Home Blog Page 753

১৩ বছৰীয়া বন্ধুত্বঃ চিনেমাত নহয় এইবাৰ সংসদত একেলগে চিৰাগ পাছৱান আৰু কংগনা ৰানাৱত…

বলীউডৰ অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাউট আৰু লোক জনশক্তিৰ চিৰাগ পাছৱানৰ ভিডিঅ’ পোহৰলৈ আহিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে জয় লাভ কৰিছে। তেওঁ মাণ্ডীৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীক ৭৪ হাজাৰ ভোটত পৰাস্ত কৰে। আনহাতে, অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা চিৰাগ পাছৱান আৰু কংগনা পুৰণি বন্ধু। ১৩ বছৰ পূৰ্বে চিৰাগে কংগনাৰ সৈতে একেলগে অভিনয় কৰে।এতিয়া ফলাফলৰ মাজতে কংগনা ৰানাৱত আৰু চিৰাগ পাছৱানৰ সাক্ষাৎকাৰৰ ভিডিঅ’ পোহৰলৈ আহিছে যিটো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

দিল্লীত চলি আছে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ বৈঠক। সকলো দল-সংগঠন আৰু নেতা দিল্লীলৈ আহিছে। এই বৈঠকৰ বাবে কংগনা ৰানাৱত আৰু চিৰাগ পাছৱানেও দিল্লীত উপস্থিত হৈছে। ইয়াতেই দুয়োজনে কেমেৰাৰ সন্মুখত লগ হৈছিল আৰু দুয়োৰে এই ভিডিঅ’টো বহুতে ভাল পাইছে।

হঠাতে সংবাদ মাধ্যমৰ মুখামুখি হ’ল লোক জনশক্তি (ৰামবিলাস)ৰ নেতা চিৰাগ পাছৱান। ঠিক তেতিয়াই কংগনা ৰানাউট সন্মুখেৰে পাৰ হৈ গৈছিল। অভিনেত্ৰীগৰাকীক দেখাৰ লগে লগে কংগনাক মাত দিলে আৰু তাৰ পিছত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। ইয়াত চিৰাগ পাছৱানেও কুইন অভিনেত্ৰীগৰাকীক বিজয়ী হোৱাৰ বাবে অভিনন্দন জনায়।

চিৰাগে কংগনাক শক্তিশালী বুলি কয়। তেওঁ ক’লে, আমাৰ মাজত ভাল বন্ধুত্ব আছে। আমিও একেলগে এখন ছবি কৰিছো আৰু এতিয়া আমি সংসদতো লগ হৈ যাম। মই ভাবো কংগনা এগৰাকী বৰ শক্তিশালী মহিলা। তেওঁ সদায় ভুলৰ বিৰুদ্ধে মাত মাতে। সংসদত তেওঁৰ প্ৰথম ভাষণৰ বাবে অপেক্ষা কৰি আঁছো।

বিলাসীপাৰাত মীন উন্নয়ন বিষয়ত সজাগতামূলক সভা…

বিলাসীপাৰা মীন উন্নয়ন কাৰ্যালয়ত মীন সজাগতাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত ধুবুৰী জিলা-মীন উন্নয়ন বিষয়া ইব্ৰাহিম আলী খানে নিজা ভাষণত ১ এপ্ৰিলৰ পৰা ১৫ জুলাই “থলুৱা মাছৰ প্ৰজাতি সংৰক্ষণ আৰু সংবৰ্ধন” ৰ বিষয়ে বিষদ ভাৱে আলোচনা কৰে।

উক্ত সভাত মৃন্ময় মহন্ত, ধুবুৰী, মীন বিভাগৰ কনিষ্ঠ অভিযন্তা , নয়ন দাস, মীন প্ৰদৰ্শক, চম্পক ডেকা , মীন প্ৰদৰ্শক ৰেজাউল খান, মীন প্ৰদৰ্শক আৰু বিলাসীপাৰা বজাৰৰ মাছ ব্যৱসায় সন্থা মাছ বিক্ৰেতাসকল উপস্থিত থাকে।

লগতে আজি ৰাতিপুৱা ১০:৩০ বজাত ৰঘুনাথ চ’ৰা বিলৰ ওচৰত এখন সজাগতা সভাৰ আয়োজন কৰা হৈছিল।

