Home Blog Page 748

নীট,নেট কেলেংকাৰীৰ প্ৰসংগই স্থান পালে লোকসভা অধিবেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণত

বৃহস্পতিবাৰৰ দিনটোত অষ্টাদশ লোকসভাৰ বিশেষ অধিবেশনৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুয়োখন সদনকে সম্বোধন কৰি ভাষণ প্ৰদান কৰে । ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰি কয় যে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা হৈছে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ এক উচিত সুযোগ প্ৰদান কৰা । চৰকাৰী নিযুক্তি অথবা পৰীক্ষা যিয়েই নহওঁক যিকোন কাৰণতে ইয়াত প্ৰতিবন্ধতা আহিব নালাগে । তদুপৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি, পদক্ষেপ, জৰুৰীকালীন সময়কে ধৰি বিভিন্ন বিষয় সামৰি প্ৰদান কৰা এই ভাষণত স্থান পালে ।

তেওঁ পুনৰ কয় এইবোৰ পৰীক্ষা স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ | দল বা ৰাজনীতিৰ উৰ্ধত থাকি সমগ্ৰ দেশতে দৃঢ় ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে । দেশৰ মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত ব্যাপক খেলিমেলি হোৱাৰ লগতে নেট পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হোৱাত নেচনেল টেষ্টিং এজেঞ্চিয়ে পৰীক্ষা বাতিল কৰিছে । শেহতীয়াকৈ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা তদন্ত কৰিবলৈ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

নীট কেলেংকাৰীক লৈ এতিয়াও দেশ উত্তাল হৈ পৰা সময়তে সংসদেও পৰীক্ষাত হোৱা খেলিমেলিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে । ইয়াৰ উপৰিও চৰকাৰে পৰীক্ষাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাম কৰাৰ ধৰণ শুধৰণি কৰাৰ দিশত কাম কৰি আছে। ইফালে সংসদৰ অধিবেশন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে বিৰোধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক সমালোচনা কৰি নীট কেলেংকাৰীৰ তদন্ত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

শিৱসাগৰৰ চাৰিগৰাকী ছাত্ৰই জেইই এডভান্সৰ সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি, শিৱসাগৰ, ২৭ জুনঃ শিৱসাগৰৰ চাৰি জন ছাত্ৰ ৰচিলে ইতিহাস । বৌদ্ধিক নগৰী ৰূপে খ্যাত শিৱসাগৰত আজিও গঢ় লৈ নুঠিল উচ্চ শিক্ষাৰ আধুনিক প্ৰতিষ্ঠান অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উন্নত মানৰ কচিং চেন্টাৰ।কিন্তু তাৰ পাছতো চাৰিজন ছাত্ৰৰ কষ্ট,ত্যাগ আৰু একাগ্ৰতাই শিৱসাগৰক গৌৰাম্বিত কৰাই নহয় ৰচিলে এক ইতিহাস । আমি সকলোৱে জানো যে সৰ্বভাৰতীয় পৰ্যায়ত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ ভিতৰত সবাতোকৈ কঠিন পৰীক্ষা সমূহৰ ভিতৰত জে ই ই এডভান্স অন্যতম । লাখ লাখ ছাত্ৰ-ছাত্ৰী এই কঠিন পৰীক্ষাত অৱৰ্ত্তীণ হয় যদিও সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰহে ভাগ্য উদয় হয়।২০২৪ শিক্ষা বৰ্ষৰ পৰীক্ষাত মুঠ এইবাৰ ১৫ লাখ ১৪ হাজাৰ ১১০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল ।ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষিত হৈছে আৰু সৰ্বভাৰতীয় এই কঠিন পৰীক্ষাত উন্নত শিক্ষাৰ আন্তঃগাঠনি নথকা শিৱসাগৰৰ চাৰিজনকৈ ছাত্ৰই জে ই ই এডভান্সৰ সৰ্বভাৰতীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উৰ্ত্তীণ হৈ আই আই টিৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ।এইয়া শিৱসাগৰৰ শিক্ষা জগতৰ বুৰঞ্জীত নজিৰ বিহীন ঘটনা।কাৰণ আজিলৈকে একলগে চাৰিজনকৈ ছাত্ৰই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত(জে ই ই)শিৱসাগৰৰ পৰা উৰ্ত্তীণ হোৱাৰ নজিৰ নাই ।

