Home Blog Page 801

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস ! ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ…

ভাৰতত প্ৰতি বছৰে ১৬ মে’ তাৰিখে ‘ৰাষ্ট্ৰীয় ডেংগু দিৱস’ পালন কৰা হয়।এয়া ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ।ভাৰতত আন দেশতকৈ ডেংগুৰ হাৰ বেছি। নগৰায়ন, ভ্ৰমণ, বাণিজ্য, জলবায়ু পৰিৱৰ্তন, ভাইৰাছৰ বিৱৰ্তন আদি বিভিন্ন কাৰকৰ বাবে এই ৰোগ হ’ব পাৰে। ফলপ্ৰসূ ভেকচিন আৰু ঔষধৰ চিকিৎসাৰ অনুপস্থিতিয়েও বিশ্বব্যাপী ডেংগুৰ বোজা বৃদ্ধি কৰিছে।

ডেংগু হৈছে ডেংগু ভাইৰাছৰ দ্বাৰা হোৱা এক সংক্ৰমণ, যিটো সংক্ৰমিত মহৰ কামোৰৰ দ্বাৰা মানুহলৈ বিয়পে, মূলতঃ এই মহ ইডিছ এজিপ্টি প্ৰজাতিৰ। ই এক সংক্ৰমণজনিত ৰোগ যিয়ে বিশ্বৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চল বিশেষকৈ সৰু-ডাঙৰ চহৰ অঞ্চলৰ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হয়।

যিহেতু ডেংগু ১০০খনতকৈও অধিক দেশত এক স্থানীয় ৰোগ হৈ আছে, সেয়েহে মানুহে এই ৰোগৰ পৰিণতি আৰু ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাসমূহ বুজাটো গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ডেংগু দিৱস উৎসৰ্গিত আৰু চৰকাৰে ৰোগ নিৰীক্ষণ কাৰ্যসূচী আৰু ডেংগু ধৰা পৰিলে মানি চলিবলগীয়া কাৰণ, লক্ষণ, আৰু প্ৰট’কলৰ বিষয়ে জনশিক্ষাক জোৰ দিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…

দেশৰ হৈ সৰ্বাধিক মেচ আৰু গ’ল কৰাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়া ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে কেৰিয়াৰত ১৯ বছৰ সম্পূৰ্ণ কৰি অৱসৰ ঘোষণা কৰিলে।

উল্লেখ্য যে ভাৰতীয় ফুটবলৰ অন্যতম মহান খেলুৱৈৰ শাৰীত অন্তৰ্ভুক্ত হৈছে চেত্ৰী। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে এখন বন্ধুত্বমূলক মেচত অভিষেক ঘটিছিল চেত্ৰীৰ।

সক্ৰিয় ফুটবলাৰৰ ভিতৰত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পিছতে আন্তঃৰাষ্ট্ৰীয় গ’লদাতাৰ তালিকাৰ দ্বিতীয় স্থানত আছে চেত্ৰী। তেওঁ মেছীতকৈও আগত আছে।

মই জানো ইউনিফৰ্মৰ লগত নীতি-নিয়ম জড়িত হৈ থাকে, কিন্তু; প্ৰেম শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ…

মহিলা গৃহৰক্ষী জোৱানৰ নিলম্বনক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ।

জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰি নিলম্বিত হ’ল গৃহৰক্ষী জোৱান চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া।

বিহু মঞ্চত উঠি মৰমৰ শিল্পীজনক সাৱটি ধৰিছিল গৃহৰক্ষী জোৱানগৰাকীয়ে লগতে জুবিনৰ ভৰি চুই সেৱা লৈছিল মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াই।

ইউনিফৰ্মত জুবিনক সাৱটি, ভৰি চুই সেৱা লোৱাৰ বাবে নিলম্বিত হ’ল মহিলা জোৱানগৰাকী।

এই ঘটনাৰ সন্দৰ্ভত শেহতীয়াকৈ জুনিবন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কণ্ঠশিল্পীগৰাকীয়ে ক’লে, ‘মই জানো ইউনিফৰ্মৰ লগত নীতি-নিয়ম জড়িত হৈ থাকে। কিন্তু, প্ৰেম শাস্তিযোগ্য অপৰাধ হ’ব নালাগে’।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, বেংক বিষয়া সুৰজিৎ দত্তৰ এলবাম ‘এটি নতুন ফাগুন’ শুভমুক্তি…

