Home Blog Page 791

নীট পৰীক্ষাত স্থান লাভ কৰি ৰঙিয়াৰ মুৰাৰা কাজিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আলমীনা চুলতানাই…

নীট পৰীক্ষাত স্থান লাভ কৰি ৰঙিয়াৰ মুৰাৰা কাজিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আলমীনা চুলতানাই।

ৰঙিয়াৰ সমীপৰ মুৰাৰা কাজিগাঁৱৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাচিম আলী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নুৰজাহান খাতুনৰ দ্বিতীয় তথা কনিষ্ঠ কন্যা আলমীনা চুলতানাৰ ঘোষিত নীট পৰীক্ষাৰ ফলাফলত ৬০৪ নম্বৰ লাভ কৰে।

মেধাৱী ছাত্ৰী আলমীনা চুলতানাই নীটৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰাত অঞ্চলজুৰি প্ৰশংসিত হৈছে।

ডুবাইৰ ইনডেক্স মেলাত ইপিচিএইচৰ উপস্থিতিয়ে আকৰ্ষণ কৰিছে দৰ্শনাৰ্থীক…

সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ ডুবাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত ২০২৪ চনৰ ৪-৬ জুনলৈকে ইনডেক্স মেলা আৰম্ভ হয়। ইপিচিএইচ ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে মি.কে. কালিমুথু, কনছুল কমাৰ্চ, কনছুলেট জেনেৰেল অৱ ইণ্ডিয়া, ডুবাইৰ উপস্থিতিত শ্ৰী আৰ.কে. ভাৰ্মা, কাৰ্যবাহী সঞ্চালক – ইপিচিএইচ আৰু অন্যান্য সদস্যসকলে। এই মেলাত ভাৰতীয় ৰপ্তানিকাৰকসকলে মধ্যপ্ৰাচ্য অঞ্চলৰ প্ৰিমিয়াম ক্ৰেতাসকলক তেওঁলোকৰ অতুলনীয় হস্তশিল্প সামগ্ৰী প্ৰদৰ্শন কৰাৰ কেইবাটাও সুযোগ লাভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সদস্য ৰপ্তানিকাৰকসকলে এই বছৰ নিজৰ একচেটিয়া সামগ্ৰী প্ৰদৰ্শন কৰে জনায় কাৰ্যবাহী সঞ্চালক – ইপিচিএইচ ৰাজেশ ৰাৱাটে।


ডুবাইৰ ভাৰতৰ কনছুলেট জেনেৰেলৰ কনছুল কমাৰ্চৰ কে কলিমুথুই উদ্বোধন কৰা মেলাত ভাৰতীয় হস্তশিল্পক বিশ্বৰ বজাৰলৈ নিয়া আৰু দেশৰ পৰা হস্তশিল্প ৰপ্তানিৰ বাবে পৰিষদৰ অবিৰত প্ৰচেষ্টাক শলাগ লয়। ইপিচিএইচৰ অধ্যক্ষ দিলীপ বেইডে কয় যে কাউন্সিলে নিয়মিতভাৱে ইউএইৰ ডুবাইৰ ইনডেক্স মেলাত ভাগ লৈ আহিছে। ইনডেক্স ডুবাই হৈছে ঘৰ আৰু হোটেলৰ বাবে ডিজাইন নেতৃত্বাধীন সামগ্ৰীৰ বাবে পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ সৰ্ববৃহৎ বাণিজ্য মেলা। ইপিচিএইচৰ কাৰ্যবাহী সঞ্চালক আৰ কে বাৰ্মাই কয় যে আহমেদাবাদ, বাংগালুৰু, চেন্নাই, পানীপট, চাহাৰনপুৰ, জয়পুৰ, যোধপুৰ, মোৰাদাবাদ আৰু দিল্লী এনচিআৰৰে প্ৰদৰ্শকসকলে ইপিচিএইচ ইণ্ডিয়া পেভিলিয়নত নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। ইয়াত ঘৰুৱা সজ্জা, জীৱনশৈলী, ঘৰুৱা বস্ত্ৰশিল্প, আচবাব প্ৰদৰ্শন কৰা হয়।

মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো দেশৰ বহু নেতা-নেত্ৰী…

নৰেন্দ্ৰ মোদীয়েই হ’ব দেশৰ প্ৰধানমন্ত্ৰী।এনডিএৰ মিত্ৰ দলসমূহে পূৰ্ণ সমৰ্থন বাহাল ৰখাৰ পিছতে মোদীয়ে ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে।ইতিমধ্যে শপতগ্ৰহণৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পূৰ্বৰ দৰেই মোদীৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ শ্ৰীলংকা আৰু বাংলাদেশকে ধৰি ভাৰতৰ কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰনেতাক আমন্ত্ৰণ জনাব পাৰে বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলগীয়া বিদেশী নেতাসকলৰ ভিতৰত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল আৰু মৰিচাছৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।ইফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংহেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে কৈছে যে মোদীয়ে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে । লগতে কৈছে যে বিক্ৰমসিংহেয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু মোদীক বিজয়ৰ বাবে ফোনযোগে অভিনন্দন জনাইছে। আনহাতে, মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতেও ফোনত বাৰ্তালাপ কৰে। লগতে তেওঁক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়। কূটনৈতিক সূত্ৰত এই কথা প্ৰকাশ। ইয়াৰ উপৰি নেপালী প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথক মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব। মোদীয়ে প্ৰচণ্ডৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ।

সূত্ৰ মতে, ইয়াৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ-পত্ৰসমূহ বৃহস্পতিবাৰে প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে মোদীৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠানত চাৰ্ক গ্ৰুপৰ (দক্ষিণ এছিয়ান আঞ্চলিক সহযোগিতা সংস্থা) দেশসমূহৰ নেতাসকল উপস্থিত আছিল । সেই সময়ত তেওঁ বিজেপিৰ বাবে এক বৃহৎ নিৰ্বাচনী বিজয়েৰে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল।

আনহাতে, ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিমষ্টেক দেশসমূহৰ নেতাসকল উপস্থিত আছিল ।

সৰ্ববৃহৎ কেলেংকাৰি সংঘটিত হৈছে শ্বেয়াৰ বজাৰতঃ মোদী-শ্বাহৰ বিৰুদ্ধে আঙুলি টোৱাই তদন্ত বিচাৰিলে ৰাহুল গান্ধীয়ে…

মোদী-শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাহুল গান্ধী।ৰাহুলে দাবী কৰে যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুকলিকৈ কৈছিল। তেওঁলোকে কিয় এনে কৰিলে? নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বিনিয়োগকাৰীক শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ কিয় পৰামৰ্শ দিছিল বুলি প্ৰশ্ন কৰে ৰাহুলে। এই প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা ৪ জুন মঙলবাৰে শ্বেয়াৰ বজাৰৰ পতনৰ বাবে তেওঁ পৰোক্ষভাৱে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ আঙুলিয়াই দিয়ে। লগতে এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰো দাবী উত্থাপন কৰে। তেওঁ কয় যে শ্বেয়াৰ বজাৰৰ পতনৰ আঁৰত কাৰোবাৰ ডাঙৰ হাত আছে। ইয়াক ইতিহাসৰ অন্যতম বৃহৎ দুৰ্নীতি বুলিও দাবী কৰে ৰাহুলে। অৱশ্যে বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছে বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।

