Home Blog Page 744

সাৱধান! ইজনৰ পিছত সিজন আক্ৰান্ত এনকেফেলাইটিছত…

লাকুৱাত পুনৰ এনকেফেলাইটিছত আক্ৰান্ত এগৰাকী ব্যক্তি। লাকুৱা দিহঙ্গীয়া কোৱৰ গাঁৱৰ প্ৰদীপ বাইলুং নামৰ ব্যক্তি জন আক্ৰান্ত এনকেফেলাইটিছত। লক্ষ্যনীয় বিষয় এয়ে যে কিছুদিন পূৰ্বে লাকুৱাৰ মোহন দেওধাই গাৱৰ উজনি কোঁৱৰ গাঁও চুকত এনেকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল দুগৰাকীকৈ ব্যক্তি। তাৰে এজন শিশু হোৱাৰ বিপৰতে আন গৰাকী আছিল মহিলা।
এইবাৰ আকৌ পুনৰ লাকুৱা অঞ্চলৰে প্ৰদীপ বাইলুং আক্ৰান্ত হৈছে এনকেফেলাইটিছত।


প্ৰদীপ বাইলুঙৰ বয়স প্ৰায় ৬৩ বছৰ বুলি জানিব পৰা গৈছে৷এনকেফেলাইটিছত আক্ৰান্ত প্ৰদীপ বাইলুং বৰ্তমান শিৱসাগৰৰ ডিমৌস্থিত চুকাফা হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। প্ৰদীপ বাইলুং ইতিমধ্যে আৰোগ্য লাভ কৰিছে যদিও বৰ্তমান চিকিৎসাধীন। লাকুৱাত এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া স্বাস্থ্য বিভাগে সমগ্ৰ লাকুৱা অঞ্চলতে সজাগতাৰ সৃষ্টি কৰাৰ লগতে যাৱতীয় ব্যৱস্থা যেনে আঁঠুৱাত ঔষধীকৰণ আৰু অঞ্চলতোত ধুৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷

এই ৫ টা বস্তু খালে শক্তি বাঢ়িব পুৰুষৰ! শক্তিশালী হ’ব পেশীও…

পুৰুষে নিজৰ জীৱনত বহু দায়িত্ব ল’বলগীয়া হয়, যাৰ বাবে তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল’ব নোৱাৰে, যদি পুৰুষে কিছুমান বিশেষ খাদ্য খায় তেন্তে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ থাকিব। সকলোৱে সুস্থ হ’ব বিচাৰে, কিন্তু ইয়াৰ বাবে ভাল প্ৰটিন, খনিজ পদাৰ্থ, কাৰ্বহাইড্ৰেটৰ দৰে পুষ্টিকৰ উপাদান বাছি ল’ব লাগে, যিয়ে পুৰুষক গোটেই দিনটো শক্তিশালী কৰি ৰখাত সহায় কৰে।পুৰুষে শক্তিশালী হৈ থাকিবলৈ এই ৫ টা বস্তু খাব লাগেঃ


চৰ্বিযুক্ত মাছ

মাছত এনে কিছুমান উপাদান থাকে যিয়ে আপোনাৰ মগজুক চোকা কৰে। ইয়াত উপস্থিত প্ৰটিনবোৰেও নতুন কোষ গঠনত সহায় কৰে, লগতে ইয়াত ওমেগা ৩ ফেটি এচিড পোৱা যায়। মাছ খালে হৃদযন্ত্ৰ আৰু পেশী শক্তিশালী হয়।

গাখীৰ

গাখীৰত কেলচিয়ামৰ প্ৰচুৰ উৎস, হাড়ৰ বিকাশৰ বাবে ইয়াক সৰ্বোত্তম বুলি গণ্য কৰা হয়। দৈনিক গাখীৰ খোৱাটোৱে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু ষ্ট্ৰোকৰ সমস্যাও নহয়, গাখীৰত থকা মেগনেছিয়াম পেশী গঠনৰ বাবে সৰ্বোত্তম।

