Home Blog Page 789

মাধৱদেৱ বিশ্ববিদ্যালয়ত জোনমণি বৰাৰ উপন্যাস ‘অৱগুন্থন’ উন্মোচন…

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি বিশিষ্ট লেখিকা জোনমণি বৰাৰ উপন্যাস ‘অৱগুন্থন উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক লক্ষ্যপতি দেউৰীৰ সভাপতিত্বত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিনৰ এক বজাত গন্থখন উন্মোচন কৰে বিশিষ্ট ব্যৱসায়ী তথা লেখক যুগল মহেশ্বৰীয়ে। বিশিষ্ট সাহিত্যিক তথা চিকিৎসক ড: অতুল খাউণ্ড, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম কাকতি উপস্থিত থাকি বক্তব্য ৰখা সভাখনৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তানচেন খাংকেউৱে। সভাত ব্যংগ কবি ৰাজেন বৰাই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে কবি ৰূপম বৰাই জোনমণি বৰুৱাৰ সাহিত্য কৃতি আৰু সাম্প্ৰতিক সময়ৰ লেখক আৰু পাঠকৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। নগাঁৱৰ আনন্দ প্ৰকাশনে প্ৰকাশ কৰা ৪১৪ পৃষ্ঠৰ গ্ৰন্থখনৰ অৰিহণা ৫২৫টকা।

এটা সঁচা কাহিনীৰ আলমত গ্ৰাম্য পটভূমিত লিখা উপন্যাসখনৰ মূল কাহিনীটো আগবঢ়াই নিওতে লেখিকাই কাল্পনিক উপ কাহিনীৰ সহায় লোৱা বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে শিশু কবিতাৰ মাধ্যমেৰে জনপ্রিয়তা অর্জন কৰা জোনমণি বৰাৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। ২০০০ চনৰ পৰাই আমাৰ অসম’, ‘দৈনিক জনমভূমি’, ‘অসমীয়া প্রতিদিন’ আদি বাতৰি কাকতত গল্প, প্রবন্ধ লেখাৰ উপৰিও ‘মৌচাক’, ‘বাৰ ওঠৰ’, ‘সঁফুৰা’, ‘চিন্তামণি’, ‘মণিকাঞ্চন’ আদি আলোচনীসমূহতো তেওঁ মাজে-সময়ে লেখা-মেলা কৰি আহিছে। অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রকাশিত বহু স্মৃতিগ্রন্থত তেখেতৰ কেইবাটাও গুৰুত্বপূর্ণ প্রবন্ধ প্রকাশ পাইছে। শেহতীয়াকৈ তেখেতৰ ‘অকণিৰ কবিতা’ আক ‘খুপি-তৰা’ নামৰ দুখন কবিতা পুথি প্ৰকাশিত হৈছে।

‘থুপি-তৰা’ নামৰ কবিতা পুথিখানে ‘হিয়াৰ ৰামধেনু শিশু সাহিত্য’ৰ উদ্যোগত অনুষ্ঠিত ২০২৩ বর্ষৰ শিশু সাহিত্যৰ প্রতিযোগিতাত ‘কৃষ্ণ ৰায়মেধি সোঁৱৰণী হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। ‘অৱগুণ্ঠন’ তেখেতৰ প্রথম উপন্যাস। এটি সঁচা কাহিনীৰ আধাৰত লেখা উপন্যাসখন ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰা হৈছিল। তেখেতৰ অন্য এখন উপন্যাস ‘অচিনা পানচৈ। লেখিকাৰ শিশু উপন্যাস ‘জিতু গংগাহঁতৰ অভিযান’, ‘স্মৃতিৰ লেছেৰি বুটলি’ (আত্মকথা), ‘অণুগল্প আৰু অন্যান্য ৰচনা বর্তমান প্রকাশৰ পথত। সাহিত্য চর্চাৰ উপৰিও তেখেত এগৰাকী গীতিকাৰ। তেখেতে লেখা আৰু সুৰাৰোপ কৰা গীতত জনপ্রিয় গায়িকা পৰিণীতা গোস্বামী আৰু ধ্রুৱজ্যোতি ডেকাই কণ্ঠদান কৰিছে। ২০১৭ চনৰ ‘গামোচা’ কেছেটত তেখেতৰ কথা আৰু সুৰৰ এটি বিহুগীত নীলিম তপন আৰু ধ্ৰুৱজ্যোতি ডেকাই কণ্ঠদান কৰিছে।

