গৰ্ভধাৰণৰ বিষয়ে মন্তব্য কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘গৰ্ভৱতী নেকি? তাই মেডিকেল চেকআপৰ বাবে গৈছে নেকি? ভাল খবৰ যেন লাগিছে। আনহাতে আন এজনে লিখিছে, ‘বেবী আহিবলৈ ওলাইছে।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘সোনাক্ষী সিনহা গৰ্ভৱতী নেকি?’

আচলতে সোনাক্ষী সিনহা আৰু জহীৰ ইকবালে শুকুৰবাৰে পিতৃক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল। ৰুটিন চেকআপৰ বাবে শত্ৰুঘ্ন সিনহাক ভৰ্তি কৰা হৈছে বুলি খবৰ ওলাইছিল। এনে অৱস্থাত জীয়েক আৰু জোঁৱাই হস্পিতালত উপস্থিত হয়। কিন্তু ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে গৰ্ভাৱস্থাৰ সৈতে জড়িত কৰিবলৈ আৰম্ভ কৰিলে।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিজৰ কাৰ্যকাল শেষ কৰিব ৰাহুল দ্ৰাবিড়ে

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, আইচিচি টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ সময়ত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে কথা পাতিছে। টি-২০ বিশ্বকাপৰ ফাইনেল যোৱা এসপ্তাহমানৰ ভিতৰত ভাৰতত ছ’চিয়েল মিডিয়াত এক অভিযানে গতি লাভ কৰিছে যে ভাৰতীয় ক্ৰিকেট দলে পুৰুষৰ সৈতে নিজৰ কাৰ্যকাল শেষ কৰিব পৰা ৰাহুল দ্ৰাবিড়ৰ বাবে টি-২০ বিশ্বকাপ জিকিব লাগে । বাৰ্বাডোছত অনুষ্ঠিত হ’বলগীয়া এই সংঘৰ্ষত শনিবাৰে টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব।

ভাৰতীয় ক্ৰিকেট দলে আজিৰ টি-২০ বিশ্বকাপৰ ফাইনেল নিজৰ কাৰ্যকাল শেষ কৰিব পৰা ৰাহুল দ্ৰাবিড়ৰ বাবে টি-২০ বিশ্বকাপ জিকিব লাগে। বাৰ্বাডোছৰ অনুষ্ঠিত হ’বলগীয়া এই সংঘৰ্ষত শনিবাৰে টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব। অৱশ্যে ৰাহুল দ্ৰাবিড়ে দলটোৱে বিশ্বকাপ “তেওঁৰ বাবে” জিকিবলৈ অনুপ্ৰাণিত বুলি প্ৰকাশ কৰে।

ৰাহুল দ্ৰাবিড়ৰ মেণ্টৰশ্বিপত ভাৰতীয় ক্ৰিকেট দলটোৱে আইচিচিৰ ডাঙৰ খিতাপ জয়ৰ ওচৰ চাপিছে যদিও এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয় আৰু যোৱা বছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হোৱাৰ দৰে চূড়ান্ত বাধাত থৰক-বৰক হৈ পৰিছে। পিছত ৰাহুল দ্ৰাবিদে সম্প্ৰচাৰকজনক কয় যে, “যদি আপুনি সেই অভিযানটো আঁতৰাই পেলাব পাৰে, তেন্তে মই ইয়াৰ শলাগ ল’ম।”

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অভিলেখ! টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৫৭৫ ৰানৰ অভিলেখ ভংগ ভাৰতৰ…

টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৫৭৫ ৰানৰ অভিলেখ ভংগ ভাৰতৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৰ্ববৃহৎ অভিলেখ৷

টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৫৭৫ ৰানৰ অভিলেখ ভংগ কৰিলে ভাৰতে৷

দক্ষিণ আফ্ৰিকাই ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৫৭৫ ৰান৷

টেষ্টৰ দ্বিতীয় দিনা ৬০৩ ৰান সংগ্ৰহ কৰি অভিলেখ মহিলা দলটোৰ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬ উইকেট হেৰুৱাই ৬০৩ ৰান সংগ্ৰহ ভাৰতীয় দলটোৰ৷