এনে ধৰণৰ সাফল্যই সমগ্ৰ শিৱসাগৰবাসীক গৌৰাম্বিত কৰাই নহয় নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সৰ্ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱৰ্ত্তীণ হবলৈ উৎসাহিত কৰে ।এইবাৰৰ জে ই ই এডভান্সত যি চাৰি জন ছাত্ৰই সাফল্য লাভ কৰিছে তেওলোক হল ক্ৰমে শিৱাংশু শৰ্ম্মা।শৰ্ম্মাৰ জে ই ই এডভান্সাত সৰ্বভাৰতীয় ৰেংক ৫৩৩৩ আৰু চি ই ই আসাম ষ্টেট ৰেংক ৫ । তেও ভিলাই আই আই টিত বি টেক কম্পিউটাৰ চাইস্নত ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে । শিৱসাগৰবাসীক গৌৰাম্বিত কৰা আনজন ছাত্ৰ হৈছে চিৰাগ আগৰৱালা।জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ৭০৫৮ আৰু চি ই ই আসাম ষ্টেট ৰেংক ৭ । তেও গান্ধীনগৰ আই আই টিত বি টেক মেকানিকেল ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে।শিৱসাগৰৰ শিক্ষা জগতৰ বাবে নজিৰ সৃষ্টি কৰা তৃতীয় জন ছাত্ৰ হৈছে ৰক্তোপল বৰা । জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ১২৬২৪ ।তেও পাটনা আই আই টিত বি টেক কেমিকেল ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে ।শিৱসাগৰবাসীয়ে গৌৰৱ কৰিব পৰা চতুৰ্থ জন ছাত্ৰ হৈছে আনিদ এ দাস । জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ১০৪৮। আই আই টিত বি টেক ইলেকট্ৰনিক আৰু কমিনিউকেচনত ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে।স্বভাৱিকতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা আৰু শিৱসাগৰৰ শিক্ষা ক্ষেত্ৰ খনত এক ইতিহাস সৃষ্টি কৰা চাৰিও গৰাকী ছাত্ৰ সমগ্ৰ শিৱসাগৰবাসীৰ অভিনন্দনৰ পাত্ৰ ।অভিনন্দনৰ পাত্ৰ তেওলোকৰ অভিভাৱক সকলো।এই চাৰিগৰাকী ছাত্ৰৰ সাফল্যই শিৱসাগৰৰ শিক্ষা জগত খনত এক নতুন দিগন্তৰ সূচনা কৰিব ।

সঠিক মঞ্চায়নেৰে উজলিল ‘নিৰ্বাচন’ আৰু ‘বিদ্ৰোহী জনা’