গ্ৰীষ্মকালত এই ৩টা ফল খালে মেদবহুলতা আৰু ছালৰ সমস্যা দূৰ হ’ব…

গ্ৰীষ্মকালত বহুত মানুহে ব্যায়াম কমায় দিয়ে। এনে লোকে গ্ৰীষ্মকালত কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে। ৩টা গ্ৰীষ্মকালীন খাদ্য আপুনি আপোনাৰ খাদ্য তালিকাত অন্তভুক্ত কৰিব পাৰে। যি কেইটা খাদ্যই আপোনাৰ ওজন কমোৱাত সহায় কৰিব আৰু আপোনাৰ ছালখন সুস্থ কৰি ৰাখিব। এই ফল সমূহৰ বিষয়ে জানো আহক-

তৰমুজৰ চালাড, তিয়হ, আদাৰ ৰস। এই ফলবোৰত পানী আৰু পুষ্টিকৰ উপাদান থাকে যিয়ে আপোনাক হাইড্ৰেটেড হৈ থাকিবলৈ সহায় কৰে, হজম শক্তি উন্নত কৰে আৰু ছালখনক ৰ’দৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।

এই ফল সমূহত অধিক পৰিমাণৰ পানী থাকে। কম কেলৰি আৰু উচ্চ আঁহৰ বাবে এই ফল সমূহক খোৱাৰ পিছত আপুনি ভোকো অনুভৱ নকৰে, যাৰ ফলত আপুনি ওজন নিয়ন্ত্ৰণো কৰিব পাৰে। আনহাতে এই সমূহত ভিটামিন এ আৰু চি থাকে, যিবোৰ এন্টিঅক্সিডেন্ট আৰু ছালখনক ৰ’দৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

তিয়হত পানীৰ পৰিমাণ বেছি, আনহাতে আদাত এন্টিঅক্সিডেন্ট থাকে। এনে পৰিস্থিতিত তিয়হ আৰু আদাৰ ৰস গ্ৰীষ্মকালৰ বাবে এক উৎকৃষ্ট হাইড্ৰেটিং, যাৰ ফলত আপোনাৰ ছালখন ভালে থাকিব।

টেঙাখাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য…

টেঙাখাত আৰক্ষীৰ সাফল্য ৷ এক বিশেষ সুত্ৰৰ পম খেদি কালি সন্ধিয়া প্ৰায় ৫ মান বজাত টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চাহাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে লেংৰাই বজাৰৰ সমীপত অতৰ্কিতে অভিযান

চলাই পাখৰীজনীয়া গাওঁ ভৱানী চুতীয়া (৩৭) , লোহালী গাওঁ প্ৰাঞ্জল গগৈ (৩৪) আৰু ১নং বৰপথাৰ গাওঁৰ পল্লৱ গগৈ (৩৮) গাওঁৰ এই তিনিটা গাঞ্জা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰী কেইটাৰ পৰা 12.620 kg

গাঞ্জা সহ AS23M 5747 নম্বৰৰ এখন ৱাগানাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ আজি টেঙাখাত আৰক্ষীয়ে ৩৫/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি তিনিওটাকে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ লগতে অধিক তথ্য সন্ধানত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ।

প্ৰকৃতিৰ তাণ্ডৱ! বজ্রপাতত নলবাৰীত বিস্তৰ ক্ষতি সাধন…

নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলত দেওবাৰে নিশা হোৱা ধুমুহা, বজ্ৰপাতৰ তাণ্ডৱ। বজ্ৰপাতৰ ফলত ২নং কাপলাবৰী চৰৰ কঁপিল আলীৰ নামৰ লোকজনৰ বিস্তৰ ক্ষতি সাধন হয়। দেওবাৰে সন্ধিয়া আনুমানিক ৬:৩০ বজাত কঁপিলৰ ঘৰত বজ্ৰ পৰি জুইৰ সুত্ৰপাত হয়।

