Home Blog Page 762

অসম আৰক্ষীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন…

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।

অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ যোগাভ্যাস।

দামী ছানস্ক্ৰীণ নহয়! তিয়হৰ ৰসে ৰ’দত পোৰা দাগ আঁতৰাই পেলাব! কেনেকৈ ব্যৱহাৰ কৰিব…

গ্ৰীষ্মকালত তিয়হে ৰ’দৰ পৰা হোৱা ছালৰ বিষ কমোৱাত সহায় কৰে। অৱশ্যে কেৱল বাহ্যিকভাৱে ঘঁহিলেই নহয়, তিয়হ খোৱাতো বহু উপকাৰ পোৱা যায়। তিয়হত থকা খনিজ পদাৰ্থ, এমিনো এচিডে ছালক ধুনীয়া কৰে। কিন্তু বহুতে হয়তো নাজানে, তিয়হৰ ৰসে প্ৰাকৃতিক ছানস্ক্ৰীণ হিচাপে কাম কৰে।ৰ’দৰ পৰা ছালৰ ক্ষতি ৰোধ কৰিবলৈ তিয়হৰ ৰস কেনেকৈ ব্যৱহাৰ কৰিব-

১)ছাল তেলীয়া হ’লে তিয়হৰ টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে তিয়হ খিনি ধুই বাকলি গুচাই লওক। তাৰ পিছত সৰু সৰুকৈ কাটি লওক। ইচ্ছা কৰিলে গৰম পানীত ভাপত দিব পাৰে। এইবাৰ ব্লেণ্ডাৰত থৈ মিহি পেষ্ট বনাওক। তিয়হৰ ৰসখিনি পৰিষ্কাৰ ষ্ট্ৰেইনাৰৰ জৰিয়তে চেকি লওক। স্পষ্ট স্প্ৰে বটলত ভৰাই ফ্ৰীজত ৰাখিব পাৰি। বাহিৰৰ পৰা উভতি অহাৰ পিছত ফেচ ৱাশ্বেৰে মুখখন ধুই তিয়হৰ ৰস স্প্ৰে কৰিব।

২)ছাল বেছি তেলীয়াও নহয় আৰু বেছি শুকানও নহয়। এই ক্ষেত্ৰত এলোভেৰাৰ জেল তিয়হৰ সৈতে মিহলাই মুখত লগাব। এইবাৰ ৰ’দত পোৰা অংশত ১০ৰ পৰা ১৫ মিনিট লগাব লাগে। ইয়াৰ পিছত পানীৰে ধুব। নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ৰ’দত পোৰা দাগ আঁতৰি যাব।

৩) যদি আপোনাৰ ছাল শুকান হয় তেন্তে তিয়হৰ ৰসৰ লগত কিছু মৌ মিহলাই লব পাৰে। সকলো উপাদান একেলগে মিহলাই পোন্ধৰ মিনিটৰ বাবে মুখ, হাত, ডিঙিত লগাব। ইয়াৰ পিছত মৃদু ফেচ ৱাশ্বেৰে মুখখন ধুব। ৰ’দত পোৰা নাইকিয়া হৈ যাব। মুখখন ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ লগাব লাগে।

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ…

গুৱাহাটী লোকসভা নিৰ্বাচনৰ পূৰ্বেই মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত চৰকাৰী কৰ্মচাৰীসকল যথেষ্ট সুখী।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪৬ শতাংশ হাৰত ডি এ লাভ কৰিছিল। কিন্তু চাৰি শতাংশ বৃদ্ধি পাই ই ৫০ শতাংশত উপনীত হয়। নিয়ম অনুসৰি যেতিয়া ডিয়াৰনেছ এলাৱেন্সৰ হাৰ পঞ্চাশ শতাংশ হয় তেতিয়াহে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিব লগা হয়।

কেন্দ্ৰীয় বাজেট ১ মাহৰ পিছত দাখিল কৰিব পাৰে। কিন্তু তাৰ আগতে নেচনেল কাউন্সিল (ষ্টাফ চাইড, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে যুটীয়া পৰামৰ্শদাতা সমিতি)ৰ সম্পাদক শিৱ গোপাল মিশ্ৰই অষ্টম দৰমহা আয়োগৰ গঠন সন্দৰ্ভত কেবিনেট সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। তাতেই চৰকাৰক অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ দিছে।

