Home Blog Page 788

দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠান…

আজি আনুষ্ঠানিক ভাৱে সম্পন্ন কৰা হয় দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয় ত নিৰ্মাণ কৰিবলৈ ওলোৱা ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তিৰ ভূমি পূজন। এই উপলক্ষে পদ্মাথান দেৱালয় ৰ চৌহদত এক অনুষ্ঠান ৰ আয়োজন কৰা হয়। অসমৰ এক পৰ্যটনৰ কেন্দ্ৰস্থল তথা ধৰ্মীয় পীঠস্থান হিচাপে গঢ় দিবলৈ অহোপুৰুষাৰ্থ ভাৱে পদ্মাথান দেৱালয় উণ্ণয়ন সমিতি খনে দেৱালয় খনত ইটোৰ পাছত সিটো উন্নয়নমূলক কাম কৰি আহিছে। তাৰে অংশ হিচাপে সমিতি খনে এই পদক্ষেপ হাতত লৈছে। দেৱালয়খনলৈ মা পদ্মাৰ আশীৰ্বাদ ল’বলৈ আহি তিনিচুকীয়াৰ ধৰ্ম প্ৰাণ তথা উদ্যমী যুৱক অলিপ দহোটীয়া ই দেৱালয় খনৰ উণ্ণয়ন ৰ স্বাৰ্থত এটা একালীন দানৰ লগতে ভগৱান শ্ৰী ৰাম চন্দ্ৰ ৰ এটি প্ৰতিমূৰ্ত্তি দান হিচাপে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দেৱালয় উণ্ণয়ন সমিতিৰ সম্পাদক দ্বিপেন কলিতা ৰ আগত। তাৰে ফলস্বৰূপে এই ভুমি পূজন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এক মাংগলিক কাৰ্যৰ মাজৰে কৰা ভূমিপূজন পৰ্ব অনুষ্ঠান উপস্থিত থাকে মূৰ্তিৰ বিশেষ দাতা তিনিচুকীয়াৰ উদ্যমী যুৱক অলিপ দহোটীয়া, তেওঁৰ মাতৃ কৈশল্যা দহোটীয়া, পদ্মাথান দেৱালয় উন্নয়ন সমিতিৰ সভাপতি সম্পাদক, বিভিন্ন বিষয়ববীয়াৰ লগতে ভালে সংখ্যক ভক্তপ্ৰাণ ৰাইজ। ভূমি পূজন পৰ্বত পুৰোহিত হিচাপে সহযোগিতা কৰে দিনেশ্বৰ শৰ্মাই। ভূমি পূজন কৰি দহোটীয়াই দেৱালয় খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমিতিখনৰ লগত এক হৈ কাম কৰাৰ লগতে অহাবৰ্ষৰ দুৰ্গা পূজা আটকধুনীয়া কৈ উদযাপন কৰাৰ কথা জানিবলৈ দিয়ে। প্ৰায় ২৫ ফুট উচ্চতাৰ নিৰ্মাণ কৰিবলগীয়া ভগৱান শ্ৰী ৰামচন্দ্ৰ ৰ প্ৰতিমূৰ্ত্তি টো এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও মত ব্যক্ত কৰে। ইয়াৰ পূৰ্বে দেৱালয়ত উপস্থিত হোৱাৰ সময়ত দহোটীয়া ক উষ্ম আদৰণি জনোৱা হয়। লগতে ভূমি পূজন অনুষ্ঠানত দহোটীয়াক এটা জাপি, চেলেং চাদৰ, কাছৰ প্ৰতিক, ভগৱান শ্ৰী ৰামচন্দ্ৰৰ ফটো আৰু এখন গামোচাৰে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ মাতৃ কৈশল্যা দহোটীয়াকো সম্বৰ্ধনা জনোৱা হয়।