যোৱা মঙলবাৰে, যিদিনা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, সেইদিনা শ্বেয়াৰ বজাৰত অভাৱনীয় অৱনতি ঘটিছিল। দিনটোৰ এটা সময়ত চেন্সেক্স ৫ হাজাৰ পইণ্টৰ ওপৰত হ্ৰাস পাইছিল। দিল্লীত এখন সংবাদমেলযোগে এই সন্দৰ্ভত এইদৰে কয় ৰাহুলে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত মুকলিকৈ কৈছিল। তেওঁলোকে কিয় এনেদৰে কৈছিল? ৰাহুলে প্ৰশ্ন কৰে “মোদী, শ্বাহ, সীতাৰমণে বিনিয়োগৰ পৰামৰ্শ কিয় দিছিল?” এয়া তেওঁলোকৰ কাম আছিল নেকি?” ইয়াৰ পিছত ৰাহুলে শ্বাহৰ মন্তব্যক আলোকপাত কৰি কয় যে ১৩ মে’ত শ্বাহে বিনিয়োগকাৰীক ৪ জুনৰ পূৰ্বে শ্বেয়াৰ ক্ৰয় কৰিবলৈ কৈছিল। ১৯ মে’ৰ পৰা ২৮ মে’লৈ মোদীয়ে বাৰে বাৰে কৈছে যে ৪ জুনত শ্বেয়াৰ বজাৰে অভিলেখ সৃষ্টি কৰিব। এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছিল। মন কৰিবলগীয়া। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়েও একেই কথাই কৈছিল।


লগতে ৰাহুলে দাবী কৰে যে বিজেপিয়ে জানিছিল যদিও ৩ জুনত শ্বেয়াৰ বজাৰ বৃদ্ধি পাব, ৪ জুনত হ্ৰাস পাব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিয় সাধাৰণ ৰাইজক বিনিয়োগ কৰিবলৈ ক’লে? এই প্ৰশ্ন উত্থাপন কৰিলে ৰাহুলে। তেওঁ কয় তেওঁলোকৰ কথা শুনিয়েই বিনিয়োগকাৰীয়ে ৩০ লাখ কোটি টকা লোকচান ভৰিলে। ৰাহুলে কয়, মোৰ কিছু প্ৰশ্ন আছে- এক, ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা পাঁচ কোটি পৰিয়ালক বিনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কিয় পৰামৰ্শ দিলে? দুই, এই বিষয়ক সাক্ষাৎকাৰ দুটা কিয় একেটা সংবাদ মাধ্যমক প্ৰচাৰ কৰা হ’ল? সেই সংবাদ মাধ্যমৰ মালিকানাধীন কোম্পানীটোৰো শ্বেয়াৰ বজাৰত প্ৰভাৱ পেলোৱাৰ অভিযোগত ছেবিয়ে তদন্ত চলাই আছে। তৃতীয়তে, বিজেপি, ভুৱা এগজিট প’ল আৰু বিদেশী বিনিয়োগকাৰীৰ মাজত কি সম্পৰ্ক আছে?” ইয়াৰ পিছত সাংবাদিকসকলে প্ৰশ্ন কৰে, এই সকলোবোৰৰ আঁৰত আদানী গোট আছে নেকি? ইয়াৰ উত্তৰত ৰাহুলে কয় যে আদানী জড়িত থাকিব পাৰে, কিন্তু ইয়াৰ আঁৰত আৰু শক্তিশালী হাত আছে। তেওঁৰ ভাষাত, “আমি বিচাৰো যে সৰ্ববৃহৎ শ্বেয়াৰ বজাৰ দুৰ্নীতিৰ সন্দৰ্ভত সংসদীয় সমিতিৰ যৌথ তদন্ত হওক। আমি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু নিৰ্বাচনৰ সমীক্ষা চলোৱা সংস্থাসমূহৰ বিৰুদ্ধে তদন্ত বিচাৰো।” উল্লেখ্য এগজিট প’লৰ দিনটোত শ্বেয়াৰ বজাৰত উত্থান ঘটিছিল ।কিন্তু ফলাফলৰ দিনটোত হ্ৰাস পাইছিল। ফলত বহু বিনিয়োগকাৰীৰ ধন পানীত পৰিছিল।

একেখন জিলাৰ পৰা ছয়জন ৰাজনীতিক একেলগে সংসদলৈ নিৰ্বাচিত!

