Home Blog Page 80

কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল’লে অনুসূচীত জাতি ছাত্ৰ সন্থাই, ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ উন্নীত কৰণক আদৰণি

কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল'লে অনুসূচীত জাতি ছাত্ৰ সন্থাই, ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ উন্নীত কৰণক আদৰণি
কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল'লে অনুসূচীত জাতি ছাত্ৰ সন্থাই, ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ উন্নীত কৰণক আদৰণি

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল। সংবাদমেলত সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। সংবাদমেলত সংগঠনটোৰ নেতৃবৃন্দই কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতিৰ লোকক লাঞ্ছনা-বঞ্চনা কৰাৰ কথা কৈ তাৰ জলন্ত উদাহৰণ দি কয় যে, স্বাধীন ভাৰতৰ ৭৭ বছৰীয়া শাসনকালত কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতিৰ লোকসকলক সংবিধানৰ প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ মাজত কেৱল ৮টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰখা হৈছিল বুলি তেওঁলোকে অভিযোগ উত্থাপিত কৰি সংবিধান সন্মত সংৰক্ষণ ব্যৱস্থা বাস্তৱায়ন কৰা নহ’ল বুলিও ক্ষোভ প্ৰকাশ কৰে।

আনহাতে, বৰ্তমানৰ চৰকাৰৰ দিনত ১২৬টা সমষ্টিৰ ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰি উন্নীত কৰা হৈছে। এই পদক্ষেপক ঐতিহাসিক সিদ্ধান্ত বুলি আখ্যা দি সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰশাসনিক দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে। ইয়াৰ লগতে সংগঠনটোৱে উজান বজাৰৰ উদ্যানখন সতী ৰাধিকাৰ নামত বিশ্বমানৰ ৰূপে উন্নীত কৰি নিৰ্মাণ কৰা কাৰ্যক আদৰণি জনায়। চৰকাৰে অনুসূচিত জাতিৰ কল্যাণত গ্ৰহণ কৰা আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহক সংগঠনটোৱে ইতিবাচক পদক্ষেপ বুলি স্বীকাৰ কৰে। কিন্তু ইয়াৰ লগতে সংগঠনটোৱে কেইটামান সমস্যা শীঘ্ৰে সমাধানৰ দাবীও উত্থাপন কৰে। ইফালে সংবাদমেল যোগে সংগঠনটোৱে অহা ৰাজ্যসভা নিৰ্বাচনত এখন আসনত অনুসূচীত জাতিৰ এজন লোকক মনোনীত কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলক আহ্বান জনায়। সংবাদমেল খনত চৰকাৰে অনুসূচিত জাতিৰ বাবে কৰা উন্নয়ন মূলক কাম সমূহৰো শলাগ লয়।

ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কঠোৰ ভাষাৰে সমালোচনা । “কংগ্ৰেছৰ ইমান অহংকাৰ” বুলি মত প্ৰকাশ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ ।এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়

"কংগ্ৰেছৰ ইমান অহংকাৰ"
"কংগ্ৰেছৰ ইমান অহংকাৰ"

ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কঠোৰ ভাষাৰে সমালোচনা

“কংগ্ৰেছৰ ইমান অহংকাৰ” বুলি মত প্ৰকাশ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ

এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সংবাদমেলক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতেই মীৰা বৰঠাকুৰে ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰাৰো অভিযোগক কেন্দ্ৰ কৰি ধৰ্মীয় আৰু সামাজিক মহলত তীব্ৰ ক্ষোভ প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে।

ধৰ্মক লৈ তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ওপৰত ক্ষোভ উজাৰিলে মাজুলীৰ শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামী আৰু গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামীয়ে। মাজুলীস্থিত শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে এই বিষয়ত কঠোৰ ভাষাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে অন্তত ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়। ধৰ্মই আমাক দিশ নিৰ্ণয় কৰে, আমাৰ মূল্যবোধ নিৰ্মাণ কৰে। কীৰ্তন, ভাগৱত আমাৰ পৰম পৱিত্ৰ গ্ৰন্থ।

ইয়াৰ প্ৰতি অসম্মান কেতিয়াও সহনীয় নহয়। লগতে, সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে স্পষ্টকৈ কয় যে নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত যদি কংগ্ৰেছে ধৰ্মক সন্মান জনাব নোৱাৰে, তেন্তে ক্ষমতা লৈ আহিলে তেওঁলোকে কেনেধৰণে সমাজ-জাতিক সুৰক্ষা প্ৰদান কৰিব? লগতে, মিঞাবোৰৰ অসমত কোনো স্থান নাই, তেওঁলোকক লগত লৈ ৰাজনীতি কৰাটো বেয়া কথা। কংগ্ৰেছৰ ইমান অহংকাৰ কোনো পক্ষে ভাল নহয় বুলিও মত প্ৰকাশ কৰে শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে। আনহাতে, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামীয়েও কঠোৰ ভাষাৰে সমালোচনা কৰে মীৰা বৰঠাকুৰক। তেওঁ কয় যে, ৰাজনৈতিক স্বাৰ্থত ধৰ্মীয় অনুভূতি আঘাত কৰা মানে সমাজৰ একতাৰ ভেঁটি কঁপোৱা। অসমৰ সত্ৰ-সংস্কৃতি কেৱল ধৰ্মীয় প্ৰতিষ্ঠান নহয়, ই আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰাণ। তাক লৈ ৰাজনীতি কৰা দুখজনক। ইফালে কংগ্ৰেছৰ অভিযোগ নামাত বিজেপিৰ বিৰুদ্ধে উত্থাপিত কিছুমান বিষয়ক লৈও ৰাজ্যজুৰি বিতৰ্ক তীব্ৰ হৈছে। একাংশই এই সকলো অভিযোগ ভিত্তিহীন আৰু জনমানস বিভ্ৰান্ত কৰাৰ উদ্দেশ্যপ্ৰণোদিত প্ৰচেষ্টা বুলিও অভিহিত কৰে। ধৰ্মীয় অনুভূতি, ৰাজনৈতিক অভিযোগ আৰু আগন্তুক নিৰ্বাচনী সমীকৰণ এই তিনিও দিশ মিলি ৰাজ্যৰ ৰাজনীতি আগন্তুক দিনসমূহত আৰু অধিক উত্তাল হোৱাৰ সম্ভাৱনা আছে।

