Home Blog Page 766

‘কেমেৰা লগতলৈ কোনোবাই ধ্যান কৰে নেকি?’ কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী মোদীৰ ধ্যানকলৈ উপহাস বংগৰ মুখ্যমন্ত্ৰী মমতাৰ…

‘কেমেৰা লগতলৈ কোনোবাই ধ্যান কৰে নেকি?’ কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী মোদীৰ ধ্যানকলৈ উপহাস কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সমাপ্তি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যা কুমাৰীলৈ যাব আৰু তাত তিনি দিন ধৰি ধ্যান কৰিব। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ পিছতো কেদাৰনাথত ধ্যান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই সময়ত মোদীৰ ধ্যান কৰাৰ বিভিন্ন মুহূৰ্ত ছ’চিয়েল মিডিয়া আৰু সংবাদমাধ্যত দেখুওৱা হৈছিল।

২০২৪ চনৰ লোকসভা প্ৰচাৰৰ শেষত প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰীত একেদৰেই ধ্যান কৰিব। মোদীৰ ধ্যানকলৈ কটাক্ষ কৰিছে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। মমতাৰ প্ৰশ্ন, ধ্যান কৰোঁতে কোনোবাই কেমেৰা লগত কেমেৰা নিয়ে নেকি? বাৰুইপুৰত এখন জলসভাত মমতাই কয় , “আপুনি আৰু নাথাকিব মোদীবাবু৷ আপোনাৰ সময় ৪ জুনলৈকে। বৰঞ্চ আপুনি গৈ ধ্যান কৰক। কিন্তু ধ্যান কৰি থাকোঁতে কোনোবাই কেমেৰা লৈ ধ্যান কৰে নেকি?” মমতা বেনাৰ্জীয়ে অভিযোগ কৰে “যোৱা নিৰ্বাচনৰ আগে আগে প্ৰতিবাৰেই ক’ৰবাত মোদীয়ে ধ্যানত বহি আছিল।”


মমতাই লগতে কয়, “মোৰ বৰ দুখ লাগে, কিয় সকলোৱে নিমাত। কোনেও কিয় প্ৰতিবাদ নকৰে? মোৰ বৰ দুখ লাগে সেই ঠাইখন ঋষি অৰবিন্দই নিৰ্মাণ কৰিছিল। স্বামী বিবেকানন্দৰ অতি প্ৰিয় ঠাই আছিল। এতিয়া সেয়া আৰ এছ এছে ল’লে।” মমতাই মোদীক কটাক্ষ কৰি কয় “তেওঁ হোনো ঈশ্বৰৰ দূত। সেয়ে তেওঁৰ ধ্যান কৰাৰ প্ৰয়োজন নাই।” উল্লেখ্য সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে মোদীয়ে তিনিদিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যা কুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩০ মে’ত আধ্যাত্মিক যাত্ৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে।

স্বামী বিবেকানন্দই ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান কৰি মোদীয়ে তিনিদিন কটাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ সৈতে জড়িত নহয়, আৰু এই ভ্ৰমণৰ বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হ’ব। মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ ১ জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব। সেইদিনা ভোটদান হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। ৪ জুনত ৫৪৩খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য স্বামী বিবেকানন্দই ধ্যান কৰা স্থান হিচাপে বিবেকানন্দ ৰক মেম’ৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে।

মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি প্ৰথমগৰাকী নিচি মহিলা হিচাপে ইতিহাস ৰচনা কৰিলে অৰুণাচল প্ৰদেশৰ কাবাক ইয়ানোই…

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হৈ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা পৰ্বতাৰোহী কাবাক ইয়ানোৱে ইতিহাসত নিজৰ নাম খোদিত কৰিছে। এই উল্লেখযোগ্য কৃতিত্বৰ জৰিয়তে তেওঁ অৰুণাচল প্ৰদেশৰ পঞ্চম গৰাকী মহিলা পৰ্বতাৰোহী আৰু নিচি সম্প্ৰদায়ৰ এনে কৃতিত্ব অৰ্জনকাৰী প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়। কাবাক ইয়ানোৱে ২৭ মাৰ্চত মাউণ্ট এভাৰেষ্টলৈ যাত্ৰাৰ অৰ্থে কাঠমাণ্ডুলৈ ৰাওনা হৈছিল। তেওঁ সম্পূৰ্ণ প্ৰস্তুতিৰ অন্তত ১৭ এপ্ৰিলত বেছ কেম্পত উপস্থিত হৈ ২০২৪ৰ ২১ মে’ত সফলতাৰে ইয়াৰ শিখৰত উপনীত হয়।

