Home Blog Page 763

কাইলৈ পৰা আৰম্ভ মহা অম্বুবাচী! দেশী বিদেশী ভক্তৰে ভীৰ কৰিছে নীলাচলৰ বুকু…

উখল-মাখল নীলাচলৰ বুকু। কাইলৈ পৰা আৰম্ভ মহা অম্বুবাচী। কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি।দেশী বিদেশী ভক্তৰে ভীৰ কৰিছে নীলাচলৰ বুকু।এইবাৰ অম্বুবাচীত নাথাকে কোনো VIP পাছৰ ব্যৱস্থা। ২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি।

উল্লেখ্য অম্বুবাচী মেলা উপলক্ষ্যে কামাখ্যা নতুন অভাৰব্ৰীজৰ কাষতে ভক্তই থব লাগিব জোতা-চেণ্ডেল।সন্ধিয়া ৮ বজাৰ পিছত মূল পথ বন্ধ কৰা হ’ব। কামাখ্যা নতুন পথৰে ৯ বজালৈকে ভক্তই আহিব পাৰিব । নিদিষ্ট কৰি দিয়া স্থানত পানীৰ ব্যৱস্থা কৰা হ’ব।যথেষ্ট সংখ্যক ভ্ৰাম্যমাণ টয়লেট থাকিব। এইবাৰৰ অম্বুবাচী মেলাত কোনো ধৰনৰ ভিআইপি পাছ নাথাকিব ।কোনো লোকে গাড়ী লৈ ওপৰলৈ আহিব নোৱাৰিব ।কামাখ্যা ষ্টেচনত আৰু পাণ্ডু ঘাটত থাকিব বিশেষ শিবিৰ।

আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে! শত্ৰুঘ্ন সিনহাই একমাত্ৰ কন্যা সোণাক্ষী বিবাহ সন্দৰ্ভত নীৰৱতা ভংগ কৰিছে…

বলীউডৰ লেডী দাবাং সোণাক্ষী সিনহাৰ বিয়াৰ খবৰ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিছে। বিয়াৰ তাৰিখো তেওঁৰ অনুৰাগীসকলৰ মাজত ভাইৰেল হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ২৩ জুনত সোণাক্ষীয়ে তেওঁৰ কথিত প্ৰেমিক আৰু অভিনেতা জাহীৰ ইকবালক বিয়া কৰাব৷ জাহীৰ ইকবালক বলীউড তাৰকা ছলমান খানৰ ঘনিষ্ঠ বুলিজ নাযায়।শেহতীয়াকৈ শত্ৰুঘ্ন সিনহাই একমাত্ৰ কন্যা সোণাক্ষী সিনহাৰ বিবাহ সন্দৰ্ভত তেওঁৰ নীৰৱতা ভংগ কৰিছে। তাৰকা কন্যা সোণাক্ষী সিনহা আৰু তেওঁৰ কথিত প্ৰেমিক জাহীৰ ইকবালৰ বিবাহৰ খবৰত মৌন নাথাকি শত্ৰুঘ্ন সিনহাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।শত্ৰুঘ্ন সিনহাই কৈছে যে আজিকালিৰ ল’ৰা-ছোৱালীয়ে বিয়া পাতিবলৈ প্ৰশ্ন নোসোধে, বৰঞ্চ তেওঁলোকে জনাইহে।

তেওঁ লগতে কয় যে তেওঁ জীয়েকৰ বিয়াৰ বিষয়ে একো নাজানে। উল্লেখ্য যে, শত্ৰুঘ্ন সিনহা সম্প্ৰতি দিল্লীত আছে। শত্ৰুঘ্ন সিনহাই এটা সাক্ষাৎকাৰত কৈছে, “চাওক মই এতিয়া দিল্লীত আছো, নিৰ্বাচনৰ ফলাফলৰ পিচৰে পৰা মই ইয়াত আছো, মই সংবাদমাধ্যমৰ প্ৰতিবেদনৰ পৰাহে জানিব পাৰিছো যে সোণাক্ষীৰ বিয়া৷ যেতিয়া মই মোৰ ছোৱালীৰ সৈতে কথা পাতিম, তেতিয়াহে মই কিবা জানিব পাৰিম আৰু মই বিচাৰো যে মোৰ ছোৱালীয়ে তাই বিচৰা সকলো সুখ পাওক৷ মোৰ ছোৱালীয়ে কেতিয়াও ভুলসিদ্ধান্ত নলয়। যেতিয়া মোৰ ছোৱালীৰ বিয়া হ’ব, মই তাইৰ বৰযাত্ৰীৰ সন্মুখত নাচিম।”সোণাক্ষী আৰু জাহীৰে দীৰ্ঘদিন ধৰি ইজনে সিজনক ডেট কৰি আহিছে আৰু তেওঁলোকক প্ৰায়ে একেলগে বিভিন্ন পাৰ্টীত উপস্থিত হোৱা দেখা যায়৷ তেওঁলোক দুয়ো সামাজিক মাধ্যমতো অতি সক্ৰিয়।