এবুকু সাহসৰে স্বদেশ প্ৰেমেত উদ্বাউল হৈ নৈৰাশ্যৰ কুহেলিকাত মৰহি নাযোৱা স্ব-নিৰ্ভৰশীলতাৰে অম্লান জেউতীৰে স্বদেশৰ গৌৰৱ ঘোষণা কৰি জ্ঞান ভাস্কৰৰ উদীপ্ত কিৰণেৰে জগোদীপ্ত কৰি তোলাৰ শোণিতপুৰ জিলাৰ গহপুৰ ২ নং ৱাৰ্ডৰ বাসিন্দা দীন দত্ত আৰু জিন্টু দত্তৰ সন্তান দত্ত অসম গ্ৰামীণ বিকাশৰ বেংক নাৰায়ণপুৰ শাখাৰ সহ:প্ৰৱন্ধক সূৰজিৎ দত্ত।নিজৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱাৰ উপৰিয়ো স্ব-প্ৰতিভা আৰু সাধনাৰে এটি সাংস্কৃতিক মন লৈ মনত ৰঙা নীলা বৰণীয়া কল্পনাৰ জীয়া পখিলাবোৰৰ পম খেদি জীৱন আগবঢ়াইছে।জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে খ্যাতি অৰ্জন কৰি সুৰজিৎ দত্তয়ে শেহতীয়া দৃশ্য-শ্রব্য আধুনিক গীতৰ এলবাম ‘স্পদন’- এ শেহতীয়াকৈ মুক্তি লাভ কৰিছে।

তেওঁ কয় যে ,”এইয়ে মোক এক মনৰ শান্তি আৰু তৃপ্তি প্ৰদান কৰে।শিক্ষাগত দিশত ২০১২ চনতে ডিষ্টিংচন লাভ কৰি ২০১৪ চনতো খ্যাতিৰে উত্তীৰ্ণ হৈ গৰিমামণ্ডিত কটন কলেজত বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান বিভাগত শিক্ষাগ্ৰহণৰ মন মেলে।তেতিয়াৰ কটন কলেজ (বর্তমান কটন বিশ্ববিদ্যালয়) ৰ ২০১৬-১৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ দৰে সৎ,মহৎ,গধুৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে।ছাত্ৰ অৱস্থাতে কলেজ সপ্তাহৰ সাংস্কৃতিক প্রতিযোগিতাত অংশগ্ৰহণৰ লগতে এইগৰাকী স্বনামধন্য গীতিকাৰ ,সুৰকাৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশ গ্ৰহণ কৰে।দত্তই বিগত বর্ষত ‘স্পদন’ দৃশ্য-শ্রব্য এলবামৰ শুভমুক্তি কৰি সংস্কৃতিপ্রেমী ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।


‘মই খেদি খেদি জোনাকী পৰুৱাৰে জ্যোতি পালোহি মধুবন মোক নালাগে উভতাব অতীতৰে বালি তোমাৰে দেখোন মোৰ সপোনৰ আশা লৈ মোৰে দিশে বলিবা মোলৈ লম বুটলি, অকাশ মুকলি যদিও আহে মোলৈ আহে মোলৈ
দৃঢ় মই দৃঢ় মই’
-সুৰজিৎ দত্ত
উল্লেখ্য, স্বনাম ধন্য কণ্ঠশিল্পী গৰাকীয়ে শিশু অৱস্থাৰ পৰাই সংগীত চর্চা কৰি অহাৰ সমান্তৰালভাৱে সমাজ সেৱাটো আছে গভীৰ হেঁপাহ আৰু দায়বদ্ধতা।ছাত্ৰ অৱস্থাতে কটন কলেজৰ ছাত্ৰ সমাজৰ জৰিয়তে গঠন কৰা গোটত দুখীয়া,শোষিত,নিস্পেষিত লোক সকলক সহায়ৰ হাত আগবঢ়োৱাত জড়িত আছিল। তেওঁ বৰ্তমান নাৰায়ণপুৰ বেংকৰ সহ: শাখা প্ৰৱন্ধক হিচাপে কৰ্মৰত হৈ তিনি বছৰীয়া নাৰায়ণপুৰ অঞ্চলৰ চাকৰি জীৱনত সুখী। তেওঁ কয় ,”আমাৰ নতুন প্ৰজন্মই ভৱিষ্যৎ পৰিকল্পনাসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কৌশলগত দিশসমূহ চালিজাৰি চাব লাগে সামগ্ৰিকভাৱে অসম গ্ৰামীন বিকাশ বেংকে অসম ৰাজ্যৰ গ্ৰাম্য উন্নয়ন,বিত্তীয় অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ বিভিন্ন পদক্ষেপ আৰু সেৱাৰ জৰিয়তে বেংকে গ্ৰাম্য ব্যক্তি আৰু সম্প্ৰদায়ক আনুষ্ঠানিক বিত্তীয় সেৱা আৰু আৰ্থ-সামাজিক উন্নতিৰ সুযোগ প্ৰদান কৰি জীৱনৰ মান উন্নত কৰাত অৰিহণা যোগায় আহিছে”।