তেজপুৰত দ্বাদশ “দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান”…

অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশৰ লগতে সংস্কৃতি বিপন্ন হোৱাৰ এই সংকট কালত দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া ভাষা-সাহিত্যৰ প্ৰাত:স্মৰণীয় দুগৰাকী ব্যক্তি ক্ৰমে দণ্ডিনাথ কলিতা আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য জীৱন আৰু কৃতিৰ স্মৰণৰ এই প্ৰয়াস নিশ্চয়কৈ জাতিটোৰ বাবে শুভ ফলদায়ক। দণ্ডিনাথ কলিতা আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জীৱন প্ৰতিভাৰ প্ৰথম চৰ্তটোৱেই হৈছে অসমীয়া জাতীয়তাবাদ। দ্বিতীয়টো হৈছে ভাৰতীয় জাতীয়তাবাদ আৰু তৃতীয়টো হৈছে বিশ্ব মানৱীয় প্ৰমূল্যবোধ। অসমীয়া কাব্য, প্ৰবন্ধ, ব্যঙ্গ সাহিত্য, উপন্যাস,গল্পক আধুনিক পৰিচয় প্ৰদান কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন বুলি সুধিলে প্ৰথমেই মনলৈ অহা অসমীয়া সাহিত্যিক গৰাকী হৈছে দণ্ডিনাথ কলিতা বুলি আজি তেজপুৰত মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে। উল্লেখ্য যে তেজপুৰৰ দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত আজি বিয়লি তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত হোৱা দ্বাদশ “দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান” ত “দণ্ডিনাথ কলিতা আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ৰচনাৰ ভাষিক বৈশিষ্ট্য” শীৰ্ষক এক গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰে ড০ বসন্ত কুমাৰ গোস্বামীয়ে।

দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সভাপতি প্ৰবীণ সাহিত্যিক বিপিন কটকীৰ পৌৰোহিত্যত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত কলিতাদেৱৰ ব্যঙ্গ সাহিত্য “আত্মানন্দৰ আত্মকাহিনী” ত ব্যৱহৃত শব্দ আৰু বাক্যাংশৰ ব্যৱহাৰ এক চিত্ৰ সমজুৱাৰ সন্মুখত অতি সাৱলীলভাৱে ডাঙি ধৰে। ফেটি সাপৰ মুৰ ছিঙা, কিস্তি, টিকা ফটা ৰ’দ, বেলিয়ে হাজাৰ হাতেৰে আঁৰিয়া ধৰি,তলমুৰ,শিলেৰে গঢ়োৱা আলিবাটে বেলিৰ পৰাক্ৰমত মিচিকি মিচিকি হাঁহিছে,বেলিয়ে টকৌ পাতেৰে সেই শিৰস্তান ভেদিব নোৱাৰে ,শিলেৰে গঢ়োৱা আলিবাটে বেলিৰ পৰাক্ৰমত মিচিকি মিচিকি হাঁহিছে,তামোলৰ ৰাগেৰে ৰঞ্জিত আদি শব্দ আৰু প্ৰবাদৰ আওপকীয়া প্ৰকাশ শৈলীৰে ব্যৱহাৰ কৰি দণ্ডিনাথ কলিতাই শব্দৰ বিহলঙনীৰে অসমীয়া জাতিক উজাৰিছিল বুলি ড০ গোস্বামীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে Bernard Bloch and George L. Tragerৰ দৰে ইউৰোপীয় পণ্ডিতৰ মন্তব্য Language is a system of arbitrary vocal symbols that a social group uses to cooperate উল্লেখ কৰি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ভাষাৰ ঐশ্বৰ্য্য বিচাৰেৰে ড০ গোস্বামীয়ে কয়-মানৱ চিত্ত আৰু সমাজ চিত্ত দাপোন ৰূপে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই নিজ ভাষা শৈলী ব্যৱহাৰ কৰিছে। সৰ্পৰজ্জ্বোৱেত তথা ৰছি আৰু সাপৰ উপমাৰ উল্লেখ কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ কালজয়ী উপন্যাস মৃত্যুঞ্জয়ত ব্যৱহৃত ভাষাৰ মহিমামণ্ডিত ৰূপটো সম্পৰ্কে আকৰ্ষণীয় কৈ ব্যাখ্যা কৰে। নিগুটি, আন্ধাৰত সকলো অন্ধ, ওখ গছত হে বতাহ লাগে, মনৰ সুঁতি, নদীৰ সুঁতি একে, আদি শব্দ তথা বাক্যাংশৰ প্ৰয়োগৰ শব্দৰ পৰিমাৰ্জিত ৰূপৰ ব্যৱহাৰ প্ৰতি সদা সচেতন ড০ভট্টাচাৰ্য্যৰ সাহিত্যৰ ভাষাই এক সুকীয়া মৰ্যদা লাভ কৰিছে বুলি কৈ দুয়োগৰাকী লেখকৰ ৰচনাত মানৱৰ জয়গান অৰ্থাৎ মানৱীয় প্ৰমূল্যৰ ধাৰা প্ৰধানকৈ প্ৰবাহিত হৈছে বুলি মন্তব্য কৰে। ড০ গোস্বামীয়ে ভাষণ প্ৰসংগত ২৯ খনকৈ গ্ৰন্থ ৰচনা কৰা প্ৰচণ্ড জাতীয়তাবাদী সাহিত্যিক গৰাকীৰ সাহিত্য ৰাজিক নিৰ্মোহ বিশ্লেষণ কৰি এখন বৃহৎ গ্ৰন্থ ৰচনাৰ পোষকতা কৰি এইগৰাকী সাহিত্যিকৰ ওপৰত যেনেধৰণে চৰ্চা হ’ব লাগিছিল তেনে চৰ্চা নোহোৱাটো এক দুৰ্ভাগ্যজনক কথা বুলি আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সম্পাদক তথা পৰিচালন ন্যাসৰক্ষী ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণ আৰু হিৰাণি লহকৰৰ বৰগীতেৰে আৰম্ভ হোৱা এই মনোজ্ঞ বক্তৃতানুষ্ঠানত ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ন্যাস দাতা তথা দণ্ডিনাথ কলিতাৰ পুত্ৰ, বিশিষ্ট ক্ৰীড়াবিদ ডা০ বিশ্বৰঞ্জন কলিতাই আদৰণী ভাষণ প্ৰদান কৰি দণ্ডিনাথ কলিতাৰ জীৱন – কৃতীৰ ওপৰত চমু আলোকপাত কৰে। সভাপতিৰ আসনৰ পৰা বিপিন কটকীয়ে দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ চমু বৃতান্ত দাঙি ধৰাৰ লগতে নবীন চন্দ্ৰ লহকৰে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত পৰিয়ালৰ তৰফৰ দণ্ডিনাথ কলিতাৰ সুযোগ্য কন্যা, বিশিষ্ট লেখিকা ড০ মাধুৰী কলিতা চৌধুৰীয়ে পিতৃ দণ্ডিনাথ কলিতাৰ এটি কালজয়ী কবিতা আবৃত্তি কৰাৰ লগতে তেজপুৰৰ সু আবৃত্তিকাৰ ৰুবী বৰাইও দুটাকৈ দণ্ডিনাথ কলিতাৰ ব্যংগ কবিতা আবৃত্তি কৰাৰ লগতে দণ্ডিনাথ কলিতাৰ আজো নাতিনী বন্দিতা বৰাই দণ্ডিনাথ কলিতাৰ এটি গীত অতি সুন্দৰকৈ পৰিৱেশন কৰি উপস্থিত বিদ্বৎ সমাজক আপ্লুত কৰে।

আনহাতে অনুষ্ঠানটিৰ আৰম্ভণিতে দণ্ডিনাথ কলিতাৰ প্ৰতিচ্ছবিত পুত্ৰ ডা০ বিশ্বৰঞ্জন কলিতা আৰু কন্যা ড০ মাধুৰী কলিতা চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত নাতি তন্ময় কলিতা, মৃন্ময় কলিতা, পংকজ কুমাৰ বৰা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰেশ কুমাৰ আৰ্য, পূৰ্ণেশ্বৰ নাথ, বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মা, শৈলজা কুমাৰ পদ্মপতি, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বিশিষ্ট গল্পকাৰ মাণিক বৰা,বিশিষ্ট বিজ্ঞান লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা,অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, নগাঁৱৰ অধ্যাপক বিজিৎ বৰঠাকুৰ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, উপসভাপতি নবীন চন্দ্ৰ লহকৰ, সম্পাদক দ্বীজেন নাথ, বিশিষ্ট বুৰঞ্জী লেখক ভুবন চন্দ্র গগৈ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কাছাৰত হৃদয়বিদাৰক ঘটনা! কুঁৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ নিহত ৩ লোক…