ধিঙত দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধিঙতো আজি দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । আৰোগ্য যোগ কেন্দ্ৰ ধিঙৰ উদ্যোগত আৰু ধিং মহাবিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় এই দিৱস।

এই যোগ দিৱসত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে ধিং পৌৰসভা , ধিং প্ৰেছ ক্লাৱ, ধিং আৰক্ষী থানাৰ ওপৰিও ধিঙৰ বহুকেইটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেও অংশ গ্ৰহণ কৰে । আজিৰ এই আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত আৰোগ্য যোগ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলে সুন্দৰ যোগৰ কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হয় ।

ভাগ্যৱান কোন, কৰণ নে বিপাশা? বিপাশাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দুই অভিনেত্ৰীৰ সৈতে বিবাহ বিচ্ছেদৰ কাৰণ ব্যক্ত কৰণ সিং গ্ৰ’ভাৰৰ…

বিপাশাক বিয়া কৰাৰ পূৰ্বে অভিনেতা কৰণ সিং গ্ৰ’ভাৰ দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। দুয়োবাৰে তেওঁ বিবাহ বিচ্ছেদ হ’ল। বৰ্তমান ২০২১ চনত কৰণ-বিপাশাৰ কন্যা দেৱীৰ জন্ম হয়। তিনিজনীয়া এটা সুখী পৰিয়াল। অৱশ্যে বিপাশা-কৰণৰ বিবাহ বৰ সহজ নাছিল। প্ৰথমতে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে নিজৰ মতামত দিব বিচৰা নাছিল। কাৰণ আছিল কৰণৰ পূৰ্বৰ বৈবাহিক ইতিহাস। বিপাশাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে অভিনেতাগৰাকীয়ে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। দুবাৰকৈ বিবাহ বিচ্ছেদ হৈছে কৰণৰ। কৰণ সেই সময়ত টেলিভিছনত জনপ্ৰিয় আছিল।

২০০৮ চনত অভিনন্তী শ্ৰদ্ধা নিগমৰ সৈতে কৰণ বিবাহপাশত আবদ্ধ হয়। ১০ মাহৰ পিছত বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কৰণ সিং গ্ৰ’ভাৰ। কিন্তু সেই বিয়াও দুবছৰৰ পাছত ভাঙি গ’ল। অৱশেষত ‘এল’ন’ ছবিখনত বিপাশাৰ সৈতে লগ হ’ল কৰণ। ইয়াৰ পিছতে প্ৰেম। ২০১৬ চনত কৰণ-বিপাশাৰ বিয়া হয়।

বিপাশাক বিয়া কৰাওঁতে কৰণে কটুক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাৰণ আছিল তেওঁৰ অতীত। অৱশ্যে পূৰ্বৰ দুই ভাঙি যোৱা বিবাহৰ অভিজ্ঞতাৰ বিষয়ে অভিনেতাগৰাকীয়ে কেতিয়াও মুকলিকৈ কোৱা নাই।অৱশ্যে কৰণে স্বীকাৰ কৰে যে বিপাশা জীৱনলৈ অহাৰ পিছত তেওঁৰ বহু পৰিৱৰ্তন হৈছে। বিপাশা তেওঁৰ জীৱনলৈ অহাৰ পিছত তেওঁৰ জীৱনশৈলীৰ আমূল পৰিৱৰ্তন ঘটিছে বুলি অভিনেতা গৰাকীয়ে কয়। তেওঁ এতিয়া সূৰ্য্য উদয়ৰ লগতে সূৰ্যাস্তও দেখিছে। কৰণৰ জীৱন এতিয়া অনুশাসনত বান্ধ খাইছে।

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ…

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ।

বিয়লি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব দুয়োৰে অন্ত্যেষ্টিক্ৰিয়া।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত IPS বিষয়াগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

