Home Blog Page 83

Jayanta Das: দলীয় প্ৰাৰ্থী ঘোষণা হোৱাই নাই, ভোট বিচাৰি দিছপুৰ সমষ্টিৰ ঘৰে ঘৰে বিজেপি নেতা জয়ন্ত দাস

দলীয় প্ৰাৰ্থী ঘোষণা হোৱাই নাই, ভোট বিচাৰি দিছপুৰ সমষ্টিৰ ঘৰে ঘৰে বিজেপি নেতা জয়ন্ত দাস
দলীয় প্ৰাৰ্থী ঘোষণা হোৱাই নাই, ভোট বিচাৰি দিছপুৰ সমষ্টিৰ ঘৰে ঘৰে বিজেপি নেতা জয়ন্ত দাস

আগন্তুক অসম বিধানসভা (Jayanta Das) নিৰ্বাচনলৈ মাজত মাথো তিনি মাহ। এই মূহুৰ্তত প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে নিজৰ দলৰ সাংগঠনিক শক্তি বৃদ্ধিত গুৰুত্ব প্ৰদান কৰি দলৰ সাংগঠনিক সক্ৰিয়তা অব্যাহত ৰাখিছে। কোন সমষ্টিত কোন দলে কোনজন নেতাক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই সম্পৰ্কত কি কংগ্ৰেছ, কি বিজেপি কোনো এটা ৰাজনৈতিক দলে সুস্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই বা প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াও আৰম্ভ কৰা নাই। তেনে এক সময়তে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ দূৰ্গ কঁপাই বিজেপি নেতা জয়ন্ত কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যৰে দিছপুৰ সমষ্টিৰ প্ৰতি ঘৰে ঘৰে ভোট বিচাৰি যোৱাৰ লক্ষ্য উদ্দেশ্যেৰে আজিৰে পৰা আৰম্ভ কৰিছে পদযাত্ৰা কাৰ্যসূচী।

বশিষ্ঠ মন্দিৰৰ পৰা আজি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। বিজেপি নেতাজনৰ
এই পদযাত্ৰা কাৰ্যসূচীয়ে সমষ্টিৰ ৰাইজৰ পৰা ব্যাপক হাৰত সহাঁৰি লাভ কৰাও পৰিলক্ষিত হয়। উল্লেখ্য যে – ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভাপতি আৰু প্ৰাক্তন মুখপাত্ৰ জয়ন্ত কুমাৰ দাসে বিগত ত্ৰিশ বছৰ ধৰি বিজেপি দলক সেৱা আগবঢ়াই আহিছে যদিও প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত তেওঁ দলীয় প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হৈ আহিছে। এইবাৰ ২৬ ৰ নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সংকল্পৰে জয়ন্ত কুমাৰ দাসে যুদ্ধংদেহী প্ৰস্তুতিৰে সমষ্টিটোত নিজৰ ৰাজনৈতিক সক্ৰিয়তা অব্যাহত ৰাখিছে।


উল্লেখ্য যে – দলীয় প্ৰাৰ্থী ঘোষণা নোহোৱাকৈ ভোট বিচাৰি ভোটাৰ ৰাইজৰ ঘৰে ঘৰে পদযাত্ৰা কৰাৰ জয়ন্ত কুমাৰ দাসে যি কাৰ্যসূচী হাতত লৈছে সেয়া সততে বিৰল। জয়ন্তৰ পূৰ্বে কোনো দলৰ কোনো নেতাই এই ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ নজিৰ নাই। ইফালে জয়ন্ত কুমাৰ দাসে আজিৰ পৰা আৰম্ভ কৰা পদযাত্ৰা কাৰ্যসূচীয়ে সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক অতুল বৰা আৰু সমষ্টিটোৰ আন এগৰাকী প্ৰাৰ্থীত্বৰ দাবীদাৰ মানস বৰাক বাৰুকৈয়ে ৰাজনৈতিক ভাৱে শলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। ইফালে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিজেপি নেতা জয়ন্ত কুমাৰ দাসে কয় যে – আগন্তুক নিৰ্বাচনত তেওঁ দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত আৰু দলীয় প্ৰাৰ্থীত্ব নিশ্চয় লাভ কৰিব। দিছপুৰ সমষ্টিৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ লগতে সমষ্টিবাসী ৰাইজক সেৱা কৰি যোৱাৰ মানসিকতাৰে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ওলাইছে বুলি উল্লেখ কৰে।

Nose Mole: আপোনাৰো নাকৰ তলত তিল আছে নেকি ? আপোনাৰ ভাগ্য জিলিকি উঠিব!

