Home Blog Page 749

চাংসাৰিত বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

অসম মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে নলবাৰীলৈ যাত্ৰাৰ পথত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি আদৰ্শ বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ছেবাৰ অধীনত অসমীয়া মাধ্যমৰ আৰু চাংসাৰী আদৰ্শ বিদ্যালয়খন চি বি এছ ইৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় ৰূপে গঢ় দিয়া হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

নিচাযুক্ত সামগ্ৰীক লৈ কামৰূপ জিলা আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা

নিচাযুক্ত সামগ্ৰীক লৈ কামৰূপ জিলা আৰক্ষীয়ে অভিযান অব্যাহত চলাই থকাৰ মাজতে ২২ জুনত ঘটনাৰ সৈতে জড়িত এগৰাকী ব্যক্তিক আটক কৰে । ধৃত ব্যক্তি গৰাকীৰ নাম ডি ডি চৌবে বুলি জানিব পৰা যায় । ঘটনাৰ বিৱৰণী অনুসৰি কামৰূপ জিলা আবকাৰীৰ এটা দলে গোপন তথ্যৰ ভিত্তিত ব্যক্তি গৰাকীক আটক কৰিবলৈ সক্ষম হয় । ইফালে আটকাধীন সময়ত ব্যক্তি গৰাকীৰ পৰা বহু পৰিমাণৰ সুৰাৰ বটল, সুৰা নিৰ্মাণৰ সামগ্ৰী জব্দ কৰে ।

উল্লেখ্য যে একে সময়তে কামৰূপ মেট্ৰ’ আবকাৰীৰ আন এটা দলে অভিযুক্তৰ ঘৰত তালাচী চলাই সুৰা আৰু সুৰা প্ৰস্তুতৰ বাবে ব্যৱহৃত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । প্ৰয়োজনীয় কথাটো হ’ল প্ৰথম অভিযুক্তৰ পৰা পোৱা আৰক্ষীৰ সোধ পোছৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ডি নেঁওগ নামৰ আনটো সৰবৰাহকাৰীকো আটক কৰাৰ উপৰিও অভিযুক্ত গৰাকীৰ বাহনৰ পৰা সুৰা বনোৱা সামগ্ৰী জব্দ কৰে | ইফালে ২৩ জুনত অসমৰ আবকাৰী আয়ুক্তৰ নিৰ্দেশ অনুসৰি কামৰূপ মেট্ৰ’ আবকাৰীৰ এটা দলে কোকৰাঝাৰ আবকাৰী দলৰ সহায়ত কোকৰাঝাৰত অবৈধ সুৰা উৎপাদন কৰা এটা চক্ৰক আটক কৰে। উল্লেখ্য যে কোকৰাঝাৰ জিলা আৰু মেঘালয়ৰ অবৈধ সুৰা উৎপাদনকাৰী চক্ৰ সন্দৰ্ভতো কিছু তথ্য লাভ কৰিছিল ।

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

৪ লাখৰ উৰ্দ্ধত বাৰ্ষিক আয় থকা পৰিয়ালৰ ৰেচন কাৰ্ড কৰা হব বাতিল ।

ঘৰে ঘৰে গৈ ৰেচন কাৰ্ড পৰীক্ষা কৰিব ।

৪ লাখৰ বাৰ্ষিক আয়ৰ উৰ্দ্ধৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান।

পৰিয়ালত চাকৰিয়াল থাকিলে ৰেচন কাৰ্ড বাতিল হব ।

কোনোবাই নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰো ৰেচন কাৰ্ড বাতিল হ’ব ।

ভাৰতে আনিব ইতিহাস ! পুনৰ সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে ইছৰো

২০২৩ৰ ২৩ আগষ্ট দিনটোতে চন্দ্ৰযান-৩ এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি ভাৰতে ইতিহাস ৰচনা কৰে । চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা ভাৰতে বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল । চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত চন্দ্ৰযান-৪ৰ বাবে ইছৰো পুনৰ সাজু হৈছে । চন্দ্ৰযান-৪ পৃথিৱীৰ পৰা দুটা অংশত উৎক্ষেপন কৰা হব যদিও, মহাকাশতে যানখন একলগ হৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এনে ব্যৱস্থাৰে চন্দ্ৰযান-৪ৰ অৱতৰণ যদিহে সফল হয়, তেন্তে পুনৰ ভাৰতে এনে কাম কৰা প্ৰথমখন দেশৰ স্বীকৃতি লাভ কৰিব বুলি উল্লেখ কৰে এছ সোমনাথে ।

