Home Blog Page 760

মৌচুমী বায়ুৰ আগমনত ৰাজ্যজুৰি বৰষুণ ; পশ্চিম গুৱাহাটীত খেতিয়কৰ মুখত হাঁহি

ভাৰতৰ কৃষক ৰাইজৰ বন্ধু আৰু ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত এইবেলি সামুদ্ৰিক ধুমুহা ৰিমালৰ বাবে স্বাভাবিকতকৈ এটা সপ্তাহ আগতকৈ ৩০ মেত প্ৰৱেশ কৰিছে । স্বাভাবিক সময়ত উত্তৰ পূবৰ ৰাজ্য কেইখনত মৌচুমী বায়ু সাধাৰণতে ৫ বা ৬ জুনত প্ৰৱেশ কৰিব লাগে। কিন্তু ৰিমালৰ বাবে এইবেলি এটা সপ্তাহ আগতেই ৩০ মেত প্ৰৱেশ কৰিছে। ইফালে মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে এটা সপ্তাহ ধৰি উত্তৰ পূবৰ অান ৰাজ্যৰ লগতে অসমতো কম বেছি পৰিমাণে বৰষুণ হৈ আছে। বেচিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু কেবা ঠাইতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে।

সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয় । অানহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি গৈছে । ফলত বিগত কেইদিনত ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক পাঁচ দিন ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব । আনকি মেঘালয় , অৰুণাচল প্ৰদেশ , ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত ধুমুহা , গাঁজনী , ঢেৰেকনি , ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইফালে প্ৰায় দুসপ্তাহৰো অধিক দিন ধৰি বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিককৈ ৭ ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছিল তাপমাত্ৰা । ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয় সমূহৰ পাঠদান কাৰ্য পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছিল । জেঠৰ গৰমে এক কথাত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছিল । কিন্তু বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি যোৱাত ৰাইজে গেলা গৰমৰ পৰা বহু সকাহ লাভ কৰিছে । অানহাতে বৰষূণৰ অপেক্ষাত থকা আৰু শালি ধানৰ খেতিৰ বাবে সাজু হোৱা কৃষক সকলৰ মুখত হাঁহি আহিছে বৰষুণৰ আগমনত । কিয়নো বৰষুণৰ অভাবত কিছুদিন আগলৈকে ৰাজ্যৰ বেছিভাগ পথাৰতে ছিৰাল ফাট মেলিছিল । ফলত স্বাভাবিকতে বৰষূণৰ বাবে কৃষক ৰাইজ অধীৰ আগ্ৰহৰে বাট চাই আছিল ।

ইফালে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ বিক্ৰমপুৰ, নিৰলপুৰ , নালাপাৰা , পুৰাণ শুকুৰবৰীয়া, বেলগুৰী , মৈৰাপুৰ , পাট হালধীয়া, চল্লি , আন্ধেৰিজুলি, গণপতি, ধৰমপুৰ, ৰাজা পানীচন্দা , জবে পাটগাঁও , সজ্জনপাৰা আদিৰ কৃষক সকলে বিগত এটা সপ্তাহ ধৰি শালি ধানৰ কঠীয়া সিচাৰ পৰা আৰম্ভ কৰি পথাৰত হাল বোৱা কামত ব্যস্ত হৈ পৰিছে। সকলোৰে লক্ষ্য যিমান পাৰি সোনকালে কঠীয়া ৰোপণৰ কাম শেষ কৰা। মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভূটানত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত ।

EXIT POLL কেতিয়াও EXACT POLL হ’ব নোৱাৰেঃ ভূপেন বৰা…

আজি শিৱসাগৰৰ নাজিৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল সম্বোধন।বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ শিমলুগুৰিস্থিত বাসগৃহত দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাই সম্বোধন কৰে সংবাদমেল। EXIT POLL সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় মই EXIT POLL বিশ্বাস নকৰোঁ, অলপ অপেক্ষা কৰিলে প্ৰকৃত ফলাফল পাম।এইদৰে কয় দেৱব্ৰত শইকীয়াই। নিৱনুৱা সমস্যা তথা মূল্যবৃদ্ধিৰ বিপক্ষে ৰাইজে ভোটদান কৰিছে।GST, খাজানা বৃদ্ধি আৰু টোলগেট বৃদ্ধিয়ে ৰাইজক প্ৰভাৱিত কৰিছে।কংগ্ৰেছ দলৰ কৰ্মীসকলক ধৈৰ্য্য ধৰি ফলাফললৈ অপেক্ষা কৰিবলৈ আহ্বান। বিজেপিয়ে কৰ্মচাৰীক প্ৰেচাৰত ৰখাৰ চেষ্টা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি ভুপেন বৰাই মন্তব্য কৰে।