উত্তৰ প্ৰদেশৰ এখন জিলাৰ নিৰ্বাচনী ফলাফলে বহুতকে আচৰিত কৰি তুলিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কনৌজৰ পৰা অখিলেশ যাদৱ, মইনপুৰীৰ পৰা ডিম্পল যাদৱ, ইটাৱাৰ পৰা জিতেন্দ্ৰ দোহৰে, ফিৰোজাবাদৰ পৰা অক্ষয় যাদৱ, বদৌনৰ পৰা আদিত্য যাদৱ, আজমগড়ৰ পৰা ধৰ্মেন্দ্ৰ যাদৱ সংসদলৈ নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বে এই ইটাৱা জিলাৰ চাৰিজন সদস্যই একেলগে সংসদীয় নিৰ্বাচনত জয়ী হৈ লোকসভালৈ গৈছিল। ২০১৪ চনত জিলাখনৰ পৰা মুলায়ম সিং, ডিম্পল যাদৱ, ধৰ্মেন্দ্ৰ যাদৱ, আৰু অক্ষয় যাদৱে জিলা খনৰ বিভিন্ন আসনত জয়লাভ কৰিছিল। ২০১৯ চনত এই জিলাৰ পৰাও চাৰিজন সাংসদ হৈছিল।

এই নির্বাচনত মুলায়ম সিং যাদৱ, ধর্মেন্দ্র যাদৱ, আৰু প্রেমদাস কাথেৰিয়া জয়ী হৈছিল৷ তেনে সাংসদসকলৰ সবিশেষ ইয়াত দিয়া হ’ল:
অখিলেশ যাদৱ – সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ ইটাৱা জিলাৰ ছাইফাইৰ বাসিন্দা। অখিলেশ এইবাৰ এছ পিৰ প্ৰতীকত কনৌজৰ পৰা নিৰ্বাচনী পথাৰত নামিছিল। ইটাৱাৰ পৰা কনৌজলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ। কনৌজ আসনত তেওঁ বিজেপিৰ সুব্ৰত পাঠকক ১ লাখ ৭০ হাজাৰ ভোটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বেও অখিলেশ কনৌজ সাংসদ আছিল। যোৱাবাৰ কনৌজৰ পৰা তেওঁৰ পত্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিজেপিৰ সুব্ৰত পাঠকৰ হাতত পৰাস্ত হৈছিল।

ডিম্পল যাদৱ – মইনপুৰী লোকসভাৰ পৰা নিৰ্বাচনত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছে অখিলেশ যাদৱৰ পত্নী ডিম্পলে। ২০২২ চনত ইয়াৰ পৰা উপ-নিৰ্বাচনতো জয়ী হৈছিল ডিম্পলে।মইনপুৰীক মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপে গণ্য কৰা হয়। এইবাৰ ডিম্পলে বিজেপিৰ হেভিৱেট মন্ত্ৰী জয়বীৰ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ডিম্পলে বিজেপিৰ জয়বীৰ সিঙক ২ লাখ ২১ হাজাৰ ভোটত পৰাস্ত কৰিছে। বিএছপিৰ শিৱপ্ৰসাদ যাদৱে লাভ কৰিছে ৬৬ হাজাৰ ভোট।

অক্ষয় যাদৱ – এছ পিৰ মুখ্য সম্পাদক ৰাম গোপাল যাদৱৰ পুত্ৰ অক্ষয়ও এইবাৰ সংসদলৈ যোৱাত সফল হৈছে। ফিৰোজাবাদৰ আসনৰ পৰা তেওঁ নিৰ্বাচনৰ পথাৰত নামিছিল। এইখন ইটাৱাৰ চুবুৰীয়া আসন। ইয়াৰ পূৰ্বেও অক্ষয় এই আসনৰ পৰা সাংসদ হৈ আহিছে যদিও ২০১৯ চনত বিজেপিৰ চন্দ্ৰসেন জেডনৰ হাতত পৰাস্ত হৈছিল অক্ষয়। বিজেপিৰ বিশ্বদ্বীপ সিঙক প্ৰায় ৮৯ হাজাৰ ভোটত পৰাস্ত কৰিছে অক্ষয়ে। অক্ষয়ে লাভ কৰিছে ৫ লাখ ৪৩ হাজাৰ ভোট।

আদিত্য যাদৱ – অখিলেশৰ খুলশালীয়েক আদিত্য যাদৱেও বদৌন আসনৰ পৰা ১৮ নং লোকসভাত প্ৰৱেশ কৰিছে। আদিত্য শিৱপাল যাদৱৰ পুত্ৰ আৰু এছ পিয়ে তেওঁক বদৌন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ক। এই আসনত দুবাৰকৈ প্ৰাৰ্থী সলনি কৰিছে এছ পিয়ে। অৱশেষত আদিত্যই ইয়াৰ পৰা টিকট লাভত সফল হৈছিল। বিজেপিৰ দুৰ্গাবিজয় সিং শাক্যক ৩৪ হাজাৰ ভোটত পৰাস্ত কৰিছে আদিত্যই। আদিত্যই ৫ লাখ ১৮ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে শাক্যই লাভ কৰিছে প্ৰায় ৪ লাখ ৬৬ হাজাৰ ভোট।

ধৰ্মেন্দ্ৰ যাদৱ – মুলায়ম সিঙৰ ভতিজা ধৰ্মেন্দ্ৰ যাদৱেও এইবাৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে। পূৰ্বাঞ্চলৰ আজমগড় আসনৰ পৰা এছ পিৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ধৰ্মেন্দ্ৰই। ধৰ্মেন্দ্ৰ মুলায়মৰ ভাতৃ অভয়ৰাম যাদৱৰ পুত্ৰ। বিজেপিৰ দীনেশ লাল যাদৱক ১ লাখ ৬১ হাজাৰ ভোটত পৰাস্ত কৰিছে ধৰ্মেন্দ্ৰই। এই নিৰ্বাচনত ধৰ্মেন্দ্ৰই ৫ লাখৰো অধিক ভোট লাভ কৰিছে। আজমগড় আসনখনকো মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপে বিবেচিত হৈছে। ইয়াৰ পৰাই মুলায়ম আৰু অখিলেশ সাংসদ হৈ আহিছে।

জিতেন্দ্ৰ দোহৰে – ইটাৱাৰ ভাৰতনা তহচিলৰ পৰা জিতেন্দ্ৰ দোহৰেও এইবাৰ সংসদত উপস্থিত হৈছে। ইটাৱাহ (সংৰক্ষিত) লোকসভাৰ আসনত জিতেন্দ্ৰই এছ পিৰ প্ৰতীকত জয়লাভ কৰিছে। ২০১৪ চনৰ পৰা ইয়াত বিজেপিৰ দখল আছিল। বিজেপিৰ ৰামশংকৰ কাথেৰিয়াক ৫৮ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে জিতেন্দ্ৰ ডোহৰে। মোদী চৰকাৰতো মন্ত্ৰী হিচাপে আছিল কেথেৰিয়া।

নীট-ইউ জি ২০২৪ত ৭২০ৰ ভিতৰত ৭২০ নম্বৰ! আপত্তি দৰ্শাই পত্ৰ প্ৰেৰণ বহু অভিভাৱকৰ…

মঙলবাৰে ঘোষণা কৰা নীট-ইউ জি ২০২৪ৰ ফলাফলে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আচৰিত কৰি তুলিছে। ফলাফলকলৈ বহু আপত্তি উত্থাপন হৈছে। কাৰণ অভূতপূৰ্ব সংখ্যকভাবে ৬৭গৰাকী শিক্ষাৰ্থীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰিছে। এয়া কেনেকৈ সম্ভৱ হ’ল তাকেলৈ বিভিন্ন জনৰ মাজত চৰ্চা হৈছে। ইয়াতকৈও চিন্তনীয় কথাটো হ’ল যে সম্পূৰ্ণ নম্বৰ লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছয়গৰাকীৰ আসনৰ নম্বৰ একে ক্ৰমৰ। এই ছয়গৰাকী ছাত্ৰ-ছাত্ৰী হাৰিয়ানাৰ, ইয়াৰ পৰা বুজা যায় যে তেওঁলোক একেটা কেন্দ্ৰৰ পৰাই পৰীক্ষাত বহিছিল।