আজিৰ পৰা কিছুদিন আগলৈকে বেংক কর্তৃপক্ষই থলুৱা যুৱকক প্ৰতাৰণা কৰা বুলি প্ৰচাৰিত গুজবৰ বিপৰীতে তেখেতে ইয়াৰ কাৰণ ব্যাখ্যা কৰি অসমীয়া যুৱকক কৰি দেখুওৱা’ৰ আৰু ঘূৰাই দেখুৱাওৱা’ৰ মানসিকতা পোষণ কৰি আগবাঢ়ি যাবলৈ উপদেশ দিয়ে।শেহতীয়াকৈ অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ উদ্দেশ্য আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰি সকলোকে কৰ্মৰ প্ৰতি উদগনি যোগায় আহিছে।এনেধৰনৰ কৰ্ম চেতনাই নিবনুৱা শব্দটোৰ পৰিৱৰ্তে আত্ননিয়োজন হৈ স্বাৱলম্বীৰ দিশত সমাজ তথা অসমৰ উন্নয়নৰ বাট দ্ৰুত গতিত আগবাঢ়িব।বহুজন নিয়মীয়া গ্ৰাহক তথা শুভাকাংশী জনগণে সুৰজিৎ দত্তৰ দৰে মৃদুভাষী, অমায়িক, সহনশীল, চেতনা গধুৰ, সু-পৰামৰ্শদাতা বিষয়াক আজীৱন প্ৰিয় ব্যক্তি হিচাপে বুকুত সাঁচি ৰাখিব।

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযানত বিলাতী বাহন সহ উদ্ধাৰ পাঁচটাকৈ গৰু…

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। বিলাতী বাহন সহ উদ্ধাৰ কৰিলে পাঁচটাকৈ গৰু । নিশা ১১ মান বজাত এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাঁচনিৰ নেতৃত্বত আৰক্ষীৰ

এটি দলে ধুবুৰী ফলিমাৰী অঞ্চলত বাহন সহ পাঁচটাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে As16 D 9534 নম্বৰৰ OPTRA LS বাহনখন জব্দ কৰে । আৰক্ষী অহাৰ উমান পাই As16 D 9534 নম্বৰৰ বাহন খন ৰখাই চালকে পলায়ন কৰে।

পিছত আৰক্ষীয়ে বাহন খনৰ ডিগী ভাঙি গৰু কেইটা উদ্ধাৰ কৰে ভিতৰত অতি নিৰ্দয় ভাৱে বান্ধি অনা ৫ টা গৰু উদ্ধাৰ কৰি ধুবুৰী সদৰ থানালৈ লৈ যায় আৰক্ষীয়ে । গৰু কেইটা পশ্চিম বংগৰ পৰা অনা হৈছে বুলি সন্দেহ কৰিছে ।

উৎকট গৰমে দহিব উত্তৰ-পশ্চিম ভাৰতক ! উত্তৰ-পশ্চিম ভাৰতত কেৰালাত অৰেঞ্জ এলাৰ্ট জাৰি…

আজিৰে পৰা উৎকট গৰমে দহিব উত্তৰ-পশ্চিম ভাৰতক । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী।
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত, ম্যানমাৰ, লাউচ আৰু ভিয়েটনামত এপ্ৰিল মাহত গৰমৰ অভিলেখ ভংগ কৰিছে ।

ফিলিপাইনছত নিশাও সৰ্বাধিক গৰম অনুভৱ কৰা দেখা গৈছে । ভাৰতত তাপমাত্ৰা ৪৬ ডিগ্ৰী চেণ্টিগ্ৰেডত উপনীত হৈছে ।২০২২ চনত, উত্তৰ-পশ্চিম ভাৰত আৰু দক্ষিণ পাকিস্তানত মাৰ্চ-এপ্ৰিলত গ্ৰীষ্মৰ সম্ভাৱনা ৩০ গুণ অধিক আৰু ১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈছিল ।