শ্বেফালী বাৰ্মাৰ ২০৫ ৰান, স্মৃতি মান্ধানাৰ ১৪৯ ৰানৰ দুৰ্দান্ত বেটিং৷

চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে টেষ্ট মেচখন৷

লাডাখত অঘটনঃ নদী পাৰ হওঁতে টেংকসহ উটি গ’ল ভাৰতীয় সেনা জোৱান, ৫ জন জোৱানৰ মৃত্যু…

নদী পাৰ হওঁতে টেংকসহ উটি গ’ল ভাৰতীয় সেনা জোৱান

লাডাখত অঘটন। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হওঁতে পানীৰ সোঁতে উটুৱাই নিলে পাঁচজন জোৱানক। টি-৭২ টেংকৰ সৈতে জোৱান কেইজন পানীত উটি যায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উটি যোৱা আটাইকেইজন জোৱানৰে মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ৪ জন জোৱান আৰু এজন কনিষ্ঠ কমিচনেড অফিচাৰ আছে। শুকুৰবাৰে গভীৰ নিশা লাডাখৰ নেওমা-চুশাল অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হৈ আছিল পাঁচজন জোৱানে। টি-৭২ টেংকত আছিল তেওঁলোক। হঠাৎ নদীত বান আহে আৰু সকলোকে উটুৱাই লৈ যৈায়। নিমিষতে চেংকসহ জোৱানকেইজন অদৃশ্য হৈ পৰে। লগে লগে তেওঁলোকৰ সন্ধান আৰম্ভ হ’ল। অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স হেণ্ডেলত লিখিছে, “লাডাখৰ নদী পাৰ হৈ থকাৰ সময়তে হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাত পাঁচজন সাহসী ভাৰতীয় সৈনিকে প্ৰাণ হেৰুৱাইছে। ঘটনাটোত মই গভীৰভাৱে ব্যথিত। আমাৰ বীৰ জোৱানসকলৰ জাতিৰ বাবে কৰা সেৱা আমি কেতিয়াও পাহৰিব নোৱাৰো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনালো। এই কঠিন সময়ত দেশ তেওঁলোকৰ সৈতে আছে। এজন কনিষ্ঠ কমিচনড অফিচাৰকে ধৰি ৫ জন জোৱান কঢ়িয়াই নিয়া সেনাবাহিনীৰ এখন টেংক বানত উটি যায়। ফলত সকলোৰে মৃত্যু হ’ল।”

১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত সম্প্ৰীতি ভোজন কাৰ্যসূচী

বেজেৰা,২৯ জুনঃ ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত আজি সম্প্ৰীতি ভোজনৰ লগতে বিদ্যাঞ্জলী অনুষ্ঠান আৰু হেকাথন কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তৰুণ কুমাৰ ডেকাৰ সভাপতিত্ব হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে আমাৰ অসমীয়া সমাজত সামূহিক ঐতিহ্যৰ এক পৰাম্পৰা আছে। ইয়ে আমাৰ আমাৰ সামাজিক বান্ধোন কটকটীয়া কৰি ৰাখে। কিন্তু অতি সম্প্ৰতি আধুনিকতাৰ পৰশ পাই এই ঐতিহ্যৰ ক্ৰমাৎ অৱক্ষয় হ’বলৈ ধৰিছে। এনে সন্ধিক্ষণত বিদ্যালয় বিলাকত আৰম্ভ কৰিবলৈ লোৱা সম্প্ৰীতি ভোজনৰ লেখিয়া কাৰ্যসূচীয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। তেও আৰু কয় যে বিদ্যালয় বিলাকত চৰকাৰে আৰম্ভ কৰা হেকাথন কাৰ্যসূচীয়ে শিক্ষাৰ্থীৰ উদ্ভাৱনী শক্তি বৃদ্ধিৰ লগতে সমস্যা সমাধানৰ বাবে সুবিবেচিত চিন্তাৰ বিকাশৰ এক পৰিৱেশ সৃষ্টি হৈছে। তাৰ বাবে চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি তেওঁ মন্তব্য কৰে। বৈশ্যই বিদ্যাঞ্জলী কাৰ্যসূচীত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি বেজেৰা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰজনী তালুকদাৰে শিক্ষাৰ্থীসকলক অধ্যয়নত আন্তৰিকতাৰে ব্ৰতী হবলৈ আহ্বান জনায়। অনুষ্ঠানত বিদ্যাঞ্জলী কাৰ্যসূচীৰ অধীনত বিদ্যালয়খনলৈ কেইগৰাকীমান ব্যক্তিয়ে চিলিং ফেন দান দিয়ে।