নীট পৰীক্ষাত স্থান লাভ কৰি ৰঙিয়াৰ মুৰাৰা কাজিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আলমীনা চুলতানাই…

নীট পৰীক্ষাত স্থান লাভ কৰি ৰঙিয়াৰ মুৰাৰা কাজিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আলমীনা চুলতানাই।

ৰঙিয়াৰ সমীপৰ মুৰাৰা কাজিগাঁৱৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাচিম আলী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নুৰজাহান খাতুনৰ দ্বিতীয় তথা কনিষ্ঠ কন্যা আলমীনা চুলতানাৰ ঘোষিত নীট পৰীক্ষাৰ ফলাফলত ৬০৪ নম্বৰ লাভ কৰে।

মেধাৱী ছাত্ৰী আলমীনা চুলতানাই নীটৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰাত অঞ্চলজুৰি প্ৰশংসিত হৈছে।

ডুবাইৰ ইনডেক্স মেলাত ইপিচিএইচৰ উপস্থিতিয়ে আকৰ্ষণ কৰিছে দৰ্শনাৰ্থীক…

সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ ডুবাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত ২০২৪ চনৰ ৪-৬ জুনলৈকে ইনডেক্স মেলা আৰম্ভ হয়। ইপিচিএইচ ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে মি.কে. কালিমুথু, কনছুল কমাৰ্চ, কনছুলেট জেনেৰেল অৱ ইণ্ডিয়া, ডুবাইৰ উপস্থিতিত শ্ৰী আৰ.কে. ভাৰ্মা, কাৰ্যবাহী সঞ্চালক – ইপিচিএইচ আৰু অন্যান্য সদস্যসকলে। এই মেলাত ভাৰতীয় ৰপ্তানিকাৰকসকলে মধ্যপ্ৰাচ্য অঞ্চলৰ প্ৰিমিয়াম ক্ৰেতাসকলক তেওঁলোকৰ অতুলনীয় হস্তশিল্প সামগ্ৰী প্ৰদৰ্শন কৰাৰ কেইবাটাও সুযোগ লাভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সদস্য ৰপ্তানিকাৰকসকলে এই বছৰ নিজৰ একচেটিয়া সামগ্ৰী প্ৰদৰ্শন কৰে জনায় কাৰ্যবাহী সঞ্চালক – ইপিচিএইচ ৰাজেশ ৰাৱাটে।


ডুবাইৰ ভাৰতৰ কনছুলেট জেনেৰেলৰ কনছুল কমাৰ্চৰ কে কলিমুথুই উদ্বোধন কৰা মেলাত ভাৰতীয় হস্তশিল্পক বিশ্বৰ বজাৰলৈ নিয়া আৰু দেশৰ পৰা হস্তশিল্প ৰপ্তানিৰ বাবে পৰিষদৰ অবিৰত প্ৰচেষ্টাক শলাগ লয়। ইপিচিএইচৰ অধ্যক্ষ দিলীপ বেইডে কয় যে কাউন্সিলে নিয়মিতভাৱে ইউএইৰ ডুবাইৰ ইনডেক্স মেলাত ভাগ লৈ আহিছে। ইনডেক্স ডুবাই হৈছে ঘৰ আৰু হোটেলৰ বাবে ডিজাইন নেতৃত্বাধীন সামগ্ৰীৰ বাবে পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ সৰ্ববৃহৎ বাণিজ্য মেলা। ইপিচিএইচৰ কাৰ্যবাহী সঞ্চালক আৰ কে বাৰ্মাই কয় যে আহমেদাবাদ, বাংগালুৰু, চেন্নাই, পানীপট, চাহাৰনপুৰ, জয়পুৰ, যোধপুৰ, মোৰাদাবাদ আৰু দিল্লী এনচিআৰৰে প্ৰদৰ্শকসকলে ইপিচিএইচ ইণ্ডিয়া পেভিলিয়নত নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। ইয়াত ঘৰুৱা সজ্জা, জীৱনশৈলী, ঘৰুৱা বস্ত্ৰশিল্প, আচবাব প্ৰদৰ্শন কৰা হয়।

মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো দেশৰ বহু নেতা-নেত্ৰী…

নৰেন্দ্ৰ মোদীয়েই হ’ব দেশৰ প্ৰধানমন্ত্ৰী।এনডিএৰ মিত্ৰ দলসমূহে পূৰ্ণ সমৰ্থন বাহাল ৰখাৰ পিছতে মোদীয়ে ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে।ইতিমধ্যে শপতগ্ৰহণৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পূৰ্বৰ দৰেই মোদীৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ শ্ৰীলংকা আৰু বাংলাদেশকে ধৰি ভাৰতৰ কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰনেতাক আমন্ত্ৰণ জনাব পাৰে বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলগীয়া বিদেশী নেতাসকলৰ ভিতৰত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল আৰু মৰিচাছৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।ইফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংহেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে কৈছে যে মোদীয়ে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে । লগতে কৈছে যে বিক্ৰমসিংহেয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু মোদীক বিজয়ৰ বাবে ফোনযোগে অভিনন্দন জনাইছে। আনহাতে, মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতেও ফোনত বাৰ্তালাপ কৰে। লগতে তেওঁক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়। কূটনৈতিক সূত্ৰত এই কথা প্ৰকাশ। ইয়াৰ উপৰি নেপালী প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথক মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব। মোদীয়ে প্ৰচণ্ডৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ।

সূত্ৰ মতে, ইয়াৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ-পত্ৰসমূহ বৃহস্পতিবাৰে প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে মোদীৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠানত চাৰ্ক গ্ৰুপৰ (দক্ষিণ এছিয়ান আঞ্চলিক সহযোগিতা সংস্থা) দেশসমূহৰ নেতাসকল উপস্থিত আছিল । সেই সময়ত তেওঁ বিজেপিৰ বাবে এক বৃহৎ নিৰ্বাচনী বিজয়েৰে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল।

আনহাতে, ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিমষ্টেক দেশসমূহৰ নেতাসকল উপস্থিত আছিল ।

সৰ্ববৃহৎ কেলেংকাৰি সংঘটিত হৈছে শ্বেয়াৰ বজাৰতঃ মোদী-শ্বাহৰ বিৰুদ্ধে আঙুলি টোৱাই তদন্ত বিচাৰিলে ৰাহুল গান্ধীয়ে…

মোদী-শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাহুল গান্ধী।ৰাহুলে দাবী কৰে যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুকলিকৈ কৈছিল। তেওঁলোকে কিয় এনে কৰিলে? নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বিনিয়োগকাৰীক শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ কিয় পৰামৰ্শ দিছিল বুলি প্ৰশ্ন কৰে ৰাহুলে। এই প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা ৪ জুন মঙলবাৰে শ্বেয়াৰ বজাৰৰ পতনৰ বাবে তেওঁ পৰোক্ষভাৱে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ আঙুলিয়াই দিয়ে। লগতে এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰো দাবী উত্থাপন কৰে। তেওঁ কয় যে শ্বেয়াৰ বজাৰৰ পতনৰ আঁৰত কাৰোবাৰ ডাঙৰ হাত আছে। ইয়াক ইতিহাসৰ অন্যতম বৃহৎ দুৰ্নীতি বুলিও দাবী কৰে ৰাহুলে। অৱশ্যে বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছে বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।

যোৱা মঙলবাৰে, যিদিনা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, সেইদিনা শ্বেয়াৰ বজাৰত অভাৱনীয় অৱনতি ঘটিছিল। দিনটোৰ এটা সময়ত চেন্সেক্স ৫ হাজাৰ পইণ্টৰ ওপৰত হ্ৰাস পাইছিল। দিল্লীত এখন সংবাদমেলযোগে এই সন্দৰ্ভত এইদৰে কয় ৰাহুলে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত মুকলিকৈ কৈছিল। তেওঁলোকে কিয় এনেদৰে কৈছিল? ৰাহুলে প্ৰশ্ন কৰে “মোদী, শ্বাহ, সীতাৰমণে বিনিয়োগৰ পৰামৰ্শ কিয় দিছিল?” এয়া তেওঁলোকৰ কাম আছিল নেকি?” ইয়াৰ পিছত ৰাহুলে শ্বাহৰ মন্তব্যক আলোকপাত কৰি কয় যে ১৩ মে’ত শ্বাহে বিনিয়োগকাৰীক ৪ জুনৰ পূৰ্বে শ্বেয়াৰ ক্ৰয় কৰিবলৈ কৈছিল। ১৯ মে’ৰ পৰা ২৮ মে’লৈ মোদীয়ে বাৰে বাৰে কৈছে যে ৪ জুনত শ্বেয়াৰ বজাৰে অভিলেখ সৃষ্টি কৰিব। এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছিল। মন কৰিবলগীয়া। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়েও একেই কথাই কৈছিল।