লগতে EXIT POLL কেতিয়াও EXACT POLL হব নোৱাৰে বুলি ভূপেন বৰাই।বিজেপিয়ে যোৰহাটৰ ফলাফল সলনিৰ চেষ্টা কৰিছে, তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ মতে ভোটৰ হাৰ আৰু আসন বৃদ্ধি পাব।INDIA ALLIANCE চৰকাৰ দখল কৰিব বুলি বিশ্বাসী।এইদৰে কয় ভূপেন বৰাই।

পুনৰ জনতাক মাধমাৰ! ঘাইপথসমূহত থকা টোলগেটৰ মাচুল বৃদ্ধি…

পুনৰ জনতাক মাধমাৰ চৰকাৰৰ। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে দেশবাসীলৈ চৰকাৰৰ ডাঙৰ উপহাৰ! আজিৰে পৰা ৰাজ্যত ভয়ানকভাৱে বাঢ়িব টোল কৰ। সৰ্বসাধাৰণ জনতাৰ পিঠিত মাধমাৰ সোধাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে মাজনিশাৰ পৰা অসমসহ দেশৰ ১১০০ খন টোলগেটত টোল কৰ বৃদ্ধি ৩ৰ পৰা ৫ শতাংশলৈ ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাধিকৰণে বৃদ্ধি কৰা টোল কৰক লৈ ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচীত জাতী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট গোলাঘাট জিলা সমিতিয়ে।

গৰমে গৰ্ভত থকা শিশুটিৰ ক্ষতি কৰিব পাৰে! গৰ্ভৱতী মহিলাই এই লক্ষণসমূহ আওকাণ কৰিব নালাগে…

গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰে শিশুৰ বিকাশৰ বাবে বহুতো প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে। এনে পৰিস্থিতিত এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰ অতি সংবেদনশীল হৈ পৰে আৰু দুৰ্বল হোৱাৰ বাবে উচ্চ উষ্ণতাত থাকিব নোৱাৰে। কেৱল এয়াই নহয়, গৰ্ভত থকা শিশুৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়, গ্ৰীষ্মকালত হিট ষ্ট্ৰোককে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যাও আহি পৰে।যিসকল গৰ্ভৱতী মহিলাৰ শৰীৰৰ উষ্ণতা ৩৯ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়, তেওঁলোকৰ হিট ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি। হিট ষ্ট্ৰ’কৰ বাবে শৰীৰৰ উষ্ণতা হঠাতে বাঢ়িবলৈ আৰম্ভ কৰে। এই অৱস্থাত গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা শিশু উভয়ৰে বাবে মাৰাত্মক হ’ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি গৰ্ভৱতী আৰু ইয়াত উল্লেখ কৰা হিট ষ্ট্ৰ’কৰ লক্ষণসমূহ অনুভৱ কৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰত যাব পাৰে-

গৰ্ভৱতী মহিলাৰ হিট ষ্ট্ৰোকৰ লক্ষণ সমূহ হৈছেঃ

উচ্চ জ্বৰ
প্ৰচুৰ ঘাম ওলোৱা
মূৰ ঘূৰোৱা বা মূৰৰ বিষ
ভাগৰ আৰু দুৰ্বলতা
বমি হোৱা
দ্ৰুত হৃদস্পন্দন
উশাহ লোৱাত কষ্ট পোৱা
বিভ্ৰান্তি বা অচেতনতা
ভোক কমি যোৱা
ভৰি, পেট আৰু হাতৰ জঠৰতা

