Home Blog Page 743

নগাঁও লেখিকা সমাৰোহ সমিতিৰ অনন্য পদক্ষেপ

দৈনন্দিন বাৰ্তাৰ সেৱা, বঢ়মপুৰ, ২৭ জুন : নগাঁও লেখিকা সমাৰোহ সমিতিৰ এটা সজাতি দলে ২৬ জুনৰ বিয়লি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭ খন গ্ৰন্থ আগবঢ়ায় । সদস্যাসকলে নিজে লিখা আৰু সম্পাদনা কৰা গ্ৰন্থৰ উপৰিও আন প্ৰতিষ্ঠিত লেখকৰ কিছু গ্ৰন্থও ক্ৰয় কৰি মহাবিদ্যালয়খনলৈ গৈ প্ৰদান কৰে। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: মিহিৰ কুমাৰ গোস্বামীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও লেখিকা সমাৰোহ সমিতিৰ ফালৰ পৰা আগবঢ়োৱা হয় গ্ৰন্থখিনি। লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা আভা বৰা, বীণা শৰ্মা, দীপা বৰুৱা, শাখাৰ সভানেত্ৰী ড০ থুনু কলিতা, সম্পাদিকা প্ৰিয়ম্বদা শইকীয়া বৰা, ঊৰ্মিলা বৰুৱা, অপৰা ফুকন, ড০ স্বপ্না নেওগ বৰা, ড০ অঞ্জনা গোস্বামী, সন্ধ্যা বৰুৱা, প্ৰিয়ম্বদা কাকতী বৰা, বুলু বৰুৱা প্ৰমুখ্যে সদস্যাসকলে মহাবিদ্যালয়খনিৰ অধ্যক্ষ আৰু গ্ৰন্থাগাৰিক প্ৰিয়ানুজ বৰাৰ হাতত গ্ৰন্থসমূহ অৰ্পণ কৰে ।

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এক নতুন সাকাৰাত্মক চিন্তাধাৰাৰে নগঞা ৰাইজৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰি জনসাধাৰণৰ সেৱাৰ বাবে গ্ৰন্থাগাৰত এনে এটা শাখা ৰখাৰ চিন্তা-চৰ্চা কৰিছে। তেখেতৰ এনে অনন্য প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি জনাই নগাঁও শাখা লেখিকা সমাৰোহ সমিতিয়ে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অধ্যক্ষগৰাকীয়ে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু গ্ৰন্থসমূহ সুন্দৰকৈ গ্ৰন্থাগাৰত ৰখোৱাৰ ব্যৱস্থা কৰে। নগাঁও লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলেও ভবিষ্যতে প্ৰয়োজনসাপেক্ষে পুনৰ সহযোগিতা আগবঢোৱাৰ কথা অৱগত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী: প্ৰতিক্ৰিয়া উপাচাৰ্যৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই মাৰ্কশ্বিটৰ কোটিটকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ কম্পিউটাৰাইজ ব্যৱস্থাৰে জড়িত থকা একাংশই মাৰ্কশ্বিট জালিয়াতিৰ কাণ্ড সংঘটিত কৰে বুলি অভিযোগ আনে শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই । অভিযোগ অনুসৰি কেছ ফৰ মাৰ্কচ কেলেংকাৰীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰে বিভিন্ন বিভাগৰ ভালেসংখ্যক লোক জড়িত থকাৰ কথা কোৱাৰ উপৰিও দুষ্ট কৰ্মৰ কু-কাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এনেধৰণৰ ৬টা ঘটনা পূৰ্বেও ফাদিল হয় । উক্ত সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে তদন্ত চলাই আছে। ঘটনা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়েও ‘আই ইউ এম এছ’ৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সকলো তথ্য আৰু নম্বৰ তালিকা ছআপলোড কৰে । তদুপৰি যিটো সংস্থাক তদাৰক কৰিবলৈ দিয়া হৈছিল সেই নিৰ্দিষ্ট সংস্থাটোৰে ২০২২চনতে চুক্তিৰ ম্যাদ উকলি গৈছে বুলি লগতে উপাচাৰ্য গৰাকীয়ে অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটাৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বিট জালিয়তিৰ তথ্য পোহৰলৈ অহাত এই সমগ্ৰ ঘটনা চৰ্চালৈ আহিছে। ইয়াৰ পাছতেই বিশ্ববিদ্যালয়খনত মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱা বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত সাংবাদিকৰ আগত ব্যক্ত কৰে ।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায়সংখ্যক মহাবিদ্যালয়তে এনে দালাল চক্ৰ থকাৰ অভিযোগ প্ৰকাশ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমানজিত ডেকাই। সাধাৰণ সম্পাদক গৰাকীয়ে কেলেংকাৰীত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীও জড়িত থকাৰ লগতে বিশেষকৈ বেক উঠোৱাৰ নামত প্ৰতিটো বিষয়ত ১৬হাজাৰ টকা ঘোচ লোৱাৰো গুৰুতৰ অভিযোগ তোলে ছাত্ৰ একতা সভাই।

নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো যুক্তি-তৰ্কৰ বাবে মুখামুখি বাইডেন আৰু ট্ৰাম্প!জুলাই-আগষ্টত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক সন্মিলন অনুষ্ঠিত হ’ব…

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত। তাৰ প্ৰাকক্ষণত প্ৰথমটো যুক্তি-তৰ্ক কাৰ্যসূচীত মুখামুখি ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।এই যুক্তি-তৰ্কৰ জৰিয়তে ৮১বছৰীয়া ডেম’ক্ৰেটিক নেতা বাইডেনে ভোটাৰ সকলক আশ্বস্ত কৰাৰ চেষ্টা কৰে যে কেনেদৰে তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে দেশখনক তেওঁ আগুৱাই লৈ গৈছে আৰু নৱেম্বৰত ভোটাৰ সকলে যোগ্য প্ৰাৰ্থী হিচাপে তেওঁকে নিৰ্বাচিত কৰিব বুলিও তেওঁ আশাবাদী।

ইফালে ৭৮বছৰীয়া ট্ৰাম্পে নিউয়ৰ্কত তেওঁৰ বিৰুদ্ধে থকা অপৰাধমূলক ঘটনাবোৰ মিছা বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰে। লগতে লাখ লাখ লোকক বুজাই দিয়ে যে তেওঁ অ’ভাল কাৰ্যালয়লৈ ঘূৰি অহাৰ বাবে উপযুক্ত।ট্ৰাম্প আৰু বাইডেনে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হোৱাও দেখা গৈছে।তাৰ ভিতৰত আছে দলীয় ৰাজনৈতিক হুলস্থুল, অসন্তুষ্ট জনসাধাৰণ।যুক্তি-তৰ্কৰ সময়ত চিএনএনয়ে কেইবাটাও নিয়ম বান্ধি দিছিল।সেই নিয়মবোৰ পালন কৰিবলৈ সন্মত হৈছিল দুয়োগৰাকী নেতা।সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখুওৱা হৈছে যে কেনেকৈ ৮১ বছৰীয়া বাইডেন আৰু ৭৮ বছৰীয়া ট্ৰাম্পক তেওঁলোকৰ যুক্তি-তৰ্কৰ সময়ত সহায় কৰিবলৈ ‘উচ্চ-প্ৰযুক্তিৰ’ মাইক্ৰ’ফোন স্থাপন কৰা হৈছে। পূৰ্বৰ এনে যুক্তি-তৰ্কতকৈ ব্যতিক্ৰম আছিল কিয়নো কোনো লাইভ ষ্টুডিঅ’ৰ দৰ্শক নাছিল।