– জ্যোতিপ্ৰসাদ বৰা

নগাঁও এনে এখন ঠাই । য’ত বছৰটোত অতি কমেও ডেৰ কুৰি নাট মঞ্চস্থ হয় ।কেৱল নগাঁও চহৰতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ নাট উপভোগ কৰাৰ সুবিধা লাভ কৰে কলংপৰীয়াসকলে ।কি শীত কাল কি গ্ৰীষ্ম কাল ।নাট নিবেদনৰ খবৰভৰ্ত্তি প’ষ্টাৰেৰে ভৰি থাকে মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চহৰখন ।শুৱনি হৈ থাকে শক্তি(বিদ্যুত) আৰু দূৰ সংযোগ বিভাগৰ খুঁটাবোৰ । জয়শ্ৰী হল চাৰিআলি এনে খবৰৰ অন্যতম উৎস ।এই স্থানৰ বন্ধ হৈ পৰা তেল ডিপোটোৰ টিনৰ বেৰাত অহৰহ ভাঁহি থাকে নগঞা নাট্যকৰ্মীৰ উৎসাহ আৰু উদ্দীপনাবোৰ ।এনে ভাললগা পৰিবেশৰ মাজতেই গ্ৰীষ্মৰ তীব্ৰতাকো নেওচি চলিত সপ্তাহটোতে নগাঁও চহৰত মঞ্চস্থ হ’ল দুখনকৈ নাটক । ইয়াৰে প্ৰথমখন নাটক ২২ জুনৰ সন্ধিয়া নিবেদিত হয় নগাঁও নাট্যমন্দিৰত ।ওঠৰ বছৰীয়া নাট্যানুষ্ঠান ‘শিল্প কানন’ৰ উদ্যোগত শব্দযন্ত্ৰী লোহিত বৰাৰ সোঁৱৰণত মঞ্চস্থ হোৱা এই নাটখন হৈছে ‘বিদ্ৰোহী জনা’ ।গোলাপ চন্দ্ৰ বৰাৰ এই নাটখনৰ পৰিচালক আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচিত নাট্যশিল্পী দক্ষিণা শৰ্মা । পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজকন্যা জনাগাভৰুৱে আৰম্ভ কৰা বিদ্ৰোহক শীৰ্ষস্থান প্ৰদান কৰি ৰচনা কৰা হৈছে এই নাটখন । লগতে লোকসাহিত্য আৰু লোকবিশ্বাসৰ পটভূমিত কিছু কল্পনাৰ বোল সানি আধুনিক চিন্তা-চেতনাক প্ৰাধান্য দি নাট্যকাৰে মৌলিকতাক সুন্দৰভাৱে ফুটাই তুলিছে । কেনেদৰে আজিও মহিলাসকল পুৰুষৰ হাতত লাঞ্ছিত হয় আৰু প্ৰতাৰণাৰ বলি হয় তাৰেই যথাযোগ্য নিদৰ্শন পূৰ্ণাংগ নাটখনি । গল্পকাৰ শিৱানন্দ কাকতিয়ে স্মৃতি তৰ্পণ আৰু নাট্যকাৰ সপোনটি বৰদলৈয়ে উদ্বোধন কৰা নাটখনিৰ অভিনয় শিল্পীসকলৰ অভিনয় আছিল চমকপ্ৰদ । মুঠ ১৬ টাকৈ চৰিত্ৰসম্পন্ন নাটখনিৰ সামগ্ৰিক ব্যৱস্থাপনাত আছিল প্ৰসন্ন কুমাৰ বেজবৰুৱা । নীৰ আবিদৰ মধু সংগীতৰ আলোড়নেৰে উপভোগ্য হৈ পৰা নাটখনৰ পোহৰ নিক্ষেপন কৰিছিল সুৰজ কুমাৰ শইকীয়াই । শোণিত কুমাৰ বৰাৰ মঞ্চসজ্জা আৰু গৌৰৱ কুমাৰ হাজৰিকাৰ নৃত্য নিৰ্দেশনাৰে প্ৰাণ সঞ্চাৰিত হোৱা নাটখনিৰ পৰিচালনাতো দক্ষিণা শৰ্মাই দক্ষতা আৰু পৰিপক্কতাৰ পৰিচয় নিখুঁত ৰূপত তুলি ধৰিছে । প্ৰকাশ বৰা,কৃষ্ণাংগ বৰা,জ্যোতিস্না গোঁহাই,সুস্মিতা শইকীয়া,নৱজ্যোতি গোস্বামী,নয়নমণি লস্কৰ,মৌচম বৰা,সঞ্জীৱ কুমাৰ বৰা,মেঘালী বৰা শইকীয়া হৈছে নাটখনৰ অভিনয় শিল্পী । ইয়াৰোপৰি কাহিনীৰ পটভূমি জনাগাভৰুৰ গীতেও নাটখনত বিশেষ গুৰুত্ব লাভ কৰিছে । এই প্ৰাচীন মালিতা(বেলাড) জনাগাভৰুৰ গীতক নাট্যমঞ্চত শুৱনি আৰু বিশুদ্ধ ৰূপত উপস্থাপন কৰা শিল্পীসকল হৈছে ক্ৰমে অজয় ৰাজবংশী,কৰৱী শৰ্মা,ইন্দ্ৰাণী বৰা,বাপধন মহন্ত,বাস্তৱ শৰ্মা,পাপৰি ৰাজখোৱা আৰু কৃপাশ্ৰী হাজৰিকা ।