কণী

খাদ্য তালিকাত অন্তৰ্ভুক্ত হ’বলৈ কণী সদায় শীৰ্ষত ৰখা হয়। ইয়াত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে, সেয়েহে দৈনিক কণী খোৱাটো ভাল মেগনেছিয়াম, গতিকে দৈনিক খাদ্যত কণী অন্তৰ্ভুক্ত কৰক।

সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, হয়তো বহুতে নাজানে যে ই আমাৰ বাবে ঔষধ হিচাপে কাম কৰে। যদি আপুনি খাদ্য তালিকাত এইবোৰ নিয়মিতভাৱে সেৱন কৰে, তেন্তে আপুনি বহু ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত হৈ থাকে।

বাদাম

বাদামক সদায় স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়, বাদামত স্বাস্থ্যকৰ চৰ্বি থাকে আৰু বহুত পুষ্টিকৰ উপাদান পোৱা যায়। বাদামে আপোনাক হৃদৰোগ, স্মৃতিশক্তিৰ সমস্যা আৰু হাড়ৰ দুৰ্বলতা আদিৰ পৰা ৰক্ষা কৰে।

জাৰ্মানী হৈ অলিম্পিক অভিমুখে উৰা মাৰিল লাভলিনা-প্ৰণামিকা

পেৰিছ অলিম্পিকৰ লক্ষ্যৰে শুকুৰবাৰে জাৰ্মানী হৈ অলিম্পিক অভিমুখে উৰা মাৰিল লাভলিনা বৰগোহাঁই ।দেশবাসীৰ অলেখ শুভেচ্ছা আৰু আশীৰ্বাদলৈ ভাৰতীয় বক্সিং দলটো আজি দুপৰীয়া নতুন দিল্লীৰপৰা আজি পেৰিছৰ দিশে ৰাওনা হয় । উল্লেখ্য যে পেৰিছত অনুষ্ঠিত হবলগীয়া অলিম্পিক খেলত অংশগ্ৰহণ কৰা দলটোত আছে অসমৰ লাভলিনা বৰগোহাঁইও । ইফালে ইয়াৰ পূৰ্বে ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও এইবাৰ লক্ষ্য সোণক পদ আঁজুৰি অনা । ইফালে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা দলটোৱে জাৰ্মানীৰ ছাৰব্ৰুকেন নগৰীত ২২ জুলাই পৰ্যন্ত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সেই সময়ত তাত কেম্পত কেইবাখনো দেশৰ খেলুৱৈৰ সৈতে তেওঁলোকে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাতো অংশগ্ৰহণ কৰিব ।

লাভলিনাৰ লগতে আন গৰাকী অসমীয়াকো আমি এইবাৰৰ অলিম্পিকত ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক পেনেলৰ অন্যতম সদস্য প্ৰণামিকা বৰাক দেখিবলৈ পাব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক প্ৰণামিকা বৰাৰ ঘৰ তিতাবৰৰ ওচৰৰ টিপমীয়া বৰপাচি গাঁৱত । ভাৰতীয় দলৰহৈ কেইবাবাৰো খেলা প্ৰণামিকাই এছিয়ান পৰ্যায়ত পদকো অৰ্জন কৰিছে । সম্প্ৰতি হাৰিয়ানাৰ ৰোহটাকত থকা বক্সিঙৰ চেন্টাৰ অৱ এক্সেলেন্সত খেলুৱৈ গঢ়াত মহিলা প্ৰশিক্ষক হিচাপে প্ৰণামিকা ব্যস্ত ।

ক্ৰীড়া পেঞ্চন নিয়মীয়াকৈ প্ৰদানৰ দাবী…

সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই পুনৰ ৰাজ্য চৰকাৰক পেঞ্চন নিয়মীয়াকৈ আদায় দি আৰু বকেয়া ধন শীঘ্ৰে নিষ্পত্তি কৰিবলৈ দাবী জনায়। এই সন্দৰ্ভত তেওঁলোকে পুনৰবাৰ চৰকাৰৰ দুৱাৰত টোকৰ মাৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰে ক্ৰীড়া পেঞ্চনাৰ ৯৪০০ টকা কৰ্তন কৰে। সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই সেই ধন শীঘ্ৰে ঘূৰাই দিবলৈ দাবী জনাইছে। যোৱা বৃহস্পতিবাৰে সংগঠনটোৱে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ক্ৰীড়া পেঞ্চনাৰসকলে নিয়মীয়া পেঞ্চন নাপালে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। কাৰণ, প্ৰাক্তন খেলুৱৈসকল এই পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল।