লগতে ৰাহুলে দাবী কৰে যে বিজেপিয়ে জানিছিল যদিও ৩ জুনত শ্বেয়াৰ বজাৰ বৃদ্ধি পাব, ৪ জুনত হ্ৰাস পাব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিয় সাধাৰণ ৰাইজক বিনিয়োগ কৰিবলৈ ক’লে? এই প্ৰশ্ন উত্থাপন কৰিলে ৰাহুলে। তেওঁ কয় তেওঁলোকৰ কথা শুনিয়েই বিনিয়োগকাৰীয়ে ৩০ লাখ কোটি টকা লোকচান ভৰিলে। ৰাহুলে কয়, মোৰ কিছু প্ৰশ্ন আছে- এক, ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা পাঁচ কোটি পৰিয়ালক বিনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কিয় পৰামৰ্শ দিলে? দুই, এই বিষয়ক সাক্ষাৎকাৰ দুটা কিয় একেটা সংবাদ মাধ্যমক প্ৰচাৰ কৰা হ’ল? সেই সংবাদ মাধ্যমৰ মালিকানাধীন কোম্পানীটোৰো শ্বেয়াৰ বজাৰত প্ৰভাৱ পেলোৱাৰ অভিযোগত ছেবিয়ে তদন্ত চলাই আছে। তৃতীয়তে, বিজেপি, ভুৱা এগজিট প’ল আৰু বিদেশী বিনিয়োগকাৰীৰ মাজত কি সম্পৰ্ক আছে?” ইয়াৰ পিছত সাংবাদিকসকলে প্ৰশ্ন কৰে, এই সকলোবোৰৰ আঁৰত আদানী গোট আছে নেকি? ইয়াৰ উত্তৰত ৰাহুলে কয় যে আদানী জড়িত থাকিব পাৰে, কিন্তু ইয়াৰ আঁৰত আৰু শক্তিশালী হাত আছে। তেওঁৰ ভাষাত, “আমি বিচাৰো যে সৰ্ববৃহৎ শ্বেয়াৰ বজাৰ দুৰ্নীতিৰ সন্দৰ্ভত সংসদীয় সমিতিৰ যৌথ তদন্ত হওক। আমি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু নিৰ্বাচনৰ সমীক্ষা চলোৱা সংস্থাসমূহৰ বিৰুদ্ধে তদন্ত বিচাৰো।” উল্লেখ্য এগজিট প’লৰ দিনটোত শ্বেয়াৰ বজাৰত উত্থান ঘটিছিল ।কিন্তু ফলাফলৰ দিনটোত হ্ৰাস পাইছিল। ফলত বহু বিনিয়োগকাৰীৰ ধন পানীত পৰিছিল।

একেখন জিলাৰ পৰা ছয়জন ৰাজনীতিক একেলগে সংসদলৈ নিৰ্বাচিত!

উত্তৰ প্ৰদেশৰ এখন জিলাৰ নিৰ্বাচনী ফলাফলে বহুতকে আচৰিত কৰি তুলিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কনৌজৰ পৰা অখিলেশ যাদৱ, মইনপুৰীৰ পৰা ডিম্পল যাদৱ, ইটাৱাৰ পৰা জিতেন্দ্ৰ দোহৰে, ফিৰোজাবাদৰ পৰা অক্ষয় যাদৱ, বদৌনৰ পৰা আদিত্য যাদৱ, আজমগড়ৰ পৰা ধৰ্মেন্দ্ৰ যাদৱ সংসদলৈ নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বে এই ইটাৱা জিলাৰ চাৰিজন সদস্যই একেলগে সংসদীয় নিৰ্বাচনত জয়ী হৈ লোকসভালৈ গৈছিল। ২০১৪ চনত জিলাখনৰ পৰা মুলায়ম সিং, ডিম্পল যাদৱ, ধৰ্মেন্দ্ৰ যাদৱ, আৰু অক্ষয় যাদৱে জিলা খনৰ বিভিন্ন আসনত জয়লাভ কৰিছিল। ২০১৯ চনত এই জিলাৰ পৰাও চাৰিজন সাংসদ হৈছিল।

