Home Blog Page 750

ডিব্ৰুগড়ৰ চল্টব্ৰক অকাডেমীৰ ছাত্র ধৃতিষ্মান দত্তই কঢ়িয়ালে অসমলৈ গৌৰৱ

দৈনন্দিন বাৰ্তাৰ সেৱা,ডিব্ৰুগড়,২৬,জুন:২০২৪ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ চল্টব্ৰক একাডেমীৰ পৰা বিজ্ঞান শাখাৰ পৰা ৯৪.২% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্র ধৃতিষ্মান দত্তই পুনৰবাৰ শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

৯ জুনত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় IAT, ২০২৪ পৰীক্ষাত অৱতীৰ্ণ হৈ ধৃতিষ্মানে সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি বেংগালুৰুস্থ বিশ্ব প্ৰসিদ্ধ শিক্ষানুষ্ঠান Students Indian institute of science তথা IISC ত অধ্যয়নৰ সুযোগ লাভ কৰিছে। ইয়াৰ পূৰ্বেও ছাত্ৰ জনে এইবৰ্ষৰ JEE-Mains আৰু JEE-ADVANCED পৰীক্ষাটো উজনি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ উপৰিও NEET পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

বিশিষ্ট চিকিৎসক ডঃ ৰাজীৱ দত্ত আৰু লাহোৱাল পলিটেকনিকৰ অধ্যাপিকা ডঃ তুলিকা তামুলী দত্তৰ জ্যেষ্ঠ পুত্ৰ ধৃতিষ্মানৰ এই বিৰল কৃতিত্বত চল্টব্ৰক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱৰা, অধক্ষ্য ৰঞ্জিত বৰুৱা আৰু সমূহ শিক্ষক- শিক্ষয়িত্ৰীবৃন্দ উৎফুল্লিত হোৱাৰ লগতে ছাত্রজনক অভিনন্দন আৰু শুভাষীস জ্ঞাপন কৰিছে।

পোহনীয়া হাতীৰ তাণ্ডৱ !

মহানগীৰত স্কুল বাছ মাফিয়া দুদুল চৌধুৰীৰ পোহনীয়া হাতীৰ তাণ্ডৱ। দিছপুৰৰ জনতা ভৱনৰ সন্মুখত হাতীটোৱে ভাঙিলে কেবাখনো বাহন, উগ্ৰমূৰ্তি ধাৰণ কৰা হাতীটোৱে বহু পথচাৰীকো আক্ৰমণ কৰে । স্কুল বাছ মাফিয়া দুদুল চৌধুৰীৰ পোহনীয়া হাতীয়ে এইবাৰ তাণ্ডৱৰ সৃষ্টি কৰিলে মহানগৰীত। দিছপুৰৰ জনতা ভৱনৰ সন্মুখত হাতীটোৱে সৃষ্টি কৰে তাণ্ডৱৰ। ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় জনতা ভৱনৰ সন্মুখত। উগ্ৰমূৰ্তি ধাৰণ কৰা হাতীটোৱে এফালৰ পৰা ভাঙি গ’ল যান-বাহন। ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় জনতা ভৱনৰ সন্মুখত। জনতা ভৱনৰ সন্মুখৰ পাৰ্কিত প্ৰৱেশ কৰি হাতীটোৱে বিস্তৰ ক্ষতিসাধন কৰে।

হাতীটোৰ আক্ৰমণৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীয়েও হাতীটোক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়। পিছত বন বিভাগৰ লোকক খবৰ দিয়া হয় আৰু বন বিভাগৰ লোকে আহি হাতীটোক ট্ৰেংকুলাইজ কৰি হাতীটোক বশ কৰিবলৈ সক্ষম হয়। এইগৰাকী বিতৰ্কিত দুদুল চৌধুৰীৰ পোহনীয়া হাতীয়ে এইবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে মহানগৰীত। উল্লেখ্য যে তেওঁৰ এই হাতীটোৱে ইয়াৰ পূৰ্বেও কাহিলিপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। হাতীটোৰ আক্ৰমণত কাহিলিপাৰাত নিহিত হৈছিল এজন লোক।

