Home Blog Page 79

Yashraj Singh: JEE মেইনছ ২০২৬ঃ উত্তৰ-পূবৰ শীৰ্ষত ৰে’ল কৰ্মচাৰীৰ পুত্ৰ যশৰাজ সিং

JEE মেইনছ ২০২৬ঃ উত্তৰ-পূবৰ শীৰ্ষত ৰে’ল কৰ্মচাৰীৰ পুত্ৰ যশৰাজ সিং
JEE মেইনছ ২০২৬ঃ উত্তৰ-পূবৰ শীৰ্ষত ৰে’ল কৰ্মচাৰীৰ পুত্ৰ যশৰাজ সিং

ৰাষ্ট্ৰীয় (Yashraj Singh)পৰীক্ষণ সংস্থা [এন টি এ]ৰ জে ই ই মেইনছ ২০২৬ পৰীক্ষাত উত্তৰ-পূবৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰি যশৰাজ সিঙে অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে৷

তেওঁ পদাৰ্থ বিজ্ঞানত ১০০ শতাংশকে ধৰি সামগ্ৰিকভাৱে ৯৯.৯৮ শতাংশ লাভ কৰে৷ যশৰাজ সিং বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীত চিটিটিআই হিচাপে কৰ্মৰত এন এফ ৰে’লৱেৰ কৰ্মচাৰী অভিনৱ ঋতুৰাজৰ পুত্ৰ৷

সৰুৰে পৰা মেধাৱী ছাত্ৰ যশৰাজে মালিগাঁৱৰ ছেইণ্ট বিবেকানন্দ ইংৰাজী একাডেমীত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল৷ মালিগাঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা এইচ এছ এল চি সম্পূৰ্ণ কৰি গুৱাহাটীৰ ছাউথ পইণ্ট স্কুলত উচ্ছতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে৷

তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বই তেওঁৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু শৈক্ষিক উৎকৰ্ষৰ কথাই প্ৰতিফলন ঘটাইছে৷

Kerala to Keralam: কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাত কেবিনেটৰ অনুমোদন

কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাত কেবিনেটৰ অনুমোদন
কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ (Kerala to Keralam) মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ‘কেৰালা’ৰ নাম ‘কেৰালাম’লৈ সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ ৩ নং অনুচ্ছেদৰ অধীনত নিজৰ মত প্ৰকাশৰ বাবে কেৰালা [নাম পৰিৱৰ্তন] বিধেয়ক, ২০২৬ নামৰ এখন বিধেয়ক কেৰালাৰ ৰাজ্যিক বিধানসভালৈ প্ৰেৰণ কৰিব৷ কেৰালাৰ ৰাজ্যিক বিধানসভাৰ মত লাভ কৰাৰ পিছত ভাৰত চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব আৰু সংসদত ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ বাবে কেৰালা [নাম পৰিৱৰ্তন] বিধেয়ক, ২০২৬ বলৱতৰ বাবে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লাভ কৰিব৷ কেৰালাৰ বিধানসভাই ‘কেৰালা’ৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ বাবে ২৪ জুন ২০২৪ত গৃহীত কৰা প্ৰস্তাৱটো তলত দিয়া ধৰণৰ –

‘মালয়ালম ভাষাত আমাৰ ৰাজ্যখনৰ নাম ‘কেৰালাম’৷ ১৯৫৬ চনৰ নৱেম্বৰৰ প্ৰথম দিনটোত ভাষাৰ ভিত্তিত ৰাজ্যসমূহ গঠন কৰা হৈছিল৷ কেৰালা পিৰাভি দিৱসো নৱেম্বৰৰ পহিলা দিনটোত পালন কৰা হয়৷ দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই মালয়ালম ভাষা কোৱা লোকসকলৰ বাবে সংযুক্ত কেৰালা গঠনৰ তীব্ৰ দাবী উত্থাপিত হৈ আহিছে৷ কিন্তু সংবিধানৰ প্ৰথম অনুসূচীত আমাৰ ৰাজ্যখনৰ নামটো ‘কেৰালা’ হিচাপে লিপিবদ্ধ কৰা হৈছে৷ এই বিধানসভাই সৰ্বসন্মতভাৱে কেন্দ্ৰীয় চৰকাৰক সংবিধানৰ ৩নং অনুচ্ছেদ অনুসৰি আমাৰ ৰাজ্যখনৰ নাম ‘কেৰালাম’ হিচাপে পৰিৱৰ্তনৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ৩ান জনাইছে৷’

ইয়াৰ পিছতে কেৰালা চৰকাৰে ভাৰত চৰকাৰক সংবিধানৰ ৩নং অনুচ্ছেদ অনুসৰি ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰি সংবিধানৰ প্ৰথম অনুসূচী সংশোধনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷ সংবিধানৰ ৩নং অনুচ্ছেদত বৰ্তমানৰ ৰাজ্যসমূহৰ নাম সলনি কৰাৰ ব্যৱস্থা আছে৷ ৩নং অনুচ্ছেদ অনুসৰি সংসদে আইনৰ দ্বাৰা যিকোনো ৰাজ্যৰ নাম সলনি কৰিব পাৰে৷ ৩নং অনুচ্ছেদৰ পৰৱৰ্তী চৰ্তত কোৱা হৈছে যে ৰাষ্ট্ৰপতিৰ পৰামৰ্শৰ বাহিৰে এই উদ্দেশ্যৰ বাবে সংসদৰ কোনো সদনত কোনো বিধেয়ক উত্থাপন কৰা নহ’ব আৰু যদিহে বিধেয়কখনত অন্তৰ্ভুক্ত প্ৰস্তাৱে কোনো ৰাজ্যৰ এলেকা, সীমা বা নাম প্ৰভাৱিত নকৰে, তেন্তে ৰাষ্ট্ৰপতিয়ে পৰামৰ্শত নিৰ্দিষ্ট কৰিব পৰা সময়ৰ ভিতৰত বা ৰাষ্ট্ৰপতিয়ে অনুমতি দিব পৰা অধিক সময়ৰ ভিতৰত এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিবলৈ সেই ৰাজ্যৰ বিধান মণ্ডললৈ বিধেয়কখন প্ৰেৰণ কৰে আৰু এনেদৰে নিৰ্দিষ্ট বা অনুমোদিত সময়ৰ ম্যাদ শেষ হয়৷ ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ বিষয়টো ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ত বিবেচনা কৰা হৈছে আৰু কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ অনুমোদনত ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ উদ্দেশ্যে কেবিনেটৰ বাবে প্ৰস্তুত কৰা খচৰা তেওঁলোকৰ মন্তব্যৰ বাবে আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ আইনী পৰিক্ৰমা বিভাগ তথা বিধান বিভাগলৈ প্ৰেৰণ কৰা হৈছে৷ আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ আইনী পৰিক্ৰমা আৰু বিধান বিভাগে ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে৷

কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা হ’বঃ অখিল গগৈ

কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা হ’বঃ অখিল গগৈ
কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা হ’বঃ অখিল গগৈ

২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ বিৰোধীৰ যি মিত্ৰতাৰ কথা চলি আছে সেয়া এতিয়াও যেন পাগত উঠা নাই৷ মিত্ৰতাৰ প্ৰসংগত এতিয়া অখিল গগৈয়ে কংগ্ৰেছৰ পৰা আলেঙে আলেঙে থকা বুলিও বহুতে চৰ্চা কৰিছে৷ এনে সময়তে মিত্ৰতাৰ প্ৰসংগত অখিল গগৈয়ে কয়- ‘যদি কংগ্ৰেছে আমাৰ সৈতে বিশ্বাসঘাতকতা কৰে তেন্তে কেৱল আমাৰ প্ৰতি নহয়, অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা কৰা হ’ব৷ সংবাদ মাধ্যমত ‘কংগ্ৰেছে আমাক এৰি লুৰীণজ্যোতি আৰু জন ইংতি কাথাৰক লৈ নিৰ্বাচন খেলিব, ৰাইজৰ দলক এৰি দিব’ এইবুলি ওলাইছে যদিও মই বিশ্বাস কৰা নাই৷’ বিৰোধী ঐক্যৰে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে৷ ৰাইজৰ দলক বাদ দি আন বিৰোধী দলক আসন এৰি দিয়া বুলি সংবাদ মাধ্যþমত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গগৈয়ে৷

সোমবাৰে কাজিৰঙাত সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, ‘মই নাভাবো যে কংগ্ৰেছে এই বিশ্বাসঘাতকতা কৰিব৷ মই নাভাবো যে অসমৰ ৰাইজে কংগ্ৰেছক এই কাম কৰিবলৈ দিব৷ কংগ্ৰেছক অসম জাতীয় পৰিষদ, চিপিআই, চিপিএম, চিপিইএমএল আৰু এপিএইচএলচিয়ে এই কাম কৰিবলৈ দিব বুলি নাভাবো৷’ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, ‘মই নাভাবো যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী, যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে সকলোৱে জানে যে আমাক এৰি থৈ গ’লে উজনিত এখনো আসন জিকাৰ সম্ভাৱনা নহ’ব৷ আমাক যদি এৰি থৈ যায়, বিশ্বাসঘাতকতা কৰে তেতিয়া আমিও নিৰ্বাচন খেলিব লাগিব৷’ তেতিয়া কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে৷ গগৈয়ে কয়, ‘কংগ্ৰেছে এনেকুৱা খৰতকীয়া আৰু হঠকাৰী সিদ্ধান্ত ল’ব বুলি মই নাভাবো৷’ সংবাদ মাধ্যমৰ আগত গগৈয়ে পুনৰ কয়– ‘এই সময়ত অসমৰ সকলো সচেতন মানুহ, বুদ্ধিজীৱী সমাজ, অসমীয়া মানুহ যিসকলৰ অলপ হ’লেও চেতনা আছে, প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল এক লগ হৈ খেলক৷ সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত কংগ্ৰেছে কেতিয়াও আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব এনেকুৱা কথা মই বিশ্বাস নকৰো৷’

অৱশ্যে গগৈয়ে কয়– ‘এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা কোনোবা দলক কৈছিল যে ২৪ তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম, কিন্তু বাকী দলবিলাকে মই জনা মতে আটাইবিলাক দলে বামপন্থী দল, সোঁপন্থী দল, আঞ্চলিকতাবাদী দল সকলো দলে মই জনা মতে ‘অপ’জ’ কৰিছে যে নহয় আমি সকলোৱে একেলগে খেলিম৷ আনহাতে, আমাৰ লগত বেছি সমস্যাও নাই৷’ মাত্ৰ তিনিটামান সমষ্টিৰ সমস্যা বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘এবাৰ কথা পাতি দিলেই শেষ হৈ যাব, কিন্তু তাৰ পিছতো যদি কংগ্ৰেছে এনে সিদ্ধান্ত লয়, তেন্তে এয়া ‘ছুইছাইডিয়েল’ বুলি ক’ব লাগিব৷ নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক’ব লাগিব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই৷’ কংগ্ৰেছৰ বেলেগ বেলেগ লোকে ফোন কৰি আছে বুলি উল্লেখ কৰি গগৈয়ে সংবাদ মেলত কয়– ‘এতিয়ালৈকে ইতিবাচক কথা কৈ আছে৷ সেই কাৰণে ময়ো ইতিবাচক কথাই কৈ আছো৷’