আপোনাৰো নাকৰ তলত তিল আছে নেকি ?
আপোনাৰো নাকৰ তলত তিল আছে নেকি ?

সমুদ্ৰিক (Nose Mole) শাস্ত্ৰৰ মতে মুখত থকা তিলবোৰে ভৱিষ্যতৰ বিষয়ে বহুতো ইংগিত দিয়ে। মানুহে প্ৰায়ে প্ৰশ্ন কৰে যে নাকৰ তলত থকা তিলটোৱে শুভ নে অশুভ ভাগ্যৰ ইংগিত দিয়ে নেকি?

সমুদ্ৰিক শাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে নাকৰ তলত তিল থকা সকল জন্মতে ভাগ্যৱান। এনে ব্যক্তিৰ জীৱনত কেতিয়াও বিলাসীতা আৰু আৰামৰ অভাৱ নহয়। তদুপৰি তেওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয়। নিজৰ কথাৰে যিকোনো মানুহক জয়ী কৰাত পাকৈত। জীৱনৰ প্ৰতিটো পৰ্যায়তে তেওঁলোকে সহজেই সফলতা লাভ কৰে আৰু সমাজত নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তোলাত সফল হয়।

নাকৰ তলত তিল থকা ব্যক্তিসকলে তেওঁলোকৰ জীৱনশৈলী আৰু ব্যক্তিত্বত কিছুমান সুকীয়া বৈশিষ্ট্য প্ৰদৰ্শন কৰে। আৰ্থিক কষ্টৰ সন্মুখীন হোৱাটো খুব কমেইহে দেখা যায়। গোটেই জীৱন যথেষ্ট ভাগ্যৰ আশীৰ্বাদ লাভ কৰে। স্বাভাৱিকতে সৃষ্টিশীল আৰু শিল্প, সংগীত, সাহিত্যৰ প্ৰতি প্ৰৱল প্ৰৱণতা থাকে। তেওঁলোকৰ বৈবাহিক জীৱন স্থিৰতা আৰু প্ৰেমেৰে ভৰি থাকে। তেওঁলোকে প্ৰায়ে প্ৰতিটো পৰিস্থিতিত সহায় কৰা সংগী বিচাৰি পায়। ভ্ৰমণে তেওঁলোকৰ জীৱনলৈ ইতিবাচক শক্তি আনে।

নাকৰ তলত ক’লা তিল এটাই ব্যক্তিৰ অত্যন্ত পৰিশ্ৰমী আৰু অধ্যৱসায়ী কামৰ ইংগিত দিয়ে। এই ব্যক্তিসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে চেলেংৰ পৰা ধন-সম্পত্তিলৈ উন্নীত হয়। তদুপৰি তেওঁলোকৰ সংকল্প শিলৰ দৰে শক্তিশালী। ইফালে ৰঙা তিলে এজন ব্যক্তিৰ আৱেগিক আৰু সংবেদনশীল স্বভাৱৰ ইংগিত দিয়ে। এনে ব্যক্তি দয়ালু আৰু দান-বৰঙণিত বিশ্বাসী। তেওঁলোকে অতি ধৈৰ্য্যশীল আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰে।

Nalbari News: বৰদিন উদযাপনত হস্তক্ষেপ: নলবাৰীত হিংসা, ৪ জনক গ্ৰেপ্তাৰ

নলবাৰীত হিংসা, ৪ জন গ্ৰেপ্তাৰ
নলবাৰীত হিংসা, ৪ জন গ্ৰেপ্তাৰ

নলবাৰীৰ এখন ব্যক্তিগত (Nalbari News) বিদ্যালয়ত বৰদিন উদযাপনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক ঘটনাক লৈ অসমজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। অভিযোগ অনুসৰি, একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই বিদ্যালয়ত প্ৰৱেশ কৰি বৰদিন উপলক্ষে ৰখা বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জুই লগাই দিছিল। উক্ত ঘটনাত আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।