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত কাৰাবন্দী কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি…

দিল্লী আবকাৰী কেলেংকাৰী গোচৰৰ অভিযুক্ত মুখ্যমন্ত্ৰী কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছে ৰাউজ এভিনিউ আদালতে। কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধিৰ নিৰ্দেশ দিছে ন্যায়াধীশ ন্যায় বিন্দুৱে।ইয়াৰ উপৰিও কেজৰিৱালৰ নিয়মীয়া জামিন আবেদনৰ শুনানি ২০জুনতো আদালতে অব্যাহত ৰাখিব।কেজৰিৱালৰ ন্যায়িক জিম্মা শেষ হৈছিল, তাৰ পিচত তেওঁ কভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰা হৈছিল।ইয়াৰ পূৰ্বে ৫ জুনত কেজৰিৱালৰ ৭ দিনীয়া অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল আদালতে।

আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনক কেজৰিৱালৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল।ৰায়দানৰ সময়ত কেজৰিৱালৰ অধিবক্তাই তেওঁৰ স্বাস্থ্যকলৈ উদ্বেগ প্ৰকাশ কৰিছিল।তেতিয়া আদালতে কৈছিল যে যেতিয়াই আপোনাৰ কোনো স্বাস্থ্যজনিত চিন্তা হয় তেতিয়াই আপুনি আদালতক অৱগত কৰিব পাৰে।কেজৰিৱালৰ নিয়মীয়া জামিন আবেদন সন্দৰ্ভত শুনানিৰ সময়ত কেজৰিৱালৰ হৈ হাজিৰ হোৱা অধিবক্তা বিক্ৰম চৌধুৰীয়ে কয় যে কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু বন্দিত্বক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছে।উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ তথ্য দি চৌধুৰীয়ে কয় যে লোক সভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে কেজৰিৱালে নিয়মীয়া জামিনৰ বাবে নিম্ন আদালতত আবেদন দাখিল কৰিব পাৰে।বিক্ৰম চৌধুৰী য়ে কয় যে এই গোচৰত ইডিয়ে ২০২২ চনৰ ২৭ আগষ্টত ইচিআইআৰ পঞ্জীয়ন কৰিছিল আৰু ২০২৪ চনত কেজৰিৱাল গ্ৰেপ্তাৰ হৈছিল।ধন সৰবৰাহ আইনৰ অধীনত আৰু বহু কেইটা গোচৰ তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে।আদালতত বহু অভিযোগ নামা দাখিল কৰা হৈছিল আৰু ইয়াৰে কোনো এটাতে কেজৰিৱালক অভিযুক্ত কৰা হোৱা নাছিল।আনকি চিবিআইয়ে পঞ্জীয়ন কৰা এফআইআৰতো কেজৰিৱালক এতিয়ালৈকে অভিযুক্ত কৰা হোৱা নাই।এই বিষয়ত চিবিআইয়ে ২০২২চনৰ ১৭ আগষ্টত গোচৰ ৰুজু কৰিছিল।উল্লেখ্যযে অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আৱেদন আদালতে ইতিমধ্যে নাকচ কৰিছে।৭ জুনত শুনানিৰ সময়ত ইডিয়ে অৰবিন্দ কেজৰিৱালৰ নিয়মীয়া জামিন আবেদনৰ বিৰোধিতা কৰিছিল।