১৯৯৯ৰ ৫ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা কাবাক ইয়ানোৱে একাধিক প্ৰত্যাহ্বান নেওচি এই উল্লেখযোগ্য সাফল্য লাভ কৰিছে। বিশেষকৈ ২০২২ত পিতৃক হেৰুৱাৰ পিছৰেপৰা তেওঁ একাধিক ব্যক্তিগত প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলগীয়া হৈছিল।ইয়ানোৰ পিতৃয়ে লোক নিৰ্মাণ বিভাগত (PWD) এগৰাকী কেজুৱেল শ্ৰমিক হিচাপে কাম কৰিছিল। পিতৃৰ মৃত্যুৰ পিছত ইয়ানোৱে পৰিয়ালটো পোহ-পালৰ দায়িত্ব ল’বলগীয়া হয়। পঢ়া-শুনা আৰু ঘৰুৱা খৰচৰ বাবে তেওঁ ভিন্ন কামত নিয়োজিত হৈছিল। তেওঁ বাউন্সাৰ হিচাপে, বিউটি পাৰ্লাৰত কাম কৰিছিল আৰু কাপোৰৰ ব্যৱসায়ো কৰিছিল। জীৱনৰ এনে সংগ্ৰামে তেওঁৰ মনত দৃঢ়তাৰ মনোভাৱ জগাই তোলে, যি গুণে তেওঁৰ পৰ্বতাৰোহণৰ প্ৰচেষ্টাত এটি অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়ানোৱে অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত পৰ্বতাৰোহী আব্ৰাহাম তাগীত সোৰাঙৰপৰা প্ৰেৰণা লাভ কৰে। সোৰাঙৰ উল্লেখযোগ্য কৃতিত্ব আৰু পৰ্বতাৰোহণৰ প্ৰতি দৃঢ়তাই ইয়ানোৰ বাবে প্ৰেৰণা আৰু পথ-প্ৰদৰ্শনৰ উৎস হিচাপে ক্ৰিয়া কৰিছিল।

মাউণ্ট এভাৰেষ্ট আৰোহণৰ সময়ত ইয়ানোৱে প্ৰতিকূল খুম্বু তুষাৰপাতৰ মাজেৰে যাত্ৰা, বিপজ্জনক ফাট এৰাই চলা আৰু অধিক উচ্চতাত ফেৰফেৰীয়া বতাহৰ সৈতে মোকাবিলাকৰণ আদি একাধিক বাধাৰ সন্মুখীন হৈছিল। কাবাক ইয়ানোৱে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ত (RRU) ফিটনেছ মেনেজমেন্টত স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। ইয়ানোৰ এনে সাফল্যৰ স্বীকৃতিস্বৰূপে ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে উন্নত প্ৰশিক্ষণৰ সুযোগ, শৈক্ষিক সহায় আৰু সম্ভাৱ্য শিক্ষকতাৰ ভূমিকাৰ জৰিয়তে তেওঁৰ ভৱিষ্যতৰ সাধনাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনে তেওঁৰ এই পৰিক্ৰমাক আন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত প্ৰেৰণা হিচাপে ব্যৱহাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

খালী পেটত নাৰিকল তেলত তিয়াই ৰখা খেজুৰ খালে স্বাস্থ্যই লাভ কৰে দুগুণ পুষ্টি…

ৰাতিপুৱা খালী পেটত পানীত তিয়াই লোৱা খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু খালী পেটতে নাৰিকল তেলত তিয়াই খেজুৰ খালে স্বাস্থ্যই লাভ কৰিব দুগুণ পুষ্টি। আনহাতে শেহতীয়াকৈ এক সাক্ষাৎকাৰতো বলিউদৰ অভিনেত্ৰী সোহা আলী খানে কৈছিল যে তেওঁ ৰাতিপুৱা প্ৰথমতে নাৰিকল তেলত তিয়াই ৰখা খেজুৰ খায়। কিয়নো খেজুৰ আৰু নাৰিকল তেল দুয়োবিধেই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ, দুয়োবিধ একেলগে খালে আপোনাৰ স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে।