এতিয়া আহোঁ ইয়াৰ পিছৰদিনাৰ দ্বিতীয়টো নাট্যানুষ্ঠানৰ প্ৰসংগলৈ । নগাঁও চহৰতে ২৩ জুনৰ সন্ধিয়া মঞ্চস্থ হয় ‘নিৰ্বাচন’ নামৰ অন্য এখন মননশীল নাট । নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এচ’ছিয়েশ্বনৰ উদ্যোগত জিলা পুথিভঁৰালত মিৰ্জাৰ ‘গুৱেৰ্ণিকা আৰ্টিষ্ট ফেক্টৰী’ৰ কলা-কুশলীসকলে নিবেদন কৰে এই নাটখন । কবি,গল্পকাৰ আশিক জামানৰ এটি বহুপঠিত গল্পৰ আধাৰত প্ৰস্তুত কৰা এই নাটখনৰ নাট্যকাৰ-পৰিচালক হৈছে কবি,গীতিকাৰ,চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাস । ওঠৰটাকৈ চৰিত্ৰসম্পন্ন নাটখনৰ জৰিয়তে কলুষিত আৰু ঘৃণাৰ ৰাজনীতিৰ কদৰ্য ছবি অংকন কৰা হৈছে । ষাঠি মিনিটৰ নাটখনত মূল্যবোধৰ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰলোভনৰ ৰাজনীতিকহে প্ৰাধান্য দি সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ এটি অবিকল ৰূপ প্ৰদান কৰিছে কাহিনীকাৰে । ব্যক্তিগত মুনাফা আদায়ৰ বাবে কেনেদৰে একাংশ লোকে নিজৰ বিচাৰ-বুদ্ধি আৰু সততাক জলাঞ্জলি দি দায়িত্ব আৰু কৰ্তব্যবোধৰ প্ৰতি পিঠি দিব পাৰে তাৰেই যেন বৰ্হিপ্ৰকাশ হিমাংশু প্ৰসাদ দাসৰ এই বাস্তৱধৰ্মী নাটখন । ডিম্পল কুমাৰ দাসৰ পোহৰ আৰু গৌৰৱ দাসৰ সংগীতেৰে উজলি উঠা নাটখনৰ অভিনেতা-অভিনেত্ৰীসকল হৈছে অপূৰ্ব বৰ্মন,ৰূপমজ্যোতি দাস,প্ৰদীপ দত্ত,পৰমানন্দ শইকীয়া,নৱনীতা গগৈ,ইন্দ্ৰজিৎ লালুং,ৰঞ্জন দত্ত,সৃষ্টি শৰ্মা,অৰ্জুন শৰ্মা,কিশোৰ আৰ্য্য,জুৰিস্মিতা দাস,নীহাৰিকা ভট্টাচাৰ্য,ডেমিডন কলিতা,অবিনাশ বৰ্মন,হৃদয়ন দেৱচৌধুৰী,ইৰফান আহমেদ,নাৰ্চিজুৰি নাথ আৰু ডিম্পী মহন্ত । হিমাংশু প্ৰসাদ দাসে পৰিচালনাৰ উপৰিও নিজেও এক বিশেষ চৰিত্ৰত অভিনয় কৰি এই নাটখনৰ বিষয়বস্তুক যথাৰ্থভাৱে উপস্থাপন কৰাইছে । যিয়ে দৰ্শকক কাহিনীৰ সৈতে একাত্ম কৰি নাট্যমূহুৰ্ত কেইটিৰ সহযাত্ৰী কৰি তোলে। এই দুই পৃথক নাট্যসন্ধিয়াক লৈ বহুদিনলৈকে আপোনপাহৰা হৈ থাকিব নগাঁওবাসী । কাৰণ হৈছে দুয়োখন নাটৰে কলা-কুশলীসকলৰ উৎকৃষ্ট পৰিবেশন শৈলী ।


    

পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহলৈ গড়গাঁও মহাবিদ্যালয়ৰ সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি, শিৱসাগৰ, ২৭ জুন: অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক, বিশিষ্ট সাহিত্য সাধক, পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহৰ শৈক্ষিক-বৌদ্ধিক তথা ভাষা-সাহিত্য-সমাজ আদি ক্ষেত্ৰলৈ অৱদানৰ প্ৰতি সন্মান জনাই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকৰ এটি প্ৰতিনিধি দলে মহাবিদ্যালয় পৰিয়ালৰ হৈ তেখেতৰ শিৱসাগৰস্থিত বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে । তদুপৰি গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক হিচাপে অসমীয়া বিভাগৰ তৰফৰ পৰাও তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানটিত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, শিক্ষাবিদ ড° সব্যসাচী মহন্তৰ লগতে গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱ দুৱৰা, সম্পাদক তথা ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক বনিকা বুঢ়াগোহাঁই,সহকাৰী সম্পাদক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° শ্যামলীমা শইকীয়া, মহিলা কোষৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়াল, গোটৰ অন্যতম সদস্য তথা বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক অনিল তাঁতী, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° বলোৰাম দাস আৰু ইংৰাজী বিভাগৰ অধ্যাপক ড° অঞ্জন কোঁৱৰ উপস্থিত থাকে ।মহাবিদ্যালয় পৰিয়ালৰ এই পদক্ষেপত সুখী অনুভৱ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত কৰ্মৰত সময়ত মধুৰ স্মৃতি সোঁৱৰণ কৰে।

তদুপৰি পৰৱৰ্তী কৰ্মক্ষেত্ৰ শিৱসাগৰ কলেজ, জয়সাগৰৰ সতীৰ্থ শৰৎ মহন্ত, যোগেন চেতিয়া আদিৰ লগতে তেখেতে সান্নিধ্য লাভ কৰা হীৰেণ ভট্টাচাৰ্য, নীলমণি ফুকন, পৰাগ চলিহা, লীলা গগৈ আদি বিশিষ্ট ব্যক্তিসকলৰ সৈতে জড়িত কাহিনী, অভিজ্ঞতা আদি অধ্যাপকবৃন্দৰ আগত ব্যক্ত কৰে । ইমৰান শ্বাহে সাম্প্ৰতিক অসমৰ বিভিন্ন প্ৰসংগৰ লগতে পূৰ্বৰ শৈক্ষিক পৰিৱেশ, শিক্ষক-শিক্ষাৰ্থীৰ মনোবৃত্তিলৈ অহা পৰিবৰ্তন ইত্যাদি সন্দৰ্ভত অধ্যাপকবৃন্দৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰে । সম্প্ৰতি মানুহৰ অধ্যয়ন বিমুখীতা প্ৰসংগত তেখেতে হতাশা প্ৰকাশ কৰে । বৰ্তমানলৈকে পাঁচ শতাধিক গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাৰ লগতে তিনিখন কবিতা সংকলন, এখন গীতৰ সংকলন, তিনিখন উপন্যাস, দুখন ৰম্য ৰচনা, এখনি প্ৰবন্ধ পুথি, এখন শিশু উপযোগী জীৱনী, তিনিখন অনূদিত উপন্যাস, কেইবাখনো মৌলিক আৰু অনূদিত নাটক, বাতৰিকাকত-আলোচনীৰ সম্পাদনা আৰু বাতৰিকাকতৰ বাবে অসমীয়া আৰু ইংৰাজীত বিভিন্ন স্তম্ভ লেখা আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা পদ্মশ্ৰী ইমৰান শ্বাহদেৱক অসমীয়া সমাজ-জীৱন, সাহিত্য-জীৱনৰ মহীৰূহ আখ্যৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই তেখেতৰ এই সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰখাৰ কামনা কৰে।