গৰ্ভত থকা শিশুৰ ওপৰত হিট ষ্ট্ৰ’কৰ প্ৰভাৱঃ

জন্মগত দোষ
অকাল জন্ম
জন্মৰ সময়ত কম ওজন
গৰ্ভপাত কৰা
মৃত্যুৰ

প্ৰচুৰ পৰিমাণে পানী আৰু ঠাণ্ডা বস্তু খাব লাগে। ঢিলা আৰু পাতল ৰঙৰ কাপোৰ পিন্ধক। দুপৰীয়া ঘৰৰ পৰা ওলাই নাযাব। ঠাণ্ডা পানীৰে গা ধুব। ফলমূল আৰু শাক-পাচলি খাব।

মুকালমুৱাৰ লোহাৰকাঠাত ময়ূৰ হোটেলৰ নৱ সংযোজন “Mayur Fitness Unisex” নামেৰে শৰীৰ চৰ্চাৰ কেন্দ্ৰ মুকলি…

নলবাৰী জিলাৰ লোহাৰকাঠাত ময়ূৰ হোটেলৰ দ্বিতীয় মহলত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে “Mayur Fitness Unisex” নামেৰে শৰীৰ চৰ্চাৰ কেন্দ্ৰ। ল’ৰা-ছোৱালী উভয়ৰে বাবে মুকলি কৰা শৰীৰ চৰ্চাৰ কেন্দ্ৰটো মুকলি কৰে গুৱাহাটীৰ দুজন বডী বিল্ডাৰ ডেনিয়াল আহমেদ আৰু দুৰ্গা দাসে। লোহাৰকাঠাৰ দুই উদিয়মান যুৱক আৰিফ হুছেইন আৰু আমিৰ হুছেইনে উঠি অহা নৱ প্ৰজন্মক মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত ৰখাৰ লগতে শৰীৰ চৰ্চাত গুৰুত্ব দিয়াৰ উদ্যেশ্য শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে।


অতি কম খৰছত মুকালমুৱাৰ পাৰ্শ্বৱতী অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ ইচ্ছুক লৰা ছোৱালীয়ে এই unisex শৰীৰ চৰ্চাৰ কেন্দ্ৰত নামভৰ্তি কৰিব পাৰিব।শৰীৰ চৰ্চাৰ কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ বহু কেইজন গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।

চেনি সম্পূৰ্ণৰূপে এৰি দিয়াটো বুদ্ধিমানৰ কাম নহয়! চেনি নাখালেও সমস্যাত পৰিব আপুনি…

আমাৰ বেছিভাগেই মিঠা বস্তু খাই ভাল পায়, যদি কিবা কাৰণত চেনি এৰিবলগীয়া হয় তেন্তে এই সিদ্ধান্ত সহজ নলব। কিয়নো চেনি নাখালেও ইয়াৰ অসুবিধা। ভাৰতত ডায়েবেটিছৰ ৰোগীৰ সংখ্যা ইমানেই বেছি যে এই ৰোগৰ সন্দৰ্ভত ভয়ৰ সৃষ্টি হোৱাটো স্বাভাৱিক। ডায়েবেটিছ ৰোগীক চেনি আৰু মিঠা বস্তু কমকৈ খাবলৈ পৰামৰ্শ দিয়া হয়। এই ৰোগৰ পৰা আঁতৰি থাকিব বিচৰা লোকসকলে চেনিৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে, কিন্তু চেনি সম্পূৰ্ণৰূপে এৰি দিয়াটো উচিত নহয়। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। জানো আহক হঠাতে চেনী এৰিলে ক হয়…


চেনি দুবিধ, এটা প্ৰাকৃতিক আৰু আনটো প্ৰচেছড। আমি আম, আনাৰস, লিচু, নাৰিকল আদি ফলৰ পৰা প্ৰাকৃতিক চেনি পাওঁ, কিন্তু প্ৰচেছড চেনি কুহিঁয়াৰ আৰু বীটৰ পৰা প্ৰস্তুত কৰা হয়। নিয়ন্ত্ৰণত চেনি খোৱাটো সঠিক সিদ্ধান্ত, কিন্তু সম্পূৰ্ণৰূপে ত্যাগ কৰাটো সঠিক বুলি গণ্য কৰা নহয়।

