Home Blog Page 762

চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমিত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা-নৱাগত আদৰণি সভা সম্পন্ন…

চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমিত আজি ২০২৪ শিক্ষাবৰ্ষত বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা আৰু বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা নৱাগত ছাত্র-ছাত্ৰী সকলৰ আদৰণি সভাৰ অনুষ্ঠিত কৰে। চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰীয়ে সভাপতিত্ব কৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ শিক্ষা সম্পাদক মৌজাংগসাই নাৰ্জাৰীয়ে কয় শিক্ষাই মানুহৰ মেৰুদণ্ড।

শিক্ষা অবিহনে মানুহে জীৱনটো সঠিক লক্ষ্যত উপনীত কৰোৱাব নোৱাৰে বুলি উল্লেখ কৰি গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজকে যোগ্যতা আৰু কৰ্মদক্ষতাৰে আগবাঢ়ি যাব লাগিব লগতে এগৰাকী সুস্বাস্থ্য আৰু সুচৰিত্ৰৱান হিচাপে গঢ় দিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন দাঙি ধৰে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জোনাৰাম ব্ৰহ্মই কয় অধ্যয়নপুষ্ঠ আৰু শৃংখলাৱদ্ধ জীৱন গঢ়াৰ সপোন লৈ ছাত্র-ছাত্ৰী সকলে আগবাঢ়ি যোৱা উচিত বুলি কৈ অধ্যৱসায়ৰ দ্বাৰা সফলতা অৰ্জন কৰিব পাৰি আৰু মূল্যৱান সময় নষ্ট নকৰি কেৱল অধ্যয়নত মনোনিবেশ কৰিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়। চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ শিক্ষাতত্ব বিভাগৰ প্ৰৱক্তা মোনাবিলি বড়ো, ৰসায়ন বিভাগৰ প্ৰৱক্তা থুলুঙ্গা ৰামচিয়াৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বহুমূলীয়া ভাষন আগবঢ়ায়।সভাতে প্ৰথমবাৰৰ বাবে চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ পৰা বিজ্ঞান শাখাত ৭ গৰাকীয়ে ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৫ গৰাকী কৃৰ্তি পৰীক্ষাৰ্থীক আৰনাই আৰু অন্যান্য সামগ্ৰীৰে সম্বৰ্ধনা জনোৱা হয়।

ওৰাং আঞ্চলিক কোচ ৰাজবংশী সন্মিনলীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই

ওদালগুৰি জিলাৰ ওৰাঙৰ জামুগুৰিত ওৰাং আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত HSLC আৰু HS পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ৩৭ গৰাকী ছাত্ৰছাত্ৰীক অভিনন্দন জনোবা অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটোত সভাপতিত্বত কৰে ওৰাং আঞ্চলিক কোছ ৰাজবংশী সন্মিলনীৰ সভাপতি পদ্মধৰ ডেকাই। অনুষ্ঠানটো শুভ উদ্বোধন কৰে ওদালগুৰি জিলা কোছ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা জিতেন্দ্ৰ নাথ ডেকাই। সভাত ওদালগুৰি জিলা কোছ ৰাজবংশী সন্মিলনীৰ সভাপতি মহেশ্বৰ দাস,উপদেষ্টা কনক চন্দ্ৰ চহৰীয়া,উপেন ৰাজবংশী, ২নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ্বৰ বৰুৱা, শিক্ষা সম্পাদক ললিত চন্দ্ৰ ডেকা, ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ সহঃ অধ্যাপক ইন্দ্ৰ বৰাই ভাষন আগবঢ়াই৷