শ্ৰীমন্ত শঙ্কৰ মিশ্যনত আন্তৰ্জাতিক ড্ৰাগছৰ অবৈধ ব্যৱসায় বিৰোধী দিৱস উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, ফুলগুৰি, ২৭ জুন : উত্তৰ পূৰ্বাঞ্চল আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত কালি আন্তৰ্জাতিক ড্ৰাগছৰ অপ-ব্যৱহাৰ আৰু অবৈধ ব্যৱসায় বিৰোধী দিৱসটি উদযাপন কৰা হয় । সেই উপলক্ষে পুৱা স্বচ্ছ ভাৰত অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা ৰেলী উলিওৱা হয় । ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত এখন সজাগতা সভা অনুষ্ঠিত হয় । মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁঁতধৰা আৰু যুটীয়া সম্পাদক মুনীন্দ্ৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ অবসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা নিবন্ধকাৰ ডা: কৃষ্ণ কুমাৰ বৰাই ।উদ্বোধনী ভাষণত ডা: বৰাই ড্ৰাগছৰ বিভিন্ন অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি কয় যে ড্ৰাগছৰ লগতে সুৰা সেৱনে সমাজত বিৰূপ প্ৰভাৱ পেলায়। আৰ্থিক ক্ষতিৰ লগতে পৰিয়ালত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে । মহামাৰী সদৃশ ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ একমাত্ৰ বিকল্প হৈছে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত ব্যাপক সজাগতাৰ সৃষ্টি কৰা । সভাত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মূখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা:বীনাপাণি নেওগে ড্ৰাগছ সেৱনৰ ফলত নৱপ্ৰজন্ম তথা এটা পৰিয়াললৈ কেনেকুৱা ভয়াবহ পৰিস্থিতি নামি আহে, সেই বিষয়ে উল্লেখ কৰি কয় যে সমাজৰ প্ৰতিজন দ্বায়িত্বশীল লোক ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যুঁঁজত অৱতীৰ্ণ হ’ব লাগিব । তেওঁ লগতে কয় যে নৱপ্ৰজন্মৰ মাজত মানসিক চিন্তা চেতনা জাগ্ৰত কৰাটো অতীৱ প্ৰয়োজন ।

সভাত মিশ্যনৰ আন এগৰাকী যুটীয়া সম্পাদক প্ৰদীপ শইকীয়া , সমাজ কৰ্মী পূৰ্ণ চন্দ্ৰ বাৰিক ,শিক্ষাবিদ ধৰ্মেশ্বৰ গোস্বামী , ফজলুল হক মৰল , কলংপাৰৰ সম্পাদক ভবেন বৰা ,সাংবাদিক কনক হাজৰিকা ,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ , মিশ্যনৰ সদস্য জিতেন শৰ্মা ,প্ৰফুল্ল চন্দ্ৰ হাজৰিকাকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে । সভাৰ আৰম্ভণিতে বীনাপ্ৰভা বৰাই লোকগীত পৰিবেশন কৰে। ইপিনে “প্ৰমাণ স্পষ্ট : প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক ” এই মন্ত্ৰক সৰোগত কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী উদ্যোগত এই দিৱস উপলক্ষে নগাঁও চহৰত দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক আৰু কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে ড্ৰাগছ বিৰোধী সজাগতা ৰেলী উলিয়াই । নগাঁও জিলা সত্ৰ ন্যায়াধীশ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে এই ৰেলী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিদ্যালয়খনত অনুষ্ঠিত সজাগতা সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগৰ লগতে আইন সেৱা প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰী ,শিক্ষক ছাত্ৰ -ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।বক্তা সকলে শিক্ষাৰ্থী সকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনায়। জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত ৰাঙলুত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগ , গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদ ,সাংবাদিক ঘনকান্ত বৰা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ নিৰাময় বিভাগৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অবৈধ ড্ৰাগছ ব্যৱসায় বিৰোধী দিৱস পালন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত চিকিৎসালয়খনৰ মানসিক ৰোগ নিৰাময় বিভাগৰ চিকিৎসক ডা :জিয়াউদ্দিন আহমেদ ,বিষয়া মনিমালা মহন্ত ,গীতামণি বৰুৱা ,অৱনিতা শইকীয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক,শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে ।

সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি,২লাখকৈ এককালীন সাহায্য ঃ কেবিনেটত সিদ্ধান্ত