এই সন্দৰ্ভত সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাৰ সম্পাদক শংকৰ দত্ত লহকৰে কয়, ‘যদি নিয়মীয়া ক্ৰীড়া পেঞ্চন দিয়া নহয়, তেন্তে আমি বহুত কষ্ট ভোগ কৰিব লাগিব। গতিকে আমি নিয়মিতভাৱে পেঞ্চন দিবলৈ চৰকাৰক আবেদন কৰিছো।’ সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই এই সন্দৰ্ভত বিগত সময়ছোৱাত কেইবাবাৰো ৰাজ্য চৰকাৰৰ ওচৰত আবেদন জনাইছে। কিন্তু চৰকাৰৰ পৰা ৰাজ্য চৰকাৰৰ ওচৰত কেইবাটাও আবেদন দাখিল কৰা হয়। কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অৱশ্যে সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই আশাবাদী যে চৰকাৰে আকৌ এবাৰ আৱেদন কৰি বহিবলৈ বাধ্য হ’ব।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাক উষ্ম অভিনন্দন জ্ঞাপন

লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএ-ৰ সাংসদসকলে সাক্ষাৎ কৰে।

ওম বিৰলাক উষ্ম অভিনন্দন জ্ঞাপন কৰে।

এই সময়ছোৱাত তেখেতসকলে সৌহাৰ্দপূৰ্ণ বাৰ্তালাপত মিলিত হয়।

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত প্ৰদৰ্শিত হাৰ্গিলা সংৰক্ষণ মটিফৰ সৈতে অসমীয়া মেখেলা চাদৰ….

হাৰ্গিলা সংৰক্ষণ মটিফৰ সৈতে অসমীয়া মেখেলা চাদৰ

অসমৰ হাৰ্গিলা সংৰক্ষণৰ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত অসমীয়া মেখেলা-চাদৰ প্ৰদৰ্শন কৰাটো অসমৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয়। হাৰ্গিলা মটিফৰ সৈতে সংযুক্ত আৰু ইউএনইপিৰ ৱৰ্ল্ড চেম্পিয়ন ডাঃ পূৰ্ণিমা দেৱী বৰ্মনে ডিজাইন কৰা টিল ৰঙৰ মেখেলা ছাদৰ বোৱা হৈছিল হাৰ্গিলা সেনাবাহিনীৰ মহিলা সদস্যসকলৰ দ্বাৰা ৷ হুইটলী গোল্ড এৱাৰ্ড বিজয়ী তথা ইউএনইপি “চেম্পিয়ন অৱ দ্য আৰ্থ” ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে যোগাযোগ কৰে নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ জেছ চিম্পছনে, হাৰ্গিলা হেডড্ৰেছৰ সমান্তৰালভাৱে হাৰ্গিলা মেখেলা-চাদৰ প্ৰদৰ্শন কৰিবলৈ। ইয়াৰ দ্বাৰা লণ্ডন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে বস্ত্ৰশিল্পৰ জৰিয়তে অসমত ঘটি থকা অনন্য সংৰক্ষণৰ প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰে আৰু হাৰ্গিলাৰ সংৰক্ষণ সফলতাৰ কাহিনীৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে।প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে এই সাজ-পোছাকক সংৰক্ষণৰ আৰ্হি হিচাপে এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰিছে আৰু ড° বৰ্মনে কেনেদৰে হাৰ্গিলা সেনা গঠন কৰিছিল আৰু হাৰ্গিলাক বিলুপ্তিৰ সীমাৰ পৰা উদ্ধাৰ কৰিবলৈ সম্প্ৰদায় সংৰক্ষণ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সেয়া এই মডেলটোৰ ডিছপ্লেৰ ওচৰত বুজাই দিয়া হৈছে।