কাছাৰত হৃদয়বিদাৰক ঘটনা। দেওবাৰে সন্ধিয়াৰ ভাগত কুঁৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰাৰ সময়ত একেলগে তিনিজন লোকৰ মৃত্যু হয়। কাছাৰ জিলাৰ লক্ষীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ট্ৰেক্টৰৰ টিলাত আৰক্ষী আৰু এন ডি আৰ এফৰ জোৱানে প্ৰায় এঘণ্টা ধৰি অভিযান চলাই তিনিটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত লোক হল প্রসেনজিৎ দেব, মঞ্জিত দেৱ আৰু অমিত সেন । তিনিজন লোকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

বিজয়নগৰত আৰক্ষী জোৱান কৃপাল ঠাকুৰীয়াৰ অকাল বিয়োগ…

বিজয়নগৰত আৰক্ষী জোৱানৰ অকাল বিয়োগ। বিজয়নগৰ আৰক্ষী চকীত কৰ্তব্যৰত আছিল কৃপাল ঠাকুৰীয়া।

বিজয়নগৰ আৰক্ষী চকীত কৰ্তব্যৰত আছিল কৃপাল ঠাকুৰীয়া।

মৃত জোৱানজনৰ ঘৰ বৰপেটা জিলাৰ ভৱানীপুৰ কলবাৰীত।

ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন, ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ; ড০ বিকাশ ৰঞ্জন কোঁৱৰক সম্বৰ্ধনা…

ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত ডিমৌ কোঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উপেন কোঁৱৰৰ সভাপতিত্বত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আয়োজিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁৱৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰায় ১৭ গৰাকী কীৰ্তি ছাত্র-ছাত্ৰীক ফুলাম গামোচা অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয়। আনহাতে এই গাঁৱৰে ছাত্রই অলপতে ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ আৰু ড০ বিকাশ ৰঞ্জন কোঁৱৰকো এই অভিনন্দন অনুষ্ঠান গাঁৱৰ যুৱ সমাজৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।আচাৰ্য গৌতম কোঁৱৰে আঁত ধৰা এই অভিনন্দন অনুষ্ঠানৰ উদেশ্য ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত বাগিচা পৰিচালক ফটিক কোঁৱৰে। অনুষ্ঠান উপস্থিত থাকি ধেমাজিৰ বোৱাৰী তথা কোঁৱৰ গাঁৱৰ জীয়াৰী ড০ দীপশিখা কোঁৱৰে জন্ম গ্রহণ কৰা গাঁওখনৰ ৰাইজে নিমন্ত্রণ কৰি সম্বৰ্দ্ধনা জনোৱাত আৱেগিক হৈ পৰে।

অভিনন্দন অনুষ্ঠানত উপস্থিত কীৰ্তি ছাত্র-ছাত্ৰী সকলৰ আগন্তুক শিক্ষা জীৱনত সুবিধা হোৱাকৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ড০ বিকাশ ৰজ্ঞন কোঁৱৰ, সৰ্বভাৰতীয় শিক্ষক সন্থাৰ সদস্য দীপাংকৰ কোঁৱৰ লগতে সাংবাদিক উমেশ চেতিয়া, পদ্মালাহন চেতিয়া, বিউটি কোঁৱৰে। অনুষ্ঠান উপস্থিত থাকে গাঁৱৰ জেষ্ঠ নাগৰিক ৰবিন চেতিয়া, ক্ষেত্র কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন কোঁৱৰ, অতুল কোঁৱৰ, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক নিৰজ্ঞন কোঁৱৰ, সাংবাদিক যুগল শৰ্মাই ছাত্র-ছাত্ৰী সকলক অভিনন্দন জনায়।অভিনন্দন গ্রহণ কৰি কীৰ্তি ছাত্র-ছাত্ৰী সকলে গীত মাত প্ৰদৰ্শন কৰা লগতে নিজৰ নিজৰ প্ৰতিভা সমুহ ৰাইজৰ আগত প্ৰদৰ্শন কৰে।