খেজুৰত প্ৰাকৃতিকভাৱে প্ৰচুৰ পৰিমাণে চেনি থাকে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। একে সময়তে নাৰিকল তেলত থকা MCT য়ে শৰীৰক দ্ৰুত শক্তি প্ৰদান কৰাত সহায় কৰে। একেলগে দুয়োবিধ খালে শৰীৰে অধিক শক্তি পাব।

নাৰিকল তেলত থকা ল’ৰিক এচিডে সঠিক হজম শক্তি উন্নত কৰে। লগতে খেজুৰে পাচনতন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।

নাৰিকল তেলত থকা HDL য়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। একে সময়তে খেজুৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

খেজুৰত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ আদি খনিজ পদাৰ্থৰ উত্তম উৎস, যিবোৰ হাড় গঠন আৰু শক্তিশালী কৰাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও নাৰিকল তেলে ভিটামিন ডি শোষণত সহায় কৰে, যিয়ে হাড়ত কেলচিয়াম জমা হোৱাত সহায় কৰে।

নাৰিকল তেলে প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে, ছালখনক কোমল কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও খেজুৰত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ছালখনক পুষ্টি প্ৰদান কৰে আৰু লগতে চুলি শক্তিশালী কৰাত সহায় কৰে।

পাকিস্তানত ডেৰবছৰীয়া বন্দীত্ব জীৱন কটাই স্বদেশত ভৰি থ’লে পুত্ৰ সহ নগাঁৱৰ ৱাহিদা বেগমে

সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ন্যায় পালে ৱাহিদাৰ মাতৃয়ে

ভাৰতবৰ্ষৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ কাৰাগাৰত নিজৰ নাৱালক পুত্ৰ সহ সুদীৰ্ঘ ডেৰ বছৰীয়া বন্দীত্বৰ জীৱন অতিবাহিত কৰি অৱশেষত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আজি স্বদেশৰ ভূমিত ভৰি থ’লে নগাঁৱৰ ৱাহিদা বেগম নামৰ মহিলা গৰাকীয়ে। দিল্লী আৰু সীমান্ত এলেকা পাঞ্জাৱত আইনী আৰু যাৱতীয় প্ৰশাসনিক কামকাজ সমূহ সম্পন্ন কৰাৰ পাছত তেওঁলোক অনতিপলমে নগাঁও চহৰৰ স্বগৃহলৈ বুলি ৰাওনা হ’ব বুলি জানিব পৰা গৈছে । জানিব পৰা মতে নগাঁও চহৰৰ বৰবজাৰস্থ কে কে ৰোড নিবাসী মহিলা গৰাকী এঘাৰ বছৰীয়া পুত্ৰ ফইজ খান সহ পঞ্জাৱৰ বাঘা সীমান্তৰে পাকিস্তান চৰকাৰে ভাৰতীয় কর্তৃপক্ষক হস্তান্তৰ কৰিছে। বৰ্তমান পাঞ্জাৱৰ বাঘা সীমান্তৰ এখন আৰক্ষী থানাত পুত্ৰ সহ ৱাহিদা ৰহমানক ৰখা হৈছে। উল্লেখ্য যে কেন্দ্রীয় বৈদেশিক আৰু গৃহ মন্ত্রালয়ৰ হস্তক্ষেপত এয়া সম্ভৱ হৈ উঠিছে । চুবুৰীয়া ৰাষ্ট্ৰখনৰ পঞ্জাব চৰকাৰৰ গৃহ সচিবে ২১ মে’ত গৃহীত এই সিদ্ধান্তৰ কথা ভাৰতীয় কর্তৃপক্ষক অৱগত কৰিছিল। উল্লেখ্য যে প্রথমতে ভাৰত চৰকাৰৰ পৰা কোনো সঁহাৰি নোপোৱা হেতু বাহিদাৰ মাতৃ আবিফা খাতুন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ৰ হস্তক্ষেপতহে এয়া সম্ভৱ হৈছে বুলি মাতৃয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। লক্ষণীয়ভারে ২০২২ চনৰ ১০ নৱেম্বৰৰ পৰা পুত্ৰৰ সৈতে ৱাহিদা খাতুন নিৰুদ্দেশ হৈ আছিল। নগাঁও আৰক্ষী থানাত ৱাহিদা খাতুনৰ মাতৃয়ে কন্যাৰ নিৰুদ্দেশ সংক্রান্তত এখন এজাহাৰো দাখিল কৰিছিল। ইয়াৰ পাছত বিগত বৰ্ষৰ জানুৱাৰী মাহত পাকিস্তানৰ এজন অধিবক্তাৰ পৰা ৱাহিদাৰ মাতৃ আবিফা খাতুনে দেশখনৰ আইনী জাননীৰ প্রতিলিপি লাভ কৰিছিল। হোৱাটছ এপ বার্তাত জাননীৰ প্রতিলিপি পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈও প্রেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল। মন কৰিবলগীয়া যে কাৰাবন্দী বাহিদা বেগমৰ স্বামী মহম্মদ মহচিন খানৰ মৃত্যুৰ পাছত স্বামীৰ পৰা তেওঁ উত্তৰাধিকাৰী সূত্রে লাভ কৰিছিল এক কোটি ৬০ লাখ টকাৰ বিশাল সম্পত্তি। পৰৱৰ্তী সময়ত এই সম্পত্তি ৱাহিদাই বিক্রী কৰি দিয়ে।