এই গ্ৰীষ্ম প্ৰৱাহ আৰু তাপমাত্ৰা বৃদ্ধি প্ৰকৃতিৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ ফলত হোৱাৰ সম্ভাৱনা অধিক ।এই গ্ৰীষ্ম প্ৰৱাহৰ ফলত সমগ্ৰ এছিয়াত কেইটামান মৃত্যুৰ হে ইংগিত দিছে যদিও এই সময়ছোৱাত এছিয়াত সম্ভৱত: শ শ গ্ৰীষ্ম-সম্পৰ্কীয় মৃত্যু হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ।

শ্ৰী সূৰ্য মন্দিৰত চুৰিকাণ্ড…

ঢেকিয়াজুলিস্থিত শ্ৰীশ্ৰী সূৰ্য ষষ্ঠী প্ৰাঙ্গনৰ শ্ৰী সূৰ্য মন্দিৰত বুধবাৰে ৰাতি ১২:৪৫ বজাত এক চুৰি কাৰ্য সংঘটিত হয়। চুৰে চুৰি কাৰ্য সংঘটিত কৰি মন্দিৰৰ ভিতৰৰ অন্যান্য সামগ্ৰীও লণ্ড-ভণ্ড কৰি থৈ যায়।‌ চুৰি কাৰ্য সংঘটিত কৰাৰ সময়ত চুৰৰ মুখমণ্ডল সম্পূৰ্ণৰূপে ঢকা আছিল। ইতিমধ্যে ঢেকিয়াজুলিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰৰ‌ সৈতে ঢেকিয়াজুলি আৰক্ষী মন্দিৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

উক্ত ঘটনাৰ সন্দৰ্ভত মন্দিৰৰ মুখ্য সমিতিৰ অধ্যক্ষ বলৰাম বৰ্মাই ঢেকিয়াজুলিৰ স্থানীয় সংবাদদাতা সকলক জনায় যে – যোৱাটো বৰ্ষৰ পৰা এতিয়ালৈকে ছট পূজাৰ দান পাত্ৰ খোলা হোৱা নাই। দান পাত্ৰৰ পৰা চুৰে কমেও পোন্ধৰ-বিশ হাজাৰমান টকা লৈ যায়।‌ সমিতিৰ সম্পাদক ৰামায়ণ গুপ্তাই জনোৱা মতে ঘটনাৰ চিচি টিভিৰ ফুটেজ মন্ত্ৰী অশোক সিংহললৈ‌ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, ঢেকিয়াজুলিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ দ্বাৰা প্ৰস্তাৱিত তথা মন্দিৰ সমিতিৰ সহযোগত শ্ৰী শ্ৰী সূৰ্য মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ২০২২ বৰ্ষৰ ২৩ জানুৱাৰীত সম্পন্ন হৈছিল।

অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই…

অগপৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ শাৰীৰিক অসুস্থতাৰ বাবে সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

বুধবাৰে সন্ধিয়া চিকিৎসালয়ত উপস্থিত হৈ তেখেতক চিকিৎসা কক্ষত সাক্ষাৎ কৰি চিকিৎসক তথা পৰিয়ালৰ সদস্যৰপৰা তেখেতৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ খবৰ ল’লে মন্ত্ৰী অতুল বৰাই।

লগতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ দ্ৰুত আৰোগ্য আৰু সুস্বাস্থ্য‌ কামনা কৰে।

উজনি অসমৰ উত্তৰপাৰ-দক্ষিণপাৰৰ যাতায়তত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ ! পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী বিভিন্ন সংগঠনৰ…

কুলাজান-বগীবিল দলং সংযোগী ১৫ ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁত,উজনি অসমৰ উত্তৰপাৰ-দক্ষিণপাৰৰ যাতায়তত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজৰ,পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী বিভিন্ন সংগঠনৰ

উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ যাতায়ত যোগাযোগৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী উন্নয়ন সাধন কৰিবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন বগীবিল দলং নিৰ্মাণ কৰিছিল।১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে বগীবিল দলঙৰ শুভাৰম্ভ কৰে। তেতিয়াৰ পৰাই উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ যাতায়ত-যোগাযোগ ব্যৱস্থা উন্নত হৈ আহিছে। স্মৰণীয় যে  ধেমাজি জিলাৰ কুলাজানৰ পৰা বগীবিল দলং সংযোগী ১৫ নং ঘাইপথছোৱা সম্প্ৰতি যাতায়তৰ বাবে অসহনীয় হৈ পৰিছে।

পথছোৱাৰ অধিকাংশতে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যানবাহন চলাচলত ব্যাঘাত জন্মিছে। পথছোৱাৰে নিতৌ শ শ ডাম্পাৰে চিমেন, ডিমৌ, গাই আদি নদী সমূহৰ পৰা শিল,বালি ডিব্ৰুগড়, তিনিচুকীয়া আদি দক্ষিণপাৰৰ বিভিন্ন জিলালৈ কঢ়িয়াই নিয়ে। শিল,বালি ভৰ্তি ডাম্পাৰৰ চলাচলৰ বাবে কুলাজান-বগীবিল দলং সংযোগী পথছোৱা জৰাজীৰ্ণ হৈ পৰিছে বুলি ভূক্তভোগী ৰাইজে অভিযোগ উত্থাপিত কৰিছে। উক্ত পথছোৱা শোচনীয় হৈ পৰাৰ ফলত উজনি অসমৰ ধেমাজি,গোগামুখ, চিলাপথাৰ,জোনাই,লখিমপুৰ, গহপুৰ, বিহপুৰীয়াৰ আদি ঠাইৰ উপৰি অৰুণাচল প্ৰদেশৰ বহু ঠাইৰ ৰাইজে উচ্চ শিক্ষা, চিকিৎসা, বজাৰ, ব্যৱসায় আদি বিভিন্ন কামত

দৈনন্দিন ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইলৈ যাতায়ত কৰি অহা সৰ্বসাধাৰণ ৰাইজৰ মাজত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ কুলাজান-বগীবিল দলং সংযোগী পথছোৱা মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চিচি-চিলাপথাৰ জিলা সমিতি, সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজি জিলা সমিতি, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ধেমাজি জিলা সমিতি, সদৌ অসম হাজং ছাত্র সন্থাৰ ধেমাজি জিলা সমিতি, ইউবিপিঅৰ ধেমাজি জিলা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

চি বি এছ চি’ৰ মেট্ৰিকত ৯৬.২ শতাংশ নম্বৰৰে উজ্জলিল চিলাপথাৰৰ জুবীৰাজ সোনোৱাল…

সোমবাৰে ঘোষিত চি বি এছ চি’ৰ দশম শ্ৰেণীৰ পৰীক্ষাত চিলাপথাৰ ছেইণ্ট ফ্ৰান্সিছ ডী চেলছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ মেধাৱী ছাত্ৰ জুবীৰাজ সোনোৱাল ৯৬.২ শতাংশ সহ প্ৰথম বিভাগত উতীৰ্ণ হৈ অঞ্চলটোৰ ভিতৰতে উজ্বলি উঠিল। চিলাপথাৰৰ জোনাকী নগৰ নিবাসী প্ৰাক্তন সেনাৰ জোৱান যতীন সোনোৱাল আৰু জেনিফা‌ কোঁৱৰ

সোনোৱালৰ বৰ পুত্ৰ জুবীৰাজে ক্ৰমে ইংৰাজীত ৯৪,অসমীয়াত ৯৮,সাধাৰন‌ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ৮৬,সমাজ বিজ্ঞানত ৯৭ আৰু‌ ইনফৰ্মেচন টেকনলজীত ৯৪ নম্বৰ (৯৬.২ শতাংশ) নম্বৰ সহ অনুষ্ঠানখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ল। ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ লক্ষ্য পূহি ৰখা কীৰ্তিমান ছাত্ৰ জনে

ইতিমধ্যে ডিব্ৰুগড়ৰ ৰামকৃষ্ণ বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি পাঠ গ্ৰহণ কৰি আছে। ছাত্ৰ জনৰ চমকপ্ৰদ ফলাফল প্ৰাপ্তিৰ বিষয়টোৱে বিদ্যালয়খনৰ লগতে অঞ্চলবাসী ৰাইজক উৎফুল্লিত কৰি তুলিছে। ৰাইজে মেধাৱী ছাত্ৰ জনৰ উজ্বল ভৱিষ্যত কমণা কৰি শুভেচ্ছা যাচিছে।