লুঙী, ধূতি, সূতা, কম্বল, আঁঠুৱা কংগ্ৰেছৰ পঞ্চামৃতঃ ড° হিমন্ত বিশ্ব শৰ্মা

লুঙী, ধূতি, সূতা, কম্বল, আঁঠুৱা কংগ্ৰেছৰ পঞ্চামৃতঃ ড° হিমন্ত বিশ্ব শৰ্মা
লুঙী, ধূতি, সূতা, কম্বল, আঁঠুৱা কংগ্ৰেছৰ পঞ্চামৃতঃ ড° হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ সুদীৰ্ঘ শাসন কালত লুঙী, ধূতি, সূতা, কম্বল, আঁঠুৱা বিতৰণ কৰি শাসন কৰিলে। কংগ্ৰেছ চৰকাৰে এই আঁচনিক পঞ্চ অমৃত হিচাপে বিবেচনা কৰিছিল। যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ বৈছাহাবি বাগিচা খেলপথাৰত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি এনেদৰে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উন্নয়নৰ বাৰ্তা লৈ আজি যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ বৈছাহাবি চাহ বাগিছাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১২৬ টা গ্ৰাম্য আত্মসহায়ক গোটৰ ২৯ হাজাৰ মহিলাৰ মাজত আনুষ্ঠানিক ১০ হাজাৰ টকাৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আদৰনি ভাষণ প্ৰদান কৰা পাছতে মুখ্যমন্ত্ৰীয়ে মৰিয়নিৰ ১৮ খন চাহ বাগিচাত নৱনিৰ্মিত জগন্নাথ প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ, মৰিয়নি আৰক্ষী থানা, বাপুজী মিনি ষ্টেডিয়াম, ললিত চন্দ্ৰ ৰাজখোৱা ইনড’ৰ ষ্টেডিয়াম, সামগ্ৰী পুনৰুদ্ধাৰ প্ৰকল্পকে ধৰি বহুকেইটা আঁচনি ভাৰ্চূৱেলী শুভ উদ্বোধন কৰে। আঁচনিৰ চেক লাভ কৰা মহিলা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ১০ হাজাৰ টকা উৎপাদমমুখী কামত বিনিয়োগ কৰিলে পুনৰ ২৫ হাজাৰকৈ লাভ কৰিব বুলি উল্লেখ কৰে।

মহিলাসকলক মুখ্যমন্ত্ৰীয়ে ১০ হাজাৰ টকা কেনেদৰে ব্যৱহাৰ কৰিব তাৰো পৰামৰ্শ প্ৰদান কৰে।মুখ্যমন্ত্ৰীয়ে বাগিছাৰ শ্ৰমিকৰ মজুৰি দুই এদিনতে বৃদ্ধি হ’ব বুলি উল্লেখ কৰে।মৰিয়নিত ৪৫ কোটি টকাৰে জাঁজী নদীৰ বাওফালৰ মঠাউৰি পকীকৰণৰ কাম চলি থকা লগতে শীঘ্ৰে সোঁফালৰ মঠাউৰিৰ পকীকৰণৰ কাম আৰম্ভ হ’ব বুলি কয়।মৰিয়নি উন্নয়নৰ দিশত গতি কৰা লগতে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰা কাৰনেহে মৰিয়নি সমষ্টিত উন্নতি হৈছে বুলি মন্তব্য কৰে।লক্ষনীয়ভাৱে মুখ্য মন্ত্ৰীয়ে ৰাইজক উদ্যেশি ৰূপজ্যোতিক পুনৰ জয়ী কৰাবনে নাই বুলি প্ৰশ্ন কৰে।”ৰূপজ্যোতি জয়ী হ’লে অহা পাঁচ বছৰত ইয়াতকৈও বেছি কাম হ’ব আৰু কাম হোৱাৰ গেৰান্টি মই লৈছো” বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মৰিয়নিৰ আৰু দুহেজাৰ মহিলা নতুনকৈ অৰুনোদয়ত অন্তভূৰ্ক্ত হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ মৃত্যুৰ তদন্ত ফাৰ্ষ্ট ট্ৰেক আদালতত হ’ব লাগে বুলি উত্থাপন হৈ থকা সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় – বৰ্তমান যিহেতু বিচাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে আগবাঢ়িছে, কিন্তু ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হলে অভিযুক্তই যদি জামিন লাভ কৰে তেতিয়া চৰকাৰ দায়ী নহ’ব ।

এইক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ স্থিতিক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ দলপতি সাংসদ গৌৰৱ গগৈক ভাৰত -ফিলিপাইনছ মৈত্ৰী গোটৰ অধ্যক্ষ ৰূপে নিযুক্তিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। “তেঁওক দিব লাগিছিল ভাৰত-পাকিস্তানৰ।ভুলতে দি দিলে ভাৰত-ফিলিপাইনছৰ।ভাৰত পাকিস্থানৰ দিয়া হ’লে ভালকৈ চলিল হেতেন” বুলি মন্তব্য কৰে।আজিৰ অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত জয় শিৱানী, সমজিলা আয়ুক্ত অভিজীৎ গগৈ, বিজেপি জিলা সভাপতি শান্তনু পুজাৰী, উপ সভাপতি ৰাণা গোস্বামীকে ধৰি বিজেপি দলৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে।

মাখিবাহাৰ ধৰ্মপ্ৰাণ মহিলা বিমলা দেৱীৰ দেহাৱসান

মাখিবাহাৰ ধৰ্মপ্ৰাণ মহিলা বিমলা দেৱীৰ দেহাৱসান
মাখিবাহাৰ ধৰ্মপ্ৰাণ মহিলা বিমলা দেৱীৰ দেহাৱসান

মাতৃহাৰা হ’ল লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তা চম্পক কুমাৰ শৰ্মা, অসম বাৰ্তাজীৱী সংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সাংবাদিক কিশোৰ জ্যোতি শৰ্মা আৰু নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক প্ৰতিদিন টাইমৰ সাংবাদিক ৰূপ কুমাৰ শৰ্মা। টিহুৰ সমীপৱৰ্তী মাখিবাহাস্থিত নিজ বাসভৱনত ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সৰবৰহী মহিলা বিমলা দেৱীয়ে। উল্লেখযোগ্য যে এঘাৰ মাহ পূৰ্বে পিতৃহাৰা হৈছিল তেওঁলোক। পিতৃ প্ৰবীন সাংবাদিক তথা অৱসৰী কৃতি শিক্ষক মহেন্দ্ৰ নাথ শৰ্মাৰ ২০২৫ চনৰ ১৯ মাৰ্চত মৃত্যু হৈছিল।

পিতৃহাৰা হোৱাৰ এবছৰ নহওঁতেই মাতৃহাৰা হ’ল তেওঁলোক। সকলোৰে সুখ দুখৰ সমভাগি হোৱা ধৰ্মপ্ৰাণা মহিলা বিমলা দেৱীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি তেওঁৰ মাখিবাহাস্থিত বাসভৱনত উপস্থিত হৈ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা নগেন শালৈ, সাংবাদিক লিখন ঠাকুৰীয়া, চৌধুৰীপাৰা নৱোদয় সংঘৰ সভাপতি ডিম্বেশ্বৰ চৌধুৰী, সম্পাদক দ্বীজেন ৰাজবংশী, চৌধুৰীপাৰা ব্ৰাহ্মণ সমাজ, আদি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ লগতে ব্যক্তি বিশেষে নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে। পিছত এক শোক সমদল কৰি অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

ৰীল বনাই ভালপোৱা সকলৰ বাবে ভাল খবৰঃ ৰীল বনাই লাভ কৰিব পাৰে ৫০ হাজাৰৰ পৰা ২ লাখ টকা

ৰীল বনাই লাভ কৰিব পাৰে ৫০ হাজাৰৰ পৰা ২ লাখ টকা
ৰীল বনাই লাভ কৰিব পাৰে ৫০ হাজাৰৰ পৰা ২ লাখ টকা

ৰীল বনাই ভালপোৱা সকলৰ বাবে ভাল খবৰ।

সামাজিক মাধ্যমত ৰীলৰ প্ৰতিযোগিতা পাতিব বিজেপিয়ে।

ৰীল বনাই আপুনি লাভ কৰিব পাৰে ৫০ হাজাৰৰ পৰা ২ লাখ টকা।

ৰীল প্ৰতিযোগিতাৰ লগতে বিজেপিয়ে পাতিব ৰচনা প্ৰতিযোগিতা।

ৰীলৰ দৈর্ঘ্য ন্যূনতম ২০ চেকেণ্ডৰ পৰা ৯০ চেকেণ্ড হ’ব লাগিব।

ভিডিঅ’ৰ বিষয় যোৱা পাঁচ বছৰত হোৱা অসমৰ ক্ষিপ্র উন্নয়ন।

সকলো বয়সৰ লোকে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব।

সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্রতিযোগীসকলক নির্বাচন কৰা হ’ব।

এই প্রতিযোগিতা অসমভিত্তিত অনুষ্ঠিত হ’ব।

এগৰাকী ব্যক্তিয়ে সর্বাধিক ১০ টা ৰীল আপলোড কৰিব পাৰিব।

যিকোনো লোকে এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ৰীল অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক/ইনস্টাগ্রাম একাউন্ট বা পেজত আপলোড কৰি সেই লিংক 9395078898 নম্বৰত লিংকৰ লগতে ‘ৰীল’টোৰ DOCUMENT FORMATত প্ৰেৰণ কৰিব লাগিব।

ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সামাজিক মাধ্যম বিভাগৰ উদ্যোগত অসম ভিত্তিত আয়োজন কৰা হৈছে ৰচনা প্ৰতিযোগিতা আৰু অভিনৱ ৰীল প্ৰতিযোগিতা।

শদিয়া ইক’ কেম্পত লেখক-কবি-সাহিত্যানুৰাগীৰ সমাবেশেৰে, শদিয়া লিটাৰেচাৰ ফেষ্টিভেল…

শদিয়া ইক’ কেম্পত লেখক-কবি-সাহিত্যানুৰাগীৰ সমাবেশেৰে, শদিয়া লিটাৰেচাৰ ফেষ্টিভেল...
শদিয়া ইক’ কেম্পত লেখক-কবি-সাহিত্যানুৰাগীৰ সমাবেশেৰে, শদিয়া লিটাৰেচাৰ ফেষ্টিভেল...


তিনিচুকীয়াঃ সতফুলৰ দেশ নামেৰে পৰিচিত শদিয়া কেৱল অসমৰ প্ৰথমখন ঠায়েই নহয়। ভাৰতৰ আটাইতকৈ দীঘল নদী দলংখন শদিয়াতে আছে। শদিয়াতে বিশ্বখ্যাত শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম। এই পৰ্যন্ত অইল ইণ্ডিয়া লিমিটেডৰ অটাইতকৈ গভীৰ খাদটো খনন কৰা হৈছে শদিয়াতে। আৰু অনেক কিংবদন্তি-ইতিহাস বহন কৰি আছে শদিয়াই। শদিয়া ইক’ কেম্পেও এক নতুন ইতিহাসেই ৰচনা কৰিছে সাহিত্য উৎসৱ নিজা উদ্যোগত আয়োজন কৰি। অসমত এতিয়ালৈকে অন্য কোনো হোটেল, ৰিজৰ্ট, ইক’ কেম্পে এতিলৈকে এনেদৰে সাহিত্য উত্সৱ বা লিটাৰেচাৰ ফেষ্টিভেল আয়োজন কৰা নাই।

প্ৰাকৃতিক পৰিবেশৰ মাজত শদিয়া ইক’ কেম্পৰ উদ্যোগত, ক’লাৰ্ছ অফ নৰ্থ ইষ্ট আৰু শদিয়া মহাবিদ্যালয়ৰ সহযোগত দ্বিতীয় শদিয়া লিটাৰেচাৰ ফেষ্টিভেল দিনজোৰা কাৰ্যসূচীৰে ২২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যায়। লেখক-কবি-সাহিত্যানুৰাগীৰ সমাবেশেৰে দ্বিতীয়বাৰৰ বাবে শদিয়া লিটাৰেচাৰ ফেষ্টিভেল শদিয়াৰ শান্তিপুৰৰ অসম-অৰুণাচল সীমাৰ জীয়া নৈৰ পাৰৰ শদিয়া ইক’ কেম্পত অনুষ্ঠিত কৰা হয়। শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা জুবিন গাৰ্গৰ ‘মায়াবিনী’ সমবেত সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। সমবেত সংগীতটো পৰিচালনা কৰে শদিয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শাৰদী বৰাই। বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠন ক’লাৰ্চ অফ নৰ্থ-ইষ্টৰ সাধাৰণ সম্পাদক পাপুলক্ষ্মী ডেকাই বন্তি প্ৰজ্বলন কৰে। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় শদিয়া শতদল শাখা সাহিত্য সভাৰ সভাপতি গোপীনাথ বুঢ়াগোহাঁই, সম্পাদক কমল দিহিঙ্গীয়া, শদীয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা উষাৰাণী হাজৰিকা আৰু আবৃত্তি পৰিষদ শদিয়া শাখাৰ সম্পাদিকা জিন্তিমণি গগৈয়ে। দ্বিতীয় শদিয়া লিটাৰেচাৰ ফেষ্টিভেললৈ সকলোকে আদৰণি জ্ঞাপন আৰু সমূহ কাৰ্যসূচী পৰিচালনা কৰে ফেষ্টিভেলৰ আহ্বায়ক তথা ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে। আলোকপাত শীৰ্ষক অনুষ্ঠানত ‘কাৰ্টুনঃ সমাজ আৰু সাহিত্যক প্ৰভাৱিত কৰা জোঙাল অস্ত্ৰনে হাঁহিৰ খোৰাক’ বিষয়ত আলোকপাত কৰে কাৰ্টুনিষ্ট-সাংবাদিক নিতুপৰ্ণ ৰাজবংশীয়ে। শদিয়া মহাবিদ্যালয়ৰ উদ্যোগত ‘ইতিহাস কাৰ বাবে? একবিংশ শতিকাত বুৰঞ্জী শিক্ষা আৰু ভিণ্টেজ হাব প্ৰকল্প’ বিষয়ত বাৰ্তালাপ অনুষ্ঠানটিত যোৰহাট ভিণ্টেজ হাবৰ প্ৰতিষ্ঠাতা অভিনিৱেশ শৰ্মাই সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটি উদ্বোধন কৰে শদিয়া লিটাৰেচাৰ ফেষ্টিভেল আয়োজনৰ সহযোগী তথা শদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন চুতীয়াই। কবিতা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে কবি-গল্পকাৰ-ঔপন্যাসিক দিপ্তী দত্ত কলিতা, কবি নাট্য সংগঠক তথা অধ্যাপক নিৰোদ গোহাঁই, কবি বিকিয়ান বাইলুং, মানসী গগৈ, ৰতন শদিয়াল, মাধুৰী সন্দিকৈ, ভৈৰৱ গোহাঁই, দিগন্ত কুমাৰ ভাজনি, ভৱানী প্ৰসাদ দুংগানা, বুলবুলি বুঢ়াগোহাঁই, সদানন্দ হাজং আৰু শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰী ববিতা সোনোৱালে। দুটা কবিতা আবৃত্তিৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ক্ৰমে আবৃত্তিকাৰ নিমিষা শইকীয়া আৰু পূৰ্ণিমা দুৱৰা দিহিঙ্গীয়াই। ফেষ্টিভেলৰ বিশেষ আকৰ্ষণ লেখক-পাঠকৰ আন্তৰিক আলাপৰ অনুষ্ঠানত বিশিষ্ট লেখক তথা আই জি (অসম পুলিচ), ‘দি ট্ৰায়েল’, ‘দ্য ফল’ৰ অনুবাদক প্ৰশান্ত সাগৰ চাংমাই (আই.পি.এছ.), ঔপন্যাসিক ‘ডিগ বয় ডিগ’, ‘ফালাপ’, ‘মুংডুনচুনখাম’, ‘ডিভাইন কোড’ৰ স্ৰষ্টা দীপাংকৰ মল্ল বৰুৱা, সাংবাদিক-লেখক, ‘নিষিদ্ধ যোদ্ধা’, ‘লেডি ‘গেৰিলা’, ‘দ্য ডেথ জ’ন’ৰ স্ৰষ্টা ধীৰু মনি গগৈ, লেখক-আলোচক, ‘জীৱন যদি জীয়াব লাগে’, ‘মেৰিয়েন এণ্ডাৰছনৰ প্ৰাৰ্থনা’ৰ লেখক অৰ্ণৱ শইকীয়া, বিস্ময়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা ‘দেওবৰত জোনাক’, ‘আকৌ চেণ্টুদা’, ‘ডাঃ আৰ ডিৰ চেম্বাৰ’, অপু চিৰিজ’, ‘বাসুৰ গল্প’ আদিৰ লেখক বৈদুৰ্য বৰুৱাই কিয় আৰু কাৰ বাবে লিখে সম্পৰ্কত বক্তব্য ৰাখে আৰু সাহিত্যানুৰাগীৰে আলাপ কৰে। এইবাৰ ফেষ্টিভেলৰ লগত সংগতি ৰাখি ‘জীয়া নৈ’ নামেৰে ‘শদিয়া লিটাৰেচাৰ ফেষ্টিভেলৰ নিৰ্বাচিত কবিতা’ৰ এখনি কাব্য গ্ৰন্থ প্ৰকাশ কৰা হয়। ছয়সত্তৰ গৰাকী প্ৰতিষ্ঠিত কবি আৰু পয়ত্ৰিশ গৰাকী অনুজ কবিৰ কবিতাৰে এশ একান্নব্বৈ পৃষ্ঠাৰ ‘জীয়া নৈ’ৰ মুখ্য সম্পাদক বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়া, সম্পাদক বিকিয়ান বাইলুং, মাইনু গগৈ আৰু ঋতুপৰ্ণা বুঢ়াগোহাঁই। গ্ৰন্থখন প্ৰকাশ কৰিছে ‘পূৰ্বায়ন প্ৰকাশনে’। ‘জীয়া নৈ’ আনুষ্ঠানিক ভাবে উন্মোচন কৰে প্ৰশান্ত সাগৰ চাংমায়ে। তেখেতক সহযোগিতা কৰে দীপাংকৰ মল্ল বৰুৱা, অৰ্ণৱ শইকীয়া, নিৰোদ গোহাঁই, ড০ ৰঞ্জন কুমাৰ দাস, ধীৰু মনি গগৈ, বুলবুলি বুঢ়াগোহাঁই আৰু ভাৰতী শইকীয়া ডেকাই। ‘চিনেমা আৰু সাহিত্যৰ আন্ত-সম্পৰ্কঃ প্ৰসংগ অসমীয়া চিনেমা’ বিষয়ত এক আন্তৰিক কথোপকথনত অতিথি হিচাপে চিনেমা নিৰ্মাতা জয়চেং দহোটীয়াই অংশ লয়। এই অনুষ্ঠানটোৰ সূত্ৰ ধৰে চিনেমা-ৰসিক, সাংবাদিক ভিবিৰাণী বৰগোহাঁইয়ে। ফেষ্টিভেললৈ অহা সকলো পাঠক-লেখক অতিথিক কৃতজ্ঞতা জ্ঞাপন কৰে ফেষ্টিভেলৰ সমন্বয়ক তথা শদিয়া ইক’ কেম্পৰ স্বত্বাধিকাৰী প্ৰাঞ্জল প্ৰতীম দত্তই। সন্ধিয়ালৈ জয়চেং দহোটীয়াৰ পৰিচালনাত নিৰ্মিত ‘বাঘজান’ চিনেমাখন প্ৰদৰ্শন কৰা হয়। ফেষ্টিভেলৰ অন্তিম কাৰ্যসূচী গীতৰ এসন্ধ্যাত গীত পৰিবেশন কৰে ‘ৰঙীন চিলা’ খ্যাত কণ্ঠশিল্পী কুলদ্বীপ বৰুৱাই। শদিয়া লিটাৰেচাৰ ফেষ্টিভেলৰ অন্যান্য আকাৰ্ষণ হিচাপে কেম্পৰ বাকৰিত পক্ষী পৰ্যবেক্ষক, তিনিচুকীয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰঞ্জন কুমাৰ দাস আৰু ফটোগ্ৰাফাৰ ডাঃ ঋতুৰাজ ভূঞাৰ নিৰ্বাচিত ফটো প্ৰদৰ্শনীয়ে সাহিত্যানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে। তাৰোপৰি নিৰ্বাচিত গ্ৰন্থৰাজীৰ বিপণী, পৰম্পৰাগত খাদ্যৰ বিপণী, পৰম্পৰাগত বস্ত্ৰৰ বিপণী, হস্তনিৰ্মিত সামগ্ৰীৰ বিপণী আৰু অন্যান্য সামগ্ৰীৰ বিপণীয়ে ফেষ্টিভেলৰ চৌপাশ শুৱনি কৰে। দূৰণিৰ পৰা অহা অতিথিসকলে শদিয়া লিটাৰেচাৰ ফেষ্টিভেললৈ গৈ লাভ কৰে অসমৰ প্ৰথমখন ঠাই শদিয়াৰ লগতে কাষৰীয়া অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক শোভাৰ আমেজ, সমাজ-সংস্কৃতিৰ সান্নিধ্য। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘প্ৰকৃতি’ বিষয়ত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনি সুনিয়াৰীকৈ পৰিচালনা কৰে মাইনু গগৈয়ে। বিচাৰক হিচাপে দায়িত্ব পালন কৰে নিতুপৰ্ণ ৰাজবংশীয়ে। প্ৰতিযোগিতাৰ ক শাখাত স্থান লাভ কৰে ক্ৰমে ৰিতিশা দাস (চেইণ্ট থমাছ হাইস্কুল), নীলাঞ্জনা কেশৱ (ৰাজ কিডছ ফাউণ্ডেশ্যন), ভন্তি পাংগিং (শান্তিপুৰ এম ই স্কুল)য়ে। খ শাখাত স্থান লাভ কৰে ক্ৰমে দুলাল সোনৱাল (উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়), হিৰণ চিৰিং (শংকৰদেৱ বিদ্যা নিকেটন, শদিয়া), চাজন ৰায় (শান্তিপুৰ এম ই স্কুল)-এ। অধ্যাপক ড০ দীপেন্দ্ৰ কুমাৰ খানাল, অধ্যাপিকা এলিনা শইকীয়া, মাইনু গগৈ, বুলবুলি বুঢ়াগোহাঁই, ঋতুপৰ্ণা বুঢ়াগোহাঁই, ময়ুৰী শইকীয়া, ভাৰতী শইকীয়া ডেকাকে প্ৰমুখ্য কৰি সাংবাদিক, শদিয়াবাসী লেখক-কবি আৰু শুভাকাংখীসকলে অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়ায়। দ্বিতীয় শদিয়া লিটাৰেচাৰ ফেষ্টিভেলত সাহিত্য, সমাজ ইতিহাস, সংস্কৃতিৰ আলোচনাৰ লগতে উচ্চ মানৰ সাহিত্য সৃষ্টি, পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰা, শদিয়াত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি শদিয়াৰ কোনোবা অঞ্চলত অথবা শদিয়া মহাবিদ্যালয়ত ‘ড০ ভূপেন হাজৰিকা ভিণ্টেজ হাব প্ৰকল্প’ স্থাপনৰ দৰে চিন্তা চৰ্চাই গুৰুত্ব লাভ কৰে।

গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী

গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী

এইচ ডি এফ চি বেংক, ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংকে, আজি গুৱাহাটীত নিজৰ প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী মুকলি কৰে। এই অত্যাধুনিক সুবিধাই অসমত উন্নত প্ৰযুক্তি, উদ্ভাৱন আৰু প্ৰতিভা বিকাশৰ এক কেন্দ্ৰ হিচাপে কাম কৰিব আৰু  কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব। এইচ ডি এফ চি বেংকে অসমত প্ৰথমবাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই পদক্ষেপ হৈছে চতুৰ্থটো প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী। বৰ্তমান বেংকটোৰ মুম্বাই, বেংগালুৰু আৰু গুৰুগ্ৰামত ইতিমধ্যে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী আছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই পদক্ষেপৰ মুকলি কৰে। অনুষ্ঠানটোত এইচ ডি এফ চি বেংকৰ উপ-মহাপ্ৰবন্ধক শ্ৰীযুত কাইজাদ ভাৰুচা, মুখ্য তথ্য বিষয়া শ্ৰীযুত ৰমেশ লক্ষ্মীনাৰায়ণ, অসম চৰকাৰৰ গণ্য-মান্য ব্যক্তিসকল আৰু বেংকৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

এই পদক্ষেপে ৰাজ্যখনত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু তেওঁলোকক ভৱিষ্যৎ প্ৰজন্মৰ প্ৰযুক্তি বিকাশত প্ৰত্যক্ষভাৱে অৱদান আগবঢ়াবলৈ সক্ষম কৰি তুলিব। অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহৰ স্থানীয় প্ৰযুক্তি প্ৰতিভা ব্যৱহাৰ কৰি বেংকটোৱে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰীৰ সক্ষমতা অধিক শক্তিশালী কৰিব। ইয়াৰ মূল লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড, ডাটা আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰৰ প্ৰযুক্তিগত অগ্ৰগতি নিশ্চিত কৰা আৰু  ডিজিটেল ক্ষেত্ৰত নতুন সামগ্ৰী সৃষ্টি কৰাৰ সক্ষমতা বৃদ্ধি কৰা।

অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এডভাণ্টেজ আছাম ২.০ পদক্ষেপৰ অংশ হিচাপে এইচ ডি এফ চি বেংকে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই যৌথ পদক্ষেপৰ জৰিয়তে এইচ ডি এফ চি বেংক আৰু অসম চৰকাৰে বি এফ এছ আই আৰু ফিনটেক খণ্ডৰ সৈতে সম্পৰ্কিত দক্ষতা বিকাশ পাঠ্যক্রমৰ জৰিয়তে শৈক্ষিক জ্ঞানক ঔদ্যোগিক অভিজ্ঞতাৰ সৈতে সংযুক্ত কৰি উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

কেম্পাছ-টু-ক’ৰ্পৰেট দক্ষতাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা এই কাৰ্যসূচী বেংকিং আৰু ফিনটেক খণ্ডত নিয়োগৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি ৰূপায়ণ কৰা হৈছে। পাঠ্যক্রমত মৌলিক বেংকিং জ্ঞানৰ লগতে আধুনিক আই টি বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

এই কাৰ্যসূচী ২০২৫ চনৰ ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু বৰ্তমান এই কাৰ্যসূচীৰ অংশ হিচাপে ১৫০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। শিক্ষাৰ্থীসকলে এইচ ডি এফ চি বেংকৰ জ্যেষ্ঠ বিষয়াৰ পৰা উদ্যোগ-সম্পৰ্কীয় জ্ঞান আৰু ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব।

এই কাৰ্যসূচীৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে ২-৪ মাহৰ বাবে এইচ ডি এফ চি বেংকৰ সৈতে ইণ্টাৰ্নশ্বিপৰ সুবিধাও লাভ কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে শৈক্ষিক আৰু প্ৰযুক্তিগত ধাৰণাসমূহ ক’ৰ্পৰেট পৰিৱেশৰ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব। এই পাঠ্যক্রমৰ বাবে শিক্ষাৰ্থীসকলে কোনো অতিৰিক্ত ব্যয় বহন কৰিব নালাগে।

এই সন্দৰ্ভত এইচ ডি এফ চি বেংকৰ উপ-মহাপ্ৰবন্ধক শ্ৰীযুত কাইজাদ  ভাৰুচাই কয়, “গুৱাহাটীত আমাৰ নতুন প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী উদ্বোধন কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত। ২০২৫ চনৰ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০-ত এইচ ডি এফ চি বেংক আৰু অসম চৰকাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু এটা বছৰৰ ভিতৰত এই পদক্ষেপ ৰূপায়ণ কৰিবলৈ পাই আমি সন্তুষ্ট। অসম চৰকাৰৰ সহায়-সহযোগিতাৰ ফলতেই এয়া সম্ভৱ হৈছে। এই সুবিধাই আমাক নতুন ডিজিটেল সামগ্ৰী আৰু সেৱা আৰম্ভ কৰিবলৈ সহায় কৰিব আৰু আমাৰ আই টি সক্ষমতা অধিক শক্তিশালী কৰিব। ইয়াৰ লগতে এই সুবিধাই অসমৰ অভিযান্ত্ৰিক ক্ষেত্ৰৰ প্ৰতিভাক আকৰ্ষিত কৰি তেওঁলোকক নিজৰ ঘৰৰ ওচৰতে থাকি বেংকিং খণ্ডত পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি বিকাশত অৱদান আগবঢ়াবলৈ সুযোগ প্ৰদান কৰিব।”

এইচ ডি এফ চি বেংকৰ প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী মডেলটো ডিজিটেল কাম-কাজৰ এক মুখ্য কেন্দ্ৰ হিচাপে গণ্য কৰা হ’ব; য’ত নক্সা, মোবাইল আৰু ক্লাউড ইঞ্জিনিয়াৰিং, এ পি আই আৰু অ’ৰ্কেষ্ট্ৰেচন, ডাটা আৰু জেনেৰেটিভ এ আইৰ লগতে আৰম্ভণিৰ পৰাই সুৰক্ষিত নক্সা আদিৰ ওপৰত গুৰুত্ব বহনকাৰী নিৰ্দিষ্ট ইউনিটসমূহ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

২০০৪ চনত গুৱাহাটীত প্ৰথম শাখা উদ্বোধনৰ জৰিয়তে অসমত বেংকটোৰ এক নতুন যাত্ৰা আৰম্ভ হৈছিল আৰু বেংকটোৰ বাবে অসম এক গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত হৈ আহিছে। তেতিয়াৰ পৰা বেংকটোৱে নিজৰ শাখা বৃদ্ধি কৰি ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে ১৩৮টা শাখা আৰু ২৪৮টা এ টি এম স্থাপন কৰিছে। ষ্টেট লেভেল বেংকাৰ্চ কমিটি (এছ এল বি চি)ৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত বেংকটোৰ ঋণ-জমা (চি ডি) অনুপাত হৈছে ৮৫.৭৮%।

কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল’লে অনুসূচীত জাতি ছাত্ৰ সন্থাই, ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ উন্নীত কৰণক আদৰণি

কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল'লে অনুসূচীত জাতি ছাত্ৰ সন্থাই, ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ উন্নীত কৰণক আদৰণি
কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল'লে অনুসূচীত জাতি ছাত্ৰ সন্থাই, ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ উন্নীত কৰণক আদৰণি

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল। সংবাদমেলত সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। সংবাদমেলত সংগঠনটোৰ নেতৃবৃন্দই কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতিৰ লোকক লাঞ্ছনা-বঞ্চনা কৰাৰ কথা কৈ তাৰ জলন্ত উদাহৰণ দি কয় যে, স্বাধীন ভাৰতৰ ৭৭ বছৰীয়া শাসনকালত কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতিৰ লোকসকলক সংবিধানৰ প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ মাজত কেৱল ৮টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰখা হৈছিল বুলি তেওঁলোকে অভিযোগ উত্থাপিত কৰি সংবিধান সন্মত সংৰক্ষণ ব্যৱস্থা বাস্তৱায়ন কৰা নহ’ল বুলিও ক্ষোভ প্ৰকাশ কৰে।

আনহাতে, বৰ্তমানৰ চৰকাৰৰ দিনত ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰি উন্নীত কৰা হৈছে। এই পদক্ষেপক ঐতিহাসিক সিদ্ধান্ত বুলি আখ্যা দি সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰশাসনিক দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে। ইয়াৰ লগতে সংগঠনটোৱে উজান বজাৰৰ উদ্যানখন সতী ৰাধিকাৰ নামত বিশ্বমানৰ ৰূপে উন্নীত কৰি নিৰ্মাণ কৰা কাৰ্যক আদৰণি জনায়। চৰকাৰে অনুসূচিত জাতিৰ কল্যাণত গ্ৰহণ কৰা আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহক সংগঠনটোৱে ইতিবাচক পদক্ষেপ বুলি স্বীকাৰ কৰে। কিন্তু ইয়াৰ লগতে সংগঠনটোৱে কেইটামান সমস্যা শীঘ্ৰে সমাধানৰ দাবীও উত্থাপন কৰে। ইফালে সংবাদমেল যোগে সংগঠনটোৱে অহা ৰাজ্যসভা নিৰ্বাচনত এখন আসনত অনুসূচীত জাতিৰ এজন লোকক মনোনীত কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলক আহ্বান জনায়। সংবাদমেল খনত চৰকাৰে অনুসূচিত জাতিৰ বাবে কৰা উন্নয়ন মূলক কাম সমূহৰো শলাগ লয়।

ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কঠোৰ ভাষাৰে সমালোচনা । “কংগ্ৰেছৰ ইমান অহংকাৰ” বুলি মত প্ৰকাশ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ ।এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়

"কংগ্ৰেছৰ ইমান অহংকাৰ"
"কংগ্ৰেছৰ ইমান অহংকাৰ"

ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কঠোৰ ভাষাৰে সমালোচনা

“কংগ্ৰেছৰ ইমান অহংকাৰ” বুলি মত প্ৰকাশ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ

এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সংবাদমেলক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতেই মীৰা বৰঠাকুৰে ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰাৰো অভিযোগক কেন্দ্ৰ কৰি ধৰ্মীয় আৰু সামাজিক মহলত তীব্ৰ ক্ষোভ প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে।

ধৰ্মক লৈ তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ওপৰত ক্ষোভ উজাৰিলে মাজুলীৰ শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামী আৰু গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামীয়ে। মাজুলীস্থিত শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে এই বিষয়ত কঠোৰ ভাষাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে অন্তত ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়। ধৰ্মই আমাক দিশ নিৰ্ণয় কৰে, আমাৰ মূল্যবোধ নিৰ্মাণ কৰে। কীৰ্তন, ভাগৱত আমাৰ পৰম পৱিত্ৰ গ্ৰন্থ।

ইয়াৰ প্ৰতি অসম্মান কেতিয়াও সহনীয় নহয়। লগতে, সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে স্পষ্টকৈ কয় যে নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত যদি কংগ্ৰেছে ধৰ্মক সন্মান জনাব নোৱাৰে, তেন্তে ক্ষমতা লৈ আহিলে তেওঁলোকে কেনেধৰণে সমাজ-জাতিক সুৰক্ষা প্ৰদান কৰিব? লগতে, মিঞাবোৰৰ অসমত কোনো স্থান নাই, তেওঁলোকক লগত লৈ ৰাজনীতি কৰাটো বেয়া কথা। কংগ্ৰেছৰ ইমান অহংকাৰ কোনো পক্ষে ভাল নহয় বুলিও মত প্ৰকাশ কৰে শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে। আনহাতে, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামীয়েও কঠোৰ ভাষাৰে সমালোচনা কৰে মীৰা বৰঠাকুৰক। তেওঁ কয় যে, ৰাজনৈতিক স্বাৰ্থত ধৰ্মীয় অনুভূতি আঘাত কৰা মানে সমাজৰ একতাৰ ভেঁটি কঁপোৱা। অসমৰ সত্ৰ-সংস্কৃতি কেৱল ধৰ্মীয় প্ৰতিষ্ঠান নহয়, ই আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰাণ। তাক লৈ ৰাজনীতি কৰা দুখজনক। ইফালে কংগ্ৰেছৰ অভিযোগ নামাত বিজেপিৰ বিৰুদ্ধে উত্থাপিত কিছুমান বিষয়ক লৈও ৰাজ্যজুৰি বিতৰ্ক তীব্ৰ হৈছে। একাংশই এই সকলো অভিযোগ ভিত্তিহীন আৰু জনমানস বিভ্ৰান্ত কৰাৰ উদ্দেশ্যপ্ৰণোদিত প্ৰচেষ্টা বুলিও অভিহিত কৰে। ধৰ্মীয় অনুভূতি, ৰাজনৈতিক অভিযোগ আৰু আগন্তুক নিৰ্বাচনী সমীকৰণ এই তিনিও দিশ মিলি ৰাজ্যৰ ৰাজনীতি আগন্তুক দিনসমূহত আৰু অধিক উত্তাল হোৱাৰ সম্ভাৱনা আছে।