ইতিমধ্যে বেলশৰ আৰক্ষীয়ে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সৈতে জড়িত ৪ জন নেতাক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সংক্রান্তত বেলশৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইপিনে,
ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সত দিয়া এক বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁৱত অৱস্থিত ছেইণ্ট মেৰিজ ইংৰাজী স্কুলত সংঘটিত ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে কয় যে অসম আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আইন অনুসৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব। ৰাজ্যত শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।


আৰক্ষীৰ তথ্য অনুসৰি, বুধবাৰে সংঘটিত এই ঘটনাত অভিযুক্তসকলে বিদ্যালয় চৌহদত প্ৰৱেশ কৰি বৰদিন উদযাপনৰ বাবে ব্যৱহাৰ কৰা ষ্ট্ৰীট লাইট, ফুলৰ টাব আদি সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে আৰু উৎসৱৰ পূৰ্বেই সেইবোৰ জ্বলাই দিয়ে।

Milk: প্ৰতিজন অভিভাৱকে জনা উচিতঃ প্ৰতিদিনে কিয় গাখীৰ দিব নালাগে কেঁচুৱাক ?

প্ৰতিদিনে কিয় গাখীৰ দিব নালাগে কেঁচুৱাক ?
প্ৰতিদিনে কিয় গাখীৰ দিব নালাগে কেঁচুৱাক ?

শিশু অৱস্থাত (Milk) শিশুক আমি প্ৰায়ে গাখীৰ খাবলৈ দিওঁ। সাধাৰণতে মানুহে বিশ্বাস কৰে যে শিশুক গাখীৰ খুৱালে উপকাৰী। কিন্তু শিশুক প্ৰতিদিনে গাখীৰ দিয়াটো উচিত নে?

শীতকালত গাখীৰ খোৱাটো সকলো বয়সৰ লোকৰ বাবে উপকাৰী। এই বতৰত প্ৰায়ে গাখীৰৰ লগত গুড়, খেজুৰ, কেশৰ খোৱা হয়। কিন্তু প্ৰাপ্তবয়স্কতকৈ শিশুক গাখীৰ খুৱাবলৈ অধিক গুৰুত্ব দিয়া হয়। শিশুৰ পেশী আৰু হাড় শক্তিশালী কৰিবলৈ অধিক গাখীৰৰ প্ৰয়োজন হয়। কিন্তু প্ৰতিটো শিশুৱে গাখীৰ খোৱা উচিত আৰু দৈনিক গাখীৰ খোৱাটো উপযুক্ত নে?

শিশুৰ পেশী, হাড়, উচ্চতা, দাঁত শক্তিশালী কৰাৰ বাবে গাখীৰ অতি প্ৰয়োজনীয়। অৱশ্যে প্ৰতিটো দিন শিশুৰ ক্ষেত্ৰত একে নহয়। শিশুৰ পাচন শক্তি সোনকালে প্ৰভাৱিত হয়, গতিকে প্ৰতিদিনে গাখীৰ খুৱাব নালাগে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে শিশুক কেতিয়া গাখীৰ দিব নালাগে। শিশুক সঘনাই কাহ, পেট ফুলা, গেছ গঠন, পেট বেয়া, বা ভোক নলগা হ’লে গাখীৰ দিব নালাগে। এই লক্ষণসমূহে শিশুৱে গাখীৰ হজম কৰাত অসুবিধা পোৱাৰ ইংগিত দিয়ে। শিশুৰ পাচন শক্তি প্ৰাপ্তবয়স্কৰ তুলনাত দুৰ্বল আৰু গাখীৰ হজম কৰিবলৈ পেটে দুগুণ কষ্ট কৰিবলগীয়া হয়। গাখীৰ হজম হ’বলৈ কমেও ২-৩ ঘণ্টা সময় লাগে। এনে পৰিস্থিতিত শিশুক গাখীৰ নিদিব।

এতিয়া, শিশুক গাখীৰ কেনেকৈ সৰ্বোত্তমভাৱে দিব পাৰি সেই বিষয়ে বুজাটো গুৰুত্বপূৰ্ণ। প্ৰথমে শিশুক সদায় গৰম গাখীৰ দিব লাগে। গৰম গাখীৰে গেছ আৰু পেট ফুলা কমায় আৰু শীতকালত শৰীৰ গৰম কৰি ৰাখে। দ্বিতীয়তে, ৰাতি শিশুক গাখীৰ দিয়াৰ পৰা বিৰত থাকক। ৰাতি শৰীৰৰ সক্ৰিয়তা কম হোৱাৰ বাবে গাখীৰ হজম কৰাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। তৃতীয়তে, শিশুক সাধাৰণ গাখীৰ নিদিয়াৰ পৰা বিৰত থাকক। গাখীৰত কেশৰ, হালধি, বা শুকান আদা মিহলাই লওক। ইয়াৰ ফলত শিশুক গাখীৰ হজম কৰাত সহায় কৰিব।

BJP: আজিৰে পৰা ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠক

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠক
আজিৰে পৰা ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠক

আজিৰে(BJP) পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত দুদিনীয়া কার্যনির্বাহক বৈঠক। উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। কার্যনির্বাহকতে ‘২৬ নিৰ্বাচনৰ ৰণকৌশল প্রস্তুত কৰিব গেৰুৱা দলটোৱে।ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত প্রথমখন কার্যনির্বাহক।

সমাগম ২৬ ৰ বিধানসভা নিৰ্বাচন।ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে বিজেপি দলে প্ৰস্তুত কৰিব ৰণনীতি ৰণকৌশল।সাংসদ দিলীপ শইকীয়াই বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা।
সভাত ৯০০ জন প্ৰতিনিধিয়ে কৰিব অংশগ্ৰহণ। এই সভাখন উদ্বোধন কৰিব ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতিয়ে।। উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক।

যোৰহাটত ‘অসম কাব্য কানন’ৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্নঃ কিশোৰ মনজিত বৰাক “কাব্যম বঁটা” প্ৰদান

যোৰহাটত 'অসম কাব্য কানন'ৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্নঃ কিশোৰ মনজিত বৰাক "কাব্যম বঁটা" প্ৰদান
যোৰহাটত 'অসম কাব্য কানন'ৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্নঃ কিশোৰ মনজিত বৰাক "কাব্যম বঁটা" প্ৰদান

‘অসম কাব্য কানন’ৰ অষ্টম বার্ষিক অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অসম কাব্য কাননৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অসীম দত্তই। পতাকা উত্তোলন কৰি তেওঁ কাব্য কাননৰ অতীত বৰ্তমানৰ লগতে কাব্য কাননে বিগত বৰ্ষ সমূহত কৰি অহা খতিয়ান দাঙি ধৰে। ইয়াৰ পাছতেই মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী আৰু আদৰণি সমিতিৰ সভাপতি মৃণালিনী গোস্বামীয়ে। ইয়াৰ পিছতেই অষ্টম বাৰ্ষিক অধিৱেশন উপলক্ষে ৮ গছি বন্তি প্রজ্বলন কৰে ক্ৰমে মাধুৰী শৰ্মা সভাপণ্ডিত, পৰাণ বৰুৱা, গিৰিজা শৰ্মা, অমৰ বৰুৱা, বন্দনা সন্দিকৈ, ৰূপাৰাণী দেৱী, ৰুণিমা বৰুৱাই আৰু ক্ষীৰোদ দাসে।

দ্বীপেন হাজৰিকা, বিশ্বজিৎ গগৈ, আচমা জাফ্ৰি, ৰূপেন দাস, মিনতি বৰঠাকুৰ, উৎপল কলিতা, অনামিকা ৰায়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে কবিতাৰ মেল উদ্বোধন কৰে কাননৰ উপদেষ্টা জয়ন্ত কুমাৰ বৰ্মনে। যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটি সঞ্চালনা কৰে কাননৰ উপদেষ্টা পবিত্ৰ কুমাৰ নাথে। কবিতা মেলৰ প্ৰথম সত্ৰত ত্ৰিশ গৰাকী আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰে। ইয়াৰ পাছতে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা আৰু কাব্যম বঁটা প্ৰদান অনুষ্ঠানটি আঁত ধৰে অসম কাব্য কাননৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজনে । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে ভাৰ্চুৱেলী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাৰগৰ্ভ বক্তব্য প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা সাংবাদিক দুলাল নাথ, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক তথা কবি-অভিনেতা শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি তথা লেখক উত্তম কুমাৰ হাজৰিকাৰ লগতে ক্ৰমে কবি ভৈৰৱ গোহাঁই, সাংবাদিক অজন্ত কুমাৰ বৰা, কবি বন্দনা কৌশিক বৰদলৈ, লেখিকা দেৱযানী মহন্ত আৰু লেখক মদন মোহন পাগবন্ধাক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, গামোচা, অংগ বস্ত্ৰৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক কবি ড° জ্যোতিৰেখা হাজৰিকাই ‘আমাৰ কাব্যকানন’ শীৰ্ষক জুবিন গাৰ্গ বিষয়ক মুখপত্ৰ উন্মোচন কৰি নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। অসম কাব্য কাননৰ উপদেষ্টা প্ৰদীপ চন্দ্ৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত কিশোৰ মনজিৎ বৰাক কাব্যম বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে কাব্যম বঁটাৰ লগত আছে নগদ পঁচিশ হাজাৰ টকা। আদৰণী সমিতিৰ সভাপতি মৃণালিণী গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে কাননৰ সম্পাদক অৰ্চনা ঠাকুৰীয়াই। ইয়াৰ পিছতে কবি ৰঞ্জিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবিতা মেলৰ দ্বিতীয় সত্ৰ উদ্বোধন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই। হেমচন্দ্ৰ শইকীয়া, মাধৱ চন্দ্ৰ মহন্ত, কবি ডাঃ প্ৰাঞ্জলজ্যোতি দত্ত, পিংকুমণী তামূলী, জোনা দত্ত, সংগীতা বৰা, বুলবুলি বৰকটকী, উৎপল কলিতা প্ৰমুখ্যে বহুসংখ্যক কবি সাহিত্যিক উপস্থিত থকা কবিতাৰ মেলত ৩২ গৰাকী আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰে । সদৌ শেষত জাতীয় সংগীত পৰিৱেশনৰে অনুষ্ঠানৰ সামৰণি পৰে।।

২৬’ৰ নিৰ্বাচনত কোনে পাব বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব?ফণীভূষণৰ পত্নী নে আন কোনো?

২৬’ৰ নিৰ্বাচনত কোনে পাব বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব?ফণীভূষণৰ পত্নী নে আন কোনো?
২৬’ৰ নিৰ্বাচনত কোনে পাব বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব?ফণীভূষণৰ পত্নী নে আন কোনো?

আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাই গতি লাভ কৰাৰ মাজতে বঙাইগাঁও সমষ্টিক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে সাংসদ ফণীভূষণ চৌধুৰীয়ে। বৃহস্পতিবাৰে বঙাইগাঁৱত সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ স্পষ্ট কৰি দিয়ে যে আগন্তুক বিধানসভা নিৰ্বাচনত বঙাইগাঁও সমষ্টিত অসম গণ পৰিষদে (অগপ) নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব।

ফণীভূষণ চৌধুৰীয়ে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ নিজে প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে। একে সময়তে তেওঁ স্পষ্ট কৰে যে তেওঁৰ পত্নী দ্বীপ্তিময়ী চৌধুৰীৰো প্ৰাৰ্থিত্ব নিশ্চিত নহয়। অগপ দলৰ ভিতৰত পাৰদৰ্শিতা, জনসমৰ্থন আৰু সংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰিয়েই প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

আসন ভাগ-বতৰাৰ প্ৰসংগত চৌধুৰীয়ে কয় যে, আগন্তুক নিৰ্বাচনত বিজেপি আৰু অগপ পুনৰ মিত্ৰতা কৰিয়েই অৱতীৰ্ণ হ’ব। অৱশ্যে এতিয়ালৈকে দুয়ো দলৰ মাজত আনুষ্ঠানিকভাৱে আসন ভাগ-বতৰা সম্পন্ন হোৱা নাই। এই প্ৰক্ৰিয়া জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অগপে ৯০খন আসন দাবী কৰাৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰসংগত ফণীভূষণ চৌধুৰীয়ে কয় যে, বৰ্তমান বাস্তৱতা বেলেগ। যোৱা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি দল অধিক শক্তিশালী স্থিতিত আছে। বৰ্তমান বিজেপিৰ প্ৰায় ৬০জন বিধায়ক থকাৰ বিপৰীতে অগপৰ বিধায়ক সংখ্যা ৯জন। সেয়েহে কেৱল দাবীৰ ওপৰত নহয়, পাৰদৰ্শিতা আৰু শক্তিৰ ভিত্তিতহে আসন ভাগ-বতৰা হ’ব বুলি তেওঁ স্পষ্ট কৰে।

সাৰাংশত ক’বলৈ গ’লে, বঙাইগাঁও সমষ্টিত অগপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত যদিও, কোনে টিকট পাব সেই সিদ্ধান্ত দলীয় নেতৃত্বে পৰিস্থিতি আৰু পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়েই ল’ব।

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে?

কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে?
কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে?

সাধাৰণ জ্ঞানে (Irritable) বহুতো বিষয় আৰু তথ্যৰ বুজাবুজি আৰু সজাগতাক বুজায়। ই কেৱল এটা ক্ষেত্ৰতে সীমাবদ্ধ নহয়। সাধাৰণ জ্ঞানত ইতিহাস, ভূগোল, বিজ্ঞান, সাহিত্য, সাম্প্ৰতিক পৰিঘটনা আৰু বহুতো বিষয় সামৰি লয়।

আজি শৰীৰ লগত জড়িত কেইটামান সাধাৰণ কথা জানক-

মৃত্যুৰ পিছতো শৰীৰৰ কোনটো অংগ বৃদ্ধি হৈ থাকে?

মৃত্যুৰ পিছত চুলি আৰু নখ গজে বুলি কোৱা কথাটো আচলতে এক মিথ। ডিহাইড্ৰেচন আৰু ছালৰ সংকোচনৰ বাবে চুলি আৰু নখ দীঘলীয়া দেখা যায়। চুলি বৃদ্ধি আচলতে মৃত্যুৰ পিছত বন্ধ হৈ যোৱা হৰম’ন প্ৰক্ৰিয়াৰ বাবে হয়।

কোনবোৰ অভ্যাসে মুখখনৰ বয়স বৃদ্ধি যেন লাগে?

মদ্যপান, টোপনিৰ অভাৱ আৰু মানসিক চাপৰ ফলত মুখৰ অকাল বাৰ্ধক্য হয়।

কোনটো ভিটামিনৰ অভাৱৰ বাবে ওঁঠ ফাটিবলৈ আৰম্ভ কৰে?

ভিটামিন বি ৯, বি ২, বি ৬ আৰু বি ১২ৰ অভাৱত ওঁঠ শুকান আৰু ফাটি যায়।

কোনটো ভিটামিনৰ অভাৱত ৰাতি অন্ধতা হয়?

ভিটামিন এৰ অভাৱত চকুৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে আৰু ৰাতিৰ দৃষ্টিশক্তিও ক্ষতিগ্ৰস্ত কৰিব পাৰে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে মানুহ খিংখিঙীয়া হৈ পৰে?

হৰম’নৰ ভাৰসাম্যহীনতা বা মানসিক চাপৰ ফলত খিংখিঙীয়া হ’ব পাৰে। বিশেষকৈ ভিটামিন বি ১ (থাইয়ামিন) আৰু বি ৬ৰ তীব্ৰ অভাৱ হ’লে এই লক্ষণসমূহ দেখা দিব পাৰে। কিন্তু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বি ৬ৰ গুৰুতৰ অভাৱ বিৰল।

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান

১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান
১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান

১৭ বছৰৰ মূৰত (Tariq Rahman) তাৰিক ৰহমানৰ ঐতিহাসিক প্ৰত্যাৱৰ্তন! বিমানত তেওঁ কি নথি পঢ়ি আছিল? প্ৰথম ফেচবুক পোষ্টত তেওঁৰ এক শব্দৰ পোষ্টে বাংলাদেশক জোকাৰি গ’ল। ১৭ বছৰীয়া নিৰ্বাসনৰ পাছত বাংলাদেশত উপস্থিত ডাৰ্ক প্ৰিন্স। বাংলাদেশৰ ৰাজনীতিত খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান।

