Home Blog Page 82

Kamrup: কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰ ১০,৭৫,৫৭৬

কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰ ১০,৭৫,৫৭৬
কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰ ১০,৭৫,৫৭৬

ভোটাৰ তালিকা(Kamrup) বিশেষ সংশোধনী কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। এই খচৰা তালিকা প্ৰকাশৰ লগে লগে ভোটাৰসকলৰ বাবে দাবী আৰু আপত্তি দাখিলৰ সুযোগ মুকলি কৰা হৈছে। প্ৰশাসনে জনোৱা মতে, ২৭ ডিচেম্বৰ পৰা ২২ জানুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰত ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভুক্তি, সংশোধন, স্থানান্তৰ বা নাম বাদ দিয়াৰ বাবে আবেদন কৰিব পাৰিব। শনিবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত জিলা আয়ুক্ত সুমিত সত্ত্বন (আইএএছ)য়ে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে ভোটাৰসকলৰ সুবিধাৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰৰ আয়োজন কৰা হ’ব, য’ত দাবী-আপত্তি দাখিল কৰাত সহায় আগবঢ়োৱা হ’ব। জিলা প্ৰশাসনে জনোৱা মতে, সকলো দাবী আৰু আপত্তিৰ শুনানি তথা নিষ্পত্তি ২ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব আৰু ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। খচৰা ভোটাৰ তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,৭৫,৫৭৬ জন।

ইয়াৰ ভিতৰত ৫,২১,৩৮৮ জন পুৰুষ ভোটাৰ, ৫,৫৪,১৫১ জন মহিলা ভোটাৰ আৰু ৩৭ জন তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত আছে। লগতে জিলাখনত ৩,৮২২ জন ডি-ভোটাৰ আৰু ৯১২ জন সেৱা ভোটাৰ আছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে। এইবাৰ ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা পূৰ্বৰ তুলনাত ১.৬৩ শতাংশ বৃদ্ধি পাইছে। ভোটাৰসকলৰ সুবিধাৰ্থে নতুনকৈ ১০৫টা ভোটকেন্দ্ৰ সংযোজন কৰা হৈছে। ইয়াৰ ফলত জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি পাই ১,২১৮টা হৈছে। ইয়াৰে ৯৯২টা নগৰাঞ্চলত আৰু ২২৬টা গ্ৰামাঞ্চলত অৱস্থিত। এই সকলো ভোটকেন্দ্ৰ ৪১৮টা স্থানত বিস্তৃত। বিধানসভা সমষ্টিভিত্তিক তথ্য দাঙি ধৰি জিলা আয়ুক্তে কয় যে দিছপুৰ সমষ্টিত পুৰুষ ভোটাৰ ১,২১,১৮০ জন, মহিলা ভোটাৰ ১,২৮,৫৫২ জন আৰু তৃতীয় লিংগৰ ভোটাৰ ১৪ জন আছে। ভোটাৰ তালিকা পৰিশুদ্ধ কৰাৰ উদ্দেশ্যে বুথ স্তৰৰ বিষয়াসকলৰ জৰিয়তে জিলাখনৰ শতভাগ ঘৰ-ঘৰলৈ যাচাই অভিযান চলোৱা হৈছে। এই অভিযানত মুঠ ২,৯৩,১৩২টা পৰিয়াল পৰিদৰ্শন কৰা হয়। যাচাই সময়ছোৱাত ২৪,১৬৩ জন মৃত ভোটাৰ আৰু ২১,১৫৪ জন স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে। মুঠতে ৪৫,৩১৭ জন ভোটাৰ মৃত্যু বা স্থানান্তৰৰ বাবে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ’ব।