উল্লেখ্য যে স্কুল বাছৰ নামত কণকণ ছাত্ৰ-ছাত্ৰীৰ বাবে মৰণ ফান্দ পাতিছিল এইগৰাকী দুদুল চৌধুৰীয়ে। নীতি-বহিৰ্ভূতভাৱে স্কুল বাছ চলাই প্ৰশাসনৰ ৰোষত পৰিছিল এইগৰাকী বিতৰ্কিত দুদুল চৌধুৰী। নীতি বহিৰ্ভূতভাৱে চলোৱা তেওঁৰ ১০ খনকৈ স্কুল বাছ প্ৰশাসনে জব্দ কৰিছিল।

স্কুল বাছ মাফিয়া দুদুল চৌধুৰী পুহিছে তিনিটাকৈ হাতী। তিনিটা হাতীৰ এটা হাতী আজি তেওঁৰ ঘৰৰ পৰা ওলাই আহি সৃষ্টি কৰে সন্ত্ৰাসৰ। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহানগৰীৰ মাজমজিয়াত যেনেদৰে হাতীকেইটাক পোহ মনাই ৰাখিব লাগিছিল বা হাতীকেইটাক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিছিল দুদুল চৌধুৰীয়ে তেনেদৰে ৰখাৰ চেষ্টা কৰা নাই বুলিও ৰাইজে অভিযোগ কৰিছে।

নামতিত ধোদৰ আলি অৱৰোধ ছাত্ৰ সন্থাৰ


ধোদৰ আলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী, শিৱসাগৰৰ নামতিত ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নামতি আঞ্চলিক সমিতিয়ে ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঐতিহাসিক ধোদৰ আলিৰ নামতি চাৰি আলিৰ পৰা চামগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ তাৎক্ষণিক ভাৱে মেৰামতি কৰাৰ দাবীত নামতিৰ ধোদৰ আলিত আছুৱে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ধোদৰ আলি নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱা হাৰলালকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে সদৌ অসম ছাত্ৰ সন্থাৰ নামতি আঞ্চলিক সমিতি।

গড়কাপ্টানী বিভাগ লেই লেই চেই চেই, দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক, দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ওপৰত মিতিৰালি বন্ধ কৰক, অসম চৰকাৰ হায় হায় শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে অসম মালা আচনিৰ অধীনত নিৰ্মাণ হৈ থকা ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানে ব্যাপক হেমাহি কৰাৰ অভিযোগ আনে সদৌ অসম ছাত্ৰ সন্থাই। নামতি চাৰি আলিৰ পৰা চামগুৰি সংযোগী পথচোৱাত পুখুৰী সদৃশ দ দ গাঁ‌ত হৈ পৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে।পথটোৰ নিৰ্মাণৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গা লৰাব পৰা নাই চৰকাৰৰ। অৱশেষত আজি নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ডেৰ ঘণ্টা ধৰি ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি পথৰ মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যেঅসম মালা আচনিৰ অধীনত নিৰ্মাণ হৈ থকা ঐতিহাসিক ধোদৰ আলিৰ দহ শতাংশ কামো সম্পাদন নকৰি শিৱা হাৰলালকা ঠিকাদাৰী প্ৰতিষ্ঠানে পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নামতিৰ পৰা চামগুৰি পৰ্যন্ত পথটোৰ নিৰ্মাণৰ নামত ব্যাপক হেমাহি কৰি আহিছে। পথটোৰ নিৰ্মাণৰ নামত পুখুৰীসদৃশ দ গাঁতবোৰ মেৰামতি নকৰি যাতায়াত ব্যাহত কৰি তুলিছে।
শীঘ্ৰে পথটো মেৰামতি নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে।