তৃতীয় বিশ্বযুদ্ধলৈ ৪৮ ঘণ্টা! ভাৰতকে ধৰি বিভিন্ন দেশৰ ওপৰত ১৫ শতাংশলৈ বঢ়ালে শুল্ক

ভাৰতকে ধৰি বিভিন্ন দেশৰ ওপৰত ১৫ শতাংশলৈ বঢ়ালে শুল্ক
ভাৰতকে ধৰি বিভিন্ন দেশৰ ওপৰত ১৫ শতাংশলৈ বঢ়ালে শুল্ক

তৃতীয় বিশ্বযুদ্ধ আসন্ন! ইৰাণৰ ওপৰত ট্ৰাম্পৰ আক্ৰমণৰ পৰিকল্পনা ফাদিলৰ পিছতে এন ৱাই চি ৰেঞ্জত ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰিলে তেহৰানে৷ এই খবৰে এতিয়া চিন্তিত কৰি তুলিছে বিশ্বৰ বহু দেশক৷ আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা চলি থকাৰ সময়তে চিআইএৰ এজন প্ৰাক্তন বিষয়াই দাবী কৰিছে যে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে, সোমবাৰ বা মঙলবাৰে এই আক্ৰমণৰ সম্ভাৱ্য দিন স্থিৰ কৰা হৈছে৷ যদি সেয়া সঁচা হয় তেন্তে তৃতীয় বিশ্বযুদ্ধ আসন্ন বুলি বহুতে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ ট্ৰাম্পে সোমবাৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰিব বুলি ওলোৱা বাতৰিয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত জোকাৰণি তুলিছে৷ ফলত এতিয়া ঘণ্টীয়া কাউণ্টডাউনত আৰম্ভ হৈছে৷ চিআইএৰ প্ৰাক্তন বিষয়া জন কিৰিয়াক’ৱে তেহৰাণক আক্ৰমণ কৰাৰ চূড়ান্ত সিদ্ধান্ত হোৱাইট হাউছৰ ভিতৰতে লোৱা হৈছে বুলি দাবী কৰি তৃতীয় বিশ্বযুদ্ধৰ সতৰ্কবাণীও দিছে৷

জুলিয়ান ড’ৰী প’ডকাষ্টত ভাষণ দি কিৰিয়াক’ৱে কয় যে মোৰ এজন বন্ধু আছে, এজন প্ৰাক্তন চিআইএ বিষয়া, যি কালি পুৱা হোৱাইট হাউছত বন্ধুসকলৰ সৈতে কথা পাতি আছিল আৰু তেওঁ কয় যে সোমবাৰ বা মঙলবাৰে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷অৱশ্যে হোৱাইট হাউছ, পেন্টাগন বা ট্ৰাম্প প্ৰশাসনে এই বিষয়ত কোনো কোনো কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই৷ উল্লেখ্য, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ইৰাণৰ আশে-পাশে আমেৰিকাই সামৰিক শক্তি যথেষ্ট বৃদ্ধি কৰিছে৷ ইউ এছ এছ আব্ৰাহাম লিংকনৰ নেতৃত্বত দুটা কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰnপে এতিয়া আৰব সাগৰত জ্ঝখন ধবংসকাৰী জাহাজ মোতায়েন কৰিছে৷ জৰ্ডান আৰু কাটাৰৰ ঘাটিসমূহৰ ওপৰেৰে এফ-২২ যুঁজাৰু বিমান আৰু পাৰমাণৱিক ক্ষমতাসম্পন্ন বি-৫২ বোমাৰু বিমানকে ধৰি ২৫০খনতকৈও অধিক যুদ্ধ বিমান উৰা বুলি বহুতে কৈ আহিছে৷ ইপিনে ৰাছিয়াই ইৰাণৰ বাবে দৃঢ় সামৰিক আৰু কাৰিকৰী সমৰ্থনৰ ইংগিত দি আমেৰিকাৰ যিকোনো সম্ভাৱ্য আক্ৰমণক বিপজ্জনক বুলি অভিহিত কৰিছে৷ ক্ৰেমলিনৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে কয় যে মস্কোৱে তেহৰানক সমৰ্থন কৰে আৰু চলিত সপ্তাহত দুয়োখন দেশে ওমান উপসাগৰত যৌথ নৌসেনাৰ অনুশীলন অনুষ্ঠিত কৰিছে৷ ইৰাণৰ স্থানসমূহক ৰক্ষা কৰাত সহায়ক হোৱাকৈ ৰাছিয়াই এছ-৪০০ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা স্থাপন কৰিছে বুলিও বাতৰি প্ৰকাশ পাইছে৷ অৱশ্যে মস্কোৱে স্পষ্ট কৰি দিছে যে তেওঁলোকে প্ৰত্যক্ষভাৱে যুদ্ধত ভাগ লোৱাৰ পৰিকল্পনা কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে ইৰাণক আমেৰিকাৰ নৌসেনাৰ কাৰ্যকলাপ অনুসৰণ কৰাত সহায় কৰি যাব পাৰে৷ ইফালে তেহৰানে আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে সাজু হোৱাৰ ইংগিত দিছে৷ ইৰাণৰ বিষয়াসকলে সকীয়াই দিছে যে আক্ৰমণ হলে দেশখনে প্ৰত্যক্ষভাৱে আমেৰিকাক লক্ষ্য কৰি ল’ব, য’ত ‘মাজিঅ’ৰ দৰে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল [আইচিবিএম]ৰ ব্যৱহাৰো কৰা হব পাৰে৷ যি মিছাইলে নিমিষয়ে ৱাশ্বিংটন আৰু নিউয়ৰ্ক ধবংস কৰি পেলাব পাৰে৷ ইৰাণে ইতিমধ্যে নিজৰ সেনাবাহিনীক সষ্টম কৰি ৰাখিছে, ক্ষেপণাস্ত্ৰ ব্যৱস্থাসমূহ কৌশলগত স্থানত পুনৰ স্থাপন কৰিছে, সামৰিক অনুশীলন চলাইছে আৰু যুদ্ধকালীন সম্ভাৱ্য অশান্তি নিয়ন্ত্ৰণ কৰিবলৈ ঘৰুৱা নিৰাপত্তা বাহিনীক সাজু কৰিছে বুলি বাতৰি ওলাইছে৷

মাৰ্কিন উচ্ছতম ন্যায়ালয়ে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত ১০ শতাংশ শুক্ল আৰোপ কৰিবলৈ নিৰ্দেশ দিছিল৷ অতিৰিক্ত শুক্লৰ বিৰুদ্ধে আমেৰিকাৰউচ্ছতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছতো মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে বৃদ্ধি কৰিলে শুক্ল৷ উচ্ছতম ন্যায়ালয়ে দিয়া ৰায়ক ‘হাস্যকৰ আৰু আমেৰিকাবিৰোধী’ বুলি অভিহিত কৰি ট্ৰাম্পে সকলো দেশৰ ওপৰত শুক্ল ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ উচ্ছতম ন্যায়ালয়ৰ ৰায়ৰ পিছত শুকুৰবাৰে ট্ৰাম্পে ২৪ ফেব্ৰুৱাৰীৰ পৰা ১৫০ দিনৰ বাবে ভাৰতকে ধৰি সকলো দেশৰ ওপৰত ১০ শতাংশ শু{¨ আৰোপ কৰিছিল৷ কিন্তু শনিবাৰে তেওঁ সেই শুক্ল ১৫ শতাংশলৈ বৃদ্ধি কৰে৷ অৰ্থাৎ ভাৰতে এতিয়া ১৫ শতাংশ শুক্লৰ সন্মুখীন হ’ব৷

অৱশ্যে ১৮ শতাংশৰ পৰা এই শুক্ল হ্ৰাস পাইছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ দেশসমূহৰ ওপৰত শু{¨ৰ হাৰ ১০ শতাংশৰ পৰা আইনীভাৱে পৰীক্ষা কৰি ১৫ শতাংশলৈ বৃদ্ধি কৰিছে, যি তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব৷ ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে শুকুৰবাৰৰ পৰা ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ শুক্ল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ তেওঁ কয়, ‘আমেৰিকাৰ উচ্ছতম ন্যায়ালয়ে কালি বহু মাহৰ চিন্তা-চৰ্চাৰ অন্তত শুল্ক সম্পৰ্কে জাৰি কৰা হাস্যকৰ, আমেৰিকাবিৰোধী সিদ্ধান্তৰ সম্পূৰ্ণ আৰু বিশদ পৰ্যালোচনাৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে৷’ তেওঁ লগতে কয়, ‘অহা কিছু মাহৰ ভিতৰত ট্ৰাম্প প্ৰশাসনে নতুন আৰু আইনগতভাৱে অনুমোদিত শুক্ল নিৰ্ধাৰণ আৰু জাৰি কৰিব, যিয়ে আমাৰ অসাধাৰণভাৱে সফল প্ৰক্ৰিয়া ‘মেকিং আমেৰিকা গ্ৰেট এগেইন’ অব্যাহত ৰাখিব৷’ ২০ ফেব্ৰুৱাৰীত ট্ৰাম্পে কয় যে তেওঁ ১৫০ দিনৰ বাবে আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ‘১০ শতাংশ এড ভেল’ৰেমৰ অস্থায়ী আমদানি ছাৰ্চাৰ্জ’ আৰোপ কৰিছে, যিটো ২৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব৷ উল্লেখ্য যে ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যসূচীত এক বৃহৎ বিপৰ্যয়ৰ ৰূপত শুকুৰবাৰে মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে এক ৰায়দানত কয় যে ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুক্ল অবৈধ আৰু ৰাষ্ট্ৰপতিয়ে ব্যাপক শু{¨ আৰোপ কৰাৰ সময়ত তেওঁৰ কতৃৰ্ত্ব অতিক্ৰম কৰিছে৷ ইয়াৰ উপৰি হোৱাইট হাউছে জাৰি কৰা তথ্য পত্ৰত কোৱা হৈছে যে ট্ৰাম্পে ১৯৭৪ চনৰ বাণিজ্য আইনখনৰ ১২২নং ধাৰাত নিজৰ কতৃৰ্ত্ব প্ৰয়োগ কৰিছে, যিয়ে ৰাষ্ট্ৰপতিক ছাৰ্চাৰ্জেছ আৰু অন্যান্য বিশেষ আমদানি নিষেধাজ্ঞাৰ জৰিয়তে কিছুমান মৌলিক আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট সমস্যা সমাধান কৰাৰ ক্ষমতা প্ৰদান কৰে৷ তথ্য পত্ৰখনত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰ বাবে কিছুমান সামগ্ৰীৰ ওপৰত অস্থায়ী আমদানি শুক্ল আৰোপ কৰা নহ’ব৷ ৰায়দানৰ মাত্ৰ কেইঘণ্টামান পিছতে শুকুৰবাৰে হোৱাইট হাউছত সাংবাদিকৰ আগত তেওঁ কয় যে শুক্ল সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ৰ ৰায়দান গভীৰভাৱে হতাশাজনক আৰু আদালতৰ কিছুমান সদস্যক লৈ মই লাজ পাইছো, আমাৰ দেশৰ বাবে যিটো উচিত সেইটো কৰাৰ সাহস নোহোৱাৰ বাবে একেবাৰে লাজ পাইছো৷ ইফালে উচ্ছতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিত কোনো পৰিৱৰ্তন হোৱা নাই বুলিও কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে৷ ট্ৰাম্পে কয়, ‘একোৱেই সলনি নহয়৷ তেওঁলোকে [ভাৰত] শুক্ল পৰিশোধ কৰিব আৰু আমি শুক্ল নিদিওঁ৷ গতিকে ভাৰতৰ সৈতে চুক্তি কৰিলেও তেওঁলোকে শুক্ল দিব৷

এইটো আগতে যি আছিল তাৰ বিপৰীত… গতিকে আমি ভাৰতৰ সৈতে চুক্তি কৰিলো৷ এতিয়া ই এক ন্যায্য চুক্তি আৰু আমি তেওঁলোকক শুক্ল দিয়া নাই আৰু তেওঁলোকে শুক্ল দি আছে৷ আমি অলপ ফ্লিপ কৰিলো৷’ আগষ্ট মাহত আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ পাৰস্পৰিক শুক্ল আৰোপ কৰিছিল৷ পিছত ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ বাবে অতিৰিক্ত ২৫ শতাংশ আৰোপ কৰা হয়, যাৰ ফলত ভাৰতৰ ওপৰত মুঠ শুক্ল ৫০ শতাংশলৈ বৃদ্ধি পায়৷ চলিত মাহৰ আৰম্ভণিতে দুয়োখন দেশেই অন্তৰ্ৱৰ্তীকালীন বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ সন্মত হৈছিল, যাৰ অধীনত ৱাশ্বিংটনে শুক্ল ১৮ শতাংশলৈ হ্ৰাস কৰিবলৈ সন্মত হৈছিল৷ ইফালে শনিবাৰে কংগ্ৰেছে চৰকাৰক অন্তৰ্ৱৰ্তীকালীন বাণিজ্য চুক্তি স্থগিত ৰাখি চুক্তিৰ চৰ্তসমূহৰ ওপৰত পুনৰ আলোচনা কৰিবলৈ দাবী জনায়৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে পুনৰ আলোচনাৰ সময়ত ভাৰতীয় কৃষকৰ স্বাৰ্থ যাতে সম্পূৰ্ণৰূপে সুৰক্ষিত হয় সেয়াও নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰে৷ ২০২১-২৫ চনৰ ভিতৰত আমেৰিকা ভাৰতৰ সামগ্ৰীৰ সৰ্ববৃহৎ ব্যৱসায়িক অংশীদাৰ আছিল৷ ভাৰতৰ মুঠ ১৫ানিৰ প্ৰায় ১৮ শতাংশ, আমদানিৰ ৬.২২ শতাংশ আৰু দ্বিপাক্ষিক বাণিজ্যত ১০.৭৩ শতাংশ আমেৰিকাই লাভ কৰে৷ ২০২৪-২৫ চনত দ্বিপাক্ষিক বাণিজ্যই ১৮৬ বিলিয়ন মাৰ্কিন ডলাৰ [৮৬.প্ত বিলিয়ন মাৰ্কিন ডলাৰ ১৫ানি আৰু ৪৫.৩ বিলিয়ন মাৰ্কিন আমদানি] স্পৰ্শ কৰিছিল৷

Afghanistan Attack: ৰমজানৰ ৰোজাৰ মাজতে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ

ৰমজানৰ ৰোজাৰ মাজতে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ
ৰমজানৰ ৰোজাৰ মাজতে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ

পাক-আফগান (Afghanistan Attack) সীমান্তত শিবিৰ স্থাপন কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে পাকিস্তানৰ চৰকাৰ৷ ৰমজানৰ ৰোজা চলি থকাৰ মাজতে আফগানিস্তানত পাকিস্তানে আকাশমাৰ্গৰ পৰা চলালে আক্ৰমণ৷ শেহতীয়া আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে পাকিস্তান-আফগানিস্তান সীমান্ত অঞ্চলৰ ৭টা স্থানত এই আক্ৰমণ চলাই পাকিস্তানে৷ সীমান্তৰ আফগানভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ কৰা বুলি দাবী কৰিছে ইছলামাবাদে৷ পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ এক বিবৃতিত কোৱা হৈছে যে যোৱা সপ্তাহত ৰমজান আৰম্ভ হোৱাৰ পৰা ৩ টা আক্ৰমণ হৈছে৷ যাৰ বাবে চোৰাংচোৱাৰ তথ্যক ভিত্তিত পাকিস্তানী তালিবানৰ সন্ত্ৰাসবাদী শিবিৰ আৰু আত্মগোপনৰ স্থানক লক্ষ্য কৰি লোৱা হৈছে৷ মন্ত্ৰণালয়ে জনোৱা মতে দুসপ্তাহ পূৰ্বে ইছলামাবাদৰ ছিয়া মছজিদত সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণ আৰু শনিবাৰেও উত্তৰ-পশ্চিম পাকিস্তানত শেহতীয়াকৈ সংঘটিত হোৱা অন্যান্য আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ কৰা হৈছে ৷

বিভাগীয় মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে এক্সত প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে পাকিস্তানে ইছলামিক ষ্টেট গোটৰ এটা সংযুক্ত সংস্থাকো লক্ষ্য কৰি লৈছে ৷ অৱশ্যে পোষ্টটোত আক্ৰমণৰ স্থান উল্লেখ কৰা হোৱা নাই বা এই সন্দৰ্ভত অধিক তথ্য দিয়া হোৱা নাই ৷ কিন্তু আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দেওবাৰে এক্সৰ এটা পোষ্টত কয়, ‘পাকিস্তানে নাংগাৰহৰ আৰু পাক্তিকা প্ৰদেশত আমাৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি বোমা বিস্ফোৰণ কৰিছে৷ মহিলা আৰু শিশুকে ধৰি কেইবা ডজন লোক শ্বহীদ আৰু আহত হৈছে৷’

উল্লেখ্য যে, ২০০৮ চনত মেৰিয়েট হোটেলত সংঘটিত বোমা বিস্ফোৰণৰ পিছত ইছলামাবাদত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণত কমেও ৪০জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০জনতকৈ অধিক লোক আহত হোৱা মছজিদ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল ইছলামিক ষ্টেট গোটে৷ দেওবাৰে পাকিস্তানে কয় যে ইছলামাবাদে বাৰে বাৰে আহ৩ান জনোৱাৰ পিছতো কাবুলৰ তালিবান কতৃৰ্পক্ষই পাকিস্তানত আক্ৰমণ চলাবলৈ আফগান ভূখণ্ড ব্যৱহাৰ কৰা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে৷ লগতে কোৱা হৈছে যে পাকিস্তানে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে সদায় চেষ্টা কৰি আহিছে যদিও একে সময়তে নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈয়ে আছে৷

ইছলামাবাদে আন্তঃৰাষ্ট্ৰীয় সমাজকো আহ্বান জনাইছে যে কাবুলক যোৱা বছৰত হোৱা দোহা চুক্তিৰ অধীনত আন দেশৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ কাৰ্যক সমৰ্থন নকৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ৩ান জনায়৷ ২০২১ চনত কাবুলত তালিবান কতৃৰ্পক্ষই পুনৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত আফগানিস্তান আৰু পাকিস্তানৰ মাজত ক্ৰমান্বয়ে তিক্ত বিবাদ আৰম্ভ হৈছে৷ যোৱা কেইমাহমানত সীমান্তত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে৷ অক্টোবৰৰ সংঘৰ্ষত ৭০জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়৷ তাৰ পিছতে কাটাৰ আৰু তুৰস্কৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তি হয়৷ কিন্তু দোহা আৰু ইস্তানবুলত পৰৱৰ্তী কেইবাটাও পৰ্যায়ৰ আলোচনাই স্থায়ী চুক্তি সম্পন্ন কৰাত ব্যৰ্থ হৈছে৷

কংগ্ৰেছলৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰঃ প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ

প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ
প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ

পাকে-প্ৰকাৰে পুনৰ অসমবাসীৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰসংগই ৰাজনীতিত স্থান পালে৷ কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে৷ এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সন্দৰ্ভত দেওবাৰে গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ কেইবাৰো অহাৰ পিছতো জুবিন ক্ষেত্ৰলৈ নোযোৱা সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল৷ ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নাপায়৷ আমাৰ দলৰ নেতাসকল নিৰ্বাচনৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাব৷ যেতিয়ালৈকে নিৰ্বাচন চলি থাকে তেতিয়ালৈ মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ ৷

ভগৱানে কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম৷’ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আমি জুবিনক লৈ ৰাজনীতি নকৰো৷ আমাৰ প্ৰাৰ্থীসকলো জুবিন ক্ষেত্ৰলৈ নাযায় ৷ আমি জুবিনক লৈ ৰাজনীতি নকৰো৷ কংগ্ৰেছে জুবিনক লৈ মুকলিকৈ ৰাজনীতি কৰিছে৷ আমি নিৰ্বাচনৰ এই সময়ত জুবিনক ৰাজনীতিৰ মাজলৈ অনাটো নিবিচাৰো৷ প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামত আহি জুবিনক লৈ ৰাজনীতি কৰিছে৷’ মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰিয়ংকা গান্ধী দলীয় কামতহে অসমলৈ আহিছিল৷ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা নাছিল৷ জুবিনৰ কাৰণে কংগ্ৰেছৰ কোনোবাই তেজ দিছিল নেকি জন্মদিনত৷ কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে, মোক কওক ৷

জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে৷ জুবিন ক্ষেত্ৰখনৰ বাবে স্থান কোনে নিৰ্ধাৰণ কৰিলে৷ আমি স্থানটো কৰি দিছো৷ জুবিন ক্ষেত্ৰ প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে৷ গতিকে ৰাজনৈতিক কামত আহিলে সুযোগ লৈ যাব নাপায়৷’ তেওঁ আৰু কয়, ‘জুবিন ক্ষেত্ৰত বিজেপিয়ে ক’তো কোনো কমি ৰখা নাই৷ বিজেপিৰ বাৰ হাজাৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনা ৰক্তদান কৰিছিল৷ বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে৷ প্ৰিয়ংকা গান্ধীয়ে কৈছে জুবিনৰ নাম শুনা নাই৷ যদি শুনা নাই কিয় গৈছে, তাৰ মানে ভোটৰ বাবে গৈছে৷ এনেকে অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱাৰ পৰম্পৰা বহুত পুৰণি৷’ তেওঁ কয়, ‘প্ৰিয়ংকা গান্ধী কিয় ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ ক্ষেত্ৰলৈ নগ’ল৷ সেই প্ৰশ্নটো কোনেও নকৰে৷ প্ৰিয়ংকা গান্ধী কিয় ভূপেন হাজৰিকাৰ সমাধিস্থললৈ নগ’ল৷ বৰদোৱাৰ শংকৰদেৱৰ আৱিৰ্ভাৱ তীৰ্থত প্ৰিয়ংকা গান্ধী কিয় নগ’ল৷ মানুহ আৱেগিক হৈ থকা বাবে ভোটৰ স্বাৰ্থত জুবিন ক্ষেত্ৰলৈ গ’ল৷ নিৰ্বাচনৰ পিছত যাব লাগিছিল৷ নিৰ্বাচন খেলাসকল জুবিন ক্ষেত্ৰৰ পৰা আঁতৰত থাকিব লাগে৷’ ইফালে জুবিন গাৰ্গ গোচৰৰ ফাষ্টট্ৰেক আদালত গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘ফাষ্টট্ৰেক আদালতক লৈয়ো এটা ৰাজনীতি কৰি আছে ৷ প্ৰথম কথা হৈছে যে বৰ্তমান যিগৰাকী ন্যায়াধীশৰ তাত গোচৰতো চলি আছে, সেইগৰাকী ন্যায়াধীশে প্ৰতিখন জামিন আৱেদন নাকচ কৰিছে৷ দুজনে বাধ্য হৈ জামিনৰ আৱেদন উঠাই লৈছে ৷ তিনিখন জামিন আৱেদন এইগৰাকী ন্যায়াধীশে নাকচ কৰিছে ৷

এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে ৷ চাৰি-পাঁচ মাহ পিছতো এইগৰাকী ন্যায়াধীশে তিনিজন অভিযুক্তৰ জামিন আৱেদন নাকচ কৰিছে৷ সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে৷ এই দিশটোৰ ক্ষেত্ৰত আমি চ্ছ ফেব্ৰুৱাৰীত কেবিনেটত সিদ্ধান্ত ল’ম৷ আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশে অন্ততঃ পুলিচৰ নিৰাপত্তাৰক্ষী দুজনক জামিন দিলেহেঁতেন৷ তেওঁ কয়, ‘আনহাতে যিকোনো ন্যায়াধীশে মহিলা বুলি অমৃতপ্ৰভা মহন্তক জামিন দিলে হয়৷ কিন্তু এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আৱেদন নাকচ কৰিছে আৰু ভয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন আৱেদন উঠাই লৈছে৷ এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰোৱাৰ বাবে এটা ‘হাৱা’ নিৰ্মাণ কৰা হৈছে৷ মই ৰাইজৰ মতে চলো৷’ তেওঁ কয়, ‘ৰাইজে বিচাৰিলে পিছত মই ফাষ্টট্ৰেক আদালতত দি দিম৷ কিন্তু তাৰ পিছৰ যিখিনি ঘটনা হ’ব তাৰ দায়িত্ব সেইসকলে ল’ব লাগিব৷

এচামে গোচৰটো আঁতৰোৱাৰ পিছত লাগি আছে৷ এইগৰাকী ন্যায়াধীশে জামিন নিদিয়ে৷ তাৰ মানে নিৰ্বাচনৰ পূৰ্বে বেলেগ এগৰাকী ন্যায়াধীশৰ ওচৰলৈ গোচৰটো যাওক আৰু জামিন এটা হওক৷ যাতে জামিন হ’লে মোক আক্ৰমণ কৰিব পাৰে৷ এইবোৰ সম্পূৰ্ণৰূপে জুবিনৰ নামত ৰাজনীতি৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিক শ’লঠেকত পেলাবৰ কাৰণে চক্ৰান্ত কৰা হৈছে৷ আমাক কৃতিত্ব দিয়াৰ বিপৰীতে ষড়যন্ত্ৰ কৰা হৈছে৷’ জুবিন ক্ষেত্ৰত বিদু্যৎ কৰ্তন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘একাংশই জুবিন গাৰ্গক শান্তিত থাকিব নিদিয়ে৷ জুই লাগি তাঁৰ ছিগিল একদম হুলস্থূল কৰি দিলে৷’

Rita Chowdhury: ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম

ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম
ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম

বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট।(Rita Chowdhury)

ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম।

জুবিন গাৰ্গৰ সপোন বাস্তৱায়িতৰ বাবে ব্যৱহাৰ হ’ব বিশিষ্ট লেখিকাগৰাকীৰ খাৰঘূলিস্থিত বাসগৃহ।

এতিয়াৰে পৰা বাসগৃহটোত কোনো ৰাজনৈতিক কাম-কাজ নচলে বুলি জনালে বিশিষ্ট লেখিকাগৰাকীয়ে।

বিশিষ্ট লেখিকাগৰাকীয়ে সামাজিক মাধ্যমত জনাই যে-

‘সকলোৰে জ্ঞাতাৰ্থে জনালোঁ যে গুৱাহাটিৰ খাৰঘূলিত থকা মোৰ ঘৰটো আজিৰ পৰা আধাৰশিলা ট্ৰাষ্টৰ লগতে জুবিন গাৰ্গে মোৰ হাতত দি যোৱা সকলো দায়িত্বৰ বাবেহে ব্যৱহাৰ কৰা হ’ব৷ ইয়াত আজিৰ পৰা কোনো ৰাজনৈতিক কাম কাজ নচলে৷ দিশপুৰ মিনিষ্টাৰ কল’নিৰ চৰকাৰী বাসগৃহত ৰাজনীতিৰ সৈতে জড়িত সকলো কাম আৰু দেখা সাক্ষ্যাৎ আদি সমাপন হ’ব৷’

কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত ‘গেষ্ট অৱ কামাখ্যা’ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কলিয়াবৰৰ গৌতম বৰালৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা

'গেষ্ট অৱ কামাখ্যা' তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কলিয়াবৰৰ গৌতম বৰালৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা
'গেষ্ট অৱ কামাখ্যা' তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কলিয়াবৰৰ গৌতম বৰালৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা

কলিয়াবৰৰ শিলঘাট অঞ্চলৰ জনাঞ্চলত বিচৰণ কৰা ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণৰ শিহৰণকাৰী প্ৰেক্ষাপটৰ আধাৰত কলিয়াবৰৰ জেষ্ঠ সাংবাদিক গৌতম বৰাৰ প্ৰযোজনাত ৰমেন বৰাৰ পৰিচালনাত নিৰ্মিত প্ৰকৃতি বিষয়ক ‘গেষ্ট অৱ কামাখ্যা’ শীৰ্ষক মননশীল তথ‍্যচিত্ৰখনি কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ-২০২৬ ত প্ৰদৰ্শিত হয়। এই তথ‍্যচিত্ৰখনৰ শিহৰণকাৰী দৃশ‍্য সংগ্ৰহ কৰা কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক গৌতম কুমাৰ বৰালৈ ‘শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী’ (Best Cinematographer) বঁটা প্ৰদান কৰে কলকাতাৰ কামাৰকাটাস্থিত নজৰুল মঞ্চত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত।


এই বঁটাৰ উপৰি, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত অসমীয়া চলচ্চিত্ৰ আৰু তথ‍্যচিত্ৰই আজুৰি আনিলে আন কেইবাটাও বঁটা। উক্ত মহোৎসৱত আনন্দৰ প্ৰযোজনাত কৃপাল কলিতাৰ পৰিচালনাত নিৰ্মিত চুটি ছবি “বিয়ণ্ড দি আনফিনিচ্দ্” নামৰ চুটি ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰে। পৃথিৱীৰ স্বৰ্গ শীৰ্ষক চুটি ছবিৰ বাবে শ্ৰেষ্ঠ কনচেপ্ট বঁটা লাভ কৰে প্ৰশান্ত কলিতাই। চুটি ছবি “পৃথিৱীৰ স্বৰ্গ” ৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ বঁটা লাভ কৰে অপৰাজিতা চৌধুৰী কলিতাই । চুটি ছবিৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে “Beyond The Unfinished” চুটি ছবিৰ বাবে তপন বৰুৱাই।


একেখন চুটি ছবিৰ শ্ৰেষ্ঠ সম্পাদনা বঁটা লাভ কৰে কৃপাল কলিতাই। জুৰীৰ বিশেষ উল্লেখ “জীৱন” শীৰ্ষক চুটি ছবিৰ পৰিচালক বাপ্পী শইকীয়ালৈ। তথ‍্যচিত্ৰৰ শিতানত চম্পক বুক ছেলাৰ্ছ (Sontok Book Sellers) শীৰ্ষক চুটি ছবিৰ শ্ৰেষ্ঠ বিষয় বঁটা লাভ কৰে টুনা গৌতমে। মহোৎসৱত শ্ৰেষ্ঠ তথ‍্যচিত্ৰৰ বঁটা লাভ কৰে ৱ’মেন এম্পাৱাৰমেণ্ট : গ’ল্ডেন থ্ৰেড্ (Women Empowerment: Golden Thread) শীৰ্ষক চুটি ছবিখনে। বঁটা গ্ৰহণ কৰে পৰিচালক, প্ৰযোজক প্ৰণৱ জ‍্যোতি শৰ্মাই। তিনিদিনীয়াকৈ অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ বিশিষ্ট অভিনেত্ৰী চায়নী দাস আৰু ডিজাইন পৰিচালক ৰাহুল বিশ্বাসে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে অসমৰ বিশিষ্ট অভিনেতা,পৰিচালক যদুমনি দত্ত, বিশিষ্ট সমালোচক, কলকাতাৰ বিশিষ্ট পৰিচালক, প্ৰযোজক উৎপল দত্ত, মুম্বাইৰ বিশিষ্ট পৰিচালক আকাশাদিত‍্য লামা, কলকাতাৰ বিশিষ্ট চিত্ৰ গ্ৰহণকাৰী, জাতীয় পুৰস্কাৰ প্ৰাপ্ত অসীম বোস, কলকাতাৰ ছবি পৰিচালক অশোক বিশ্বনাথন, বিশিষ্ট প্ৰযোজক অঞ্জন বোস, কলকাতাৰ বিশিষ্ট জেষ্ঠ সাংবাদিক অশোক বসুকে আদি কৰি চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বহু কেইজন সন্মানীয় ব‍্যক্তি।


মহোৎসৱৰ সন্মানীয় জুৰী ক্ৰমে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট পৰিচালক শৰ্মিষ্ঠা মৈতি, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক ৰাজদ্বীপ পাল, বিশিষ্ট চবি নিৰ্মাতা সম্ৰাট ৰায় চক্ৰৱৰ্তী আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু চেনচৰ বৰ্ডৰ সদস্য অলিভা দাস। ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ সভাপতি পাৰ্থ চক্ৰৱৰ্তী, সঞ্চালক কুনাল সেনগুপ্ত, জনসংযোগ আৰু পৰিচালন সঞ্চালক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী শ্ৰীলেখা মুখাৰ্জীৰ উপস্থিতিত বঁটা সমূহ প্ৰদান কৰা হয়।


উল্লেখযোগ্য যে, ‘গেষ্ট অৱ কামাখ্যা’ তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণকাৰী গৌতম কুমাৰ বৰা এক বৈদ্যুতিন মাধ্যমৰ কলিয়াবৰস্থ সাংবাদিক হোৱাৰ লগতে প্ৰেছ ক্লাবৰ বৰ্তমানৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

Amit Shah: সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতকঃ গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah: সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতকঃ গৃহমন্ত্ৰী অমিত শ্বাহে
Amit Shah: সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতকঃ গৃহমন্ত্ৰী অমিত শ্বাহে

যিটো সময়ত (Amit Shah) দেশৰ বিভিন্ন ৰাজ্যত মাতৃভাষাৰ আদৰ কমি আহিছে সেই সময়তে অভিভাৱকলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিশেষ আহ্বান জনাইছে৷ শ্বাহে কয়- আপোনাৰ সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সকলো অভিভাৱককে ঘৰতে নিজৰ সন্তানৰ সৈতে একান্তভাৱে মাতৃভাষাত কথা পাতিবলৈ আৰু শিশুসকলক মাতৃভাষা শিকোৱাটো নিশ্চিত কৰিবলৈ আহ৩ান জনায়৷ তেওঁ কয় যে যদি কোনো শিশু নিজৰ মাতৃভাষাৰ পৰা বঞ্চিত হয়, তেন্তে তেওঁলোক স্থানীয় সাহিত্য, কবিতা, ফকৰা-যোজনা, নিজৰ অঞ্চলৰ ইতিহাস আৰু শেষত আমাৰ সমগ্ৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিব৷ যদি আমি আমাৰ সন্তানক ভাৰতৰ সৈতে, নিজ নিজ ৰাজ্যৰ সৈতে, আমাৰ মূল্যবোধৰ সৈতে, আমাৰ সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰাখিব বিচাৰো, তেন্তে সকলো মাতৃ-পিতৃকে ঘৰতে নিজৰ সন্তানৰ সৈতে মাতৃভাষাত কথা-বতৰা পাতিবলৈ আন্তৰিকতাৰে অনুৰোধ জনালো৷ যেতিয়া শিশুৱে নিজৰ ভাষা শিকে আৰু কয় তেতিয়া তেওঁলোকৰ প্ৰকাশভংগীৰ শক্তি, বিশ্লেষণাত্মক ক্ষমতা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষমতা বহুগুণে বৃদ্ধি পাব৷ এই সকলোবোৰ গুণ ভাষাৰ লগত গভীৰভাৱে জড়িত হৈ আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাৰ আগৰতলাত পূব, উত্তৰ-পূব আৰু উত্তৰ অঞ্চলৰ যুটীয়া আঞ্চলিক চৰকাৰী ভাষা সন্মিলনত ভাষণ দিয়ে৷ অমিত শ্বাহে কয় যে বহু বছৰ ধৰি হিন্দী জাপি দিয়া হৈছে বুলি অপপ্ৰচাৰ চলিছিল৷ তেওঁ কয় যে হিন্দী আৰু আঞ্চলিক ভাষাৰ মাজত কেতিয়াও কোনো সংঘাত হ’ব নোৱাৰে, কাৰণ এই সকলোবোৰ একেগৰাকী মাতৃৰ পৰা জন্ম হোৱা ভগ্নীৰ দৰে– এইবোৰ একেলগে ডাঙৰ হৈ আগবাঢ়িছে৷ তেওঁ কয় যে বাংলা, গুজৰাটী, তামিল, তেলেগু বা মালয়ালম আদি ভাষাৰ লগত হিন্দী কেতিয়াও প্ৰতিযোগিতাত নামিব নোৱাৰে৷ তেওঁ লগতে কয় যে যেতিয়াই হিন্দীৰ প্ৰচাৰ হয় তেতিয়াই এই সকলোবোৰ ভাষাও স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ভাষা কেৱল যোগাযোগৰ মাধ্যমেই হ’ব নালাগে৷ তেওঁ উল্লেখ কৰে যে নীতি নিৰ্ধাৰণ আৰু দেশ নিৰ্মাণৰ প্ৰসংগ আহিলে চৰকাৰী ভাষা আৰু আমাৰ ভাৰতীয় ভাষাইহে সৰ্বাধিক অৱদান আগবঢ়াব পাৰে৷ তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বহু বিশিষ্ট ব্যক্তিয়ে হিন্দীৰ জৰিয়তে সমগ্ৰ দেশ আৰু বিশ্বত অঞ্চলটোলৈ স্বীকৃতি কঢ়িয়াই আনিছে৷ শ্বাহে উল্লেখ কৰে যে ড॰ ভূপেন হাজৰিকা, ত্ৰিপুৰাৰ পুত্ৰ এছ ডি বৰ্মন আৰু আৰ ডি বৰ্মন, ছিকিমৰ ডেনি ডেনজংপা আৰু জুবিন গাৰ্গৰ লগতে আন বহুজনে হিন্দীৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল৷ তেওঁলোকৰ বাবে হিন্দী হৈ পৰিছিল ৰাষ্ট্ৰীয় স্তৰলৈ শ্ৰোতা-দৰ্শকৰ মাজলৈ যোৱাৰ এক মঞ্চ৷ চৰকাৰী ভাষাই সমগ্ৰ দেশৰ সৈতে সংযোগ স্থাপনৰ মাধ্যম হিচাপে কাম কৰে আৰু প্ৰতিখন ৰাজ্যৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য৷

অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ

অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ
অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ

ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ‘ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলবৎ হোৱাৰ দিন ধৰি অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান ‘অসম সাহিত্য সভা’ৰ মজিয়াৰ পৰা অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অহৰহ দাবী জনাই অহা হৈছে।

অসম সাহিত্য সভাৰ এই দাবী আৰু ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফচল হিচাপে ইতিমধ্যে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিধিসম্মতভাৱে গ্রহণ কৰা হৈছে যদিও এইপর্যন্ত অসমত আইনখনৰ সঠিক ৰূপায়ণ হোৱা নাই। চৰকাৰী অধিসূচনা নং পি.এল.বি.৫৬০২১৫/৭৮, দিনাংক-১৪/০৪/২০২৫ আৰু চৰকাৰী পত্র নং পি.এল.বি. ৫৬০২১৫/১১৭, দিনাংক-১৫/১০/২০২৫ যোগে উল্লিখিত আইনখনৰ সঠিক ৰূপায়ণৰ বাবে চৰকাৰী কাৰ্যালয়সমূহলৈ নির্দেশনা প্রেৰণ কৰা হৈছে যদিও এই পর্যন্ত তাৰ কোনো ফলৱতী প্রতিফলন পৰিলক্ষিত নোহোৱাত আজি অসম সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যালয়, গুৱাহাটী কাৰ্যালয়, আঞ্চলিক কাৰ্যালয়, জিলা সাহিত্য সভা সমূহ, শাখা সাহিত্য সভাৰ তৰফৰ পৰা পৃথকে পৃথকে অসমীয়া ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ স্বার্থত অত্যন্ত সংবেদনশীল এই আইনখন সঠিক ৰূপায়ণৰ বাবে বাস্তৱসন্মত কঠোৰতম ব্যবস্থা গ্রহণ কৰিবলৈ আজি জিলা সমূহৰ আয়ুক্তসকলৰ যোগেদি অসমৰ চৰকাৰৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে বুলি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে।

সেই অনুসৰি যোৰহাটত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, আইন উপদেষ্টা জয়ন্ত দেৱ শৰ্মা, কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতি, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰাতুল চন্দ্ৰ বৰা, কৰ্মচাৰী ড০ ৰাজশ্ৰী হাজৰিকা প্ৰমুখ্যে এটি সজাতি দলে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত মগেন নৰহৰ যোগেদি এই পত্ৰ অসম চৰকাৰক প্ৰদান কৰে। ইফালে তিনিচুকীয়া, ধেমাজি, নলবাৰী প্ৰমুখ্যে অধিকাংশ জিলাত কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ নেতৃত্বত উক্ত কাৰ্যসূচী সুকলমে সম্পন্ন হয়।।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পাভৈৰ নৱনীতা ৰংহাংপীঃ পাভৈ আছুৰ অভিনন্দন

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পাভৈৰ নৱনীতা ৰংহাংপীঃ পাভৈ আছুৰ অভিনন্দন
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পাভৈৰ নৱনীতা ৰংহাংপীঃ পাভৈ আছুৰ অভিনন্দন

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চমুকৈ এ.পি.এছ .চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাভৈ মিছামাৰী গাওঁৰ নৱনীতা ৰংহাংপীয়ে ৷ এই খবৰ বিয়পি পৰাৰ লগে উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ পাভৈ বাসী ৰাইজ ৷ বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীয়ে নৱনীতালৈ জনাই অভিনন্দন আৰু শুভেচ্ছা ৷

ইতিমধ্যে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অবিনাশ হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক মানস প্ৰতিম গঞ্জু , প্ৰচাৰ সম্পাদক ৰাহুল খদাল, তথ্য সম্পাদক দিপেন কেওঁটকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই নৱনীতালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে৷

বৃহত্তৰ পাভৈৰ মিছামাৰী গাওঁৰ জিতেন ৰংহাংৰ সুযোগ্য সন্তান নৱনীতাৰ এই সাফল্যই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে ৰাইজে৷ আনহাতে প্ৰশাসনিক সেৱাত উৎসৰ্গিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামুলক পৰীক্ষাত নৱনীতাৰ এই সাফল্যত অতিশয় সুখী বুলি উল্লেখ কৰে পিতৃ মাতৃ তথা পৰিয়ালবৰ্গই ৷