এইটো সঁচাকৈয়ে সংৰক্ষণৰ ক্ষেত্ৰত সমাাাজত এক মাইলৰ খুঁটি হিচাপে কাম কৰিব। উল্লেখযোগ্য যে যোৱা বছৰ লণ্ডনৰ ডিজাইন মিউজিয়ামত মেখেলা -চাদৰৰ আন এটা ছেট প্ৰদৰ্শন কৰা হৈছিল। এই মোবাইল প্ৰদৰ্শনীখন এতিয়া আমষ্টাৰডাম নেদাৰলেণ্ডৰ ৱৰ্ল্ড মিউজিয়ামলৈ স্থানান্তৰ কৰা হৈছে, য’ত একেধৰণৰ মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হৈছে। ড° পূৰ্ণিমা দেৱী বৰ্মনে নিজৰ সন্তুষ্টি প্ৰকাশ কৰি কৰি কয়, “এইটোৱে মোলৈ আশাৰ সঞ্চাৰ কৰিছে, এইটো দেখি যে বিশ্বজুৰি বিশেষকৈ এনে সুনামধন্য সংগ্ৰহালয়ৰ পৰা মানুহে কেনেকৈ আমাৰ কামৰ জৰিয়তে সজাগতা সৃষ্টি আৰু আনক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছে। এইটোও উদ্যোগীকৰণৰ কাহিনী, কেনেকৈ প্ৰদৰ্শন কৰা হৈছে।” আমাৰ স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ সম্প্ৰদায়সমূহে বস্ত্ৰৰ ডিজাইন প্ৰস্তুত কৰিব পাৰে ই আমাৰ পৰম্পৰা, সংস্কৃতি, আৰু অসমীয়া মহিলাসকলৰ প্ৰতিভাক প্ৰতিফলিত কৰে, বিশেষকৈ আমাৰ শিপিনীসকলৰ এইটোৱেই হৈছে এনে এক আহিলা।”


ড° বৰ্মনে কয় যে “মই আৰম্ভ কৰিছিলো এই সৰু পদক্ষেপ, যিয়ে এতিয়া সকলোৰে হৃদয় চুই গৈছে। আমাৰ সকলো যুৱক-যুৱতীক সংৰক্ষণৰ বাবে এটা সৰু পদক্ষেপৰ পৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছো, যিটো এদিন ডাঙৰ কিবা এটা হ’ব পাৰে। প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ সকলো দলৰ সদস্যক ধন্যবাদ জনাইছো, বিশেষকৈ শ্ৰীমতী জেছ চিম্পছন, আমাৰ সম্প্ৰদায়ৰ মহিলা, আৰু মোৰ ৰাজ্য অসমৰ সকলোকে মোক অনুপ্ৰাণিত কৰাৰ বাবে আমাৰ সুন্দৰ ৰাজ্য অসমত ইমান চহকী জৈৱ বৈচিত্ৰ্য আৰু সংস্কৃতি আছে, যাৰ ফলত এই হাৰ্গিলা মটিফ মেখেলা সদৰবোৰ গঢ় লৈ উঠিছে।”

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ত ৰচনা প্ৰতিযোগিতা…

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সৌজন্যত অহা ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনদেৱৰ সোঁৱৰণত গুৱাহাটীত কেন্দ্ৰীয়ভাবে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰাজ্যিক পৰ্যায়ত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনি ‘ক’ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, ‘খ’ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু ‘গ’ শাখাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব। ‘ক’ শাখাৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- তৰুণৰাম ফুকন: জীৱন আৰু কৃতিত্ব,’খ’ শাখাৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- *ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা, আৰু ‘গ’ শাখাৰ স্নাতক পৰ্যায়ৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান। ‘ক’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ৮০০ শব্দৰ ভিতৰত, ‘খ’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ১০০০ শব্দৰ ভিতৰত আৰু ‘গ’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ১২০০ শব্দৰ ভিতৰত হ’ব লাগিব। ৰচনা লিখাৰ ভাষাৰ মাধ্যম হৈছে- অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো ভাষা। বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ লিখিত শ্ৰেষ্ঠ ৰচনা সমূহ নিজৰ নিজৰ বিদ্যালয়, মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ যোগেদি জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। ৰচনা সমূহ জমা দিয়াৰ শেষ তাৰিখ ৩০জুন,২০২৪।