আজি নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত আজি ৰাজ্যিক কেবিনেটখনি অনুষ্ঠিত হয় । বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে । উল্লেখ্য যে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি কৰা, নলবাৰীৰ ৪ধৰ্মীয় স্থানলৈ ৩ কোটিকৈ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব, তদুপৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ নিৰ্মাণ উৰণসেতু নিৰ্মাণ, নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ মুকলি কৰাৰ লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ উৰণসেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইয়াৰ উপৰিও বাজেটত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ভিতৰত মটৰ চাইকেলত হেলমেট নিপিন্ধিলে জৰিমনা ভৰাত বাহিৰে আন কাৰণত জৰিমনা ভৰিব নালাগে । ৩চকীয়া বাহনৰ ক্ষেত্ৰতো নাথাকে জৰিমনা । বিপৰীতে ৩চকীয়া বাহনে ৪বাৰ নিয়ম ভংগ কৰিলেহে জৰিমনা ভৰিব লাগিব |তাৰোপৰি সুৰা সেৱন কৰি বাহন চলালেও ভৰিব লগা হ’ব জৰিমনা ।আনহাতে এই বাজেটত একেলগে নলবাৰীত অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ লগতে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নলবাৰী জিলাৰ অবিবি শিক্ষকসকললৈ ২লাখকৈ এককালীন সাহায্য প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।ইয়াৰ উপৰিও নলবাৰী জিলাত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা,
মৰাপাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত মথাউৰি নিৰ্মাণৰ লগতে টিহু সমষ্টিতো ১৬ কিলোমিটাৰ আৰু বৰক্ষেত্ৰীত ৩ কিমি মথাউৰি নিৰ্মাণ হব বুলি প্ৰকাশ কৰে ।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ ১৪ সংখ্যক বহি:ৰাজধানী কেবিনেট বৈঠকখনৰ শুভাৰম্ভ কৰে ।বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, কেশৱ মহন্ত আদিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰী আৰু বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

হাজোৰ দামপুৰত সাধৰণ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰামদিয়াৰ এজন যুবকক মৰিয়াই মৰিয়াই হত্যা এদল পাষণ্ডৰ

দৈনন্দিন বাৰ্তাৰ সেৱা;হাজো,২৭ জুনঃ জানিব পৰা অনুসৰি সোমবাৰে নিশা প্ৰায় ৮ মান বজাত হাজোৰ দামপুৰ সানপাৰাত বংশৰ দিশৰ পৰা আহি থকা এখন দুচকীয়া বাহনে দামপুৰৰ সানপাৰা ৰাজঘাটত সমূখৰ পৰা অহা আন এখন বাহনৰ পোহৰ পৰাত বাইক আৰোহী যুবক দুজন পৰি গৈ ৰাস্তাৰে যোৱা এজন মানুহৰ গাত অলপ লগাত বাইক আৰোহী যুৱক দুজনক দামপুৰৰ সানপাৰাৰ এদল উদণ্ড পাষণ্ডই মৰিয়াই মৰিয়াই আঘাতপ্ৰাপ্ত কৰি হাজো থানালৈ লৈ আহে যদিওঁ আঘাত গুৰুত্বৰ হোৱাত GMCH লৈ প্ৰেৰণ কৰা হয় যুবকদুজনক ।

GMCH ‘ত চিকিৎসাধীন অৱস্থাত বুধবাৰে গৌতম ডেকাৰ মৃত্যু হ’য় । আৰু আহত আনজন যুবক প্ৰসান্ন ভৰালীয়ে চিকিৎসাধীন অৱস্থাত থকা বুলি বৰ্তমান পৰ্যন্ত জানিব পৰা গৈছে।আনফালে আজি বৃহস্পতিবাৰে ঘটনাক কেন্দ্ৰ কৰি মৃত যুবকজনৰ পৰিয়াল তথা গাওঁবাসীয়ে হাজো থানাত ন্যায় বিছাৰি অহা পৰিলক্ষিত হৈছে।মৃত যুবকজন ৰামদিয়া বঙালটোলাৰ গৌতম ডেকা বুলি জানিব পৰা গৈছে।এতিয়া প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত কোন দিশত আজিৰ মানৱতা ? সাধৰণ কথাক কেন্দ্ৰ কৰি এজন যুবকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাক কেন্দ্ৰ কৰি হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।