মাতৃয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ কন্যা ৱাহিদাক আফগানিস্তানৰ খান নামৰ এজন কাবুলী ৱালাই বিয়াৰ প্ৰলোভন দি প্ৰেমত লিপ্ত হয় আৰু তেওঁৰ সৈতে থকা এক সম্পৰ্কৰ হেতু পৰৱৰ্তী সময়ত নিচা জাতীয় দ্ৰব্য সেৱন কৰাই বিভিন্ন নথি পত্ৰত চহী লৈ ৱাহিদাৰ নামত থকা কেইবা কোটি টকাৰ সম্পত্তি বিক্ৰী কৰে। তাৰ পাছতেই কাবুলীৱালা খানে ৱাহিদাক পুত্ৰ সহ লগত লৈ আফগানিস্তানলৈ পলায়ন কৰে। তেতিয়াই নাবালক পুত্ৰ সহ ৱাহিদা পাকিস্তানৰ সেনাৰ হাতত ধৰা পৰিছিল।মাতৃয়ে কিছুদিন ৱাহিদাৰ সম্ভেদ লাভ কৰা নাছিল যদিও ২০২২ চনৰ ৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোনযোগে ৱাহিদাৰ মাতৃ আবিফা খাতুনক জনোৱা হৈছিল যে বাহিদা বেগম পাকিস্তানত উক্ত বৰ্ষৰ ২৫ নৱেম্বৰত গ্রেপ্তাৰ হৈছে। অসম আৰক্ষীক এই বিষয়টো সবিশেষ জনোৱাৰ পাছতো খাতুনে কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাছিল বুলি অভিযোগ উঠিছিল ।

উপায়হীন হৈ ৱাহিদাৰ মাতৃয়ে দিল্লীত যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত অধিবক্তা সন্তোষ সুমনৰ সৈতে যোগাযোগ স্থাপন কৰি তেওঁ দিল্লীস্থ বৈদেশিক মন্ত্রালয় আৰু ভাৰতত থকা পাকিস্তান দূতাবাসৰ কাষ চাপিছিল। পিছে সংশ্লিষ্ট কোনো এটা সংস্থাৰ পৰা ৱাহিদাক উদ্ধাৰৰ বাবে কোনো সহায় বিচাৰি নোপোৱাত ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত প্রথমতে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৱাহিদাৰ মাতৃ । পৰৱৰ্তী সময়ত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল কন্যাৰ প্রত্যাবৰ্তন বিচাৰি। সেই মর্মে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় বিদেশ মন্ত্রালয়ক কেতবোৰ নির্দেশনা প্রদান কৰিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আজি এঘাৰ বছৰীয়া পুত্ৰৰ ফইজ খানৰ সৈতে ৱাহিদা বেগম স্বদেশলৈ উভতি অহাটো নিশ্চিত হয়। আইনী প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত দুই এদিনতে পুত্ৰ সহ ৱাহিদা নগাঁও পোৱাৰ সম্ভাৱনা আছে ।

ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ স্পৰ্টছ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব ইউএছটিএমৰ ছাত্ৰী চিন্ময়ীয়ে

বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ সমাজকৰ্ম বিভাগৰ ছাত্ৰী চিন্ময়ী ৰাজখোৱাই আগন্তুক ব্ৰিকছ স্পৰ্টছ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব।১৯ জুনৰ পৰা ২৫জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২০২৪ চনৰ ৫মে’ৰ পৰা৭মে’লৈ নতুন দিল্লীত অনুষ্ঠিত হৈছিল বাছনি প্ৰক্ৰিয়া।সৰ্বভাৰতীয় পৰম্পৰাগত মল্লযুঁজ আৰু পংক্ৰেচন ফেডাৰেশ্যনে এই বাছনি কৰিছে।ব্ৰিকছ স্পৰ্টছ গেমছত চিন্ময়ীয়ে বেল্ট ৰেছলিং, মহিলাৰ ৬৪ কেজি শাখাত অংশগ্ৰহণ কৰিব।


ৰাছিয়াৰ কাজানত অনুষ্ঠিত হবলগীয়া ব্ৰিকছ স্পৰ্টছ গেমছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰ আৰু ৰিপাব্লিক অৱ টাটাৰ্স্তানৰ সহযোগত অনুষ্ঠিত হব।ব্ৰিকছ গেমছৰ সামগ্ৰিক পৰিচালনা আৰু আয়োজনৰ দায়িত্ব ৰাছিয়ান ফেডাৰেচনৰ ক্ৰীড়া মন্ত্ৰালয় আৰু টাটাৰ্স্তান ৰিপাব্লিকৰ ক্ৰীড়া মন্ত্ৰালয়ৰ।বৰ্তমান সামাজিক কৰ্ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা চিন্ময়ী ৰাজখোৱাই নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, “বিশ্ব ব্ৰিকছ গেমছত যোগদানৰ সুযোগ পাই মই সঁচাকৈয়ে সুখী আৰু ধন্য অনুভৱ কৰিছো।এটা ডাঙৰ সপোন পূৰণ হোৱাৰ দৰেই আৰু সকলোৰে মৰম আৰু সমৰ্থন আশা কৰিছো।” যদিও এয়া চিন্ময়ীৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট হ’ব । চিন্ময়ীয়ে এজন বিখ্যাত জাপানী গ্ৰেণ্ডমাষ্টাৰৰ পৰা জুডোৰ প্ৰশিক্ষণ লৈছে।যোৱা কেইবছৰ মানৰ পৰা চিন্ময়ীয়ে বেল্ট ৰেছলিঙৰ প্ৰশিক্ষণ লৈ আছে। চিন্ময়ীয়ে ১৩ জুনৰ পৰা ১৮ জুনলৈকে ডেৰাডুনত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব।

দিল্লীয়ে ভংগ কৰিলে অভিলেখঃ ৰাজধানী চহৰত তাপমাত্ৰা হ’লগৈ ৫২.৩ ডিগ্ৰী চেলছিয়াছ

কেৱল দিল্লীৰ ভিতৰতেই নহয়, দেশৰ ভিতৰতেই আজি তাপমাত্ৰাৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিলে নতুন দিল্লীয়ে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে দিল্লীৰ তাপমাত্ৰা ৫২.৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়। ৰাষ্ট্রীয় ৰাজধানী খনৰ মুংগেশপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দুপৰীয়া ২:৩০ বজাত এই উষ্ণতাৰ তথ্য প্ৰকাশ কৰে।বিগত কিছুদিন ধৰি দিল্লী আৰু উত্তৰ তথা মধ্য ভাৰতৰ ৰাজ্যসমূহৰ বাবে তীব্ৰ গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। দিল্লীয়ে তিনিটা বতৰ কেন্দ্ৰত প্ৰায় ৫২.৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হোৱাৰ তথ্য পোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দিল্লীবাসী। এনেদৰে উষ্ণতা বৃদ্ধি পাই গৈ থাকিলে দিল্লীত এটা সময়ত মানুহ থাকিব পাৰিবনে নাই তাকেলৈ বহুতৰে মনত সন্দেহৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ দিল্লীৰ মুংগেশপুৰ, নাৰেলা, আৰু নাজাফগড়ৰ বতৰৰ কাৰ্যালয়ত চৰম উষ্ণতাৰ তথ্য পোৱা গৈছে। ইয়াৰ পূৰ্বে ৰাজস্থানৰ চুৰুত ৫০.৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হৈছিল। দিল্লীয়ে আজি চুৰুৰ অভিলেখো ভংগ কৰিলে। বতৰ বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তনকলৈ কাম কৰি থকা মহেশ পালাৱাটে কয় যে, খালী ভূমি থকা মুকলি অঞ্চলত বিকিৰণ বৃদ্ধি পায়। প্ৰত্যক্ষ সূৰ্যৰ পোহৰ আৰু ছাঁৰ অভাৱে এই অঞ্চলসমূহ সাংঘাতিকভাবে গৰম কৰি তোলে। মুংগেশপুৰ, নাৰেলা, আৰু নাজাফগড়ৰ দৰে অঞ্চলত গৰম বতাহৰ বাবেই তাপমাত্ৰা বৃদ্ধি পোৱা বুলি তেওঁ কয়।আইএমডিৰ আঞ্চলিক মুৰব্বী কুলদীপ শ্ৰীবাস্তৱে কয় যে গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী চহৰ খনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। মাৰাত্মক গৰমৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে।