তদুপৰি চন্দ্ৰযান-৪এ চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব যদিও চন্দ্ৰযান-৪ এবাৰতে লান্স কৰা নহয় কাৰণ দুটা পৰ্যায়ত এই যান উৎক্ষেপন কৰা হব বুলিও ইছৰোৰ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি ইছৰোয়ে এইবাৰ ডাকিঙ্গ ক্ষমতাৰে অৰ্থাত কেইবাটাও অংশ যোগ কৰি কৰি চন্দ্ৰযান নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে । এই বছৰৰ শেষভাগলৈ ইছৰোৱে স্পেচডেস্ক নামৰ এক বিশেষ মিশ্যন স্থিৰ কৰিছে । এই চন্দ্ৰযান-৪ৰ মুখ্য কাম হব চন্দ্ৰপৃষ্ঠৰ পৰা বিভিন্ন নমুনা পৃথিৱীলৈ লৈ অহা ।

অসমীয়া চুটিছবি অনুৰাগীৰ বাবে সুখবৰঃ শীঘ্ৰে শুভমুক্তি লাভ কৰিব “মামৰ”

                                      
 শিশুৰ শিক্ষা আৰু সুৰক্ষাৰ লক্ষ্যৰে ৰঙিয়াৰ বিশিষ্ট পৰিচালক পংকজ পল্লৱ শৰ্মাই পৰিচালনা কৰা চুটি ছবি “মামৰ” ৰ  ৩০ জুনত নলবাৰীৰ শুশ্ৰুষা হাস্পাতালৰ প্ৰেক্ষাগৃহত  শুভ মুক্তি অনুষ্ঠানৰ ব্যাপক আয়োজন কৰা হৈছে । সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ বেনাৰত  শিল্পী বিমলা দেৱীয়ে প্ৰযোজনা কৰা চুটিছবিখনৰ কাহিনী বিশিষ্ট নাট্যকাৰ তিলক বৈশ্যৰ । প্ৰণৱ মেধীৰ কাৰ্যবাহী প্ৰযোজনাৰে সাম্প্ৰতিক সময়ৰ এক বিশেষ ঘটনাৰ আধাৰত  “মামৰ”ৰ কাহিনী ভাগ আগবাঢ়িছে।

লোৰ মামৰে ধৰিলে যেনেকৈ ক্ষয় যায় ঠিক তেনেকৈ সামাজতো সমস্যা বাঢ়িলে সমাজো ক্ষতিসাধন হয় । এনে এক বিশেষ বাৰ্তাবহন কৰা চুটিছবিখনৰ পংকজ পল্লৱ শৰ্মাৰ।  অসমীয়া বোলছবি জগতৰ মুকুল দাস, অজিত বৰ্মন,প্ৰদীপ শৰ্মা, ৰঞ্জীত দাস, জিতু ডেকা, পৰমানন্দ নাথ, জোৰান, ডাঃ নৱ বেজবৰুৱা, পিয়ুস কৃষ্ণাত্ৰেয়,জৰ্জীয়া মেধী, বিমলা দেৱী, মনিকা হালৈ, পাল্কী কৃষ্ণাত্ৰেয় দৈৱকী বড়ো, মমী বৰা প্ৰমুখ্যে শিল্পী সকলে ছবিখনত অভিনয় কৰিছে ।

টি-২০ বিশ্বকাপত আজি ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড

আজি নিশা ৮ বজাত অনুষ্ঠিত হ’ব এই ভাৰত আৰু ইংলেণ্ডৰ মেচখন । ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাত টি-২০ বিশ্বকাপৰ আশা নিৰ্বাপিত হৈছিল ভাৰত।

উল্লেখ কৰা প্ৰয়োজন যে ২৭ জুনত গায়ানাত বৰষুণ-বজ্ৰপাতৰ পূৰ্বাভাস পোৱা গৈছে । ঘণ্টাত ১০ৰ পৰা ১৫ বেগত বতাহও বলিব পাৰে বুলিও আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ছেমিফাইনেলত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ।

নলবাৰীত ১৪ সংখ্যক অসম কেবিনেট বৈঠক

নলবাৰীত ১৪ সংখ্যক অসম কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

তাৰ পিচত মুখ্যমন্ত্ৰী গৰাকীয়ে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু FAAMCH ৰ উন্নয়নৰ মূল্যায়নৰ বাবেও বৰপেটা ভ্ৰমণ কৰিব |

ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি

/C + V/O :– নিশা ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি। মদৰ ৰাগীত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰিলে এগৰাকী MBA ছাত্ৰ প্ৰদুম ছেত্ৰীক। যুৱক গৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীন গালি গালাজ আৰক্ষী বিষয়াৰ। আৰক্ষী বিষয়া গৰাকীৰ নাম প্ৰাঞ্জল ফুকন বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে লেখাপানী আৰক্ষী থানাৰ SI দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা সুৰামত্ত অৱস্থাত আৰক্ষী পোচাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু তিনি গৰাকী আৰক্ষী যোৱানক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা এখন FOURTUNER বাহনৰ পৰা যুৱক গৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দ প্ৰয়োগৰে গালি পাৰি প্ৰহাৰ কৰে যাৰ ফলত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় যুৱক গৰাকী।