সভাত HSLC আৰু HS পৰীক্ষাত সুখ্যাতিৰ উৰ্ত্তীণ ওৰাং অঞ্চলৰ কোছ ৰাজবংশী সম্প্ৰদায়ৰ ৩৭গৰাকী ছাত্ৰছাত্ৰীক ফাইকভাৰ, কলম আনছা তথা গামোছাৰে অভিনন্দন জনোৱা হয়। সভাত ওদালগুৰি জিলা কোছ ৰাজবংশী সন্মিলনীৰ সম্পাদক ব্ৰজ ডেকা, সহকাৰী সম্পাদক দীনেশ্বৰ ডেকা, ওৰাং ভিচিডিচিৰ সভাপতি দিব্যজ্যোতি শইকীয়া, শিক্ষক ভবেন শইকীয়া আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে। সভাত আৰম্ভনিতে ওদালগুৰি জিলা কোছ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি সোমেশ্বৰ ডেকাই চিলাৰায় ছবিত মাল্য অৰ্পণ কৰে।

নিশা প্ৰচণ্ড ধুমুহাত নগৰবেৰাত প্ৰকাণ্ড গছ উভালি পৰিল চলন্ত মালবাহী বাহনত…

নিশা প্ৰচণ্ড ধুমুহাত নগৰবেৰাত চলিল তাণ্ডৱ! প্ৰকাণ্ড এডাল গছ উভালি পৰিল এখন চলন্ত মালবাহী বাহনত। গছৰ তলত বাহন আৱদ্ধ হৈ পৰাত সকলোৰে মাজত হুৱাদুৱা লাগে, যুদ্ধকালীন ক্ষীপ্ৰতাৰে নগৰবেৰা থানাৰ আৰক্ষীয়ে হাতে হাতে দা, কুঠাৰ লৈ চলায় উদ্ধাৰ অভিযান। নগৰবেৰাৰ মণ্ডলপাৰাত এই অঘটন, সন্ধিয়া এখন সৰু মালবাহী বাহনেৰে চফিউৰ আলী নামৰ চালকজনে এঘৰৰ সামগ্ৰী কঢ়িয়াই উভটিব লওঁতেই এই দুৰ্ঘটনা হয়। বতাহত প্ৰকাণ্ড গছ এডাল উভালি চলন্ত বাহন খনৰ ওপৰত পৰি যোৱাৰ ফলত বাহনসহ চালকজন আৱদ্ধ হৈ পৰে গছৰ চেপাঁত।

চালক চফিউৰ আলীক বাহনখনৰ কেবিনে হেঁচা মাৰি ধৰাত গুৰুতৰভাবে আহত হয়, খবৰ পাই নগৰবেৰা আৰক্ষী থানাৰ অ’চি লাবণ্য বড়োৰ নেতৃত্বত এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দা, কুঠাৰ লৈ যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলায়।জোৰকৈ বৰষুণ দি থকাৰ বাবেই উদ্ধাৰ কাৰ্যত বিজুতি ঘটে যদিও থমকি ৰোৱা নাছিল উদ্ধাৰ কাৰ্য, বহু প্ৰচেষ্টাৰ অন্তত বাহনসহ চালক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।অৱশেষত গুৰুতৰভাৱে আহত চালক জনক ততালিকে চিকিৎসাৰ বাবে নগৰবেৰা খণ্ড প্ৰাঃ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। নগৰবেৰাৰ কেবা স্থানতো ৰাজপথৰ ওপৰতেই গছ বাগৰি পৰাত যাতায়ত বিঘ্নিত হোৱাৰ সমান্তৰালকৈ বিদ্যুত যোগানো ব্যাহত হয়, আউল লাগে জন জীৱনতো।