এই নির্বাচনত মুলায়ম সিং যাদৱ, ধর্মেন্দ্র যাদৱ, আৰু প্রেমদাস কাথেৰিয়া জয়ী হৈছিল৷ তেনে সাংসদসকলৰ সবিশেষ ইয়াত দিয়া হ’ল:
অখিলেশ যাদৱ – সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ ইটাৱা জিলাৰ ছাইফাইৰ বাসিন্দা। অখিলেশ এইবাৰ এছ পিৰ প্ৰতীকত কনৌজৰ পৰা নিৰ্বাচনী পথাৰত নামিছিল। ইটাৱাৰ পৰা কনৌজলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ। কনৌজ আসনত তেওঁ বিজেপিৰ সুব্ৰত পাঠকক ১ লাখ ৭০ হাজাৰ ভোটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বেও অখিলেশ কনৌজ সাংসদ আছিল। যোৱাবাৰ কনৌজৰ পৰা তেওঁৰ পত্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিজেপিৰ সুব্ৰত পাঠকৰ হাতত পৰাস্ত হৈছিল।

ডিম্পল যাদৱ – মইনপুৰী লোকসভাৰ পৰা নিৰ্বাচনত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছে অখিলেশ যাদৱৰ পত্নী ডিম্পলে। ২০২২ চনত ইয়াৰ পৰা উপ-নিৰ্বাচনতো জয়ী হৈছিল ডিম্পলে।মইনপুৰীক মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপে গণ্য কৰা হয়। এইবাৰ ডিম্পলে বিজেপিৰ হেভিৱেট মন্ত্ৰী জয়বীৰ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ডিম্পলে বিজেপিৰ জয়বীৰ সিঙক ২ লাখ ২১ হাজাৰ ভোটত পৰাস্ত কৰিছে। বিএছপিৰ শিৱপ্ৰসাদ যাদৱে লাভ কৰিছে ৬৬ হাজাৰ ভোট।

অক্ষয় যাদৱ – এছ পিৰ মুখ্য সম্পাদক ৰাম গোপাল যাদৱৰ পুত্ৰ অক্ষয়ও এইবাৰ সংসদলৈ যোৱাত সফল হৈছে। ফিৰোজাবাদৰ আসনৰ পৰা তেওঁ নিৰ্বাচনৰ পথাৰত নামিছিল। এইখন ইটাৱাৰ চুবুৰীয়া আসন। ইয়াৰ পূৰ্বেও অক্ষয় এই আসনৰ পৰা সাংসদ হৈ আহিছে যদিও ২০১৯ চনত বিজেপিৰ চন্দ্ৰসেন জেডনৰ হাতত পৰাস্ত হৈছিল অক্ষয়। বিজেপিৰ বিশ্বদ্বীপ সিঙক প্ৰায় ৮৯ হাজাৰ ভোটত পৰাস্ত কৰিছে অক্ষয়ে। অক্ষয়ে লাভ কৰিছে ৫ লাখ ৪৩ হাজাৰ ভোট।

আদিত্য যাদৱ – অখিলেশৰ খুলশালীয়েক আদিত্য যাদৱেও বদৌন আসনৰ পৰা ১৮ নং লোকসভাত প্ৰৱেশ কৰিছে। আদিত্য শিৱপাল যাদৱৰ পুত্ৰ আৰু এছ পিয়ে তেওঁক বদৌন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ক। এই আসনত দুবাৰকৈ প্ৰাৰ্থী সলনি কৰিছে এছ পিয়ে। অৱশেষত আদিত্যই ইয়াৰ পৰা টিকট লাভত সফল হৈছিল। বিজেপিৰ দুৰ্গাবিজয় সিং শাক্যক ৩৪ হাজাৰ ভোটত পৰাস্ত কৰিছে আদিত্যই। আদিত্যই ৫ লাখ ১৮ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে শাক্যই লাভ কৰিছে প্ৰায় ৪ লাখ ৬৬ হাজাৰ ভোট।

ধৰ্মেন্দ্ৰ যাদৱ – মুলায়ম সিঙৰ ভতিজা ধৰ্মেন্দ্ৰ যাদৱেও এইবাৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে। পূৰ্বাঞ্চলৰ আজমগড় আসনৰ পৰা এছ পিৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ধৰ্মেন্দ্ৰই। ধৰ্মেন্দ্ৰ মুলায়মৰ ভাতৃ অভয়ৰাম যাদৱৰ পুত্ৰ। বিজেপিৰ দীনেশ লাল যাদৱক ১ লাখ ৬১ হাজাৰ ভোটত পৰাস্ত কৰিছে ধৰ্মেন্দ্ৰই। এই নিৰ্বাচনত ধৰ্মেন্দ্ৰই ৫ লাখৰো অধিক ভোট লাভ কৰিছে। আজমগড় আসনখনকো মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপে বিবেচিত হৈছে। ইয়াৰ পৰাই মুলায়ম আৰু অখিলেশ সাংসদ হৈ আহিছে।

জিতেন্দ্ৰ দোহৰে – ইটাৱাৰ ভাৰতনা তহচিলৰ পৰা জিতেন্দ্ৰ দোহৰেও এইবাৰ সংসদত উপস্থিত হৈছে। ইটাৱাহ (সংৰক্ষিত) লোকসভাৰ আসনত জিতেন্দ্ৰই এছ পিৰ প্ৰতীকত জয়লাভ কৰিছে। ২০১৪ চনৰ পৰা ইয়াত বিজেপিৰ দখল আছিল। বিজেপিৰ ৰামশংকৰ কাথেৰিয়াক ৫৮ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে জিতেন্দ্ৰ ডোহৰে। মোদী চৰকাৰতো মন্ত্ৰী হিচাপে আছিল কেথেৰিয়া।

নীট-ইউ জি ২০২৪ত ৭২০ৰ ভিতৰত ৭২০ নম্বৰ! আপত্তি দৰ্শাই পত্ৰ প্ৰেৰণ বহু অভিভাৱকৰ…

মঙলবাৰে ঘোষণা কৰা নীট-ইউ জি ২০২৪ৰ ফলাফলে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আচৰিত কৰি তুলিছে। ফলাফলকলৈ বহু আপত্তি উত্থাপন হৈছে। কাৰণ অভূতপূৰ্ব সংখ্যকভাবে ৬৭গৰাকী শিক্ষাৰ্থীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰিছে। এয়া কেনেকৈ সম্ভৱ হ’ল তাকেলৈ বিভিন্ন জনৰ মাজত চৰ্চা হৈছে। ইয়াতকৈও চিন্তনীয় কথাটো হ’ল যে সম্পূৰ্ণ নম্বৰ লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছয়গৰাকীৰ আসনৰ নম্বৰ একে ক্ৰমৰ। এই ছয়গৰাকী ছাত্ৰ-ছাত্ৰী হাৰিয়ানাৰ, ইয়াৰ পৰা বুজা যায় যে তেওঁলোক একেটা কেন্দ্ৰৰ পৰাই পৰীক্ষাত বহিছিল।

বিষয়টো আঙুলিয়াই দি বহু অভিভাৱকে নীট -ইউ জি ২০২৪ৰ পৰিচালনা কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থালৈ পত্ৰ লিখিছে।অভিভাৱকসকলে শিক্ষাৰ্থীৰ কাউন্সেলিং আৰম্ভ হোৱাৰ পূৰ্বে ফলাফলৰ এনে অমিলৰ সন্দৰ্ভত তদন্ত বিচাৰিছে।তদুপৰি নীট -ইউ জি ২০২৪ৰ পৰীক্ষাত ৭১৮ আৰু ৭১৯ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ স্ক’ৰকাৰ্ডো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। বহুতৰে মতে এনে নম্বৰ লাভ কৰাটো অসম্ভৱ। অভিভাৱকসকলে দাবী কৰে, যেতিয়া প্ৰতিটো নীট -ইউ জি ২০২৪ৰ প্ৰশ্নত চাৰি নম্বৰ থাকে আৰু ঋণাত্মক নম্বৰৰ বাবে এক নম্বৰ দিয়া হয়। এন টি এৰ এজন বিষয়াই কয় যে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ শাখা তুলনামূলকভাৱে সহজ হোৱাৰ বাবে আৰু এন চি ই আৰ টিৰ কিতাপ অনুসৰি অধিক ছাত্ৰ-ছাত্ৰীয়ে অধিক নম্বৰ লাভ কৰিছে।