মুম্বাইৰ ননাৱতী মেক্স হস্পিতালৰ উদ্যোগত গুৱাহাটীত অ’ পি ডি সেৱা

মুম্বাইৰ ননাৱতী মেক্স হস্পিতালে গুৱাহাটীৰ নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ সহযোগত অংক’লজী আৰু অংগ সংৰোপণৰ (বৃক্ক, যকৃত, অগ্ন্যাশয় আৰু অন্ত্ৰ) বাবে মাল্টি-স্পেচিয়েলিটি অ’ পি ডি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।আন এখন চহৰ বা ৰাজ্যলৈ যাব নলগীয়াকৈয়েই ৰোগীসকলক সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ দ্বাৰা সুস্বাস্থ্যৱান কৰি তোলাৰ বাবে চিকিৎসালয়খনৰ এক ৰোগী-কেন্দ্ৰিক পদক্ষেপ হিচাপে এই অ’ পি ডিৰ শুভাৰম্ভ কৰা হৈছে।

ননাৱতী মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ ১৫ জনতকৈও অধিক জ্যেষ্ঠ চিকিৎসকৰ এটা দলে প্ৰতিমাহে গুৱাহাটীৰ নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতাললৈ আহি দুপৰীয়া ১ বজাৰ পৰা আবেলি ৪ বজালৈ অ’ পি ডি সেৱা আগবঢ়াব। ব্যতিক্ৰমী চিকিৎসা পেছাদাৰী আৰু অত্যাধুনিক প্ৰযুক্তিসমূহক একত্ৰীকৰণৰ দ্বাৰা বিশেষ যত্ন প্ৰদান কৰি স্বাস্থ্যসেৱাৰ দৃশ্যপট পুনৰ নিৰ্ধাৰণ কৰাটোৱেই হৈছে এই মাল্টি-স্পেচিয়েলিটি অ’ পি ডি মুকলিৰ মূল উদ্দেশ্।

নলবাৰীত কেবিনেট বৈঠক ঃ মন্ত্ৰীসকলৰ বাবে ২২ বিধ খাদ্য সম্ভাৰৰ জুতি

দিনৰ ১২বজাৰ পৰা আজি নলবাৰী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নেতৃ্ত্ব অনুষ্ঠিত হোৱা এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা । ইফালে নলবাৰীত ব্যাপক প্ৰস্তুতি দেখা গৈছে। সাজু হৈছে কেবিনেট মন্ত্ৰীসকলৰ বাবে ভিন্ন খাদ্য সম্ভাৰ ।

প্ৰায় ২২বিধ খাদ্য সম্ভাৰৰ তালিকাত আছে প্লেইন ৰাইচ, জিৰা আৰু পোলাও । ইয়াৰ বিপৰীতে ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জাও ৰন্ধা হৈছে । আনকি চিকেন চুপৰ লগতে মাহৰ দাইলৰ লগত খাহিৰ তেল, দাইল, কলফুল ভাজি, ঢেকীঁয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুনো আছে তালিকাত ।

বশিষ্ঠৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ ঃ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট

বশিষ্ঠৰ ঘটনাৰে জড়িত আৰক্ষীক ডিজিপি জি পি সিঙে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে । ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটীত মানসিক বিকাৰগ্ৰস্থ এজন লোকক আৰক্ষীৰ এটা দলে প্ৰহাৰ কৰিছিল । তাৰপিছতে নিজৰ এক্স হেণ্ডলৰ দ্বাৰা নিলম্বনৰ কথা উল্লেখ কৰিছে ডিজিপিগৰাকীয়ে । ইফালে সাধাৰণ লোকৰ ওপৰত চলা নিৰ্যাতন সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ডিজিপিয়ে টুইট কৰে ।

আনহাতে গুৱাহাটী আৰু তিনিচুকীয়াত সংঘটিত ঘটনাৰে জড়িত সৈতে আৰক্ষী কৰ্মীক নিলম্বনৰ কথা প্ৰকাশ কৰে । তদুপৰি ঘটনাৰে জড়িত আৰক্ষীৰ ওপৰত আইনী আৰু বিভাগীয় ব্যৱস্থা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰা উপৰিও অসামৰিক লোকৰ ওপৰত চলা নিৰ্যাতন কেতিয়াও ক্ষমা কৰা নহ’ব বুলি টুইটত জনায় । আৰক্ষী হিচাপে আমি সকলো পৰিস্থিতিতে ধৰ্য-সংযম অটুট ৰাখিব লাগিব বুলি ডিজিপিয়ে নিজৰ এক্সহেণ্ডেলত প্ৰকাশ কৰে ।