শুনানিৰ সময়ত কেজৰিৱালৰ হৈ হাজিৰ হোৱা অধিবক্তা এন হৰিহৰণে কৈছিল যে কিছুদিনৰ আগতে ইডিৰ উত্তৰৰ প্ৰতিলিপি আমি পাইছো, এই পদ্ধতিত আমাৰ আপত্তি আছে।ইডিৰ এই পদ্ধতিৰ ওপৰতো আদালতে আপত্তি কৰিছিল, তেতিয়াৰ অতিৰিক্ত চ’লিছিটৰ জেনেৰেল এছভিৰাজুৱে ইডিৰ পক্ষে হাজিৰ হৈ কৈছিল যে কেজৰিৱালৰ বাহিৰেও বহুগোচৰ আছে, যিবোৰ চাব লাগিব।তেতিয়া এনহৰিহৰণে এইবিষয়টো কেৱল গ্ৰীষ্মকালীন ছুটীৰ সময়ত শুনাবলৈ দাবী কৰিছিল।যোৱা ৩০ মে’ত কেজৰিৱালৰ অন্তৱৰ্তীকালীন আৰু নিয়মীয়া জামিন আবেদনৰ শুনানিৰ সময়ত আদালতে ইডিক জাননী জাৰি কৰিছিল।যোৱা ২৯মে’ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ ৭দিনীয়া অন্তৱৰ্তীকালীন জামিন আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰকৰিছিল, যিহেতু কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত ইতিমধ্যে সংৰক্ষিত হৈ আছে।গতিকে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ আবেদনৰ মূল আৱেদনৰ লগত কোনো সম্পৰ্ক নাই।আপোনালোকক কওঁ যে ১০মে’ত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক ১জুনলৈকে অন্তৱৰ্তীকালীন জামিন দি ২জুনত আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল।২ জুনত আত্মসমৰ্পণ কৰিছিল কেজৰিৱালে।

আজি জামিন লাভ নকৰে অৰবিন্দ কেজৰিৱালে!

অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ।

কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED।

আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল।

দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।

দুখতে নহয়, সুখতো শুনা যায় সংগীত! আজি বিশ্ব সংগীত দিৱস…

মানসিক সু-স্বাস্থ্যৰ বাবে সংগীত এক মহৌষধ।

আজি বিশ্ব সংগীত দিৱস।

২১ জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব সংগীত দিৱস পালন কৰা হয়।

যিটো দিন কেৱল সংগীত জগতৰ মানুহৰ বাবেই নহয় সংগীতপ্ৰেমী সকলৰ বাবেও এক অতি বিশেষ দিন।

সংগীতৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে মানুহক একত্ৰিত কৰাৰ লগতে সাংস্কৃতিক বিনিময়ক প্ৰসাৰিত কৰাৰ সুযোগ প্ৰদান কৰি সংগীতপ্ৰেমীসকলৰ বাবে বিশ্ব সংগীত দিৱস এক গুৰুত্বপূৰ্ণ দিন।

আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ-৮ অভিযান আৰম্ভ কৰিলে ভাৰতে…

আশা কৰা মতেই ভাৰতে আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে। স্ক’ৰব’ৰ্ডত ডাঙৰ ৰান নথকাৰ পাছতো ৰোহিত বাহিনীয়ে মূলতঃ বুমৰাহৰ দমনীয় বলিং শক্তিৰে আফগানিস্তানৰ বেটিঙক চাপত ৰাখি সহজ জয় কাঢ়ি আনে৷
টছত জয়ী হৈ ৰোহিত শৰ্মাই বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু মেচখনৰ তৃতীয় অভাৰৰ পঞ্চম বলত যেতিয়া তেওঁ আউট (৮) হৈছিল, তেতিয়া স্ক’ৰব’ৰ্ডত আছিল মাত্ৰ ১১ ৰান। ধাৰণা হৈছিল প্ৰথমে বেটিং নকৰাটোৱেই ভাল আছিল! কিন্তু পন্থে আহি খৰধৰকৈ খেলখন ঘূৰাবলৈ আৰম্ভ কৰিলে।

আই পি এলত প্ৰচুৰ ৰান সংগ্ৰহ কৰিলেও বিৰাট কোহলীয়ে এই প্ৰতিযোগিতাত এতিয়াও ৰান কৰিব পৰা নাই। ছুপাৰ এইটৰ মেচ আৰম্ভ হোৱাৰ লগে লগে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। এই বিশ্বকাপত তেওঁৰ বেটৰ পৰা এই খেলখনত প্ৰথম ছয়টো পোৱা গ’ল। কিন্তু শেষত ২৪ ৰান কৰি লং অফত উঠাই মাৰিবলৈ গৈ ধৰা পৰে। কোহলীৰ ষ্ট্ৰাইৰ ৰেটো আছিল এশ শতাংশ।

কোন হয় চিনিব পাৰিছে নে? আজি তেওঁলোকৰ বিবাহ বাৰ্ষিকী…

আজি মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ বিবাহ বাৰ্ষিকী।

আজিৰ দিনটোতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।

বিবাহ বাৰ্ষিকী উপলক্ষে মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কেইখন মান ফটোঃ