পুনৰ ধুমধামেৰে আহি আছে মোডী চৰকাৰ! এগজিট প’লৰ ভৱিষ্যদ্বাণী…

লোকসভাৰ ৫৪৩খন আসনৰ বাবে সাতটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয়। সপ্তম পৰ্যায়ৰ ৫৮খন আসনৰ ভোটদান শেষ হোৱাৰ লগে লগে আগন্তুক পাঁচ বছৰ কোনে দেশত শাসন কৰিব সেই সন্দৰ্ভত সকলো এগজিট প’লে নিজৰ ভৱিষ্যদ্বাণী কৰিছে। এই হিচাপৰ ভিত্তিত দেশত কাৰ চৰকাৰ গঠন হ’ব, লোকসভাৰ নিৰ্বাচনত কোনে জয়ী হ’ব, তাৰ ফলাফল আহিব। বেছিভাগ এগজিট প’লত তৃতীয়বাৰৰ বাবে এনডিএৰ ক্ষমতালৈ ঘূৰি অহাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। লোকসভা নিৰ্বাচন ২০২৪ৰ আদেশ ইভিএমত বন্দী হৈছে। সকলো এগজিট প’লৰ পৰিসংখ্যা আহি পাইছে। প্ৰায়বোৰ এগজিট প’লত তৃতীয়বাৰৰ বাবে এন ডি এ পুনৰ ক্ষমতালৈ অহাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। একে সময়তে INDIA মিত্ৰজোঁটে যেন এগজিট প’লত হতাশাৰ সন্মুখীন হ’বলগীয়া হৈছে।

যদি আমি এগজিট প’লৰ ফলাফল চাওঁ তেন্তে ২০১৯ চনৰ তুলনাত বিজেপিয়ে ভোটৰ ভাগ আৰু আসনৰ সংখ্যা বৃদ্ধি কৰা যেন লাগে। কেৱল এয়াই নহয়।

ৰিপাব্লিক ভাৰত-মেট্ৰিজেৰ এগজিট প’লত এন ডি এয়ে ৩৫৩-৩৬৮খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে। বিৰোধীৰ INDIA মিত্ৰজোঁটে ১১৮-১৩৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। আন কিছুমানে ৪৩-৪৮খন আসন লাভ কৰিব বুলি ৰিপাব্লিক ভাৰত-MATRIZEৰ এক্সিট প’লত প্ৰকাশ পাইছে।

ইণ্ডিয়া নিউজ-ডি-ডাইনেমিক্সে এন ডি এৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা প্ৰকাশ কৰিছে এগজিট প’লত। ৰিপাব্লিক-মেট্ৰিজে নিজৰ এগজিট প’লত উত্তৰ প্ৰদেশৰ ভিতৰত এন ডি এয়ে ৬৯-৭৪খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে। একে সময়তে বিৰোধী মিত্ৰজোঁট INDIA য়ে ৬-১১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

ইণ্ডিয়া টুডে-মাই এক্সিছ ইণ্ডিয়াৰ তথ্য অনুসৰি মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত বিজেপিয়ে জয় লাভ কৰিব! এগজিট প’লত সাংসদত ২৯খন আসনৰ ভিতৰত এন ডি এয়ে ২৮-২৯খন আসন আৰু ভাৰতে ০-১ আসন পোৱাৰ সম্ভাৱনা আছে। ছত্তীশগড়ৰ ১১খন আসনৰ ভিতৰত এন ডি এয়ে ১০-১১খন আসন আৰু ভাৰতে ০-১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। সকলোৰে অপেক্ষা কেৱল ৪ জুনলৈ। ৪ জুনত জানিব পৰা যাব কোন আহিব শাসনলৈ।

অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষন প্ৰতিস্থানৰ আৰম্ভ…

শনিবাৰে তেজপুৰ চানৃমাৰীস্থিত অসম গ্ৰামীন বিকাশ বেংকৰ দ্বাৰা অনুস্থিত কৰা হয় গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষন প্ৰতিস্থান
(RSETI )ৰ কাটিং টেইলৰিঙৰ এমহীয়াৰ প্ৰশিক্ষন আৰু এই অনুস্থানটিত সঞ্চালক গৌতম মৈত্ৰ আৰু প্ৰশিক্ষক কবিতা শইকীয়া উপস্থিত থাকে।