প্ৰতিযোগী সকলে ব্যক্তিগতভাবে জমা দিব খোজা ৰচনা সমুহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ’ব। প্ৰতিটো শাখাতে বিজয়ী সকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাৰ বিজয়ী সকলক প্ৰথম পুৰস্কাৰ-৫০,০০০টকা, দ্বিতীয় পুৰস্কাৰ -৩০,০০০টকা,তৃতীয় পুৰস্কাৰ-২০,০০০টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। তাৰোপৰি প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো শাখাত ১০,০০০টকাৰ বিশেষ পুৰস্কাৰো প্ৰদান কৰা হ’ব। বিজয়ী প্ৰতিযোগী সকলক গুৱাহাটীত কেন্দ্ৰীয়ভাবে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰো বিতৰণ কৰা হ’ব। প্ৰতিযোগিতাখনিলৈ আগ্ৰহী ছাত্র-ছাত্ৰী সকলৰ সহযোগিতা কামনা কৰা হৈছে।

কৃত্ৰিম বানপানীৰ কবলত দিল্লীবাসী…

দিল্লী-এনচিআৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত তাপমাত্ৰা ব্যাপক হ্ৰাস পাইছে। বৰষুণে গৰমৰ পৰা দিল্লীবাসীক সকাহ দিছে যদিও দিল্লীবাসীৰ বাবেও বহু সমস্যাও সৃষ্টি কৰিছে।

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ বাট-পথ পানীত ডুব যোৱা দেখা গৈছে। বহু ঠাইত যান- যঁটৰ সমস্যাই দেখা দিছে। ইয়াৰ বাবে মানুহৰ জীৱন প্ৰণালীতো প্ৰভাৱ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি দিল্লীত গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

বৰ্তমান দিল্লীৰ আকাশ ডাৱৰে আৱৰি ধৰিছে। বৰষুণৰ ফলত আৰ্দ্ৰতাৰ পৰা সকাহ দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কিছুদিনলৈ বতৰ এনেদৰে থাকিব পাৰে।

পূৰ্বে কোৱা হৈছিল যে জুলাই মাহৰ আৰম্ভণিতে বাৰিষা প্ৰৱেশ কৰিব। কিন্তু তাৰ আগতেও দিল্লীত আৰম্ভ হৈছে বৰষুণ- বজ্ৰপাত। দিল্লী-এনচিআৰত পুৱাৰ তাপমাত্ৰা ২৭ ডিগ্ৰী চেলছিয়াছ। সন্ধিয়ালৈকে বতৰ এনেদৰে থাকিব বুলি আশা কৰা হৈছে।

অৰ্থাৎ কেতিয়াবা প্ৰবল আৰু কেতিয়াবা সাধাৰণ বৰষুণ হ’ব পাৰে। ইয়াৰ লগতে আজি ঘণ্টাত ১৩ কিলোমিটাৰ বেগেৰে বতাহ বলিব আৰু আৰ্দ্ৰতা ৯০ শতাংশ হ’ব।

বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতাৰ গুৰুত্ব

সমুজ্জ্বল ডেকা, ৰঙিয়া

আজিৰ পৃথিৱীত পৰিৱেশ সজাগতা অতি গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি। বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয় হোৱাৰ কিছুমান মূল কাৰণ ইয়াত উল্লেখ কৰা হ’ল:

১) জলবায়ু পৰিৱৰ্তনঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনে গ্ৰহটোত বিধ্বংসী প্ৰভাৱ পেলাইছে, আৰু এই সমস্যাসমূহ বুজিবলৈ আৰু সমাধান কৰিবলৈ পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়।

২) প্ৰাকৃতিক সম্পদ সংৰক্ষণ: পৰিৱেশ সজাগতাই প্ৰাকৃতিক সম্পদ, যেনে পানী, শক্তি, আৰু ভূমিৰ সংৰক্ষণক প্ৰসাৰিত কৰে, যিবোৰ বহনক্ষম উন্নয়নৰ বাবে অপৰিহাৰ্য।