বৰ্তমান তেওঁলোক তিনিটি সন্তানৰ পিতৃ-মাতৃ।

গুৱাহাটীত নিৰ্মাণ হব জ্যোতি বিষ্ণু সংস্কৃতিক প্ৰকল্প…

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে আয়োজন কৰা বিষ্ণু ৰাভা দিৱসত বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনলৈ আজান পীৰ বঁটা প্ৰদান কৰে ।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিয়লি কলিবাৰীত কলাগুৰু বিষ্ণু ৰাভাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এইবেলি তেজপুৰত অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ২০২৪ বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে গুৱাহাটীত জ্যোতি বিষ্ণু সংস্কৃতিক প্ৰকল্প নিৰ্মান কৰা হ’ব য’ত ৫ হাজাৰ আসন থাকিব আৰু ১ হাজাৰ গাড়ীৰ পাৰ্কিং ব্যৱস্থা ৰখা হ’ব । তেওঁ কয় যে কলাগুৰুৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বতে ৫০ লাখ টকা আগবঢ়াইছিল আৰু আজি সমাধি ক্ষেত্ৰত সমন্বয় ক্ষেত্ৰলৈ পৰিগণিত হৈছে আজি এই সমন্বয় ক্ষেত্ৰলৈ ১ কোটি টকাৰ অনুদান ঘোষণা কৰে । তেওঁ শোণিতপুৰ জিলা আয়ুক্তক সমাধি ক্ষেত্ৰৰ পৰা কলীয়া ভোমোৰা দলংলৈ এক সুন্দৰ নৈসৰ্গিক শোভা বৰ্ধন কৰা পথ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগে কলা – সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগোৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই । তেজপুৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হৈছে আজান পীৰ বঁটা ২০২৩ বৰ্ষৰ আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা , অমলপ্ৰভা দাস বঁটা বিশিষ্ট শিক্ষয়িত্ৰী-শিল্পী বন্দনা দত্তক, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা বিশিষ্ট সমাজসেৱীকা ডঃ সুনীতা চাংকাকতিক, গণেশ গগৈ বঁটা বিশিষ্ট কবি আনিছ উজ জামান, মামণি ৰয়ছম গোস্বামী বঁটা বিশিষ্ট সাহিত্যিক ডঃ কৰৱী ডেকা হাজৰিকা,চৈয়দ আব্দুল মালিক বঁটা বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা,আহমদ আলি বাঁশকান্দি বঁটা বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়ো,গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা বিশিষ্ট সংগীত শিল্পী শাস্বতি ভট্টাচাৰ্য আৰু ২০২৪ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা বিশিষ্ট সাহিত্যিক সমাজসেৱী জীৱেশ্বৰ মৰাণক একেলগে প্ৰদান কৰে ।

মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল!

আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল।

সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন।

১ লাখ টকা বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ।

কঁকালৰ বিষত ভুগিছে নেকি? এই তিনিটা যোগ আসন কৰক…

কঁকালৰ বিষ আজি এক সাধাৰণ সমস্যাত পৰিণত হৈছে। অফিচত ঘণ্টাৰ পিছত ঘণ্টা বহি থকা বা গোটেই দিনটো ঘৰৰ কামত ব্যস্ত থাকিলেও কঁকালৰ বিষ যিকোনো সময়তে হ’ব পাৰে। এই বিষে আপোনাৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলোৱাই নহয়, আপোনাৰ টোপনি আৰু স্মৃতি শক্তিও নষ্ট কৰিব পাৰে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। ঔষধৰ বাহিৰেও কঁকালৰ বিষৰ পৰা উপশম পাবলৈ যোগাসনে যথেষ্ট।যোগাসন কেৱল আপোনাৰ মানসিক স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, কঁকালৰ বিষ কমোৱাতো অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

কিছুমান সহজ যোগাসনৰ আসনে পিঠিৰ পেশীবোৰ শক্তিশালী কৰে। ইয়াৰ ফলত কঁকালৰ বিষ কম হোৱাই নহয়, পুনৰ বিষ হোৱাৰ সম্ভাৱনাও কমি যায়। কঁকাল বিষৰ বাবে মাৰ্জাৰিয়াসন, বালাসন, তললৈ মুখ কৰি উশাহ লোৱাৰ ভংগীমা এই তিনিটা যোগ আসন কৰিব পাৰে।

এই আসনবোৰৰ বাহিৰেও আৰু বহুতো যোগ আসন আছে যিবোৰে কঁকালৰ বিষৰ পৰা সকাহ দিয়াত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। অৱশ্যে যোগাসন আৰম্ভ কৰাৰ আগতে যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লোৱাটো জৰুৰী। আপোনাৰ শাৰীৰিক অৱস্থা বিবেচনা কৰি তেওঁ আপোনাৰ বাবে উপযুক্ত আসনৰ পৰামৰ্শ দিব পাৰে।