৯ জুনত ছিকিমৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব প্ৰেম সিং তামাঙে…

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাবে শপত ল’ব ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতা প্ৰেম সিং তামাঙে। ৯ জুনত তেওঁ দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব৷ জানিব পৰা মতে ছিকিমৰ ৰাজধানী গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দুয়োটা সমষ্টিতে তেওঁ পৰাজিত হয়। তামাঙে নিৰ্বাচনত জয়ী হৈ দলীয় কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৩২ খন আসনৰ বাবেও বিধানসভা নিৰ্বাচন হয়৷ বিধানসভাৰ ৩২ খন আসনৰ ভিতৰত ৩১ খন আসনত এছ কে এম জয়ী হয়। তামাঙে এছ কে এমৰ নেতা আৰু কৰ্মীসকলক তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেও প্ৰশংসা কৰে৷ উল্লেখ্য যে, ৫৬ বছৰীয়া তামাং এগৰাকী দক্ষ নেতা । তামাঙে ২০১৯ চনৰ পৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু এজন দক্ষ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯৪ চনৰ পৰা ২০০৯ চনলৈকে চাকুং জিলাত তেওঁ শিক্ষকতা কৰিছিল। ছিকিম ক্ৰান্তিকাৰি মৰ্চা দল গঠন কৰাৰ পূৰ্বে তেওঁ ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) পাৰ্টী এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। তেওঁ ৰাজ্য খনৰ এগৰাকী অতি জনপ্ৰিয় নেতা হিচাবে পৰিগণিত হৈছে।

বিজেপিক সমৰ্থন জনোৱাৰ চৰ্তঃ জেডিইউ-এ বিচাৰিছে ৰে’লৱে, বিত্ত, কৃষি মন্ত্ৰালয়ঃ সূত্ৰৰ খবৰ…

কেন্দ্ৰত এইবেলি অকলে চৰকাৰ গঢ়িব পৰাকৈ বিজেপিৰ হাতত নাই প্ৰয়োজনীয় আসন। সেয়ে দলটোৱে আন দলৰ ওচৰ চাপিবলগীয়া হৈছে। বুধবাৰে এনডিএ মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱা বৈঠকৰ পিছত বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে জেডিইউৱে ৰে’লৱে, বিত্ত, আৰু কৃষি মন্ত্ৰালয়ৰ বাবে অনুৰোধ জনাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী তথা দলীয় নেতা নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হৈ জেডিউৰ নেতাসকলে আলোচনাতো মিলিত হোৱা বুলি খবৰ আহিছে। বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰি নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰাৰ পিছত টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে টিডিপি এনডিএৰ সৈতে আছে বুলি দৃঢ়তাৰে কৈছিল বিহাৰৰ মুখ্যমন্ত্ৰীয়ে পাটনা বিমানবন্দৰৰ পৰা একেখন বিমানেৰে দিল্লীলৈ ৰাওনা হোৱা দেখা গৈছিল নীতিশ কুমাৰ আৰু তেওঁৰ তীব্র প্ৰতিদ্বন্দ্বী আৰজেডিৰ তেজস্বী যাদৱ।বিহাৰৰ ৪০খন লোকসভাৰ আসনৰ ভিতৰত ১২খন আসন লাভ কৰিছে এনডিএৰ মিত্ৰজোঁট জেডিইউ-এ।

বিজেপিয়ে নিজাববীয়াকৈ লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ ফলত এতিয়া নীতিশৰ সেই ১২ খন আসন কিদৰে ধৰি ৰাখিব পাৰি তাকে লৈ চেষ্টা চলাই গৈছে। কাৰণ বিৰোধীয়েও নীতিশক উপ-প্ৰধানমন্ত্ৰীৰ টোপ দিছে।এন ডি এৰ বৈঠকত নাইডু আৰু নীতিশ কুমাৰৰ অংশগ্ৰহণ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে বিবেচিত হৈছে। কিয়নো তেওঁলোকৰ দলৰ সমৰ্থন চৰকাৰ গঠনৰ বাবেঅতি গুৰুত্বপূৰ্ণ। এইবাৰ বিজেপি সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২ৰ পৰা ৩২ খন আসন কম হোৱাৰ বাবে চৰকাৰ গঠনৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।