ৰিলায়েঞ্চ জিঅ’ৰ আন এক সাফল্য…

ৰিলায়েঞ্চ জিঅ’ৰ আন এক সাফল্য। অসমত ৰিলায়েঞ্চ জিঅ’ৰ ব্ৰড বেণ্ড ছাবস্ক্ৰাইবাৰৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিলে। ৰাজ্যত ২ লক্ষাধিক লোকে সুন্দৰভাৱে উপভোগ কৰিছে Jio Broad band আৰু Entertainment সেৱা। এপ্ৰিল ২০২৪ৰ বাবে এই তথ্য সদৰি কৰিছে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই। জিঅ’ৰ প্ৰতি গ্ৰাহকৰ বাঢ়ি অহা সমাদৰে অসম টেলিকম বজাৰত জিঅ’ক প্ৰভাৱশালী কৰি তুলিছে। এপ্ৰিল ২০২৪লৈ অসমত জিঅ’ৰ এই সেৱাৰ গ্ৰাহক হৈছে ২০৩,৪৭৬। ইয়াৰ জৰিয়তে জিঅ’ই অসমত ঘৰুৱা ব্ৰড বেণ্ড বজাৰত ৬১.৩ শতাংশ মাৰ্কেট শ্বেয়াৰ দখল কৰি বিশেষ আধিপত্য বিস্তাৰ কৰিছে।


অসমত ৰিলায়েঞ্চ জিঅ’ৰ বৃহৎ সাফল্য, জিঅ’ৰ ব্ৰডবেণ্ড ছাবস্ক্ৰাইবাৰৰ সংখ্যা ২ লাখ অতিক্ৰম
জিঅ’ই সমগ্ৰ দেশজুৰি নিজৰ সেৱা শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০২৪ চনৰ এপ্ৰিল মাহতে ৩৫৫,৯১৫ জন নতুন গ্ৰাহক সংযোজন কৰিছে জিঅ’ই।

কি চৰ্তত জামিন পাইছিল কেজৰিৱালে, বিপদে লগ এৰা নাই কেজৰিৱালক!


উচ্চ ন্যায়ালয়ত ন্যায়াধীশ সুধীৰ জৈনৰ বিচাৰপীঠে এই গোচৰত শুনানি গ্ৰহণ কৰি আছে। গতিকে অৰবিন্দ কেজৰিৱালে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। উচ্চ ন্যায়ালয়ৰ জামিনৰ পাছতেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব কেজৰিৱাল।

বিপদে লগ এৰা নাই কেজৰিৱালৰ!

দুৰ্ভাগ্যই লগ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে কেজৰিৱালক জামিন প্ৰদান কৰাৰ লগে লগে আজি এই আদেশত স্থগিতাদেশ জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে জামিন লাভ কৰাৰ পাছতেই ইয়াৰ বিৰোধিতা কৰি ইডি কাষ চাপে উচ্চ ন্যায়ালয়ৰ । ইডিয়ে দাখিল কৰা আবেদনত শুনানি গ্ৰহণ কৰি নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। গতিকে পৰৱৰ্তী শুনানি পৰ্যন্ত জেলৰ পৰা বাহিৰত আহিব নোৱাৰিব অৰবিন্দ কেজৰিৱাল।

কি চৰ্তত জামিন পাইছিল কেজৰিৱালে-

1)আদালতৰ অনুমতি অবিহনে অৰবিন্দ কেজৰিৱালে দেশৰ পৰা বাহিৰত যাব নোৱাৰে।

2)১ লাখ টকা জামিন বণ্ড দিব লাগিব।

3)যেতিয়াই চমন জাৰি কৰে তেতিয়াই তদন্তৰ বাবে তদন্তকাৰী সংস্থাৰ ওচৰত হাজিৰ হব লাগিব।

4)প্ৰমাণৰ লগত খেলি- মেলি কৰিব নোৱাৰিব।

5)কোনো সাক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব।

6)গোচৰৰ লগত জড়িত কোনো ফাইলৰ খেলি- মেলি কৰিব নোৱাৰিব।

মহম্মদ ছামী আৰু ছানিয়া মিৰ্জাই দুয়োজনে ইজনে সিজনক বিয়া কৰোৱাৰ জল্পনা-কল্পনা যথেষ্ট দিনৰ পৰাই প্ৰচাৰ হৈ আছে।