মায়ঙৰ বেজালিৰে জনপ্ৰিয় হোৱা যুৱককজন…

কোন কেতিয়া জনপ্ৰিয় হয়,কাক কেতিয়া জনসাধাৰণে বুকুৰ মাজত আকোৱালি লয় তাক কোনেও হঠাতে ক’ব নোৱাৰে।হঠাতে কোনোবা এজন ব্যক্তি আমাৰ মাজত জনপ্ৰিয় হৈ পৰে আৰু হঠাতে কোনোবা এজন আমাৰ বুকুৰ মাজৰ পৰা দূৰত অৱস্থান কৰে।হঠাতে জনপ্ৰিয় হোৱা এজন যুৱকৰ বিষয়ে এই লেখাটোত ক’ব বিচাৰিছো।২০০১ চনৰ ছেপ্তেম্বৰ মাহৰ ১৭ তাৰিখে যোৰহাটৰ চিনামৰাত জন্ম লাভ কৰা যুৱকজনে হঠাতে অসমবাসীৰ পৰা অলেখ মৰম বুটলিবলৈ সক্ষম হৈছে।আচৰিৰ হৈছে চাগে,কাৰ বিষয়েনো ক’ব বিচাৰিছো।হয়,মায়ঙৰ বেজালি শীৰ্ষক গীতেৰে অসমত জনপ্ৰিয় হৈ পৰা বিশ্বজিৎ সোনোৱালৰ বিষয়ে ক’ব বিচাৰিছো।বিশ্বজিতৰ দেউতাকৰ প্ৰকৃত ঘৰ বৰহোলাত।মনেশ্ব সোনোৱাল আৰু হেমদা সোনোৱালৰ কনিষ্ঠ পুত্ৰ বিশ্বজিতে কান্ধত ঢোলটো লৈয়ে জগত জিনিব বিচাৰে।বিশ্বজিৎ সোনোৱালৰ জ্যেষ্ঠ ভাতৃৰ নাম দীপাংকৰ সোনোৱাল।বিশ্বজিতৰ শৈক্ষিক অৰ্হতা বুলি ক’লে সি ব্যক্তিগত কাৰণত স্নাতক শিক্ষা আধাতে সামৰি থ’লে।গানৰ আনুষ্ঠানিক শিক্ষা নথকা বিশ্বজিতে গান শুনি শুনিয়ে সুৱলা কণ্ঠেৰে গাবলৈ শিকিছে।তেনেদৰেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।

আচলতে বিশ্বজিৎ সোনোৱাল এজন ভাল বিহুৱা।এজন ভাল বিহুৱা হিচাপে বিশ্বজিতক সকলোৱে জানে।বিশ্বজিতে সৰুৰে পৰাই বিহু কৰি আহিছে।দদাইক দীপাংকৰ সোনোৱালেও বৰ ভাল ঢোল বজাইছিল।সৰুৰে পৰাই দদাইকক ঢোল বজোৱা দেখি-দেখিয়ে বিশ্বজিতো ঢোল বজাবলৈ শিকিছিল।এনেদৰেই বিশ্বজিতে বিহুৰ প্ৰতি আকৰ্ষিত হৈছিল।বিহুৰ প্ৰতি বিশ্বজিতৰ এটা আৱেগ জড়িত হৈ আছে বুলি আমাক এক সাক্ষাৎকাৰ যোগেদি জানিবলৈ দিয়ে।বিহুৰ উপৰিও ভাওনা,দিহানামতো বিশ্বজিতে ভাল প্ৰদৰ্শন কৰে।বিহুৰ সৈতে জড়িত সকলো বাদ্য যেনে-ঢোল,পেঁপা,বাঁহী ইত্যাদি বৰ সুন্দৰকৈ বজায়।বিশ্বজিতে পঢ়ি থকা দিনবোৰত বিহুগীত,আধুনীক গীত,জ্যোতি সংগীত,ৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত আদিত সদায়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।বিশ্বজিতে ৫ টা বছৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।বিশেষ ভৱিষ্যৎ পৰিকল্পনা নথকা বিশ্বজিতে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত হৈয়ে আগবাঢ়ি যাব বিচাৰে।মায়ঙৰ বেজালি গীতেৰে জনপ্ৰিয় হৈ পৰা বিশ্বজিতৰ এই গীতটোৰ কথা আৰু সুৰ-মানস জ্যোতি শইকীয়া আৰু পুলিন মহনৰ।বিশ্বজিতৰ সৈতে এই গানটোত কণ্ঠদান কৰিছিল পাৰ্থ নেওঁগ আৰু পূবালি ফুকনে।অন্যহাতে দ্বীপ গগৈ,বিশাল গগৈ,মানস বৰা,অচ্যুৎ শইকীয়া,ৰাহুল ৰঞ্জন বৰা,পূৰ্ব গগৈয়ো এই গীতটোৰ সৈতে জড়িত আছিল।বিহু ভালপোৱা,অসমীয়া সংস্কৃতিক ভালপোৱা সোনোৱাল জনগোষ্ঠীৰ প্ৰতিভাৱান যুৱক বিশ্বজিতে এদিন সমগ্ৰ অসমবাসীৰ হৃদয় জিনাৰ আশাৰে এই চুটি লেখাটো সমাপ্ত কৰিলোঁ।

লেখকঃ অশ্বিনী কছাৰী

আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ উপস্থিতিত মুকালমুৱাত আইন সজাগতা সভা…

মুকালমুৱাস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত এখন আইন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাখনত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে উপস্থিত থাকি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম এই তিনিখন আইন সম্পৰ্কে অবগত কৰে। সজাগতা সভাখনত ওনলাইন মাধ্যমত দুষ্টলোকে সংঘটিত কৰা বিভিন্ন অপৰাধ সন্দৰ্ভত গুৰুত্ব দিয়া হ’ব বুলি কয় আৰক্ষী অধীক্ষ সুপ্ৰিয়া দাসে।

আজিৰ সজাগতা সভাখনত উপস্থিত থাকে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথ সহ আৰক্ষী বিষয়া সকল, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক চৈয়দ নজৰুল ইছলাম, নলবাৰী জিলাৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া, ভাংনামাৰী আৰু শিয়ালমাৰী আৰক্ষী থানাৰ বিষয়া সকলৰ লগতে মুকালমুৱা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ বিষয়ৱবীয়া, সদস্য সকল, একাংশ গাঁও প্ৰধান।

ৰাণীত ধানৰ বীজ আৰু কৃষিকৰ্মৰ সামগ্ৰী বিতৰণ

আজাৰা,২৯ জুন: কৃষক সকলক অৰ্থনৈতিক ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভালেমান আচনি ৰূপায়ণ কৰি আহিছে৷ উক্ত উল্লেখযোগ্য আঁচনি সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচনি, প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্যৰ বিভিন্ন যোজনা৷ উল্লিখিত আচনি সমূহ কৃষকৰ মাজলৈ নি কৃষি তথা শস্য উৎপাদন বৃদ্ধি বাবে ভালেমান ব্যৱস্থা কামৰূপ জিলা কৃষি বিভাগৰ দ্বাৰা হাতত লোৱা পৰিলক্ষিত হয়৷

সেই উদ্দেশ্যে কৃষি সামগ্ৰী বিতৰণ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন শস্যৰ বীজৰ লগতে আন আন কৃষি সামগ্ৰী সমূহ সময়ে সময়ে বিতৰন কৰি আহিছে৷ এই উপলক্ষে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীত ২৮ জুনত ৰাণী কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৃষক ৰাইজৰ উপস্থিতিত বিভিন্ন শস্যৰ বীজ , বিভিন্ন উন্নত মানৰ ধানৰ বীজ আৰু সেউজ গৃহ সা সজুলী বিতৰণ কৰা হয়৷ বিতৰণ কাৰ্যসূচীত ৰাণী কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মনকে ধৰি আন কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায়।