৩) প্ৰদূষণ প্ৰতিৰোধ: ব্যক্তি আৰু সংস্থাক বহনক্ষম পদ্ধতি গ্ৰহণ আৰু আৱৰ্জনা হ্ৰাস কৰিবলৈ উৎসাহিত কৰি পৰিৱেশ সজাগতাই প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰে।

৪) জৈৱ বৈচিত্ৰ্য সুৰক্ষা: জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে পৰিৱেশ সজাগতা অতি গুৰুত্বপূৰ্ণ, কিয়নো ই এটা সুস্থ গ্ৰহৰ বাবে অপৰিহাৰ্য পৰিৱেশ তন্ত্ৰ আৰু প্ৰজাতিসমূহ সংৰক্ষণ কৰাত সহায় কৰে।

৫) স্বাস্থ্য আৰু মংগলঃ পৰিৱেশ সচেতনতা মানুহৰ স্বাস্থ্য আৰু মংগলৰ সৈতে জড়িত, কিয়নো ৰোগ প্ৰতিৰোধ আৰু সুস্থ জীৱন-যাপনৰ বাবে পৰিষ্কাৰ পৰিবেশ অতি প্ৰয়োজনীয়।

৬) বহনক্ষম উন্নয়নঃ বহনক্ষম উন্নয়ন সাধনৰ বাবে পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়, কিয়নো ই পৰিৱেশ সুৰক্ষাৰ লগতে অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ ঘটায়।

৭) পৰিৱেশ নৈতিকতা: পৰিৱেশ সজাগতাই পৰিৱেশ নৈতিকতাক লালন-পালন কৰে, যিবোৰ পৰিৱেশৰ প্ৰতি দায়িত্বশীল আচৰণৰ প্ৰসাৰিত কৰাৰ বাবে অতি প্ৰয়োজনীয়।

৮) সম্প্ৰদায়ৰ সংযোগ: পৰিৱেশ সজাগতাই পৰিৱেশৰ সিদ্ধান্ত গ্ৰহণত সম্প্ৰদায়ৰ সংযোগ আৰু অংশগ্ৰহণক উৎসাহিত কৰে, যিটো পৰিৱেশ গণতন্ত্ৰক প্ৰসাৰিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

৯) অৰ্থনৈতিক লাভ: পৰিৱেশ সজাগতাৰ অৰ্থনৈতিক লাভ হ’ব পাৰে, যেনে আৱৰ্জনা হ্ৰাস আৰু শক্তিৰ কাৰ্যক্ষমতাৰ ফলত খৰচৰ ৰাহি।

১০) আন্তঃপ্ৰজন্মৰ ন্যায়: আন্তঃপ্ৰজন্মৰ ন্যায়ৰ প্ৰসাৰৰ বাবে পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়, কিয়নো ইয়াৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মই যাতে এটা সুস্থ আৰু সমৃদ্ধিশালী গ্ৰহৰ উত্তৰাধিকাৰী হয়।

সামৰণিত ক’ব পাৰি যে বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়, আৰু ইয়াৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি। পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে, বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে, আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ আৰু সমৃদ্ধিশালী গ্ৰহ নিশ্চিত কৰাৰ বাবে ই অতি প্ৰয়োজনীয়।

স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান! কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে…

স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হিনা খান

স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান৷

ইনষ্টাগ্ৰামত কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰি সাহসেৰে আগবাঢ়িব বুলিও অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

টেলিভিছন তাৰকা হিনা খানে শুকুৰবাৰে প্ৰকাশ কৰে যে তেওঁৰ ষ্টেজ থ্ৰী স্তন কেন্সাৰ ধৰা পৰিছে আৰু তেওঁৰ চিকিৎসা চলি আছে। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ৩৬ বছৰীয়া হিনা খানে এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে য’ত তেওঁ কয় যে তেওঁ “এই ৰোগ দূৰ কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰু প্ৰতিশ্ৰুতিবদ্ধ”।