কুহিঁয়াৰ পৰা বনোৱা চেনিৰ কেলৰি অতি বেছি, যদিও ইয়াৰ কোনো পুষ্টিকৰ মূল্য নাই, কিন্তু প্ৰাকৃতিক চেনিত ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। মিঠা বস্তুৰ সোৱাদে আমাক আকৰ্ষণ কৰে, গতিকে মিঠা সম্পূৰ্ণৰূপে এৰি দিয়াটো সহজ সিদ্ধান্ত নহয়, কিন্তু যদি আপুনি মিঠা আপোনাৰ দৈনন্দিন খাদ্যৰ পৰা আঁতৰাই পেলায় তেন্তে আপুনি হয়তো ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব।

বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে হঠাতে চেনি খোৱা বন্ধ কৰি দিয়ে, তেওঁলোক সোনকালে ভাগৰি পৰিব আৰু সদায় মূৰৰ বিষ অনুভৱ কৰিব যিটো খিংখিঙীয়া হোৱাৰ কাৰণ হৈ পৰিব।

চেনি এৰিলে ক্ৰমান্বয়ে আপোনাৰ শৰীৰত প্ৰভাৱ পৰিব। যিহেতু ই শক্তিৰ উৎস, গতিকে মিঠাৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক। চেনি এৰি দিয়াৰ পিছত শৰীৰৰ পৰা অতিৰিক্ত ইনচুলিন কমিবলৈ আৰম্ভ কৰে।

অসমত স্হাপন হ’ব প্রথমখন আইআইএম, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমবাসীক দিলে এই সুখবৰ…

অসমত স্হাপন হ’ব প্রথমখন আইআইএম। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে এক্সযোগে অসমবাসীক এই সুখবৰটো দিছে। কেন্দ্ৰীয় চৰকাৰৰ আৱণ্টিত এই আইআইএমখন গুৱাহাটীৰ কাষৰীয়া পলাশবাৰীৰ মৰাভিঠাত স্থাপন কৰা হ’ব। চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত এই গুৰুত্বপূৰ্ণ আইআইএমখন প্রতিষ্ঠাৰ বাবে মৰাভিঠাৰ সংশ্লিষ্ট স্থানডোখৰ অসম চৰকাৰৰ স্থান নির্বাচন কমিটীলৈ হস্তান্তৰৰ সন্দৰ্ভত এক চুক্তিপত্ৰত স্বাক্ষৰ কৰে। সংশ্লিষ্ট আইআইএমখন প্ৰতিষ্ঠাৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৫৭৪ বিঘা ভূমি আৱণ্টন দিছে।

এই সন্দৰ্ভত এক্সযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে ২০২৩ চনত অসম চৰকাৰে কৰা অনুৰোধমৰ্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসমৰ জনসাধাৰণৰ বাবে এই আইআইএমখন গুৱাহাটীত স্থাপনৰ বাবে অনুমোদন কৰিছে। এই আইআইএমখন কামৰূপ জিলাৰ পলাশবাৰী অন্তৰ্গত মৰাভিঠাত স্থাপন হ’ব। অসমত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ আৰু সদিচ্ছাৰ বাবেই আইআইটি, এইমছ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু এতিয়া আইআইএম লাভ কৰিলে। উল্লেখ্য কৰিব পাৰি যে উল্লেখিত আইআইএমখন ডিপিআৰ প্রস্তুত কৰিব আইআইএম আহমদাবাদে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰেও সহযোগিতা কৰিব আৰু পৰৱৰ্তী সময়ত এই ডিপিআৰ কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ত জমা দিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত আৰু কয় যে আইআইএম প্রতিষ্ঠাৰ সম্পর্কিত বিষয়টো কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ ওচৰত শক্তিশালীভাৱে উপস্থাপন কৰা হৈছিল।