৪০ বছৰ অতিক্ৰম কৰা লোকৰ আঁঠুৰ বিষৰ সমস্যাৰ বাবে অত্যাধুনিক চিকিৎসা পদ্ধিত…

আজিৰ জীৱন শৈলীৰ বাবে বৃদ্ধ লোকসকলৰ লগতে ৪০ বছৰ অতিক্ৰম কৰা লোকসকলৰ আঁঠুৰ বিষৰ সমস্যাত ভূগিবলৈ ধৰিছে।সৰ্বোদয়া চিকিৎসালয় ৰজইণ্ট ৰিপ্লেচমেণ্ট বিভাগৰ সঞ্চালক ডাঃ সুজয় ভট্টাচাৰ্জীয়ে আঁঠুৰ বিষত আক্ৰান্ত ৰোগীৰ বাবে উন্নত ফলাফল নিশ্চিত কৰা অত্যাধুনিক চিকিৎসাৰ অগ্ৰগতি ৰবটিক জইণ্ট ৰিপ্লেচমেণ্টৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। ২৪,০০০ৰো অধিক জইণ্ট ৰিপ্লেচমেণ্টৰ সৈতে জড়িত থাকি লাভ কৰা ভট্টাচাৰ্জীৰ এই প্ৰযুক্তিৰ অভিজ্ঞতা অতুলনীয়। ৰবটৰ জৰিয়তে জইণ্ট ৰিপ্লেচমেণ্ট মেথড(যুটীয়াপ্ৰতিস্থাপনপদ্ধতি)ৰ জৰিয়তে লাভ কৰা ফলাফলৰ ক্ষেত্ৰত সৰ্বাধিক শুদ্ধতা প্ৰদান কৰে, ইয়াৰ লগতে ৰবটৰ দ্বাৰা জইণ্ট ৰিপ্লেচমেণ্টৰ অন্যান্য সুবিধা আছে যে নেলিগামেণ্টবা পেশী ৰক্ষা কৰি দ্ৰুত আৰোগ্য৷সৰ্বোদয়ৰ ৰবটিক জইণ্ট ৰিপ্লেচমেণ্ট বিভাগে লিগামেণ্ট বা পেশী ৰক্ষা কৰি দ্ৰুত আৰোগ্য লাভৰ সুবিধা প্ৰদান কৰে।এই নূন্যতম ছিদ্ৰ পদ্ধতিয়ে আঁঠুৰ প্ৰয়োজনীয় অংশটোহে সলনি কৰে, যাৰ ফলত লিগামেণ্ট ৰক্ষা পৰে।ইয়াৰ ফলত ৰোগীয়ে আঁঠু সলনি কৰাৰ অস্ত্ৰোপচাৰ কৰা যেন অনুভৱ নকৰাকৈয়ে সোনকালে আৰোগ্য লাভ কৰিব পাৰে। আনহাতে  সঠিক ভাৱে স্থাপনেৰে সংৰোপণৰ দীৰ্ঘায়ু৷দ্ৰুত ৰূপ প্ৰতিৰোধ কৰিবলৈ গাঁঠি সলনি কৰাৰ বাবে পোন (ষ্ট্ৰেইট) ফ্ৰেমত সঠিক ভাৱে সংৰোপণৰ প্ৰয়োজন।

ৰবটেৰে হাড় কাটিলে নিখুঁত ভাৱে হাড়কা টিব পৰা যায়, যাৰ ফলত দীৰ্ঘসময়ৰ বাবে আঁঠুৰ সলনি বিষমুক্ত আঁঠুৰ ব্যৱস্থা সহায়ক হয়।এই নিখুঁত বা সম্পূৰ্ণতা আন কোনো কৌশলৰে তুলনাত নহয়, যাৰ ফলত ইমপ্লাণ্টৰ দীৰ্ঘজীৱন নিশ্চিতহয়।ইয়াৰ লগতে গাঁঠি সলনি (জইণ্টৰিপ্লেচমেণ্ট)ৰ অস্ত্ৰোপচাৰৰ ২ঘণ্টাৰ পিছত খোজ কাঢ়িব পাৰে৷ গাঁঠি সলনি কৰাৰ অস্ত্ৰোপচাৰৰ পিছত ৰোগীয়ে নূন্যতম ছিদ্ৰ, কম ৰক্তক্ষৰণ আৰু সঠিক ইমপ্লাণ্টৰ জৰিয়তে দুঘণ্টাৰ পিছতে খোজ কাঢ়িব পাৰে।ইয়াৰ ফলত বিষ কম হয়, চিকিৎসালয়ত থকাৰ সময় হ্ৰাস পায় আৰু ফিজিঅ’থেৰাপিৰ প্ৰয়োজনীয়তা নোহোৱা হয়, যাৰ ফলত ৰোগীয়ে অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতি যাব পাৰে। তদুপৰি আছে অধিক নিৰাপদ প্ৰযুক্তি৷ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থকাৰ বাবে ৰবটিক অস্ত্ৰোপচাৰ আনপদ্ধতিত কৈ সুৰক্ষিত কৌশল, কিয়নো ই প্ৰক্ৰিয়াৰ পূৰ্বে আৰু সময়তো সম্পূৰ্ণ ৰূপে স্বয়ংক্ৰিয় ভাৱে হয়।অস্ত্ৰোপচাৰৰ পূৰ্বে ৰবটৰ কাৰ্যক্ষমতা নিৰ্ণয় কৰা হয় আৰু নিৰ্দেশনা সমূহ অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত প্ৰক্ৰিয়াটোৰ সময়তো সুৰক্ষা নিশ্চিত হৈ পৰে।