তেজপুৰ উদ্বোগিক প্ৰশিক্ষণ প্ৰতিস্থান (ITI)ৰ প্ৰশিক্ষক বিনিতা দাস ব্ৰম্মই অনুস্থানটিৰ প্ৰথমে বন্তি প্ৰজ্বলন কৰে আৰু শুভ উদ্বোধন কৰে। এই প্ৰশিক্ষন প্ৰতিস্থানটিত শোনিতপুৰ জিলাৰ মুঠ ৩৫গৰাকী মহিলাই অংশগ্ৰহন কৰে আৰু এই প্ৰতিস্থানৰ মূল উদ্দেশ্য হৈছে শোনিতপুৰ জিলাৰ নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰি অৰ্থ উপাৰ্জন কৰা আৰু দেশৰ তথা নিজৰ সামাজিক ব্যৱস্থা টনকিয়াল কৰাৰ। এই প্ৰশিক্ষন সম্পূৰ্ণ ৰূপে বিনামূলীয়া আৰু লগতে থকা, আহাৰৰ সু-ব্যৱস্থা আছে বুলিও জনাই।

কোনবোৰ ফল ৰাতিপুৱা খালী পেটত খাব নালাগে জানেনে? জানি লওক নহ’লে স্বাস্থ্যৰ সমস্যাত পৰিব…

ফল-মূল স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু আমি জনা উচিত যে ফল খোৱাৰ উপযুক্ত সময় কেতিয়া। আমি ৰাতিপুৱা খালী পেটত যি খাওঁ সেয়া আমাৰ স্বাস্থ্যৰ ওপৰত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ বাহিৰেও সাধাৰণতে ফল-মূলক স্বাস্থ্যসন্মত খাদ্য বুলি গণ্য কৰা হয় যদিও কিছুমান ফল খালী পেটত খাব নালাগে।


ৰাতিপুৱা খালী পেটত কোনবোৰ ফল পৰিহাৰ কৰিব লাগে জানি লওক-

১/ কল

কলে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান আৰু তৎক্ষণাত শক্তি প্ৰদান কৰে যদিও খালী পেটত কল খালে তেজত মেগনেছিয়ামৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) ছাইট্ৰাছ ফল

কমলা, নেমু, আঙুৰ আদি ছাইট্ৰাছ ফলত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। কিন্তু খালী পেটত এই ফলবোৰ খালে এচিডিটি আৰু গেষ্ট্ৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩/ আম

আম মিঠা আৰু ৰসাল। কিন্তু ৰাতিপুৱা খালী পেটত আম খালে পেটৰ বিষ আৰু এচিডিটি হ’ব পাৰে।

৪/ লিচু

লিচুৰ সোৱাদ মিঠা, কিন্তু খালী পেটত লিচু খাব নালাগে। লিচুত অধিক পৰিমাণৰ প্ৰাকৃতিক চেনি থাকে, যাৰ ফলত হঠাতে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

৫/ অমিতা

অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু পাচনতন্ত্ৰৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয় যদিও খালী পেটত অমিতা খালে পেটৰ ডায়েৰিয়া সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৬)আনাৰস

আনাৰসত ব্ৰ’মেলিন এনজাইম থাকে, যি পাচনত সহায় কৰে যদিও খালী পেটত আনাৰস খালে পেটৰ বিষ আৰু বমিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত বা পিছত ফলমূল খোৱাটো অধিক উপকাৰী। যদি আপুনি খালী পেটত ফল খাব বিচাৰে, তেন্তে আপেল, নাচপতি বা নাৰিকল পানী খাব পাৰে।

আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা…

আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

অৰুণাচলৰ প্ৰদেশত ৫০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ১৩৩গৰাকী প্ৰাৰ্থীয়ে।

ইতিমধ্যে অৰুণাচলৰ ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি প্ৰাৰ্থী।

ছিকিমত ৩২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ১৪৬গৰাকী প্ৰাৰ্থীয়ে।