মহম্মদ ছামী আৰু ছানিয়া মিৰ্জাই নিজৰ ক্ৰীড়া জীৱনত বহু সফলতা লাভ কৰিছে। কিন্তু ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ ব্যক্তিগত জীৱনহে মাথোঁ কণ্টকময়। এজন ভাৰতীয় টেনিছ জগতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ, আনজন ভাৰতীয় ক্ৰিকেটৰ চেম্পিয়ন বলাৰ। কিন্তু তেওঁলোকৰ কোনো এজনৰ বিবাহ সম্পৰ্ক স্থায়ী নহ’ল। কিন্তু এতিয়া দুয়োজনে ইজনে সিজনক বিয়া কৰোৱাৰ জল্পনা-কল্পনা যথেষ্ট দিনৰ পৰাই প্ৰচাৰ হৈ আছে।


হাছিন জাহানৰ পত্নীয়ে মহম্মদ শ্বামীৰ বিৰুদ্ধে অভিযোগ এতিয়াও বন্ধ কৰা নাই। বৰ্তমান তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰো বিচাৰাধীন হৈ আছে। ইফালে চলিত বৰ্ষৰ আৰম্ভণিতে শোয়েইব মালিকৰ তৃতীয় বিবাহৰ খবৰ শুনা গ’ল যে ছানিয়াই তেওঁক বিবাহ বিচ্ছেদ দিছে। এতিয়া গোটেই ছ’চিয়েল মিডিয়াত হঠাৎ হুলস্থুলৰ সৃষ্টি হৈছে যে ছানিয়া আৰু শ্বামীয়ে ইজনে সিজনক বিয়া কৰাইছে! এই কথা শুনি ক্ষুব্ধ হৈ পৰে টেনিছ তাৰকাগৰাকীৰ পৰিয়াল।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত ছানিয়াৰ পিতৃ ইমৰাণ মিৰ্জাই কয় যে, “যি বাতৰি প্ৰচাৰ হৈছে সেয়া সম্পূৰ্ণ অসত্য আৰু ভুল। বিয়া হোৱাটো বহু দূৰৈৰ কথা, শ্বামীয়ে কেতিয়াও ছানিয়াকো লগ পোৱা নাই।” লগতে ইমৰাণ মিৰ্জাই এনে ভুল খবৰৰ বিষয়ে আলোচনা নকৰিবলৈ অনুৰোধ জনায়।

ভাৰতীয় টেনিছ তাৰকা তথা প্ৰাক্তন পাকিস্তানী ক্ৰিকেট তাৰকাগৰাকী ২০১০ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰ ইজান মিৰ্জা মালিকৰ জন্ম হৈছিল ২০১৮ চনৰ অক্টোবৰ মাহত। বৰ্তমান তেওঁ ছানিয়াৰ সৈতে আছে। তেওঁৰ গোটেই পৃথিৱীখন এতিয়া তেওঁৰ পুত্ৰৰ আশে-পাশে ঘূৰি আছে। কিন্তু টেনিছ খেলিব নোৱাৰিলেও ছানিয়া টেনিছৰ বহু দূৰত নাই। তেওঁক ফ্ৰেন্স অ’পেনৰ বিশেষজ্ঞ হিচাপে দেখা যায়।

অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনৰ কাৰ্যালয়ত বিলাসী শোৱনি কোঠা! সকলোবোৰ সামগ্ৰী বিদেশৰ আমদানিকৃত…

শেহতীয়াভাৱে অনুষ্ঠিত অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত শাসন ক্ষমতাৰ পৰা বিতাড়িত হৈছে ৱাইএছ জগন ৰেড্ডী।নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে।চন্দ্ৰবাবুৱে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণৰ পিচতে পোহৰলৈ আহিছে জগনৰ বিলাসিতাৰ এক আশ্চৰ্যকৰ ছবি।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে জগনে জনসাধাৰণৰ প্ৰতি যিমান মনোযোগ দিব লাগিছিল, তাতকৈ যে নিজৰ লাহ-বিলাহৰ বাবে অধিক ব্যস্ত হৈ আছিল সেই কথা প্ৰকাশ পাইছে তেওঁৰ কাৰ্যালয়টোৰ ভিতৰত থকা এটা শোৱনি কোঠাৰ সাজসজ্জা আৰু তাত ব্যৱহৃত সামগ্ৰীৰ পৰা।