নৌ সেনাৰ বিষয়া অনিল কুমাৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। বিষয়াগৰাকীৰ মৃতদেহ ১৫দিন চীনতে আছে…

নৌ সেনাৰ বিষয়া অনিল কুমাৰ চীনত মৃত্যু

প্ৰায় ১৪ দিন পূৰ্বে ভাৰতৰ মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।বিষয়াগৰাকীৰ মৃতদেহ এতিয়াও চীনতে আছে।এনে পৰিস্থিতিত বিষয়াগৰাকীৰ বৃদ্ধ মাতৃ, পত্নী তথা পৰিয়ালৰ লোকসকল হতবাক হৈ পৰিছে।ইফালে আগ্ৰাৰ সাংসদত থকা  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰফেচাৰ এছপি সিং বাঘেলে ভুক্তভোগীৰ পৰিয়ালক সহায়ৰ বাবে বুধবাৰে দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰে।

আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে।মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ নশ্বৰ দেহ সোনকালেই ভাৰতলৈ অনা হ’ব বুলি কোৱা হৈছে।একেদৰে বিষয়াগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে বিষয়াগৰাকীৰ পৰিয়ালেও প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিকমন্ত্ৰীক এক্সৰ জৰিয়তে বিশেষ অনুৰোধ জনাইছে। চীনৰ প্ৰৱাসী ভাৰতীয় সকলেও একেধৰণৰ প্ৰচেষ্টা চলাই আছে।উল্লেখ্য যে শ্বাহ গঞ্জ আৰক্ষী থানাৰ চাণক্য পুৰীৰ সাইধামৰে চিডেন্সিৰ বাসিন্দা ৪৯ বছৰীয়া অনিল কুমাৰ মাৰ্চেণ্ট নেভিৰ মুখ্য অভিযন্তা আছিল।

কামৰূপৰ কৃষি বিজ্ঞান কেন্দ্ৰত কীট-নাশক দ্ৰব্যৰ ব্যৱস্থাপনা শীৰ্ষক পাঠ্যক্ৰম

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপত “কীট-নাশক দ্ৰব্যৰ ব্যৱস্থাপনা” শীৰ্ষক মানপত্ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ
ইং ২৫ জুন, ২০২৪ তাৰিখৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ নেতৃত্বত ১২ দিনীয়া মানপত্ৰ পাঠ্যক্ৰম “কীট-নাশক দ্ৰব্যৰ ব্যৱস্থাপনা” শীৰ্ষক বিষয়ৰ পাঠ্যক্ৰম কাৰ্যসূচী আৰম্ভ হয়।