মৰিগাঁও জিলা “উচুঁ” চেম্পিয়নশ্বিপত উজলিল লাহৰীঘাট উচুঁ ক্লাৱ, ৫ টা সোণ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়ালে লাহৰীঘাট উচুঁ ক্লাৱে…

মৰিগাঁও জিলা ২০২৪ বৰ্ষৰ চতুর্থ বাৰ্ষিক “উচুঁ  চেম্পিয়ন” প্ৰতিযোগিতা যোৱা ১৮ আৰু ১৯ মে’ত মৰিগাঁও ক্ষীৰুদ বৰুৱা ইণ্ডৰ ষ্টেডিয়ামত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয়। পশ্চিম মৰিগাঁও উচুঁ ইউনিটৰ সৌজন্যত আয়োজিত জিলা ভিত্তিত উচুঁ প্ৰতিযোগিতাত  ৬ টা ইউনিটৰ মুঠ ৩০ গৰাকী খেলুৱৈয়ে ৪ টা শাখাত অংশ গ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ ফলাফল আছিল এনেধৰণৰ প্রথম স্হান মৰিগাঁও, দ্বিতীয় স্হান পশ্চিম মৰিগাঁও আৰু তৃতীয় স্হানত লাহৰীঘাট উচুঁ ক্লাৱ। ৪ টা শাখাত ক্ৰমে চিনিয়ৰ, জুনিয়ৰ, চাব জুনিয়ৰ আৰু ইয়ুথৰ মাজত কাইটেৰিয়া অনুযায়ী প্ৰতিযোগিতাত খেলুৱৈ সকলে অংশগ্রহণ কৰে। প্ৰথম দিনা অৰ্থাৎ ১৮ মে’ত প্ৰশিক্ষক সকলৰ অনুশীলন হয় আৰু দ্বিতীয় দিনা ১৯ মে’ত খেলুৱৈ সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। লাহৰীঘাট উচুঁ ক্লাৱৰ তৰফৰ পৰা মুঠ ৬ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰি তাৰে ৫ গৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰে আৰু এগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। লাহৰীঘাট উচুঁ ক্লাৱৰ সোণৰ পদক লাভ কৰা খেলুৱৈ সকল ক্ৰমে ৰাইহান তানজিৰ, চীমাং ৰাণী বাগলাৰী, আতিফা নাৰ্গিজ, সবিতা বড়ো আৰু গণেশ বাগলাৰী।

একমাত্র ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈ জন হ’ল প্ৰভাকন বাগলাৰী। প্ৰতিযোগিতাত গুৱাহাটীৰ পৰা ২ গৰাকী ৰাষ্ট্ৰীয় পৰিচালক  কুমুদ গগৈ আৰু পুলামানন্দ হাজঙৰ লগতে লাহৰীঘাট উচুঁ ক্লাৱৰ ২ গৰাকী প্ৰশিক্ষক হাচিনা বেগম আৰু আমিনুল হক আৰু আয়োজক সকলৰ তৰফৰ পৰাও প্ৰতিযোগিতা চলোৱাত সহায় সহযোগিতা আগবঢ়ায়। লাহৰীঘাট উচুঁ ক্লাৱৰ হৈ হাচিৰাম বাগলাৰীক টিম মেনেজাৰৰ বঁটা প্ৰদান কৰা হয়। বিজয়ী হোৱা আটাই কেইজন খেলুৱৈকে স্হান অনুযায়ী সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ সৈতে এখনকৈ মানপত্র প্ৰদান কৰা হয় আয়োজক গোষ্ঠীৰ তৰফৰ পৰা। উল্লেখ্য যে এই প্ৰতিযোগিতাত বিজয়ী হোৱা উচুঁ খেলুৱৈ সকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰিছে বুলি জানিব পৰা গৈছে। লাহৰীঘাট উচুঁ ক্লাৱৰ বিজয়ৰ ধাৰাৰ লগতে সোণৰ পদক লাভ কৰাৰ চিলচিলাও অব্যাহত ৰাখিছে। বহু কষ্টৰ মাজেৰে প্ৰশিক্ষক হাচিনা বেগম, আমিনুল হক আৰু পৰিচালনা সমিতিয়ে লাহৰীঘাট উচুঁ ক্লাৱটি বৰ্তমানলৈকে  ছাত্র ছাত্রী সকলক প্ৰশিক্ষণ দি আছে। লাহৰীঘাট বাসীৰ বাবে এয়াও এক অনবদ্য গৌৰৱৰ বিষয়।