অতি অত্যাধুনিক আৰু ব্যবহুল সামগ্ৰীৰে সজ্জিত এই শোৱনি কোঠাটোত ব্যৱহৃত সামগ্ৰীৰ মূল্যই সকলোৰে চকু কপালত তুলিব। জগনৰ কেম্প অফিচৰ বাবে বিশাখাপট্টনমৰ ৰুশিকোণ্ডাত নিৰ্মাণ কৰা এই প্ৰাসাদটোৰ বাবেচৰকাৰী পুঁজিৰ পৰা কৰা ব্যয়ৰ কথা জানিলে সকলোৱে আচৰিত হৈ উঠিব।কিয়নো এই প্ৰাসাদটোৰ সাজসজ্জা আৰু আচবাবৰ সামগ্ৰীৰ মূল্যৰ বিষয়ে যদি আপুনি জানে, তেন্তে আপোনাৰো চকু থৰ লাগিব।

বিচনাৰ পৰা আৰম্ভ কৰি মুখধোৱা বেচিন, বাথটাব, শৌচাগাৰৰ কমোড আৰু খিৰিকীৰ বাবে ব্যৱহৃত পৰ্দা, মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা- এই সকলোবোৰ বিদেশৰ আমদানিকৃত। আনকি শৌচালয়ৰ দেৱালত ব্যৱহৃত চাদৰবোৰো বিদেশী।তেওঁ এই প্ৰাসাদোপম শোৱনিকোঠাটো ইমান আড়ম্বৰপূৰ্ণভাৱে নিৰ্মাণ কৰিছে, যাতে প্ৰতিটো পদক্ষেপতে ৰাজকীয়তা ভৰি থাকে।কিন্তু জগনক জনসাধাৰণে নাকচ কৰি ঘৰৰ মানুহ ঘৰলৈ পঠিয়াই দিয়াৰ পিচতে ৰুশিকোণ্ডাৰ এই ৰহস্য ফাদিল হৈছে।যিবোৰ প্ৰত্যক্ষ কৰি এতিয়া ধনীতকৈ ধনীলোক সকলো আচৰিত হৈ পৰিছে। ৰুশিকোণ্ডাত নিৰ্মাণ কৰা অট্টালিকাসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে বিজয়নগৰ ব্লক নামৰ তিনিটা অট্টালিকা নিৰ্মাণ কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ বাসগৃহত শোৱনিকোঠাটোৰ খৰচৰ কথা শুনি আপুনিও হতবাক হ’ব। কোঠাটো পাতল সোণৰ ৰঙেৰে জিলিকিবলৈ বিশেষ কাৰু শিল্পস্থাপন কৰা হৈছে। কোঠাটোৰ মজিয়াৰ বাবে গ্ৰেনাইট বিশেষভাৱে ইউৰোপৰ পৰা অনা হৈছিল।তাত মাৰ্বলৰ সৈতে এটা বিশেষ ডিজাইন খোদিত কৰা হৈছে।তাত ব্যৱহৃত বিচনা, গাদী, চকী আৰু মেজবোৰ বিদেশৰ পৰা অনা হৈছিল।কোঠাটোত বায়’মেট্ৰিকভাৱে সক্ষম ৱাৰ্ডৰ’ব স্থাপন কৰা হৈছে।তাত বিলাসী স্পা আৰু শৌচালয়ো আছে। আনহাতে, শৌচালয়ৰ কমোডটো জাপানৰ। সাধাৰণতে কেৱল অতি ধনী লোক সকলেহে এনে বস্তু ক্ৰয় কৰে।ইয়াৰে প্ৰতিটোৰে মূল্য ১৫লাখ টকালৈকে হ’ব বুলি অনুমান কৰা হৈছে।ৰুশিকোণ্ডাৰ অট্টালিকাসমূহৰ বাবে ব্যৱহৃত গ্ৰেনাইট আৰু মাৰ্বল পাঁচখন দেশৰ পৰা আমদানি কৰা হৈছিল।ভিয়েটনাম, স্পেইন, ইটালী, নৰৱে আৰু ব্ৰাজিলৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।