এই সন্দৰ্ভত জিলা আয়ুক্তে স্পষ্ট কৰি কয় যে এতিয়ালৈকে কোনো ভোটাৰৰ নাম আনুষ্ঠানিকভাৱে বাদ দিয়া হোৱা নাই; কেৱল মৃত আৰু স্থানান্তৰিত ভোটাৰসকলক চিনাক্ত কৰা হৈছে। তেওঁ লগতে জনায় যে সমীক্ষাত ১৮ বছৰৰ অধিক বয়সৰ ১৪,৭০০ জন যোগ্য নাগৰিক এতিয়াও ভোটাৰ তালিকাত নথিভুক্ত নোহোৱা অৱস্থাত পোৱা গৈছে। এইসকলকো সময়মতে আবেদন কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। ভোটাৰসকলে ফৰ্ম–৬, ৬এ, ৭ আৰু ৮ৰ জৰিয়তে অনলাইন প’ৰ্টেল, ভোটাৰ হেল্পলাইন এপ বা সংশ্লিষ্ট বুথ স্তৰৰ বিষয়াৰ সহায়ত দাবী-আপত্তি দাখিল কৰিব পাৰিব। প্ৰশাসনে সকলো নাগৰিককে নিজৰ নাম আৰু বিৱৰণ সঠিকভাৱে পৰীক্ষা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।

Lucky moles: মহিলাৰ শৰীৰত থকা এটা তিলে স্বামীক ধনী কৰি তোলে !

মহিলাৰ শৰীৰত থকা এটা তিলে স্বামীক ধনী কৰি তোলে !
মহিলাৰ শৰীৰত থকা এটা তিলে স্বামীক ধনী কৰি তোলে !

সামুদ্ৰিক শাস্ত্ৰই (Lucky moles) শৰীৰৰ বিশদ বিৱৰণ আগবঢ়াইছে। তিলৰ বিষয়েও বৰ্ণনা কৰা হৈছে, যেনে শৰীৰৰ বিভিন্ন অংশত থকা তিলবোৰে কি সূচায়। তিলে মানুহৰ স্বভাৱ, ভাগ্য আৰু জীৱনৰ বিষয়ে তথ্য প্ৰকাশ কৰিব পাৰে। একেদৰে মহিলাৰ শৰীৰত থকা তিলৰ বৰ্ণনাও কৰা হৈছে, যাৰ বাবে তেওঁলোক স্বামীৰ বাবে ভাগ্যৱান হৈ পৰে। শৰীৰৰ কিছুমান বিশেষ অংগত তিলে এগৰাকী নাৰীক সৌভাগ্যৱান কৰি তোলে। নাৰীৰ শৰীৰত থকা সেই শুভ তিলবোৰৰ বিষয়ে জানো আহক যিবোৰে স্বামীৰ বাবেও শুভ।

নাৰীৰ হাতৰ তলুৱাত এটা তিলে দেৱী লক্ষ্মীৰ মূৰ্তিক প্ৰতিনিধিত্ব কৰে। এনে নাৰীয়ে স্বামীৰ জীৱনত সুখ, সমৃদ্ধি, ধন-সম্পত্তি আৰু সফলতাৰ বাট মুকলি কৰে। এই মহিলাসকলে নিজৰ শক্তিত লাভৱান হয় আৰু নিজৰ ভাগ্যৰ জৰিয়তে স্বামীৰ কেৰিয়াৰকো উন্নীত কৰে।

মহিলাৰ ডিঙিত তিল- ডিঙিৰ মাজত বা ডিঙিৰ সোঁফালে তিল থকা মহিলাসকল স্বামীৰ বাবে অতি ভাগ্যৱান আৰু পৰিয়াল আৰু স্বামীৰ সৌভাগ্য বৃদ্ধি কৰে।

কপালৰ সোঁফালে তিল থকা নাৰীক অতি বুদ্ধিমান, আত্মবিশ্বাসী আৰু সৌভাগ্যৱান বুলি গণ্য কৰা হয়। স্বামীক ৰাজনীতিত সফল হোৱাত সহায় কৰে।

নাভিৰ ওচৰত তিল থকা নাৰীক অত্যন্ত সৌভাগ্যৱান বুলি গণ্য কৰা হয় আৰু স্বামীৰ বাবে সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে। যিয়ে এনে মহিলাক বিয়া কৰায়, তেওঁলোকৰ পৰিয়ালে সুখ আৰু সমৃদ্ধিৰ জীৱন যাপন কৰে।

যদি এগৰাকী মহিলাৰ ভৰিৰ তলুৱাত তিল থাকে , তেন্তে তাৰ অৰ্থ হ’ল তেওঁ সঘনাই বিদেশ ভ্ৰমণ কৰে আৰু তেওঁৰ স্বামীও তেওঁৰ লগত যাত্ৰা কৰে। এই ব্যক্তিসকলে ইয়াৰ জৰিয়তে বহু টকা উপাৰ্জন কৰে।