দৰঙৰ ধূলাত মৰেল পুলিচৰ ঘটনা

৯ জনীয়া দলে আক্ৰমন কৰিলে এজন লোকক।বাল্য বিবাহ বাধা দিব যোৱাই কাল হল লোক জনৰ।খুটাত হাত ভৰি বান্ধি মাৰপিট।দৰঙৰ ধূলাত পুনৰ মৰেল পুলিচ গিৰীৰ এক ঘটনা সংঘটিত হয়। শুক্ৰবাৰে ধূলা আৰক্ষী থানাৰ অন্তৰ্গত কেওত চুবা গাঁৱত সংঘটিত হৈছে এক আমানৱীয় ঘটনা। এজাহাৰত উল্লেখ থকা মতে কেওট চুবা গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীৰ বিয়াৰ আলোচনা চলি আছিল। গাঁও খনৰ নৌসাদ আলি নামৰ লোক এজনে এই বাল্য বিবাহৰ কথা গম পাই আৰু বাল্য বিবাহৰ বাধা দিবলৈ গৈছিল।

তাৰ পিছত যোৱা কালি নিশা গাঁও খনৰ ওমৰ আলি, অফাদ আলি, ছাইদুৰ ৰহমান, ছফিকুল ইছলাম, ছহিদুল ইছলাম, আলী হুছেইন, যাদু আলি, জুব্বাৰ আলি আৰু জৰীপ উদ্দীন নামৰ লোক কেইজনে নৌসাদ আলীক হাত ভৰি বান্ধি, খুটাত বান্ধি শাৰীৰিক নিৰ্যাতনৰ চলোৱাৰ অভিযোগ তোলে নৌসাদৰ আত্মীয়ই। নৌসাদক মাৰপিট কৰি ৰক্তাক্ত অৱস্থাত পেলাই থৈ দিয়ে আৰু ঘটনা গম পাই নৌসাদৰ পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হোৱাত লোক কেইজনে নৌসাদৰ আত্মীয়ৰ পৰা উকা দলিলত চহী লয় আৰু ধন দাবী কৰাৰ অভিযোগ তুলি লোক কেইজনৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নৌসাদৰ পত্নীয়ে।

বৰ্তমান নৌসাদ আলী মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে।আনহাতে আৰক্ষীত তদন্তৰ পিছত হে প্ৰকাশ পাব ঘটনাৰ প্ৰকৃত ৰহস্য।

দুৰ্যোগত সুযোগৰ সন্ধান:বৰলুইতত উঠিছে খৰিৰ উজান


▫️ৰজনীকান্ত বৰদলৈ

বৰলুইতত খৰিৰ উজান উঠিছে।ভৰা লুইতত খৰিৰ উজান ধৰি দুৰ্যোগৰ মাজতো সুযোগৰ সন্ধান কৰিছে ছশটা পৰিয়ালে।মাজুলীৰ ঐতিহ্যপূৰ্ণ শালমৰা অসমৰ পৰ্যটন ক্ষেত্ৰৰ এটি পলাশ ৰঙীন ৰ’দৰ পৃষ্ঠা।চহকী মৃৎ শিল্পক জীৱন-জীৱিকাৰ প্ৰধান সম্বল হিচাপে লৈ বুকুত বৰলুইতক সাৱটি শালমৰাৰ ছশটা পৰিয়ালে যুগ যুগ ধৰি জীৱনৰ দুখ পাহৰি সংগ্ৰাম চলাই আহিছে।

ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় বিশ ফুট গভীৰ গাঁতৰ পৰা কষ্টসাধ্যভাৱে খান্দি উলিওৱা কুমাৰ মাটি খচি-পিতি পিতনিৰে পিতি মহিলা সকলে প্ৰস্তুত কৰি উলিয়াই সুগঢ়ী মাটিৰ পাত্ৰ।এই পাত্ৰ কৰ্মঠ কুমাৰে পেঘালিৰ জুইত পুৰি পকাবলৈ বৃহৎ পৰিমাণৰ কাঠ খৰিৰ প্ৰয়োজন হয়।বাৰিষা ফেনে-ফোটোকাৰে উফন্দি উঠা নদীৰ ঢলৰ সমানে সমানে শালমৰাত খৰিৰ উজান উঠে।পাহাৰৰ পৰা উটি অহা খৰি-কাঠ ধৰা কাৰ্যত অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰে ডেকা-বুঢ়া,যুৱক-যৱতী ব্যস্ত হৈ পৰা দেখা যায়।সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাত বৃদ্ধি পাইছে আৰু বাৰিষা নদীৰ সোঁতত উটি অহা খৰিৰ উজান ধৰিবলৈ সকলোকে পুৱাৰে পৰা সন্ধিয়ালৈকে ব্যস্ত হৈ পৰা দেখা গৈছে ।

নদীৰ পাৰত গোট খোৱা পুৰুষ-মহিলা সকলে নাও অথবা দীঘল বাঁহৰ হাঁকুটিৰে খৰি ধৰি পাৰলৈ উঠাই প্ৰত্যেকেই ঘৰলৈ নি ৰ’দত শুকুৱাই খৰালিলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে,বছৰৰ প্ৰথমটো বানত এইবাৰ দেখা গৈছে নদীত উটি আহিছে বৃহৎ পৰিমাণৰ খৰি,কাঠ।পৰম্পৰাগতভাৱে নদীৰ ঢলত খৰি ‌ধৰাৰ এই জীৱন সংগ্ৰামৰ মাজত জীৱিকাৰ সন্ধান কৰা শালমৰাৰ কুমাৰ সকলৰ মুখত ফুটি উঠিছে প্ৰাপ্তিৰ হাঁহি। উল্লেখ্য যে,কৰ্মী মহিলা সকলে ভৰা লুইতত ধৰা খৰি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰাৰ লগতে প্ৰতিটো পৰিয়ালেই পেঘালিত জুই দি মাটিৰ পাত্ৰসমূহ পকাই মৃৎ শিল্পক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে।সম্প্ৰতি গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত শালমৰাৰ ছশটা পৰিয়ালে বাৰম্বাৰ ভেঁটি সলনি কৰিব লগা হৈছে। তথাপিও ব্ৰহ্মপুত্ৰক আৰ্শীবাদ হিচাপে লৈ সংগ্ৰাম কৰি অহা শালমৰাবাসীৰ এয়া জীৱন কাহিনী।

ড০ নিৰ্মলপ্ৰভা বৰদলৈ লৈ শ্ৰদ্ধাঞ্জলি…

আজি ১ জুন তাৰিখে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন প্ৰাংগণত অসম সাহিত্য সভাৰ দ্বিতীয় গৰাকী মহিলা সভাপতি বিশিষ্ট লেখিকা,‌ সুৰকাৰ, গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) মহোদয়াৰ ৯১ সংখ্যক মৃত্যু বাৰ্ষিকীত গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ লগতে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত পংকজ বেজবৰুৱা মহোদয়ৰ উপস্থিতিত বৰদলৈ বাইদেউৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি, প্ৰজ্বলন, ধূপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰাৰ উপৰি গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনৰ সভাপতিত্বত এখনি স্মৃতি চাৰণ সভাৰ আয়োজন কৰা হয়।

স্মৃতি চাৰণ সভাত কৰ্মচাৰী শ্ৰীযুতা সান্ত্বনা ঠাকুৰীয়া,‌ শ্ৰীযুত বাবুল ৰাজবংশী আৰু নলবাৰী জিলাৰ সম্পাদক পংকজ বেজবৰুৱাই বক্তব্য আগবঢ়ায়। সভাপতি  প্ৰফুল্ল বৰ্মনে প্ৰ‌য়াত নিৰ্মলপ্ৰভা বৰদলৈৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আলোকপাত কৰি চমু ভাষণ আগবঢ়ায়।