অসমে ইয়াৰ বাবে ভূমিৰ প্ৰাৰম্ভিক তথ্য আৰু ন্যায়সংগত সমর্থন প্রকাশ কৰিছিল। এতিয়া অসমত ভৱিষ্যতে হ’বলগীয়া আইআইএমখন মেণ্টৰ হিচাপে আইআইএম আহমদাবাদে কাম কৰিব।অসমত আইআইএম প্ৰতিষ্ঠাৰ লগে লগে অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন সম্ভৱ হ’ব আৰু ৰাজ্যখন পূর্ব ভাৰতৰ এখন শৈক্ষিক হাব হিচাপে পৰিগণিত হ’ব। ইয়াৰোপৰি প্ৰস্তাৱিত এই আইআইএমখনে অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ডাঙৰ উৎসাহ প্রদান কৰিব। ইয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

নগাঁও জিলা ভাৰতীয় সাংবাদিক সংঘৰ সাধাৰণ সভা…

নগাঁও জিলা ভাৰতীয় সাংবাদিক সংঘৰ সাধাৰণ সভা। জেষ্ঠ সাংবাদিক মোস্তাফা কামালক সভাপতি প্ৰাঞ্জল শইকীয়া সম্পাদক, দেবজিত হাজৰিকা জাকিৰ হুছেইন ভুঞা উপ-সভাপতি, আচিফ ইকবাল চৌধুৰী সাংগঠনিক সম্পাদক, নব কুমাৰ মহন্ত মূখ্য উপদেষ্টা হিচাপে লৈ ২১ জনীয়া কমিটি গঠন ২০ গৰাকী কলেজৰ অধ্যক্ষ আৰু ৭০ গৰাকী কৃতি শিক্ষাৰ্থীক আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় সাংবাদিক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰি সভাপতি কিৰণ গগৈ, ৰাজ্যিক সম্পাদক বলোৰাম দাস, সাংগঠনিক সম্পাদক সমীৰণ দাস,ডৱকা লাইফ কেয়াৰ হস্পিটেলৰ স্বতাধিকাৰী ডঃ আনোৱাৰ হুছেইন চৌধুৰী, জ্যেষ্ঠ চিকিৎসক ডাঃ কামাল হাছান, জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে প্ৰায় অৰ্ধশতাধিক জ্যেষ্ঠ নাগৰিক আৰু শিক্ষাবিদ।

“আহক চাইকেল চলাওঁ, সুৰক্ষিত যাতায়াত-সেউজ পৰিৱেশ গঢ়ি তোলোঁ”, পথত চাইকেল আৰোহীক সুৰক্ষা, অগ্ৰাধিকাৰ দিয়াৰ আহ্বান পৰিবহণ বিভাগৰ…

অত্যাধুনিক বিলাসী যান-বাহনে নিতৌ ৰাজপথত ভিৰ কৰাৰ সময়তো চাইকেল আৰোহী এগৰাকী নিজৰ পথত নীৰৱে আগবাঢ়ি গৈ থকাটো স্বাভাৱিকতে মন কৰিবলগীয়া দিশ। সদাব্যস্ত ৰাজপথত যিকোনো লোককে নিমিষতে নষ্টালজিক কৰি তুলিব পৰাটো চাইকেল আৰোহীৰ বিশেষ কৃতিত্ব। পথৰ সুৰক্ষা, সেউজ পৰিৱেশলৈয়ো চাইকেল আৰোহীৰ অৱদান কম নহয়। সেয়ে ৩জুনৰ “ৱৰ্ল্ড বাইচাইকেল ডে”ৰ প্ৰাকক্ষণত ৰাজপথত চাইকেল আৰোহীক উপযুক্ত সন্মান, সুৰক্ষা আৰু অগ্ৰাধিকাৰ দিবলৈ যানবাহন ব্যৱহাৰকাৰীক আহ্বান জনাইছে ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। তেওঁ কয় যে, প্ৰতিখন চহৰ-নগৰৰ লগতে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত নিতৌ কেইবালাখ যানবাহন একাধাৰে চলি থকাৰ সময়তো চাইকেল আৰোহীয়ে নিজে অসুৰক্ষিত হৈ থাকিও কাকো অকণো অসুবিধা নকৰাকৈ সুৰক্ষিত যাতায়াত অব্যাহত ৰখাটো যাতায়াত ব্যৱস্থাটোৰ বাবেই এক উল্লেখযোগ্য দিশ।