Himanta Biswa Sarma: ১৫ ফেব্ৰুৱাৰীৰ আগতে মিত্ৰতা আৰু আসন বুজাবুজিৰ কোনো চূড়ান্ত সিদ্ধান্ত নহ’ব : মুখ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ আগতে মিত্ৰতা আৰু আসন বুজাবুজিৰ কোনো চূড়ান্ত সিদ্ধান্ত নহ’ব
১৫ ফেব্ৰুৱাৰীৰ আগতে মিত্ৰতা আৰু আসন বুজাবুজিৰ কোনো চূড়ান্ত সিদ্ধান্ত নহ’ব

২০২৬ চনৰ(Himanta Biswa Sarma) অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিজৰ দলৰ নামত নহয়, এনডিএৰ নামতেই প্ৰতিদ্বন্দ্বিতা কৰিব।আজি এই কথা স্পষ্টকৈ জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। তেওঁ কয় যে নিৰ্বাচনক লৈ মিত্ৰ দলসমূহৰ সৈতে আলোচনা চলি থাকিলেও ১৫ ফেব্ৰুৱাৰীৰ আগতে আসনকলৈ আলোচনা বা মিত্ৰতাৰ বিষয়ে কোনো চূড়ান্ত ঘোষণা নহ’ব। এই সন্দৰ্ভত শেষ সিদ্ধান্ত ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহয়ে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। গুৱাহাটীত অনুষ্ঠিত হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক নিৰ্বাচনত বিজেপি এককভাৱে নহয়, এনডিএৰ অংশ হিচাপেই ভোটত নামিব। তেওঁৰ কয়, নিৰ্বাচন বিজেপিৰ নহয়, এনডিএৰ নামতেই খেলিব।


মুখ্যমন্ত্ৰীয়ে আৰু কয় যে মিত্ৰতাৰ আলোচনা ৰাজ্যিক পৰ্যায়ত নহয়, ৰাষ্ট্ৰীয় নেতৃত্বৰ মাজতেই চলিব। অমিত শ্বাহ শীঘ্ৰেই অসমলৈ আহিব আৰু সেই সময়তেই এনডিএৰ মিত্ৰ দলসমূহৰ সৈতে আলোচনা আগবাঢ়িব। তথাপিও ফেব্ৰুৱাৰীৰ মাজভাগৰ আগলৈ এই বিষয়ে কোনো আনুষ্ঠানিক সিদ্ধান্ত হোৱাৰ সম্ভাৱনা নাই। ইপিনে, বিটিআৰ অঞ্চলক লৈ বিজেপিয়ে আগন্তুক নিৰ্বাচনত নতুন পথ বিচাৰিবলগীয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিটিআৰৰ ১৫ খন আসন গুৰুত্বপূৰ্ণ হৈ পৰিছে। বৰ্তমান বিজেপিৰ সৈতে মিত্ৰতা থকা ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু বোৰোলেণ্ড পিপলছ ফ্ৰণ্টক একেলগে ৰাখিব পৰাটো সহজ নহয়। সেই কাৰণেই বিটিআৰত নতুন সমাধান বিচৰা হৈছে। অৱশ্যে এই দুয়োটা দলেই কংগ্ৰেছৰ ফালে নাযাব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।


মিত্ৰ দল অসম গণ পৰিষদৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰত ২০২১ চনৰ বিধানসভা নিৰ্বাচনকেই মূল আধাৰ হিচাপে ধৰা হ’ব। মুখ্যমন্ত্ৰীৰ মতে, য’ত ইতিমধ্যে বিজেপিৰ বিধায়ক আছে, তাত সাধাৰণতে আসন এৰি দিয়া নহয়। যদিও কিছুমান ক্ষেত্ৰত এক-দুখন আসনত বুজাবুজিৰ পৰিৱৰ্তন হ’ব পাৰে, তথাপিও মূল ভিত্তি একেই থাকিব।
জিলা অনুসৰি আসনৰ বাস্তৱতা উল্লেখ কৰি তেওঁ কয় যে বাক্সা, চিৰাং বা তামোলপুৰৰ দৰে ঠাইত অগপ ক’ৰ পৰা আসন পাব, সেয়া ভাবিবলগীয়া বিষয়। সেয়ে ২০২৬ চনৰ নিৰ্বাচনত অগপৰ আসন সংখ্যা ডাঙৰ হোৱাৰ সম্ভাৱনা কম।