উদ্বোধনী অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ড° ধীৰেন্দ্ৰ নাথ কলিতা প্ৰমূখ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী তথা মুখ্য কাৰ্যবাহী বিষয়া, CBBO, অসম ড° প্ৰমোদ চন্দ্ৰ ডেকা, মহকুমা কৃষি বিষয়া শ্ৰীমানস জ্যোতি মহন্ত সমন্বিতে কেন্দ্ৰৰ বিজ্ঞানী সকল উপস্থিত থাকে। প্ৰশিক্ষণৰ পৰিচালকৰূপে কেন্দ্ৰৰ বিজ্ঞানীদ্বয় ক্ৰমে ড° মধুস্মিতা কটকী আৰু শ্ৰীঅৰূপ কুমাৰ শৰ্ম্মা জড়িত হৈ থাকে। কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ মুঠ ৪১ গৰাকী কীটনাশক বিপণ্নৰ স্বত্বাধিকাৰীয়ে প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰে।

অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ ওম বিৰলা দায়িত্বভাৰ গ্ৰহণ কৰে |

আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএ-ৰ সাংসদসকলে সাক্ষাৎ কৰে আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰে। লগতে এই সময়ছোৱাত সৌহাৰ্দপূৰ্ণ বাৰ্তালাপত মিলিত হয়।

সমগ্ৰ ভাৰতত কুকিৰ মুক্তি লাভ

সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ কুকিয়ে ২০২৪ চনৰ ২৮ জুনত ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰে। ছবিখনে ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ যাত্ৰা বৰ্ণনা কৰি এক সংবেদনশীল বিষয় সকলোৰে আগত তুলি ধৰিছে। প্ৰণৱ জে ডেকাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত ভুক্তভোগী এগৰাকীয়ে পাৰ হোৱা মানসিক আঘাতৰ একাধিক পৰ্যাযৰ বিৱৰণ দাঙি ধৰা হৈছে। চলচ্চিত্ৰখনত প্ৰবীণ বলীউড অভিনেতা ৰাজেশ টাইলাং, দেৱলীনা ভাটাচাৰ্য, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, প্ৰীতি কংকণা, বোধিসত্ত্ব শৰ্মা, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী আৰু বহুসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।উল্লেখযোগ্য যে, এগৰাকী অভিনেত্ৰী হিচাপে ৰিতিশা খাউণ্ডৰ বাবে কুকি হৈছে প্ৰথমখন চলচ্চিত্ৰ।

কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰা বিশ্ব চলচ্চিত্ৰ জগতৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে চলচ্চিত্ৰখনৰ উচ্চ প্ৰশংসা কৰিছিল। চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনৰ মুক্তি সম্পৰ্কে প্ৰকাশ কৰি প্ৰযোজিকা ড° জোনমণি দেৱী খাউণ্ডে চলচ্চিত্ৰখন অধিক সংখ্যক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। “আমাৰ লক্ষ্য হৈছে আমাৰ অঞ্চলৰ বাহিৰৰ দৰ্শকসকলক অসমীয়া চলচ্চিত্ৰৰ গভীৰতা আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা। এক ৰাষ্ট্ৰীয় ভাষা হিচাপে, হিন্দীয়ে এক বৃহৎ পৰিসৰৰ দৰ্শকৰ সমুখত আমাৰ সমৃদ্ধ কাহিনী আৰু কাৰিকৰী দক্ষতা উপস্থাপন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে।

৯৮% অসমীয়া কৰ্মচাৰীৰে নিৰ্মিত এই হিন্দী ভাষাৰ চলচ্চিত্ৰখন হৈছে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক প্ৰমাণ। এই প্ৰচেষ্টাই উদ্যোগটোৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালকৈ এক শিক্ষণ অভিজ্ঞতা হিচাপেও কাম কৰে আৰু সদস্যসকলৰ মাজত পাৰস্পৰিক সাংস্কৃতিক বিনিময়ৰ লগতে দক্ষতাৰ বিকাশ কৰে। উদ্যোগটোৰ নামজ্বলা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা, গায়ক, সংগীতজ্ঞ চলচ্চিত্ৰখনৰ সৈতে জড়িত হৈ আছে। ছবিখন অসম, উৰিষ্যা, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা, মুম্বাই, চেন্নাই, দিল্লী, বাংগালুৰু, পুনে, কলকাতা, ভূপাল, যোধপুৰ, লক্ষ্ণৌ আদি চহৰত সফলতাৰে চলি আছে।