ইতিমধ্যে যুৱক গৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়া গৰাকীৰ লগতে তেওঁৰ লগত যোৱা তিনি আৰক্ষী জোৱানৰ বিৰুদ্ধে লেখাপানী আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে।

নিউ বঙাইগাঁও জংচনত নামনিমুৱা কাজিৰঙা এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুট আৰু বিদেশী মুদ্ৰাসহ চাৰিজন তামিলনাডুৰ ব্যক্তিক আটক

বঙাইগাঁওঃ ২৬ জুনঃ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা কাজিৰঙা এক্সপ্ৰেছত চৰকাৰী ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই সোণৰ বিস্কুট আৰু বিদেশী মুদ্ৰাসহ তামিলনাডুৰ চাৰিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷

নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে নিশা এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা ১৩১৮২ নং নামনিমুৱা কাজিৰঙা এক্সপ্ৰেছৰ বি-২ ডবাযোগে নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ পৰা চোৰাংভাৱে সোণৰ সৰবৰাহ কৰাৰ তথ্য লাভ কৰে ৷

এই তথ্য লাভ কৰাৰ পিছতে নিশা ৰে’লখনৰ উক্ত ডবাত অভিযান চলোৱাত চাৰিজন লোকক সন্দেহজনভাবে বহি থকা প্ৰত্যক্ষ কৰি সোধাপোছা কৰাৰ লগতে তালাচী চলোৱাত ১৮ খন সোণৰ বিস্কুট, মালৱেছিয়া আৰু আমেৰিকাৰ মুদ্ৰা আদি উদ্ধাৰ কৰি জব্দ কৰে আৰু ব্যক্তিকেইজনক আটক কৰে ৷ জব্দকৃত সোণৰ বিস্কুট কেইখনৰ ওজন ৩৬০ গ্ৰাম ৷ আটকাধীন ব্যক্তি কেইজন আব্দুল ৰহমান সালেক আহমেদ (৪৮) , মধু কুমাৰ (৪৬) ,ৰাজকুমাৰ কালিয়াপেৰুমল (৪৬) আৰু প্ৰগদীশ্বৰন পি ভি আৰ (১৯) ৷ আটাইকেইজনৰে ঘৰ তামিলনাডুত ৷ আটকাধীন ব্যক্তি এজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সোণখিনি তেওঁলোকৰ আৰু ভূটানৰ পৰা চেন্নাইলৈ লৈ গৈ আছিল ৷ ইপিনে চৰকাৰী ৰে’লৱে আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

“দিব্য উপবন” প্ৰকৃতিৰ ৰূপ গুণৰ তত্ত্ব প্ৰকাশৰ প্ৰয়াস- ড° পীতাম্বৰ দেৱ গোস্বামী


নদীয়ে আনৰ উপকাৰৰ বাবে নিৰৱিচ্ছিন্ন ভাৱে যিদৰে বৈ আছে। গৰুৱে যিদৰে আনৰ উপকাৰৰ বাবে গাখীৰ দিয়ে ঠিক তেনেদৰে বৃক্ষই আনৰ উপকাৰ বাবে ফল দি আছে। মানুহৰ উপকাৰ কৰি আছে। ঠিক সেইদৰে অশেষ পূণ্যৰ বলত মানৱ জীৱন লাভ কৰে। এই মানৱ জীৱন তেতিয়াহে পূৰ্ণতা লাভ কৰিব যেতিয়া মানুহে আনৰ উপকাৰ সাধন কৰিব।


শ্ৰী শ্ৰী আউনীআটী সত্ৰ উত্তৰ গুৱাহাটী শাখা সত্ৰৰ সন্মুখত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি কীৰ্তন ঘোষাত লিপিবদ্ধ অসমৰ ৫০ বিধ আপুৰুগীয়া ফুলৰ সমাহাৰেৰে দিব্য উপৱন আৰ্হিত নিৰ্মাণ হ’বলগীয়া “দিব্য উপৱন” ৰ ফুলৰ পুলি ৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে এইদৰে কয়। তেওঁ সাৰমৰ্ম বাখ্যা সহকাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে যে দিব্য উপবন হল প্ৰকৃতিৰ ৰূপ গুণৰ তত্ত্ব প্ৰকাশৰ এক প্ৰয়াস।