দক্ষিন নাৰায়ণপুৰ গাঁও পঞ্চায়তত সচিব পলি দত্তৰ যোগদান; ৰাইজে জনালে অভিনন্দন…

লখিমপুৰৰ বিহপুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিহপুৰীয়া পূৱ ডিক্ৰং পঞ্চায়তৰ পৰা ৯ মে’ত ৰঙতি নিৱাসী পলি দত্তই নাৰায়নপপুৰ উনন্নয়ন খণ্ডৰ অন্তগত দক্ষিন নাৰায়ণপুৰ গাঁও পঞ্চায়তত যোগদান কৰে। যোগদানৰ পৱিত্ৰ ক্ষণত পলি দত্তক উপস্থিত ৰাইজে জাপি, চেলেং চাদৰ, গামোচা, কিতাপৰ টোপোলা, স্বাগতম জনায়। ৰাইজ আশাবাদী, পলি দত্তই ভাষণ প্ৰসংগত কয় সত্যৰ আৰাধনাৰে কৰ্মৰ পৰিচয়ে চানেকি হৈ চিনাকি দিয়াৰ যৎপৰোনাস্তি চেষ্টা কৰিম। ৰাইজৰ আশাবাদী তেওঁৰ সততা নিষ্ঠাৰে সেৱা আগবঢ়াই নৈ পৰীয়া জনগণক দক্ষ কৰ্মৰাজী,মৰমীয়াল আৰু বিনয়ী স্বভাৱে সকলোকে সঠিক মূল্যায়ণ কৰিব পাৰব। খগেন গগৈ সভাপতিত্বত সীমান্ত বৰুৱাই আতধৰা সভাখনিত পৰৱৰ্তী দীর্ঘ দিনে অসমৰ বিভিন্ন প্ৰান্তত চাকৰী জীৱন অতিবাহিত কৰাৰ লগতে প্ৰায় তিনি বছৰৰ কাল এনে এজন দক্ষ ,খুবেই সাহসী,সচেতন অভিজ্ঞপুষ্ট জ্ঞানপুষ্ট সচিব বীৰধন পাতিৰে চৰকাৰী নীয়ম অনুসৰি আনুষ্ঠানিক বিদায় হোৱাত দক্ষিন নাৰায়ণপুৰ বাসীৰ লগতে উপস্থিত সকলোৱে দুখ প্ৰকাশ কৰে আৰু বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।বিদায় সম্বৰ্ধনা অনুষ্ঠানত তেওঁক শৰাই, জাপি, চেলেং চাদৰ, গামোচা, কিতাপৰ টোপোলা,সম্বৰ্ধনা জনোৱা হয়৷

পাতিৰে কয় “দীৰ্ঘ সময় সততা আৰু নিষ্ঠাৰে সেৱা আগঢ়ালো অনাগত দিনত সত্যত থাকি জীৱনৰ বুণিয়াদ প্ৰতিষ্ঠা কৰিম”উল্লেখ্য, সচিব পাতিৰৰ বিদায় সম্বৰ্ধনাৰ বাবে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পঞ্চায়তৰ বাসিন্দা ৰূপম বৰা কয়, “এগৰাকী পিতৃসদৃশ, অভিজ্ঞপুষ্ট, নিজৰ দায়িত্ব নিষ্ঠা সততাৰে সেৱা আগবঢ়োৱা জ্যেষ্ঠ অভিভাৱকৰ দৰে পথপ্ৰদৰ্শক ব্যক্তিক বিদায়ী দিনটো ময়ো আৱেগিক হৈ পৰিছো, তেখেতৰ কৰ্মৰাজী প্ৰতিনিয়ত মনত থাকিব তথাপিও অৱসৰ এটা নতুন জীৱনৰ আৰম্ভনিহে গতিকে দুখ কৰাতকৈ অৱসৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাটো সামাজিক দায়িত্ব বুলি মন্তব্য প্ৰদান কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ সভা খনত পঞ্চায়তৰ কৰ্মচাৰী গোট,প্ৰতিনিধি বৰ্গ, সমাজ কৰ্মী ক্ৰমে ভাস্কৰ গগৈ,কমল শইকীয়া,আজিবুল আলী,বুবুল আলী,পবন শইকীয়া,ফাৰুক আলী পলাশ শইকীয়াকে আদি কৰি অঞ্চলটোৰ বহু সংখ্যক গুণমুগ্ধ তথা প্ৰায় এক শতাধিক ৰাইজ উপস্থিত থাকে।