পদপথৰ অসুস্থ কুকুৰক তেজদান ঃ ৰতন টাটালৈ মুম্বাইবাসীৰ সহাঁৰি

প্ৰখ্যাত টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটা আন পুঁজিপতিৰ দৰে কেৱল ধন উপাৰ্জনকেই লক্ষ্য হিচাপে নলৈ টাটা গ্ৰুপে সামাজিক দায়িত্ববোধৰ পৰিচয় দি বিভিন্ন কাম হাতত লোৱা সময়ে সময়ে পৰিলক্ষিত হৈছে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন আছে যে কিছুদিন আগত ৰতন টাটাই পদপথৰ পৰা এটা কুকুৰ উদ্ধাৰ কৰিছিল। কুকুৰটোৰ বয়স আছিল ৭ মাহ। সেই সময়ত গুৰুতৰভাৱে অসুস্থ কুকুৰটো মূলতঃ জ্বৰ আৰু ৰক্তহীনতাত ভূগি আছিল। কুকুৰটোৰ সুস্থ কৰি তুলিবলৈ তেজৰ প্ৰয়োজন হৈছিল। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰমত পদপথৰ পৰা উদ্ধাৰ কৰা কুকুৰটোৰ ফটো আপলোড কৰি মুম্বাই বাসীৰ পৰা সহায় বিচৰাৰ পাছতেই মুম্বাইৰ বহু কেইজন লোকে তেওঁলোকৰ পোহনীয়া কুকুৰ লগত লৈ আহি টাটাই উদ্ধাৰ কৰা কুকুৰটোৰ বাবে তেজৰ যোগান ধৰিছে ।

কুকুৰৰ প্ৰতি থকা অগাধ মৰমৰ নিদৰ্শন হিচাপে ৰতন টাটাৰ বাসগৃহত আছে বহু পোহনীয়া কুকুৰ। অকল নিজৰ পোহনীয়া কুকুৰে নহয়, পদপথৰ কুকুৰৰ বাবেও প্ৰায়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এক বিশাল ব্যৱসায়ীক সাম্ৰাজ্যৰ অধিকাৰী ৰতন টাটা যিদৰে সামাজিকভাৱে দায়বদ্ধ ঠিক সেইদৰে পশু প্ৰেমো অতুলনীয়। বিশেষকৈ কুকুৰৰ প্ৰতি থকা ৰতন টাটাৰ পশুপ্ৰেমক সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

স্বামীহীনা মহিলাৰে দৈহিক সম্পৰ্ক স্থাপন কৰি ৰঙা ঘৰৰ আলহী গ্ৰাম্য ৰুজগাৰ সেৱক গুলজাৰ হুছেইন…

বিধবামহিলাক প্ৰেমৰ ছলনাৰে দৈহিক সম্পৰ্ক স্থাপন কৰি ৰঙাঘৰৰ আলহী গ্ৰাম্য ৰুজগাৰ সেৱক(GRS) গুলজাৰ হুছেইন। যি সময়ত চৰকাৰে নাৰীক অগ্ৰাধিকাৰ দি নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হৈছে ঠিক তেনে সময়তে মৈৰাবাৰীৰ ভেলৌগুৰিত সংগঠিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা।

মৈৰাধ্বজ গাঁও পঞ্চায়তৰ GRS গুলজাৰ হুছেইনক ভেলৌগুৰি আৰক্ষীয়ে আটক কৰিছে। ভেলৌগুৰি গাঁৱৰে এগৰাকী বিধবা মহিলাক বিয়া কৰোৱাৰ প্ৰলোভন দি দীৰ্ঘদিনে দৈহিক সম্পৰ্ক স্থাপন কৰি পিছলৈ বিয়া পাতিবলৈ অস্বীকাৰ কৰাত মহিলা গৰাকীয়ে আইনৰ আশ্ৰয় লয়।


মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত GRS গুলজাৰক গ্ৰেপ্তাৰ কৰিছে।