অধ্যাপক প্ৰভাত শৰ্মাই আঁতধৰা অনুষ্ঠানত সত্ৰাধিকাৰ ড০ গোস্বামীয়ে সত্ৰৰ সন্মুখত থকা প্ৰায় ৮ বিঘা ভূমিত কোনো কংক্ৰীটৰ অট্টালিকা নিৰ্মাণ নকৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা এখন দিব্য উপৱন নিৰ্মাণৰ সপোণ বাস্তবায়িত কৰি আনন্দ প্ৰকাশ কৰে। সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয় যে এই “দিব্য উপৱন ” ৰ সমান্তৰালভাৱে এখন নাৰ্চাৰী নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত পৰিবেশন সুৰক্ষা দিয়া ,প্ৰাকৃতিক সৌন্দৰ্য্য বৃদ্ধি কৰাৰ সমান্তৰালভাৱে উৎপাদন বৃদ্ধি কৰি উপাৰ্জনৰ পথ মুকলি হ’ব ।

সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে পুনৰ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট কীৰ্তন ঘোষাত সন্নিৱিষ্ট পঞ্চাছ বিধ ফুলৰ লগতে অসমৰ পৰা হেৰাই যোৱা দুষ্প্ৰাপ্য ঔষধি,বনস্পতি,লতা,বিৰুধ,ত্বকসাৰ, বৃক্ষৰ প্ৰাকৃতিক প্ৰজাতি আৰু অসমৰ পৰম্পৰাগত ফল-ফুল, ঋতু কালিন ফুল লগতে এখনি বাটিকা (Nursery) এই দিব্য উপৱনত থাকিব।

এই বাটিকাত উপলব্ধ হ’ব শিৰিষ,সেউতী,তমাল,মালতী,লৱঙ্গ,বাগী,গুলাল,কৰৱী,বক,কাঞ্চন,চম্পক,শেৱালি,নেৱালি,পলাশ,পাৰলি, পাৰিজাত,যুতি,জাই,বকুল,বন্দুলী,কনৌৰ,কনাৰী,কদম্ব,বাবৰী,নাগেশ্বৰ,সিংহচম্পা,অশোক,দেৱনা,মন্দাৰ,মনিৰাজ,ৰাজচম্পা,কোণ্ডা,কঙ্ক,কুৰুবক,কেতেকী,তগৰ,গুটিমালী,ভেণ্টি,ৰেৱতী,মৰুৱা,মধাই, ধুস্তুৰ,চন্দন,অগৰু,
দেৱদাৰু,পদ্মবচি,কমল, কল্পতৰু,ভেট,উতপল ।


ইতিমধ্যে ২৫ বিধ ফুলৰ অসমৰ বুকুৰ পৰা হেৰাই গৈছে যদিও তেওঁ যিকোনো ত্যাগৰ বিনিময়ত হেৰাই যোৱা ফুল সমূহ অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা আনি হলেও এই দিব্য উপৱনত সংৰক্ষণ কৰাৰ সংকল্পৰ কথাও ৰাইজৰ মাজত ব্যক্ত কৰে। এই দিব্য উপৱনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মন মাধুৰ্য্যৰ উপবন খনিক বাস্তৱত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে এই দিব্য উপৱন খনিৰ সৃষ্টিত সকলো ৰাইজৰ সহায়-সহযোগ কামনা কৰে।


সভাত বৃক্ষ বন্ধু লীলা হাজৰিকাই সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লৈ গছ গছনি আমাক কিয় প্ৰয়োজন হয় এটি সুন্দৰ কবিতাৰে উপস্থিত ৰাইজক বুজাই দিয়ে। অনুষ্ঠানত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা, সমাজকৰ্মী দ্বয় গৌৰী কান্ত কাকতি আৰু ভূপেন সোণোৱালৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দি সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লয়।

অনুষ্ঠানত সমাজকৰ্মী থানেশ্বৰ শৰ্মা, উৎপল বৰা ( নৰেন বৰা) পাৰ্থ প্ৰতীম বৰকাকতি, শম্ভুৰাম ঠাকুৰীয়া,উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ সহকাৰী সম্পাদক উৎপল তামুলী, সাংবাদিক জয়ন্ত ডেকা উত্তৰ গুৱাহাটী ভালেসংখ্যক লোক উপস্থিত থাকে। আজি দিব্য “উপৱন ” ৰ ফুলৰ পুলি ৰোপনৰ শুভাৰম্ভ কাৰ্য্যসূচীত সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ লগতে বৃক্ষ বন্ধু লীলা হাজৰিকা, সেউজ বন্ধু দিপক বৰুৱা, অধ্যাপক প্ৰভাত শৰ্মা উপস্থিত সকলোৱে একুটিকৈ ফুলৰ পুলি ৰোপন কৰে। অনুষ্ঠানত বৃক্ষ বন্ধু লীলা হাজৰিকা, সেউজ বন্ধু দিপক বৰুৱা আৰু অধ্যাপক প্ৰভাত শৰ্মাক সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।