ফলত ঘৰটোত থকা তিনিটা গৰু, ছয়টা ভেড়া আৰু ছাগলী এটাৰ মৃত্যু হয়। লগতে প্ৰয়োজনীয় নথি পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা জুইত ভস্মীভূত হয়। ইতিমধ্যে পৰিয়াৰ লোকে স্থানীয় গাঁও প্ৰধান, আৰক্ষী প্ৰশাসনৰ লগতে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোক চৰকাৰ তথা প্ৰশাসনক সহায় কৰাৰ আহ্বান জনায় স্থানীয় লোকে।

মাজগাঁওত ভয়ানক অগ্নিকাণ্ড ! ঘটনাস্থলী পৰিদৰ্শন ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ…

মাজগাঁওত ভয়ানক অগ্নিকাণ্ডঃ ভষ্মীভূত সকলো সামগ্ৰী । ঘটনাস্থলী পৰিদৰ্শন কৰিলে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানে । বৰপেটা জিলাৰ পাকাবেত বাৰী সমষ্টিৰ অন্তৰ্গত মাজগাওঁ পশ্চিম পাৰা গাঁওৰ ছোৰহাব আলী মৌলবীৰ ঘৰত অগ্নিকাণ্ডত সংঘটিত হৈ যায় । উক্ত অগ্নিকাণ্ডত ছোহৰাব আলীৰ ঘৰৰ সা-সামগ্ৰী ভষ্মীভূত হৈ বিস্তৰ ক্ষতি সাধন হয় । পিন্ধনত লুঙী আৰু গেঞ্জিৰ বাহিৰে সকলো জাহ যায় ভয়ানক অগ্নি কাণ্ডত ।

অগ্নি কাণ্ডত জাহ যোৱা পৰিয়ালটোক সহায় কৰিবলৈ ইতিমধ্যে মাজগাওঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত মহিলা সকলৰ গ্ৰাম্য সংস্থা ক্ৰমে চিত্ৰলেখা, কৌটিল্য, প্ৰতীক্ষা আৰু যমুনা নামৰ সংস্থা কেইটাগ আগবাঢ়ি আহে । উক্ত সংস্থা কেইটাই অগ্নিৰ লেলিহান শিখাই ভষ্মীভূত কৰা সৰ্বস্বান্ত ছোৰহাব আলীক পালেং, টিন পাত, ট্ৰাংক, ফেন আৰু পাক ঘৰৰ সামগ্ৰীৰ লগতে খোৱা লোৱাৰ কাৰণে চাউল ডালি আদি প্ৰয়োজনীয় সামগ্ৰী সমূহ প্ৰদান কৰে।

আজি ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ এটি সজাতি দলে অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ছোৰহাব আলী মৌলবীৰ ঘৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় আৰু সকলোকে তেওঁৰ কাষত থিয় দি দুখৰ সমভাগী হবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে উক্ত পৰিয়ালটোক আপুনিও Account No- 32366751512
IFSC :- SBIN0002099
ফ’ন পে’ 7035798024 কৰি সহায়ৰ হাত আগবঢ়াব পাৰে ।

চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত সামগ্রী বিতৰণ…

মানুহে মানুহৰ বাবে এই উদ্যেশ্য আগত ৰাখি চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত আজি পশ্চিম বংশৰ মৌজাৰ ৰামদিয়া, হালোগাঁও, বংশৰ, ক্ষেত্ৰিহাৰদিয়া, নামপাৰা, কাঁহিবাৰী প্রায় দহখনকৈ গাঁৱৰ ডেৰ শতাধিক বিকলাংগ লোকক বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী, বাচন-বৰ্তন, কাপোৰ বিতৰণ কৰে। হাজোৰ বৰহাৰদিয়া প্রাথমিক বিদ্যালয় প্রাঙ্গনত এক সভাৰ জৰিয়তে সামগ্ৰী সমূহ বিতৰণ কৰা হয়।

সভাত সাগৰিকা ৰয়ে বক্তব্য প্ৰদান কৰি কয় বিভিন্ন সময়ত বিভিন্ন সমস্যা সন্মুখীন হোৱা লোক সকলৰ মাজত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ায় আহিছিলো কিন্তু হাজোৰ ক্ষেত্ৰিহাৰদিয়া অঞ্চলত দহখনকৈ গাঁৱৰ ডেৰ শতাধিক লোকক খাদ্যসামগ্রী বিতৰণ কৰি পায় নথৈ আনন্দিত হৈছো অনা গত দিনত সমূহত চাইনি এণ্ড