Himanta Biswa Sarma: শংকৰ-আজান নাছিল, শংকৰ আৰু মাধৱ আছিলঃ মুখ্যমন্ত্ৰী

শংকৰ-আজান নাছিল, শংকৰ আৰু মাধৱ আছিলঃ মুখ্যমন্ত্ৰী
শংকৰ-আজান নাছিল, শংকৰ আৰু মাধৱ আছিলঃ মুখ্যমন্ত্ৰী

‘শংকৰ-আজানৰ আজান শৱ্দটো অসমত ক’ৰ পৰা সোমাল’?(Himanta Biswa Sarma)

‘শংকৰ-আজান নহয় এয়া শংকৰ-মাধৱৰ দেশ’।

‘আজান ফকিৰ-বাঘ হাজৰিকা অসমৰ মানুহ নহয়’।

‘বাঘ হাজৰিকা ‘কাল্পনিক চৰিত্ৰ’।

‘বাঘ হাজৰিকাক লৈ ক’ৰ পৰা আহিল বুৰঞ্জীৰ তথ্য’।

‘লাচিতৰ সৈতে বাঘ হাজৰিকাক সোমাব নালাগে’।

‘আমি লাচিতৰ নিচিনা বীৰ বিচাৰিছোঁ’।

‘আমাৰ দেশত শংকৰ, মাধৱ আছিল, আজান নাছিল’।

‘সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা’।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য।

Sadagar deori: ভুৱা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ আতংকঃ আইনৰ ভয় দেখুৱাই যোৰহাটৰ জ্যেষ্ঠ চিকিৎসকৰ ৪৯ লাখ টকা লুণ্ঠন

ভুৱা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ আতংকঃ আইনৰ ভয় দেখুৱাই যোৰহাটৰ জ্যেষ্ঠ চিকিৎসকৰ ৪৯ লাখ টকা লুণ্ঠন
ভুৱা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ আতংকঃ আইনৰ ভয় দেখুৱাই যোৰহাটৰ জ্যেষ্ঠ চিকিৎসকৰ ৪৯ লাখ টকা লুণ্ঠন

আইনৰ নাম লৈ (sadagar deori) ভয় দেখুওৱাই আজি চাইবাৰ অপৰাধীৰ সহজ অস্ত্ৰ হৈ উঠিছে। সেই ভয়তে পৰি যোৰহাটৰ এজন জ্যেষ্ঠ চিকিৎসকে নিজৰ সাঁচৰ ধন প্ৰায় ৪৯ লাখ টকা হেৰুৱাবলগীয়া হৈছে। ভুৱা “ডিজিটেল গ্ৰেপ্তাৰ”ৰ কথা কৈ দীঘলীয়া সময় ধৰি মানসিক চাপ সৃষ্টি কৰি এই অপৰাধ সংঘটিত কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী চিকিৎসকজন যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা. সদাগৰ দেউৰি (৬৩)। ঘটনাৰ সন্দৰ্ভত তেওঁ যোৰহাট আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি গোচৰ ৰুজু আৰু দ্ৰুত তদন্তৰ দাবী জনাইছে।
অভিযোগ অনুসাৰে, ১৯ নৱেম্বৰত এটা অচিনাকি নম্বৰৰ পৰা হোৱাটছএপ ভিডিঅ’ কল যোগে তেওঁৰ সৈতে যোগাযোগ কৰা হয়। কলত নিজকে বেংগালুৰু আৰক্ষীৰ বিষয়া বুলি চিনাক্ত কৰি ডা. দেউৰিৰ বিৰুদ্ধে অশালীন সামগ্ৰীৰ সৈতে জড়িত গোচৰৰ কথা কোৱা হয়। আইনৰ কথা শুনিয়েই তেওঁ গভীৰ আতংকত পৰে।