সোণতলী আৰক্ষী চকীত অসমৰ ৯ জনকৈ ইউটিউৱাৰৰ বিৰুদ্ধে গোচৰ

বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীত আজি অসমৰ ৯ গৰাকী ইউটিউৱাৰৰ বিৰুদ্ধে সোণতলীৰ যুৱক এগৰাকীয়ে এজাহাৰ দাখিল ৷ অভিযোগ অনুসৰি শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ সমাজবিৰোধী একাংশ ইউটিউৱাৰে ভিডিঅ’ বনাই সামাজিক মাধ্যমযোগে সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰি আহিছে ৷ বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত অনলাইন গেম আগবঢ়াই (Promote) নৱপ্ৰজন্মক জুৱাখেলৰ প্ৰতি আকৃষ্ট কৰি লাখ লাখ টকা লুটি আহিছে ৷ দুষ্টচক্ৰটোৱে অনলাইন গেমৰ জৰিয়তে ঘৰত বহি লাখ লাখ টকা উপাৰ্জনৰ প্ৰচাৰত আকৰ্ষিত হৈ বহু যুৱক-যুৱতী অনলাইন জুৱাবিধ খেলি সৰ্বস্বান্ত হৈছে ৷ বিগত কিছুদিন ধৰি INDILUCK নামৰ এটা অনলাইন গেম ‘এপ’ সামাজিক মাধ্যমত আগবঢ়াই (Promoted) বহুসংখ্যক যুৱক-যুৱতীৰ লগতে অসমৰ সকলো স্তৰৰ লোকক গেম খেলিবলৈ বিভিন্ন ধৰণৰ প্ৰলোভন দি ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আহিছে৷ জানিব পৰামতে অনলাইন গেমৰ প্ৰচাৰ কৰি জুৱাৰ প্ৰতি আকৃষ্ট কৰি নৱপ্ৰজন্মক ধ্বংসৰ পিনে ঠেলি দিয়া ইউটিউৱাৰ যথাক্ৰমে—ইনজামামুল হক, পাশান আলী, ৰহিবুল, আৰিফুজ জামান, ইলিমা বেগম, টুটু খান, ছানিদুল ইছলাম, নাজিমুল হক, হাছানুল হকৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সোণতলীৰ পুৰাণগাঁৱৰ উদীয়মান যুৱক তথা অধিবক্তা নুৰ আলম খানে আজি সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷

গুৱাহাটী হাইকোৰ্ট ৰ নিৰ্দেশ অৱমাননা কৰি, বিপদত চিলাপথাৰ পৌৰসভাৰ পৌৰপতি লাবণ্য পাইত দলে