ভাৰতীয় পৰীক্ষাত দৰং সন্তান ৰাজদ্বীপ ডেকাৰ কৃতিত্ব…

সৰ্বভাৰতীয় পৰীক্ষা আই চি এছ ই দশম শ্ৰেণীৰ পৰীক্ষাত মায়ানগৰী মুম্বাইৰ থানেস্থিত হিৰানন্দানী ফাউণ্ডেছন স্কুলৰ পৰা পৰীক্ষা দি দৰং জিলাৰ এখন ভিতৰুৱা গাঁও গংগাপুখুৰীলৈ সুনাম কঢ়িয়াই আনিলে ৰাজদ্বীপ ডেকাই৷ উল্লেখযোগ্য যে পিতৃ পৱন কুমাৰ ডেকা কৰ্ম সূত্ৰে দুটা দশক ধৰি মুম্বাইত কৰ্মৰত৷

ৰাজদ্বীপ ডেকাই ৯৮.৮ শতাংশ নম্বৰ পায় বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। তেওঁ বিজ্ঞানত ১০০, পদার্থ বিজ্ঞানত ১০০, ৰসায়ন বিজ্ঞানত ৯৯, জীৱ বিজ্ঞানত ১০০, গণিতত ১০০, কম্পিউটাৰ বিজ্ঞানত ১০০ ইংৰাজীত ৯৬, ইংৰাজী ভাষাত ৯৬, ইংৰাজী সাহিত্যত ৯৬, সমাজ অধ্যয়নত ৯৮, ইতিহাস-চিভিক্সত ১০০, ভূগোলত ৯৬, হিন্দীত ৯২ নম্বৰ লাভ কৰে। উল্লেখ্য যে পাঁচটা বিষয়ত শ্রেষ্ঠত্বৰ খিতাপ অৰ্জন কৰা ৰাজদ্বীপ ডেকা দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ সৰাবাৰী মৌজাৰ অন্তৰ্গত গংগাপুখুৰী গাঁৱৰ পবন কুমাৰ ডেকা আৰু ইৰাৱতী ডেকাৰ সুযোগ্য সন্তান তথা সৎৰাম ডেকা আৰ ৰহিলা ডেকাৰ নাতি ৰাজদ্বীপ ডেকাৰ সৰ্বভাৰতীয় এই পৰীক্ষাৰ ফলাফলে গাঁৱৰ সকলোকে আপ্লুত কৰে৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘ বুঢ়াখাট প্ৰাথমিক শাখা, জনসংঘ পুথিভঁৰাল নিজ সৰাবাৰী আৰু ব্যক্তি বিশেষে ৰাজদ্বীপ ডেকাক শুভেচ্ছা জ্ঞাপন কৰে৷

মুছলমানৰ জনসংখ্যা ৰোধ কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ন কৰক চৰকাৰেঃ প্ৰবীন ভাই টোগাড়িয়া

আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ডাঃ প্ৰবীন ভাই টোগাড়িয়াৰ মন্তব্য-অসম আৰু সমগ্ৰ ভাৰতত হিন্দু সংকটত৷ মুছলমানৰ জনসংখ্যা ৰোধ কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ কৰক চৰকাৰে৷ বাংলাদেশী মুছলমানক চিনাক্ত কৰি খেদি পঠাব লাগিব৷
ওৰাঙত হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰীয়াৰ বিস্ফোৰণ। স্বভাৱসুলভ ভাবে মুছলমানক লক্ষ্য কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাৰীয়াই। দেশত মুছলমানৰ বৰ্ধিত জনসংখ্যা বৃদ্ধিয়ে হিন্দু বিপদত পৰাৰ আশংকা নেতা গৰাকীৰ। আগন্তুক ৫০ বছৰৰ ভিতৰত মুছলমানৰ বৰ্ধিত জনসংখ্যাই হিন্দুৰ ঘৰ অসুৰক্ষিত হ’ব বুলি কাৰ্যকৰ্তাক মন্ত্ৰ পাঠ দিয়ে বিতৰ্কিত টোগাৰীয়াই। দেশ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত হিন্দুৰ জনসংখ্যা ৮৭ শতাংশৰ পৰা ১০% হ্ৰাস হৈ ৭৭ % হৈছে আৰু মুছলমান ৬% পৰা বৃদ্ধি হৈ ১৪ শতাংশ হোৱাৰ দাবী নেতাজনৰ।