বেংগালুৰু গৈ হাজিৰ হ’বলৈ অক্ষমতা প্ৰকাশ কৰাত চাপ সৃষ্টি কৰা হয়। কোৱা হয় যে বিষয়টোত কেন্দ্ৰীয় তদন্ত সংস্থা জড়িত। ইয়াৰ লগতে তেওঁৰ আধাৰ পৰিচয় ব্যৱহাৰ কৰি এটিএম কাৰ্ড দুৰ্ব্যৱহাৰৰ অভিযোগ কৰে। কানাড়া বেংকৰ একাউণ্টৰ জৰিয়তে বৃহৎ অংকৰ ধন লেনদেনৰ কথাও উল্লেখ কৰি ভয় জাগ্ৰত কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন দেখুৱাই বিষয়টো গোপন ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়া হয়। কাকো কিবা ক’লে গুৰুতৰ ফল ভোগ কৰিব লাগিব বুলি ভাবুকি দিয়া হয়। কথিত অনুসন্ধানৰ নামত দীঘলীয়া সময় ধৰি ভিডিঅ’ কলত থাকিবলৈ বাধ্য কৰা হয়। বাসগৃহৰ দৃশ্য, ব্যক্তিগত সম্পত্তিৰ তথ্য আৰু অৱস্থানৰ খবৰ দিবলৈও নিৰ্দেশ দিয়া হয়।


ভয় আৰু আতংকৰ মাজত পৰি ডা. দেউৰিয়ে প্ৰেৰণ কৰা জাল এজাহাৰ প্ৰতিলিপি আৰু উচ্চতম ন্যায়ালয়ৰ নামেৰে সাজি তোলা ভুৱা জাননী বিশ্বাস কৰে। এই অৱস্থাত তেওঁ তথাকথিত “নিৰাপত্তা ধন”ৰ নামত একাধিক বেংক একাউণ্টত ধন প্ৰেৰণ কৰে। পিছত সকলো টকা ঘূৰাই দিয়া হ’ব বুলি আশ্বাস দিয়া হৈছিল। এইদৰে পাঁচটা পৰ্যায়ত মুঠ ৪৯ লাখ টকা প্ৰেৰণ কৰাৰ পাছত তেওঁ উপলব্ধি কৰে যে সমগ্ৰ ঘটনাটো ভুৱা পৰিচয়, প্ৰযুক্তিগত কৌশল আৰু জাল আইনী ভাবুকি ব্যৱহাৰ কৰি সংঘটিত এক বৃহৎ চাইবাৰ প্ৰৱঞ্চনা।


নিজৰ অভিযোগত ডা. দেউৰিয়ে ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইন অনুসৰি গোচৰ ৰুজু, সংশ্লিষ্ট বেংক একাউণ্টসমূহ স্থগিত কৰি ধন উদ্ধাৰৰ ব্যৱস্থা আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
তেওঁ লগতে উল্লেখ কৰিছে যে এই ধনৰাশি তেওঁ ধাৰ-ঋণ লৈ জোগাড় কৰিবলগীয়া হৈছিল। এই ঘটনাই তেওঁক আৰ্থিক ক্ষতিৰ লগতে গভীৰ মানসিক যন্ত্ৰণাৰ মাজলৈ ঠেলি দিছে। সহজ বিশ্বাসেই যেন এইবাৰ তেওঁৰ বাবে ডাঙৰ বিপদৰ কাৰণ হৈ উঠিল।

Gogamukh-Dhakuakhana News: জৰাজীৰ্ণ গোগামুখ-ঢকুৱাখনা পথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ

জৰাজীৰ্ণ গোগামুখ-ঢকুৱাখনা পথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ
জৰাজীৰ্ণ গোগামুখ-ঢকুৱাখনা পথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ

সম্প্ৰতি অতিকৈ (Gogamukh-Dhakuakhana News) পয়ালগা আৰু জৰাজীৰ্ণ হৈ পৰিছে ধেমাজি জিলাৰ গোগামুখ- ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথ ৷ পুনৰ মেৰামতি আৰু নিৰ্মাণৰ অভাৱত যাতায়াতৰ অনুপযোগী হৈ পৰিছে আৰু পথটোক লৈ পথচাৰীসকল অতিষ্ঠ হৈ পৰিছে ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ বিধানসভা সমষ্টি তথা গৃহ চোতালৰ পথচোৱাৰ এনে দুৰবস্থাই ৰাইজক দীৰ্ঘদিন ধৰি যমৰ যান্ত্ৰনা দি অহাত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই আজি ৰাজ্যিক ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী আছুৰ কৰ্মী-সদস্যসকলে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ হুচিয়াৰ, গোগামুখ-ঢকুৱাখনা পথ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰক, মন্ত্ৰী ৰণোজ পেগুৰ মইমতালী নচলিব, ৰণোজ পেগু হুচিয়াৰ আদি ধ্বনিৰে গোগামুখৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ উল্লেখনীয়, গোগামুখ-ঢকুৱাখনা পথৰ কাষে কাষে ৩ কিলোমিটাৰ পথ পৰ্যন্ত গোগামুখৰ  ৯০ শতাংশ  চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে ৷ বিদ্যালয়-মহাবিদ্যালয়, চিকিৎসালয় আদিকে ধৰি আন বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে ৷ উক্ত পথটোৰ নিতৌ শত সহস্ৰাধিক লোকে অহা-যোৱা কৰে ৷

এনেক্ষেত্ৰত গোগামুখ-ঢকুৱাখনা পথ গোগামুখৰ যাতায়াতৰ মেৰুদণ্ড স্বৰূপ । এনে এখন গুৰুত্বপূৰ্ণ জনসাধাৰণৰ যাতায়াতৰ অনুপযোগী কৰাটো অতিকৈ দুৰ্ভাগ্যগনক বুলি গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই আখ্যা দিয়ে ৷ প্ৰতিবাদৰ অন্তত গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ  হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি প্ৰবাল চাংমাই আৰু সম্পাদক নবীন বৰা স্বাক্ষৰিত উক্ত স্মাৰকপত্ৰত তেওঁলোকে উল্লেখ কৰা মতে গোগামুখ আঞ্চলিক ছাত্র সন্থাই অতি দুখ আৰু ক্ষোভেৰে জনাওঁ যে, গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ অতি শীঘ্রেই পুনৰ নিৰ্মাণৰ দাবীত কেইবাবাৰো গোগামুখ ৰাজহচক্ৰ কাৰ্যালয়ৰ যোগেদি দাবী জনাই অহাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাত আঞ্চলিক ছাত্র সন্থাই দুখ প্রকাশ কৰিছোঁ।

ৰাজ্যিক ঘাইপথটোৱেদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গর্ভবতী মহিলা, ৰোগী আৰু সাধাৰণ শ্রমজীৱি মানুহে কষ্টৰে যাতায়াত কৰিব লগীয়া হৈছে ৷ কিন্তু ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা  জনপ্রতিনিধিজনে এই বিষয়টো কোনো গুৰুত্ব দিয়া নাই ৷ এনে বিধায়কজনৰ এনে  উদাসীনতা কেবল লজ্জাজনক নহয়- এইটো এক প্ৰকাৰৰ বিশ্বাসঘাটকতা ৷ ছাত্ৰ সন্হাই  গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নং ৰাজ্যিক ঘাইপথটো পুনৰ নিৰ্মাণ কৰিবৰ বাবে শেষ বাৰৰ বাবে গোগামুখ আঞ্চলিক ছাত্র সন্থাই পথ-অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আহ্বান  জনাইছে আৰু  অন্যথা গোগামুখ বাসীৰ ৰাইজৰ সহযোগত সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে ৷

BJP: কংগ্ৰেছৰ বিভাজনকাৰী ৰাজনীতিক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সকিয়নী

কংগ্ৰেছৰ বিভাজনকাৰী ৰাজনীতিক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সকিয়নী
কংগ্ৰেছৰ বিভাজনকাৰী ৰাজনীতিক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সকিয়নী

বিজেপিৰ(BJP) ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনাৰ কাৰ্যসূচীত দ্বিতীয় সত্ৰত ৰাজনৈতিক প্ৰস্তাৱ দাঙি ধৰি মন্ত্ৰী ৰনজিৎ দাসে কংগ্ৰেছক বৃহত্তৰ অসমীয়া জাতিক বিভাজন কৰিবলৈ চেষ্টা কৰা ষড়যন্ত্ৰৰ বাবে তীব্ৰ সকিয়নী প্ৰদান কৰে৷ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহৰ কাৰ্যনিৰ্বাহকস্থলীৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এই কথা সদৰি কৰি কয় যে, ৰাজনৈতিক প্ৰস্তাৱটোত মন্ত্ৰী গৰাকীয়ে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে অবৈধ বিদেশীৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিক সমৰ্থন আগবঢ়াই লগতে চৰকাৰী ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰাৰ কাৰ্য্যক পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷

মন্ত্ৰী গৰাকীৰ প্ৰস্তাৱক সমৰ্থন প্ৰদান কৰি সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্ৰী বিমল বড়া, বিধায়ক নোমল মমিনে বক্তব্য ৰাখি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভবিষ্যতৰ বাবে অসম চৰকাৰে কৰা কাম সমূহক পূৰ্ণ সমৰ্থন আগবঢ়াই৷ অন্যহাতে ৰাজ্যিক মুখ্য মখপাত্ৰ কিশোৰ উপাধ্যায়, গোৱালপাৰ জিলা সভাপতি দিপাংকৰ নাথ, ৰাজ্যিক নেতা অশ্বিনী ৰায় চৰকাৰ আদি বহু কেইজন কাৰ্যকৰ্তাই মন্ত্ৰী ৰনজিৎ দাসে উপস্থাপন কৰা ৰাজনৈতিক প্ৰস্তাৱক সমৰ্থন আগবঢ়াই৷

অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত

অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত
অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত


কাৰ্বি আংলং জিলাত সৃষ্টি হোৱা শেহতীয়া অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰ আৰু কাৰ্বি প্ৰতিনিধিৰ মাজত আজি দিছপুৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাংসহ বিভিন্ন কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনায় যে, খেৰণি অঞ্চলৰ ভিজিআৰ আৰু পিজিআৰ ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অহা ৫ জানুৱাৰীৰ ভিতৰত নিজৰ শপতনামা দাখিল কৰিব। ইয়াৰ লগতে কাৰ্বি নাগৰিক সমাজেও উক্ত গোচৰত পৃথকভাৱে নিজৰ বক্তব্য দাখিল কৰিব।

মুখ্যমন্ত্ৰীয়ে আৰু জানিবলৈ দিয়ে যে, বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক খৰতকীয়া শুনানি আৰু শীঘ্ৰ ৰায়দানৰ বাবে অনুৰোধ জনাব, যাতে আদালতৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

বৈঠকত গৃহীত সিদ্ধান্ত অনুসাৰে, খেৰণিৰ ভিজিআৰ–পিজিআৰ এলেকাত থকা সকলো চৰকাৰী কাৰ্যালয় অতি সোনকালে অন্য স্থানলৈ স্থানান্তৰ কৰা হ’ব। ইয়াৰ লগতে উক্ত এলেকাত থকা প্ৰায় ৮ হাজাৰ বিঘা ভিজিআৰ–পিজিআৰ ভূমিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বেৰা দিয়াৰ ব্যৱস্থা কৰিব আৰু বনানীকৰণ কৰি ভবিষ্যতে যাতে কোনো অবৈধ দখল নহয়, সেই দিশত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শেহতীয়া হিংসাত্মক ঘটনাত আৰক্ষীৰ গুলীত নিহত ব্যক্তিৰ পৰিয়ালক স্বায়ত্তশাসিত পৰিষদে এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হ’ব।

বৈঠকত লগতে সিদ্ধান্ত লোৱা হয় যে, ভিজিআৰ–পিজিআৰ ভূমিত চলি থকা সকলো বাণিজ্যিক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব। একে সময়তে কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লোৱা হ’ব।

ইফালে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা প্ৰস্তাৱিত কেইবাখনো আইন যিবোৰ বৰ্তমান ৰাজ্য চৰকাৰৰ অনুমোদনৰ অপেক্ষাত আছে, সেই আইনসমূহ শীঘ্ৰে অনুমোদন দিবলৈও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।

উল্লেখ্য যে, এই বিষয়সমূহৰ ওপৰত পৰৱৰ্তী পৰ্যায়ৰ আলোচনা অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে চৰকাৰী সূত্ৰই।

তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে

তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে
তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে

অসমৰ তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ স্বায়ত্তশাসিত পৰিষদসমূহক সাংবিধানিক স্বীকৃতি প্ৰদানৰ দিশে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তিনিওটা জনগোষ্ঠীৰ প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকৰ সময়ত গৃহমন্ত্ৰীয়ে এই বিষয়ত আনুষ্ঠানিক আলোচনাৰ বাবে এজন আলোচক (interlocutor) নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰ সন্মত হোৱা বুলি জানিবলৈ দিয়ে।