১৭ বছৰ নিৰ্বাসনৰ অন্তত ২০২৫ চনৰ ২৫ ডিচেম্বৰত লণ্ডনৰ পৰা বাংলাদেশত উপস্থিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমান। বিমান বাংলাদেশ এয়াৰলাইন্সৰ বিমানেৰে চিলেট আৰু তাৰ পিছত ঢাকাত উপস্থিত হয়। তেওঁৰ পত্নী জুবাইদা আৰু কন্যা জয়মাও তেওঁৰ লগত আছে। এটা ফেচবুক পোষ্ট আৰু বিমানখনৰ এখন ফটো ভাইৰেল হৈ পৰিছে।

১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত ২০২৫ চনৰ ২৫ ডিচেম্বৰত বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি অহাৰ পিছতে দেশজুৰি উদযাপনৰ সূচনা হৈছে। উভতি অহাৰ সময়ত টাৰিকৰ ফেচবুক পোষ্ট বহুতৰে বাবে সূৰ্য্যৰ উদয় দৰে। বিমানত এখন নথি পঢ়ি থকা ফটো শ্বেয়াৰ কৰাটোৱেও কৌতুহলৰ সৃষ্টি কৰিছিল।

২৫ ডিচেম্বৰৰ পুৱা ৫:১৫ বজাত পোষ্ট কৰা প্ৰথমটো পোষ্টৰ শিৰোনাম আছিল “ৰিটাৰ্ণ”। কোনো কেপচন নাছিল, মাত্ৰ এই এটা শব্দ। তেওঁ পুৱা ৯:৩৪ বজাত দ্বিতীয়টো পোষ্ট কৰি লিখিছিল, “বাংলাদেশৰ আকাশত দীঘলীয়া ৬,৩১৪ দিনৰ পিছত!” লগতে বিমানৰ খিৰিকীৰে বাহিৰলৈ চাই থকা ফটো এখনো সংলগ্ন কৰি দিলে। বাহিৰৰ আকাশখন পৰিষ্কাৰ আৰু উজ্জ্বল।

প্ৰথম ফেচবুক পোষ্টত তাৰিক ৰহমানে বিমানত বহি বিমান বাংলাদেশ এয়াৰলাইন্সৰ ল’গ’ থকা এখন নথি পঢ়ি থকা ফটো শ্বেয়াৰ কৰে । বিমান যাত্ৰাৰ বাবে মেডিকেল চাৰ্টিফিকেট আছিল।

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি
ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি-(District Commissioner)

কামৰূপ(ম)ৰ আয়ুক্ত সুমিত ছাট্টোৱানক বদলি তিনিচুকীয়ালৈ।তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পালক কামৰূপ (ম)ৰ দায়িত্ব।শিৱসাগৰৰ আয়ুক্ত আয়ুস গাৰ্গক কাছাৰলৈ বদলি। কাছাৰৰ আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰৰ দায়িত্ব। ধুবুৰীৰ আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ বদলি। বঙাইগাঁৱৰ আয়ুক্ত নৱদ্বীপ পাঠকক ধুবুৰীৰ দায়িত্ব। দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাটৰ দায়িত্ব। কোকৰাঝাৰৰ আয়ুক্ত মাছন্দা মেগডালিন পার্টিনক নতুন দায়িত্ব। অসম চৰকাৰৰ বিত্তীয় বিভাগৰ যুটীয়া সচিব হিচাপে দায়িত্ব পার্টিনক। পৰিৱেশ আৰু বনবিভাগৰ যুটীয়া সচিব চিমি কৰনক তামুলপুৰৰ উপায়ুক্তৰ দায়িত্ব। কাৰ্বি আংলঙৰ আয়ুক্তৰ দায়িত্ব IAS আৰণ্যক শইকীয়াক। দৰঙৰ আয়ুক্তৰ দায়িত্ব দিয়া হৈছে পূবালী গোহাঁইক। কাৰ্বি আংলঙৰ আয়ুক্ত নীৰলা ফাংছ’পিকো নতুন দায়িত্ব অর্পণ। গোলাঘাটৰ আয়ুক্ত পুলক মহন্তকো নতুন দায়িত্ব অর্পণ। তামুলপুৰৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীক কোকৰাঝাৰৰ দায়িত্ব।