অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশেষ অনুষ্ঠান
অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বৰ্ণাধ্য কাৰ্যসূচীৰে ৰাজ্যৰ কলা-সংস্কৃতি, সাহিত্য তথা সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অলপতে ঘোষণা কৰা বঁটাসমূহ আজি সসন্মানে প্ৰাপকসকলক প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱ৷৷
আজি বিষ্ণু ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত সমগ্ৰ ৰাজ্য। প্ৰতি বছৰে সমগ্ৰ ৰাজ্যজুৰি ২০ জুনৰ দিনটো বিষ্ণু প্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা হয়।অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ উদ্যোগত আৰু বৰগোলাই শাখা সাহিত্য সভা আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ বৰগোলাইত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। বিষ্ণু ৰাভা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ইয়াৰ পিছতে দিনৰ ১ বজাত মাৰ্ঘেৰিটাৰ বৰগোলাইস্থিত আদৰ্শ হিন্দী মধ্য ইংৰাজী বিদ্যালয়ত মুকলি সভা অনুষ্ঠিত কৰা হয়।মুকলি সভাৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে চিৰ চেনেহী মোৰ ভাষা জননী গীতটি পৰিৱেশন কৰে। মুকলি সভাৰ আঁতধৰে বৰগোলাই শাখা সাহিত্য সভা সাধাৰণ সম্পাদক সমীৰণ বৰঠাকুৰে। মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভা তিনিচুকীয়া জিলা সভাপতি মোহন মৰাণে। মুখ্য অতিথিৰ উপস্থিত থাকে অসমৰ বিশিষ্ট সাহিত্যিক ড০ জগদীশ পাটগিৰি। জগদীশ পাটগিৰিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি ৰাজি সম্পৰ্কে বিস্তৃত ভাৱে আলোকপাত কৰে। মুকলি সভা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে তিনিচুকীয়া জিলাৰ উপঃসভাপতি দীপেন কুমাৰ বড়াই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক তথা উপন্যাসীক ড০ ৰঞ্জিত কুমাৰ দত্ত। মুকলি সভাতে ইলা বৰা শইকীয়াৰ দুখনি কাব্য গ্ৰন্থ উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সাহিত্য সভা বহু সংখ্যক কৰ্মকতা তথা জিলাখনৰ অন্তৰ্গত বহু কেইখন শাখা সাহিত্য সভাৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ মুকলি সভাত উপস্থিত থাকে।