বিষয়টো আঙুলিয়াই দি বহু অভিভাৱকে নীট -ইউ জি ২০২৪ৰ পৰিচালনা কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থালৈ পত্ৰ লিখিছে।অভিভাৱকসকলে শিক্ষাৰ্থীৰ কাউন্সেলিং আৰম্ভ হোৱাৰ পূৰ্বে ফলাফলৰ এনে অমিলৰ সন্দৰ্ভত তদন্ত বিচাৰিছে।তদুপৰি নীট -ইউ জি ২০২৪ৰ পৰীক্ষাত ৭১৮ আৰু ৭১৯ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ স্ক’ৰকাৰ্ডো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। বহুতৰে মতে এনে নম্বৰ লাভ কৰাটো অসম্ভৱ। অভিভাৱকসকলে দাবী কৰে, যেতিয়া প্ৰতিটো নীট -ইউ জি ২০২৪ৰ প্ৰশ্নত চাৰি নম্বৰ থাকে আৰু ঋণাত্মক নম্বৰৰ বাবে এক নম্বৰ দিয়া হয়। এন টি এৰ এজন বিষয়াই কয় যে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ শাখা তুলনামূলকভাৱে সহজ হোৱাৰ বাবে আৰু এন চি ই আৰ টিৰ কিতাপ অনুসৰি অধিক ছাত্ৰ-ছাত্ৰীয়ে অধিক নম্বৰ লাভ কৰিছে।

৯ জুনত ছিকিমৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব প্ৰেম সিং তামাঙে…

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাবে শপত ল’ব ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতা প্ৰেম সিং তামাঙে। ৯ জুনত তেওঁ দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব৷ জানিব পৰা মতে ছিকিমৰ ৰাজধানী গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দুয়োটা সমষ্টিতে তেওঁ পৰাজিত হয়। তামাঙে নিৰ্বাচনত জয়ী হৈ দলীয় কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৩২ খন আসনৰ বাবেও বিধানসভা নিৰ্বাচন হয়৷ বিধানসভাৰ ৩২ খন আসনৰ ভিতৰত ৩১ খন আসনত এছ কে এম জয়ী হয়। তামাঙে এছ কে এমৰ নেতা আৰু কৰ্মীসকলক তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেও প্ৰশংসা কৰে৷ উল্লেখ্য যে, ৫৬ বছৰীয়া তামাং এগৰাকী দক্ষ নেতা । তামাঙে ২০১৯ চনৰ পৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু এজন দক্ষ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯৪ চনৰ পৰা ২০০৯ চনলৈকে চাকুং জিলাত তেওঁ শিক্ষকতা কৰিছিল। ছিকিম ক্ৰান্তিকাৰি মৰ্চা দল গঠন কৰাৰ পূৰ্বে তেওঁ ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) পাৰ্টী এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। তেওঁ ৰাজ্য খনৰ এগৰাকী অতি জনপ্ৰিয় নেতা হিচাবে পৰিগণিত হৈছে।

বিজেপিক সমৰ্থন জনোৱাৰ চৰ্তঃ জেডিইউ-এ বিচাৰিছে ৰে’লৱে, বিত্ত, কৃষি মন্ত্ৰালয়ঃ সূত্ৰৰ খবৰ…

কেন্দ্ৰত এইবেলি অকলে চৰকাৰ গঢ়িব পৰাকৈ বিজেপিৰ হাতত নাই প্ৰয়োজনীয় আসন। সেয়ে দলটোৱে আন দলৰ ওচৰ চাপিবলগীয়া হৈছে। বুধবাৰে এনডিএ মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱা বৈঠকৰ পিছত বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে জেডিইউৱে ৰে’লৱে, বিত্ত, আৰু কৃষি মন্ত্ৰালয়ৰ বাবে অনুৰোধ জনাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী তথা দলীয় নেতা নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হৈ জেডিউৰ নেতাসকলে আলোচনাতো মিলিত হোৱা বুলি খবৰ আহিছে। বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰি নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰাৰ পিছত টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে টিডিপি এনডিএৰ সৈতে আছে বুলি দৃঢ়তাৰে কৈছিল বিহাৰৰ মুখ্যমন্ত্ৰীয়ে পাটনা বিমানবন্দৰৰ পৰা একেখন বিমানেৰে দিল্লীলৈ ৰাওনা হোৱা দেখা গৈছিল নীতিশ কুমাৰ আৰু তেওঁৰ তীব্র প্ৰতিদ্বন্দ্বী আৰজেডিৰ তেজস্বী যাদৱ।বিহাৰৰ ৪০খন লোকসভাৰ আসনৰ ভিতৰত ১২খন আসন লাভ কৰিছে এনডিএৰ মিত্ৰজোঁট জেডিইউ-এ।

বিজেপিয়ে নিজাববীয়াকৈ লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ ফলত এতিয়া নীতিশৰ সেই ১২ খন আসন কিদৰে ধৰি ৰাখিব পাৰি তাকে লৈ চেষ্টা চলাই গৈছে। কাৰণ বিৰোধীয়েও নীতিশক উপ-প্ৰধানমন্ত্ৰীৰ টোপ দিছে।এন ডি এৰ বৈঠকত নাইডু আৰু নীতিশ কুমাৰৰ অংশগ্ৰহণ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে বিবেচিত হৈছে। কিয়নো তেওঁলোকৰ দলৰ সমৰ্থন চৰকাৰ গঠনৰ বাবেঅতি গুৰুত্বপূৰ্ণ। এইবাৰ বিজেপি সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২ৰ পৰা ৩২ খন আসন কম হোৱাৰ বাবে চৰকাৰ গঠনৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে!

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে! শেহতীয়া লোকসভা নিৰ্বাচনত মাণ্ডি লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হোৱা কংগনা ৰাণাৱট আৰম্ভনিৰে পৰাই চৰ্চালৈ আহিছে।
বিজেপিৰ নৱনিৰ্বাচিত সাংসদগৰাকীক বৃহস্পতিবাৰে দিল্লীলৈ যাওঁতে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ এগৰাকী মহিলা কনিষ্টবলে চৰ মৰা বুলি অভিযোগৰ পিছতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে। কনিষ্টবলগৰাকীক ইতিমধ্যে নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কনিষ্টবলগৰাকীয়ে কংগনাক বিমানত উঠাৰ পূৰ্বে বিমানবন্দৰত যাৱতীয় কামখিনি কৰি থকা অৱস্থাত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিনেত্ৰীগৰাকীৰ এজন সহায়কে দাবী কৰে যে কংগনাক চৰ মাৰিছিল। সহায়কগৰাকীয়ে কয় যে যিদৰে দেখা গৈছে, কৃষকৰ আন্দোলনৰ সময়ত তেওঁ কৰা খালিস্তানী মন্তব্যৰ বাবে তেওঁক চৰ মাৰিছিল যদিও সমগ্ৰ ঘটনাটো আমি এতিয়াও গম পোৱা নাই।তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰকাশ কৰা এটা ভিডিঅ’ বিবৃতিত অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা কংগনাই এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “নমস্কাৰ বন্ধুসকল। সংবাদ মাধ্যম আৰু মোৰ শুভাকাংক্ষীৰ পৰা অসংখ্য ফোন আহি আছে ৷ প্ৰথম কথা মই নিৰাপদ। মই নিশ্চিতভাৱে ভালেই আছো।’’ ইপিনে কনিষ্টবলগৰাকীয়ে প্ৰকাশ কৰা মতে কংগনাই কৃষকৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব চন্দ্ৰবাবু নাইডুৱে, উপস্থিত থাকিব মোদী…

অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিছে তেলুগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডু। নাইডুৱে অহা ১২ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব। এন ডি এৰ মিত্ৰশক্তি এই অনুষ্ঠানত উপস্থিত চন্দ্ৰবাবু নাইডুৱে অহা ১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। অহা ৮ বা ৯ জুনত প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব। জানিব পৰা মতে, তেলুগু দেশম পাৰ্টীয়ে এই সিদ্ধান্ত লোৱাৰ কাৰণ এন ডি এৰ মিত্ৰশক্তিয়েও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে।

উল্লেখ্য, বিজেপিৰ সংসদীয় বৈঠকৰ পিচত পুনৰবাৰ এন ডি এ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই বৈঠকত মিত্ৰজোঁটৰ সকলো সাংসদ উপস্থিত থাকিব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে। টিডিপিৰ সূত্ৰই প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ ৮ বা ৯ তাৰিখে অনুষ্ঠিত হ’ব। ইয়াৰ পিচত চন্দ্ৰবাবুৱে শপত গ্ৰহণ কৰিব। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চন্দ্ৰবাবুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।মিত্ৰদল জনসেনা আৰু বিজেপি চন্দ্ৰবাবুৰ মন্ত্ৰীসভাত অংশীদাৰ হ’বনে? যদি দল দুটাই মন্ত্ৰীসভাত যোগদান কৰে, তেন্তে দল দুটাৰ পৰা মন্ত্ৰী কোন হ’ব ? আনহাতে, টিডিপিৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব তাকে লৈও চৰ্চা চলিছে। পদযাত্ৰাৰ জৰিয়তে টিডিপি শাসনলৈ অহাৰ ক্ষেত্ৰত অতি সক্ৰিয় হোৱা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক লোকেশে এইবাৰ মন্ত্ৰীসভাত যোগদান কৰিবনে বা তেওঁ দলত গুৰুত্বপূৰ্ণ দায়িত্ব ল’বনে নাই সেই বিষয়েও আলোচনা হৈছে। উল্লেখ্য, এইবাৰৰ নিৰ্বাচনত ভোটাৰ ৰাইজে বহু নেতাক জয়ী কৰোৱাৰ লগতে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে দলটোক ক্ষমতালৈ আনিছে। এইবাৰ আশাকৰা হৈছে যে চন্দ্ৰবাবুৱে নিকা ভাবমূৰ্তি থকা নেতাসকলক গুৰুত্ব প্ৰদান কৰিব ।দলটোত যুৱপ্ৰজন্মৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি আহিছে।

অৱশ্যে দলটোৱে মহিলাসকলকো গুৰুত্ব দিব বিচাৰিলেও কিছুমান প্ৰতিবন্ধকতাৰ বাবে সেয়া সম্ভৱ নহয়। শেহতীয়াকৈ আলোচনা হৈছে যে এইবাৰ জ্যেষ্ঠসকলৰ তুলনাত যুৱ, দুৰ্বল শ্ৰেণী আৰু মহিলাসকলক অধিক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে। আনকি দলৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো পূৰ্বৰ তুলনাত এইবাৰ মহিলা আৰু যুৱসকলক অধিক অগ্ৰাধিকাৰ দিয়া হৈছে।কাডাপাৰ পৰা মাধৱী ৰেড্ডী, পুট্টাপাৰ্থীৰ পৰা সিন্ধুৰা ৰেড্ডী আৰু পেনুকোণ্ডাৰ পৰা সবিতাই প্ৰথমবাৰৰ বাবে ৰয়ালসীমা জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়। অনুসূচিত জাতি শ্ৰেণীৰ বান্দাৰু শ্ৰৱণী, নেলাৱালা বিজয়শ্ৰী, অনুসূচিত জনজাতি শ্ৰেণীৰ শিৰিষদেৱী আৰু জগদেশ্বৰী বিজয়ী হয়। অ’বিচি সম্প্ৰদায়ৰ মাধৱী, য়ানামালা দিব্যা আৰু সবিতাৰ দৰে লোক আছে।এইটোও চৰ্চা চলি আছে যে তেওঁলোকৰ এজন বা দুজনে কেবিনেটত সুযোগ পাব পাৰে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।