পুনৰ গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

পুনৰ দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অৰবিন্দ কেজৰিয়ালক । আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যয়ালয়ত বিচাৰ আদালতৰ জামিন আদেশক কাৰ্যকৰী কৰণৰ বাবে যি আবেদন দাখিল কৰিছিল সেই আবেদনো দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহাৰ কৰিছে। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু এছ ভি এন ভাট্টিৰ বিচাৰপীঠে তেওঁক এই আবেদন প্ৰত্যাহাৰৰ অনুমতি প্ৰদান কৰিছে । উল্লেখ্য যে আদালতত চি বি আইৰ ফালৰ পৰা কোৱা হৈছিল যে, সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক তেওঁলোকে সোধপোছ কৰিব নোৱাৰিলে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙ্গলবাৰে চিবিআইয়ে তিহাৰ কাৰাগাৰতে কেজৰিৱালক পৰীক্ষা কৰি সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছিল। ইয়াৰ পিছতে আপ নেতাগৰাকীৰ জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে দিল্লী উচ্চ ন্যায়ালয়ে ২৫ জুনত এক বিতং নিৰ্দেশনা প্ৰদান কৰিছে সেয়ে “ছাছটেনেবল আপীল” দাখিল কৰিব বুলি উল্লেখ কৰে । উল্লেখ্য যে, ২১ মাৰ্চৰ পৰাই অৰবিন্দ কেজৰিয়াল ইডিৰ জিম্মাত আছিল যদিও নিৰ্বাচনৰ প্ৰচাৰৰ বাবেহে উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । ইফালে দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰ আদালতে প্ৰদান কৰা কেজৰিৱালৰ জামিন আদেশ স্থগিত অনুসৰি বিচাৰ আদালতে অন্ততঃ মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ ধাৰা ৪৫ ৰ দ্বৈত চৰ্তাৱলী পূৰণৰ সৈতে সন্তুষ্টি লিপিবদ্ধ কৰিব লাগিছিল ।

জিম্বাবলৈ যাবলৈ ওলোৱা আনগৰাকী অসমৰ সন্তান শুভদীপ ঘোষ

ইতিহাস ৰচনা কৰি ৰিয়ান পৰাগে ভাৰতীয় ক্রিকেট দলত স্থান লাভ কৰাৰ পিছতে অসমৰ প্রাক্তন ৰঞ্জী ক্রিকেটাৰ শুভদীপ ঘোষেও আনিছে অসমলৈ সু-খবৰ । উল্লেখ্য যে টীম ইণ্ডিয়াৰ জিম্বাব’ৱে ভ্রমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত ৰিয়ান পৰাগে স্থান লাভ কৰাৰ লগতে শুভদীপ ঘোষক দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে
নিযুক্তি দিছে । ইপিনে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৬ জুলাইৰ পৰা টীম ইণ্ডিয়াৰ জিম্বাব’ৱে ভ্রমণত ৫খন টি-২০ মেচত ভাগ ল’ব । ক্ৰীকেট অনুৰাগীসকলে ভাৰতীয় দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপেশুভদীপ ঘোষক নিযুক্তি প্রদান কৰাৰ পিছত আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৪ চনত প্রথমবাৰৰ বাবে ভাৰতীয় ‘এ’ দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে শুভদীপ ঘোষে নিযুক্তি লাভ কৰিছিল । তদুপৰি অসমৰ আৰু ৰে’লৱেৰ হৈ ১৭খন প্রথম শ্রেণীৰ মেচ আৰু ১৭খন লিষ্ট ‘এ’ৰ মেচত প্রতিনিধিত্ব কৰা শুভদীপ ঘোষে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএলতো ফিল্ডিং প্রশিক্ষকৰ দায়িত্ব পালন কৰিছিল ৷ ২০২০ চনত অষ্ট্রেলিয়াত উপৰি ২০২১ চনত নিউজিলেণ্ড আৰু ২০২২ চনত দক্ষিণ আফ্রিকাত অনুষ্ঠিত মহিলা টি–২০ বিশ্বকাপতো ভাৰতীয় মহিলা দলটোৰ ফিল্ডিং প্রশিক্ষকৰ দায়িত্বত আছিল শুভদীপ ঘোষ ।

