আজাৰা : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহত কৃষক সকলে শালিধানৰ খেতি আৰম্ভ হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্রব আৰম্ভ হোৱাত চকুৰে সৰিয়হ ফুল দেখিব লগীয়া হৈছে । বিশেষকৈ বৃহত্তৰ ৰাণী অঞ্চলৰ নিৰলপুৰ , বিক্ৰমপুৰ , পাজিবিন্ধা , নালাপাৰা , বেলগুৰি , চেচা , মৈৰাপুৰ , মানিকপুৰ , পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষক সকলে শালিধানৰ কঠিয়া সিঁচা কাম আৰম্ভ কৰিছিল । কিন্তু বিগত প্ৰায় দুই সপ্তাহ ধৰি নিশাৰ ভাগত পোৱালীসহ অহা এটা প্ৰায় ৩০ ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাকে কঠীয়া গছকি , ফেনেকী নষ্ট কৰি পেলাইছে । এই সন্দৰ্ভত ৰাণী মৈৰাপুৰ আঞ্চলিক বনৰীয়া হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ , সম্পাদক বিনয় দাস , বিক্ৰমপুৰৰ উদীয়মান যুৱ কৃষক জোন ৰাভা , আদৰ্শ কৃষক ৰজনী দাসকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত পোৱালীসহ নামি অহা প্ৰায় ৩০ ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই উক্ত অঞ্চলত সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত প্ৰৱেশ কৰি প্ৰায় ১০০ বিঘা মান মাটিৰ সিঁচা শালিধানৰ কঠিয়া খাই আৰু গছকি নষ্ট কৰি পেলাইছে । তদুপৰি বনৰীয়া হাতীৰ জাকটোৱে স্থানীয় গৃহস্থৰ ঘৰ-বাৰীত সোমাই কুঁহিয়াৰ-কল-কঁঠাল আদি খাই তহিলং কৰিছে । উল্লেখনীয় যে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ইতিপূৰ্বে সংশ্লিষ্ট বন বিভাগে উক্ত অঞ্চল বিশেষত ‘সৌৰশক্তি চালিত ফেঞ্চিং” বহুৱাইছিল । কিন্তু যাৱতীয় প্ৰতিপালনৰ অভাৱত সেই ফেন্সিং সমুহ বেয়া হৈ পৰে । ইফালে হাতীৰ জাকটোৱে পথাৰৰ মাজত একাংশ কৃষকে জিৰণি লোৱাৰ লগতে কৃষি কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী ৰখাৰ বাবে নিৰ্মাণ কৰা চালিঘৰো ভাঙি পেলোৱাত কৃষক সকল শংকিত হৈ পৰিছে । ইয়াৰ মাজতে ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ মাহিন্দ্ৰী সংৰক্ষিত বনাঞ্চলৰ এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত প্ৰায় ২৭ হেক্টৰ মাটি এটা দুষ্টচক্ৰই কৌশলৰে বেদখল কৰাত আৰু অৰণ্যত হাতীৰ খাদ্য কমি অহাত বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই আহিবলৈ বাধ্য হৈছে বুলি ৰাণীৰ একাংশ প্ৰকৃতিপ্ৰেমী লোকে জানিবলৈ দিছে। আনকি কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাত পৰি ৰাণীৰ বনাঞ্চল সমূহৰ ওচৰত বাস কৰা কিছু লোকে অৰণ্য ধ্বংসকাৰ্যত জড়িত হোৱা বিষয়টোৱেও হাতী – মানুহৰ সংঘাট সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
জলমগ্ন দেশৰ ৰাজধানী দিল্লী! হাহাকাৰ অৱস্থাত দিল্লীবাসী…
ধাৰাসাৰ বৰষুণৰ পিছতে জলমগ্ন হৈ পৰে দেশৰ ৰাজধানী দিল্লী।
স্তব্ধ হৈ পৰে সাধাৰণ জনজীৱন।
আনহাতে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চাদ খহি এজনৰ মৃত্যু হয় আৰু আহত হয় ৬জনকৈ লোক।
মৃতকৰ পৰিয়ালক ২০ লাখ টকা আৰু আঘাতপ্ৰাপ্তক ৩ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা।
বাট-পথ, ঘৰ দুৱাৰ জলমগ্ন হৈ পৰাত দিল্লীবাসীৰ মাজত হাহাকাৰ সৃষ্টি।
আগন্তুক দুদিনলৈ দিল্লীত বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
আজি শনিবাৰে ঘন ডাৱৰীয়া হ’ব। মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হ’ব পাৰে।
বৰষুণৰ সমান্তৰালকৈ ধুমুহাৰ সতৰ্কবাণীও জাৰি কৰা হৈছে।
আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল, মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা…
আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল৷
ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷

বাৰ্বাডোজত নিশা ৮ বজাত অনুষ্ঠিত হ’ব ফাইনেল মেচখন৷
খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী।
পাকঘৰৰ এটা সৰু ভুলে আপোনাৰ স্বাস্থ্য ক্ষতি কৰিব! ঘৰতে শাক-পাচলি কটাৰ সময়ত সাৱধানতা অৱলম্বন কৰক…
বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়ে স্বাস্থ্য ক্ষেত্ৰত অধিক সচেতন হৈ আহিছে, লগতে খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিছে।আমি সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে ব্যায়াম কৰোঁ। কিন্তু আপুনি জানেনে যে আপোনাৰ পাকঘৰত থকা এটা সৰু বস্তুৱে আপোনাৰ স্বাস্থ্যৰ ক্ৰমান্বয়ে ক্ষতি কৰিব পাৰে!

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে আমি প্ৰায়ে শাক-পাচলি আৰু ফল-মূল কাটিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ চপিং বৰ্ড আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্লাষ্টিক চপিং বৰ্ড সাধাৰণতে পলিইথাইলিন বা পলিপ্ৰ’পাইলিন আদি প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। আমি যেতিয়া এই ফলকবোৰত কটাৰীৰে বস্তু কাটি লওঁ তেতিয়া মাইক্ৰ’প্লাষ্টিক নামৰ সৰু সৰু প্লাষ্টিকৰ টুকুৰাবোৰ ওলাই আহি আমাৰ খাদ্যৰ লগত মিহলি হৈ পৰে।
মাইক্ৰ’প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে মাইক্ৰ’প্লাষ্টিকে পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিব পাৰে আনকি কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।
প্লাষ্টিকৰ চপিং বৰ্ডৰ বিপদৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-
প্লাষ্টিক চপিং বৰ্ড সময়ৰ লগে লগে বেয়া হৈ যায় আৰু অধিক মাইক্ৰ’প্লাষ্টিক মুক্ত কৰিবলৈ আৰম্ভ কৰে। সেয়ে কেইমাহমানৰ মূৰে মূৰে চপিং বৰ্ডখন সলনি কৰিব লাগে।
আপোনাৰ চপিং বৰ্ডখন গৰম পানী আৰু চাবোনেৰে ধুব। ভিনেগাৰ আৰু পানীৰ মিশ্ৰণো ব্যৱহাৰ কৰিব পাৰে।
শাক-পাচলি আৰু ফল-মূল কাটিলে ভালদৰে ধুই ক্ষতিগ্ৰস্ত বা নষ্ট হোৱা অংশ আঁতৰাই পেলাওক।
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন সময়সূচী…
NTA য়ে ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন সময়সূচী৷
অহা ১০ জুলাইত NCET আৰু ২৫-২৭ জুলাইলৈ Joint CSIR UGC NET পৰীক্ষা অনুষ্ঠিত হ’ব৷
২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ অনুষ্ঠিত হ’ব ইউজিচি-নেট জুন ২০২৪ চক্ৰ।
শুকুৰবাৰে নিশা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বাতিল আৰু পিছুৱাই দিয়া পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰে।
নীল আকাশ আৰু নিলাভ নিতৰ কণ্ঠৰ অজয় ফুকন সংগীত পৰিচালনাৰ”মই হেনো প্ৰেমতেপঢ়িছোঁ
“
ৰজগঁড় মা ষ্টুডিঅ ত আনুষ্ঠানিক ভাৱে মুক্তি দিয়ে।

নীল আকাশ আৰু নিলাভ নিতৰ কণ্ঠৰ অজয় ফুকন সংগীত পৰিচালনাৰ”মই হেনো প্ৰেমতে
পঢ়িছোঁ”আৰু অভিজিত ভট্টচাৰ্যৰ “মেডাম মেনকাৰ” শ্ৰব্য আৰু ভিডিঅ’ উন্মোচনী কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে।প্ৰস্তুতি পৰাশৰ,
অভিজিত ভট্টাচার্য, জেফি বক্সী,নৃত্য নিৰ্দেশক উদয় শংকৰ,অজয় ফুকন আদি শিল্পী কলা কুশলী সকল
গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা
গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা
গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । চাহ বাগিছা খনত ৬০০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে৷

গহপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল শ্বহীদ কনকলতা বৰুৱা নামত এখন বিশ্ববিদ্যালয়ৰ স্থাপন কৰা কিন্তু সকলো থিক থাক থাকিলে কিছুদিনৰ ভিতৰতে অসম চৰকাৰে বিশ্ববিদ্যালয় খনৰ নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভণি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই প্ৰকাশ কৰে আজি গহপুৰত। ইফালে বিশ্ববিদ্যালয়ৰ খন স্থাপনৰ ক্ষেত্ৰত কিছু চৰকাৰী ভূমিত বাগিচা খনৰ প্ৰায় ২০০ টা পৰিয়াল দীৰ্ঘদিন ধৰি বসবাস কৰি থকা কথা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সেই ২০০ টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয়শ্ৰমিক সংগঠন আছা আটছা লগতে শ্ৰমিক সলকৰ সৈতে ও আলোচনা কৰি সমস্যা সমূহ সমাধানৰ চেষ্টা কৰা হ’ব বুলি কয় ।
এই সন্দৰ্ভত আজি প্ৰথম স্থানীয় দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনা কৰা লগতে আন এখন আলোচনা সভা অনুষ্ঠিত কৰি সকলোৰে সহমত হ’লে সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ অহা ডিচেম্বৰ মাহৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব পৰা যাব বুলি কয়।
উল্লেখ্য যে বিদ্যালয়খনৰ বাবে ইতিপূৰ্বে ৫০০ কোটি টকা আবন্টন দিয়া আছে । এই বিশ্ববিদ্যালয় খনে উত্তৰ অসমৰ শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। আজি এই পৰিদৰ্শন সময়ত নৱ নিৰ্বাচিত শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী অশোক সিংহল, শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু লগতে বিধায়ক উৎপল বৰা উপস্থিত থাকে।
নলবাৰীৰ পেপছি ইণ্ডিয়া প্ৰকল্প পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
গুৱাহাটী, ২৭জুন:ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি নলবাৰী জিলাৰ বানেকুছিত ৭৭৮ কোটি টকা বিনিয়োগেৰে নিৰ্মীয়মান বহু প্ৰত্যাশিত পেপছিকো (PepsiCo)প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পটো পৰিদৰ্শন কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ সহজ আৰু উন্নত বাণিজ্যিক তথা উদ্যোগ নীতিৰ বাবে জিলাখনত স্হাপিত বৃহৎ উদ্যোগটোৱে জিলাখনৰ শিল্প উদ্যোগ ক্ষেত্র খনত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি উদ্যোগ মন্ত্ৰী বড়াই পৰিদৰ্শন কালত মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে পেপছিৰ এই উদ্যোগটোৱে যথেষ্ট সংখ্যক প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে কৃষিখণ্ডও বিশেষভাৱে উপকৃত কৰিব।বিভিন্ন খাদ্য সামগ্রী উৎপাদিত হ’ব লগা এই সেউজ পথাৰ প্ৰকল্পটোৰ কাম ৩০শতাংশ অগ্ৰগতি লাভ কৰিছে। এই প্ৰকল্পটোত উৎপাদিত হ’ব লগা চিপছৰ বাবে প্ৰয়োজনীয় আলু উৎপাদনৰ বাবে বহুজাতিক কোম্পানীটোৱে স্হানীয় কৃষক সকলক সহায় আগবঢ়াব।

নলবাৰীত অনুস্হিত মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পাছতে বানেকুছিৰ প্ৰকল্প স্থলীত উপস্থিত হোৱা মন্ত্রী গৰাকীয়ে পেপছিকোৰ বিষয়া সকলৰে প্ৰকল্পটোৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকতো মিলিত হয়। আজিৰ এই পৰ্যালোচনাত নিৰ্মাণ কাৰ্য্যৰ স্থিতি বুজ লোৱাৰ লগতে, যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত উদ্যোগ বিভাগৰ তৰফৰ পৰা সহায় আগবঢ়োৱা হ’ব বুলিও পেপছিকোৰ বিষয়াসকলক তেওঁআশ্বাস প্ৰদান কৰে।