তাজহেল্পিং হেণ্ড ছচিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত এনেদৰে ৰাইজৰ মাজত বিভিন্ন ক্ষেত্রত সহায় সহযোগিতা আগবঢ়ায় নিব বুলি জানিব দিয়ে সভাৰ জৰিয়তে। অনুষ্ঠানত উপস্থিত থাকে- সাগৰিকা ৰয়, দিপাংকৰ ধৰ, চপন ডেকা, পার্বতি ডেকা আৰু শর্মিষ্ঠা দাস।

চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ’ৰ ! পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ কৌশল…

অৰুণাচল প্ৰদেশৰ চীনা সীমান্তৰ আৰু সামৰিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ ,(বৰ্ত্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ যাতে সামৰিক- অসামৰিক সকলো বাহনে যাতে সুচলভারে চলাচল কৰিব পাৰে তাৰ বাবে পথ নিৰ্মাণত বিশেষ কাৰিকৰী কৌশল আৰু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’বে। অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ সদৰ আলং হৈ কায়িঙলৈ ইতিমধ্যে বি আৰ অই সকলো বতৰতে চলাচল কৰিব পৰা দুইলেনযুক্ত পথৰ নিৰ্মাণ সস্পূৰ্ণ কৰিছে। কিন্তু এতিয়া কায়িঙৰ পৰা টাটো হৈ প্ৰায় ১৪৫ কিলোমিটাৰ নিলগৰ উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকালৈ গুৰুত্বপূৰ্ণ পথটোত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰবাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে বি আৰ অ’ৱে। কিয়নো হিমালয় পৰ্বতমালাৰ অংশহিচাপে পৰিচিত অৰুণাচল প্ৰদেশত পথ নিৰ্মাণ কৰা আৰু সেই পথত বছৰটোৰ সকলো সময়তে যান – বাহনৰ চলাচল অব্যাহত ৰখাটো বি আৰ অকে ধৰি তাত পথ নিৰ্মাণৰ লগত জড়িত সংস্থা সমূহৰ বাবে এক বিৰাট প্ৰত্যাহ্বান। আগদিনাই নিৰ্মাণ সম্পুৰ্ণ কৰা পথ বা দলং এখন নিশাৰ ভিতৰত অহা প্ৰচণ্ড তুষাৰপাত বা বৃষ্টিপাতে উটুৱাই নিয়াৰ বহু উদাহৰণ আছে ৰাজ্যখনত। আনকি পথ নিৰ্মাণ কৰি থকা অৱস্থাতে বি আৰ অৰ বহু জোৱান বা শ্ৰমিক পাহাৰ খহি বা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ দৰে বহু ঘটনাও সংঘটিত হৈছে ৰাজ্যখনত। উল্লেখ্য যে অসমৰ ধেমাজী জিলাৰ জোনাইৰ পৰা পাছিঘাটলৈ দুৰত্ব মাত্ৰ ৩৫ কিলোমিটাৰ । তেনেদৰে পাছিঘাটৰ পৰা আলঙলৈ দূৰত্ব মাত্ৰ ১০০ কিলোমিটাৰ । আলঙৰ পৰা ভাৰতৰ চুইজাৰলেণ্ড স্বৰূপ আৰু ভাৰত – চীন অধিকৃত তিব্বত সীমান্তবৰ্তী মেচুকা চহৰলৈ দূৰত্ব ১৮৫ কিলোমিটাৰ ।