চিলাপথাৰ পৌৰসভাত বিদ্ৰোহী ৱাৰ্ড সদস্যৰ ৰুদ্ধদ্বাৰ সভা। কটা গ’ল বিতৰ্কিত পৌৰপতি লাবন্য পাইত দলেৰ পাখী। চিলাপথাৰ পৌৰসভাত অব্যাহত আছে চৰম আচলাৱস্থা। যোৱা ১ ডিচেম্বৰ ২০২৩ ত ১২ গৰাকী ৱাৰ্ড কমিছনাৰৰে গঠিত চিলাপথাৰ পৌৰসভাৰ ৯ গৰাকী ৱাৰ্ড সদস্যই পৌৰপতি লাবণ্য পাইত দলেৰ বিৰুদ্ধে চৰম বিত্তীয় অনিয়মৰ অভিযোগ তোলে। সংখ্যাগৰিষ্ঠ বিদ্ৰোহী সদস্যই পৌৰপতি বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱৰ ওপৰত যোৱা ৫ জানুৱাৰীত পৌৰসভাৰ কাৰ্যালয়ত আলোচনা সভাৰ আয়োজন হ’ল যদিও সফল নহল এই সভা। সাংসদ প্ৰদান বৰুৱা বিধায়ক ভূৱন পেগুৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত পৌৰপতিৰ ভেৰুনিয়া গুণ্ডাই আৰক্ষীৰ চকুৰ আগতে ৱাৰ্ড কমিছনাৰ জিতেন কুটুমক চোঁছৰাই নি সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সম্ভৱ নহ’ল সভাখন। ইয়াৰ পিছতে যোৱা ১২ মে’ত বিষয়টোৰ ওপৰত ক্ষুদ্ধ ৱাৰ্ড সদস্য সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত যোৱা ২৯ এপ্ৰিলত মহামান্য আদালতে নিৰ্দেশ জাৰী কৰি পৌৰ আইন ১৯৫৬’ৰ আধাৰত পুনৰবাৰ অনাস্থা আনিবলৈ পৰামৰ্শ দিয়ে।

অনাস্থক লৈ আয়োজিত সভাৰ সময়ত অযথা হস্তক্ষেপ নকৰিবলৈকো প্ৰশাসনক কাঢ়া নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে। আদালতৰ ৰায় মৰ্মে কমিছনাৰ সকলে যোৱা ৬ মে’ত ১২ সদস্যৰ ভিতৰত ৭ জনে পুনৰ অনাস্থা প্ৰস্তাৱ তুলি পৌৰপতিক ২০ দিনৰ ভিতৰত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কয়। কিন্তু পৌৰপতি লাবণ্য পাইত দলেই ন্যায়ালয়ৰ নিৰ্দেশনাকো চূড়ান্ত অৱমাননা কৰি কোনোধৰণৰ সভা আয়োজন নকৰিলে। ইয়াৰ পিছতে ন্যায়ালয়ৰ নিৰ্দেশক মৰ্মেই আজি পৌৰসভাৰ কাৰ্যালয়ত উপ-পৌৰপতি শৰ্মিষ্ঠা দেৱে অনাস্থা প্ৰস্তাৱৰ ওপৰত আহ্বান কৰে এক সভাৰ। উক্ত সভাতো পৌৰপতি লাবণ্য পাইত দলেক উপস্থিত থাকিবলৈ জাননী দিয়াৰ পিছতো সভাত উপস্থিত নহ’ল পৌৰপতি দলে। সভাত অনাস্থা প্ৰস্তাৱ গৃহীত কৰি পৌৰসভাৰ আইন ধাৰা ২৮’ৰ ১৯৫৬ মতে সভাই পৌৰসভা ভংগ কৰি পৌৰপতিৰ পদৰ পৰা বৰ্খাস্ত কৰা হয় লাবণ্য পাইত দলেক। অহা এক সপ্তাহটোৰ ভিতৰতে এগৰাকী নতুন পৌৰপতি বাছনি কৰিব বুলি জানিব দিছে উপ পৌৰপতি শৰ্মিষ্ঠা দেবৰ লগতে ৱাৰ্ড সদস্য আদিত্য সোণোৱাল, তৰুনিমা দত্ত, দীনেশ দাস, শিল্পী চৌধুৰী, ৰাতুল গগৈ আৰু জিতেন কুটুমে। উল্লেখ্য যে বিদ্ৰোহী কমিছনাৰ সকলৰ মাজত আছে ৩ গৰাকী বিজেপি,১ গৰাকী কংগ্ৰেছ আৰু ৩ গৰাকী নিৰ্দলীয় হিচাপে নিৰ্বাচিত প্ৰতিনিধি। লক্ষ্যনীয় যে বিধায়ক ভূৱন পেগুৰ বৰঘৰৰ মানুহ বুলি চৰম ময়মতালিৰে দৌৰত্ম্য প্ৰদৰ্শন কৰা পৌৰপতি লাবন্যই একাংশ ৱাৰ্ড সদস্যক মেনেজ কৰিবলৈ কুটিল চক্ৰান্তত চলাই আহিছে। ধন বল বাহু বল প্ৰয়োগ কৰিও বলেৰে নোৱাৰা সকলক ইটো সিটো ভুৱা গোচৰ জাপি দি চৰম হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠিছে। পৌৰসভাৰ গৰিষ্ঠ সংখ্যক সদস্যৰ অপচন্দৰ পিছতো নাওঁ দুবিলেও তিঙৰ পৰা নামানে পৌৰপতি। সেইদৰে
বিভিন্ন দুৰ্নীতি অনিয়মৰে অভিযুক্ত লাবন্য পাইত দলেক একাংশ ৰাজনৈতিক নেতাই ৰক্ষণাবেক্ষণ দি অহাৰ কাৰণ কি বুলি ৰাইজে প্ৰশ্ন কৰিছে।