দীৰ্ঘদিন ধৰি তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীয়ে নিজ নিজ স্বায়ত্তশাসিত পৰিষদসমূহৰ সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে। এই দাবীসমূহৰ ক্ষেত্ৰত এখন প্ৰতিষ্ঠিত আৰু সংগঠিত ব্যৱস্থাৰে আলোচনা আৰম্ভ কৰাৰ আশ্বাসে জনগোষ্ঠীসমূহৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।

এই উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্তোষ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই পদক্ষেপে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। তেওঁ সামাজিক মাধ্যমত কৰা এক পোষ্টত লিখিছে যে, “দীৰ্ঘদিন ধৰি নিজ নিজ স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা বিচাৰি অহা ৰাভা, মিচিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত বহিবলৈ মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে যি সদিচ্ছা প্ৰকাশ কৰিছে, সেয়া সত্যই আশ্বাসদায়ক আৰু হৃদয়স্পৰ্শী।”

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, এজন মধ্যস্থতাকাৰী নিযুক্ত কৰি আনুষ্ঠানিক আলোচনাৰ পথ মুকলি কৰাৰ সিদ্ধান্তই ভাৰত চৰকাৰৰ অন্তর্ভুক্তিমূলক শাসন ব্যৱস্থা, সংলাপ আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সাংবিধানিক আকাংক্ষাৰ প্ৰতি দায়বদ্ধতাৰ স্পষ্ট প্ৰতিফলন।

দীৰ্ঘদিন ধৰি অসমত তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ স্বায়ত্তশাসন আৰু সাংবিধানিক সুৰক্ষা এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামাজিক বিষয় হিচাপে বিবেচিত হৈ আহিছে। এই প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক সংশ্লিষ্ট মহলে এক গুৰুত্বপূৰ্ণ আৰু ইতিবাচক অগ্ৰগতি হিচাপে মূল্যায়ন কৰিছে।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণলৈ অসমত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণলৈ অসমত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ।
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণলৈ অসমত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ।


২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে কৌশলগত তৎপৰতা বৃদ্ধি কৰাৰ মাজতে দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হয়। ৰাষ্ট্ৰীয় পদ গ্ৰহণ কৰাৰ পিছত এইটোৱেই তেওঁৰ প্ৰথম অসম ভ্ৰমণ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নীতিন নবীনক দলীয় কৰ্মীসকলে উষ্ম সম্বৰ্ধনা জনায়। তাৰ পিছতেই তেওঁ গুৱাহাটীত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিশ্লেষণ, সংগঠনিক গঠন শক্তিশালীকৰণ, লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কৌশল নিৰ্ধাৰণৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

বিজেপিৰ ৰাজ্যিক নেতাসকলৰ মতে, এই বৈঠকৰ মূল লক্ষ্য হৈছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এক সুসংহত আৰু সুদৃঢ় ৰোডমেপ প্ৰস্তুত কৰা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ ভাষণ প্ৰদান কৰে। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, কাৰ্যবাহী সদস্য তথা প্ৰায় ৮০০ গৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

বিজেপি অসম প্ৰদেশৰ উপ-সভাপতি মনোজ বৰুৱাই জানিবলৈ দিয়া মতে, ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সংগঠনৰ ভিতৰুৱা মূল্যায়নৰ লগতে নিৰ্বাচনী কৌশল, নীতি আৰু ভৱিষ্যৎ কৰণীয়ৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। আগন্তুক মাৰ্চ–এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এই বৈঠকসমূহ অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, ২৭ ডিচেম্বৰত ৰাজ্যিক নিৰ্বাচন পৰিচালনা সমিতি আৰু ইস্তাহাৰ খচৰা প্ৰস্তুত সমিতিৰ বৈঠকো অনুষ্ঠিত হ’ব। ৪৫ বছৰীয়া নীতিন নবীনক ১৪ ডিচেম্বৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। দলীয় নেতৃত্বই এই নিযুক্তিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত ২০৪৭’ দৃষ্টিভংগীৰ সৈতে সংযুক্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।