ভাৰতৰ সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপুৰ্ণ স্থান হিচাপে পৰিগণিত হৈ অহা আলং – কায়িং – টাটো – মেচুকা সংযোগী পথটো বি আৰ অ’ৰ অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ অধীনৰ আলংস্থিত ৪৪ বর্ডাৰ ৰোডছ টাস্ক ফৰ্চে ( বি আৰ টি এফ ) নিৰ্মাণ কৰি আছে। ৪৪ বি আৰ টি অফৰ কমাণ্ডাৰ , কৰ্ণেল বি পি এছ টোমাৰে জানিবলৈ দিয়া অনুসৰি এইবেলি জানুৱাৰী মাহৰ শেষ সপ্তাহৰ পৰা প্ৰায়ে আহি থকা বৰষুণে পথ নিৰ্মাণ কাৰ্যত ব্যাঘাটৰ সৃষ্টি কৰি আহিছে। কিন্তু বি আৰ অই সকলো প্ৰতিকূল পৰিস্থিতিক নেওচিও পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । যিহেতু বছৰটোৰ ৩৬৫ টা দিনৰ ২৫০ দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থাকে । যাৰ বাবে বি আৰ অই নতুন প্ৰযুক্তিৰ লগতে পথ নিৰ্মাণত ব্যৱহৃত শেহতীয়া অত্যাধুনিক কাৰিকৰী কৌশল ব্যৱহাৰ কৰিবলগীয়া হৈছে । একে সময়তে পথত যাতে দুৰ্ঘটনাৰ মাত্ৰা ৰোধ কৰিব পাৰি তাৰ বাবেও বি আৰ অই বিশেষ ব্যৱস্থা উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। বিশেষকৈ দুৰ্ঘটনা সংঘটিত হলেও আহত বা নিহতৰ সংখ্যা কম কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আলঙৰ পৰা কায়িঙলৈ ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাত ২০২৩ চনত চাৰিটা দুৰ্ঘটনা সংঘটিত হোৱা স্বত্বেও এজন লোক নিহত হবলগীয়া নহল । ইয়াৰ পূৰ্বে ২০২২ চনত সেই পথচোৱাত চাৰিটা দুৰ্ঘটনা সংঘটিত হৈছিল অাৰু দুৰ্ঘটনাত তিনিজন লোক নিহত হৈছিল। তেনেদৰে কৰবাত ভূমিস্খলনৰ ঘটনা সংঘটিত হলেও বি আৰু অৰ অভিযন্তা, শ্রমিকসকলে প্ৰতিবন্ধকতা, প্রত্যাহ্বান নেওচিও জে চি বি, বা আন যন্ত্রাশংৰে এদিন বা এবেলাৰ ভিতৰতে পথটো যাতায়তৰ বাবে মুকলি কৰিবলৈ সক্ষম হৈছে। আনকি ২০২২ চনৰ ২২ জুলাইত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড বৃষ্টিপাতৰ বাবে টাটো – মনিগাং সংযোগী পথৰ এখন বেইলী দলং উটি গৈছিল। ফলত তাত আবদ্ধ হৈ পৰিছিল অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা মেচুকাৰ বিধায়ক পাচাং ডি সোণা।

কিন্তু বি আৰ অই নেৰানেপেৰা বৰষুণক নেইচিও মাত্ৰ ৩০ ঘণ্টাৰ ভিতৰতে পথসহ নতুনকৈ এখন বেইলী দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে বিধানসভাৰ অধ্যক্ষ পাচাং ডি সোণাই কিছুদিন পাছত ৪৪ বি আৰ টি এফৰ কমাণ্ডাৰ কৰ্ণেল বি পি এছ টোমাৰক কৃতজ্ঞতাৰ চিন স্বৰূপে এখন প্ৰশংসামূলক প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰিছিল । আনকি ৪৪ বি আৰ টি এফে কায়িঙত অত্যাধুনিক বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি আছে এখন হেলিপেড । আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞই বিশেষভাবে ডিজাইন কৰা হেলিপেডখন হব বি আৰ অৰ ইতিহাসত প্ৰথম এনে এখন হেলিপেড যিখন অসমত পথ নিৰ্মাণত সততে ব্যৱহাৰ পেভাৰ ব্লক ব্যৱহাৰ কৰা হৈছে। অৱশ্যে অসমত পথ নিৰ্মাণত ব্যৱহৃত পেভাৰ ব্লক যেন দেখাত লাগিলেও তাত ব্যৱহাৰ কৰা হৈছে এম – ৫০ গ্ৰেডৰ অতি উন্নত মানৰ ইণ্টাৰ লকিং কংক্ৰেট ব্লক চমুকৈ আই টি চি বি। ইফালে হেলিপেডত যাতে এটোপালো পানী ভিতৰলৈ সৰকিব নোৱাৰে আৰু স্থায়িত্ব দীৰ্ঘদিন অক্ষুণ্ণ থাকে তাৰ বাবে তাত গ্ৰেট ব্ৰিটেইনত নিৰ্মিত এক বিশেষ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে। সেই হেলিপেডত বিশ্বত বৰ্তমানলৈ নিৰ্মাণ হোৱা অত্যাধুনিক চিনুককে ধৰি গধূৰ হেলিকপ্টাৰ যিকোনো বতৰতে উৰণ – অবতৰণ কৰিব পাৰিব। সকলো ঠিকে ঠাকে থাকিলে অহা কিছুদিনৰ ভিতৰতে হেলিপেডৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হব বুলি হেলিপেডৰ নিৰ্মাণকাৰ্যৰ তদাৰক কৰি থকা বি আৰ অৰ ৯২ আৰ চি চিৰ অফিচাৰ কমাণ্ডিং আৰু কাৰ্যবাহী অভিযন্তা এছ কে পাত্ৰই সদৰি কৰিছে। আনহাতে বি আৰ অই পথ নিৰ্মাণ কাৰ্যৰ সমান্তৰাল ভাৱে জনকল্যাণমূলক কাৰ্যসূচীৰ অংশহিচাপে ৰাইজৰ সুবিধাৰ বাবে সময়ে সময়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চকু পৰীক্ষা শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে বুলি ৪৪ বি আৰ টি এফৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গুৰবিন্দৰ সিং খান্নাই জানিবলৈ দিছে।

চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত গোচৰ…

ধেমাজি জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুৰ নিকৃষ্ট কৰ্ম কাণ্ডই কলেজখনৰ সন্মান মৰ্যদা লাঘৱ হোৱাৰ এক বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিলাপথাৰত। শিক্ষাৰ পোহৰ বিলোৱা শিক্ষানুষ্ঠানত অধ্যক্ষৰ দৰে গধুৰ দায়িত্ব থকা ড০ লক্ষ্মীনাথ পেগুৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।  অভিযোগ অনুসৰি মহাবিদ্যালয়খনত অস্থায়ী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী হিচাপে প্ৰত্যক দিনৰ দৰেই শনিবাৰে পুৱাও মধু সাহা নামৰ মহিলা কৰ্মচাৰী গৰাকী উপস্থিত হৈ নিজৰ কৰিবলগীয়া কাম-কাজ খিনি সম্পূৰ্ণ কৰে। পুৱা প্ৰায় ১০ বাজি ৩০ মিনিটত মান বজাত গুণ্ডাৰূপি অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগু উপস্থিত হৈয়ে কোনো কাৰণ নোহোৱাকৈ চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী গৰাকীক নিজৰ অফিচ ৰোমত মাতে ।

পলমকৈ অধ্যক্ষৰ সন্মুখত উপস্থিত হোৱাত নানাধৰণৰ কুতু মন্তব্যৰে অপদস্হ কৰাত কৰ্মচাৰী গৰাকীয়ে বিনা কাৰণতনো কিয় গালি দিছে বুলি অধ্যক্ষক প্ৰশ্ন কৰাত উগ্ৰৰূপ ধাৰণ কৰা অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুয়ে মহিলা কৰ্মচাৰী গৰাকীক টেবুলত থকা গধুৰ ফাইলেৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰাত মূৰত আৰু কাণৰ পৰ্দাত কৰ্মচাৰী গৰাকী আঘাতপ্ৰাপ্ত হোৱা বুলি খৱৰ পোৱা গৈছে। কৰ্মৰত অন্য কৰ্মচাৰীৰ অস্তক্ষেপত কোনো পধ্যে প্ৰাণ ৰক্ষা পৰে মধু চাহুৰ। কিজানি গুণ্ডা ৰূপ ধাৰণ কৰা অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত মৃত্যুক আকোঁৱালি লব লগা হল হয়।  ঘটনাৰ খৱৰ চাৰিওফালে বিয়পি পৰাৰ লগে লগেই অধ্যক্ষই সংঘটিত কৰা এনে কাণ্ডক একেমুখে ধিক্কাৰ গৰিহণা জনায় দল সংগঠনৰ কৰ্মী সকলে। ঘটনা সংক্ৰান্তত ইতিমধ্যেই ন্যায় বিছাৰি চিলাপথাৰ আৰক্ষী থানাত লিখিতভাৱে ড০ লক্ষ্মীনাথ পেগুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভোক্তভোগী মহিলাগৰাকীয়ে। ইফালে আহত মহিলা কৰ্মচাৰীগৰাকীক চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ ডিব্ৰুগড় অসম

মেডিকেল কলেজত ভৰ্তি কৰোৱাত চিকিৎসা চলি আছে। উল্লেখযোগ্য যে বিগত দিনতো মহাবিদ্যালয়খনৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ অনেক আছে অধ্যক্ষৰ বিৰুদ্ধে। ইফালে ঘটনা সন্দৰ্ৱত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিলাপথাৰৰ সচেতন ৰাইজে।  শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত অধ্যক্ষৰ দৰে সন্মানজনক পদত অধিষ্ঠিত থকা অধ্যক্ষৰ এনে কৰ্মকাণ্ড কেতিয়াও গ্ৰহণ যোগ্য নহয় । যিটো কাণ্ড ই কলেজখনৰ গৌৰৱত আঘাত কৰিছে। এজন অবলা মহিলা কৰ্মচাৰীৰ ওপৰত দাদাগিৰিৰে ভয়-ভাবুকিৰে ক্ষমতা জাঁহিৰ কৰি দুৰ্ব্যৱহাৰ কৰা অধ্যক্ষ গৰাকীক তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে। বিধায়ক ভুৱন পেগুৰ অতিঘনিষ্ঠ চিলাপথাৰ কলেজৰ অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে নে বিধায়কৰ ঘনিষ্ঠ হোৱাৰ সোহাৱাদতে সকলো তদন্তৰ পৰা পিছ পৰি থাকিব চিলাপথাৰ আৰক্ষী তাকে লৈ তীব্ৰ চৰ্চা চলিছে ৰাইজৰ মাজত।

শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ…

শিক্ষাৰ নামত তালিবানি শাস্তি ব্যক্তিগত খ্ৰীষ্টান মিছনেৰী স্কুলত। শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতন চলিছে চিলাপথাৰ ডন’বস্ক হাইস্কুলত। তেনেই এক অভিযোগ তুলিছে এগৰাকী ছাত্ৰীৰ অভিভাৱকে। অভিযোগমতে স্কুলখনৰ ছাত্ৰী তনুশ্ৰী নাথ (৭)ৰ  কণমানি ছাত্ৰীক শ্ৰেণীকোঠাত সুদ্বিপা পাল নামৰ শিক্ষয়িত্ৰী

গৰাকীয়ে দিয়া নিয়মমাফিক বহিত লিখাৰ পাছতো আক্ৰোশ মূলক ভালে  শিক্ষয়িত্ৰী গৰাকীয়ে কাণতলীয়া চৰ সুধোৱাত কাণৰ পৰ্দালৈকে আঘাত পাপ্ত হয় ছাত্ৰী। দুয়োখন গালত চৰ’ৰ সুধোৱাত বৰ্তমান ছাত্ৰী গৰাকীৰ মূৰত প্ৰচণ্ড বিষ অনুভৱ কৰিছে লগতে কাণৰ পৰ্দালৈকে আঘাত হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে।

ঘটনাটো শুকুৰবাৰৰ আছিল যদি সিহতীয়াকৈ পোহৰত আহিছে সকলো। ইতিমধ্যেই গুৰুত্বৰ আঘাতপ্ৰাপ্ত হোৱা  কণমানি ছাত্ৰী গৰাকীক ডিব্ৰুগড়স্থিত  ব্ৰহ্মপুত্ৰ হস্পিতালত ভৰ্তি কৰোৱায় চিকিৎসা কৰি থকা হৈছে বুলি অভিভাৱকে জানিব দিছে। তালিবানি কায়দাৰে শিক্ষাদান চলোৱা বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিলাপথাৰত। 

দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড! মোবাইল ফোনসহ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে…

নিশা ছিপাঝাৰৰ দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড।

গাঁৱখনৰ পিয়াৰ আব্দুল আজিজ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।

নিশা চোৰে দুটাকৈ আলমিৰা ভাঙি নগদ ধন, মোবাইল ফোন; সোণৰ আ-অলংকাৰ লুটি নিয়ে।

আনকি লোকজনৰ বাসগৃহৰ আন বহু সামগ্ৰী বিনষ্ট কৰি থৈ যায় চোৰৰ দলটোৱে।

ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।