মুছলমানৰ জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ আইন প্ৰনয়নৰো পোষকতা কৰে প্ৰবীণ ভাই টোগাৰীয়াই। সমান্তৰালকৈ অসমৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীক চৰকাৰে এতিয়ালৈ বিতাৰিত নকৰাত চিন্তা ব্যক্ত কৰে হিন্দুত্ববাদী নেতা টোগাৰীয়াই । অসম তথা দেশৰ পৰা অনুপ্ৰবেশকাৰীক আতৰ কৰিব নোৱাৰিলে হিন্দু অসুৰক্ষিত বুলি দাবী বিতৰ্কিত নেতাজনৰ। ওদালগুৰিৰ ওৰাঙত ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মকৰ্তাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত এইদৰে কেবাটাও বিতৰ্কিত মন্তব্য আগবঢ়ায় উগ্ৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰীয়াই। ইফালে দেশৰ এক লাখ গ্ৰামাঞ্চলত হনুমান চালিছা কেন্দ্ৰ স্থাপনৰ লক্ষ্য বান্ধি লোৱাৰ কথা অৱগত কৰে টোগাৰীয়াই। হনুমান চালিছা কেন্দ্ৰত হিন্দুৰ সুৰক্ষা, স্বাস্থ্য, সন্মানৰ হকে কাম কৰিব।

দৰিদ্ৰ হিন্দুক খাদ্য, চিকিৎসা,নিৰোগী হৈ থকাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব বুলি মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ প্ৰবীণ ভাই টোগাৰীয়াই। আনহাতে চলিত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কোনো দলৰ নাম নোলোৱাকৈ ভাল ফলাফল হ’ব বুলি কৌশলী মন্তব্য আগবঢ়ায় নেতা গৰাকীৰ। অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসমৰ ৰাজ্যিক উপসভাপতি দিগন্ত কোছ,ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

ঘুৰাই পাব IPLৰ টিকটৰ ধন! দুদিনৰ ভিতৰত ঘূৰাই দিয়া হ’ব IPLৰ বাতিল হোৱা খেলৰ টিকটৰ মূল্য…

দেওবাৰে বৰষাপাৰাত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল খেলখন বৰষুণৰ বাবে শেষ মুহূৰ্তত বাতিল কৰিবলগীয়া হয়। এনে পৰিস্থিতিত মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে যে হাজাৰ হাজাৰ টকা খৰচ কৰি মেচৰ টিকট কিনা সকলে টিকটৰ ধন ঘূৰাই পাবনে?

আইনগতভাৱে টিকট ক্ৰয় কৰাসকলে টিকটৰ ধনৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। BookMyShow ৰ জৰিয়তে অনলাইন বা অফলাইনত টিকট ক্ৰয় কৰা দৰ্শকে নিয়ম অনুসৰি টিকটৰ মূল্য ঘূৰাই পাব। চিটী চেণ্টাৰ, নেহৰু ষ্টেডিয়াম আৰু ছাউথ পইণ্ট স্কুলত দিয়া হ’ব অফলাইন টিকটৰ মূল্য। দুদিনৰ ভিতৰতে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব অসম ক্ৰিকেট সন্থাই।

যি সকলে বৈধভাৱে টিকট ক্ৰয় কৰিছিল সেইসকলেহে ঘূৰাই পাব ধন। যিসকলে ক’লা বজাৰত টিক ক্ৰয় কৰিছিল তেওঁলোকে ঘূৰাই নাপাব এই ধন।