কিয়নো দুচকীয়া বাহন চাইকেলৰ পৰা কেতিয়াও কোনোধৰণৰ ধোঁৱা নোলায়, অৰ্থাৎ চাইকেলে প্ৰদূষণ সৃষ্টি নকৰে, বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ যিয়ে নহওক লাগে। বৰঞ্চ যান-বাহনৰ অহৰহ মন-মগজুক আঘাত কৰা বহুজাতীয় শব্দৰ বিপৰীতে চাইকেলৰ শব্দই সকলোকে পুলকিতহে কৰি তোলে। মুঠতে ৰাজকোষলৈ কোনো কৰকাটল আগবঢ়াব নোৱাৰিলেও চাইকেলে সকলো যানবাহন ব্যৱহাৰকাৰীক সুৰক্ষা আৰু সেউজ পৰিবেশৰ অনুকৰণীয় আদৰ্শ দেখুৱায়। সেয়ে কাইলৈৰ “ৱৰ্ল্ড বাইচাইকেল ডে”ৰ পৰাই সকলো পথ-যানবাহন ব্যৱহাৰকাৰীকে চাইকেল চলাবলৈ আহ্বান জনাই বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে কয় “আহক আমি চাইকেল চলাওঁ, সুৰক্ষিত পথ আৰু সেউজ পৰিৱেশ গঢ়ি তোলোঁ৷”

কিয়নো হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবেও চাইকেল চলোৱাটো উৎকৃষ্ট উপায় ৷ নিয়মিত চাইকেল চলোৱা কাৰ্যই হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে, জিৰণি লোৱাৰ সময়ত শৰীৰত প্ৰশান্তি দিয়ে আৰু তেজৰ চৰ্বিৰ মাত্ৰা হ্ৰাস কৰে। চাইকেল চলোৱাৰ অভ্যাসে নিজৰ লগতে সমাজখনক সেউজ আৰু সুৰক্ষিত হৈ থকাত সহায় কৰিব। এই সময়ত যানবাহনৰ শব্দ আৰু বায়ু প্ৰদূষণেই প্ৰাকৃতিক পৰিৱেশ অত্যধিক পৰিমাণে কলুষিত কৰি তুলিছে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

‘মানুহে মানুহৰ বাবে…, দৰং অসমে’ প্ৰকাশ কৰিব প্ৰশান্ত বৰুৱাৰ জীৱনী! অৱসৰপ্ৰাপ্ত অধ্যাপক, প্রবীণ সাংবাদিকক সম্বর্ধনা…

মাত্র তিনি হেজাৰ টকা হাতত লৈ অধ্যাপক ৰাজেন্দ্র বৰুৱাৰ নেতৃত্বত যেতিয়া আমি মঙলদৈ নদীৰ সোঁত সলনি কৰাৰ বাবে আগবাঢ়িছিলো, তেতিয়া একাংশ চৰকাৰী বিষয়া আৰু দুই-এজন স্থানীয় লোকেও আমাক হাঁহিছিল, ‘ঠাট্টা, বিদ্রূপ কৰিছিল। কিন্তু মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে অধ্যাপক বাজেন্দ্র বৰুৱা আৰু অন্যান্য শিক্ষকসকলৰ সাহস আৰু প্রেৰণাত মঙলদৈ নদীৰ সোঁত সলনি কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছিল। এই নদীৰ সোঁত সলনি কৰাৰ ফলস্বৰূপে আজিৰ আধুনিক মঙলদৈৰ সৃষ্টি।’- এই ভাষ্য মঙলদৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বর্তমান নগাঁৱৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজয় কুমাৰ শৰ্মাৰ।