সাগৰীয় ঘূৰ্ণীবতাহৰ প্ৰকোপত বোকাখাতত শ শ বগলীৰ মৃত্যু,সাংবাদিকৰ প্ৰচেষ্টাত উদ্ধাৰ ৩৪ টা বগলী।

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। কালি নিশাৰে পৰা আৰম্ভ হোৱা ৰেমালৰ প্ৰচণ্ড তাণ্ডৱত বোকাখাতৰ বিভিন্ন স্থানত শ শ পশু পক্ষী মৃত্যু মুখত পৰিছে। ৰেমালৰ বিধ্বস্ততাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁট, বিজুলী, চিকিৎসা আদিৰ কামত ব্যস্ত থকাৰ সময়তে এই ভয়ানক ধুমুহা বৰষুণৰ ফলত মানুহৰ বাদে আন জীৱকুলৰ কথা যেন পাহৰি পেলোৱাৰ উপক্ৰম হৈছে। বাতৰিৰ তথ্য সংগ্ৰহ, বাতৰি প্ৰস্তুত, প্ৰেৰণ, পৰিৱেশন আদিৰ কামত ব্যস্ত থকাৰ মাজতে বোকাখাতৰ কেইজনমান সাংবাদিকে দেখুৱালে মমতাৰ নিদৰ্শন।

বোকাখাতৰ ১ নং ৱাৰ্ডৰ মিলনপুৰত এজোপা বাঁহনীত বাহ সাজি থকা শ শ বগলীৰ ধুমুহা বৰষুণত বাহ সমূহ ভাগি যায় আৰু শতাধিক বগলীৰ মৃত্যু হোৱাৰ লগতে তললৈ পৰি যায় বহু সংখ্যক বগলী পোৱালি। এই দুৰ্ঘটনাৰ ফলত অধিকাংশ বগলীৰ মৃত্যু হয় যদিও বোকাখাতৰ সাংবাদিক প্ৰনৱ শইকীয়া, ত্ৰিনয়ন বৰা, ধ্ৰুৱজ্যোতি ৰাজখোৱা, সন্দীপ পানিকা আৰু বিশ্ব দত্তই উদ্ধাৰ কৰি আনে। বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰত নিজে বাহনৰ ব্যৱস্থা গ্ৰহণ কৰি ভৰ্তি কৰে।

প্ৰকৃতিপ্ৰেমী লোকে এনে কাৰ্যৰ বাবে তেওঁলোকক শলাগ লৈছে। সাংবাদিক কেইগৰাকীৰ নেতৃত্বত হোৱা এই উদ্ধাৰ কাৰ্যত স্থানীয় কেইগৰাকীমান লোকেও সহায়ৰ হাত আগবঢ়ায়। ধুমুহাৰ ফলতেই বাহৰ পৰা পৰি যোৱা বহু বগলী বাঁহৰ জেঙত ওলমি থকা পৰিলক্ষিত হয়। বহু কণী নষ্ট আৰু পোৱালিৰ মৃত্যু হোৱাত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি।ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল
। এই ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, নেপাল, ভূটানত আৰু চীনতো অনুভূত হৈছে।
৬.১৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।


গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ উত্তৰ গাৰো হিলছৰ ৰেছুবেলপাৰা বুলি জানিব পৰা গৈছে।
ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৫.২।
মেঘালয়ৰ ৰেছুবেলপাৰাৰ পৰা ৩ কিলোমিটাৰ নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ।