Home Blog Page 763

USTMৰ তিনিজন ফাৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে Chewable Herbal Dentifrice প্ৰস্তুত কৰে…

স্কুল অৱ ফাৰ্মাচিউটিকেল ছায়েন্স, ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ তিনিজনীয়া প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ এটা দলে তেওঁলোকৰ মেণ্টৰ ফেকাল্টীৰ সৈতে INNOVATE- এ-থন ১.০। তেওঁলোকৰ ষ্টাৰ্ট-আপ আইডিয়াৰ বাবে প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

নিপাৰ-গুৱাহাটী ফাউণ্ডেশ্যনৰ অটল ইনকিউবেচন চেণ্টাৰৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ নিটি আয়োগৰ অটল ইনোভেচন মিছনৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত তেওঁলোকে এই পুৰষ্কাৰ লাভ কৰে।

দলটোৱে NIPER ৰ পৰা বাৰ্ষিক পুঁজিৰ সহায়ও লাভ কৰিব।


গৌৰাংগা বৰুৱা, লবছাং তাছি, আৰু ৰিয়া চালাম, আটাইকেইজন B.Pharm চূড়ান্ত বৰ্ষৰ ছাত্ৰী-ছাত্ৰী।

USTM ৰ স্কুল অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ সহযোগী অধ্যাপিকা তথা উপাধ্যক্ষ ড° সুদৰ্শনা বৰা খনিকৰৰ নিৰ্দেশনাত চোবাই খাব পৰা ডেণ্টিপ্ৰাইচ প্ৰডাক্ট তৈয়াৰ কৰিছে যিটো এটা গমি , চ্যুইংগামৰ দৰে সামগ্ৰী যিয়ে আমাৰ দাঁত গভীৰভাৱে পৰিষ্কাৰ কৰাত সহায় কৰিব।


এই সন্দৰ্ভত ডাঃ সুদৰ্শনা বৰা খনিকৰে কয় যে উত্তৰ-পূৱ ভাৰতৰ নৃতাত্ত্বিক উদ্ভিদৰ পৰা চোবাই খাব পৰা গমী দন্তনাশক প্ৰস্তুত কৰাটো ব্যৱহাৰকাৰী অনুকূল হোৱাৰ লগতে পৰিৱেশ অনুকূল হ’ব। ডাঃ খনিকৰে কয়, ‘এইবোৰ চেনিবিহীন সামগ্ৰী য’ত এনে সামগ্ৰী থাকে যিবোৰ আমাৰ দাঁতৰ বাবে আৰু পৰিষ্কাৰ কৰাৰ বাবে অতি উপকাৰী আৰু ইয়াত কোনো ধৰণৰ বিষাক্ত পদাৰ্থ নাথাকে। এইবোৰ নিয়মীয়া টুথপেষ্ট আৰু মাউথৱাছৰ তুলনাত সুবিধাজনক হ’ব কাৰণ ই বিষমুক্ত। ইয়াৰ ফলত দাঁত বগা কৰাৰ গুণো প্ৰৰোচিত হ’ব আৰু ই হেলিট’ছিছ আৰু অন্যান্য পিৰিয়ডন্টাল ৰোগৰ পৰা মুক্তি পোৱাত সহায় কৰিব পাৰে”।

মুকেশ আম্বানীক চেৰ পেলাই দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানি…

মুকেশ আম্বানীক চেৰ পেলাই পুনৰ দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানি।

২৪ ঘণ্টাত ১৪ শতাংশ বৃদ্ধি আদানি গ্ৰুপৰ শ্বেয়াৰ।

১১১ বিনিয়ন ডলাৰ সম্পত্তিৰে তালিকাৰ শীৰ্ষত গৌতম আদানি।

১০৯ বিনিয়ন ডলাৰ সম্পত্তিৰে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানত মুকেশ আম্বানী।

চিলাপথাৰ নগৰৰ মূল পথত বৃহৎ বৃহৎ গাঁত! নগৰৰ পৰা সংযোগী পথ সমূহৰ অৱস্থা শোচনীয়, যাতায়তত ৰাইজে ভুগিছে যমৰ যাতনা; নিৰ্বিকাৰ জনপ্ৰতিনিধি…

চৰকাৰক ধেমাজি জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ আগবঢ়োৱা চিলাপথাৰ নগৰৰ মাজমজিয়াৰ মূল পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ৫১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ অকাজানৰ পৰা চিলাপথাৰ নগৰ হৈ অৰুণাচল প্ৰদেশৰ লিকাবালি সংযোগী পথছোৱাৰ চিলাপথাৰ নগৰৰ মাজমজিয়াৰ অধিকাংশতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে।দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতি নোহোৱাৰ ফলত চিলাপথাৰ নগৰবাসীৰ লগতে ব্যৱসায়ী, গ্ৰাহকৰ মাজত আশুকলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ আগবঢ়াই অহা চিলাপথাৰ নগৰৰ মাজমজিয়াৰ যাতায়তৰ শোচনীয় অৱস্থাই স্থানীয় জনপ্ৰতিনিধি আৰু পৌৰসভাৰ অকমৰ্ণ্যতা আৰু চুড়ান্ত অৱহেলাকে সূচাইছে বুলি ভূক্তভোগী ৰাইজে দোষাৰোপ কৰিছে।

আনহাতে চিলাপথাৰ নগৰৰ ৰে’ল গেট, পালপট্টি, মেডিকেল ৰোড, কল্যাণ কেন্দ্ৰ, জোনাই ৰোড আদি অতি ব্যস্ততাপূৰ্ণ এলেকাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হব লগা হৈছে। নগৰৰ মাজমজিয়াৰ পথৰ শোচনীয় অৱস্থাৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। আনহাতে চিলাপথাৰ নগৰৰ পৰা পালপট্টি ৰোড,নতুন মিচিং গাওঁ,চিলাগুটুং হৈ চিলাগাঁও সংযোগী পথ,চিলাপথাৰ নগৰৰ কল্যাণ কেন্দ্ৰ তিনিআলিৰ পৰা কাংকান নগৰ, বৰঘূলী,পাদাম গাওঁ হৈ ৫১৫ নং ঘাইপথৰ কঠালগুৰী সংযোগী পথ,চিলাপথাৰ নগৰৰ পৰা জোনাই ৰোড হৈ চিলাগাঁও সংযোগী পথ,চিলাপথাৰ নগৰৰ পৰা মেডিকেল ৰোড হৈ বামগাঁও, নগাঁও, মেচু কছাৰী, ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুকীয়া সংযোগী পথ কেইবাটাও দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। যাৰফলত শিক্ষাৰ্থী, ৰোগীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।

সৌৰাংশ্ৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে লালী নদীৰ খহনীয়াই, বিলীন গৈছে বিঘাই বিঘাই উৰ্বৰা কৃষিভূমি…

ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ সৌৰাংশ্ৰী গাঁৱত। এইবছৰৰ ভৰ বাৰিষা আৰম্ভণি নহওঁতে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে নৈপৰীয়া সৌৰাংশ্ৰী গাঁৱত। নদীখনৰ খহনীয়াৰ কবলত সৌৰাংশ্ৰী গাঁৱৰ বামুন মুছাহাৰী, খৰ্দে বসুমতাৰী, সুনীৰাম নাৰ্জাৰী, নৃপেন বড়ো,নিলট ৰামচিয়াৰী, বানেশ্বৰ বসুমতাৰী, ফুলেশ্বৰ দৈমাৰী,গালৰ বড়ো,লোহিত বসুমতাৰী, নৱ বসুমতাৰী, ধনীৰাম বসুমতাৰী, নাৰায়ণ বসুমতাৰী, বিনোদ ৰামচিয়াৰী, ৰাজু স্বৰ্গীয়াৰী, সুবল স্বৰ্গীয়াৰী, যতীন মালা,লক্ষীধৰ চুতীয়া, বংশীধৰ বসুমতাৰীৰ তিনিবিঘাৰ পৰা পাঁচ ছয বিঘাকৈ কৃষিভূমি নদীৰ বুকুত জাহ গৈছে।

স্মৰণীয় যে পাঁছবছৰৰ আগৰ পৰাই সৌৰাংশ্ৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ চলি আহিছে। যাৰফলত গাওঁখনৰ দহ বাৰঘৰ পৰিয়ালৰ ঘৰভেটি খহাই লৈ যায়। বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ সূঁতি লালী নদীৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে যদিও চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভূক্তভোগী ৰাইজে অভিযোগ উত্থাপণ কৰিছে।

কেতিয়াও ভবা নাছিলো যে মই ক্ৰিকেট খেলিবলৈ আমেৰিকালৈ আহিমঃ বিৰাট কোহলী…

এইবাৰ আমেৰিকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। দেওবাৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। খেলৰ পূৰ্বে বিৰাট কোহলীয়ে আমেৰিকাত ক্ৰিকেট খেলাৰ কথা ভবা নাছিল। কিন্তু এইবাৰ তাতেই অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। এইবাৰ ৱেষ্ট ইণ্ডিজ আৰু টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব আমেৰিকাত।

ইতিমধ্যে ভাৰতীয় দলটোৱে আমেৰিকাত উপস্থিত হৈছে। শুকুৰবাৰে বিৰাটও উপস্থিত হয়। তেওঁ কয়, ‘মই কেতিয়াও ভবা নাছিলো যে মই ক্ৰিকেট খেলিবলৈ আমেৰিকালৈ আহিম। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে সমগ্ৰ বিশ্বতে ক্ৰিকেট কেনেদৰে বিয়পি পৰিছে। আমেৰিকাই যেন এই খেলখন গ্ৰহণ কৰিবলৈ সোনকালে আগবাঢ়িছে। এইবাৰ বিশ্বকাপত প্ৰমাণিত হ’ব।’

দক্ষিণ এছিয়াত ক্ৰিকেট যথেষ্ট জনপ্ৰিয়। তাৰ বহু মানুহ আমেৰিকাত থাকে। বিৰাটে ভাবে সেইবাবেই সেই দেশত ক্ৰিকেট জনপ্ৰিয় হ’ব। তেওঁ ক’লে, “আমাৰ দেশৰ বহু মানুহ আমেৰিকাত বাস কৰে।” ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ যথেষ্ট। বাকী ৰাইজৰ মাজত ক্ৰিকেটৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব। ইয়াত ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলা হয়। ইয়াত মেজৰ লীগ ক্ৰিকেট খেলা হয়। মই ভাবো আমি সঠিক দিশত আগবাঢ়িছো।”


২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। আমেৰিকাত ১৬খন মেচ অনুষ্ঠিত হ’ব। নিউয়ৰ্ক, টেক্সাছ আৰু ফ্ল’ৰিডাত অনুষ্ঠিত হ’ব এই মেচ। ইয়াৰে ৮খন মেচ নিউয়ৰ্কত অনুষ্ঠিত হ’ব।

অসম তথা উত্তৰ পূবত ৰেমালৰ প্ৰভাৱে দুৰ্যোগৰ মাজলৈ থেলি দিয়া জনসাধাৰণৰ দুখ দুৰ্দশাত উদ্বিগ্নতা প্ৰকাশ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ…

অসম তথা উত্তৰ পূবত সাগৰীয় ঘূৰ্ণিবতাহ ৰেমালৰ প্ৰভাৱে দুৰ্যোগৰ মাজলৈ থেলি দিয়া জনসাধাৰণৰ দুখ দুৰ্দশাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক্সযোগে এই কথা সদৰি কৰিছে। গৃহমন্ত্ৰীৰ সৈতে ৰেমালে কঢ়িয়াই অনা দুৰ্যোগৰ সম্পৰ্কত আলোচনাতো মিলিত হয় গৃহমন্ত্ৰী ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰেমাল ঘূৰ্ণীবতাহৰ পিছত প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হোৱা ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। এক্সত নৰেন্দ্ৰ মোদীয়ে লিখিছে — ” দুৰ্ভাগ্যজনকভাৱে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিম বংগত যিসকল লোক ঘূৰ্ণীবতাহ ৰেমালৰ পিছত প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হৈ আহিছে মোৰ চিন্তা আৰু প্ৰাৰ্থনা সেই সকলোৰে লগত আছে যিসকল তাত আক্ৰান্ত হৈছে।

চৰকাৰে সম্ভৱপৰ সকলোকে আশ্বাস দিছে ৰাজ্যসমূহক সমৰ্থন আৰু সহায়ৰ ৷” প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহে ৰেমাল ঘূৰ্ণীবতাহৰ পিছত প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি থকা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, আৰু পশ্চিম বংগৰ পৰিস্থিতিৰ বুজ লয়।
প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যান-ধাৰণাৰ বাবে বৰ্তমান তামিলনাডুৰ কন্যাকুমাৰীত থকা প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক সকলো ধৰণৰ সহায় আগবঢ়াব। সংহতি প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে, “আমাৰ চিন্তা নিজৰ আপোনজনক হেৰুৱাই পেলোৱাসকলৰ সৈতে আৰু আহতসকলৰ সৈতে দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গৃহমন্ত্ৰীয়ে তেওঁৰ সৈতে ফোনযোগে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈছে ৷

এক্সত ড° শৰ্মাই কয়— “ গৃহমন্ত্ৰীয়ে মোক টেলিফোন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰিছিল, ঘূৰ্ণীবতাহৰ ৰেমালৰ প্ৰভাৱৰ পিছত,”৷ উল্লেখ্য, ৰেমালৰ প্ৰভাৱৰ ফলত অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লয় আৰু ৯ খন জিলাৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হয় ৷ ২৮ মে’ৰ পৰা বানপানী, বৰষুণ, ধুমুহাৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হৈছে । হাফলং-শিলচৰ সংযোগী পথ হাৰংগাজাওৰ ওচৰত বিচ্ছিন্ন হৈ পৰিছে, আৰু হাফলং-হাৰংগাজাওত একাধিক ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে। হাফলং-বদৰপুৰ ৰেলপথৰ ভূমিস্খলনৰ বাবে বাতিল বা চুটি হোৱা ৰেল সেৱা এতিয়াও আৰম্ভ কৰিব পৰা হোৱা নাই ৷
মণিপুৰতো ভূমি স্খলনত ১৭ গৰাকী লোকৰ মৃত্যু হৈছে। বংগতো কাকদ্বীপ, নামখানা, ফ্ৰেজাৰগঞ্জকে ধৰি জিলাখনৰ কেইবাটাও উপকূলীয় অঞ্চলত ভয়াৱহ ঘূৰ্ণীবতাহৰ পিছত সম্পত্তি আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে। ইফালে, অবিৰত বৰষুণৰ ফলত ইম্ফলৰ কেইবাটাও স্থানত বানপানীৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷উদ্ধাৰ আৰু খালী অভিযান অব্যাহত আছে। ভয়াৱহ বানপানীৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে চৰকাৰে ৩০ আৰু ৩১ মে’ৰ বাবে সকলো ৰাজ্যিক কাৰ্যালয়ৰ বাবে চৰকাৰী বন্ধ ৰাখে।

আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ…

আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ।

৮ ৰাজ্যৰ ৫৭ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

EVMত বন্দী হ’ব ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।

খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ এই টিপছবোৰ মানি চলক…

ৰন্ধন প্ৰণালী দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য় অংগ হৈ পৰিছ। বহু সময়ত মানুহে খাদ্য ইমানেই ভাল পায় যে প্ৰশংসা কৰিও ভাগৰি নাযায়। কেতিয়াবা এনেকুৱাও হয় যে আমি এটা ভাল ব্যঞ্জন প্ৰস্তুত কৰি আছেঁ কিন্তু তাৰ গোন্ধ ভাল যদিও সোৱাদ ভাল নহয়। আপোনালোকক আজি কম খাদ্যৰ সোৱাদ বঢ়াবলৈ আপুনি কি কি বস্তু সংযোগ কৰিব…


যেতিয়া পকৰা বনাব তেতিয়া তাত অলপ চাট মছলা ছটিয়াই দিব পাৰে, ইয়াৰ ফলত সোৱাদ দুগুণ হ’ব। ইয়াৰ উপৰিও সুস্বাদু হৈ উঠিব আপোনাৰ পকৰা।

যদি আপুনি যিকোনো দৈ শাক বনাই আৰু যদি কোনো সোৱাদ নাই, তেন্তে আপুনি কিছুমান টিপছ মানি চলিব লাগিব যাতে শাকৰ সোৱাদ দুগুণ হয়। আপুনি মনত ৰাখিব লাগিব যে যদি আপুনি দৈৰ যিকোনো খাদ্য বনাইছে তেন্তে তাত আগতে নিমখ নিদিব, দৈ পাতল হৈ পৰে।

খৰখৰীয়া পুৰী খাই সকলোৱে ভাল পায়। ইচ্ছা কৰিলে আটাত অলপ চেমোলিনা দিও বনাব পাৰে। আটাত এচামুচ বা দুচামুচ চেনি মিহলাই লওক। ইয়াৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি হ’ব।

আনহাতে ৰাইতাত আছাফোইটিডা আৰু জিৰা বিশেষভাৱে ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত সোৱাদ বহু পৰিমাণে বৃদ্ধি পায়।

অসম তথা উত্তৰ পূবৰ ভয়াবহ বান পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ…

অসম তথা উত্তৰ পূবৰ ভয়াবহ বান পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উত্তৰ পূবৰ বানাক্ৰান্ত জনসাধাৰণক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷ নিজ দলৰ কৰ্মীসকলকো দুৰ্যোগত আক্ৰান্তসকলক পাৰ্য্যমানে সহায় কৰিবলৈ আহ্বান জনায় সভাপতি গৰাকীয়ে ৷ এক্সত এই সম্পৰ্কত লিখে কংগ্ৰেছ সভাপতি গৰাকীয়ে এইদৰে — “ অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ছিকিমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ অত্যন্ত চিন্তিত। আমি প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ ভ্ৰমণ কৰিব বুলি আশা কৰা নাই, কিন্তু তেওঁ কৰিব পৰা নূন্যতম কামটো হ’ল মণিপুৰ আৰু উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ দুৰ্দশাগ্ৰস্ত জনসাধাৰণক সহায় আগবঢ়োৱা। আপোনজনক হেৰুৱাই পেলোৱা সকলৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে তাৎক্ষণিক সাহায্য প্ৰদান কৰাৰ লগতে উদ্ধাৰ প্ৰচেষ্টা ক্ষিপ্ৰতাৰে কৰিব বুলি আমি আশা কৰোঁ।”

সামাজিক মাধ্যম এক্সত উত্তৰ পূবৰ ক্ষয় ক্ষতিৰ কথা উল্লেখ কৰি মল্লিকাৰ্জুন খাৰ্গেই কয় — “ আনহাতে মণিপুৰত প্ৰায় ২৫ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে। অসমত ২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে। বৰাক উপত্যকাত ভয়াৱহ পৰিস্থিতি মিজোৰামৰ আইজল জিলাত একাধিক ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ প্ৰাণহানি। ত্ৰিপুৰা আৰু ছিকিমতো নিম্নভূমি অঞ্চলত পানী বাঢ়ি অহাৰ লগে লগে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।” কংগ্ৰেছ দলৰ কৰ্মী সকলক আহ্বান জনাই খাৰ্গেই কয়— “ কংগ্ৰেছ কৰ্মীসকলক উদ্ধাৰ আৰু পুনৰ্বাসনৰ কামত সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আৰু দুৰ্দশাগ্ৰস্তসকলক সহায় কৰিবলৈ আহ্বান জনাইছো।”

বি এইচ বি মহাবিদ্যালয়ত মোফাজ্জল হুছেইনৰ বিদায় সভা

বি এইচ বি মহাবিদ্যালয়ৰ উপাধ্যক্ষ আৰু ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক মোফাজ্জল হুছেইনক তেওঁৰ চাকৰি জীৱনৰ অন্তিম দিনটোত সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শুক্ৰবাৰে এখনি সভাৰ আয়োজন কৰা হয়৷ বি এইচ বি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড০ দীপ্তি কলিতাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সবিতা টকবিপিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়ন জ্যোতি দাসে মোফাজ্জল হুছেইনে সুদীৰ্ঘ চাকৰি জীৱনৰ কালছোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ সৰ্বাঙ্গীণ উন্নয়নয়ৰ বাবে আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে আৰু সেই অৱদানৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে। অধ্যক্ষ ডঃ নয়নজ্যোতি দাসে তেওঁক সম্বৰ্দ্ধনা পত্ৰ,শৰাই, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে পেঞ্চন অৰ্ডাৰ (পি পি অ’) প্ৰদান কৰে।

সভাত উপস্থিত থাকি সন্মানীয় শিক্ষকগৰাকীক মহাবিদ্যালয়খনৰ শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ একতা সভাৰ তৰফৰ পৰাও বিভিন্ন উপহাৰ প্ৰদান কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । ফণীধৰ মেচ,ড০ কল্পনা বৈশ্য, নয়নজ্যোতি তালুকদাৰ, প্ৰবোধ কলিতা, ড০ পূৰৱী তালুকদাৰ, প্ৰীতি ৰেখা দত্ত, নৱমণি শইকীয়া, স্বস্তিশ্ৰী শইকীয়া আৰু ডেইজী কলিতাৰ লগতে আন কেইবাজনেও মোফাজ্জল হুছেইনৰ বিভিন্ন গুণ গৰিমা, কতৰ্ব্যনিষ্ঠা আৰু দায়িত্ববোধ সম্পৰ্কে আলোপাত কৰে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰে। মোফাজ্জল হুছেইনে তেওঁৰ চাকৰি জীৱনৰ বহু মিঠা স্মৃতি ৰোমন্থন কৰি সভাস্থলীত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰি সকলোৰে চকু সেমেকাই তোলে। ড০ নমিতা দাসৰ শলাগৰ শৰাইৰে সামৰণি পৰা সভাখনত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ অচ্যুত চন্দ্ৰ দাসৰ লগতে মহাবিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে৷