দেওবাৰে মঙলদৈ কৰিমচকৰ উত্তৰ মঙলদৈ সার্বজনীন উন্নতি সাধনী সভাৰ প্ৰেক্ষাগৃহত ‘মানুহে মানুহৰ বাবে… দৰং অসম’ৰ উদ্যোগত অনুষ্ঠিত অন্তৰংগ আলাপ আৰু সম্বর্ধনা অনুষ্ঠানত সম্বর্ধিত অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱাৰ বিষয়ে ড° বিজয় কুমাৰ শৰ্মাই এনেদৰে কয়। তেওঁ লগতে ৰাজেন্দ্ৰ বৰুৱাক অকল শিক্ষকেই নহয়, মইনা পাৰিজাত, স্কাউট এন্ড গাইড, বিভিন্ন শিক্ষানুষ্ঠান গঢ়োতা আৰু সমাজসেৱক বুলি অভিহিত কৰে। আনহাতে এই অনুষ্ঠানত সম্বর্ধিত’সাপ্তাহিক মংগল বাতৰি’ৰ মুখ্য সম্পাদক প্রশান্ত বৰুৱা সন্দর্ভত জ্যেষ্ঠ সাংবাদিক গৌতমানন্দ গোস্বামীয়ে কয়- ‘মঙলদৈৰ দৰে সৰু চহৰখনৰ পৰা ৪৭ বছৰে এখন সাপ্তাহিক কাকত নিৰৱচ্ছিন্নভাবে প্রকাশ আৰু সম্পাদনা কৰি অহা প্রশান্ত বৰুৱা দৰঙৰ সাংবাদিকতা ক্ষেত্ৰখনৰ বাবে ‘পিতামহ’স্বৰূপ। বহু ঘাত-প্রতিঘাতৰ মাজতো তেওঁ এই কাকতখনৰ জৰিয়তে বহু সাংবাদিকৰ জন্ম দিলে, দৰঙৰ বহু সমস্যা দাঙি ধৰি তাৰ সমাধান কৰিবলৈ প্ৰশাসনক বাধ্য কৰালে।’ প্ৰচাৰবিমুখ ৰাজেন্দ্ৰ বৰুৱা আৰু প্ৰশান্ত বৰুৱাক এইদৰে সন্মানিত কৰাৰ বাবে তেওঁ সংগঠনটোক প্রশংসা কৰে।

অনুস্থানত দ্বিজেন্দ্র মোহন দেবশর্মা, এনি ভূঞা আদিয়ে গীত পৰিবেশন কৰে। সভাত মানুহে মানুহৰ বাবে…. দৰং, অসম’ৰ তৰফৰ পৰা। অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱা আৰু প্রবীণ সাংবাদিক প্রশান্ত বৰুৱাৰ বিষয়ে দুখন অভিনন্দন গ্রন্থ প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সাংবাদিক প্রশান্ত বৰুৱাৰ অভিনন্দন গ্রন্থখন ৰাইজৰ সহযোগত মানবতাবাদী সংগঠনটোৱে নিজাকৈ আৰু ৰাজেন্দ্র বৰুৱাৰ গ্ৰন্থ খন তেওঁৰ ঘৰৰ পৃষ্ঠপোষকতাত প্ৰকাশ কৰা হ’ব। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী ‘মানুহে মানুহৰ বাবে…’ শীর্ষক গীতটি পৰিবেশনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত দুয়োগৰাকী সম্বর্ধিত ব্যক্তিক গিৰিজা কুমাৰ, মীৰা দত্ত চৌধুৰী, ৰঞ্জিতা শর্মা, দুলু দেবী, পুৰন্দৰ চমুৱা, শাশ্বতী শৰ্মা, সোমেশ্বৰী দাস, অণিমা চহৰীয়া, গোলোক শইকীয়া, ৰাণী চহৰীয়া আৰু ক্ষমা চৌধুৰীয়ে নিজাকৈ সম্বর্ধনা জ্ঞাপন কৰে।

সভাপতি আনোৱাৰ হুছেইনে আদৰণী ভাষণ দিয়া আৰু সাধাৰণ সম্পাদক গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্র কুমাৰ মেধি, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন চন্দ্ৰ হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, ড° কমলাকান্ত বৰা, কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেবী, দৰং জিলা সাহিত্য সভাৰ প্রাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বাসব চন্দ্র ডেকা, সাহিত্যিক ক্ষীৰুমণি বৰুৱা, সমাজসেবক শেখৰ মজুমদাৰ আদিয়ে দুয়োগৰাকী সম্বর্ধিত ব্যক্তিৰ বিষয়ে বক্তব্য প্ৰদান কৰে।