কেনিয়াত জ্বলাই দিলে সংসদ ভৱনৰ এটা অংশ

কেনিয়াত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে আক্ৰমণ কৰিলে সংসদ ভৱনত । অকল
সেয়াই নহয় সংসদ ভৱনৰ এটা অংশ জ্বলাই দিলে । উল্লেখ্য যে দেশখনৰ অত্যাধিক মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগৰ দৰে সমস্যাত বিধ্বস্ত দেশৰ নাগৰিকৰ ওপৰত আকৌ চৰকাৰে নতুন নতুন কৰ জাপিছে । ইয়াকে লৈ চৰকাৰৰ এনে জনবিৰোধী স্থিতিত ক্ষোভিত হৈ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে সংসদ ভৱনত আক্ৰমণ কৰি সংসদ ভৱনৰ এটা অংশ জ্বলাই দিয়ে।

নানান সমস্যাৰে ভাৰাক্ৰান্ত জনতাৰ ওপৰত আনকি জীয়াই থাকিবলৈ খোৱা ৰুটিৰ ওপৰতো ১৬ শতাংশ দেশখনৰ শাসকীয় চৰকাৰে জাপি দিছিল কৰৰ বোজা। ক্ষোভত আক্ৰমণ কৰা সংসদ ভৱনত আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৱাটাৰ কেননৰ সৈতে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে যদিও তাৰ পিছতো প্ৰতিবাদকাৰীসকল ছত্ৰভংগ নিদিয়াত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। গুলী চালনাত ৫ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে । আহতৰ কোনো সীমা, সংখ্যা নাই।ইপিনে কেনিয়াৰ সকলো ভাৰতীয়কে সৰ্বোচ্চ সতৰ্কতা অবলম্বন কৰাৰ, অপ্ৰয়োজনীয় যাতায়ত নকৰাৰ লগতে
পৰিস্থিতি ঠিক নোহোৱালৈ বিক্ষোভৰ কেন্দ্ৰস্থলীসমূহ এৰি চলিবলৈ পৰামৰ্শ আগবঢ়ায় বুলি ভাৰতীয় দূতাবাসে এক্সত প্ৰকাশ কৰে ।

দ্বাদশটো সন্তানৰ পিতৃ হ’ল আমেৰিকান ধনকুবেৰ এলন মাস্ক

শেহতীয়াকৈ বিশ্বৰ প্ৰথম স্থানত থকা আমেৰিকান ধনকুবেৰ এলন মাস্কে দ্বাদশটি সন্তানৰ পিতৃ হোৱা খবৰে খলকনি তুলিলে । উল্লেখ্য যে ব্লুমবাৰ্গত প্ৰকাশ পোৱা এলন মাস্কৰ শিশু সন্দৰ্ভত “এলন ৱান্টছ ইউ টু হেভ মোৰ ৱেবীছ” নামৰ এক নিবন্ধ প্ৰকাশ হৈছিল । ইফালে এই সন্দৰ্ভত পেস্ক ছিস্ক’ত প্ৰকাশিত এক বিবৃতিত দ্বাদশ সন্তানৰ পিতৃ হোৱাৰ বিষয়টো তেওঁ সকলোকে জনোৱা নাছিল যদিও পৰিয়ালৰ লোক আৰু সহবন্ধুসকলেহে গম পাইছিল বুলি উল্লেখ কৰে ।

আনহাতে মাস্কৰ দ্বাদশ সন্তানৰ পিতৃত্ব লাভৰ কথা পোহৰলৈ অহাৰ লগে লগে সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে ২০২১ চনত যমজ সন্তানৰ পিতৃ হোৱা ধনকুবেৰ গৰাকীয়ে এই বিষয় আন্তৰ্জাতিক সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চিত হয়

জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত মন্ত্ৰী পীয়ূষ হাজৰিকা…

আজি জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা।

মৰাণ স্বায়ত্তশাসিত পৰিষদ সম্পৰ্কীয় সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু অন্যান্য আনুষংগিক বিষয় সন্দর্ভত বৈঠকত আলোচনা কৰা হয়। সীমা নিৰ্ধাৰণৰ বাবে সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসহ প্ৰশাসনৰ সহায়ত খচৰা প্ৰস্তুত কৰি জুলাই মাহৰ ১০ তাৰিখে দাখিল কৰিবলৈ প্ৰতিনিধিবৰ্গক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে আৰু চৰকাৰী নিয়ম অনুসৰি পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

আজিৰ বৈঠকত সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ক্ৰমে মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ, উপাধ্যক্ষ, প্ৰধান সচিব, অসম মৰাণ সভাৰ সভাপতি-সাধাৰণ সম্পাদক, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি-সম্পাদকসহ বহুকেইজন ব্যক্তি উপস্থিত থাকে।

কোনো বে-আইনী কাম কৰা নাইঃ সোণাক্ষী-জাহিৰৰ বিবাহ বিতৰ্কৰ সন্দৰ্ভত শত্ৰুঘ্ন সিনহাৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ সৃষ্টি হৈছে বিতৰ্ক। বিবাহৰ এই বিতৰ্কৰ সন্দৰ্ভত সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

‘তাই কোনো বেআইনী কাম কৰা নাই। বিবাহ দুজন ব্যক্তিৰ ব্যক্তিগত সিদ্ধান্ত, তাত অন্য লোকৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই’। সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ এইদৰে মন্তব্য কৰে সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাই।

তেওঁৰ কন্যাৰ বিবাহ কাৰো চিন্তাৰ বিষয় নহয় বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকী পিতৃয়ে। ২৪ জুনত সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ সম্পন্ন হৈছিল।

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে

অম্বুবাচীৰ নিবৃত্তিৰ পাছতে খুলি দিয়া হ’ল কামাখ্যাৰ মুখ্য দুৱাৰ। মা কামাখ্যাৰ আশীষ ল’বলৈ লাখ লাখ ভক্তৰ ভিৰ নীলাচলত। পুৱতি নিশাৰ পৰাই দেৱীৰ দৰ্শনাৰ্থে লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম । লোকে লোকাৰণ্য মা কামাখ্যা ধাম। নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত ঘটে অম্বুবাচীৰ নিবৃত্তি। ইয়াৰ পাছতে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ
মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত ঘটে অম্বুবাচীৰ নিবৃত্তি। ইয়াৰ পাছতে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ

২২ জুন, শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। তাৰ পাছতে ৪ দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ।


২২ জুন, শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। তাৰ পাছতে ৪ দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ।

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ৰে পৰা লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত হৈছিল কামাখ্যা ধাম। মন্দিৰলৈ যোৱাৰ বাবে নাছিল কোনো VIP, VVIP পাছৰ ব্যৱস্থা।


অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ৰে পৰা লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত হৈছিল কামাখ্যা ধাম। মন্দিৰলৈ যোৱাৰ বাবে নাছিল কোনো VIP, VVIP পাছৰ ব্যৱস্থা।

৩ দিনৰ পাছত আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে কামাখ্যা মন্দিৰৰ দুৱাৰ। মাৰ আশীষ ল’বলৈ নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।


৩ দিনৰ পাছত আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে কামাখ্যা মন্দিৰৰ দুৱাৰ। মাৰ আশীষ ল’বলৈ নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

দুৱাৰ খোলাৰ পাছত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে


দুৱাৰ খোলাৰ পাছত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে