Home Blog Page 81

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন, উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন, উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন, উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

অসম চৰকাৰৰ উদ্যোগত নিৰ্মিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰতিকূল বতৰৰ বাবে কিছু পলমকৈ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সেনা হেলিকপ্টাৰৰ জৰিয়তে তেওঁ পোনে পোনে বটদ্ৰৱাত উপস্থিত হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এই বৃহৎ প্ৰকল্পটো বাস্তৱায়ন কৰিছে। প্ৰায় ১৬২ বিঘা বেদখলমুক্ত ভূমিত প্ৰায় ২১৭ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ঐতিহাসিক প্ৰকল্প।

এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক আদৰ্শ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ কৰা লগতে দেশ-বিদেশৰ দৰ্শনাৰ্থীসকলৰ বাবে এক আধুনিক আধ্যাত্মিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা।

প্ৰকল্পটোৰ অন্তৰ্ভুক্ত উল্লেখযোগ্য আকৰ্ষণসমূহৰ ভিতৰত আছে—
বিশ্বৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা কলাত্মক উপাদানেৰে সজ্জিত অতিথিশালা, পৰম্পৰাগত অসমীয়া বাদ্য-তালৰ আৰ্হিত নিৰ্মিত শিল্পকেন্দ্ৰ, খোলৰ আকাৰত নিৰ্মিত গৱেষণা কেন্দ্ৰ, নাওৰ আদলত নিৰ্মিত দক্ষতা উন্নয়ন কেন্দ্ৰ আৰু পৰম্পৰাগত জাপিৰ আৰ্হিত নিৰ্মিত এটা আধুনিক থিয়েটাৰ।

এই প্ৰকল্পৰ জৰিয়তে অসমে আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰত এক নতুন মাইলফলক স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে।

Molai Forest 2.0: কোনে মোলাই কাঠনিত জুই লগালে ?

কোনে মোলাই কাঠনিত জুই লগালে ?
কোনে মোলাই কাঠনিত জুই লগালে ?

অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নিসংযোগ দুৰ্বৃত্তৰ।(Molai Forest 2.0)

সেউজ অৰণ্য জ্বলাই ধ্বংস একাংশ দুৰ্বৃত্তৰ।(Jadav Payeng)

ব্ৰহ্মপুত্ৰৰ চাপৰিৰ নতুনকৈ সংযোগ কৰা মোলাই কাঠনি ২.০ত অগ্নিসংযোগ দুৰ্বৃত্তৰ।

দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে ১০০ হেক্টৰৰ অৰণ্য।

দুৰ্বৃত্তৰ এনে কাণ্ডত স্তম্ভিত প্ৰকৃতিপ্ৰেমীগৰাকী।

ধ্বংস হৈ যায় প্ৰায় ৫ৰ পৰা ৬ হাজাৰ নতুনকৈ ৰোপণ কৰা গছপুলি।

অৰণ্য মানৱ যাদৱ পায়েঙৰ ‘মোলাই কাঠনি’ত দুষ্কৃতিকাৰীৰ চকু।

দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে ১০০ হেক্টৰৰ অৰণ্য। ধ্বংস হৈ যায় প্ৰায় ৫ৰ পৰা ৬ হাজাৰ নতুনকৈ ৰোপণ কৰা গছপুলি।

Sarbananda Sonowal: সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে ভূপেন দা কা সুৰিলা চফৰ

সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে ভূপেন দা কা সুৰিলা চফৰ
সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে ভূপেন দা কা সুৰিলা চফৰ

অসম আৰু ভাৰতবৰ্ষৰ (Sarbananda Sonowal) সাংস্কৃতিক জগতৰ অমৰ নক্ষত্ৰ, ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিশীল কৰ্মৰাজিক সামৰি প্ৰাতঃ খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক আজহাৰ আলমে লিখা গ্ৰন্থ *‘ভূপেন দা কা সুৰিলা চফৰ“ (ভূপেনদাৰ সুৰীয়া যাত্ৰা) দেওবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰে। গুৱাহাটীৰ জ্যোতিকুচিৰ কাৰ্বী পথস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত আয়োজিত সংক্ষিপ্ত কিন্তু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজহাৰ আলমৰ এই দ্বিতীয় গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰকাশিত ১৮৪ পৃষ্ঠাৰ এই গ্ৰন্থখনত ড° ভূপেন হাজৰিকাৰ জীৱন, সৃষ্টিশীল প্ৰতিভা আৰু অমলিন সাংস্কৃতিক অৱদানৰ বিভিন্ন দিশ সুস্পষ্টভাৱে উপস্থাপন কৰা হৈছে।

এই উপলক্ষে মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গ্ৰন্থখনৰ সাহিত্যিক মান আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰশংসা কৰি কয় যে ড° ভূপেন হাজৰিকা কেৱল অসমৰে কণ্ঠ নহয়, তেওঁ আছিল সমগ্ৰ ভাৰতীয় আত্মাৰ প্ৰতিধ্বনি।
তেওঁ কয়—
“ভূপেন দাদাৰ সংগীত মানৱিক সংবেদনশীলতা, সামাজিক দায়বদ্ধতা আৰু জাতীয় ঐক্যৰ গভীৰ চেতনাৰ পৰা উদ্ভৱ হৈছিল। হিন্দী ভাষাত ৰচিত এই গ্ৰন্থখন উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক শক্তিশালী সেঁতু হিচাপে কাম কৰিব।”
সোনোৱালে আৰু কয় যে এইধৰণৰ সাহিত্যিক প্ৰয়াসসমূহে সাংস্কৃতিক সংলাপ অধিক সমৃদ্ধ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বাকী অংশৰ মাজত মানসিক আৰু বৌদ্ধিক সংযোগ শক্তিশালী কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই গ্ৰন্থখনে বিশেষকৈ যুৱ প্ৰজন্মক ড° হাজৰিকাৰ চিন্তা, মূল্যবোধ আৰু চিৰকালীন শিল্পদৰ্শনৰ সৈতে পৰিচিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনুষ্ঠানটোৰ পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক শৈলেন কলিতাই। আৰম্ভণিত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ সম্পাদক ড° ক্ষিৰদা কুমাৰ শইকীয়াই কয় যে ড° ভূপেন হাজৰিকাৰ জন্ম শতাব্দী বৰ্ষত এই গ্ৰন্থখন প্ৰকাশ কৰিব পাৰি সমিতিয়ে গৌৰৱ আৰু আত্মতৃপ্তি অনুভৱ কৰিছে। তেওঁ লগতে কয় যে লেখকে অতি যত্ন আৰু সংবেদনশীলতাৰে এই মহান শিল্পীৰ জীৱনক শব্দৰূপ দিছে।


গ্ৰন্থৰ লেখক আজহাৰ আলমে নিজৰ বক্তব্যত কয় যে ‘ভূপেন দা কা সুৰিলা চফৰ’ তেওঁৰ দ্বিতীয় সাহিত্যিক কৃতি। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ ড° হাজৰিকাৰ জন্মৰ পৰা আৰম্ভ কৰি এজন ৰাষ্ট্ৰীয় তথা বৈশ্বিক সাংস্কৃতিক প্ৰতীকৰূপে গঢ় লৈ উঠাৰ যাত্ৰাক বিস্তৃতভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে পাঠকসমাজে এই গ্ৰন্থখন আদৰৰে গ্ৰহণ কৰিব আৰু ভূপেন দাদাৰ অমৰ উত্তৰাধিকাৰ নতুন প্ৰজন্মলৈ আগবঢ়াব। অনুষ্ঠানটোত সমিতিৰ দায়িত্বপ্ৰাপ্ত সাহিত্য সম্পাদক ৰামনাথ প্ৰসাদ, সমিতিৰ অন্যান্য বিষয়ববীয়া, সাংবাদিক আৰু সাহিত্যনুৰাগী উপস্থিত আছিল।

Akhil Gogoi: গৃহমন্ত্ৰী অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ

অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ
অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ

ৰাইজৰ দলৰ (Akhil Gogoi) ধেমাজি বিধান সভাৰ সমষ্টি সমিতিৰ উদ্যোগত দেওবাৰে ধেমাজি নগৰৰ হোটেল স্ৱৱাগত সভাগৃহত এখন কৰ্মী সভা আৰু যোগদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাইজৰ দল অসমৰ উপ সভাপতি বাবুল সোণোৱালে উদ্দেশ্য ব্যাখা কৰা সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ভালে সংখ্যক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

ইয়াৰ পিছতে স্বভাৱসূলভ ভাষণেৰে আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহবান জনায়৷
ইয়াৰ পিছতে ছয় জনগোষ্ঠী জনজাতিকৰণ ,অসমলৈ অমৃত শ্বাহ আগমনক লৈ আৰু গেৰুকামুখৰ nhpc বান্ধক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে ৷

ছয় জনগোষ্ঠীক জনজাতিকৰনৰ সম্পৰ্কত তেওঁ কয় -“ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আনফালেদি মিচিঙকে ধৰি জনজাতিসকলক প্ৰৱঞ্চনা কৰিলে ।

একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ অসম আগমনক লৈ সৰৱ হৈ অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ সকীয়নি দিয়ে ৷ লগতে কয় ২০২৬ত আকৌ ধৰ্মীয় ৰাজনীতি কৰিব ৷

Batadrava Project: আজি বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প মুকলি হ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প

অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি মুকলি হ’ব বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প।(Batadrava Project)

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প।

কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ সাজু বটদ্ৰৱাবাসী।

প্ৰকল্পস্থলীত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী।

মুকলি অনুষ্ঠানত অংশ ল’ব প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে।

সমাৱেশ ঘটিব ভিন্ন প্ৰান্তৰ ৬০ হাজাৰ ভকত-বৈষ্ণৱৰ।

২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সুবিশাল প্ৰকল্প।

বৰঝাৰ বিমান বন্দৰত ৰাজ্যিক বিজেপিৰ নেতৃত্বই গৃহমন্ত্ৰী অমিত শ্বাহক জনাব আদৰণি।

বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন পিছতে উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়।

Book Launch: বৰক্ষেত্ৰীৰ কাপলাবড়ীত ‘এজনী পতিতাৰ আত্মকথা’ আৰু ‘অন্তিম আশীৰ্বাদ’ শীৰ্ষক দুখনকৈ গ্রন্থৰ উন্মোচন

বৰক্ষেত্ৰীৰ কাপলাবড়ীত 'এজনী পতিতাৰ আত্মকথা' আৰু 'অন্তিম আশীৰ্বাদ' শীৰ্ষক দুখনকৈ গ্রন্থৰ উন্মোচন
বৰক্ষেত্ৰীৰ কাপলাবড়ীত 'এজনী পতিতাৰ আত্মকথা' আৰু 'অন্তিম আশীৰ্বাদ' শীৰ্ষক দুখনকৈ গ্রন্থৰ উন্মোচন

নলবাৰী জিলাৰ(Book Launch) বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ীৰ বনপুৰাস্থিত ‘ একাডেমী অফ ইডুকেশ্বন’ত আজি ২৮ ডিচেম্বৰত বৰক্ষেত্ৰীৰ সৰবৰহী লেখক ওমৰ আলী চৌধুৰীৰ দ্বাৰা ৰচিত গল্প সংকলন “এজনী পতিতাৰ আত্মকথা” আৰু উপন্যাস “অন্তিম আশীর্বাদ” শীর্ষক দুখনকৈ গ্রন্থ উন্মোচন কৰা হয়। ৰবিবাৰে দিনৰ ১১ বজাত কাপলাবড়ী-বনপুৰাস্থিত নেশ্যনেল একাডেমী অফ এডুকেশ্বনত আয়োজিত এক গাম্ভীর্যপূর্ণ উন্মোচনী সভাত গ্ৰন্থ দুখন উন্মোচন কৰে মেন্দিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ কমল দাস আৰু প্ৰগতিশীল লেখক পৰীক্ষিত বৈশ্যই। উক্ত উন্মোচনী সভাখন কালদি গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে নেচনেল একাডেমী অৱ এডুকেশ্বনৰ অধ্যক্ষ ভুৱনেশ্বৰ নাথ,বিৰিণা গোষ্ঠী অসমৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠক, পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুবক্কৰ ছিদ্দিক, কালদি গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মকছেদুল ইছলাম প্ৰমুখ্যে ভালেমান বিশিষ্ট লোক।

উল্লেখ্য ১৯৬৮ চনৰ ২৯ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখাইটি গাওঁত জন্ম গ্ৰহণ কৰা ওমৰ আলী চৌধুৰী পেছাত এগৰাকী অধিবক্তা। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে, ‘আমাৰ প্ৰকৃত শত্ৰুক চিনাক্ত কৰাৰ এয়াই উপযুক্ত সময়(ৰাজনৈতিক)’, ‘ভাৰতবৰ্ষত যীশুখ্ৰীষ্ট’ ,’অসমৰ জাতীয় ভাষা আৰু অস্তিত্বৰ সংকট ‘, ‘যৌন অপৰাধ সমস্যা আৰু সমাধান’, ‘মিঞা দৰ্পণ’, ‘মিঞাসকলৰ ঐতিহাসিক দস্তাবেজ’ ,’সিন্ধুৰ পৰা লৌহিত্যলৈ’ আদি। ভাষণ প্ৰসংগত লেখক চৌধুৰীয়ে কয়, “সাহিত্য সত্য কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু তাত কাল্পনিকতা থাকিব লাগিব, কিন্তু বাস্তৱিক হ’ব লাগিব, বাস্তৱ সমাজ জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত হ’ব লাগিব।’ উল্লেখ্য যে বাস্তৱ সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ আধাৰত ৰচিত গ্ৰন্থ দুখন পাঠক সমাজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে লেখক ওমৰ আলী চৌধুৰীয়ে।

Biswanath Eviction: প্ৰচণ্ড শীতৰ মাজতে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

Biswanath Eviction: প্ৰচণ্ড শীতৰ মাজতে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
Biswanath Eviction: প্ৰচণ্ড শীতৰ মাজতে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।(Biswanath Eviction)

প্ৰচণ্ড শীতৰ মাজতে বিশ্বনাথত সৰ্ববৃহৎ উচ্ছেদ।

বিহালীৰ বাঘমাৰীত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।

পুৱা ৭ বজাৰে পৰা সৰ্ববৃহৎ উচ্ছেদ।

একেলগে ২৬৫ বিঘা ভূমিত উচ্ছেদ প্ৰশাসনৰ।

কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

২৬৫ বিঘা ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ।

৭৩২ টা পৰিয়াললৈ আগষ্ট মাহতে জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল।

ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়াল বাদ দি ৬৬৪ টা ঘৰত উচ্ছেদ।

পুৱা ৭ বজাৰে পৰা বিশ্বনাথত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।

মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীক জাননী প্ৰেৰণ কৰিছিল।

কিন্তু উচ্চ ন্যায়লয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিল।

অৱশেষত আজি ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়াল বাদ দি বাকি থকা ৬৬৪ টা ঘৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান।

এই বেদখলকাৰী সকলে ২০৩ নং দাগ আৰু ১৮৯ মুঠ ২৬৫ বিঘা VGR ভূমি দখল কৰি ৰাখিছিল।

ইতিমধ্যে জিলা প্ৰশাসনে এক বৃহত আৰক্ষীৰ দল, ৪০ খন জেচিপি লৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান।


বজালীৰ ৰিহাবাৰীত অসম সাহিত্য সভাৰ ১০৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

বজালীৰ ৰিহাবাৰীত অসম সাহিত্য সভাৰ ১০৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
বজালীৰ ৰিহাবাৰীত অসম সাহিত্য সভাৰ ১০৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

অতীতৰ লগতে আধুনিকতাৰ দবা শংখ বজাব পাৰিব লাগিব; নদীৰ ভেটা ভাঙি যোৱাৰ দৰে এতিয়া অসম সাহিত্য সভাৰ মজিয়ালৈ ন-ন আজীৱন-হিতৈষী সভ্যৰ সোঁত বৈছে। অসমৰ ৰাইজৰ আশীষ নিৰ্মালিয়েই আমাৰ শিৰৰ মুকুট; অসমৰ ৰাইজে সাহিত্য সভাক মন-প্ৰাণ আৰু দেহেৰেও ভাল পায়। বজালী জিলাৰ অন্তৰ্গত ৰিহাবাৰী শতদল সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটা, চিৰাং, বাক্সা জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ ১০৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে- মনুষ্যত্বৰ সাধনাৰে শিশুক জীৱনমুখী কৰি তুলিব লাগিব; পৰীক্ষা শিক্ষা নাটকৰ শেষ দৃশ্যলৈ ৰূপান্তৰিত হোৱাটো আমাৰ সমাজখনৰ বাবে ধনাত্মক ইংগিত নহয় ।

বজালী জিলাৰ পূব ৰিহাবাৰীৰ মদন-ৰাউতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস তৃতীয় দিনাৰ কাৰ্যসূচী মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনিল শইকীয়াই। সাৱলীল ভাষণ প্ৰদান কৰি তেওঁ কয় যে- ‘অসমীয়া সাহিত্যৰ ইতিহাস লিখা প্ৰক্ৰিয়াটো বহুত শক্তিশালী’ । সভাত উদ্দেশ্যৰ কথকতা প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে- অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰা, এই শোভাযাত্ৰাই ১০৯ বৰ্ষ অতিক্ৰম কৰিছে। সভাই সাৰ্বিকতাৰে ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি সাধন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে; কেৱল ৰাজপথৰ আন্দোলনে ভাষা ৰক্ষা নকৰে । বৰপেটা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাসে উদ্বোধন কৰা সভাখনত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱ চৌধুৰীয়ে। জালাহঘাটৰ ডা০ অচ্যুত চন্দ্ৰ মেধিক বিশেষ সম্বৰ্ধনা জনোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰিয়ে স্মৃতিগ্ৰন্থ ‘ৰিহাবাৰী দৰ্পণ’ উন্মোচন কৰি কয় যে অসম সাহিত্য সভাৰ তুলনা সম্ভৱ নহয়। বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত সভাৰ প্ৰতিগৰাকী সদস্যক শুভকামনা জনাই প্ৰতিজন অসমীয়াকে অসম সাহিত্য সভাৰ সৈতে সম্পৃক্ত হৈ জাতীয় অনুষ্ঠানটোক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ অনুৰোধ জনায় আৰু কয় যে অসম সাহিত্য সভা অসমীয়া জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অংগ।


দিনৰ ১.৩০ বজাৰ পৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া, জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক হেৰম্ব কলিতা, সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ মৃণ্ময় কুমাৰ নাথ, বিত্ত উপসমিতিৰ উপসভাপতি বংকিম বৰুৱা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাস, গুৱাহাটী কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ পাঠক, জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বদ্ৰী গুড়াগাড়ী, আদৰণী সমিতিৰ সভাপতি তথা জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, আকাশ উপসমিতিৰ আহ্বায়ক মানসী শইকীয়া, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূমিধৰ ৰয়, হংস ৰয়, অঞ্জনা গগৈ প্ৰমুখ্যে অৰ্ধশতাধিক বিষয়ববীয়া, অসম সাহিত্য সভাৰ আগন্তুক ২০২৬ পঞ্চৰত্ন গুৱাহাটী অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হীৰালাল বৰা, সম্পাদক বিজু দেৱী, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰ্মন, ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিনয় কুমাৰ নাথ, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়া, জিলা প্ৰতিনিধিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত আৰু স্থানীয় শিল্পীসকলে নৃত্য গীত পৰিৱেশন কৰে । আজিৰ পুৱা কাৰ্যসূচী অনুসৰি ৯ বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে আৰু লগতে আন ১০৯ খন পতাকা উত্তোলন কৰে অসম সাহিত্য সভা, জিলা সাহিত্য সভা, শাখা সাহিত্য সভাৰ বিষয়ববীয়া, প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়া তথা নির্বাচিত ব্যক্তিসকলে। ৯-৩০ বজাত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱা, অসমৰ হৃদস্পন্দন ড০ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তর্পণ কৰে ৰিহাবাৰী শতদল শাখা সাহিত্য সভাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ সিংহ প্ৰমুখ্যে কেন্দ্ৰীয় বিষয়ববীয়াসকলে। ইয়াৰ পিছতে ১২ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্রাৰ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেত্রী ভ্রান্তি মেধি আৰু বলিষ্ঠ অভিনেতা সঞ্জীৱ শর্মাই।


উল্লেখ্য যে, ২৫ ডিচেম্বৰত প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১-৩০ বজাত চিত্রাংকণ প্রতিযোগিতা, আবেলি ২ বজাত ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ আধাৰত সংগীত প্রতিযোগিতা, সন্ধিয়া ৪ বজাত বিষ্ণু-জ্যোতিৰ গীতৰ আধাৰত নৃত্য প্রতিযোগিতা আৰু ৬ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ২৬ ডিচেম্বৰ শুক্রবাৰে পুৱা ১০ বজাত শ্রদ্ধার্ঘ্য অনুষ্ঠান, পুৱা ১২.৩০ বজাত ‘জনগোষ্ঠীয় সমন্বয় সম্মিলন’ অনুষ্ঠিত হয়। জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক হেৰম্ব কলিতাই আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা প্ৰমুখ্যে বহু সংখ্যক জনগোষ্ঠীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আবেলি ৩.৩০ বজাত মহিলাসকলৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ‘আকাশ’ৰ উদ্বোধন কৰে বাক্সা জিলা সাহিত্য সভাৰ উপসভাপতি মানসী নাথে ।

শতাধিক নিৰ্বাচিত মহিলাই অংশগ্ৰহণত ‘আকাশ’ৰ আহ্বায়ক মানসী শইকীয়াই আঁত ধৰা সভাখনৰ সঞ্চালনা কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি যামিনী দাস তালুকদাৰে। ইয়াৰ পিছতে সন্ধিয়া ৫ বজাত শিশুসকলৰ বাবে আয়োজিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ‘কুঁহি’ অনুষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট লেখিকা তথা শিশপ্ৰেমী মীনা তালুকদাৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি উপসমিতিৰ প্ৰাক্তন আহ্বায়ক শংকুসিদ্ধ নাথে আঁত ধৰা কেন্দ্ৰীয় অনুষ্ঠানটিত শতাধিক নিৰ্বাচিত শিশুৱে গীত-নৃত্য-কবিতাৰে সকলোকে মুহিত কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয় বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অংশগ্ৰহণকাৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। সন্ধিয়া ৬ বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান সফল ৰূপায়ন কৰা হয়।।

Amit Shah: কেইবাটাও কাৰ্যসূচীৰে আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেইবাটাও কাৰ্যসূচীৰে আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কেইবাটাও কাৰ্যসূচীৰে আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।( Amit Shah)

কেইবাটাও কাৰ্যসূচীৰে অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

আজি নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব অমিত শ্বাহ।

কইনাধৰাত নিশা কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

কাইলৈ বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব অমিত শ্বাহে।

উদ্বোধনৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা।

দিনৰ ২.৩০ বজাত মুকলি কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয়।

বিয়লি ৩.৩০ বজাত মুকলি কৰিব জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ।

সন্ধিয়া পুনৰ দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ।

শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন ।

শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন ।
শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন ।

কামৰূপ গ্ৰাম্যৰ কেন্দুকোনাৰ লাউকুৰিত শনিবাৰে শিক্ষাবিদ তথা পুঠিমাৰীৰ জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন কৰা হয়।

লাউকুৰিৰ নিজাবাসভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিত্যানন্দ কলিতাই। উমেশ কলিতাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভা খনত সভাপতিত্ব কৰে গুৱাহাটীৰ ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমৰেন্দ্ৰ কলিতাই। গ্ৰন্থ খন উন্মোচন কৰি উন্মোচক পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিত্যানন্দ কলিতাই কয় যে গ্ৰন্থই মানুহক সঠিক পথৰ সন্ধান দিয়ে। প্ৰবীণ শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই বয়সৰ বাধাকো নেওচি গ্ৰন্থ ৰচনাৰ দৰে মহান কামত ব্ৰতী হৈ থকাৰ কথা উল্লেখ কৰি ডঃ কলিতাই কয় যে সকলো কথাৰ মূলতে হৈছে মানুহৰ মনটো। মনটোক সঠিকৰূপত প্ৰস্তুত কৰি লব পাৰিলেই সকলো কাম কৰিব পাৰি।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত স্থানীয় লোকৰ লগতে বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য আজি শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ পত্নী বিমলা ভট্টাচাৰ্যৰ তৃতীয় বাৰ্ষিক আদ্য শ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আয়োজন কৰা হয়।